Home Blog Page 2491

গোলাঘাটৰ টৰফাট গাঁৱত শোকাৱহ পথ দুৰ্ঘটনা

গোলাঘাটৰ টৰফাট গাঁৱত শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত এজন নিহত আৰু এজন গুৰুত্বৰ ভাৱে আহত। নিহতজনৰ নাম ৰুবুল গগৈ। আনহাতে গুৰুত্বৰ ভাৱে আহত হোৱা ব্যক্তি জনৰ নাম ভাগ্য বৰা। সংকটজনক অৱস্থাত আহত ভাগ্য বৰাক স্থানীয় ৰাইজে ততাতৈয়াকৈ চিকিৎসাৰ বাবে লৈ আনে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ। বৰ্তমান ভাগ্য বৰাক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ।

দুয়ো পালচাৰ বাইকত তীব্ৰ গতিৰে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মৰাৰ ফলত সংঘটিত হয় শোকাৱহ ঘটনাটো।

বাক্সাত ভাৰতীয় জনতা পাৰ্টীৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

বাক্সা জিলাৰ মুছলপুৰত আজি উদযাপন কৰা হয় ভাৰতীয় জনতা পাৰ্টীৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস।মুছলপুৰস্থ কাৰ্যালয়ত আয়োজন কৰা এই প্ৰতিষ্ঠা দিৱসত পণ্ডিত দীনদয়াল উপাধ্যায়, শ্যামা প্ৰসাদ মুখাৰ্জীৰ লগতে ভাৰত মাতাৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে জিলা সভাপতি শৰৎ শৰ্মাই। ইয়াৰ পিছতে ভাৰতীয় জনতা পাৰ্টীৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উদযাপনৰ বিষয়ে বহলাই ব্যাখ্যা কৰে জিলা সাধাৰণ সম্পাদক ৰিদীপ কুমাৰ ডেকাই। এই অনুষ্ঠানত দলৰ ৰাজ্যিক নেতাদ্বয় কুমুদ দাস আৰু ৰাম দাহাল, জিলা সম্পাদক নৱ মেধি, দিহিৰা মঙ্গলৰ সভাপতি টেকনাথ পৰাজুলি, এচ চি মৰ্চাৰ নেতা পুলিশ দাসকে ধৰি দলৰ সদস্য কৰ্মী উপস্থিত থাকে।‌‌‌

এই সভাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনাতাঁৰ যোগে সম্প্ৰচাৰ কৰা ভাষণ শুনা হয়।

হাজো বিজেপিৰ মূখ্য কাৰ্যলয়ত ভাৰতীয় জনতা পাৰ্টি হাজো মণ্ডল,উত্তৰ হাজো মণ্ডলৰ উদ্যোগত ৪২ তম প্ৰতিষ্ঠা দিৱস উদযাপন

