Home Blog Page 2481

চাবুৱাত বিহু সুৰক্ষা সমিতিৰ উদ্যোগত বিহু বিচাৰকৰ সমাৰোহ সম্পন্ন…

বিহু সুৰক্ষা সমিতি ,অসম চাবুৱা আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা বিহু সুৰক্ষা সমিতিৰ তত্বাৱধানত  জিলা ভিত্তিত এখনি বিহু বিচাৰকৰ সমাৰোহ আজি চাবুৱাত সফলতাৰে অনুষ্ঠিত হৈ যায়। চাবুৱা নগৰস্থিত নৰ্থ ইষ্টাৰ্ণ ইঞ্জিনিয়াৰিং ইন্সটিটিউটত দিনজোৰা কাৰ্যসূচীৰে এই সমাৰোহখনি অনুষ্ঠিত হয়।  পূৱা ৯ বজাৰ পৰা ১০ বজাৰ পৰা চাবুৱা আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ সভাপতি প্ৰশান্ত নেওগৰ পৌৰোহিত্যত উক্ত সমাৰোহত আঞ্চলিক, জিলাৰ লগতে ৰাজ্যিক পৰ্যায়ৰ বহু কেইগৰাকী ব্যক্তি উপস্থিত থাকে।

আঞ্চলিকৰ সম্পাদক পুৰন্দৰ গোহাঁইয়ে আঁতধৰা অনুষ্ঠানত কেন্দ্ৰীয় কৰ্ণধাৰ সমিতিৰ সদস্য বিশ্বজনীন দত্ত, উপদেষ্টা নৰেণ চেতিয়া, কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক কৃপাল ফুকন, জিলাৰ সভাপতি পিতাম্বৰ ডাঙৰীয়া, কেন্দ্ৰীয় সমিতিৰ উৎপাদনী বিভাগৰ সম্পাদক ৰমণী দিৰিয়াল,কাৰ্যকৰী সভাপতি বীৰেন গগৈ, সম্পাদক দীনেশ বৰগোহাঁইকে ধৰি অন্যান্য বহুতো গন্যমান্য ব্যক্তি। অন্যহাতে অনুষ্ঠানত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে দিলীপ শইকীয়া আৰু ভবেন হাজৰিকাই। সমল ব্যক্তিৰ ভাষণৰ প্ৰাক্ মূহুৰ্তত বন্তি প্ৰজ্বলন কৰে বিশ্বজনীন দত্তই। দত্তদেৱে তেখেতৰ চমু বক্তব্যত বিহু সুৰক্ষা সমিতিৰ লক্ষ্য-উদ্দেশ্যৰ সম্পৰ্কত চমু বক্তব্য আগবঢ়ায়।উক্ত সমাৰোহখনিত চাবুৱাৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক লোকে অংশগ্ৰহণ কৰে। 

ডেবিট কাৰ্ড অবিহনেও এটিএমৰ পৰা উলিয়াব পাৰিব ধন! কিন্তু কেনেকৈ?

দ্ৰুতগতিত ডিজিটেল হৈ আছে দেশৰ বেংকিং ব্যৱস্থা। পূৰ্বতে আপুনি বেংকলৈ গৈ টকা উলিয়াইছিল, তাৰ পিছত এটিএম কাৰ্ডে ব্যৱহাৰ কৰি টকা উলিয়াব পাৰিছিল। কিন্তু এতিয়া দেশৰ সকলো বেংকতে নতুন ব্যৱস্থা কাৰ্যকৰী হৈছে। এতিয়া আপুনি যিকোনো বেংকতে ইউ.পি.আই. ব্যৱহাৰ কৰি ডেবিট কাৰ্ড অবিহনে দেশৰ যিকোনো এটিএমৰ পৰা উলিয়াব পাৰিব ধন।

আৰম্ভণিতে, ভাৰতীয় ষ্টেট বেঙ্ক (এছবিআই), আইচিআইচিআই বেংক, কোটাক মহিন্দ্ৰা বেংক, বেংক অফ বৰোদা (বিঅ’বি) আৰু আৰবিএল বেঙ্কে তেওঁলোকৰ গ্ৰাহকসকলক ডেবিট বা ক্ৰেডিট কাৰ্ড ব্যৱহাৰ নকৰাকৈ এটিএমৰ পৰা নগদ ধন উলিওৱাৰ সুবিধা প্ৰদান কৰিছিল। এই সুবিধাটো দৈনিক লেনদেনৰ সীমাৰ সৈতে ১০,০০০ টকাৰ পৰা ২০,০০০ টকাৰ ভিতৰত।

কাৰ্ড নোহোৱাকৈ নগদ ধন কেনেদৰে উলিয়াব?

