Home Blog Page 2482

দলগাঁও ৰাজহ চক্ৰত ভূমি কেলেংকৰী, ভুৱা নামজাৰী কৰি মাটি বেদখল কৰাৰ অভিযোগ….

দৰঙৰ দলগাঁও ৰাজহ চক্ৰৰ শ্যামাবাৰী মৌজাৰ অধীনস্থ তথা মঙলদৈ সমষ্টিৰ অন্তৰ্গত ১নং গা ধোৱা চাপৰি গাঁৱত সংঘটিত হৈছে ভূমি কেলেংকাৰীৰ ঘটনা। অভিযোগ মতে  ১নং গা ধোৱা চাপৰি গাঁৱৰ মৃত জানিপ উদ্দিন দেৱানীৰ নামত থকা মাটি উত্তৰাধিকাৰী সুত্ৰে পুত্ৰ চাদেক আলী, আলাউদ্দিন আৰু জামাল সেখৰ নামত নামজাৰী হয়।

যোৱা ইংৰাজী ২৯ -৯ -২০২০ তাৰিখে ১৭২ আৰু ২৪০ নং দাগৰ ১৫ বিঘা ১৫ লেছা মাটি দলগাওঁ ৰাজহ চক্ৰৰ লাট মণ্ডল আৰু কাননগোৱে জামাল সেখক মাটিৰ চাৰিসীমা বুজাই দিয়ে। জামাল সেখৰ নামত আৰু দখলত থকা মাটি চাদেক আলীৰ পুত্ৰ মোছা আলীয়ে দলগাওঁ ৰাজহ চক্ৰৰ লাট মণ্ডল ৰাজদীপ হাফলংৰ লগত চক্ৰান্ত কৰি ভুৱা নামজাৰী কৰাৰ অভিযোগ উঠিছে। উল্লেখ্য যে মৃত জানিপ উদ্দিনৰ পুত্ৰ চাদেক আলী, আলাউদ্দিন, জামাল সেখ  আৰু চাদেক আলীৰ পুত্ৰ আজাদ আলী, আব্দুল জুব্বাৰ, মোছা আলী, নৌশাদ আলী, আব্দুল আউৱাল আৰু ৰফিকুল ইছলাম  ১৪ নং ম্যাদী পট্ৰাৰ ১৭২, ২৪০ নং দাগ আৰু ১৫ নং ম্যাদী পট্ৰাৰ ২৪২ নং দাগে এজমালী পট্ৰা। উক্ত পট্ৰা ও দাগৰ পৰা চক্ৰান্ত কৰি চাদেক আলীৰ পুত্ৰ মোছা আলীয়ে অংশতকৈ বেছি মাটি নিজৰ নামত  বাটোৱাৰা কৰে।  মোছা আলীয়ে জামাল সেখৰ মাটি ভুৱা নামজাৰী কৰি বলপূৰ্বক ভাৱে মাটিত হাল মাৰে।

এই সন্দৰ্ভত দলগাঁও ৰাজহ চক্ৰৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰি  সঠিক তদন্তৰ জৰিয়তে ভুৱা নামজাৰী কৰ্তন কৰি মাটি খিনি চমজাই দিবলৈ চক্ৰ বিষয়াৰ ওচৰত  অনুৰোধ জনাইছে জামাল সেখৰ পৰিয়ালে।

চামতাত ধৰ্মপুৰৰ ৩১ খন বিহু সমিতিলৈ ডেৰ লাখকৈ অনুদানৰ চেক বিতৰণ কৰিলে নলবাৰীৰ উপায়ুক্তই ….

কথা দি কথা ৰখা মানুহজনেই হল মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষনা মৰ্মে কালি নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ ৩১ খন বিহু সমিতিলৈ অসম চৰকাৰে আগবঢ়ায় ডেৰ লাখকৈ টকাৰ চেক প্ৰদান কৰা হয় ৷ ধৰ্মপুৰ সমষ্টিৰ প্ৰাণকেন্দ্ৰ চামতাৰ ৰূপকোঁৱৰ কলা পৰিষদৰ প্ৰেক্ষাগৃহত কালি  ধৰ্মপুৰ সমষ্টিৰ পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ ২৮ খন আৰু বানেকুছি ৰাজহ চক্ৰৰ ৩ খন বিহু উদদযাপন সমিতি সহ: মূঠ ৩১ খন বিহু সমিতিক আনুষ্ঠানিক ভাৱে ডেৰ লাখ টকাৰ একোখন চেক প্ৰদান কৰা হয় ৷ পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়া অৰ্পনা শৰ্মা আৰু বিশিষ্ট সমাজকৰ্মী পবিত্ৰ কুমাৰ ডেকাৰ সামগ্ৰীক পৰিচালনাত অনুষ্ঠিত চেক বিতৰণ অনুষ্ঠানত ধৰ্মপুৰ সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ চেক সমুহ আনুষ্ঠানিক ভাৱে বিতৰণ কৰে নলবাৰী জিলা উপায়ুক্ত গীতিমনি ফুকনে ৷

এই  কাৰ্যসূচীত উপস্থিত থাকে নলবাৰী জিলা অতিৰিক্ত উপায়ুক্ত চয়নিকা ঠাকুৰীয়া , পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়া অৰ্পনা শৰ্মা , সংলগ্ন চক্ৰ বিষয়া বেদান্ত বৰুৱা , বানেকুছি ৰাজহ চক্ৰ বিষয়া ড॰ অংকিতা শৰ্মা , পশ্চিম নলবাৰী খণ্ড উন্নয়ন বিষয়া শিখামনি বৰা , মধুপুৰ খণ্ড উন্নয়ন বিষয়া মনোজ বৰ্মন , পকোৱা জিলা পৰিষদৰ সদস্য পৱিত্ৰ কুমাৰ ডেকা ৷ বিশিষ্ট সমাজ কৰ্মী পুলক শৰ্মা, অশোক দত্ত, ত্ৰিবেনী দত্ত আদি বিশিষ্ট লোক সকল ৷চেক বিতৰণৰ পূৰ্বে চামতাৰ প্ৰগতি বিহুৱা দলে বিহু হুঁচৰি পৰিৱেশন কৰে ৷ অনুষ্ঠানৰ আঁত ধৰে সমাজকৰ্মী দিলীপ বৰ্মন আৰু সাংস্কৃতিক কৰ্মী নজৰুল ইছলামে ৷ চেক প্ৰাপক বিহু উদযাপন সমিতিসমুহে মূখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ শলাগ লয় 

লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ ৩ দিনীয়া শিক্ষক প্ৰশিক্ষণ সুকলমে সম্পন্ন……

মৰিগাঁও জিলাৰ লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ ২০২২ -২০২৩  শিক্ষা বৰ্ষৰ বাবে শিক্ষক -শিক্ষয়িত্ৰীসকলৰ ৩ দিনীয়া শিক্ষক -প্ৰশিক্ষণৰ কাৰ্য্যসূচী সুকলমে সম্পন্ন হয়। ৭ এপ্রিলৰ পৰা অনুষ্ঠিত হোৱা শিক্ষক প্ৰশিক্ষণ কাৰ্য্যসূচীৰ উদ্বোধন কৰে স্কুলৰ অধ্যক্ষ ছুলমান আলীয়ে।

উল্লেখ্য যে মুঠ ২০ জন শিক্ষক শিক্ষয়িত্ৰীক  বিভিন্ন শ্ৰেণীৰ পাঠ্যপুথিৰ পাঠদানৰ ওপৰত  , ছাত্র ছাত্রী সকলৰ পাঠ গ্রহণত আগ্ৰহী কৰা, শিক্ষক আৰু ছাত্র ছাত্রী সকলৰ মাজত শৈক্ষিক পৰিবেশ উন্নত কৰা আদি বিষয়ৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়। উল্লেখ্য যে প্ৰশিক্ষণ চলি থকা অৱস্থাত প্ৰত্যেক শিক্ষক শিক্ষয়িত্ৰীয়ে নিজৰ নিজৰ শ্ৰেণীৰ পাঠদানৰ ওপৰত ৪৫ মিনিটকৈ উদাহৰন দিয়ে।

শেষৰ দিনা বিশিষ্ট অতিথি হিচাপে তিনিচুকীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ বিজ্ঞান শিক্ষক আব্দুল আলীয়ে পাঠদানৰ ওপৰত উদাহৰন দিয়ে। অৱশ্যে ৯ এপ্রিলত স্কুলৰ অধ্যক্ষ আৰু উপাধ্যক্ষই বিশেষ বক্তব্য ৰাখে, লগতে শৈক্ষিক দিনপঞ্জিও তৈয়াৰ কৰি সকলো শিক্ষক শিক্ষয়িত্ৰীক দায়িত্ব অৰ্পণ কৰে। 

সম্প্ৰতি অসমত আদৰ নাই অসমীয়া শিপিনীয়ে হাতেবোৱা ফুলাম বিহুৱানৰ…

অসমীয়া জাতিৰ সাতামপুৰুষীয়া ঐতিহ্য, সংস্কৃতি তথা অসমীয়া জাতিৰ জীৱন ধাৰনৰ প্ৰণালী সমূহ ক্ৰমান্ধয়েবিশ্বায়নৰ ধামখুমীয়াত পশ্চিমীয়া সংস্কৃতিৰ লগত উটি-ভাঁহি যোৱাৰ সন্ধিক্ষণতে বিগত বৰ্ষত ক’ৰোনা মহামাৰীয়ে অসম আৰু অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুটিকো একপ্ৰকাৰ তচনচ কৰি পেলাইছিল ৷ সেইয়ে বিগত বৰ্ষটোত  প্ৰতিজন অসমীয়াই অতি আগ্ৰহেৰে তথা হেপাঁহেৰে আদৰিবলৈ বাট চাই থকা ৰঙালী বিহুটিক অসমৰ ৰাইজে উদযাপন কৰিব নোবাৰিলে ক’ৰোনা মহামাৰীৰ বিভিষিকাময় সন্ত্ৰাসৰ পৰা ৷

বিগত বৰ্ষত আমাৰ জাতীয় উৎসৱ হিচাপে পৰিচিত ৰঙালী বিহুটিও যেন এক কৃত্ৰিম সংস্কৃতিত পৰিণত হৈছিল তেনে অনুভৱ হৈছিল সেইসময়ত সকলোৰে মনত ৷ পূৰ্ৱতে অসমৰ গাঁৱেভূঞে পহিলা চ’তৰ পৰাই চলিছিল ৰঙালীক আদৰাৰ বাবে ব্যাপক প্ৰস্তুতি ৷ পূৰ্ৱতে গ্ৰামাঞ্চল সমূহৰ চুবুৰীয়ে চুবুৰীয়ে জীয়ৰী-বোৱাৰীৰ ভৰিৰ চাৱত উদ্ভাসিত হোবা ঢেঁকীৰ ঢেক্-ঢেক্ শব্দই ভংগ কৰিছিল পুৱতি নিশাৰ ঘুমটি মৰা নিৰ্জনতা ৷ গ্ৰামাঞ্চলৰ প্ৰতিঘৰতে ৰঙালীক আদৰাৰ বাবে পূৰ্ণদ্যমে প্ৰতিযোগিতা সদৃশ চলিছিল চিৰা-সান্দহ-কঢ়াইগুৰি-পিঠাগুৰি,তিল পিঠা-মিঠৈ লাৰু,তিলৰ লাৰু,নাৰিকলৰ লাৰু আদি নানাবিধ পিঠাপনা প্ৰস্তুত কৰাৰ ব্যাপক আয়োজন ৷ কিন্ত,বৰ্তমান সময় বাগৰাৰ লগে লগে অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুটিও যেন একাংশ সুবিধাবাদি পুঁজিপতি বনিকগোষ্ঠীৰ হাতত বন্দী হোৱাৰ উপক্ৰম হৈছে ৷

