Home Blog Page 2483

কূটাঘাতৰ আশংকাঃ বিহুৰ বতৰতে শিৱসাগৰত দুমাহৰ বাবে ১৪৪ ধাৰা জাৰি…

বিহুৰ সময়ত উগ্ৰপন্থীয়ে কূটাঘাত সংঘটিত কৰাৰ আশংকা কৰিয়েই শিৱসাগৰত জাৰি কৰা হৈছে ১৪৪ ধাৰা। এই ধাৰা জলিা খনত দুমাহৰ বাবে বাহাল থাকিব বুলি জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি শিৱসাগৰ জিলাত আজিৰ পৰা বলবৎ হোৱাকৈ ১৪৪ ধাৰা জাৰি কৰিছে অতিৰিক্ত জিলা দণ্ডাধীশ বিতোপন নেওগে। তৎকালে বলৱৎ হোৱাকৈ ভাৰতীয় ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে। ৰাজহুৱা স্থানত পাঁচ জন বা তাতোধিক লোকৰ সমাবেশ, সভা-সমিতি, শোভাযাত্ৰা উলিওৱা, শ্বহীদ বেদী নিৰ্মাণ, দেৱাল লিখন, শ্ল’গান ছপা কৰা, কোনো ব্যক্তি বা ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্যালয় আদিত যি কোনো ধৰণৰ বৰঙণি সংগ্ৰহ নিষিদ্ধ কৰা হৈছে। অৱশ্যে ৬০ বছৰ উৰ্দ্ধৰ লোক, ১২ বছৰ বয়সৰ তলৰ ল’ৰা-ছোৱালী, মহিলা, চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু আৰক্ষীৰ লোকক নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে৷ জিলাখনত অসামাজিক লোক তথা উগ্ৰপন্থীৰ আইন বিৰোধী কাৰ্যকলাপ, গুলীচালনা, হত্যা, অপহৰণ বা ধন লুটৰ আশংকা কৰি দুচকীয়া যান বাহনত দুজন বা তাতোধিক লোকৰ বিচৰণো নিষিদ্ধ কৰা হৈছে।

জনস্বাস্থ্যৰ প্ৰতি ভাবুকি স্বৰূপ ৫০ মাইক্ৰন ঘনত্বৰ কম প্লাষ্টিক কেৰীবেগ, যি কোনো ধৰণৰ ধঁপাত জাতীয় সামগ্ৰী যেনে গুটখা, শিখৰ আদি বেচা-কিনা সমগ্ৰ শিৱসাগৰ জিলাত নিষিদ্ধ কৰা হৈছে। জিলাখনৰ সীমামূৰীয়া অঞ্চলৰে উগ্ৰপন্থীৰ আহ-যাহ আৰু অসমাজিক কাৰ্যকলাপৰ প্ৰতি লক্ষ্য ৰাখি অসম-নগালেণ্ড সীমান্তত নৈশ সান্ধ্য আইন প্ৰৱৰ্ত্তন কৰি সীমান্তৰ ৫ কিলোমিটাৰ পৰিধিৰ ভিতৰত সন্ধিয়া ৬-০০ বজাৰ পৰা পুৱা ৬-০০ বজালৈ যি কোনো ব্যক্তি বা গোট আৰু গাড়ী-মটৰৰ চলাচল নিষিদ্ধ কৰা হৈছে। লালীগুড়ৰ পৰা থলুৱা মদ প্ৰস্তুতকৰণেৰে জনস্বাস্থ্য হানি হোৱাৰ আশংকা কৰি সমগ্ৰ জিলাখনত লালীগুৰ বেচা-কিনা নিষিদ্ধ কৰা হৈছে। আদেশ অমান্য কৰা সকল ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰা অনুসৰি দণ্ডণীয় হ’ব বুলি নিৰ্দেশনাত উল্লেখ কৰিছে।

জিলাখনত দুচকীয়া যানত দুজন বা তাতোধিক লোকৰ বিচৰণো নিষিদ্ধ কৰা হৈছে।জিলাখনৰ সীমামূৰীয়া অঞ্চলেদি উগ্ৰপন্থীৰ আহ-যাহ আৰু অসামাজিক কাৰ্যকলাপৰ প্ৰতি লক্ষ্য ৰাখি অসম-নগালেণ্ড সীমান্তত সীমান্তৰ ৫ কিলোমিটাৰ পৰিধিৰ ভিতৰত সন্ধিয়া ৬-০০ বজাৰ পৰা পুৱা ৬-০০ বজালৈ নৈশ সান্ধ্য আইন জাৰি কৰিছে।এই নিষেধাজ্ঞা সমূহ তৎকালীনভাবে বলৱৎ হৈছে আৰু পৰৱৰ্ত্তী ৬০ দিনলৈ বা পুনৰ আদেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব। এই আদেশসমূহ অমান্য কৰা সকল ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰা অনুসৰি দণ্ডণীয় হ’ব বুলিও এই নিৰ্দেশনাত উল্লেখ কৰিছে। বিহুৰ বতৰত জাৰি কৰা এনে নিষেধাজ্ঞাই জিলা খনৰ সাধাৰণ জনতাৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

