Home Blog Page 2490

নাম্বাৰপাৰা -গোলাপাৰা সংযোগী দলঙৰ কামত ঠিকাদাৰৰ চৰম অৱহেলা

বঙাইগাঁও জিলাৰ অভয়াপুৰী উত্তৰ সমষ্টিৰ মাজেৰে বৈ যোৱা মানাহ নৈৰ ওপৰত নাম্বাৰপাৰা – গোলাপাৰা সংযোগী দলঙখনৰ কাম যোৱা তিনি মাহে সম্পূৰ্ণ কৰিব পৰা নাই ঠিকাদাৰ কাঞ্চন দাসে। SDRF আচনিঁৰ অধীনত ১  কৌটি ২৮ লাখ টকাৰ অনুদানেৰে নিৰ্মাণ হব লগা কামত একাংশ স্থানীয় দালালৰ বাবে সম্পূৰ্ণ হৈ উঠা নাই বুলি অভিযোগ তুলিলে আমছুৱে। যোৱা কেইবাদিন ধৰি ধাৰাষাৰ বৰষুনৰ ফলত ৰাইজৰ বাবে নিৰ্মিত বিকল্প বাহঁৰ সাকোঁ উটি যোৱাত লোৰ জয়েচৰ ওপৰৰে বিপদ সংকুল যাতায়ত অব্যাহত ৰাখিছে ৰাইজে ।যিকোনো মুহুৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে।

নিৰ্মানৰ সময়ত ৰাইজৰ যাতায়তৰ বাবে নাওঁৰ ব্যৱস্থা নকৰাত লোৰ জয়েচৰ ওপৰৰে বিপদ সংকুল ভাবে পাৰাপাৰ হৈছে স্থানীয় ৰাইজে। ১২ ঘন্টাৰ ভিতৰত দলংখনৰ কাম সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে অন্যথাই গনতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিছে আমছুৱে।

বিশিষ্ট সাহিত্যিক তথা সাহিত্যক পেঞ্চনাৰ ড° অনিমা গগৈলৈ ২০২২ বৰ্ষৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা

টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে ২০১৩ বৰ্ষৰেপৰা প্ৰদান কৰি অহা বীৰাঙ্গনা মূলাগাভৰু বঁটা এইবাৰ বিশিষ্ট সাহিত্যিক তথা সাহিত্যক পেঞ্চনাৰ ড° অনিমা গগৈক প্ৰদান কৰা হ’ব। ২০০৯ চনত অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰাৰ উপৰিও ড° আম্বেদকাৰ ফেলোশ্বিপ বঁটা, বীৰাঙ্গনা জয়মতী বঁটাকে ধৰি বহু কেইটা বঁটা লাভ কৰা ড° অনিমা গগৈক অহা ২৩ আৰু ২৪ এপ্ৰিলত সোণাৰিত অনুষ্ঠিত হ’ব লগীয়া এটা বিশেষ অনুষ্ঠানত বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান কৰা হ’ব।

উল্লেখ্য যে, অসমৰ জাতীয় বীৰাঙ্গনা মূলাগাভৰুৰ জীৱনাদর্শ, বলিষ্ঠ ভূমিকা আৰু ত্যাগক গভীৰ শ্ৰদ্ধা আৰু উচিত মর্য্যদাৰে সুঁৱৰি ২০১৩ বর্ষৰপৰা ক্ৰমাগতভাৱে ঐতিহ্যমণ্ডিত সোণাৰি নগৰত অনুষ্ঠিত কৰি আহিছে ”বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান৷ অসমৰ সমাজ জীৱন, শিক্ষা, সাহিত্য আৰু নাৰীৰ উত্তৰণৰ বাবে বিশেষ অৱদান আগবঢ়োৱা বৰেণ্যা নাৰী প্ৰয়াত চিত্ৰলতা ফুকন(২০১৩), বীৰুবালা ৰাভা(২০১৪), নিৰুপমা বৰগোহাঞি(২০১৫) ড০ অনিমা গুহ(২০১৬) আৰু ড০ সুখ বৰুৱা(২০১৭), অসমৰ বিশিষ্ট সংগীতশিল্পী, সুকণ্ঠী গায়িকা দিপালী বৰঠাকুৰক (২০১৮), বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱা (২০১৯) আৰু ৰতিপ্ৰভা গগৈ (২০২১)ক ইতিমধ্যে প্ৰদান কৰা হৈছে বীৰাঙ্গনা মূলাগাভৰু বঁটা ৷