এতিয়া যেন পুঁজিপতি বনিক গোষ্ঠীয়ে ইচ্ছা নকৰিলে এইখন অসমতে অসমীয়াই নিজ ইচ্ছাত উদযাপন কৰিব নোবাৰা হ’ল বাপতিসাহোন ৰঙালী বিহুটিও ৷ পুঁজিপতি বনিক গোষ্ঠীয়ে যদি অসমৰ বজাৰত মাদ্ৰাজৰ পৰা আমদানিকৃত গামোছা বিক্ৰী নকৰে তেনেহলে ৰঙালী বিহুৰ দিনা বিহুৱান বুলি কান্ধত এখন গামোছাও অসমীয়াই লবলৈ নোবাৰা হ’ল ৷ কিয়নো, বৰ্তমান অসমৰ অসমীয়া শিপিনীয়ে নিজহাতে অতিকষ্টৰে বোৱা ফুলাম গামোছা খনি আপুনি মই শিপিনী গৰাকীক উচিত মূল্য দিবলৈ আগ্ৰহী নহয় ৷ শিপিনী গৰাকীক ফুলাম গামোছা এখনৰ বিপৰীতে আপুনি মই দিছো মাত্ৰ সামান্য মাননি ৷সম্প্ৰতি গ্ৰামাঞ্চলৰ শিপিনীৰ মাজত নাই তাতঁশালৰ মাকোৰ খিটখিটনি মৰা শব্দবোৰ ৷ কিন্ত বাপতিসাহোন ৰঙালী বিহুটিত প্ৰতিজন অসমীয়াকে প্ৰয়োজন হয় একোখনকৈ ফুলাম গামোছাৰ ৷ বৰ্তমান যি উদ্যমী-অতোৎসাহী শিপিনীয়ে অতি কষ্টৰে হেপাহেৰে নিজৰ তাতঁশাল খনিত ফুলাম গামোছা বৈ অসমৰ সংস্কৃতি বৰ্তমানেও জীপাল কৰি ৰাখিছে সেইসকল প্ৰকৃত শিপিনী কিন্ত সকলো পিনৰে পৰা উপযুক্ত মৰ্যাদাৰ পৰা সদায় বঞ্চিত হৈ অহা পৰিলক্ষিত হৈছে ৷   

ৰজাঘৰীৰ-প্ৰজাঘৰীয়া সকলোৰে পৰা নানা প্ৰকাৰে বঞ্চিত হৈ আহিছে আজিৰ এইসকল শিপিনী৷ সেইবাবেই সমগ্ৰ ৰাজ্যতে এতিয়া উভৈনদী হৈ পৰিছে বৰ্হিঃৰাজ্যৰ আমদানিকৃত গামোছাৰে ৷ তালৈ যেন কোনো ভূক্ষেপ নাই ৰাজ্যৰ বিয়াগোম হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ বৰমুৰীয়া সকলৰ ৷ তেওঁলোকৰ যেন কোনো কৰণীয় নাই এইক্ষেত্ৰত শিপিনী সকলৰ প্ৰতি ৷ আজিৰ পৰা তিনি-চাৰি বছৰৰ আগতে ৰাজ্যত বৰ্হিঃৰাজ্যৰ গামোছা আদি বিক্ৰীৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে এক কঠোৰ নিষেধাজ্ঞা কৰিছিল যদিও আজি যেন সেই সকলো নিষেধাজ্ঞাক আওকাণ কৰি ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈকে সুবিধাবাদি বনিকগোষ্ঠীয়ে চলাই গৈছে মাদ্ৰাজৰ গামোছাৰে এক ৰমৰমীয়া বৃহৎ ব্যৱসায় ৷

ইয়াৰ সমান্তৰালভাৱে ৰঙালীৰ আগমনৰ লগে লগে ৰাজ্য খনৰ আন আন প্ৰান্তৰ দৰে নগাঁও জিলাৰ বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠানত সহজেই উপলব্ধ হৈছে নাচনীয়ে বিহুত নাচিবৰ সময়ত ব্যৱহাৰ কৰা কপৌফুল-গামখাৰু,মুঠিখাৰু আদিৰ দৰেই প্ৰায় একেৰূপত বাহিৰৰ কম্পেনীত নিৰ্মিত প্লাষ্টিকৰ কপৌফুল-প্লাষ্টিকৰ গামখাৰু,মুঠিখাৰু,নানাবিধ অসমীয়া গহণাগাঁঠৰি আদি ৷ অৰ্থাৎ সম্প্ৰতি চেনেহৰ ঢুলীয়া ককাইয়ে পাহাৰ বগাই বগাই নাচনীৰ বাবে কপৌ নানিলেও কিন্ত কম্পেনীৰ ফেক্টৰীত নিৰ্মিত প্লাষ্টিকৰ কপৌফুলেই এতিয়া শোভাবৰ্ধন কৰিব নাচনীৰ নেঘেঁৰি খোপাটোও ৷