সমগ্ৰ দেশ তথা ৰাজ্যৰ সমান্তৰালকৈ আজি হাজো বিজেপিৰ মূখ্য কাৰ্যলয়ত ভাৰতীয় জনতা পাৰ্টি হাজো মণ্ডল ও উত্তৰ হাজো মণ্ডলৰ উদ্যোগত ভাৰতীয় জনতা পাৰ্টী দলৰ ৪২ তম প্ৰতিষ্ঠা দিৱস ওলহ মালহৰে উদযাপন কৰা হ’য় । সেই অনুসৰি পুৱা পতাকা উত্তোলন,বন্তি প্ৰজালন,বন্দে মাতৰম ধ্বনিৰে দলীয় শোভাযাত্ৰা ইত্যাদি বিভিণ্ণ কাৰ্যসূচীৰে ভাৰতীয় জনতা পাৰ্টী দলৰ ৪২ তম প্ৰতিষ্ঠা দিৱস ওলহ মালহৰে উদযাপন কৰা হ’য়।শীৰ্ষক কাৰ্যসূচীত সমূহীয়াভাৱে সহযোগ কৰে ভাৰতীয় জনতা পাৰ্টী হাজো মণ্ডল যুৱ মৰ্চা,কিষান মৰ্চা,সংখ্যালঘু মৰ্চা,অনুসূচিত জাতি মৰ্চাৰ সমূহ বিষয়ববীয়াই।সমান্তৰালভাৱে আজি বিজেপি দলৰ ৪২ তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰায়সংখ্যক শাৰিৰীকভাৱে অসুস্থ বিজেপি কাৰ্যকৰ্তাৰ বাসগৃহত উপস্থিত হৈ খা খবৰ লোৱাৰ লগতে কিছু সংখ্যক বিজেপি কাৰ্যকৰ্তাৰ মৃতকৰ পৰিয়ালত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়াল বৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে বুলিওঁ উল্লেখ কৰে বলিষ্ঠ বিজেপি নেতা বিপুল দাসে ।উল্লেখ যোগ্য যে ১৯৮০ চনৰ ৬ এপ্ৰিল তাৰিখে ভাৰতীয় জনতা পাৰ্টী দলে প্ৰতিষ্ঠা লাভ কৰিছিল।আৰু আজিৰ এই ৪২ তম্ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাজো বিজেপিৰ মূখ্য কাৰ্যলয়ত প্ৰতিগৰাকী বিষয়ববীয়া, কাৰ্য্যকৰ্তা,তথা দলীয় কৰ্মীয়ে পৰস্পৰে পৰস্পৰক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় জনতা পাৰ্টী(বিজেপি)দলৰ ৪২সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কৰ্মকৰ্তাসকলক সম্বোধন কৰি আগবঢ়োৱা ভিডিঅ লাইভ সম্প্ৰচাৰ সকলো কাৰ্যকৰ্তাই সমূহীয়াভাৱে উপভোগ কৰে।

তদুপৰি আজিৰ কাৰ্যসূচীত উপস্থিত থাকে হাজো মণ্ডল বিজেপিৰ সভাপতি ভূপেন কলিতা,মানৱ দৰদী নেতা বিপুল দাস,জ্যোষ্ঠ বিজেপি নেতা বিষ্ণু পাঠক,মৃনাল কলিতা ,নগেন মালাকৰ,পৰেশ দাস,দীপক দাস,ভাস্কৰ ভৰালী,ব্ৰজেন্দ্ৰ ভৰালী,অৰূপ কাকতি,শশীন নাথকে প্ৰমূখ্য কৰি প্ৰায়সংখ্যক দলীয় নেতা কৰ্মী ও বিশিষ্ট গণ্য মান্য ব্যক্তি।

হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাবুল কুমাৰ মেধিৰ বিদায় সম্বৰ্ধনা,পদোন্নতি সহ বদলি

কামৰূপ জিলাৰ অন্তৰ্গত হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাবুল কুমাৰ মেধিৰ কৰ্মজীৱনৰ অস্থায়ীভাৱে হাজো আৰক্ষী থানাৰ পৰা বিদায় লৈ অন্যস্থানলৈ পদোণ্ণতিসহ বদলী কৰনৰ হেতু বিদায় জনোৱা হ’য়। অৱশ্যে একতা ,সততা আৰু নিষ্ঠা সহকাৰে নিজৰ কৰ্মজীৱনত ৰাইজৰ হ’কে কাম কৰি সাহসিকতাৰ পৰিচয় দিবলৈ সক্ষম হোৱা আৰক্ষী বিষয়া বাবুল কুমাৰ মেধিয়ে বিদায় বেলাত কিছু পৰিমানে আৱেগিক হৈ পৰা পৰিলক্ষিত হৈছে।

তদুপৰি বিভিণ্ণ দল সংগঠনে আৰক্ষী বিষয়া বাবুল কুমাৰ মেধিক বিদায়ক্ষনত বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। অনাগত দিনতো ৰাইজৰ সেৱাৰে নিষ্ঠা সহকাৰে নিজৰ দায়িত্ব পালন কৰি যাব বুলি উল্লেখ কৰে আৰক্ষী বিষয়া বাবুল কুমাৰ মেধিয়ে।

