Home Blog Page 2484

বঙৰাৰ ডাঙৰ কৈটাসিদ্ধিত ৭৩ তম সুঁৱৰি উৎসৱৰ প্ৰস্তুতি…     

কামৰূপ জিলাৰ বঙৰাৰ সমীপৰ ডাঙৰ কৈটাসিদ্ধি ৰাইজ গয়ৰহে পৰম্পৰাগত উদযাপন কৰি অহা তথা এইবেলি ৭৩ তম্ বৰ্ষত পদাৰ্পণ কৰা সুঁৱৰি উৎসৱটি অহা ১৯ আৰু ২০ এপ্রিলত “শ্ৰীশ্ৰী কৈটাসিদ্ধি সত্ৰ” প্ৰাঙ্গণত দুদিনীয়া কাৰ্যসূচীৰে উদযাপনৰ প্ৰস্তুতি চলাইছে বুলি গয়ৰহৰ সভাপতি প্ৰদীপ চন্দ্র নাথ আৰু সম্পাদক ৰত্নেশ্বৰ নাথে এক বিজ্ঞপ্তি যোগে জনাইছে। ১৯ এপ্রিলৰ পুৱা ৫ বজাত ঊষা কীৰ্তন পৰিচালনা কৰিব সত্ৰাধিকাৰ ৰজনীকান্ত নাথে। ৮ বজাত গোসাঁই স্থাপন, দিনৰ ১১ বজাত ধৰ্মধ্বজা উত্তোলন কৰিব প্ৰবীণ নাথ শাস্ত্ৰীয়ে। ১২বজাত সুঁৱৰি উৎসৱৰ মঞ্চ মুকলি কৰিব দক্ষিণ কামৰূপ জিলা সত্ৰ মহাসভাৰ সভাপতি অখিল মহন্তই।

১২:৩০ বজাত বন্তি প্ৰজ্বলন কৰিব নবীন নাথে, বিশিষ্ট অতিথি হিচাপে শিক্ষক গজেন বড়ো, বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক দীপক শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ তালুকদাৰে অংশ ল’ব। ১ বজাত সম্বৰ্দ্ধনা অনুষ্ঠান, ২বজাত সুঁৱৰি উৎসৱ আৰম্ভ, নাট পৰিচালনা প্ৰাণেশ্বৰ নাথৰ, দল পৰিচালনা ললিত নাথৰ। নিশা ১০ বজাত “যুগান্তৰ নাট্য দল” ৰ দ্বাৰা যাত্রাভিনয়। ২০ এপ্রিলৰ পুৱা ৮বজাত প্ৰসাদ বিতৰণ, আবেলি ২বজাত শ্রীশ্রী চতুর্ভুজ গোসাঁই লৈ শোভাযাত্রা, নিশা ৯বজাত প্ৰসাদ বিতৰণ। দুয়োদিনৰ কাৰ্যসূচীত ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি উদ্যোক্তাসকলে কামনা কৰিছে।

বৰহেৰামদোত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ আধাৰশিলা স্থাপন…

পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ ৰাণী উন্নয়ণ খণ্ডৰ অন্তৰ্গত বৰহেৰামদো সত্ৰ প্ৰাঙ্গনত ৮ এপ্ৰিলত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ২০২০-২০২১ বৰ্ষৰ  আছুতীয়া পুজিৰে কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে।এই কাৰ্যসূচীত তেখেতক সংগ দিয়ে ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মনকে ধৰি অগপ দলৰ নেতা কৰ্মীয়ে।

ইয়াৰ পিছত বৰহেৰামদো ৰাইজ গয়ৰহৰ সম্পাদক মুকুল মহন্তই আত ধৰা আৰু  সভাপতি জীতেন মহন্তৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত বিধায়ক কলিতাই তেওৰ কাৰ্যকালত অনাগত সময়ত বৰহেৰামদো সত্ৰৰ সামগ্ৰিক উন্নয়ণ কৰি জাকত জিলিকা কৰাৰ বাবে আশ্বাস দিয়ে।আজিৰ অনুষ্ঠানত বুঢ়া সত্ৰাধিকাৰ উমেশ মহন্ত,ডেকা সত্ৰাধিকাৰ ধীৰেন মহন্তকে ধৰি পৰিচালনা সমিতিৰ বিষয়ববীয়া,ৰাইজ আইমাতৃ, যুুৱকসকল উপস্থিত থাকে।