সেইদৰে নাচনীয়ে ব্যৱহাৰ কৰা গামখাৰু,মুঠিখাৰু,গলপতা,থুৰীয়া আনকি উত্তৰ প্ৰদেশৰ বানাৰসৰ বৃহৎ বৃহৎ কম্পেনীৰ ফেক্টৰীত উৎপাদিত অসমৰ অসমীয়া মহিলাৰ ৰিহা- মেখেলা-চাদৰৰ চানেকি তথা আৰ্হিৰে তৈয়াৰী ৰিহা-মেখেলা-চাদৰ আদিও সহজলব্ধ হৈ পৰিছে বৰ্তমান ৰাজ্যৰ বজাৰত৷ সেই ৰিহা- মেখেলা-চাদৰকে পৰিধান কৰি এতিয়া অসমৰ জীয়ৰী-বোৱাৰীয়ে বিহু বুলি বিহুতলীত মাৰিব লগা হৈছে একাপ বিহু ৷ উল্লেখ্য যে, বৰ্তমান সময়ত ঢেঁকীত খুন্দা চিৰা-সান্দহ-কয়াই আদিৰ পৰিৰ্বতে বজাৰত বিক্ৰীৰ বাবে সহজলব্ধ পেকেটিং পিঠাপনা-চিৰা-সান্দহ-কয়াইৰে এতিয়া গৰিষ্ঠসংখ্যক অসমীয়াই নিজকে অসমীয়া বুলি চিনাকি দিয়াবলৈ ব্যৱহাৰ কৰি আহিছে সুবিধাবাদি বনিকগোষ্ঠীৰ দ্বাৰা সহজলব্ধ এইসমূহ খাদ্য সম্ভাৰ ৷ 

এইক্ষেত্ৰত ৰাজ্য চৰকাৰ সাংস্কৃতিক বিভাগৰ নিৰ্বিকাৰ ভুমিকা তথা থলুৱা শিল্পৰ সমূহৰ সংৰক্ষণৰ প্ৰতি মাহীআইৰ দৃষ্টি আদি কাৰকৰ বাবেও পুঁজিপতি সুবিধাবাদি বনিকগোষ্ঠীয়ে অসমৰ বৰঘৰত সুমাই অসমীয়া সংস্কৃতিক যে কোঠাৰাঘাট কৰি গৈছে সেই কথা ধ্ৰৰূপ ৷

সোণৰ কণী পৰা হাঁহলৈ পৰিণত  মিচিং স্বায়ত্ব শাসিত পৰিষদ ,একাংশ ঠিকাদাৰ আৰু জনপ্ৰতিনিধিৰ বাবে::

চৰকাৰৰ প্ৰতিটো বিভাগ নিকা আৰু স্বচ্ছ প্ৰশাসনেৰে দুৰ্নীতি মুক্ত অসম গঢ়াৰ লক্ষ্যৰে দিন-ৰাতিক একাষৰীয়া কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনতাৰ হিতে কাম কৰি থকাৰ মাজতে অনিয়ম-অনীতিয়ে ছানি ধৰিছে মিচিং স্বায়ত্ব শাসিত পৰিষদ চমুকৈ এম. এ. চি.ত। একাংশ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ আৰু জনপ্ৰতিধিৰ কাৰণে এম এ চিখন সোণৰ কণী পৰা হাঁহলৈ পৰিণত হৈছে। কেৱল আৰু কেৱল নিজৰ মুনাফাৰ অংকত ঘনিষ্ঠ আৰু আত্মীয় ঠিকাদাৰ সৈতে আগতীয়া বন্দবস্তিৰে নিবিদা গ্ৰহণৰ পূৰ্বেই অনৈতিক ভাৱে অবিজ্ঞান সন্মত আঁচনিৰ কাম কৰিবলৈ মৌখিক নিৰ্দেশ দিয়ে একাংশ পৰিষদৰ সাধাৰণ সদস্য চমুকৈ জি.এম. আৰু কাৰ্যবাহী সদস্য( ই.এম.) এ।পৰৱৰ্তী সময়ত মৌখিক নিৰ্দেশত ইতিমধ্যে কৰা কামৰ পৰিমাণতকৈ বহুগুণ বেছি টকাৰ আবণ্টন দি লাখ লাখ টকা আত্মসাত কৰে।শেহতীয়াকৈ এনে দৰে আঁচনি ৰূপায়ণৰ নামত চৰকাৰী ধন আত্মসাতৰ ঘটনা পোহাৰলৈ আহিছে।এম এ চিৰ ২৮ নং  ধনশিৰি দিচৈ আৰু ২৯ নং গেলাবিল সমষ্টিত আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে।

পূৰ্বৰ দৰে এইবাৰো বোকাখাত মহকুমাৰ অন্তৰ্গত তথা এম এ চিৰ ২৮ নং  ধনশিৰি দিচৈ সমষ্টিৰ ৰহিতা-কেমেৰি, ৰিৰি-এলেংমাৰী আৰু ধনশিৰি হাঁহচৰাত ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ নামত ৬০ লাখ টকা আত্মসাত কৰাৰ এক ব্লুপ্ৰিন্ট ৰচনা কৰিছে ঠিকাদাৰ আৰু জনপ্ৰতিধিয়ে। তথ্য অনুসৰি যোৱা বৰ্ষত ৰিৰি আৰু ৰহিতাত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া আৰু হাঁহচৰাত ধনশিৰি নৈৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কল্প ধাৰণা লৈ অবিজ্ঞান সন্মত ভাৱে বাঁহৰ পাৰ্কুপাইন আৰু নগণ্য সংখ্যক পকী পাৰ্কুপাইন দিয়ে। যোৱা বৰ্ষত ভৰবাৰিষা অহা নাছিল কাৰণে আজিও সেই পাৰ্কুপাইন যথা স্থানত পৰি আছে।