এতিয়াৰে পৰা কোভিডৰ বুষ্টাৰ ভেকচিনৰ বাবে ভৰিব লাগিব ধন…

ভাৰত চৰকাৰে স্বাস্থ্যসেৱা কৰ্মী, ফ্ৰণ্টলাইন কৰ্মচাৰী আৰু ৬০ বছৰৰ ওপৰৰ লোকসকলক বুষ্টাৰ পালি বিনামূলীয়াকৈ দি আহিছে।কিন্তু এতিয়াৰে পৰা প্ৰায় সংখ্যক প্ৰাপ্তবয়স্ক লোকৰ বাবে বুষ্টাৰ পালি বিনামূলীয়া নহ’ব। চৰকাৰে ব্যক্তিগত চিকিৎসালয়ত দেওবাৰৰ পৰা সকলো প্ৰাপ্তবয়স্কক কোভিড ভেকচিনৰ বুষ্টাৰ পালি প্ৰদানৰ অনুমতি প্ৰদানৰ সিদ্ধান্ত লৈছে। এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে চৰকাৰ ইতিমধ্যে কোভিডৰ বুষ্টাৰ পালিৰ দামো নিৰ্ধাৰণ কৰি দিছে। জানিব পৰা মতে কভিশ্বিল্ডৰ ব্যয় হ’ব ৬০০ টকা। এই ভেকচিন বিধৰ ক্ষেত্ৰত কৰ আগৰ দৰে একেই থাকিব। আন এবিধ ভেকচিন কভোভাক্স উপলব্ধ হ’ব ৯০০ টকাত। ১৮ বছৰৰ ওপৰৰ লোকসকলক ১০ এপ্ৰিলৰ পৰা কোভিড-১৯ৰ বুষ্টাৰ পালি প্ৰদান কৰা হ’ব। অৱশ্যে ব্যক্তিগত চিকিৎসালয়তহে ১৮ বছৰৰ ওপৰৰ লোকসকলক কোভিডৰ বুষ্টাৰ ভেকচিন প্ৰদানৰ দিহা কৰা হ’ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।


লগতে যিসকলৰ বয়স ১৮ বছৰ বা ততোধিক আৰু তেনে বয়সৰ যিসকল লোকে কোভিড ভেকচিনৰ দ্বিতীয় পালি গ্ৰহণ কৰা ন মাহ সম্পূৰ্ণ হৈছে তেওঁলোকে বুষ্টাৰ পালি গ্ৰহণ কৰিব পাৰিব। অসমত জ্যেষ্ঠ নাগৰিকসকল, যিসকলে দ্বিতীয়টো ভেকচিন গ্ৰহণৰ ৯ মাহ হৈ গৈছে তেওঁলোককো ১০ জানুৱাৰীৰ পৰা কোভিড ভেকচিনৰ বুষ্টাৰ ডজ প্ৰদান কৰা হৈছে। চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া আদাৰ পুনাৱালাই আজি এই পদক্ষেপক আদৰণি জনাইছে। তেওঁ ইয়াক এক গুৰুত্বপূৰ্ণ আৰু সময়োপযোগী সিদ্ধান্ত বুলি উল্লেখ কৰিছে। তেওঁ কয় যে যিসকলে বিদেশ ভ্ৰমণ কৰিব বিচাৰে তেওঁলোকে তৃতীয় পালি অবিহনে ভ্ৰমণ কৰাত অসুবিধা পাইছে ।যিহেতু কেইবাখনো দেশে বুষ্টাৰ পালি গ্ৰহণ নকৰা লোকক সেই দেশত প্ৰৱেশৰ অনুমতি দিয়া নাই। এতিয়া ব্যক্তিগত খণ্ডৰ চিকিৎসালয়তো কোভিডৰ বুষ্টাৰ পালি উপলব্ধ হোৱাত সকলোৰে সুবিধা হ’ব বুলি পুনিৱালাই কয়। কেন্দ্ৰৰ নতুন নীতি অনুসৰি প্ৰতিষ্ঠানটোৱে প্ৰস্তুত কৰা ভেকচিনটোৰ ৫০% কেন্দ্ৰৰ বাবে সংৰক্ষিত কৰা হ’ব আৰু বাকী ৫০% ৰ পৰাহে ৰাজ্য চৰকাৰ তথা বেচৰকাৰী খণ্ডৰ হস্পিতালসমূহে ভেকচিন ক্ৰয় কৰিব পাৰিব। ১৮ বছৰ উৰ্ধৰ বয়সৰ সকলো লোককে প্ৰতিষেধক প্ৰদান কৰিবলৈ চৰকাৰে নিৰ্দেশনা দিয়াৰ পিছতে অতিৰিক্তভাৱে ১.২ মিলিয়ন ড’জ ভেকচিনৰ প্ৰয়োজন হ’ব বুলি প্ৰকাশ কৰিছে চেৰামে।

কেনে অৱস্থাত আছে দেশৰ অৰ্থনীতি?

