Home Blog Page 2485

ধুবুৰীত পৌৰসভাৰ দুই স্বয়ম্ভু মাছুল সংগ্ৰকাৰীৰ আজৱ কাণ্ড

ধুবুৰী পৌৰসভাৰ অধীনস্থ নদী ঘাটবোৰত নিয়ম বহিৰ্ভূত ভাৱে দুষ্ট চক্ৰই মাছুল সংগ্ৰহ কৰি আছে। আজি চহৰখনৰ ১নং ৱাৰ্ডৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ এটা নদীঘাটৰ সমীপত দুচকীয়া বাহন এখনক পাৰ্কিং কৰাক লৈ দুগৰাকীকৈ স্থানীয় সাংবাদিকক পৌৰসভাৰ মাছুল সংগ্ৰহ কৰাৰ দায়িত্বত থকা বুলি দাৱী কৰা দুগৰাকী ব্যক্তিয়ে দূৰ্বব্যৱহাৰ কৰাৰ এক ঘটনাক লৈ সাংবাদিকৰ দল এটাই চলোৱা অনুসন্ধানৰ পিছত উত্থাপিত হৈছে এই প্ৰশ্নৰ। তেওঁলোকৰ প্ৰশ্নত ধুবুৰী পৌৰসভাই দুয়োকে অঞ্চলটোৰ ‘লোকাল বোৰ্ড ঘাট’ত মাছুল সংগ্ৰহৰ অনুমতি দিয়া বুলি দাৱী কৰে যুৱক দুজনে। ইপিনে উপস্থিত সাংবাদিকৰ সন্মুখত অঞ্চলটোৰ নদীঘাটটোৰে নাওেঁৰে বিভিন্ন চৰাঞ্চললৈ যোৱা বয়বস্ত লৈ অহা ঠেলা চালকসকলে তেওঁলোকে দিয়া মাছুলৰ বিনিময়ত দুয়ো কোনো ধৰণৰৰ ৰছিদ নিদিয়া বুলিয়েই উল্লেখ কৰে। সেই বিষয়টো লৈ কৰা সাংবাদিকৰ প্ৰশ্নত পৌৰসভাৰ মাছুল সংগ্ৰহৰ দায়িত্বত থকা বুলি দাৱী কৰা সেই দুজন যুৱকে কোনো সদুত্তৰ দিবলৈ সক্ষম নোহোৱাৰ বিপৰীতে ধুবুৰী পৌৰসভাৰ মোহৰ অথৱা স্বাক্ষৰ নথকা এখন ৰছিদ দেখুৱাই সেয়া দিয়া হয় বুলি দাৱী কৰে দুয়োয়ে। উল্লেখ্য যে, ধুবুৰী পৌৰসভাৰ অধীনস্থ বিভিন্ন নদীঘাট আৰু বজাৰসমূহৰ দায়িত্ব পোৱা লেছীসকলৰ সময়সীমা ইতিমধ্যে উকলি গৈছে আৰু বিষয়টোলৈ পৌৰসভা কৰ্তৃপক্ষই ইতিমধ্যে নিবিদাও আহ্বান কৰিছে। ফলত পৌৰসভাৰ কৰ্মচাৰীৰ ঠাইত অইনৰ হতুৱাই এইদৰে নদীঘাটটোৰ পৰা মাছুল সংগ্ৰহ কৰি থকা হৈছে নেকি সন্দেহত সাংবাদিকৰ দলটোৱে ধুবুৰী পৌৰসভাৰ কাৰ্যৱাহী বিষয়াগৰাকীৰ সৈতে যোগাযোগ কৰে আৰু তেতিয়াহে উৰহি গছৰ ওৰ ওলায়। বিষয়াগৰাকীয়ে পোনছাটেই সাংবাদিকদ্বয়ক দূৰ্বৱ্যহাৰ কৰা সেই ব্যক্তিদ্বয়ক চিনি নাপায় বুলি কয় আৰু পৌৰসভাৰ ‘‘টেক্স দাৰোগা’’ৰ পৰা প্ৰতিবেদন লোৱাৰ পিছত বিহীত ব্যৱস্থা লোৱা হ’ব বুলিও আশ্বাস দিয়ে।

ইপিনে আজিৰ এই ঘটনাৰ পিছত ‘লোকাল বোৰ্ড ঘাট’ৰ উপৰিও ধুবুৰী পৌৰসভাৰ অধানস্থ অইন নদীঘাট আৰু বজাৰসমূহৰ পৰা কোনো চক্ৰই পৌৰসভাৰ গইনা লৈ নিয়ম বহিভূৰ্ত ভাৱে মাছুল সংগ্ৰহ কৰি আছে নেকি বুলি এক প্ৰশ্ন উত্থাপিত হৈছে আৰু বিষয়টোলৈ জিলা প্ৰশাসনে ভালদৰে তদন্ত কৰাৰ প্ৰয়োজনীয়তা থকা বুলিও মত প্ৰকাশ কৰা পোৱা গৈছে স্থানীয় মহল একাংশই।