অবিজ্ঞান সন্মত ভাৱে বাঁহৰ পাৰ্কুপাইনেৰে গৰাখহনীয়া প্ৰতিৰোধৰ কাম কৰাৰ সময়ত স্থানীয়লোকে কামৰ বিহংগতি হোৱা বুলি অভিযোগ কৰিছিল যদিও কোনোধৰণৰ গুৰুত্ব দিয়া নাই পৰিষদৰ কৰ্তৃপক্ষই। উক্ত তিনিটা স্থানত কিছু ধন খৰছ কৰি যোৱা বর্ষতে স্থাপন কৰা বিহংগতি পূৰ্ণ পাৰ্কুপাইন আঁচনিৰ বিপৰীতে এম এ চিয়ে আবণ্টন দিছে ৬০ লাখ টকা। ইয়াৰে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধ কাৰণে ২০২১-২২ বিত্তীয় বৰ্ষৰ ৰিৰি-এলেংমাৰীত ২৫ লাখ টকা আৰু ৰহিতা-কেমেৰিত ১৫ লাখ টকা আৰু ধনশিৰি নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে ধনশিৰিৰ হাঁহ চৰাত ২০ লাখ টকা আবণ্টন দি ইতিমধ্যে যোৱা মাহত নিবিদা গ্ৰহণ কৰিছে এম এ চিয়ে। এনেদৰে সামান্য কাম কৰা আঁচনিৰ বিপৰীতে বৃহৎ পৰিমাণৰ ধনৰাশিৰ পুঁজি আবণ্টন দিয়া খবৰে চকু কপালত উঠিছে নৈ পৰীয়া ৰাইজৰ। উল্লেখযোগ্য যে কিছু দিনৰ পূৰ্বে স্থানীয় গাঁও প্ৰধান আৰু নৈপৰীয়া ৰাইজে সংবাদ মাধ্যমৰ আগত স্পষ্ট ভাবে জনাই দিছে যে ৰিৰি- এলেংমাৰী, ৰহিতা-কেমেৰি আৰু ধনশিৰি- হাঁহচৰাত ৪০/৫০ হাজাৰ টকাৰ পাৰ্কুপাইনৰ কাম কৰিছে। ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হৈছে এই ব্যাপক অনিয়মৰ বাতৰি। ইপিনে ২৯ নং গেলাবিল পৰিষদীয় সমষ্টিটো আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি সংগঠিত হৈছে। উক্ত দুয়োটা পৰিষদীয় সমষ্টিত পাহাৰসম দুৰ্নীতি সংগঠিত কৰি সমষ্টিৰ জি এমৰ ঘনিষ্ঠ আৰু আত্মীয় ঠিকাদাৰৰ সৈতে মিলি আঁচনিৰ সিংহভাগ ধন আত্মসাত কৰাৰ গুৰুত্বৰ অভিযোগ উঠিছে। উল্লেখযোগ্য যে চৰকাৰী-বে-চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান বোৰৰ চাৰিসীমা পকী বেৰ, গৃহ নিৰ্মাণ, নাট্য মন্দিৰ নিৰ্মাণ,ওখ ভেটি নিৰ্মাণ, গৰাখহনীয়া প্ৰতিৰোধ আদি প্ৰতিটো আঁচনিৰ বিপৰীতে প্ৰস্তুত কৰা প্ৰাককলনত নিৰ্ধাৰিত কামৰ পৰিমাণতকৈ কম কাম কৰি আঁচনিৰ সিংহ ভাগ ধন আত্মসাত কৰাৰ মুকলি অভিযোগ কৰিছে প্ৰত্যক্ষদৰ্শী আৰু স্থানীয় ৰাইজে।আনহাতে ২৮ নং ধনশিৰি দিচৈ সমষ্টিৰ জি এম গৰাকীয়ে  নিজৰ পুত্ৰ আৰু ২৯ নং গেলাবিল সমষ্টিৰ জি এম গৰাকীয়ে স্বামীৰ নামত ঠিকা লৈ চৰকাৰী আঁচনিৰ লাখ লাখ টকা আত্মসাত কৰি সম্পত্তিৰ পাহাৰৰ গঢ়িছে বুলিও অভিযোগ উঠিছে।

ইপিনে ঠিকা দিয়াৰ নামত বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাৰো অভিযোগ আছে তথাকথিত জনপ্ৰতিধি দুগৰাকীৰ বিৰুদ্ধে। আনহাতে আগতীয়া ধন নিদিলে এক্সন প্লেনত আঁচনি অন্তৰ্ভূক্ত নকৰে। ইয়াৰ জ্বলন্ত উদাহৰণ হৈছে  মহুৰামুখ প্ৰেছ ক্লাৱৰ এখন আবেদন। যোৱা ২০১৭ চনতেই ক্লাৱৰ কাৰ্যালয় গৃহ আৰু এটা সভা গৃহ নিৰ্মাণৰ কাৰণে এম এ চিৰ পৰা পুঁজি বিচাৰি আবেদন কৰা হৈছিল। এম এ চিখন টকা ঘটাৰ আহিলা হিচাপে লৈ একালত সাধাৰণ জীৱন যাপন কৰা জি এম  দুগৰাকীয়ে এতিয়া বিলাসী গাড়ীত উঠি বিলাসী জীৱন কটাইছে। জানিব পৰা মতে পৰিষদৰ যোৰহাট সমষ্টিক প্ৰতিনিধিত্ব কৰা ই এম  গৰাকীয়ে দুৰ্নীতিৰে ভৰি পৰা ২৮ নং ধনশিৰি দিচৈ আৰু ২৯ গেলাবিল সমষ্টিৰ সকলো কাম কাজৰ পৰ্যবেষকৰ দায়িত্ব আছে। উক্ত পৰিষদীয় সমষ্টি দুটাত মুকলিকৈ দুৰ্নীতি সংঘটিত হৈ থকাৰ পাছতো পৰ্যবেষক গৰাকীৰ নীৰৱ ভূমিকা ৰস্যজনক।পৰ্যবেষক গৰাকীৰ ৰস্যজনক স্থিতিত আশ্চৰ্য প্ৰকাশ কৰিছে সচেতন মহলে। ইপিনে জাতীয় সংগঠন সমূহেও চকু মুদা কুলিৰ ভাও ধৰা কাৰ্যত ক্ষুণ্ণ হৈছে সাধাৰণ জনতাই।দীঘলীয়া আন্দোলন আৰু কেইবাগৰাকীও জাতি প্ৰেমীৰ শ্বহীদৰ ফলত পৰিষদৰ এলেকাধিনত বাস কৰা মিচিঙসকলৰ ওপৰি  সকলো জাতি জনগোষ্ঠীৰ অৰ্থনৈতিক, শৈক্ষিক, সামাজিক, সাংস্কৃতিক আৰু নৃগোষ্ঠীয় উন্নয়নৰ বাবে গঠিত পৰিষদখন আচলতে কাৰ বাবে ? এনে ধৰণৰ প্ৰশ্ন এতিয়া সকলোৰে মুখে মুখে।  