কোভিডৰ আঘাতৰ পিছতো দেশৰ অৰ্থনীতিত কৰ সংগ্ৰহৰ জৰিয়তে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে কেন্দ্ৰীয় চৰকাৰে। চলিত বৰ্ষৰ
৩১ মাৰ্চলৈকে ভাৰতৰ কৰ সংগ্ৰহৰ পৰিমাণ হৈছে ২৭.০৭ লাখ কোটি টকা। অৰ্থনীতিৰ এনে বিপদাসংকুল পৰিবেশত এয়া নিঃসন্দেহে এক আশাব্যঞ্জক কথা হিচাবে বিবেচিত হৈছে। দেশত প্ৰত্যক্ষ কৰ আৰু পৰোক্ষ কৰৰ সংগ্ৰহ বৃদ্ধি হৈছে। আজি ৰাজহ সচিব তৰুণ বাজাজে এই কথা প্ৰকাশ কৰিছে। তেওঁ কয় যে ২০২১ চনৰ এপ্ৰিল মাহৰ পৰা ২০২২ চনৰ মাৰ্চ মাহলৈ ২৭.০৭ লাখ কোটি টকাৰ মুঠ কৰ সংগ্ৰহ হৈছে। চৰকাৰে এই সময়ছোৱাত ২২.১৭ লাখ কোটি টকাৰ কৰ সংগ্ৰহ হ’ব বুলি ধাৰণা কৰিছিল যদিও সেই পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি পোৱা বুলি বাজাজে কয়।


চৰকাৰে প্ৰত্যক্ষ কৰ হিচাবে ১৪.১০ লাখ কোটি টকা সংগ্ৰহ কৰিছে। চৰকাৰে পূৰ্বে ধাৰণা কৰা পৰিমাণতকৈ ই ৩.০২ লাখ কোটি টকা অধিক বুলি তেওঁ উল্লেখ কৰে। আবকাৰী শুল্কও ধাৰণা কৰাতকৈ ১.৮৮ লাখ কোটি টকা বেছি সংগ্ৰহ হৈছে। পৰোক্ষ কৰ ১১.০২ লাখ কোটি টকা সংগ্ৰহ হ’ব বুলি ধাৰণা কৰা হৈছিল তাৰ বিপৰীতে ১২.৯০ লাখ কোটি টকা সংগ্ৰহ হৈছে বুলি তেওঁ কয়। যিটো সময়ত শ্ৰীলংকাৰ দৰে দেশত ব্যাপক অৰ্থ সংকটে দেখা দিছে সেই সময়তে ভাৰতত কৰৰ পৰিমাণ অভিলেখসংখ্যক ভাবে বৃদ্ধি পোৱাৰ কথাই দেশৰ অৰ্থনীতিৰ ভাল অৱস্থাটোকেই প্ৰতিফলিত কৰিছে বুলি বহুতে মন্তব্য কৰিছে।

মিছাইল আক্ৰমণত নিহত ৩০, আহত ১০০ৰো অধিক…

ইউক্ৰেইনৰ এটা ৰেলৱে ষ্টেচনত ৰাছিয়াই কৰা মিছাইল আক্ৰমণৰ ফলত প্ৰায় ৩০ গৰাকীকৈ লোকৰ মৃত্যু হয় লগতে আহত হয় প্ৰায় ১০০ জনৰো অধিক। ক্ৰামাতোৰস্ক ট্ৰেইন ষ্টেচনত এই আক্ৰমণ হয়। ইউক্ৰেইনৰ পূৱ সীমান্তত থকা এই ৰেলৱে ষ্টেচনটোত নাগৰিক সকলৰ সুৰক্ষাৰ বাবে উদ্ধাৰ অভিযান চলি আছিল আৰু তেনে সময়তে এই আক্ৰমণ হয়।