বিশ্ব স্বাস্থ্য দিৱসত বি বৰুৱা কৰ্কট প্ৰতিস্থাপনত অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী

বিশ্ব স্বাস্থ্য দিৱসত বি বৰুৱা কৰ্কট প্ৰতিস্থাপনত অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী ।

দিৱসৰ লগত সংগতি ৰাখি ডo বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ শংকৰ লাল গোয়েঙ্কা বঁটা প্ৰদান ।

শংকৰ লাল গোয়েঙ্কা বঁটা ভাৰতৰ ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠানৰ মুৰব্বী অধ্যাপক ডাo গৌৰা কিশোৰ ৰথলৈ ।

ৰাজ্যপালে প্ৰদান কৰে বঁটা ।

অনুষ্ঠানতে BBCI সঞ্চালক ডঃ অমল চন্দ্ৰ কটকীৰ “Triple C in Cancer” নামৰ গ্ৰন্থখনিৰো কৰিব উন্মোচন ।

গ্ৰন্থখন উন্মোচন কৰে ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে ।

অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিৰ প্রতিবাদ আছুৰ,যোগান মন্রীৰ পুত্রলিকা দাস

নলবাৰী জিলা ছাত্র সন্থাৰ অন্তর্গত পশ্চিম নলবাৰী  আঞ্চলিক সমিতিয়ে আজি সদৌ অসম ছাত্র সন্থাৰ আহ্বান মর্মে বিভিন্ন খাদ্য সামগ্রীকে ধৰি ইন্ধনজাত সামগ্ৰীৰ পৰা আৰম্ভ কৰি সকলো নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আৰু হ্ৰাস কৰাৰ দাবীত আজি চামতাত যোগান মন্ৰী ৰঞ্জিত কুমাৰ দাসৰ পুত্তলিকা দাহ কৰা হয়, এই কাৰ্যসূচীৰ জৰিয়তে পশ্চিম নলবাৰী  আঞ্চলিক ছাত্ৰ সন্থাই ইন্ধনজাত সামগ্ৰীৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্রীৰ মূল্যবদ্ধি ৰোধ কৰিবলৈ চৰকাৰক দাবী জনায়, উক্ত অনুস্থানটোত উপস্থিত থাকে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ

সহঃ সাধাৰন সম্পাদক নিৰুজ উদ্দিন আহমেদ , কাৰ্য্যনিৰ্বাহক সদস্য প্ৰাঞ্জল বৰ্মন, পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সুভাষ বৰ্মন, সহঃ সাধাৰন সম্পাদক নয়ন জ্যোতি বৰ্মন, সদ্স্য বিজয় বৰ্মন,ৰাহুল বৰ্মন, কুলদ্বীপ তালুকদাৰ, অংকুৰ শৰ্মা,বনদ্বীপ শৰ্মা ইত্যাদি ছাত্ৰ নেতা সকল৷