বঙাইগাঁৱৰ ভাণ্ডাৰত দলং নিৰ্মাণৰ বাবে প্ৰতিবাদ…

বঙাইগাঁও জিলাৰ অভয়াপুৰী উত্তৰ সমষ্টিৰ ভাণ্ডাৰা বজাৰৰ পৰা জামদহা লৈ যোৱা ৰাস্তাৰ মাজৰ কাঠৰ দলঙত পাৰাপাৰ হোৱাত যথেষ্ট অসুবিধাৰ সন্মূখীন হৈছে বৃহত্তৰ অঞ্চল বাসি । বহু বছৰ পূৰ্বে ভাণ্ডাৰা জামদহা সংযোগী পথত এখন কাঠৰ দলং নিৰ্মাণ কৰি বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়ত ব্যৱস্থা সুচল কৰি তুলিছিল যদিওঁ নিৰ্মাণৰ পিছৰ পৰাই দলঙৰ দুয়ো পাৰৰ মাটি খহি পৰে। দলঙৰ এপ্ৰোচ নথকাৰ বাবে স্থানীয় ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰী সকলে দলঙত জখলা বগাই  পাৰাপাৰ হব লগা হৈছে।

উল্লেখ্য যে প্ৰতিবছৰে দলঙৰ এপ্ৰোচৰ বাবে চৰকাৰে বাৰে বাৰে ধন আবন্টন হয় যদিওঁ সকলো ধন একাংশ  জনপ্ৰতিনিধিৰ লগতে দালালে আত্মহাত কৰি পেলায় । দলংখন যেন সোনৰ কণী দিয়া হাহঁত পৰিনিত হৈছে একাংশ জনপ্ৰতিনিধিৰ বাবে। শীঘ্ৰেই দলংখনৰ এপ্ৰোচৰ কাম কৰি বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়ত ব্যৱস্থা সুচল কৰি তুলিবলৈ চৰকাৰক দাবী জনাই ভান্ডাৰা বাসী ৰাইজে এক প্ৰতিবাদ কৰে।

কলগাছিয়াৰ শিশু উন্নয়ন প্ৰকল্পত শিশুৰ খাদ্য যোগানত অনিয়ম…

বৰপেটা জিলাৰ কলগাছিয়াস্হিত ৰূপসী শিশু উন্নয়ন প্ৰকল্পত শিশু, প্ৰসূতি আৰু গৰ্ভৱতী মহিলাৰ খাদ্য যোগানৰ ক্ষেত্ৰত চৰম অনিয়ম হোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। যি সময়ত চৰকাৰে শিশু আৰু শিশুৰ মাতৃয়ে যাতে পুষ্টিহীনতাৰ অভাৱত কষ্ট কৰিবলগীয়া নহয় তাৰ বাবে বিভিন্ন আচঁনিৰ জৰিয়তে শিশু আৰু শিশুৰ মাতৃক পুষ্টিকৰ সামগ্ৰী যোগান দি থকা পৰিলক্ষিত হৈছে। তেনেক্ষেত্ৰত কলগাছিয়া ৰূপসী শিশু উন্নয়ন প্ৰকল্পত শিশু আৰু মহিলাৰ খাদ্য যোগান ধৰাৰ ক্ষেত্ৰত চৰম অনিয়মে একাংশ অঙ্গনবাড়ী কৰ্মী আৰু সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

জানিব পৰা মতে একে সমানে শিশু আৰু প্ৰসূতি আৰু গৰ্ভৱতী মহিলা থকা কেন্দ্ৰৰ বেংক একাউণ্টত টকা সোমাই দিয়াৰ ক্ষেত্ৰতো অনিয়ম হোৱা দেখা গৈছে। চাউল আৰু মটৰ যোগান ধৰাৰ ক্ষেত্ৰতো ৰূপসী সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ পৰা বিভিন্ন ধৰণৰ খেলিমেলিৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই ক্ষেত্ৰত ৰূপসী সংহত শিশু উন্নয়ন প্ৰকল্পৰ ভিতৰ চৰাত দেখা দিয়া বিভিন্ন ধৰণৰ অনিয়ম সমূহ তদন্তৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰীৰ দৃষ্টি কামনা কৰিছে অঙ্গনবাড়ী কৰ্মী তথা সচেতন মহলে।