ইউক্ৰেইনৰ ৰেলৱে দিয়া মন্তব্য অনুসৰি   “ক্ৰামাটৰ্স্ক চহৰৰ ৰে’ল ষ্টেচনত দুটা মিছাইল আক্ৰমণ হয়। তথ্য অনুসৰি ক্ৰামাটৰ্স্ক ৰে’ল ষ্টেচনত ৰকেট আক্ৰমণত ৩০ জনৰো অধিক লোক নিহত আৰু ১০০ ৰো অধিক লোক আহত হৈছে। অৱশ্যে উদ্ধাৰ অভিযান আৰম্ভ হোৱাৰ লগে লগে আহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱণা আছে। উল্লেখ্য যে, ৰাছিয়াই এই আক্ৰমণৰ কথা অস্বীকাৰ কৰিছে আৰু কয় যে এইটো সম্ভৱতঃ ইউক্ৰেইনে নিজেই এই আক্ৰমণ কৰিছে ।

ভাৰতত কোনেও ভাবিব নোৱাৰা ভয়াৱহ দিন আহি আছেঃ ৰাহুল গান্ধী

শ্ৰীলংকাৰ উদাহৰণ দাঙি ধৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভাৰতৰ অৰ্থনৈতিক অৱস্থা সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰক সতৰ্ক কৰি দিয়ে৷ তেওঁ আশংকা কৰে যে, শ্ৰীলংকাৰ অৰ্থনৈতিক অৱস্থাৰ প্ৰকৃত পৰিস্থিতি সকলোৰে চকুৰ আগলৈ আহিছে৷ আৰু একেই অৱস্থা হোৱাৰ দিশে গতি কৰিছে ভাৰতবৰ্ষও। কেৱল শ্ৰীলংকাৰ উদাহৰণেই নহয়, ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ উদাহৰণ দি ৰাহুল গান্ধীয়ে চীনা আক্ৰমণৰ বিষয়েও সতৰ্ক কৰি দিছে। কিন্তু বৰ্তমান সময়ত কংগ্ৰেছ নেতাগৰাকীয়ে দেশৰ আৰ্থিক স্থিতিকলৈহে অধিক চিন্তিত বুলি উল্লেখ কৰে।

অৰ্থনৈতিক ব্যৱস্থাৰ পতনৰ ফলত শ্ৰীলংকা সংকটত পৰিছে৷ দেশখন ঋণত ডুব গৈছে৷ উদাহৰণ স্বৰূপে ৰাহুল গান্ধীয়ে কয়, “যোৱা দুই-তিনি বছৰ ধৰি সংবাদ মাধ্যম, বিভিন্ন প্ৰতিষ্ঠান, বিজেপি নেতা, আৰ এছ এছে সত্য লুকুৱাই ৰাখিছে৷ কিন্তু লাহে লাহে সত্য ওলাই আহিব৷ শ্ৰীলংকাত এতিয়া সত্য ওলাই আহিছে৷” ৰাহুল গান্ধীয়ে কয় যে, “ভাৰত এতিয়া আগৰ দৰে ঐক্যবদ্ধ নহয়৷ দেশখন বিভিন্ন গোটত বিভক্ত হৈ পৰিছে৷ দেশৰ ভিতৰতে এখন দেশ সৃষ্টি হৈছে৷ সকলোকে সকলোৰে বিৰুদ্ধে প্ৰৰোচিত কৰা হৈছে৷ এই বেদনাই হিংসাৰ সৃষ্টি কৰে৷ মোক এতিয়া বিশ্বাস কৰিব নালাগে৷ মাত্ৰ দুই বা তিনি বছৰ অপেক্ষা কৰক৷ মাত্ৰ দুই বা তিনি বছৰ অপেক্ষা কৰক৷” একেদৰে ৰাছিয়া ইউক্ৰেইন নীতিৰ উদাহৰণ দি কেন্দ্ৰীয় চৰকাৰক সতৰ্ক কৰি দিছে কংগ্ৰেছ নেতাগৰাকীয়ে।