নৱগঠিত মৰিগাঁও পৌৰসভাৰ প্ৰথমখন বৈঠকত নৱ – নিৰ্বাচিত সদস্যসকলৰ শপতগ্ৰহণ

নৱগঠিত মৰিগাঁও পৌৰসভাৰ প্ৰথমখন বৈঠক আজি মৰিগাঁও উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়।বৈঠকত মৰিগাঁও   পৌৰসভাৰ সৰ্বমুঠ ১১টা ৱাৰ্ডৰ নৱ-নিৰ্বাচিত ৱাৰ্ড কমিছনাৰসকলে শপতগ্ৰহন কৰে।বৈঠকৰ আৰম্ভণিতে নৱ-নিৰ্বাচিত ৱাৰ্ড কমিছনাৰ সকলক শপতবাক্য পাঠ কৰোৱা হয় ।পৰবৰ্তী কাৰ্যসূচীত সকলো সদস্যকে অসমৰ বাপতি সাহোনৰ লগত সংগতি ৰাখি এখনিকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। লগতে মৰিগাঁও পৌৰসভাৰ নৱ – নিৰ্বাচিত সভাপতি আৰু উপ-পৌৰপতি য়েও শপত গ্ৰহণ কৰে।

আজিৰ সভাতে সৰ্বসন্মতিক্ৰমে মৰিগাঁও পৌৰসভাৰ ১ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ যোগেশ তামুলীক সভাপতি আৰু ৫ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ পিংকুমনি দাসক উপ-পৌৰপতি হিচাপে নিৰ্বাচন কৰা হয় ।

ঢকুৱাখনা পৌৰ সভাৰ শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন

আজি ঢকুৱাখনা পৌৰসভাৰ নৱ নিৰ্বাচিত।ৱাৰ্ড কমিচনাৰ সকলে ভাৰতীয় সংবিধানৰ আধাৰত আনুষ্ঠানিকভাৱে কৰিলে গ্ৰহণ।আজি পুৱা ১১ বজাত ঢকুৱাখনা নগৰৰ বালিগাঁও।স্থিত পৌৰ সভাৰ কাৰ্যালয়ত শপত ল’য় নৱ গঠিত ১০ টা ৱাৰ্ডৰ পৰা নিৰ্বাচিত ১০ গৰাকী ৱাৰ্ড কমিচনাৰে।এই শপত বাক্য পাঠ কৰাই অতিৰিক্ত উপায়ুক্ত, তথা ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই।ইফালে অসম ৰাজ্যিক বিজেপিৰ উপ সভাপতি তথা ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেয়ে ঢকুৱাখনা পৌৰসভাৰ পদেন সদস্যৰূপে শপত লয়।প্ৰথম বাৰৰ বাবে ১০ টা ৱাৰ্ডেৰে গঠিত ঢকুৱাখনা পৌৰসভাৰ কাৰ্যবাহী পৰিষদৰ সভাপতি(চেয়াৰমেন)ৰূপে ১০ নং ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰ ৰাজীৱ দাসে আৰু উপ-সভাপতি (ভাইচ-চেয়াৰমেন)ৰূপে ৭ নং ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰ চন্দমা গগৈয়ে শপত গ্ৰহণ কৰে।
আজিৰ অনুষ্ঠানত শপত গ্ৰহণ কৰা ৱাৰ্ড কমিচনাৰ সকল হ’ল-স্বৰূপ কোঁৱৰ,দিপালী দাস,বগেন কোঁৱৰ,তিলেন দাস,মানিক বৰুৱা,
গুনলতা কুটুম ,অপৰূপা দিহিঙীয়া দত্ত আৰু সংগীতা বৰুৱা।

এই শপত গ্ৰহণ অনুষ্ঠানত ঢকুৱাখনা পৌৰ সভাৰ কাৰ্যবাহী বিষয়া অভিজাত বৰা,ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য বসন্ত শইকীয়া,লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোঁহাই,ঢকুৱাখনা জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱা, মণ্ডল বিজেপিৰ সভাপতি-সুনীল দলে,জ্যেষ্ঠ নাগৰিক-কুশল গগৈ,জগদীশ গগৈ,পূৰ্ণানন্দ গগৈকে আদি কৰি বহুসংখ্যক বিশিষ্ট লোক আৰু ঢকুৱাখনা নগৰৰ সাধাৰণ ৰাইজ উপস্থিত থাকে।

আৰক্ষীৰ গুলিয়ে ৰোধিব পৰা নাই ড্ৰাগছ সৰ্বৰাহকাৰীক। মৰিগাঁও আৰক্ষীৰ পুনৰ ড্ৰাগছ জব্দ