পৰিষদৰ এটা নিৰ্ভৰযোগ্য সূত্ৰই জনোৱা মতে এম এ চিৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীৰ সৰলতাৰ সুযোগ লৈ  অজ্ঞাতে ২৮ নং ধনশিৰি দিচৈ আৰু ২৯নং গেলাবিল সমষ্টিত ঠিকাদাৰ আৰু জনপ্ৰতিধিয়ে চলাই আছে লুণ্ঠনৰাজ। ব্যাপক দুৰ্নীতি আৰু অনিয়ম বন্ধ কৰিবলৈ ৰূপায়িত প্ৰতিটো আঁচনি তদন্ত কৰি ৰাইজৰ বাবে অহা চৰকাৰী ধন হৰলুকী কৰা ব্যক্তিসকলক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ গোলাঘাট জিলা উপায়ুক্তক দাবী জনাইছে ৰাইজে।

মাৰ্ঘেৰিটাত ১২৫ টা নামঘৰ একত্ৰিতহৈ চাৰিদিনিয়া কাৰ্যসূচীৰে ভাগৱত পাঠ ও ব্যাখ্যা অনুষ্ঠান আৰম্ভ….

বিশ্বৰ লগতে দেশত মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । তেনে সময়তে বিশ্ব শান্তি আৰু বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণৰ  বাবে গুৰুজনাৰ সৃষ্টি ভাগৱতখনি মাৰ্ঘেৰিটাৰ মহকুমাৰ নামঘৰসমূহৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ জম্মোৎসৱ, উদযাপন সমিতিৰ সৌজন্যত প্ৰায় ১২৫,টা নামঘৰ একত্ৰিত হৈ  চাৰিদিনিয়া বণাধ্য কাৰ্যসূচীৰে ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান ভাগ মাৰ্ঘেৰিটাৰ নিউকলনিস্থিত সাংস্কৃতিক সমন্বয় ক্ষেত্ৰ বৰনামঘৰত আয়োজন কৰা হৈছে ।

প্ৰথম দিনা নাম-প্ৰসঙ্গ দ্বাৰা অনুস্থান  আৰম্ভণি কৰে তাৰ পাছতেই চাৰিদিনিয়া অবিৰত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আৰম্ভ হয়, অসমৰ বিভিন্ন ঠাইৰ পৰা ব্যাখ্যাকাৰ উপস্থিত থাকিব বুলি জানিব দিয়ে।

যুঁজি যুঁজিও পৰাজয়ৰ মালা পিন্ধিলে পঞ্জাব কিংছে

আই পি এলত হাৰ্ডিক বাহিনীৰ বৃহৎ জয়।যুঁজি যুঁজিও পৰাজয়ৰ মালা পিন্ধিলে পঞ্জাব কিংছে ।ৰাহুল টেৱাতিয়াৰ ২ টাকৈ অভাৰ বাউণ্ডেৰীৰে গুজৰাট টাইটানছৰ বিজয় সাব্যস্ত ।শতকৰ বাবে ৪ ৰাণত থমকিল শুভমন গিল ।

ক্ৰিকেটত সকলো সম্ভৱ, তাকেই পুনৰ প্ৰমাণ কৰিলে গুজৰাটৰ ৰাহুল টেৱাতিয়াই । শুক্ৰবাৰে, আই পি এলৰ মহাৰণৰ এখন ৰোমাঞ্চকৰ মেচ । সমুখ সমৰত পঞ্জাব কিংছ বনাম আই পি এলৰ নতুন দল গুজৰাট টাইটানছ । শেষৰ দুটা বললৈকে গম ধৰিব পৰা নাছিল কোনটো দল জিকিব । গুজৰাটক প্ৰয়োজন আছিল ১৯০ ৰাণ । কিন্তু ১৯ অভাৰ ৪ টা বললৈকে হাৰ্ডিক বাহিনীক প্ৰয়োজন আছিল ১২ ৰাণৰ । সেই অসম্ভৱক সম্ভৱ কৰিলে গুজৰাটৰ ৰাহুল টেৱাতিয়াই । শেষৰ দুটা বলত দুটাকৈ ছিক্সাৰে বিজয় লক্ষ্যত উপনীত কৰালে গুজৰাট টাইটানছক । যিটো বিজয় হয়তো, অনুৰাগী বা অধিনায়ক হাৰ্ডিক পাণ্ডিয়াৰ বাবেও আছিল অবিশ্বাস্য । যাৰবাবে মেচখন জিকাৰ পাছতো পেভেলিয়নত অন্য এক ৰূপত দেখা গৈছিল হাৰ্ডিক পাণ্ডিয়াক। ইফালে শুভমন গিলেও গুজৰাটৰ হৈ ৫৯ টা বলত ৯৬ ৰাণৰ সুন্দৰ ইংনিছ খেলে । অধিনায়ক হিচাপে হাৰ্ডিক পাণ্ডিয়াই ২৭ ৰাণ সংগ্ৰহ কৰি আউট হলেও ৰাহুল টেৱাতিয়াই দিলে জয়ৰ প্ৰলেপ ।