  • এছবিআইৰ গ্ৰাহকসকলে। এছবিআই একাউণ্ট ধাৰকে ইয়োনো এপ্পত লগ ইন কৰাৰ পিছত ইয়োনো কেছত ক্লিক কৰিব লাগিব।

  • এটিএম শাখালৈ যোৱাৰ পিছত, আপুনি এটিএমৰ পৰা উলিয়াব বিচৰা পৰিমাণটো প্ৰবিষ্ট কৰক।

  • এছ.বি.আই.-য়ে তেতিয়া আপোনাৰ পঞ্জীভুক্ত ম’বাইলত এটা ইয়োনো নগদ লেনদেন নম্বৰ প্ৰেৰণ কৰিব।

  • নগদ ধন উলিওৱাৰ বাবে এছ.বি.আই.-ৰ যিকোনো কাৰ্ডবিহীন লেনদেনৰ এটিএমত এই নম্বৰ আৰু পিন ব্যৱহাৰ কৰক।

  • এটিএমত এটিএমৰ প্ৰথম পৃষ্ঠাৰ কাৰ্ড লেছ বিকল্পটো বাছনি কৰক আৰু তাৰ পিছত ইয়োনো নগদ ধন আৰু বিৱৰণ প্ৰবিষ্ট কৰক।

মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছাইদক ৩১বছৰৰ কাৰাদণ্ড…

2018 AFP FILE PHOTO: Hafiz Saeed, head of Pakistani militant organisation Jamaat-ud-Dawa (JuD), attending a campaign meeting with members of his newly-formed political party Allah-o-Akbar Tehreek in Islamabad. Islamic fundamentalist parties fielded more than 1,500 candidates in Pakistan's provincial and national elections last week that were won by cricket hero turned politician Imran Khan. Extremists were a major talking point going into the contest with politicians, including Khan, accused of pandering to their vote base by trumpeting hardline issues such as blasphemy.—AFP FILE

মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছাইদক পাকিস্তানৰ সন্ত্ৰাসবাদ বিৰোধী আদালতে ৩১বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে। ইয়াৰ লগতে, আদালতে ছাইদক ৩লাখ ৪০হাজাৰ টকাৰ জৰিমনাও বিহে। বাতৰি অনুসৰি, হাফিজ ছাইদক আদালতে ২ টা সন্ত্ৰাসবাদী পুঁজিৰ গোচৰত দণ্ডিত কৰিছে। জামাত-উদ-দাৱা (জেইউডি)ৰ মুৰব্বী হাফিজ ছাইদক ৰাষ্ট্ৰসংঘই বিশ্বসন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছে, আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই হাফিজৰ ওপৰত ১০নিযুত আমেৰিকান ডলাৰৰ পুৰস্কাৰও দিছে। ২০০৮ চনত মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত বৃহৎ সংখ্যক বিদেশী নাগৰিকসহ মুঠ ১৬১জন লোক নিহত হৈছিল। পাকিস্তানত চলি থকা ৰাজনৈতিক সংকটৰ মাজতে ছাইদৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰে। পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে নেচনেল এচেম্বলী ভংগ কৰাৰ উপাধ্যক্ষৰ সিদ্ধান্তক বজাই ৰাখিছিল, যাৰ পিছত পুনৰ বিধানসভা স্থাপন কৰা হৈছিল। এতিয়া শনিবাৰে প্ৰধানমন্ত্ৰী ইমৰান খানে অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হ’ব লাগিব।