ৰাহুলে কয়, “ৰাছিয়াই কৈছে যে, তেওঁলোকে ইউক্ৰেইনৰ সাৰ্বভৌমত্বক স্বীকৃতি নিদিয়ে৷ ৰাছিয়াই ডনেটস্ক আৰু লুহানস্কক ইউক্ৰেইনৰ অংশ বুলি গণ্য নকৰে৷ ইয়াৰ ভিত্তিত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিলে৷ তেওঁলোকৰ উদ্দেশ্য কি? ৰাছিয়াৰ নীতিক চীনৰ সৈতে তুলনা কৰি ৰাহুলে কয়, “চীনে ভাৰতৰ সৈতে একে নীতিৰে আগবাঢ়িছে৷ চীনেও কৈছে যে লাডাখ আৰু অৰুণাচল ভাৰতৰ অংশ নহয়৷ তেওঁলোকে এই যুক্তিৰে তাত তেওঁলোকৰ সৈন্য মোতায়েন কৰি আছে৷ চৰকাৰে ইয়াক উপেক্ষা কৰি আছে৷ কিন্তু আমাৰ সন্মুখত ৰাছিয়া আৰু ইউক্ৰেইনৰ উদাহৰণ আছে, যিটো আমাৰ দেশতো প্ৰয়োগ কৰিব পাৰি৷ মোদী চৰকাৰক আক্ৰমণ কৰি ৰাহুল গান্ধীয়ে কয়, “চৰকাৰে সত্যটো গ্ৰহণ কৰা নাই৷ মই তেওঁলোকক ইয়াক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। কাৰণ ইয়াৰ পিছত পৰিস্থিতিৰ অৱনতি ঘটিলে চৰকাৰে ইয়াৰ মোকাবিলা কৰাৰ সুযোগ নাপাব।” ৰাহুলৰ মতে, দেশৰ অৰ্থনৈতিক পৰিস্থিতি আৰু কৰ্ম-সংস্থাপনৰ পৰিস্থিতি এক ভয়ংকৰ স্থানত আছে৷ ভয় প্ৰকাশ কৰি তেওঁ কয়, “আপুনি কল্পনাও কৰিব নোৱাৰে যে, কিমান বেয়া সময় আহিব৷ দেশত চাকৰি সৃষ্টিৰ গাঁথনি ধ্বংস কৰা হৈছে৷ ক্ষুদ্ৰ আৰু ক্ষুদ্ৰ ব্যৱসায়ী, দোকানী, অসংগঠিত খণ্ড আমাৰ অৰ্থনীতিৰ মূল আধাৰ৷

মাদক দ্ৰব্য প্ৰচলন বন্ধ কৰাৰ বাবে লক্ষীপথাৰত বিশাল ৰেলী…

তিনিচুকীয়া জিলাৰ অন্তৰ্গত লক্ষীপথাৰ অঞ্চলত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান ,বিভিন্ন দল সংগঠন,জ্যেষ্ঠ নাগৰিক সন্থা,আত্মসহায়ক গোট তথা সমগ্ৰ লক্ষীপথাৰ বাসী ৰাইজৰ সহযোগত ড্ৰাগছ,কানি ইত্যাদি প্ৰচলন বন্ধ কৰি এক সুস্থ সমাজ গঢ়ি তোলাৰ বাবে এক সজাগতা মূলক বিশাল পদ-যাত্ৰা  লগতে এখন সজাগতা সভা আয়োজন কৰে।প্ৰতিকূল বতৰৰ মাজতে শতাধিক মহিলাই ৰাজপথত উলাই আহি মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰিবলৈ বিভিন্ন শ্লোগানেৰে ৰেলীত অংশগ্ৰহন কৰে।

সজাগতা সভাত উপস্থিত থাকে পঞ্চায়ত সভাপতি ললিত চন্দ্ৰ গগৈ  ,গাওঁ বুঢ়া ক্ৰমে চন্দ্ৰ কান্ত কুচ ,থানো গগৈ,ইবলাল শৰ্মা,প্ৰাক্তন শিক্ষক ফনিধৰ ৰাজখোৱা , ক্ষীৰবাহাদোৰ চেত্ৰী,ভূপেন্দ্ৰ নাথ গগৈ,জীৱিকা সখি অৰুনিমা দত্তৰ লগতে শতাধিক পুৰুষ-মহিলা। উক্ত সজাগতা সভাত সমাজৰ ক্ষতিকাৰক মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰাৰ বাবে আলোচনা কৰাৰ লগতে চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক এই ক্ষেত্ৰত সহযোগিতা কৰিবলৈ আহ্বান জনায়।

গুৱাহাটী পশু চিকিৎসালয় খেলপথাৰত তিনিদিনীয়া ৰঙালীৰ শুভ উদ্ধোধন…

অংকীয়া ভাওনা, হুঁচৰি, বৰপেটাৰ হলি গীত, বিহুৱতি প্ৰতিযোগিতা, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় খাদ্য সম্ভাৰ, অসমীয়া খাদ্য প্ৰকৰণ, থলুৱা পিঠাপনাকে ধৰি বিভিন্ন ব্যঞ্জন, জলপান, থলুৱা ৰন্ধন প্ৰকৰণ, হিপ হপ, ৰক মিউজিক, থলুৱা আৰু বিভিন্ন ৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ বিপনি, সাজ পোচাক আদিকে ধৰি অসমৰ বাৰেৰহনীয়া সংস্কৃতি তথা সৃষ্টিশীলতা আৰু থলুৱা বজাৰ সৃষ্টিৰ লক্ষৰে মহানগৰীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ৰঙৰ আলি হিচাপে স্বকীয়তা বহন কৰি অহা ৰঙালীৰ ষষ্ঠ সংস্কৰণ। ৰঙালীৰ বাকৰিত আজি সন্ধিয়া অনুষ্ঠানটো আনুষ্ঠানিক ভাবে উদ্ধোধন কৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই। অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰা, ক্ৰীড়া আৰু যুবকল্যান তথা সাংস্কৃতিক মন্ত্ৰী বিমল বৰা উপস্থিত থাকি ৰঙালীৰ মুখ্য আয়োজক শ্যামকানু মহন্তই গ্ৰহণ কৰা ভূমিকাৰ শলাগ লয় আৰু অনুষ্ঠানটোৰ উজ্বল ভৱিষ্যত কামনা কৰে।