আৰক্ষীৰ গুলিয়ে ৰোধিব পৰা নাই ড্ৰাগছ সৰ্বৰাহকাৰীক। মৰিগাঁও আৰক্ষীৰ পুনৰ ড্ৰাগছ জব্দ।মৰিগাঁও চহৰৰ মাজ মজিয়াত জব্দ ১৮ তা ড্ৰাগছ ভৰ্তি কন্টেনাৰ।জাগীৰোডৰ মহিজুৰ ইছলাম নামৰ ব্যক্তি জনে বৰচলাৰ পৰা জাগীৰোডৰ চেনিমাৰীলৈ বুলি কঢ়িয়াই আনোতে ড্ৰাগছসহ হাতেলুতে জব্দ মৰিগাঁও আৰক্ষীৰ।


বৃহস্পতি বাৰৰ নিশা মৰিগাঁও আৰক্ষীয়ে ড্ৰাগছ সৰ্বৰাহকৰিক গুলিয়াইছিল যদিও আৰক্ষীক যেন কেৰেপেই নকৰে ড্ৰাগছ সৰবৰাহীয়ে।

বাৰেবৰণীয়া থলুৱা কলা-সংস্কৃতিৰ মিলনস্থলী ৰঙালীত অইন জনগোষ্ঠীৰ লগতে দেশী জনগোষ্ঠীয় সকলোৰ অংশগ্ৰহণ

আজিৰে পৰা গুৱাহাটীৰ খানাপাৰাস্থিত ভেটেৰীনাৰী খেলপথাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সকলো জনগোষ্ঠীৰ লোকাচাৰ, কলা কৃষ্টি,‌ সংস্কৃতিক ৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি‌ কৰা তথা‌ বাৰেবৰণীয়া সংস্কৃতি, সৃষ্টিশীলতা আৰু থলুৱাৰ বজাৰ সৃষ্টিৰ এক প্ৰয়াস ‘ৰঙালী উৎসৱৰ’ শুভাৰম্ভ হয়।বাৰী শুৱনি বা‍ঁহে, ভোজন শুৱনি মাহে।একেজোপা বাঁহৰে কাঠী, কতো হয় লাঠী, কতো হয় জাপি, কতো হয় বাঢ়নী।আদি বিভিন্ন প্ৰতিধ্বনিৰে মুখৰিত ভেটেৰীনাৰী খেলপথাৰৰ বাকৰিত বিভিন্ন জনগোষ্ঠী, আত্ম সহায়ক গোট, থলুৱা উদ্যোগৰ মিলনস্থলী, ‘ৰঙালী’ ত অন্যান্য গোষ্ঠীৰ লগতে নামনি অসমৰ অন্যতম জনগোষ্ঠী দেশী জনগোষ্ঠীৰ লোক সকলেও সক্ৰিয় অংশগ্ৰহন কৰে।দেশী‌ জনগোষ্ঠীয় লোকসকলৰ ১২০৬ খৃষ্টাব্দৰ মেচ ৰজা ‘আলী‌ মেচ’ ৰ ইছলাম ধৰ্ম গ্ৰহণ আৰু পৰবৰ্তী সময়ত নাথ, যোগী, কলিতা,‌ ৰাভা,‌ বড়ো, কোচ ৰাজবংশী সকলোৰ পৰা ধৰ্মান্তৰিত হৈ দেশী সকল আজি কামৰূপৰ বকো বালিঝাৰৰ পৰা আৰম্ভ কৰি, গোৱালপাৰা,‌ ধুবুৰী, বঙাইগাঁও, চিৰাং কোকৰাঝাৰৰ লগতে বৰপেটাৰ কিছু অংশত প্ৰায় ১৫ লাখ জনসংখ্যাৰ এই জনগোষ্ঠীটো বসতি স্থাপন কৰি আহিছে।এহেজাৰ বছৰৰো অধিক কালৰ ইতিহাস থকা স্বত্বেও পৰিচয় সংকটত ভুগি থকা এই লোকসকলৰ বাবে ২০১৭, ১৮, আৰু ১৯ বৰ্ষৰ ৰঙালীৰ বাৰেবৰনীয়া মঞ্চ‌ই অসমৰ বুকুত গৌৰৱশালী পৰিচয় ডাঙি ধৰিবলৈ অন্যতম সুযোগ প্ৰদান কৰিছে। অইন বেলিৰ দৰে এইবাৰো দেশী জনগোষ্ঠীয় মঞ্চ, দেশী জনগোষ্ঠীয় যুব-ছাত্ৰ মঞ্চ আৰু দেশী সাহিত্য সভাৰ বলিষ্ঠ নেতৃত্বত নিজৰ লোক সংস্কৃতি, ভাষা, খাদ্য সম্ভাৰ লৈ ৰঙালীৰ মঞ্চত অংশগ্ৰহণ কৰিছে ।

