Home Blog Page 2492

নগাঁৱত ফল-মুল সংৰক্ষণমূলক প্রশিক্ষণ শিৱিৰ সম্পন্ন…

নগাঁও জিলাত প্রায় ২১০০ হাজাৰ হেক্টৰ মাটি কালিত নানা ধৰণৰ শাক – পাচলিৰ লগতে বিভিন্ন প্ৰকাৰৰ ফল মূলৰ খেতি কৰা হয় । এই ফল মুলৰ খেতিৰ দ্বাৰা কৃষকসকল প্রত্যক্ষ পৰোক্ষভাৱে উপকৃত হোৱাৰ লগতে মহিলাসকলো ক্ষুদ্র উদ্যোগৰ দ্বাৰা আত্মনির্ভশীল হোৱাৰ বহু উদাহৰণ আছে । ফল – মূলৰ পৰা জাম , জেলি , চৰবত , আচাৰ আদি বনাই ঘৰখনৰ চাহিদা পূৰণ কৰাৰ উপৰিও এইসমূহ খাদ্য সামগ্রী বিক্ৰীৰ দ্বাৰা মহিলাসকল আৰ্থিকভাৱে বহুপৰিমাণে উপকৃত হ’ব পাৰে । এই মন্তব্য নগাঁও জিলা কৃষি বিষয়া তৰুণ হাজৰিকাৰ । জিলা কৃষি বিষয়াৰ অন্তৰ্গত নগাঁৱৰ সমূহীয়া ফলমূল সংৰক্ষণ প্রশিক্ষণ তথা কেন্দ্রৰ কাৰ্যালয়ত মহিলা সবলীকৰণ কাৰ্যসূচীৰ অংশ হিচাপে ১০ জনীয়া এক মহিলা গোটৰ সদস্যাসকলক বিনামূলীয়াকৈ প্রশিক্ষণ দিয়াৰ এক সুবিধা কৰা হৈছে । এই ৬ দিনীয়া বিনামূলীয়া ফল মুল প্ৰশিক্ষণৰ দ্বাৰা মহিলাসকলক বিজ্ঞানসম্মত ভাৱে জাম , জেলি , চৰবত , আচাৰ ইত্যাদি বনোৱাৰ কৌশলবোৰ ব্যৱহাৰিকভাৱে শিকোৱাৰ লগতে বিভিন্ন প্ৰকাৰৰ  দিহা পৰামৰ্শ দিয়া হয় ।

যাতে প্রশিক্ষণপ্রাপ্ত মহিলাসকলে স্বাধীনভাবে এই খাদ্যসামগ্ৰীবোৰ প্ৰস্তুত আৰু সংৰক্ষণ কৰি নিজক নিজেই আত্মনিৰ্ভৰশীল হ’ব পাৰে । নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১০ গৰাকী উদ্যমী মহিলাই এই ৬ দিনীয়া প্ৰশিক্ষণ কাৰ্যসুচীত অংশগ্ৰহণ কৰে । প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত নগাঁও জিলা কৃষি বিষয়া তৰুণ হাজৰিকাই প্ৰশিক্ষার্থীসকলক ব্যবহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰি জাম , জেলি , চৰবৰ্তৰ ক্ষুদ্ৰ উদ্যোগ খুলি নিজৰ লগতে আন মহিলাসকলক উৎপাদনমুখী হ’বলৈ আহ্বান জনায় । আনহাতে প্রত্যেকগৰাকী প্রশিক্ষণ প্রাপ্ত মহিলাক একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হয় । উক্ত অনুষ্ঠানত মহকুমা কৃষি বিষয়া মুকুল ভাৰতী নাথ , অমিয় সিংহা , ৰঞ্জন ডেকা , মিজানুৰ ৰহমান চৌধুৰী , প্রশিক্ষক বিষ্ণুজিৎ পাল আৰু কল্যাণ বৰুৱা উপস্থিত থাকে । পৰবৰ্তী সময়তো গ্ৰামাঞ্চলৰ লগতে চহৰাঞ্চলৰ মহিলা সকলক এই ধৰণৰ বিভিন্ন ফলমুলৰ দ্বাৰা জাম,জেলি,আচাৰ,চৰৱত আদি বনোবাৰ প্ৰশিক্ষণ প্ৰদান কৰা হব বুলি জিলা কৃষি বিষয়া তৰুণ  হাজৰিকাই জানিব দিছে ৷

ব্ৰহ্মো’ছ ক্ষেপনাস্ত্ৰ বিক্ৰী কৰাৰ আগতে ভাৰতে লৈছে নেকি ৰাছিয়াৰ অনুমতি?