বিগত বৰ্ষৰ জুন মাহত লাহোৰত হাফিজ ছাইদৰ ঘৰৰ বাহিৰত এটা ভয়ংকৰ বোমা বিস্ফোৰণ হৈছিল, সেই বিস্ফোৰণত তিনিজন লোক নিহত আৰু ২১ জন আহত হৈছিল। আক্ৰমণৰ পিছত, পাকিস্তানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মোইদ ইউছুফে অভিযোগ কৰিছিল যে লাহোৰত হাফিজ ছাইদৰ বাসগৃহৰ ওচৰত হোৱা বিস্ফোৰণত ভাৰত জড়িত আছিল। অৱশ্যে, ভাৰতে পাকিস্তানৰ অভিযোগৰ উপযুক্ত প্ৰত্যুত্তৰ দিছিল। পাকিস্তানৰ এনএছএৰ দাবীৰ প্ৰতি ক্ৰিয়া প্ৰকাশ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কৈছিল, “ভাৰতৰ বিৰুদ্ধে “ভিত্তিহীন প্ৰচাৰ”ত লিপ্ত হোৱাটো পাকিস্তানৰ বাবে নতুন কথা নহয়। পাকিস্তানে নিজৰ ঘৰমেৰামতি কৰা উচিত আৰু নিজৰ মাটিৰ পৰা উদ্ভৱ হোৱা সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰমাণীকৰণযোগ্য পদক্ষেপ লোৱা উচিত। তেওঁ কৈছিল যে যেতিয়া সন্ত্ৰাসবাদৰ কথা আহে, আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে পাকিস্তানৰ বিশ্বাসযোগ্যতা ভালদৰে জানে। বাগচীয়ে কৈছিল যে এইবোৰ কথা তেতিয়াই স্পষ্ট হৈ পৰে যেতিয়া ইয়াৰ নেতাসকলে ওচামা বিন লাদেনক শ্বহীদ বুলি আখ্যা দিয়ে।

এখন চহৰত নিষিদ্ধ লাউডস্পীকাৰ! কিন্তু কিয় জানেনে?

ভাৰতৰ ৰাজস্থানৰ এখন চহৰত নিষিদ্ধ কৰা হ’ল লাউডস্পীকাৰ। ৰাজস্থানৰ আজমেৰ প্ৰশাসনে সকলো ধৰ্মীয় অনুষ্ঠান আৰু সকলো ৰাজহুৱা স্থানত নিষিদ্ধ কৰিলে লাউডস্পীকাৰ। শব্দ প্ৰদূষণ প্ৰতিৰোধ কৰিবৰ বাবে এই সিদ্ধান্ত লৈছে ৰাজস্থান প্ৰশাসনে। চলিত মাহৰ ৭ এপ্ৰিলৰ পৰা এই আদেশ কাৰ্যকাৰী কৰিছে আজমেৰ প্ৰশাসনে। শেহতীয়াকৈ আজান বিৰ্তকই ব্যাপক চৰ্চা লাভ কৰা বাবেই আজমেৰ প্ৰশাসনে ধৰ্মীয় অনুষ্ঠানত পতাকা আৰু ধৰ্মীয় চিহ্নিও নিষিদ্ধ কৰিছে। যদি কোনো ব্যক্তি বা কোনো অনুষ্ঠানে লাউডস্পীকাৰ ব্যবহাৰ কৰিব বিচাৰে তেন্তে আগতিয়াকৈ প্ৰসাশনৰ অনুমতি ল’ব লাগিব। অৱশ্যে নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ এই অনুমতি প্ৰদান কৰা নহ’ব।

বৰ্তমান আজমেৰত ১৪৪ ধাৰা জাৰি কৰিছে প্ৰশাসনে। প্ৰশাসনে জাৰি কৰা এই আদেশ অনুসৰি কোনো ব্যক্তিগত ধৰ্মীয় অনুষ্ঠানতো উত্তোলন কৰিব নোৱাৰিব পতাকা। কিয়নো ইয়াৰ ফলত ৰাজহুৱা শান্তি ভংগ হ’ব পাৰে, আইন-শৃংখলা আৰু সামাজিক সম্প্ৰীতিৰ প্ৰতিও ভাবুকি আহিব পাৰে। আজমেৰৰ আৰক্ষী অধিক্ষকে লগতে জনাই যে, যদি কোনো ব্যক্তিয়ে প্ৰশাসনৰ এই আদেশ উলংঘা কৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যবস্থা লাৱা হ’ব।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুদিনীয়া এছিয় ম’হৰ গণনা আৰম্ভ…