হাজো আঞ্চলিক ছাত্ৰ সন্থা উদ্যোগত মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত এক বিক্ষোভ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন

কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ সাতদলা চক’ৰ পৰা PWD কাৰ্যলয়লৈ সদৌ অসম ছাত্ৰ সন্থা আহ্বান মৰ্মে হাজো আঞ্চলিক ছাত্ৰ সন্থা উদ্যোগত খাদ্য সামগ্ৰী ,ইন্ধন জাত সামগ্ৰী, নিৰ্মাণজাত সামগ্ৰী পৰা আৰম্ভ কৰি নিত্য ব্যৱহাৰ্য সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি হ্ৰাস কৰা দাবীত এক বিক্ষোভ কাৰ্য্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হয়৷ইন ক্লাৱ জিন্দাৱাদ ,মূল্য বৃদ্ধি ৰোধ কৰক, যোগান মন্তী হায় হায় ,বিজেপি চৰকাৰ হায় হায় ,আদি বিভিন্ন শ্লোগানে প্ৰতিবাদ তীব্ৰতৰ কৰি তোলে৷


আৰু অনাগত দিনত চৰকাৰ প্ৰশাষনক অতিশীঘ্ৰেই মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনায় ছাত্ৰ সংগঠনটোৱে।অনথ্যা ইয়াতকৈ অধিক গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি উল্লেখ কৰে প্ৰতিবাদকাৰী সকলে।

পাঞ্জাৱত আন্তঃৰাষ্ট্ৰীয় কাবাডী খেলুৱৈক গুলীয়াই হত্যা!

পঞ্জাৱৰ পাটিয়ালাৰ পঞ্জাৱী বিশ্ববিদ্যালয়ত মঙলবাৰে নিশা সংঘটিত সংঘৰ্ষৰ পিছতে গুলীয়াই হত্যা কৰা হয় আন্তঃৰাষ্ট্ৰীয় কাবাডী খেলুৱৈ ধৰমিন্দৰ সিঙক। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১৪ মাৰ্চত জলন্ধৰত আন এজন আন্তঃৰাষ্ট্ৰীয় কাবাডী খেলুৱৈ সন্দীপ সিং নাংগল অম্বিয়ানক ৪ জন দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল। এই ঘটনাৰ পিছতে মঙলবাৰে নিশা দ্বিতীয়জন কাবাডী খেলুৱৈক গুলীয়াই হত্যা কৰে দুৰ্বৃৃত্তই। দৌন কলন গাঁও কাবাডী ক্লাবৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ধৰমিন্দৰ সিং ৰাজনৈতিক ভাৱেও সক্ৰিয় আছিল। ২০ ফেব্ৰুৱাৰীৰ পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ শিৰোমণি অকালি দল ত্যাগ কৰি আম আদমী পাৰ্টিৰ হৈ প্ৰচাৰ চলাইছিল। তেওঁ গুৰলাল ঘানুৰ নামৰ আন এজন কাবাডী খেলুৱৈৰ বাবে প্ৰচাৰ চলাইছিল।

আৰক্ষীৰ সূত্ৰঅনুসৰি, মঙলবাৰে সন্ধিয়া বিশ্ববিদ্যালয়খনত দৌন কলন আৰু থেৰী গাঁৱৰ প্ৰতিদ্বন্দী গোটৰ মাজত সংঘৰ্ষ হয়। কিছু সময়ৰ পিছত, ধৰমিন্দৰে চৌহদৰ বাহিৰৰ এখন ধাবাত প্ৰতিদ্বন্দী গোটৰ সৈতে এক বৈঠকত ভাগ লৈছিল। বৈঠকত আলোচনা চলি থকাৰ সময়তে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে কাবাডী খেলুৱৈগৰাকীক।ইফালে পাটিয়ালাৰ আৰক্ষী অধীক্ষক নানক সিঙে জানিবলৈ দিয়া মতে, ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে। আৰক্ষীয়ে ইতিমধ্যে এই হত্যাৰ অভিযোগত ৪ জনক আটক কৰিছে। ধৰমিন্দৰ সিঙৰ মৃতদেহ মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ব্যক্তিগত শত্ৰুতাৰ বাবে এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