জয়পুৰৰ চাণক্য হোটেলত ভয়ংকৰ অগ্নিকাণ্ড, ৮ জন অতিথি আৱদ্ধ

হাইড্ৰ’লিক ক্ৰেইনৰ পৰা কৰ্মচাৰী আৰু অতিথিক উদ্ধাৰ, আঢ়ৈ ঘণ্টাৰ জুইত গোটেই ৰেষ্টুৰেণ্ট-বাৰ জ্বলি যায় ।
অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীয়ে হোটেলখনত জুই নুমুৱাবলৈ চেষ্টা কৰি আছে।জালুপুৰা আৰক্ষী থানাৰ এছএইচঅ’ অনিল জয়মানে কৈছিল যে হোটেল চাণক্যৰ তৃতীয় মহলাত জুই লাগিছিল। ছাদত, হোটেল নাইট জাৰ নামৰ বাৰ আৰু ৰেষ্টুৰেণ্ট আছে। প্ৰায় ৩ বজাত, হঠাতে বাৰ আৰু ৰেষ্টুৰেণ্টৰ পৰা জুই ওলাই আহিবলৈ আৰম্ভ কৰিলে। হোটেলখনত উপস্থিত অতিথি আৰু কৰ্মচাৰীসকলৰ মাজত হুলস্থূল হৈছিল। তেওঁ এইটো দেখাৰ লগে লগে, জুইটোৱে এক ভয়ংকৰ ৰূপ লৈছিল। এক গোপন সূত্ৰৰ জৰিয়তে আৰক্ষী, অসামৰিক প্ৰতিৰক্ষা দল আৰু অগ্নি নিৰ্বাপক বাহিনীৰ বাহনঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ আৰম্ভ কৰে।হোটেলৰ দ্বিতীয় মহলালৈকে কোঠাটোত থকা অতিথিসকলক তেওঁলোকৰ টোপনিৰ পৰা সাৰ পাই হোটেলৰ পৰা বাহিৰলৈ লৈ যোৱা হৈছিল।লোকসকলক স্থানান্তৰ কৰিবলৈ উদ্ধাৰ অভিযান অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰীসকলে জুই নুমুৱাবলৈ পানী বৰষুণ দিবলৈ আৰম্ভ কৰিছিল। আনহাতে, অসামৰিক প্ৰতিৰক্ষা দলৰ সহায়ত হোটেলখনত উপস্থিত লোকসকলক স্থানান্তৰ কৰিবলৈ আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে। হোটেলৰ দ্বিতীয় মহলালৈকে কোঠাটোত থকা অতিথিসকলক তেওঁলোকৰ টোপনিৰ পৰা সাৰ পাইছিল। জুইয়ে অতিথিসকলৰ মাজত এক উচ্ছৃংখাৰ সৃষ্টি কৰিছিল। অতিথিসকলক হোটেলৰ পৰা বাহিৰলৈ লৈ যোৱা হৈছিল।

ছাদত আৱদ্ধ হৈ থকা ৭-৮ জন অতিথি আৰু কৰ্মচাৰীক যথেষ্ট পৰিশ্ৰমৰ পিছত সুৰক্ষিতভাৱে স্থানান্তৰ কৰা হৈছিল। হাইড্ৰলিক অগ্নি নিৰ্বাপক বাহিনীকে ধৰি আঠখন অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ সহায়ত প্ৰায় আঢ়ৈ ঘণ্টাৰ ভিতৰত জুই নিয়ন্ত্ৰণলৈ অনা হৈছিল। জুইৰ ফলত ছাদৰ বাৰ আৰু ৰেষ্টুৰেণ্টসমূহ সম্পূৰ্ণৰূপে ভস্মীভূত হৈছিল। জুইলগাৰ কাৰণ জনা নাযায়।

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্ম স্থান মৈৰাবাৰী আলি পুখুৰী পাতেকি বড়ি সত্ৰ পৰিচালনা সমিতিৰ সভাপতি, অধিবক্তা ললিত চন্দ্ৰ বৰাৰ দেহাৱসান

মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ পবিত্ৰ জন্মস্থান আলিপুখুৰী পাটেকীবড়ী সত্ৰৰ পৰিচালনা সমিতিৰ সভাপতি তথা-ধিঙৰ বিশিষ্ট সমাজকৰ্মী, অধিবক্তা,ললিত চন্দ্ৰ বৰাৰ যোৱা নিশা আনুমানিক ১:৩০বজাত দেহাৱসান ঘটে। নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত কেইবাটাও ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সমাজকৰ্মী জনে । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯৫ বছৰ । তেখেতৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে ধিং-মৈৰাবাৰী প্ৰেছ ক্লাবকে ধৰি বিভিন্ন দল সংগঠনে তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ বাতৰি পাই গুণমুগ্ধ সকলে তেখেতৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জনায়। হিন্দু-মুছলিম উভয়ৰে মাজত জনপ্ৰিয় আছিল বৰা দেৱ। তেখেতে মৈৰাবাৰী আৰু ধিঙৰ হিন্দু আৰু মুছলমানৰ মাজত সমন্বয় সৃষ্টি কৰি থৈ গ’ল। তেখেতৰ নাম ধি্ং আৰু মৈৰাবাৰীৰ ইতিহাসত সোনালী আখৰেৰে লিখা থাকিব।মৈৰাবাৰীৰ পাতেকীবড়ি সত্ৰৰ পৰিচালনা সমিতিৰ এজন দক্ষ সভাপতি হিচাপে সত্ৰখনৰ বহু সমস্যা সমাধান কৰাত উল্লেখ যোগ্য ভূমিকা আছিল।