একপ্ৰকাৰ বহু যুঁজিও শিৰনত কৰিলে মায়ংক বাহিনীয়ে । ৯ টা উইকেটৰ বিনিময়ত পঞ্জাৱে সংগ্ৰহ কৰে ১৮৯ ৰাণ । পঞ্জাৱৰ হৈ এল লিভিংষ্টনে ২৭ টা বলত ৬৪ ৰাণৰ বৰঙণি যোগায় । অধিনায়ক হিচাপে মায়ংক আগৰৱালই ৯ টা বলত ৫ ৰাণ কৰিয়েই আউট হয় । এক কঠিন লক্ষ্য লৈ ক্ৰীজত নমা গুজৰাটে চলিত ছিজনত তৃতীয় বাৰলৈ বিজয় সাব্যস্ত কৰিলে । লগে লগে ৬ পইন্ট সংগ্ৰহেৰে তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হ’ল গুজৰাট । ইফালে চাৰিখন মেচৰ ভিতৰত দুখনত জয়লাভ কৰি ৪ পইন্টৰে তালিকাৰ ষষ্ঠ স্হানত আছে পাঞ্জাব কিংছ ।


শনিবাৰে অনুষ্ঠিত হ’ব দুখনকৈ হাই ভল্টেজ মেচ । এখনত অৱতীৰ্ণ হ’ব চেন্নাই ছুপাৰ কিংছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ, আনখনত আৰ চি বি বনাম মুম্বাই ইণ্ডিয়ানছ ।আই পি এলত বহু খেল আহিল আৰু গ’ল। কিন্তু নতুন দল হিচাপে শুক্ৰবাৰে আই পি এলত গুজৰাটে যি প্ৰদৰ্শন আগবঢ়ালে ,সদায় মনত ৰাখিব অনুৰাগীয়ে। গুজৰাট টাইটানছ দলৰ হিৰোত পৰিণত হল ৰাহুল টেৱাতিয়া 

চাপৰ পৌৰ সভাৰ সভানেত্ৰী আৰু উপ সভাপতিৰ নাম ঘোষনা ….

চাপৰ পৌৰ সভাত শপত গ্ৰহণ অনুষ্ঠান বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত ঘোষিত হল সভানেত্ৰী আৰু উপ সভাপতিৰ নাম সভাপতি হিচাপে নিৰ্বাচিত হয় বিউটি ৰায় আৰু উপ সভাপতি হিচাপে নিৰ্বাচিত হয় অৰুণ নাগ চাপৰ পৌৰ সভাৰ কক্ষত অনুষ্ঠিত হয় এই কাৰ্য্য সূচী ৮নন্বৰ ওৰ্ৱাডৰ সদস্যা শ্ৰীমতী বিউটি ৰায় সভনেত্ৰী আৰু ৫নন্বৰ ওৰ্ৱাডৰ সদস্য অৰুণ নাগক চাপৰ পৌৰ সভা খনৰ উপ-সভাপতি হিচাপে শপত বাক্য পাঠ কৰে।।

ইয়াৰ উপৰিও পৌৰ সভা খনৰ প্ৰতি গৰাকী সদস্য-সদস্যাই শপত বাক্য পাঠ কৰা দেখিবলৈ পোৱা গৈছে।। শপত গ্ৰহণ অনুষ্ঠানটোত উপস্থিত থাকে, অসম চৰকাৰৰ মাৰ্কেটিং বোৰ্ডৰ চেয়াৰমেন শ্ৰীযুত অশোক কুমাৰ সিংহী, চাপৰ ৰাজহ চক্ৰ বিষয়া কবিতা ডেকা লগতে চাপৰৰ উদিয়মান সাংবাদিক উদয় আদিত্য ৰায়(বিকি)।

তীৰ্থনগৰী হাজোৰ বিষ্ণুপুৰস্থিত বিদ্যাৰ্থী চিনিয়ৰ চেকেণ্ডাৰী স্কুলত নৱম শ্ৰেণীৰ বিদ্যাৰম্ভ কাৰ্যসূচীৰ শুভ উদ্ধোধন

তীৰ্থনগৰী হাজোৰ বিষ্ণুপুৰস্থিত ব্যক্তিগত মাধ্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান বিদ্যাৰ্থী চিনিয়ৰ চেকেণ্ডাৰী স্কুলত নতুনকৈ সংযোজন হোৱা নৱম শ্ৰেণীৰ পাঠদান কাৰ্যৰ আজিৰ পৰা আনুষ্ঠানিক ভাৱে শুভাৰম্ভ হয় ।আজি পুৱাৰ ভাগত শ্ৰেনী কোঠাৰ প্ৰৱেশদ্বাৰ মুকলি কৰে সুৰেন দাস মহাবিদ্যালয়ৰ গণিত বিভাগৰ মুৰব্বী অধ্যাপক ৰাজীৱ দাসে।তাৰ পিছত এখনি মুকলি সভা অনুষ্ঠিত হ’য়।সভাত মানৱ জীৱনৰ পৰিপক্ক ঘাই শিপাডালেই হৈছে শিক্ষা। গতিকে ছাত্ৰ ছাত্ৰী সকলে জীৱন সংগ্ৰামত আগবাঢ়িব হ’লে আনুষ্ঠানিক শিক্ষাৰে প্ৰথমে শিক্ষিত হোৱাৰ লগতে শ্ৰেণীত প্ৰথম হৈ ভাল ফলাফলৰে অধ্যয়ণশীল মনোভাৱেৰে নিজকে চিনাকী দিবলৈ যত্নপৰ হ’ব লাগিব বুলিওঁ উল্লেখ কৰে অধ্যাপক ৰাজীৱ দাসে। সভাৰ আঁত ধৰে বিষয় শিক্ষক পৰশমণি কলিতাই।সভাৰ সভাপতিত্ব ৰে বিদ্যালয়ৰ অধ্যক্ষ ড° জিতেন্দ্ৰ ডেকাই ।সভাৰ উদ্দেশ্য বাখ্যা কৰে মেনেজিং ডাইৰেক্টৰ মইদুল ইছলামে।উল্লেখ্য যে বৰ্তমান নতুন শিক্ষানীতি অনুসৰি জুনিয়ৰ ছেকেণ্ডাৰী শাখাৰ পৰিৰ্বতে ছিনিয়ৰ ছেকেণ্ডাৰী শাখা হিচাপে অন্তৰ্ভূক্তি হৈ আজিৰে পৰা নৱম শ্ৰেণীৰ পাঠদানৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰে বিদ্যালয় কৰ্তৃপক্ষই।তদুপৰি আজিৰ সভাত উপস্থিত থাকে অৱসৰী শিক্ষক ধনেশ্বৰ দাস, হিমাক্ষী ভাণ্ডাৰ কায়স্থ ,সীমা বৰুৱাকে ধৰি অন্যান্য শিক্ষক শিক্ষয়ত্ৰী তথা ছাত্ৰ- ছাত্ৰীবৃন্দ ।নিশ্চিতভাৱে নৱম শ্ৰেণীৰ পাঠদান কাৰ্য মুকলিত শৈক্ষিক জাগৰণত এক ইতিবাচক দিশ হিচাপে শৈক্ষিক মহলত বিবেচিত হৈছে।