অনুষ্ঠানটোৰ আৰম্ভণিতে মহানগৰীৰ গন্ধৰ্ব কলা কেন্দ্ৰৰ শিল্পীসকলে মাধৱদেৱ বিৰচিত চোৰধৰা নাটক খন মঞ্চস্থ কৰে। ইয়াৰ পিছতে যোৰহাটৰ মঞ্জুলা কলা কেন্দ্ৰই মহাপুৰুষ শঙ্কৰদেৱ বিৰচিত পত্নী প্ৰসাদ নাট খন মনস্থ কৰি দৰ্শকক আহ্লাদিত কৰি তোলে। এই অনুষ্ঠানতে মহানগৰৰ সাতগাঁও , দলবাৰিৰ সনাতন নামঘৰৰ মহিলা বৃন্দই বৰপেটাৰ হোলী গীত পৰিৱেশন কৰি ৰঙালীত আন ৰং প্ৰদান কৰে। তিনিদিনীয়াকৈ আয়োজন কৰা ৰঙালীৰ প্ৰতিযোগিতা মূলক কাৰ্যসূচী হিচাপে আজি অসমৰ বিভিন্ন ঠাইৰ পৰা অহা কেইবাটাও হুঁচৰি দলে হুঁচৰি প্ৰদৰ্শনৰ উপৰি বিহু নাচনীয়ে বিহুৱতী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ৰঙালীত প্ৰথম বাৰৰ বাবে অংশগ্ৰহণ কৰিছে বাহুবলি, কণ্যাকা আদিৰ দৰে খ্যাতনামা থলুৱা ব্ৰেন্দে। ৰঙালীত বেচৰকাৰী অসমীয়া থলুৱা খাদ্যৰ প্ৰতিষ্ঠান প্ৰিয়বন্ধুৰ উদ্যোগত থলুৱা খাদ্য প্ৰকৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰিয়বন্ধুৰ সঞ্চালক অৰ্চনা বৰঠাকুৰে পৰিচালনা কৰা মিঠা ব্যঞ্জন শীৰ্ষক প্ৰতিযোগিতা খনত অসমৰ বিভিন্ন অঞ্চলৰ ৩৮ গৰাকী মহিলাই অংশগ্ৰহণ কৰে। সমান্তৰাল ভাবে খাদ্য ব্লগাৰ ডাঃ গীতা দত্তৰ সঞ্চালনত মিচিং, বৰো, কাৰ্বি, তিৱা আদি বিভিন্ন জনজাতীয় আৰু থলুৱা খাদ্যৰ খাদ্য প্ৰদৰ্শনী অনুষ্ঠিত হয়। খাদ্য সম্ভাৰে দৰ্শকক বিশেষ আকৰ্ষণ প্ৰদান কৰাৰ লগতে গভীৰ জ্ঞান আৰু অনুপ্ৰেৰণা প্ৰদান কৰে।

ৰঙালিত দৰ্শকৰ বিশেষ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে ইয়াৰ খাদ্য বিপণি সমূহ। নাগা, মণিপুৰী, খাচী, জয়ন্তীয়াকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় সকলো বোৰ জাতি জনগোষ্ঠীৰ স্বকীয় খাদ্য বিপনী সমূহ হৈ পৰিছে দৰ্শকৰ আন এক আকৰ্ষণৰ কেন্দ্ৰ। আজিৰ দিনটোত অনুষ্ঠিত টেকেলি ভঙা খেল হৈ পৰিছিল ৰঙালীৰ বাকৰিত অনুষ্ঠিত অন্যতম দৰ্শনীয় খেল। সন্ধিয়ালৈ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গকে ধৰি অন্যান্য বাচক বনীয়া শিল্পীৰ সৌজন্যত মনপৰশা সাংস্কৃতিক সন্ধিয়া অনুস্থিত হয়। অন্যহাতে ফেশ্বন ডিজাইনাৰ অনু মণ্ডলৰ নিৰ্দেশনাত এক মনোমোহা ফেশ্বন শ্ব অনুষ্ঠিত হয়।

৩০ বছৰত ৫ কোটি টকা! মাহে কিমান টকা বিনিয়োগ কৰিব লাগিব?

