Breaking

কেনে অৱস্থাত আছে দেশৰ অৰ্থনীতি?

0 2,116

কোভিডৰ আঘাতৰ পিছতো দেশৰ অৰ্থনীতিত কৰ সংগ্ৰহৰ জৰিয়তে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে কেন্দ্ৰীয় চৰকাৰে। চলিত বৰ্ষৰ
৩১ মাৰ্চলৈকে ভাৰতৰ কৰ সংগ্ৰহৰ পৰিমাণ হৈছে ২৭.০৭ লাখ কোটি টকা। অৰ্থনীতিৰ এনে বিপদাসংকুল পৰিবেশত এয়া নিঃসন্দেহে এক আশাব্যঞ্জক কথা হিচাবে বিবেচিত হৈছে। দেশত প্ৰত্যক্ষ কৰ আৰু পৰোক্ষ কৰৰ সংগ্ৰহ বৃদ্ধি হৈছে। আজি ৰাজহ সচিব তৰুণ বাজাজে এই কথা প্ৰকাশ কৰিছে। তেওঁ কয় যে ২০২১ চনৰ এপ্ৰিল মাহৰ পৰা ২০২২ চনৰ মাৰ্চ মাহলৈ ২৭.০৭ লাখ কোটি টকাৰ মুঠ কৰ সংগ্ৰহ হৈছে। চৰকাৰে এই সময়ছোৱাত ২২.১৭ লাখ কোটি টকাৰ কৰ সংগ্ৰহ হ’ব বুলি ধাৰণা কৰিছিল যদিও সেই পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি পোৱা বুলি বাজাজে কয়।


চৰকাৰে প্ৰত্যক্ষ কৰ হিচাবে ১৪.১০ লাখ কোটি টকা সংগ্ৰহ কৰিছে। চৰকাৰে পূৰ্বে ধাৰণা কৰা পৰিমাণতকৈ ই ৩.০২ লাখ কোটি টকা অধিক বুলি তেওঁ উল্লেখ কৰে। আবকাৰী শুল্কও ধাৰণা কৰাতকৈ ১.৮৮ লাখ কোটি টকা বেছি সংগ্ৰহ হৈছে। পৰোক্ষ কৰ ১১.০২ লাখ কোটি টকা সংগ্ৰহ হ’ব বুলি ধাৰণা কৰা হৈছিল তাৰ বিপৰীতে ১২.৯০ লাখ কোটি টকা সংগ্ৰহ হৈছে বুলি তেওঁ কয়। যিটো সময়ত শ্ৰীলংকাৰ দৰে দেশত ব্যাপক অৰ্থ সংকটে দেখা দিছে সেই সময়তে ভাৰতত কৰৰ পৰিমাণ অভিলেখসংখ্যক ভাবে বৃদ্ধি পোৱাৰ কথাই দেশৰ অৰ্থনীতিৰ ভাল অৱস্থাটোকেই প্ৰতিফলিত কৰিছে বুলি বহুতে মন্তব্য কৰিছে।

Leave A Reply