বিশ্বৰ সৰ্বাধিক এছিয় ম’হ থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে এছিয় ম’হৰ গণনা। ৰাষ্ট্ৰীয় উদ্যানখনৰ বন সংমণ্ডল বিষয়া ৰমেশ গগৈয়ে জানিবলৈ দিয়া ৰাষ্ট্ৰীয় উদ্যানখনৰ নিজৰ নিজৰ বন শিবিৰ এলেকাত এছিয় ম’হৰ গণনা কৰিব বন কৰ্মীসকলে । ম’হ গণনা কৰিবৰ বাবে এইবাৰ ৰাষ্ট্ৰীয় উদ্যানখন কোনো খণ্ডত বিভক্ত কৰা হোৱা নাই । কাৰণ এইবাৰ কিছু আগতীয়াকৈ বাৰিষা অহাত উদ্যানৰ বহু এলেকা পানী আৰু বোকা হৈ পৰিছে। ইফালে ম’হ গণনা হাতীৰ পিঠিত উঠি কৰিব লাগে যদিও পর্যাপ্ত সংখ্যক পোহনীয়া হাতী নথকাত কিছু সমস্যাৰ সৃষ্টি হৈছে। এনেবোৰ অসুবিধাৰ কাৰণে ৰাষ্ট্ৰীয় উদ্যানৰ সকলো বন শিবিৰৰ বনকৰ্মীয়ে নিজ নিজ এলেকাত পৰ্যবেক্ষণ কৰি ম’হ গণনা কৰিব।

ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গবেষণা বিষয়া ৰবীন্দ্র শর্মাই জানিবলৈ দিয়া মতে – কাজিৰঙাৰ বনৰীয়া ম’হৰ গুৰুত্ব অসীম। এই ম’হ সঘনাই অর্থাৎ সকলো সময়তে দেখি থাকো কাৰণে গুৰুত্ব কম দিয়া হয় যদিও বিশ্বৰ ৯০ শতাংশ এছিয় ম’হ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতেই আছে। ইন্টাৰনেচনেল ইউনিয়ন ফৰ কনজাৰভেচন অফ নেচাৰ চমুকৈ আই ইউ চি এন (IUCN)ৰ বিলুপ্তপ্রায় বন্যপ্রাণীৰ তালিকাৰ ভিতৰত অন্তৰ্ভুক্ত একে প্ৰজাতিৰ বনৰীয়া ম’হ ভাৰতৰ কেইবাখনো ৰাজ্যৰ লগতে দক্ষিণ-পূর্ব এছিয়াত এটা সময়ত পোৱা গৈছিল যদিও বর্তমান বিলুপ্তপ্রায় হৈ পৰিছে। যাৰ কাৰণে চত্তিছগড় চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এছিয় ম’হ বিচাৰি আবেদন কৰিছে বুলিও জানিব পৰা গৈছে। উল্লেখযোগ্য যে, কাজিৰঙাত ১৯৬০ চনৰ পৰাই ম’হ গণনা আৰম্ভ কৰা হৈছিল। বিভাগীয় তথ্যৰ পৰা জানিব পৰা মতে প্রথম বাৰ অর্থাৎ ১৯৬০ চনত ৪৭১ টা, ১৯৭২ চনত ৫৫৫ টা, ১৯৭৮ চনত ৬১০টা, ১৯৮৪ চনত ৬৭৭ টা, ১৯৯১ চনত ১০৯০ টা, ১০৯৩ চনত ১০৩৪ টা ১৯৯৯ চনত ১১৯২ টা আৰু ২০০১ চনত ১৪৩১ টা ম’হ পোৱা গৈছিল।

উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰণালীবদ্ধভাৱে ২০০৭ চনত গণনা কৰি ১৯৩৭ টা এছিয় ম’হ পোৱা গৈছিল। সুদীৰ্ঘ ১৫ বছৰৰ পিছত পুণৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ম’হ গণনা কৰিবলৈ লোৱাত পূৰ্বৰ তুলনাত দুগুন বৃদ্ধি পাব বুলি উদ্যান কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষত বহু সংখ্যক পোহনীয়া ম’হৰ পুঁটি আছে আৰু পোহনীয়া ম’হ সঘনাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত এছিয় ম’হৰ সংস্পৰ্শলৈ আহি থাকে বা বনৰীয়া ম’হৰ বিভিন্ন সময়ত পোহনীয়া ম’হৰ সৈতে মিলন ঘটে। পোহনীয়া ম’হৰ সৈতে বনৰীয়া ম’হ সংস্পৰ্শলৈ অহাত ইতিমধ্যে কাজিৰঙাত বহু সংখ্যক ম’হ বন ঘৰচীয়া ম’হলৈ পৰিণত হৈছে। অৱশ্যে এই সংমিশ্রণ কাজিৰঙাত থকা এছিয় ম’হৰ বাবে শুভ লক্ষণ নহয় বুলি মত প্ৰকাশ কৰিছে প্ৰানী বিজ্ঞানীয়ে।