অন্যহাতে পঞ্জাৱত বৰ্ধিত অপৰাধৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ভগৱন্ত মানে মঙলবাৰে পঞ্জাৱ আৰক্ষীৰ প্ৰধান ভি কে ভাওৰাক এডিজিপি পদবীৰ বিষয়াৰ নেতৃত্বত এটা এণ্টি-গেংষ্টাৰ টাস্ক ফ’ৰ্চ (এজিটিএফ) গঠন কৰিবলৈ নিৰ্দেশ দিছে।আৰক্ষী বিভাগৰ এখন উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰি মানে সংগঠিত অপৰাধক প্ৰাথমিকতাৰে নিৰ্মূল কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ বিষয়াসকলক প্ৰয়োজনীয় জনশক্তি, অত্যাধুনিক সঁজুলি আৰু তথ্য প্ৰযুক্তিৰ লগতে আৰক্ষী বাহিনীক পৰ্যাপ্ত পুঁজিৰ আশ্বাস প্ৰদান কৰে।

চৰকাৰৰ মতে বিহু নচলেঃ মহেন্দ্ৰ হাজৰিকা…

এইবাৰ বিহুক লৈ গুৰুত্বপূৰ্ণ মন্তব্য বিশিষ্ট শিল্পী মহেন্দ্ৰ হাজৰিকাৰ। তেওঁ কয়- চৰকাৰৰ মতে বিহু নচলে, চৰকাৰৰ মতে বসন্ত নাই অহা, চৰকাৰৰ মতে গছত ফল-ফুল নালাগে। বিহু আমি পাতিমেই। তেওঁ কয়- বিহু হ’ল প্ৰকৃতিৰ এক স্বকীয় অসমীয়া জাতীৰ প্ৰাণৰ স্পন্দন, বাৰিষাও বিহু হ’ব খৰালিও বিহু হ’ব, অৰঙে দৰঙে অসমৰ সকলোতে বিহু হ’বই।

তেওঁ লগতে প্ৰশ্ন কৰে যে, ভাদ্ৰ মাহত বা কাতি মাহত ৰজাঘৰীয়াৰ ডাঙৰ বিষয়া এজন আদৰিবলৈ বিহু কিয় মাৰে? অবতৰত বিহু কিয় মাৰিব? আবতৰত মিটিং খন থাকিল প্ৰতি বিহু মাৰিব পাৰে যদি বতৰত অসমীয়াই বিহু মাৰিব কিয় নোৱাৰে?কাৰো নিৰ্দেশত বিহু নচলে বুলিও মন্তব্য কৰে শিল্পীগৰাকীয়ে। বিহু অসমীয়া জাতীয়ে সকলো সময়তে পাতিব। অসমীয়াৰ প্ৰাণত আছে বিহু

বিৰল মহাজাগতিক পৰিঘটনাৰ সন্মুখীন হ’ব বিশ্ববাসীঃ পৃথিৱীলৈ আহি আছে ভূ-চুম্বকীয় ধুমুহা…