দেশী লোকসকলৰ পৰম্পৰাগত কুষান নৃত্য, গোৱালিনী নৃত্য, হুদুম নৃত্যৰ লগতে থলুৱা খাদ্যাভ্যাস ক্ৰমে সিদল, শুটকেনী, নালীপাতা, বহনি, পিঠাপনাৰ ভিতৰত তেলপিঠা, তিল পিঠা, গৰগৰি, চিতেই পিঠা, ভাপা পিঠা, সেমাই, ইত্যাদিৰ প্ৰদৰ্শনীয়ে হ’ব দেশী সকলৰ মূখ্য আকৰ্ষণ। দেশী জনগোষ্ঠীয় মঞ্চ, অসমে ৰঙালীৰ বাকৰিৰ পৰা উদ্যোক্তা শ্যামকানু মহন্তক ধন্যবাদ জনায়, লগতে সমূহ অসমবাসী তথা দেশী জনগোষ্ঠীয় লোক সকললৈ আগন্তুক নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনাই তিনিদিনীয়া কাৰ্যসূচী উপভোগ কৰি সকলোকে উৎসাহ উদ্দীপনা যোগাবলৈ অনুৰোধ জনাইছে।

ধুবুৰীত বান প্ৰস্তুতি সভা

সমাগত বাৰিষাত হ’বলগীয়া সাম্ভাব্য বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আজি ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত অন্বামুথন এম পিৰ অধ্যক্ষতাত জিলা পৰ্যায়ৰ বান প্ৰস্তুতিৰ এখন বৈঠক অনুষ্ঠিত হয়৷ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিত গোস্বামী, অতিৰিক্ত উপায়ুক্ত মানস শইকীয়া, চক্ৰ বিষয়াসকল আৰু বিভিন্ন বিভাগৰ জিলা পৰ্যায়ৰ মুৰব্বী বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ নিৰ্দেশৰ আধাৰত গ্ৰহণ কৰিবলগীয় আগতীয়া পদক্ষেপবোৰৰ বিষয়ে আলোচনা কৰা হয়৷ বৈঠকত জিলা উপায়ুক্তই বান সাহাৰ্য, ক্ষতিগ্ৰস্থক এককালিন সাহাৰ্য প্ৰদানত কোনো সমস্যা নহয় বুলি মন্তব্য কৰি বান ক্ষতিগ্ৰস্থ চিনাক্তকৰণৰ ক্ষেত্ৰত সতৰ্ক হ’বলৈ চক্ৰ বিষয়াসকলক নিৰ্দেশ দিয়ে৷ তেওঁ কয় যে প্ৰকৃত ক্ষতিগ্ৰস্থই সাহাৰ্য পাব লাগিব৷ মণ্ডলে বুজাবুজিৰে ভুৱা হিতাধিকাৰী সৃষ্টি কৰাৰ দৰে অভিযোগ এইবাৰ যাতে উত্থাপন নহয় তাৰ বাবে চক্ৰ বিষয়া, ক্ষেত্ৰ বিষয়া সকলোকে সতৰ্ক হ’বলৈ কৈ জিলা উপায়ুক্তই কয় যে ক্ষতিগ্ৰস্থ গৃহৰ ফটো ৰাখিবই লাগিব৷ এশ শতাংশ ক্ষতিগ্ৰস্থ গৃহৰ ক্ষেত্ৰত বানৰ পৰৱৰ্তী সময়ত অনুসন্ধান কৰা হ’ব৷ লোকনিৰ্মাণ বিভাগক কাৰো হেঁচাত পৰি বানত পথ নষ্ট হোৱাৰ প্ৰতিবেদন নিদিবলৈ তেওঁ সতৰ্ক কৰি দিয়ে৷ বানে পথ উটুৱাই নিয়া বা নষ্ট কৰাৰ দৰে ঘটনাৰ খবৰ চক্ৰ বিষয়াক লগে লগে অৱগত কৰিবলৈ আৰু পৰিদৰ্শনৰ অন্তত চক্ৰ বিষয়াই চহী কৰা প্ৰতিবেদনহে জমা দিবলৈ তেওঁ নিৰ্দেশ দিয়ে৷ মীন পালন বিভাগকো ভুৱা ক্ষতিগ্ৰস্থৰ নাম নপঠাবলৈ তেওঁ নিৰ্দেশ দিয়ে৷ অনহাতে চক্ৰ বিষয়াকে ধৰি সকলো বিভাগৰ বিষয়াক উদ্ধাৰ কাৰ্যৰ সময়ত পাৰত ৰৈ চাই থকাৰ পৰিৱৰ্তে পানীৰ মাজত থকা বানাক্ৰান্তৰ কাষত থিয় দিবলৈ পৰামৰ্শ দিয়ে জিলা উপায়ুক্তই৷ বৈঠকত চক্ৰ বিষয়াসকলে ৰাজহ চক্ৰ পৰ্যায়ত কৰা বান প্ৰস্তুতিৰ বিষয়ে সদৰি কৰে৷ ধুবুৰীৰ চক্ৰ বিষয়া অভিজিত গগৈয়ে জনায় যে ১৮ খন গাঁও পঞ্চায়তৰ বাবে ১৭ টা ছেক্টৰ গঠন কৰা হৈছে৷