অস্কাৰৰ পৰা ১০বছৰৰ বাবে নিষিদ্ধ হ’ল অভিনেতা উইল স্মিথ…

অস্কাৰৰ দৰে অনুষ্ঠানত ঘোষকৰ গাল চৰ শোধাই ১০বছৰৰ বাবে অস্কাৰ পৰা নিষিদ্ধ হল হলিউদ অভিনেতা উইল স্মিথ। ২০২২বৰ্ষত অস্কাৰত শ্ৰেষ্ঠ অভিনেতাৰ বটাঁও লাভ কৰিছিল স্মিথে। অস্কাৰ বটা প্ৰদান নিশা ঘোষক হিচাপে থকা জনপ্ৰিয় কমেডিয়ান ক্ৰিজ ৰকৰ গালত চৰ শোধাইছিল স্মিথে। স্মিথৰ পত্নীৰ বেমাৰক লৈ কৰা এক ধেমালি গভীৰভাৱে লৈ চৰ শোধাইছিল স্মিথে।

অস্কাৰৰ দৰে অনুষ্ঠানত এনে ব্যৱহাৰৰ বাবে ক্ষমা প্ৰাৰ্থনাও কৰিছিল স্মিথে। কিন্তু তেওঁৰ ব্যৱহাৰৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে Academy of Motion Picture Arts and Sciencesৰ বিশেষ বৰ্ডে। অৱশ্যে এই ব্যৱহাৰৰ পাছতেই একাডেমীৰ পৰা অব্যাহতি লৈছিল স্মিথে।

নলবাৰী নাট্য মন্দিৰত “নলবাৰী আইডল” শীৰ্ষক অনুষ্ঠানৰ চূড়ান্ত প্ৰতিযোগিতা…

নলবাৰী জিলাৰ নাট্যমন্দিৰত ভাৰতীৰ সেনা বাহিনীৰ সৌজন্যত বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে নলবাৰী আইডল শীৰ্ষক সংগীত প্ৰতিযোগিতাৰ অনুষ্ঠান । ভাৰতীৰ সেনা বাহিনীৰ উদ্যোগত অনুষ্ঠিত  এই সংগীত অনুষ্ঠানত বৃহস্পতিবাৰে ছেমি ফাইনেল ৰাউণ্ড অনুষ্ঠিত কৰা হৈছিল  । সেই মৰ্মে আজি এই অনুষ্ঠানৰ ফাইনেল সংগীত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হয়  । এই সংগীত অনুষ্ঠানত নলবাৰী জিলাৰ লগতে অন্য জিলাৰ প্ৰতিযোগী সকলে অংশ গ্ৰহণ কৰে । ৭ এপ্ৰিলত অনুষ্ঠিত প্ৰাৰম্ভিক ৰাউণ্ডত মুঠ 70 জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল ।

আনহাতে দুদিনৰ ভিতৰত প্ৰতিযোগী সকলে তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰিছিল । উল্লেখ্য যে পূজা কলিতাই এই বছৰ “নলবাৰী আইডল”2022 জয় লাভ কৰে লগতে ভাৰতীয় সেনা বাহিনীৰ পৰা তেওঁক নগদ ধন আৰু মানপত্ৰৰে পুৰষ্কৃত কৰা হয়  । আনহাতে ভৰ্গাবি গোস্বামী প্ৰথম ৰানাৰ্চ আপ, ধৃতিদীপ কাশ্যপক দ্বিতীয় ৰানাৰ্চ আপ এই প্ৰতিযোগিতাত ঘোষণা কৰা হয় । এই অনুষ্ঠানত ভাৰতীৰ সেনা বাহিনীৰ শীৰ্ষ বিষয়া-জোৱান সহ সংগীত প্ৰেমী ৰাইজ উপস্থিত থাকে  ।