আজি এক বিৰল মহাজাগতিক পৰিঘটনাৰ সন্মুখীন হ’বলৈ গৈ আছে বিশ্ব৷ সূৰ্যৰ পৰা ফিলামেন্ট বিস্ফোৰণৰ পাছত আজি পৃথিৱীলৈ আহিবলৈ সাজু হৈছে ভূ-চুম্বকীয় ধুমুহা৷ ৰাষ্ট্ৰীয় মহাসাগৰীয় আৰু বায়ুমণ্ডলীয় প্ৰশাসন, চমুকৈ এন.ও.এ.এ.-ৰ মতে, পৃথিৱীৰ ফালে অহা ভূ-চুম্বকীয় ধুমুহাটো এটা সৰু ধুমুহা হ’ব। এইটো ৩ মাৰ্চত সৌৰ কাৰ্যকলাপৰ দ্বাৰা উৎপন্ন হৈছিল। সূৰ্যৰ দ্বাৰা বৃদ্ধি হোৱা কাৰ্যকলাপৰ বাবে বুধবাৰে আৰু বৃহস্পতিবাৰে পৃথিৱী সৌৰ ধুমুহাৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰীয় মহাসাগৰীয় আৰু বায়ুমণ্ডলীয় প্ৰশাসন আৰু মহাকাশ বতৰ পূৰ্বানুমান কেন্দ্ৰৰ দ্বাৰা পূৰ্বানুমান এই পৰিঘটনাৰ পূৰ্বানুমান কৰা হৈছে। এন.ও.এ.এ.-য়ে টুইটাৰত কৈছিল যে প্ৰায় ২৫ ডিগ্ৰী দীঘল ফিলামেণ্টৰ পৰা এটা কৰোনেল মাছ ইজেকচন (চি.এম.ই.) ৩ মাৰ্চত সূৰ্যৰ পৰা ওলাই আহিছিল। ইয়াৰ ফলত, ভূ-চুম্বকীয় ধুমুহাই আজি পৃথিৱীত আক্ৰমণ কৰিব।


ধুমুহাটো ৭ এপ্ৰিলত সম্প্ৰসাৰিত হোৱাৰ সম্ভাৱনা আছে বুলি এন.ও.এ.এ.-ৰ পূৰ্বানুমানত কোৱা হৈছে। অৱশ্যে, পৃথিৱীৰ ফালে অহা ভূ-চুম্বকীয় ধুমুহাটো এটা সৰু ধুমুহা হ’ব, ইয়াক জি1 হিচাপে শ্ৰেণীবদ্ধ কৰি এন.ও.এ.এ.-য়ে কৈছিল৷ সাধাৰণতে ভূ-চুম্বকীয় ধুমুহাবোৰ জি1 আৰু জি5-ৰ মাজত শ্ৰেণীবদ্ধ কৰা হয়, পিছৰটো আটাইতকৈ শক্তিশালী। অধিক উচ্চতাত অৰোৰা ঠেলি দিয়াৰ উপৰিও, এই ধুমুহাই বৈদ্যুতিক প্ৰণালীবোৰক প্ৰভাৱিত কৰিব পাৰে, যাৰ ভিতৰত আছে পাৱাৰ গ্ৰিড আৰু শক্তি প্ৰকল্প, ৰেডিঅ’ আৰু উপগ্ৰহ যোগাযোগ, আৰু নেভিগেচন প্ৰণালী। ৪ মাৰ্চত এটা দ্বিতীয় ফিলামেণ্ট বিস্ফোৰণ ঘটিছিল, কিন্তু দেখা গৈছে যে সেই ঘটনাৰ চিএমইয়ে পৃথিৱীক প্ৰভাৱিত নকৰিব।

দুবছৰত বাঢ়িলে ৮ শতাংশ, আকৌ বাঢ়িব গাখীৰৰ দাম…

বজাৰত এতিয়া বস্তুৰ আকাশ লংঘী দাম। প্ৰতিটো সামগ্ৰীৰে বৃদ্ধি পাইছে দাম। এইবাৰ Amul গাখীৰৰ মূল্য পুনৰ বৃদ্ধি হ’ব পাৰে। বিষয়াসকলে মঙলবাৰে জনায় যে শক্তি, লজিষ্টিক আৰু পেকেজিং ব্যয় বৃদ্ধিৰ বাবে আমূল গাখীৰৰ মূল্য বৃদ্ধি হ’ব পাৰে। অৱশ্যে, তেওঁলোকে কৈছে যে দাম কিমান বাঢ়িব সেয়া কোৱাৰ অৱস্থাত নাই।

আমুলৰ এমডি আৰ এছ ছোধীয়ে সংবাদ মাধ্যমক জনায় যে ইয়াৰ পৰা মূল্য হ্ৰাস নহ’ব পাৰে কিন্তু বাঢ়িব। ছোধীয়ে কয় যে সমবায়টোৱে যোৱা দুবছৰত মূল্য ৮ শতাংশ বৃদ্ধি কৰিছে, যাৰ ভিতৰত আছে যোৱা মাহত গাখীৰৰ মূল্য প্ৰতি লিটাৰত ২ টকা বৃদ্ধি।

ৰণবীৰ-আলিয়াৰ বিয়া কেতিয়া? 

আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ বিবাহক লৈ সৰ্বত্ৰে চৰ্চা হৈ পৰিছে এতিয়া। সঁচাকৈ হ’ব নেকি ৰণবীৰ-আলিয়াৰ বিয়া? তাৰ উত্তৰৰ অপেক্ষাত আছে আলিয়া-ৰণবীৰৰ অনুৰাগীসকল। বিগত দুটা বছৰত আলিয়া আৰু ৰণবীৰৰ বিয়াক লৈ সামাজিক মাধ্যমত ভাইৰেল হৈ আছিল, আৰু এই বিষয়টোৰ ওপৰত আলিয়াই কয় যে, “যেতিয়া মই সঁচাকৈয়ে বিবাহপাশত আৱদ্ধ হ’ম, হয়তো মানুহে তেতিয়াও ইয়াক উৰাবাতৰি বুলি ভাৱিব।”

যোৱা কেইদিনমানৰ পৰা বলীউডত আলিয়া-ৰণবীৰৰ বিবাহৰ খবৰ বিয়পি পৰিছে। খবৰ অনুসৰি ৰণবীৰ আৰু আলিয়াই এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহত বিবাহ পাশত আবদ্ধ হ’ব। কাপুৰ আৰু ভাট পৰিয়ালৰ এগৰাকী ঘনিষ্ঠ ব্যক্তিয়ে জনায় যে, আলিয়াৰ ককা বহুত অসুস্থ, আৰু তেওঁৰ ইচ্ছা – মৃত্যুৰ আগে নাতিনীয়েক আলিয়াৰ বিয়া চোৱা। ছনি ৰাজদানৰ দেউতাক এন ৰাজদানে ৰণবীৰক বৰ ভাল পায়। তেওঁ বিচাৰে যে ৰণবীৰ আৰু আলিয়া সোনকালেই বিবাহপাশত আৱদ্ধ হওক। তাৰকা দম্পতীটোৱে তেওঁলোকৰ ককাকৰ ইচ্ছাৰ বাবেই বিয়া কৰাৰ সিদ্ধান্ত লৈছে। সূত্ৰ অনুসৰি, ৰণবীৰ-আলিয়াই ১৭ এপ্ৰিলত বিবাহপাশত আৱদ্ধ হোৱাৰ কথা। অৱশ্যে আলিয়াৰ ককাৰ অসুস্থতাৰ বাবে বিবাৰ তাৰিখ সলনিও হ’ব পাৰে।

ইতিমধ্যে ৰণবীৰ কাপুৰৰ পৰিয়ালৰ লোকসকলে আলিয়াক বোৱাৰীৰ দৃষ্টিৰে গ্ৰহণ কৰিছে। গতিকে এই বিবাহখন অতিৰিক্ত জাকজমকতা নকৰাকৈ অতি সৰল ভাৱে অনুষ্ঠানটো সম্পূৰ্ণ কৰিব। মঙলবাৰে ৰণবীৰ-আলিয়াৰ বিবাহৰ উৰাবাতৰি লৈ ৰণবীৰৰ বৰদেউতা ৰণধীৰ কাপুৰে জনায় যে, “মই এতিয়া মুম্বাইত নাই, মই বিবাহৰ বিষয়ে জ্ঞাত নহয়, যদি আমৰ পৰিয়ালৰ মাজত বিবাহৰ কথা চলিছে তেন্তে মই নিশ্চিত যে মোক তেওঁলোকে এই বিষয়ে লৈ অবগত কৰিব। সত্যটো কি আপোনালোকে কেইদিনৰ পিছতে জানিব পাৰিব। “