ইউজিচি নেট, গেটত উজলিল ইউএছটিএমৰ ৯৯ গৰাকী ছাত্ৰ-ছাত্ৰী…

বেক পলিচীৰ অন্তৰ্গত ইউএছটিএমৰ নেট, গেট উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা। ইউনিভাৰচিটী অব্‌ চায়েন্স এণ্ড টেকন’লজি মেঘালয়ে আজি এক সুন্দৰ অনুষ্ঠানত ২০২০-২০২১ ত নেট /গেট / জেআৰএফ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ সফলতা উদযাপন কৰে, য’ত ‘পে-বেক পলিচী’ৰ অন্তৰ্গত ৯৯ গৰাকী সফল ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। বিশ্ববিদ্যালয়খনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত এই অনুষ্ঠান অনুষ্ঠিত হয়। অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সঞ্চালক ধৰ্মকান্ত মিলিয়ে (এচিএছ) মুখ্য অতিথি হিচাপে আৰু মেঘালয়ৰ ৰি-ভই জিলাৰ উপায়ুক্ত অৰ্পিত উপাধ্যায়ে (আইএএছ) সন্মানীয় অতিথি ৰূপে অনুষ্ঠানৰ সৌষ্ঠব বঢ়ায়। এই পুৰস্কাৰ অনুষ্ঠানৰ মুখ্য উদ্দেশ্য আছিল ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্রতিযোগিতামূলক ভাবৰ সৃষ্টি কৰা।

ছাত্ৰ-ছাত্ৰীসকলক নেট, গেট, ষ্লেট, আইএএছ, বা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অনুষ্ঠিত কৰা অন্য যিকোনো শীৰ্ষ পৰ্যায়ৰ প্রতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হোৱাত উৎসাহিত কৰিবলৈ ইউএছটিএমে পে-বেক পলিচী আৰম্ভ কৰিছে যাৰ অধীনত এই এইসমূহ পৰীক্ষাত উত্তীৰ্ণ বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ মাচুল ঘূৰাই পাব। বিভিন্ন পৰীক্ষাৰ প্ৰত্যাশীসকলৰ বাবে বিশেষ কোচিং আৰু মাগদৰ্শন সুবিধাও প্রদান কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনাই অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সঞ্চালক ধৰ্মকান্ত মিলিয়ে কয় যে, অতিমাৰীৰ মাজতো ৯৯ জনকৈ ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্ৰীয় স্তৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰাটো যথেষ্ট শলাগিবলগীয়া কথা। ‘নাক’ৰ এ-গ্ৰেড প্রাপ্ত বিশ্ববিদ্যালয়খনে অসম সাহিত্য সভাৰ প্রাক্তন সভাপতিসকলৰ নামত যি ছাত্ৰবৃত্তি আগবঢ়াইছে সেয়া যথেষ্ট প্রশংসনীয়। উপায়ুক্ত শ্ৰী অৰ্পিত উপাধ্যায়ে সকলো ছাত্ৰ-ছাত্ৰীকে উৎসাহিত কৰি কয় যে, তেওঁলোকে জীৱনৰ লক্ষ্য স্থিৰ কৰি সেই লক্ষ্যত উপনীত হোৱাৰ কাৰণে কঠোৰ অনুশাসনৰ মাজেৰে পৰিশ্ৰম কৰা উচিত।

এই উপলক্ষে ইউএছটিএমৰ আচাৰ্য মেহবুবুল হকে কয় যে বিশ্ববিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীসকলক এনেকৈ উৎসাহিত তথা অনুপ্ৰেৰণা যোগাই আহিছে যাতে তেওঁলোক অধিক প্রতিযোগিতামূলক আৰু অনুপ্রাণিত হয়। তেওঁ আৰু কয় যে ইউএছটিএমে ইয়াৰ “ভিজন৫০ একাডেমী”ৰ অন্তৰ্গত প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে তীব্ৰতৰ কোচিং আৰম্ভ কৰিছে। ইউএছটিএমৰ প্ৰশাসনীয় সঞ্চালক ড০ বলেন্দ্ৰ কুমাৰ দাসৰ শলাগৰ শৰাইৰে অনুষ্ঠানটোৰ সামৰণি পৰে।