নলবাৰীৰ বুৰঞ্জীপ্ৰসিদ্ধ গংগাপুখুৰীৰ স্থায়ী তোৰণ উন্মোচন…

নলবাৰী জিলাৰ  বৰকুৰিহা গাঁৱত অৱস্থিত অসম বুৰঞ্জী খ্যাত পুণ্যতীৰ্থ গংগাপুখুৰীৰ এখন সুদৃশ্য স্থায়ী তোৰণ আনুষ্ঠানিক ভাৱে আজি উন্মোচন কৰা হয়। হাজো – নলবাৰী পথৰ দাতিত গংগাপুখুৰীলৈ যোৱা মূল পথত নিৰ্মিত তোৰণখন উন্মোচন কৰে অৱসৰ প্ৰাপ্ত শিক্ষক পৰেশ চন্দ্ৰ শৰ্মাই। দিনৰ ১১ বজাত বাসন্তী পূজা আৰু মহাবিষ্ণু যজ্ঞ পূজা খোলাৰ মঞ্চ অনুষ্ঠিত উন্মোচনী সভাত বিশেষ অতিথি হিচাপে উপস্থিত থাকি ব্যক্তব্য আগবঢ়াই নলবাৰী জিলাৰ উপায়ুক্ত গীতিমণি ফুকনে। শিক্ষাবিদ ডঃ বীৰেন্দ্ৰ ডেকা, ডা: উমেশ চক্ৰৱৰ্তী, ডা:ভূপেশ চন্দ্ৰ শৰ্মা,  সমাজকৰ্মী মুকুল তালুকদাৰ, দামোদৰ শৰ্মা, ভৱেশ শৰ্মা, দ্বীজেন্দ্ৰজিৎ দাস, জ্যেষ্ঠ নাগৰিক মঞ্চ, বৰভাগৰ সভাপতি দ্বীজেন কাকতি, ড০ প্ৰফুল্ল শৰ্মা, ডা:অনিল ৰায়মেধি, গাওঁবুঢ়া ভৃগু ৰায়মেধিৰ লগতে তোৰণ দাঁতা বিপুল কলিতা উক্ত উদ্ধোধনী সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে।

আনহাতে, উক্ত মঞ্চতে বিগত বৰ্ষত উচ্চ শিক্ষাৰ দিশত  বিশেষ সাফল্য কঢ়িয়াই অনা বৰকুৰিহাৰ ড: চন্দন কলিতা, ড: ৰঞ্জন কলিতা, ড: শিশিৰ কলিতা আৰু সংগীতৰ ক্ষেত্ৰত ৰীনা কলিতা, দিহানামৰ  বিদ্যাৱতী কলিতা, ভানুমতী কলিতাক আনুষ্ঠানিকভাৱে  সম্বৰ্ধনা জনোৱা হয়। উন্নয়ন সমিতিৰ সভাপতি অমৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে শিক্ষক সঞ্জীৱ(বিজু) মহাজনে। উল্লেখ্য যে, বৰকুৰিহাৰ আদৰ্শ কৃষক বিদ্যাৰাম কলিতা আৰু অন্নৱালা কলিতাৰ স্মৃতিত  পুত্ৰ বিপুল কলিতাই সম্পূৰ্ণ নিজা খৰছেৰে সুদৃশ্য তোৰণখন নিৰ্মাণ কৰি  মহানতাৰ পৰিচয় দিছে।