ভাৰত চৰকাৰে ফিলিপাইছ চৰকাৰৰৰ সৈতে ক্ষেপনাস্ত্ৰ বিক্ৰীৰ এক চুক্তি স্বাক্ষৰ কৰিছে। ভাৰত চৰকাৰে ইয়াৰ ব্ৰহ্মো’ছ ছুপাৰছ’নিক ক্ষেপনাস্ত্ৰ দিব বিচাৰিছে ফিলিপাইনছক। ভাৰত-ৰুছৰ যৌথ উদ্যোগত বিকশিত হোৱা ব্ৰহ্মো’ছ ছুপাৰছ’নিক ক্ষেপনাস্ত্ৰ ফিলিপাইনছক বিক্ৰী কৰিব ভাৰতে। এনে সময়তে প্ৰশ্ন উত্থাপিত হৈছে ভাৰতে ৰুছিয়াক সুধিহে ফিলিপাইনছক ব্ৰহ্মো’ছ ছুপাৰছ’নিক ক্ষেপনাস্ত্ৰ দিছে নেকি? ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবেই ভাৰতে ফিলিপাইনছক ব্ৰাহ্ম’ছ ক্ষেপনাস্ত্ৰ বিক্ৰী কৰিব নেকি? ফিলিপাইনছত থকা ভাৰতীয় ৰাষ্ট্ৰদূত শম্ভু কুমাৰনে ৰুচ-ইউক্ৰেইন যুদ্ধৰ মাজত ভাৰত-ফিলিপাইনছৰ প্ৰতিৰক্ষা চুক্তিৰ ওপৰত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কৈছে যে,যদিও ব্ৰহ্মো’ছ ছুপাৰছ’নিক ক্ষেপনাস্ত্ৰ ভাৰত আৰু ৰুছিয়া দুয়োৰে সহযোগত তৈয়াৰ কৰা হৈছে চুক্তি স্বাক্ষৰ হৈছে ভাৰত আৰু ফিলিপাইনছৰ মাজত হে। অনন্ত কেন্দ্ৰৰ দ্বাৰা আয়োজিত,”The Philippines: India’s new Indo-Pacific partner”শীৰ্ষক এক আলোচনাচক্ৰত তেওঁ কয় যে, ফিলিপাইনছৰ প্ৰতিৰক্ষা সচিব লৰেঞ্জনাই ব্ৰহ্মো’ছৰ ওপৰত বিশ্বাস ৰাখিছে আৰু তেওঁ কৈছে যে, ভাৰতে ব্য়াপকভাবে ইয়াৰ ব্য়বহাৰো কৰে।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে,যিহেতু ভাৰতে ব্ৰহ্মো’ছ ৰুছিয়াৰ সহযোগত তৈয়াৰ কৰে। ভাৰতে ফিলিপাইনছৰ ,সৈতে হোৱা চুক্তিৰ পূৰ্বেই অৱগত কৰিছিল নেকি ৰুছিয়াক? আনহাতে, ভাৰতৰ প্ৰতিৰক্ষা বিশেষজ্ঞ ৰাহুল বেদীয়ে কয় যে, ব্ৰহ্মো’ছ চুক্তি হোৱাৰ আগতেই ভাৰত আৰু ৰুছিয়াৰ মাজত বৌদ্ধিক অধিকাৰক লৈ বাৰ্তালাপ হৈছিল ।কুমাৰনে লগতে কয় যে ভাৰতৰ পৰা ব্ৰহ্মোছ ক্ৰয় কৰাৰ সিদ্ধান্তটো শীৰ্ষ পৰ্যায়ত লোৱা এক ৰাজনৈতিক সিদ্ধান্ত। দুয়োখন দেশৰ ৰাজনৈতিক বুজাবুজিয়ে চুক্তিখন সফল কৰি তুলিছে। ভাৰত আৰু ফিলিপাইনছৰ মাজত হোৱা ব্ৰহ্ম’ছ ছুপাৰছ’নিক ক্ষেপনাস্ত্ৰৰ প্ৰথমখন চুক্তি যোৱা বছৰ মাৰ্চত স্বাক্ষৰিত হৈছিল, দ্বিতীয় চুক্তিখন নৱেম্বৰত স্বাক্ষৰিত হৈছিল আৰু ২০২২ চনৰ জানুৱাৰীতো চুক্তি এখন স্বাক্ষৰিত হৈছিল। বৰ্তমানেও ভাৰত প্ৰতিৰক্ষা ৰপ্তানিৰ ক্ষেত্ৰত যথেষ্ট পিছ পৰি আছে। দেশখনে বেছিভাগ অস্ত্ৰৰ বাবে ৰাছিয়াৰ ওপৰতে নিৰ্ভৰশীল। অৱশ্যে বৰ্তমানসময়ত ভাৰতে অস্ত্ৰ ৰপ্তানিৰ ওপৰত জোৰ দিবলৈ আৰম্ভ কৰিছে। ভাৰত-ফিলিপাইনছ ব্ৰহ্মো’ছ প্ৰতিৰক্ষা চুক্তিৰ মূল্য ৩৭৪ নিযুত ডলাৰ, যাক বৰ্তমান সময়লৈকে ভাৰতৰ সৰ্ববৃহৎ থলুৱা অস্ত্ৰ বিক্ৰয় সংক্ৰান্তীয় প্ৰতিৰক্ষাৰ চুক্তি বুলি গণ্য কৰা হয়।