এটা পৃথক ছেক্টৰ গঠন কৰি ধুবুৰী টাউনৰ বান পৰিস্থিতিৰ বাবে বিশেষভাৱে পৰিকল্পনা কৰা হৈছে৷ বৈঠকত আগতীয়াকৈ প্ৰতিৰোধমূলক ব্যৱস্থা লোৱাৰ বাবে খহনীয়াত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থকা শিক্ষানুষ্ঠান, অংগনবাড়ী কেন্দ্ৰবোৰ চিনাক্ত কৰি দিবলৈ শিক্ষা বিভাগ, সমাজ কল্যাণ বিভাগক কোৱা হয়৷বান সাহাৰ্য শিবিৰ স্থাপন হ’বলগীয়া শিক্ষানুষ্ঠানবোৰৰ পৰিস্কাৰ-পৰিচ্ছন্নতা, খোৱাপানীৰ সুবিধা আদি নিশ্চিত কৰিবলৈ শিক্ষা বিভাগক, পৰ্যাপ্ত ঔষধ মজুত ৰাখিবলৈ আৰু ভ্ৰাম্যমান চিকিৎসা গোট সাজু ৰাখিবলৈ স্বাস্থ্য বিভাগক, ধুবুৰী-পাতামাৰিকে ধৰি খহনীয়া হ’ব পৰা মথাউৰিবোৰ ৰক্ষাৰ বাবে আগতীয়া ব্যৱস্থা ল’বলৈ জলসম্পদ বিভাগক, ব্লিছিং পাইদাৰ, দমকল আদি মজুত ৰাখিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগক নিৰ্দেশ দিয়া হয়৷

বিশ্বৰ কোন খন দেশত আছে সৰ্বাধিক সংখ্যক বিলিয়নেয়াৰ ?ফৰ্বছৰ প্ৰতিবেদন

বিশ্বৰ কোন খন দেশত আছে সৰ্বাধিক সংখ্যক বিলিয়নেয়াৰ ? এই সন্দৰ্ভত বিশ্ব বিখ্যাত আলোচনী ফৰ্বছে প্ৰকাশ কৰা তালিকাৰ পৰাই স্পষ্ট হৈছে সকলো কথা।ফৰ্বছৰ বিশ্বৰ বিলিয়নেয়াৰ ২০২২ ৰ তালিকা অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক ৭৩৫ জন বিলিয়নেয়াৰ আছে। যোৱা বছৰ আমেৰিকাত ৭২৪ গৰাকী বিলিয়নেয়াৰ আছিল। আমেৰিকাৰ পিছতে বিলিয়নেয়াৰ থকা দ্বিতীয় খন দেশ খন হৈছে চীন।চীনত ৫৩৯ জন বিলিয়নেয়াৰ আছে। চীনত যোৱা বছৰৰ ৬২৬ গৰাকী বিলিয়নেয়াৰ আছিল যদিও এই বছৰ সেই সংখ্যা কিছু হ্ৰাস পাইছে।ভাৰতে ১৬৬ জন বিলিয়নেয়াৰৰ সৈতে তৃতীয় স্থানত আছে।, জাৰ্মানীত ১৩৪ জন, ৰাছিয়াত ৮৩ জন, হংকঙত ৬৭ জন, কানাডাত ৬৪ জন, ব্ৰাজিলত ৬২ জন আৰু ইটালীত ৫২ জন বিলিয়নেয়াৰ আছে।এইবাৰো ভাৰতৰ মুকেশ আম্বানী এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাবে পৰিগণিত হৈছে।তেওঁৰ সম্পত্তিৰ পৰিমাণ আনুমানিক ৯০.৭ বিলিয়ন ডলাৰ মূল্যৰ।বিশ্বৰ বিলিয়নেয়াৰৰ তালিকাত শীৰ্ষস্থানত থকা ব্যক্তিগৰাকী হৈছে এলন মাস্ক।মাস্কৰ সম্পত্তিৰ মূল্য আনুমানিক ২১৯ বিলিয়ন ডলাৰ।
বিলিয়নেয়াৰৰ তালিকাত দ্বিতীয় স্থানত থকা ব্যক্তিগৰাকী হৈছে জেফ বেজোছ।ফ্ৰান্সৰ বাৰ্ণাৰ্ড আৰ্নাল্ট বিশ্বৰ তৃতীয় আটাইতকৈ ধনী ব্যক্তি হিচাবে পৰিগণিত হৈছে।তালিকাৰ শীৰ্ষ পাঁচটা স্থানত আছে বিল গেটছ আৰু ৱাৰেন বাফেট।ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে ৯০.৭ বিলিয়ন ডলাৰৰ মুঠ সম্পত্তিৰ সৈতে ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি আৰু বিশ্বৰ দশম ধনী ব্যক্তি হিচাপে নিজৰ স্থান বজাই ৰাখিছে।

আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানিয়ে ৯০ বিলিয়ন ডলাৰৰ সম্পদৰ সৈতে দ্বিতীয় স্থানত আছে।এইচচিএল টেকন’লজীৰ অধ্যক্ষ শিৱ নাদাৰে ফৰ্বছৰ ভাৰতৰ ১০ জন ধনী বিলিয়নেয়াৰৰ তালিকাত ২৮.৭ বিলিয়ন ডলাৰৰ মুঠ সম্পত্তিৰ সৈতে তৃতীয় স্থান লাভ কৰিছে।ফৰ্বছৰ প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতত বিলিয়নেয়াৰৰ সংখ্যা যোৱা বছৰৰ ১৪০ ৰ পৰা ১৬৬ লৈ বৃদ্ধি পাইছে।

অসম আৰক্ষীত ব্যাপক ৰদ-বদল: ষোল্লজন জ্যেষ্ঠ আৰক্ষী বিষয়াক বদলিৰ লগতে নতুন দায়িত্ব অৰ্পন

ৰঙালী বিহুৰ প্ৰাকক্ষণত অসম চৰকাৰে ৰাজ্যৰ আৰক্ষী বিভাগত ব্যাপক ৰদ-বদল কৰিছে। কেইবাজনো জ্যেষ্ঠ আৰক্ষী বিষয়াক বদলি কৰাৰ লগতে আন কেইবাজনকো নতুন দায়িত্ব অৰ্পন কৰা হৈছে।ৰাজ্যপালে জাৰি কৰা নিৰ্দেশ অনুসৰি কেইবাখনো জিলাৰ কমেও ১৬ জন আৰক্ষী অধীক্ষক আৰু অসম আৰক্ষীৰ কমাণ্ডেণ্টক বদলি কৰাৰ লগতে বহু কেইজনক নতুন পদৰ দায়িত্ব দিয়া হৈছে।
নগাঁৱৰ পৰা আৰক্ষী মুখ্য কৰ্যালয়লৈ বদলি কৰি নিয়া নগাঁৱৰ পূৰ্বৰ নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ স্থানত স্থলাভিষিক্ত কৰা হৈছে বিশ্বনাথৰ আৰক্ষী অধীক্ষক লীনা দলেক। আনহাতে শদিয়াৰ আৰক্ষী অধীক্ষক মোহন লাল মীনাক যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। শুভ্ৰজ্যোতি বৰাক শিৱসাগৰৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে । চৰাইদেউৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ১নং এপিবিএনৰ কামাণ্ডেণ্ট শ্ৰী যুৱৰাজক ।শদিয়াৰ আৰক্ষী অধীক্ষক পদত নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পুষ্কিন জৈনক নিযুক্তি দিয়া হৈছে ।

চৰাইদেউৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙক গুৱাহাটী (পূৱ) আৰক্ষী উপায়ুক্ত পদলৈ বদলি কৰা হৈছে। দৰং জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক পদলৈ বদলি কৰা হৈছে। দৰং জিলাৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ৰাজমোহন ৰায়ক। কাহিলীপাৰাস্থিত চতুৰ্থ বেটেলিয়নৰ কামাণ্ডেণ্ট শিলাদিত্য চেতিয়াক কাহিলীপাৰাৰ অসম আৰক্ষীৰ বিশেষ শাখাৰ মুখ্য কাৰ্যালয়ৰ আৰক্ষী অধীক্ষক পদলৈ বদলি কৰা হৈছে। শোণিতপুৰৰ আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় পৰশুৰাম ঘণাৱটক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সহকাৰী মহাপৰিদৰ্শক (প্ৰশাসন) পদলৈ বদলি কৰা হৈছে। মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী অধীক্ষক নবীন সিঙক বিশ্বনাথৰ আৰক্ষী অধীক্ষক পদলৈ বদলি কৰা হৈছে। তৃতীয় অসম বেটেলিয়নৰ কামাণ্ডেণ্ট ইমদাদ আলীক পশ্চিম কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ এক নিৰ্দেশনাত এই ৰদ-বদলৰ কথা কোৱা হৈছে।

ধেমাজিত চ’ত মহীয়া আবতৰীয়া বানত বুৰ গ’ল শ শ হেক্টৰ নহৰু খেতি,নাও ব্যৱহাৰ ফচল উঠোৱাত