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন…

অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ অন্তৰ্গত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ দ্বাৰা পৰিচালিত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ প্ৰথম বাৰ্ষিক বিজ্ঞানভিত্তিক আৰ্হি প্ৰস্তুত, কুইজ ,আকস্মিক বক্তিতা, চিত্ৰাংকন ,আৰু আইডিয়া প্ৰতিযোগিতা ৬ এপ্ৰিলত দিনযোৰা কাৰ্যসূচীৰে ডংকামকাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় ৷ পুৱা ১০ বজাত অনুষ্ঠানত পতাকা উত্তোলন কৰে পশ্চিম কাৰ্বিআংলং জিলাৰ বিদ্যালয় সমূহৰ জিলা সমন্বয়ক (ডি এম চি) হাকিম ৰ্ংপিয়ে ৷ইয়াৰ পাছতে প্ৰতিযোগিতা সমূহ আনুষ্ঠানিক ভাবে উদ্বোধন কৰে ডি এম চি হাকিম োৰংপিয়ে ৷অনুষ্ঠানত প্ৰখ্যাত বৈজ্ঞানিক আৰ্যভট্টৰ প্ৰতিচ্ছবিত বন্তিপ্ৰজ্বলন কৰে ডংকামকাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ৰশ্মি থাপাই ৷মুঠ চাৰিটা ব্লকৰ ৬০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাৰ আৰ্হি (মডেল)প্ৰস্তুত কৰাত প্ৰথম স্থান লাভ কৰে আমৰি ব্লকৰ চিনানী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰিজুমনি চৰকাৰ আৰু জাহিৰ আহমেদে ৷দ্বিতীয় হাবাইপুৰ এক্সিলেন্সি একাডেমিৰ পুষ্প কুমাৰ ৰয় আৰু নৱেল টিমুঙে আৰু তৃতীয় ডালিমবাৰী আদৰ্শ বিদ্যালয়ৰ প্ৰবাল নাথ আৰু ৰেইন হাৰ্ড চাংমাই ৷ চিত্ৰাংকনত প্ৰথম খেৰনি হাইস্কুলৰ অংকিতা দাস ,দ্বিতীয় হাবাইপুৰ বেপিষ্ট মিচনেৰী ইংলিছ স্কুলৰ শ্বৰিপ চৰচাং আৰু তৃতীয় খেৰনি পাব্লিক স্কুলৰ অংকিত কুমাৰ ঝ্যঝসিঙে ৷

আনহাতে আকস্মিক বক্তৃতা প্ৰতিযোগিতাত প্ৰথম হাবাইপুৰ বেপ্তিষ্ট ইংলিছ স্কুলৰ সুনন্দা ৰয় দ্বিতীয় আৰু তৃতীয় হামৰেণ ডনবক্স স্কুলৰ লিৰবন ক্ৰামচাপি আৰু দিনা হানচেপিয়ে ৷ আইডিয়া প্ৰতিযোগিতাত প্ৰথম শ্ৰী শ্ৰী শংকৰ মাধব হাইস্কুলৰ ঝ্যদেবাশ্ৰী কলিতা, দ্বিতীয় মাইলু হিন্দী হাইস্কুলৰ সন্দীপ চৌহান আৰু তৃতীয় স্থা্ন লাভ কৰে খেৰনি ডনবক্স স্কুলৰ কৃষ্টি বৰাই ৷অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি বিজ্ঞান ভিত্তিক আলোচনা চক্ৰও অনুস্থিত হয় ৷ আলোচনা চক্ৰত সমলব্যক্তি হিচাপে অংশ গ্ৰহন কৰে শ্ৰী শ্ৰী শংকৰ মাধৱ হাইস্কুলৰ প্ৰধান শিক্ষক যাদব নাথ আৰু আমগুৰি হাইস্কুলৰ প্ৰধান শিক্ষক হৰেন্দ্ৰ কুমাৰ নাথে ৷আলোচনা চক্ৰৰ পাছতে সমাজ কৰ্মী মোহন টিমুংৰ সভাপতিত্বত অনুস্থিত হোৱা মুকলি সভাত স্থান প্ৰাপ্ত প্ৰতিযোগী সকলক মানপত্ৰ , ট্ৰফিৰ লগতে নগদ ধনৰে পুৰস্কৃত কৰে ৷পশ্চিম কাৰ্বিআংলং জিলা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক প্ৰনৱ শৰ্মাই আঁত ধৰা সভা খনত অসম বিজ্ঞান সমিতিৰ টুম্প্ৰেঙ শাখাৰ সভাপতি বিষ্ণু নিৰলা , সভাপতি বিমল প্ৰধানৰ লগতে জিলা খনৰ চাৰিও গৰাকী খণ্ড সমন্বয়ক বীৰেন ডেকা, ডেনিয়েল ইংহি , বশিষ্ট প্ৰসাদ আৰু ফুনু শৰ্মাও উপস্থিত থাকে ৷সভাত শলাগৰ শৰাই আগবঢ়াই সমন্বয়ক বীৰেন ডেকাই ৷