‘মোৰ বয়স ৩০ বছৰ আৰু প্ৰতি মাহে ৯০,০০০ টকা উপাৰ্জন কৰো। মই হোমলোনৰ বাবে ২০,০০০ টকা আৰু কাৰঋণৰ বাবে ১০,০০০ টকাৰ EMI জমা কৰো। মই বৰ্তমান ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিত ১৬,০০০ টকা বিনিয়োগ কৰি আছো। মই এই পৰিমাণৰ বিনিয়োগ বাৰ্ষিক ১০ শতাংশ বৃদ্ধি কৰো। মই অলপতে ৫০০০ টকাৰ SIP আৰম্ভ কৰিছো। ৩০ বছৰত ৫ কোটি টকা পাবলৈ মই এছআইপিত আৰু কিমান বিনিয়োগ কৰা উচিত? মই ৬ বছৰ ধৰি এনপিএছত বিনিয়োগ কৰি আছো। মোৰ ৬০ বছৰ বয়স সম্পূৰ্ণ হোৱাৰ পিছত ইয়াৰ পৰিপক্কতাৰ মূল্য কিমান হ’ব?’

আপোনাৰ বিত্তীয় লক্ষ্য পূৰণ কৰিবলৈ জীৱনৰ আৰম্ভণিতে পৰিকল্পনা কৰাটো এটা ভাল কথা। যদি আপুনি ৩০ বছৰ বয়সত সঞ্চয় কৰা আৰম্ভ কৰে, আপুনি পৰৱৰ্তী ৩০ বছৰৰ বাবে প্ৰতি মাহে ২২,০০০ টকা বিনিয়োগ কৰিব লাগিব। ইয়াৰ ফলত মূলধন হিচাপে ৭৯.২ লাখ টকা জমা হ’ব। যদি আপুনি ইয়াক ১০ শতাংশ ৰিটাৰ্ণ হিচাপে লয়, আপুনি ৫ কোটি টকাৰ লক্ষ্য প্ৰাপ্ত কৰিব পাৰে। ই সময়ৰ লগে লগে বিনিয়োগৰ পৰিমাণ আৰু বৃদ্ধি কৰাৰ কথা বিবেচনা নকৰে।এন.পি.এছ.-ৰ ক্ষেত্ৰত, যদি বাৰ্ষিক বৃদ্ধিৰ দৰে পৰিস্থিতিৰ স্বত্বেও বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰা নহয়, ৩০ বছৰত প্ৰতি মাহে ১৬,০০০ টকা জমা কৰাৰ বাবে মূল পৰিমাণ হ’ব ৫৭.৬ লাখ টকা। ১০ শতাংশ সূত উপাৰ্জন কৰাৰ ক্ষেত্ৰত, ইয়াৰ মুঠ মূল্য ৩০ বছৰত ৩.৬ কোটি টকা হ’ব। একেদৰে, বাৰ্ষিক সঞ্চয়ৰ বাবে, মূল পুঁজি ১০ শতাংশ সঞ্চয় হাৰৰ সৈতে ৩.১৫ কোটি টকা হয়। ৩০ বছৰৰ শেষত, মুঠ পৰিমাণ (নেট কৰ্পছ) ১০ শতাংশ বাৰ্ষিক উপাৰ্জনৰ সৈতে ৯ কোটি টকা অতিক্ৰম কৰিব।

বাছৰ ভাড়া বঢ়ালেই বাতিল হ’ব বাহনৰ অনুজ্ঞাপত্ৰঃ চন্দ্ৰমোহন পাটোৱাৰী

কোনো কাৰণতে বাছ ভাড়া বৃদ্ধি কৰিব নোৱাৰিব সদৌ অসম মটৰ পৰিবহন সন্থাই। শুকুৰবাৰে মালিক সন্থাক তীব্ৰ সকীয়নি  পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। পাটোৱাৰীয়ে কয় যে, ‘এইটো উচিত সময় নহয়। যদি কৰবাত কোনোৱে ভাড়া বেছিকৈ লয়, পৰিবহণ বিভাগক অভিযোগ দিলেই বাতিল হ’ব বাহনৰ অনুজ্ঞাপত্ৰ। মই পূৰ্বেও কৈছো, এতিয়াও কম ভাড়া নাবাঢ়ে। এইটো অদ্ভুদ সূত্ৰ, কৰ পৰা কোনে কেনেকৈ ৭০ শতাংশ বৃদ্ধি কৰিব পাৰিব? মুঠতে ভাড়া নাবাঢ়ে।’

আজি  জিলা পৰিবহণ বিষয়া সকলৰ সৈতে পৰিবহণ মন্ত্ৰী পাটোৱাৰীয়ে এখন সন্মিলনত অংশগ্ৰহণ কৰে। অসম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত অনুষ্ঠিত হৈছিল বৈঠক। আৰু বৈঠকৰ অন্তত এই মন্তব্য কৰে মন্ত্ৰী পাটোৱাৰীয়ে।