মুকলি হ’ল এ.পি.এছ.চি. পৰিসংখ্যা পৰিদৰ্শক উত্তৰ কী ২০২২… 

অসম লোক সেৱা আয়োগে (এপিএছচি) অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ত পৰিসংখ্যা পৰিদৰ্শক পদৰ বাবে স্ক্ৰীণিং পৰীক্ষাৰ উত্তৰ কী মুকলি কৰিছে। পৰিৱৰ্তন আৰু উন্নয়ন বিভাগ, অসমৰ অধীনত পৰিসংখ্যা পৰিদৰ্শকৰ বাবে স্ক্ৰীণিং পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো প্ৰাৰ্থীয়ে চৰকাৰী website-apsc.nic.in পৰা এপিএছচি পৰিসংখ্যা পৰিদৰ্শক উত্তৰ কী ২০২২ ডাউনলোড কৰিব পাৰে।
এইটো উল্লেখ কৰা হৈছে যে আয়োগে এডভটৰ বিৰুদ্ধে পৰিসংখ্যা পৰিদৰ্শক পদৰ বাবে স্ক্ৰীণিং পৰীক্ষা অনুষ্ঠিত কৰিছে।   আয়োগে  তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত এপিএছচি পৰিসংখ্যা পৰিদৰ্শক উত্তৰ কী ২০২২ আপলোড কৰিছে। তলত দিয়া পদক্ষেপবোৰ অনুসৰণ কৰাৰ পাছত অফিচিয়েল ৱেবছাইটৰ পৰা এপিএছচি পৰিসংখ্যা পৰিদৰ্শক উত্তৰ কী ২০২২ ডাউনলোড কৰিব পাৰে।

এ.পি.এছ.চি. পৰিসংখ্যা পৰিদৰ্শক উত্তৰ কী ২০২২  কেনেদৰে ডাউনলোড কৰিব 


১) অফিচিয়েল ৱেবছাইটলৈ যাওক অৰ্থাৎ apsc.nic.in

২) হোম পেজত উপলব্ধ শেহতীয়া আপডেট শাখালৈ যাওঁক।

৩) অসমৰ পৰিৱৰ্তন আৰু উন্নয়ন বিভাগৰ অধীনত পৰিসংখ্যা পৰিদৰ্শক পদত নিযুক্তিৰ বাবে লিংকত ক্লিক কৰক ” স্ক্ৰীণিং পৰীক্ষা (ওএমআৰ আধাৰিত)। 

এটা নতুন উইণ্ডো খুল খাব য’ত আপুনি এপিএছচি পৰিসংখ্যা পৰিদৰ্শক উত্তৰ কী ২০২২ আপডেটৰ পিডিএফ পাব।ইয়াৰ পৰা প্ৰিণ্ট আউট লওক আৰু ভৱিষ্যতৰ প্ৰসংগৰ বাবে এটা প্ৰতিলিপি সংৰক্ষণ কৰক।

পৰিসংখ্যা পৰিদৰ্শক পদৰ বাবে স্ক্ৰীণিং পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে মন কৰিব লাগে যে তেওঁলোকে তেওঁলোকৰ উত্তৰ কী উত্থাপন কৰিব পাৰে, যদি অফিচিয়েল ৱেবছাইটৰ নিৰ্দেশনা অনুসৰি অনলাইন মোডত থাকে। প্ৰাৰ্থীসকলে তেওঁলোকৰ আপত্তিবোৰ উত্তৰ কী দাবী বিন্যাসৰ সৈতে উত্থাপন কৰিব লাগিব যিটো অফিচিয়েল ৱেবছাইটত উপলব্ধ। আপত্তি প্ৰেৰণৰ অন্তিম তাৰিখ হৈছে ১১ এপ্ৰিল ২০২২।

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ পৰা চীনে কি শিক্ষা পালে?