ব্ৰহ্মপুত্ৰ আৰু লালী নৈ পাৰত কৃষকৰ ফচল পানীৰ তলত। কৃষকৰ একমাত্ৰ জীৱন-জীৱকাৰ সম্বল হিচাপে ব্যৱহাৰ কৰি আহিছে নহৰু খেতিকে। তেনে স্থলত কৃষকৰ সপোন এইবাৰ চূৰমাৰ কৰিলে চ’ততে অহা আবতীয়া বানে। হাত নাও লৈ নহৰু উঘলাৰ চেষ্টা কৃষকৰ। বিষেশকৈ ৰাজ্যত নেৰেনেপেৰা বৰষুণৰ ফলত ধেমাজি জোনাই সমষ্টিৰ চমকং গাঁও পঞ্চায়ৰ লালী নৈ পাৰৰ অপ্সৰা, চিভিল কৈৱৰ্ত, লামা আদি কেইবাখনো গাঁৱত নহৰু, সৰিয়হ,আলু খেতি এআঁঠু-একঁকাল পানীৰ মাজত গেলিবলৈ ধৰিছে ফচলসমূহ। নহৰু খেতিৰ বাবে বিখ্যাত ব্ৰহ্মপুত্ৰ পাৰৰ এই গাঁও অঞ্চলৰ লোকৰ বাবে এইবাৰৰ অকস্মাতে অহা বানে কাল হৈ পৰা বুলি উল্লেখ কৰে ভূক্তভূগী খেতিয়কে। কাৰণ চ’ত মাহতে কেতিয়াও বানপানী হোৱা নাছিল উক্ত গাঁও অঞ্চলত। এইক্ষেত্ৰত অকস্মাতে এই বান ক’ৰ পৰা আহিল ইয়াক লৈ সন্দেহ প্ৰকাশ কৰিছে খেতিয়ক ৰাইজে। এয়া চীন আৰু অৰুণাচল প্ৰদেশৰ নদীবান্ধৰ অতিৰিক্ত পানী এৰি দিয়াৰ ফল বুলিও সন্দেহ কৰে ৰাইজে। কৃষি প্ৰধান গাওঁ কেইখনত গত বছৰৰ দৰে নহৰু বিক্ৰী কৰি ৰঙালী বিহু আনন্দ লোৱা পৰিৱৰ্তে,এই সকল খাঁটি খোৱা গঁঞা ৰাইজে মূৰে কপালে হাত দিব লগাত পৰিছে।

আনহাতে এই খবৰ জনপ্ৰতিনিধি তথা জিলা কৃষি বিভাগক খবৰ দিয়াৰ পিছতো গেলি-পচি যোৱা খেতিয়কৰ ফচল চাবলৈ নহাত ক্ষুব্ধ হৈ পৰে ৰাইজে। আনহাতে সোঁনাৰিঘাট, মেদিপমুৱা , দীঘলী পামতো জৈৱিক পদ্ধতিৰে উৎপাদন কৰা শ শ বিঘা নহৰু খেতি আৱতৰিয়া বানে নষ্ট কৰাৰ খবৰ আমালৈ আহে। মুক্তিয়াৰ গাঁও পঞ্চায়ত মেদি পমুৱা, সোণাৰীঘাট, দেউৰীঘাট, দিঘলিপাম, চুমনিয়াকে ধৰি দহখন গাঁৱৰ কৃষক ৰাইজেও বাৰিষাৰ পূৰ্বেই ব্ৰহ্মপুত্ৰ নদীৰ প্ৰথমটো বানত  শ শ হেক্টৰ  নহৰু, সৰিয়হ খেতি নষ্ট হোৱা বুলি কয়। এই ক্ষেত্ৰত প্ৰকৃত খেতিয়কৰ নষ্ট হোৱা পথাৰ তদন্ত কৰি চৰকাৰ প্ৰশাসনক একালীন ক্ষতিপূৰণ দিবলৈ কৃষক নেতা ভৱেন হালৈ, অৰূপ গগৈ আৰু প্ৰকৃতি কৰ্মী টিকেন কাকতিয়ে আহ্বান জনাইছে।

ডায়েট আৰু ব্যায়ামৰ কোনো প্ৰয়োজন নাই! এই ৭টা অভ্যাসে আপোনাক স্বাস্থ্যৱান আৰু ধুনীয়া কৰিব….

অভ্যাসৰ পৰিৱৰ্তনে আমাৰ স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। আমাৰ স্বাস্থ্য আন্তঃগাঁথনি অভ্যাস আৰু জীৱনশৈলীৰ ওপৰত আধাৰিত। যদি অভ্যাসটো সঠিক হয়, তেন্তে আপুনি ডায়েট গ্ৰহণ কৰিব নালাগে। অভ্যাস আৰু জীৱনশৈলীৰ জৰিয়তে স্বাস্থ্যসঠিকভাৱে উন্নত কৰা সম্ভৱ। শৰীৰটো সামগ্ৰিকভাৱে স্বাস্থ্যৱান কৰি ৰাখিবলৈ জীৱনত কেইটামান অভ্যাস সৃষ্টি কৰিব লাগিব, সেইবোৰ কি সেয়া চাব লাগিব…

বতৰৰ ফল খোৱা – সুস্বাস্থ্যৰ ক্ষেত্ৰত বতৰৰ ফল খোৱাটো আটাইতকৈ শক্তিশালী অভ্যাস। ফলটোত আঁহ থাকে, যি হৈছে স্বাস্থ্যৱান হৈ থকা আৰু ওজন হ্ৰাস কৰাৰ মূল চাবিকাঠি। সদায়ে খালী পেটত ফল খোৱাৰ প্ৰতি মনোযোগ দিব। আপুনি যিঋতুগত ফল ভাল নাপায়, দিনে দুই-তিনিটা ফল খোৱাৰ অভ্যাসে আপোনাক দীৰ্ঘম্যাদী সময়ত সহায় কৰিব।