আজাৰাত শিপিনীক হস্ততাত আৰু বস্ত্ৰশিল্পৰ দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ…

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত ৰাজ্যিক গ্ৰামোন্নয়ন আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (এছ.আই. পি.আৰ.ডি) চৌহদৰ সম্প্ৰচাৰণ প্ৰশিক্ষণ কেন্দ্ৰই (ই. টি.চি) বিভাগীয় নিৰ্দেশনা অনুসৰি ৰাজ্যৰ মহিলা শিপিনী সকলৰ দক্ষতা বৃদ্ধিৰ বাবে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । বিশেষকৈ মহিলা আত্মসহায়ক গোট সমূহৰ জৰিয়তে নিৰ্বাচিত মহিলা শিপিনী সকলক তেওঁলোকে যাতে নতুন নতুন কৌশন প্ৰয়োগ কৰি শেহতীয়া প্ৰযুক্তিৰ ডিজাইন তথা আৰ্হিৰে কম সময়, কম মূলধন, কম ঠাইত বৈজ্ঞানিক পদ্ধতিৰে অধিক উৎপাদন কৰি নিজৰ আয় বৃদ্ধি কৰিব পাৰে তাৰ বাবে ই.টি.চিয়ে প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।আনহাতে বিভাগীয় নিৰ্দেশনা অনুসৰি ই.টি.চি চৌহদৰ শিপিনী কেন্দ্ৰত ২৮ ফেব্ৰুৱাৰীৰ পৰা চলি আছে এক ডেৰমহীয়া দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ কাৰ্যসূচী। এই কাৰ্যসূচীত চৰাইদেউ জিলাৰ সোনাৰী, হোজাই জিলাৰ হোজাই আৰু কামৰূপ জিলাৰ ৰাণী উন্নয়ন খণ্ডৰ মহিলা আত্মসহায়ক গোটৰ নিৰ্বাচিত ৩০ জনী মহিলা শিপিনীয়ে ভাগ লৈছে।

ই.টি. চিৰ অধ্যক্ষ লালৰেম চিয়ামি গামলাইৰ তত্বাৱধানত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত উপ সঞ্চালক অনুপম দত্ত , গাণনিক হেমেন বৈশ্যকে ধৰি কেবাজনো কৰ্মচাৰীয়ে বিশেষ সহযোগিতা আগবঢ়াইছে  তেনেদৰে শিপিনী সকলক প্ৰশিক্ষণ প্ৰদান কৰিছে ক্ৰমে – প্ৰশিক্ষক ধীৰেশ্বৰ ডেকা, দীপিকা দেৱী মহন্ত, জলিনা পাচ্ছিকা, লাগিনপুইয়া ফৌনায়ে। শিপিনী সকলক গ্ৰাহকৰ ৰুচি অনুসৰি সকলো ধৰণৰ প্ৰশিক্ষণ দি অহা হৈছে। আনকি খানামুখ অঞ্চলৰ জ্ঞানমালিনী বিকশিত মহিলা দলকে ধৰি  ওচৰ পাজৰৰ কিছু  মহিলা আত্মসহায়ক গোটৰ শিপিনীয়েও মাজে সময়ে ই টি চি চৌহদলৈ আহি শিপিনী সকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ বুজ লৈছে। জ্ঞানমালিনী  বিকশিত মহিলা দলৰ উপ- সভানেত্ৰী পূৰ্ণিমা কলিতাকে ধৰি কেবাটাও আত্মসহায়ক গোটৰ কর্মকর্তাই সদৰি কৰা অনুসৰি এনে ধৰণৰ প্ৰশিক্ষণ কাৰ্যসূচীয়ে দক্ষতা বৃদ্ধিৰ লগতে তেওঁলোকক একো একো গৰাকী নিপুণ শিপিনী হিচাপে গঢ় দিব আৰু   নিশ্চিতভাৱে ইয়াৰ বাবে ই.টি. চি কৰ্তৃপক্ষ ধন্যবাদৰ পাত্ৰ। উল্লেখযোগ্য যে, ডেৰমহীয়া  প্ৰশিক্ষণ কাৰ্যসূচীৰ অহা  ১৩ এপ্ৰিলত সামৰণি পৰিব। ইয়াৰ উপৰিও শিপিনী সকলৰ খোৱা বোৱা, থকা মেলাৰ ব্যৱস্থা সকলোখিনী ই টি চি চৌহদত বিনামূলীয়াকৈ কৰা হৈছে বুলি গাণনিক হেমেন বৈশ্যই জানিবলৈ দিছে।