জলপথৰ পাৰস্পৰিক বিকাশ আৰু সহযোগিতাৰ যোগেদি ভাৰত ভূটানৰ বন্ধুত্বপূর্ণ সম্পৰ্কক অধিক শক্তিশালী কৰাত গুৰুত্ব দিছে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে। সোমবাৰৰপৰা ডিব্ৰুগড়ত দুদিনীয়াকৈ অনুষ্ঠিত জলপথ সন্মিলন ২০২২ ত এই উদ্দেশ্যে ভাৰত চৰকাৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰমুখ্যে উচ্চপদস্থ বিষয়াবৰ্গ আৰু ভূটানৰ অৰ্থনৈতিক পৰিক্ৰমা মন্ত্রী লিয়’ নপ’ লোকনাথ শৰ্মাৰ নেতৃত্বত অহা প্ৰতিনিধিবৰ্গৰ মাজত এক সৌহার্দপূর্ণ বৈঠক অনুষ্ঠিত হয়।
বৈঠকত ধুবুৰী আৰু যোগীঘোপাৰপৰা ৰাষ্ট্ৰীয় জলপথ-২ অর্থাৎ ব্রহ্মপুত্ৰয়েদি বেপাৰ-বাণিজ্য, আমদানি-ৰপ্তানি আদি ত্বৰান্বিতকৰণৰ জৰিয়তে ভাৰত-ভূটানৰ দ্বি-পাক্ষিক সম্পর্কক এক নতুন গতিশীলতা প্ৰদানৰ সিদ্ধান্ত লোৱা হয়। কেন্দ্ৰীয় চৰকাৰে বিকাশৰ যোগেদি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ গতি ত্বৰান্বিত কৰাৰ হেতুকে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে ভূটানৰ প্ৰতিনিধিবর্গক সোণোৱালে অৱগত কৰে।
ৰাষ্ট্ৰীয় সুৰক্ষিত মাতৃত্ব দিৱস প্ৰতি বছৰে ১১ এপ্ৰিলত পালন কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে এগৰাকী গৰ্ভৱতী মহিলাক সন্তান জন্মৰ আগতে, সময়ত আৰু পিছত প্ৰয়োজন হোৱা যত্নৰ বিষয়ে সজাগতা বৃদ্ধি কৰা। এই দিনটোত, প্ৰত্যেক মাতৃয়ে মনত ৰাখিব লগা মুখ্য স্বাস্থ্য পৰামৰ্শ।
গুজৰাটৰ আৰক্ষীয়ে জনোৱা অনুসৰি গুজৰাটৰ ভাৰুচ জিলাৰ এটা ৰাসায়নিক কাৰাখানাত সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ। বিস্ফোৰণত ৬জন শ্ৰমিকৰ লগে লগে মৃত্যু হয়। জানিবপৰা মতে ঘটনাটো আহমেদাবাদৰ পৰা প্ৰায় ২৩৫ কিলোমিটাৰ দূৰৈত অৱস্থিত দাহেজ ঔদ্যোগিক এলেকাত পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত হৈছিল।
বিস্ফোৰণটোৰ ফলত এটা ৰাসায়নিক কাৰাখানাত অগ্নিকাণ্ডৰ সুত্ৰপাত হৈছিল। ভাৰুচৰ আৰক্ষী অধিক্ষক লীনা পাতিলে জনোৱা অনুসৰি, ৬জন কৰ্মচাৰীয়ে কাম কৰি আছিল। আৰু বিস্ফোৰণটো সংঘটিত হোৱাৰ পিছত আটাইকেইজনৰ মৃত্যু হৈছিল।