হিন্দী আমাৰ ৰাষ্ট্ৰীয় ভাষা নহয়- ই অফিচিয়েল লেঙ্গুৱেজহে :ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

হিন্দী আমাৰ ৰাষ্ট্ৰীয় ভাষা নহয়- ই অফিচিয়েল লেঙ্গুৱেজহে: বিজেপিৰ মূল লক্ষ্য হ’ল হিন্দী হিন্দু হিন্দুত্ব: কেন্দ্ৰীয় চৰকাৰে হিন্দী ভাষা জাপি দিয়াৰ বিৰোধিতাৰে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিয়ে সংবাদমেল আয়োজন কৰি বিজেপি-আৰ এছ এছক তীব্ৰ সমালোচনা ।

অমিত শ্বাহৰ ঘোষণা অসমৰ লগতে উত্তৰ পূবৰ ৰাজ্য সমূহত হিন্দী শিক্ষা দশম শ্ৰেণীলৈকে বাধ্যতামূলক কৰা ঘোষণা লগে লগে জাঙুৰ খাই উঠিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

হিন্দী ভাষা জাপি দিয়াটো ভাৰতৰ একতা আৰু বৈচিত্ৰতাৰ বাবে উদ্বেগজনক:অসম অসমীয়া জাতীয়তাবাদৰ ওপৰত ১৮ নং মোগল আক্ৰমণ বিজেপিৰ ।

বিজেপিৰ মূল লক্ষ্য হ’ল হিন্দী হিন্দু হিন্দুত্ব । বিজেপি আৰ এচ এচয়ে সৰু সৰু জনগোষ্ঠী নৃগোষ্ঠীয় ভাষাক ধ্বংস কৰাৰ এক অভিসন্ধি কৰিছে । অসমীয়া জাতীয়তাবাদ আৰু উত্তৰ পূৱৰ নৃগোষ্ঠীয় জাতীয়তাবাদক ধ্বংস কৰিব খুজিছে বিজেপিয়ে ।ভাৰতৰ সংবিধানৰ যুক্তৰাষ্ট্ৰীয় গাঠনিক আঘাত কৰিছে বিজেপিয়ে । বিজেপিয়ে প্ৰচাৰ কৰাৰ দৰে হিন্দী ৰাষ্ট্ৰীয় ভাষা নহয় অফিচিয়েল ভাষাহে ।
গেৰুৱা জাতীয়তাবাদক সাংস্কৃতিক সন্ত্ৰাসবাদ বুলি অভিহিত ছাত্ৰ মুক্তিৰ নেতা মানস কোঁৱৰৰ ।

হিন্দী কোনো কাৰণতে ৰাষ্ট্ৰ ভাষা নহয় । সংবিধানত কোনো ৰাষ্ট্ৰ ভাষা বুলি কোনো কথা নাই । হিন্দী ইংৰাজীৰ লগতে অফিচিয়েল লেংগুৱেজহে , ৰাষ্ট্ৰভাষা নহয় ।এই সম্পৰ্কত ছাত্ৰ মুক্তিৰ সভাপতিজনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান – যদি অসমীয়া তেজ আছে তেন্তে ইয়াৰ বিৰোদ্ধাচৰণ কৰক ।

অমিত শ্বাহৰ ঘোষণাক অসম আৰু অসমীয়াৰ ওপৰত মোগলৰ ১৮ নম্বৰৰ আক্ৰমণ হিচাপে অভিহিত ছাত্ৰ মুক্তিৰ । এই আক্ৰমণৰ পৰা অসম আৰু অসমীয়াক ৰক্ষা কৰিব নোৱাৰিলে অসমীয়া জাতীয়তাবাদ আৰু কোনোদিনেই বাচি নাথাকে — মন্তব্য মানস কোঁৱৰৰ

হিন্দী বাধ্যতামূলক হ’লে ১৮৩৭ চনৰ দৰেই অসমীয়া ভাষাৰ বিপৰ্যয়ৰ সন্মুখীন হব । শেষ হৈ যাব অসম আৰু উত্তৰ-পূৱৰ নৃগোষ্ঠীয় জাতীয়তাবাদ , স্বাভিমান স্বকীয়তা শেষ হৈ যাব বুলি অভিহিত কৰিছে ছাত্র মুক্ত সংগ্ৰাম সমিতিয়ে ।