বঙাইগাঁৱত বিজেপিৰ প্ৰতিষ্ঠা দিৱস পালন…

ভাৰতীয় জনতা পাৰ্টিৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস বুধবাৰে বঙাইগাঁৱতো পালন কৰা হয়৷ বঙাইগাঁও জিলা বিজেপি কাৰ্যালয়ত পালন কৰা দলটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচী মুকলি কৰে জিলা সভানেত্ৰী হিমানী অধিকাৰীয়ে । তাৰ পিছতেই জিলাৰ বিষয় ববীয়া আৰু কাৰ্যকৰ্তাসকলৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়। জিলা বিজেপিৰ সাধাৰণ সম্পাদক শংকৰ বিশ্বাসে আঁত ধৰা সভাত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য সুকেন ৰায় আৰু জিলা সভানেত্ৰী হিমানী অধিকাৰীয়ে ভাৰতীয়  জনতা পাৰ্টিৰ স্বৰ্ণিল  ইতিহাস সোঁৱৰণ কৰি প্ৰতিষ্ঠা দিৱস সম্পৰ্কত  ভাষণ ৰাখে । সভাত জিলা বিজেপিৰ প্ৰাক্তন সভাপতি গোপেশ্বৰ তালুকদাৰৰ লগতে জ্যোতিৰ্ময় সৰকাৰ, ডাঃ ইতেশ বৰদলৈ, জিলা যুৱ মৰ্চাৰ সভাপতি সঞ্জয় ৰায় আদিও উপস্থিত থাকে ৷

সেইদৰে পুৱা ১০ বজাৰ পৰা ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল সভাযোগে কাৰ্যকৰ্তাসকলক উদ্দেশ্যি কৰা সম্বোধন শুনে । তাৰ পিছতে  জিলা কাৰ্যালয়ৰ পৰা ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে জিলা বিজেপিৰ উদ্যোগত মহিলা মৰ্চা, যুৱ মৰ্চা সমন্বিতে এক শোভাযাত্ৰা উলিয়ায় । উল্লেখ্য যে ৬ এপ্ৰিলৰ পৰা ২০ এপ্ৰিললৈ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি জিলা  বিজেপিয়ে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিব ৷ ইপিনে বঙাইগাঁও পৌৰসভাৰ ২ নং ৱাৰ্ডত পালন কৰা দলৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰে স্থানীয় ৱাৰ্ড কমিচনাৰ সৰস্বতী সৰকাৰে ৷ প্ৰতিষ্ঠা দিৱস উলক্ষে এক শোভাযাত্ৰা উলিওৱাৰ লগতে বিজেপিৰ কাৰ্যকৰ্তাসকলে একেলগে সমবেত হৈ প্ৰধানমন্ত্ৰীৰ ভাৰ্চুৱেল ভাষণ শুনে ৷ দলটোৰ প্ৰতিষ্ঠা দিৱস প্ৰতিটো ৱাৰ্ড, মণ্ডল আৰু বুথ পৰ্যায়ত পালন কৰে ৷ 

শিৱসাগৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যদ্ধিৰ প্ৰতিবাদত আছুৰ বিক্ষোভ প্ৰদৰ্শন…

অত্যাৱশ্যকীয় সামগ্ৰীৰ দ্ৰুতহাৰত মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি শিৱসাগৰ  জিলাৰ মুক্তি নাথ চাৰিআলিত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই। প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছুৰ প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে। প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰখনৰ ব্যৰ্থতাৰ বাবেই পেট্ৰল’জাত সামগ্ৰী, ৰন্ধন গেছৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য দ্ৰুত হাৰত বৃদ্ধি পোৱা বুলি উল্লেখ কৰি অসমৰ সাধাৰণ জনতাৰ এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা বুলিও উল্লেখ কৰে আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমীৰণ ফুকনে।

লগতে তেওঁ চৰকাৰ খনৰ মন্ত্ৰী-বিধায়কৰ বণিক গোষ্ঠীক নাকী লগাবৰ নোৱাৰাৰ বাবেই খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰে জনসাধাৰণক কোঙা কৰি পেলোৱা বুলি দোষাৰোপ কৰে।অন্যহাতে চৰকাৰ খনৰ মন্ত্ৰী-বিধায়কৰ বিভিন্ন অচিলাৰে ব্যাপক হাৰত কমিছন আদায় কৰাৰ বাবেই অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যাপক ৰূপত মূল্য বৃদ্ধি হোৱা বুলি অভিযোগ তুলিছে সংগঠনৰ নেতৃবৃন্দই। শিৱসাগৰ জিলাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ এই প্ৰতিবাদত অৰ্ধশতাধিক সদস্যই প্ৰতিবাদত অংশগ্ৰহণ কৰি পৰিবেশ উত্তাল কৰি তোলে।

গোলকগঞ্জত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু বজৰং দলৰ সভাপতি…

ধুবুৰী জিলা সমিতিৰ উদ্যোগত কাৰ্যকর্তা সন্মিলন আৰু ত্ৰিশূল দীক্ষা সমাৰোহ অনুষ্ঠানত  আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সভাপতি ডাঃ প্ৰবীণ ভাই টোগৰীয়া উপস্থিত হৈ হিন্দু সুৰক্ষা সন্দৰ্ভত ভাষন প্ৰদান কৰে।ভাষন প্ৰসংগত কয় যে ভাৰত বৰ্ষ এখন দেশ যিখন ভাগ কৰি কৰি তিনিখন দেশ ক্ৰমে বাংলাদেশ, পাকিস্তান, পিছত আফগানিস্তান হয় ।। ভূমি আমাৰ ,ৰাজ্য আমাৰ । কিন্তু সংকট ত হিন্দু ।সুৰক্ষা দিম ধুবুৰীৰ হিন্দুক।এগৰাকী হিন্দুৰ হৈ অসম ,ভাৰতৰ হিন্দু থিয় দিব ,হিন্দুৰ বাবে শপত পাঠ কৰায় টোগড়ীয়াই।দুই কোটি হিন্দু ক থিয় কৰাম ত্ৰিশুল সমাৰোহত ।আমি যদি মৰি নাযাওঁ তেন্তে ভয় কিয় খাম ।টোগড়ীয়াই ভাষনত জেহাদি সন্দৰ্ভত  জেহাদিক সতৰ্ক বাণী শুনায়। টোগড়ীয়া হিন্দুৰ বাবে আছে ।হিন্দু ক ৰক্ষা কৰিবলৈ পুলিচ আৰু সেনা বাহিনীক যোগদান কৰিব লাগিব ।