ইউক্ৰেইন-ৰাছিয়া যুদ্ধৰ ৪০দিনৰো অধিক হ’ল। এফালে, আমেৰিকা আৰু ইয়াৰ মিত্ৰশক্তিয়ে ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছে। আনহাতে, চীনক ৰাছিয়াৰ সমৰ্থনত একেৰাহে থকা দেখা গৈছে। আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কমাণ্ডাৰে টাইৱানৰ বিষয়ে ৰাষ্ট্ৰপতি জ’ বিডেনক ইতিমধ্যয়ে সতৰ্ক কৰি দিছে। টাইৱান লৈ আমেৰিকা আৰু চীনৰ মাজত দীৰ্ঘদিন ধৰি উত্তেজনা চলি আছে। দুয়োখন দেশে দুয়োখন দেশৰ বিৰুদ্ধে বহুবাৰ কঠোৰ বিবৃতিও জাৰি কৰিছে। আমেৰিকান কামাণ্ডাৰে কৈছে যে, চীনে ইউক্ৰেইনৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে।

৪০ দিনতকৈও অধিক সময়তো কিন্তু ৰাছিয়াই এতিয়াও সম্পূৰ্ণৰূপে ইউক্ৰেইন দখল কৰিব পৰা নাই। বৰঞ্চ, ৰুছ সেনাই ইউক্ৰেইন চহৰৰ পৰা পলাব লগীয়া অবস্থাহে হৈ পৰিছে। লগতে আমেৰিকাৰ নৌ-সেনাৰ পেচিফিক ফ্লীটকমাণ্ডাৰ এডমিৰেল চেমুৱেল জন পাপাৰোৱে কয়, “এতিয়া কোনো সন্দেহ নাই যে চীনে ইউক্ৰেইনৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা পাইছে।” জানিব পৰা মতে, আমেৰিকাৰ বিদেশ বিভাগে টাইৱানক ৯৫ নিযুত আমেৰিকান ডলাৰৰ প্ৰতিৰক্ষাৰ সামগ্ৰীৰ বিক্ৰী কৰিবলৈ অনুমোদন জনাইছে। আনহাতে, যোৱা মাহত আমেৰিকাৰ এটা প্ৰাক্তন সামৰিক দল টাইৱানলৈ প্ৰেৰণ কৰিছে। আৰু ইয়াৰ প্ৰতিবাদত চীনে কৈছে যে “টাইৱানক সমৰ্থন কৰাৰ বাবে আমেৰিকাই যথেষ্ট মূল্য পৰিশোধ কৰিব লাগিব।”

অসম নাট্য সন্মিলনৰ বিভিন্ন বঁটা ঘোষণা…

অসম নাট্য সন্মিলনে এই বেলি “নাট্য সন্মিলন বঁটা“ প্ৰদান কৰিব নগাঁৱৰ জীৱেশ্বৰ দেৱ গোস্বামীক ৷ অসম সত্ৰ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক , সত্ৰাধিকাৰ , শিক্ষাবিদ জীবেশ্বৰ দেৱ গোস্বামীৰ ঘৰ নগাঁৱত ৷ ইফালে “মহেন্দ্ৰ বৰঠাকুৰ বঁটা“ প্ৰদান কৰিব প্ৰকাশ মেধিক ৷ প্ৰয়াত প্ৰকাশ মেধি ৰাজ্যৰ এজন বলিষ্ঠ নাট্যকাৰ আৰু পৰিচালক আছিল ৷ অসম নাট্য সন্মিলনে নতুনকৈ প্ৰবৰ্তন কৰা নাট্যপ্ৰভাকৰ “সত্য প্ৰসাদ বৰুৱা নাট্যসমালোচক বঁটা“ নগাঁৱৰ ৰাজ্যিক অধিবেশন স্থলীতে এইবাৰ প্ৰদান কৰিব ৷ এই বঁটা প্ৰদান কৰা হ’ব নাট্য সমালোচক , শিক্ষাবিদ ড° শৈলেন ভড়াঁলীক ৷ অসমীয়া প্ৰতিদিন ডিজিটেলক এই কথা জনাইছে অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক গিৰিধৰ ৰয়ে ৷