বৰা দেৱৰ নশ্বৰদেহ মৈৰাবাৰীৰ আলিপুখুৰী পাটেকীবড়ী সত্ৰলৈ আনি সত্ৰতো ভকত বৈষ্ণব সকলে ধৰ্মীয় ৰীতিনীতিৰে শেষ বিদায় জনায়।ধি্ং আৰু বিশেষকৈ বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ সচেতন ৰাইজে তেখেতৰ মৃত্যুত অপুৰণীয় ক্ষতিৰ অনুভৱ হোৱা পৰিলক্ষিত হৈছে।

অসম আৰক্ষীত ব্যাপক সাল-সলনি

অসম আৰক্ষীত ব্যাপক সাল-সলনি।৪ৰ্থ APBnৰ অধিনায়ক শিলাদিত্য চেতিয়াক বিশেষ শাখাৰ আৰক্ষী অধীক্ষকৰ অতিৰিক্ত দায়িত্ব।শোণিতপুৰৰ SP ধনঞ্জয় ঘনৱাটক মুখ্য কাৰ্যালয়ৰ প্ৰশাসনিক শাখাৰ AIG হিচাপে বদলি কৰে।প্ৰথম ATPFৰ অধিনায়ক ৰাজমোহন ৰয়ক দৰঙৰ SP হিচাপে বদলি হয়।দৰঙৰ SP সুশান্ত বিশ্ব শৰ্মাক শোণিতপুৰৰ SP হিচাপে বদলি কৰা হয়।চৰাইদেউৰ SP শুধাকৰ সিঙক DCP হিচাপে গুৱাহাটীলৈ বদলি কৰা হয়।গুৱাহাটীৰ DCP শুভ্ৰজ্যোতি বৰাক শিৱসাগৰৰ SP হিচাপে বদলি কৰা হয়।ডেপুটেশ্যনলৈ যাব প্ৰশাসনিক শাখাৰ AIG অমনজিৎ কৌৰ।

প্ৰথম APBnৰ অধিনায়ক যুৱৰাজক চৰাইদেউৰ SP হিচাপে বদলি হয়।শদিয়াৰ SP মোহনলাল মিনাক যোৰহাটৰ SP হিচাপে বদলি।নলবাৰীৰ ASP পুস্কিন জৈনক পদোন্নতিসহ শদিয়াৰ SP হিচাপে বদলি কৰা হয়।

হাতীগাঁ‌ৱৰ মৃতদেহ উদ্ধাৰৰ ঘটনাত জড়িত দুজনক গ্ৰেপ্তাৰ

হাতীগাঁ‌ৱৰ মৃতদেহ উদ্ধাৰৰ ঘটনাত জড়িত দুজনক গ্ৰেপ্তাৰ

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দেৱৰাজ ছেত্ৰী আৰু বিকি কুণ্ডুক

বুধবাৰে সিজুবাৰীত উদ্ধাৰ হৈছিল ধ্ৰুৱজ্যোতি ডেকাৰ মৃতদেহ

ঘটনাৰ সন্দৰ্ভত ৩ গৰাকীৰ যুৱতীৰ সন্ধানত আৰক্ষী অভিযান অব্যাহত

হোটেল পেৰাডাইছ ইনত যুৱকজনৰ মৃত্যু হৈছিল

বাতৰি পৰিবেশন কৰিবলৈ যাওঁতে শোণিতপুৰত এগৰাকী সাংবাদিকক কেমেৰাৰ সন্মুখত প্ৰাণে মৰাৰ ভাবুকি প্ৰাক্তন এনএলএফবি নেতাৰ

বাতৰি পৰিবেশন কৰিবলৈ যাওঁতে শোণিতপুৰ জিলাত এগৰাকী সাংবাদিকক কেমেৰাৰ সন্মুখত প্ৰাক্তন এনএলএফবি নেতা এম বাথাই প্ৰাণে মৰাৰ ভাবুকি দিয়া ছচিয়েল মিডিয়াত ভাইৰেল হোৱা আমি প্ৰত্যক্ষ কৰিছো।এগৰাকী সাংবাদিকক বাতৰি কেনেকৈ কৰিব লাগে বাথাই ভাবুকিৰ জৰিয়তে হেচাঁ প্ৰয়োগ কৰিছে। তাতকৈ ডাঙৰ কথা হাতত বন্দুক লৈ পুলিচৰ সন্মুখতে সাংবাদিকক ভাবুকি দিবলৈ সাহস কত পালে এম বাথাই?এই ঘটনাক আমি সহজ ভাবে লব নোৱাৰো।চৰকাৰ প্ৰশাসনৰ ওচৰত দাবী জনাইছো এই ঘটনাৰ উচিত তদন্ত কৰি বাথাৰ এই কাৰ্যৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লওঁক। এনেবোৰ কাৰ্য গৰিহণাৰ যোগ্য নিন্দনীয়।এইদৰে মন্তব্য কৰে জাফাৰ সভাপতি অভিদ্বীপ চৌধুৰীয়ে।