দিনত এবাটি চালাড খাব: আহাৰৰ আগতে চালাডে ভোক তৃপ্ত কৰাত সহায় কৰে আৰু অত্যাধিক খোৱা প্ৰতিহত কৰে। আপুনি চালাডত যিপাচলি খায়, সেইবোৰ সদায়ে ভাল স্বাস্থ্য আৰু ভাল মানদণ্ডৰ আঁহৰ চাবিকাঠি। আহাৰৰ আগতে চালাড খোৱাটোৱে আমাৰ শৰীৰক ক্ষাৰীয় কৰি তোলে।

খোৱাৰ সঠিক সময়: সঠিক খাদ্য খোৱাটো যিদৰে গুৰুত্বপূৰ্ণ, সঠিক সময়ত খোৱাটোও সমানে গুৰুত্বপূৰ্ণ। সকলোৱে কৰিব পৰা এটা সাধাৰণ জীৱনশৈলীৰ পৰিৱৰ্তন হ’ল ৰাতিৰ আহাৰ সোনকালে খোৱা। ৰাতিৰ আহাৰ সোনকালে খোৱাৰ বিভিন্ন স্বাস্থ্যউপকাৰিতা আছে। তাৰে এটা হৈছে এক ভাল পাচন তন্ত্ৰ। পলমকৈ ৰাতিৰ আহাৰ খোৱাটো হজমৰ বাবে ক্ষতিকাৰক। আপুনি সদায় সন্ধিয়া ৭ বা ৭.৩০ বজাৰ ভিতৰত ৰাতিৰ আহাৰ শেষ কৰিবলৈ চেষ্টা কৰা উচিত।

12 ঘণ্টা মাজে মাজে উপবাস: আমাৰ শৰীৰৰ নিজকে আৰোগ্য কৰাৰ এক সহজাত ক্ষমতা আছে। কেতিয়াবা আমি আমাৰ অন্ত্ৰ আৰু পাচন তন্ত্ৰক বিশ্ৰাম দিয়া উচিত। তাইৰ বাবে এটা সহজ উপায় হ’ল নিম্নতম ১২ ঘণ্টাৰ বাবে মাজে মাজে উপবাস ৰখাৰ অনুশীলন কৰা। ৰাতি 8 বজাৰ ভিতৰত আপোনাৰ ৰাতিৰ আহাৰ শেষ কৰিবলৈ চেষ্টা কৰক আৰু তাৰ পিছত 12 ঘণ্টাৰ বাবে একো নাখাব।

সংসাধিত খাদ্য পৰিহাৰ কৰা: যোৱা তিনি দশকত জীৱনশৈলীৰ ৰোগত মহামাৰী বৃদ্ধিহোৱাৰ এটা প্ৰাথমিক কাৰণ হৈছে সংসাধিত আৰু পেকেট যুক্ত খাদ্য খোৱা। যেনে চিপচ, বিস্কুট, চকলেট, এৰেটেড পানীয়, ইয়াৰ ব্যৱহাৰ তীব্ৰভাৱে বৃদ্ধি হয়। আনকি আপুনি এনে খাদ্যৰ ব্যৱহাৰ হ্ৰাস কৰিব নোৱাৰিলেও, আপোনাৰ গ্ৰহণ হ্ৰাস কৰিবলৈ চেষ্টা কৰক।

সময়মতে শোৱা: সুস্বাস্থ্যৰ বাবে ভাল টোপনি অত্যাৱশ্যকীয়। লেপ্টিন হৰমনটোৱে আমাৰ ভোকত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যদি আপুনি ভালদৰে টোপনি নাহে, তেনেহ’লে খাবলৈ অনিচ্ছা আছে। সেয়েহে, পৰ্যাপ্ত টোপনিৰ প্ৰতি মনোযোগ দিয়া প্ৰয়োজন। সময়মতে শুবলৈ যাওক। শুই থকাৰ মাত্ৰ এঘণ্টা আগতে টিভি, ম’বাইল ফোন, লেপটপ আদি নাচাব।

ভাল জীৱন যাপন আৰু মানসিক শান্তি: কম টোপনিৰ দৰে, জীৱনশৈলীৰ ৰোগ বৃদ্ধি হোৱাৰ আন এক মুখ্য কাৰণ হৈছে চাপ। মানুহ হিচাপে, আমাৰ মুৰত প্ৰতিদিনে 70,000-80,000 চিন্তা থাকে। প্ৰতিটো চিন্তাৰ এক আৱেগ থাকে। আমাৰ ওচৰত দুটা বিকল্প আছে, চাপ, ভয়, উদ্বেগ বা প্ৰেম, আনন্দ, সুখ আৰু কৃতজ্ঞতাৰ সৈতে জীয়াই থাকক। যেতিয়া আমি নিৰন্তৰ চাপত থাকো, আমাৰ শৰীৰে অধিক প্ৰ’টিন মুকলি কৰে। ফলস্বৰূপে, বহুতো শাৰীৰিক সমস্যাৰ সৃষ্টি হয়।