প্ৰধান সম্পাদক ৰয়ে জনোৱা মতে, বঁটা সমূহ অধিবেশনৰ ১০ এপ্ৰিলৰ মুকলি সভাত প্ৰদান কৰা হ’ব ৷ মুকলি সভাতে সন্মিলনে শিল্পী নিপন গোস্বামী , বিদ্যা ৰাও , বলীন বৰগোহাঁই , ভোগী বৰ্মন, বাদল চৌধুৰী , কানু গোস্বামী ,প্ৰয়াত ড° দিলীপ কুমাৰ বৰুৱাক সম্বৰ্দ্ধনা জনাব ৷৬ এপ্ৰিলৰ পৰা কলঙৰ বাকৰি নেহৰুবালিত আৰম্ভ হোৱা ৬০ সংখ্যক অসম নাট্য সন্মিলনৰ ৰাজ্যিক অধিবেশনৰ শুকুৰবাৰৰ তৃতীয় দিনৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত সাধাৰন পৰিষদৰ সভা অনুষ্ঠিত হয় ৷ দুপৰীয়াৰ পৰা একক অভিনয় প্ৰতিযোগিতা, শিশু নাট, এন এছ ডিৰ নাট প্ৰদৰ্শন, নাট প্ৰতিযোগিতা আদি কাৰ্যসূচী আছে ৷

একতাৰ এনাজৰী! উত্তৰ পূৰ্বাঞ্চলত দশম শ্ৰেণীলৈ বাধ্যতামূলক হ’ব হিন্দী…

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক অনুষ্ঠানৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যত হিন্দী বাধ্যতামূলক হ’ব এক মন্তব্য কৰিছে। তেওঁ কৈছে যে, উত্তৰ পূৰ্বাঞ্চলত ২২,০০০ হিন্দীৰ শিক্ষক নিযুক্তি দিয়া হৈছে। তেওঁ কৈছে, উত্তৰপূৰ্বাঞ্চলৰ মুঠ ৯ টা জনজাতিয়ে দেৱনাগিৰী লিপি গ্ৰহণ কৰিছে । অনুষ্ঠানত তেওঁ কয়, এই ৮ খন ৰাজ্যত দশম শ্ৰেণীলৈকে চৰকাৰে হিন্দী বাধ্যতামূলক কৰাৰ দিশটোত একমতত উপনিত হৈছে।

উল্লেখ্যে যে বৃহস্পতিবাৰে দিল্লীত অনুষ্ঠিত হোৱা চৰকাৰী ভাষাৰ সংসদীয় সমিতিৰ বছেৰেকীয়া সভাৰ অধ্যক্ষতা কৰি এই মন্তব্য কৰিছে। অনুষ্ঠানত তেওঁ কয় যে, দেশৰ বিভিন্ন ৰাজ্যৰ লোকসকলে ইংৰাজীৰ পৰিৱৰ্তে হিন্দীত কথা পাতিব লাগে। প্ৰধানমন্ত্ৰী মোডীৰ প্ৰসংগৰে তেওঁ কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সকলো চৰকাৰী কাম-কাজ চৰকাৰী ভাষাত পৰিচালনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে হিন্দী ভাষাৰ জৰিয়তে দেশক একতাৰ এনাজৰীৰে বান্ধিব লাগে। তেওঁ অ-হিন্দীভাষী ৰাজ্যসমূহৰ লোকসকলক হিন্দীত মনৰ ভাৱ আদান প্ৰদান কৰাৰ বাবেও পৰামৰ্শ প্ৰদান কৰিছে।