অসম চৰকাৰৰ চিগনেচাৰ প্ৰকল্পৰ উত্তৰণ আঁচনিৰ অধীনত হাজো এচ .বি.এচ.কে.আৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ চৌহদত নিৰ্মিয়মান বহুমূখী প্ৰকল্পৰ কাম দ্ৰুতিগতিত অব্যাহত

হাজোবাসীৰ বাবে এটা সুখৱৰ । হাজোবাসীৰ এটা দীৰ্ঘদিনীয়া সপোন প্ৰায় বাস্তৱৰ দিশে গতি কৰিছে। হ’য় ।অসম চৰকাৰৰ চিগনেচাৰ প্ৰকল্পৰ উত্তৰণ আঁচনিৰ অধীনত হাজো এচ .বি.এচ.কে.আৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ চৌহদত প্ৰায় দহ কৌটি টকাৰে নিৰ্মিয়মান বহুমূখী প্ৰকল্পৰ কাম বৰ্তমান দ্ৰুতিগতিত অব্যাহত আছে।উল্লেখ্য যে ২০২০ বৰ্ষৰ পৰা আৰম্ভ হোৱা নিৰ্মিয়মান বহুমূখী প্ৰকল্পৰ কামটো চলিত বৰ্ষৰ ২০২২ বৰ্ষৰ ডিচেম্বৰ মাহৰ শেষৰ পিনে সম্পূৰ্ণ হোৱাৰ দিশে গতি কৰিছে। অৱশ্যে উচ্চ ক্ষমতাসম্পণ্ণ ফ্লাড লাইট ,বুজন পৰিমানৰ আসন সম্পণ্ণ গেলাৰী গৃহ ,খেলুৱৈ জিৰণি কোঠা,কনফাৰেন্স হ’ল,কাৰ্যলয় কোঠা ইত্যাদি বিভিণ্ণ উণ্ণত মানদণ্ডৰ কাৰ্যপ্ৰণালীৰে ক্ৰমিৎ পৰিপক্ক হৈ উঠিছে নিৰ্মিয়মান বহুমূখী প্ৰকল্পৰ কাম – কাজ । যাৰ দ্বাৰা বিশেষকৈ আমাৰ নৱপ্ৰজন্মৰ খেলুৱৈ সকলে অন্য ঠাইলৈ নগৈ নিজ সমষ্টিতে খেল প্ৰদৰ্শনৰে পাৰদৰ্শিকতা অৰ্জনৰ এটি প্লেটৰ্ফমৰ সুবিধা লাভ কৰিব পাৰিব।যিয়ে হাজোবাসীৰ এটা দীৰ্ঘদিনীয়া সপোন পূৰণৰ দিশে গতি কৰিছে। অৱশ্যে এইক্ষেত্ৰত পাৰ্যমানে সহায় আগবঢ়োৱা স্থানীয় বিধায়িকা সুমন হৰিপ্ৰীয়াক আজি হাজো অঞ্চলৰ প্ৰায়সংখ্যক স্থানীয় ব্যক্তিয়ে ধন্যবাদ জ্ঞাপন কৰে।

লগতে সমগ্ৰ কাম কাজখিনি নিয়াৰিকৈ চলাই নিয়া আসাম ইলেকট্ৰিকেল ৰ্ফাম’ৰ বিষয়ববীয়া,অভিযন্তা,কৰ্মচাৰীবৃন্দকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে হাজোৰ স্থানীয় বাসিন্দাই।নিশ্চিতভাৱে হাজো তথা দাঁতিকাষৰীয়া অঞ্চলৰ ক্ৰীয়ানুৰাগী যুৱক যুৱতীসকলৰ সুবিধাৰ্থে নিৰ্মিয়মান বহুমূখী প্ৰকল্পটিৰ কাম অতি সোনকালেই সমাপ্তি হৈ খেলোপযোগী হৈ উঠিব বুলি আশা প্ৰকাশ কৰিছে সমূহ হাজোবাসীয়ে।