স্বচ্ছ বৰলীয়া সেউজ ৰঙিয়া অভিযান…

ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু ৰঙিয়া পৌৰসভা আৰু স্বেচ্ছাসেৱী সংস্থা ‘সাধনা’ৰ সহযোগত বৰলীয়া নদীখন স্বচ্ছ, নিকা আৰু পৰিষ্কাৰ কৰি ৰখাৰ উদ্দেশ্যে ‘স্বচ্ছ বৰলীয়া সেউজ ৰঙিয়া’ নামৰে এক অভিযানৰ শুভাৰম্ভণি কৰা হয়।”স্বচ্ছ বৰলীয়া সেউজ ৰঙিয়া”অভিযানত ৰঙিয়া মহকুমা প্ৰশাসনক ৰঙিয়াবাসী ৰাইজে সহায় সহযোগিতা আগবঢ়াই নদীখন পেলনীয়া সামগ্ৰীমুক্ত স্বচ্ছ,নিকা কৰি ৰাখিবলৈ আহ্বান জনায়।উক্ত কাৰ্যক্ৰমত ৰঙিয়া মহকুমাধিপতি জাবীৰ ৰাহুল সুৰেশ,ৰঙিয়া মহকুমা ৰাজহ চক্ৰ বিষয়া লীনা কুমাৰী পাওৱে,ৰঙিয়া পৌৰসভা নৱ নিৰ্বাচিত পৌৰপতি অমৰেন্দ্ৰ লহকৰ,উপ পৌৰপতি বিদ্যুৎ ডেকা,ৰঙিয়া স্বেচ্ছাসেৱী সংস্থা ‘সাধনা’ ৰ সম্পাদক জ্যোতিষ কলিতা,ৰঙিয়া পৌৰসভাৰ নৱ নিৰ্বাচিত ওৱাৰ্ড কমিছনাৰ সকল,ৰঙিয়া মহকুমা প্ৰশাসনৰ বিষয় ববীয়া সকল,ৰঙিয়া পৌৰসভাৰ কৰ্মচাৰী তথা বিষয় ববীয়া সকলৰ লগতে স্থানীয় সচেতন ৰাইজ উপস্থিত থাকে।

আনহাতে স্থানীয় বিধায়ক ভবেশ কলিতাই ৰঙিয়াৰ বুকু জিপাল কৰি ৰখা বৰলীয়া নৈৰ দুয়োপাৰ পৰিস্কাৰ কৰি ভালদৰে সজাই পৰাই মূল্যবান গছ-গছনি ৰুই বৰলীয়া নৈৰ দুয়োপাৰে ৰাতিপুৱা গধূলী ৱাকিং জোন হিচাপে গঢ়ি তোলাৰ এক পৰিকল্পনা হাতত লোৱা বুলি জনাই।তেওঁ লগতে মহকুমা প্ৰশাসনৰ এই প্ৰচেষ্টাৰ শলাগ লয়।

পলিথিনমুক্ত কৰি সেউজীয়াকৰণ কৰাত এক বিশেষ ভুমিকা গ্ৰহণ কৰিব:দুলুমণি কাকতি

গুৱাহাটী পৌৰ নিগমৰ আটাইতকৈ উল্লেখযোগ্য ৱাৰ্ডটো হৈছে ৪৮নং ৱাৰ্ড। য’ত আছে অসম সচিবালয়কে ধৰি মন্ত্ৰী আৰু এমএলএ সকলৰ আৱাসগৃহ। লগতে সচিবালয়ৰ কৰ্মচাৰী সকলৰ আৱাসগৃহ। সেয়েহে এই ৱাৰ্ডটোৰ গুৰুত্ব বহু ওপৰত। যাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে নিজৰ পচন্দৰ প্ৰাৰ্থী গৰাকীক ৱাৰ্ডৰ নিৰ্বাচনী যুদ্ধত প্ৰক্ষেপ কৰিছে। তেওঁ নিজেই এগৰাকী কৰ্মঠ ব্যক্তি সেয়েহে তেওঁৰ দৃষ্টিত এগৰাকী কৰ্মনিখুঁত প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। তেওঁক জয়যুক্ত কৰি আনি ৱাৰ্ডটোৰ সকলোফালৰ পৰা উন্নয়ন কৰিবলৈ চেষ্টা কৰিছে। এই প্ৰাৰ্থীগৰাকী হৈছে ৪৮নং ৱাৰ্ডৰ দুলুমণি কাকতি। দুলুমণি কাকতিয়েও সংকল্প লৈছে যে ৪৮নং ৱাৰ্ডটোক পলিথিনমুক্ত কৰি সেউজীয়াকৰণ কৰাত এক বিশেষ ভুমিকা গ্ৰহণ কৰিব।