NRC সন্দৰ্ভত কয় য়ে1951  পিছত অহা মুছলমান বাংলাদেশীক বাংলাদেশ লৈ প্ৰেৰণ কৰিব লাগিব ।DNA পৰীক্ষা কৰি ৫০ লাখ বাংলাদেশীক ভাগ কৰি পঠাব লাগিব বাংলাদেশত ।হিন্দুৰ লগত অসমৰ লগত গোটেই ভাৰত বৰ্ষ আছে ।অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ দি কয় য়ে, এক হেজাৰ হেক্টৰ মাটি বাংলাদেশীৰ পৰা মুক্ত কৰাত । হিন্দু সুৰক্ষা আৰু সমৃদ হিন্দু , এক হিন্দু ।গৰিব মুক্ত ভাৰত,শ্ৰমিক আৰু কৃষক সন্দৰ্ভত  কয় য়ে কৃষক ছয় হেজাৰ দিয়াৰ লগতে শ্রমিকক ছয় হেজাৰ দিলে দেশ সমৃদ হব ।কোনো ঔৰং দেৱৰ পুত্ৰক থাকিবলৈ দিয়া নহব অসমত।অসম আৰু ভাৰতৰ হিন্দু এক হলে বাংলাদেশী যাবই ।আমাৰ ভাষা বেলেগ হলেও আমি সকলোৱে মা কামাখ্যা দেৱীৰ পুত্ৰ ।ভাৰত 2 কোটি আৰু অসমত 5 লাখ ক ত্ৰিশূল ধাৰী বনাব ভাষন প্ৰসংগত উল্লেক টোগড়ীয়াই ।

ৰাষ্ট্ৰীয় অভিলেখেৰে ফেডাৰেছন কাপত স্বৰ্ণপদক লাভ হিমা, অম্লানৰ…

ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ নৱতম চাঞ্চল্য হিচাপে চিহ্নীত হৈছে অসমৰ অম্লান বৰগোঁহাই। ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ইতিহাস সৃষ্টি কৰি অসমৰ এইগৰাকী খেলুৱৈয়ে অৰ্জন কৰিছে স্বৰ্ণ পদক। কেৰালাৰ কালিকটত অনুষ্ঠিত হৈ থকা ২৫ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ এথলেটিকছ প্ৰতিযোগিতাত অসমৰ অম্লান বৰগোঁহাইয়ে লাভ কৰিছে স্বৰ্ণ পদক। পুৰুষৰ ২০০ মিঃ দৌৰত অম্লান বৰগোঁহাইয়ে ২০.৫২ ছেকেণ্ডত ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰি এই সফলতা অৰ্জন কৰিছে। প্ৰথম গৰাকী অসমীয়া খেলুৱৈ হিচাপে অম্লানে অহা জুলাইত আমেৰিকাৰ অৰেগণত অনুষ্ঠিত হ’বলগীয়া বিশ্ব ছিনিয়ৰ চেম্পিয়নশ্বপলৈও যোগ্যতা অৰ্জন কৰিছে ।

আনহাতে অম্লানে এই প্ৰদৰ্শনেৰে ২২ সংখ্যক এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰিছে। উল্লেখ্য যে, ধিং এক্সপ্ৰেছ হিমা দাসেও মহিলাৰ ২০০ মিটাৰ দৌৰত ২৩.৬৩ ছেকেণ্ডেৰে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে । হিমা দাস আৰু অম্লান বৰগোঁহাইৰ এই সফলতাৰ পিছতেই ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীৰ লগতে অসমৰ এথলেটিকছ ক্ষেত্ৰখনলৈ এক নতুন বাৰ্তাৰ আগমন ঘটিছে। দুয়োগৰাকী খেলুৱৈৰ সাফল্যত অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ আৰু সম্পাদক অশোক ভড়ালীৰ লগতে অসমবাসীয়ে দুয়োগৰাকী খেলুৱৈলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

মূল্য বৃদ্ধি ৰোধৰ দাবীত গোলাঘাট জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ৰ সন্মুখত আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

মূল্য বৃদ্ধি ৰোধৰ দাবীত গোলাঘাট জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ৰ সন্মুখত আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ l অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে মাধমাৰ সোধাইছে ৰাজ্যবাসীক l মূল্য বৃদ্ধি ৰোধৰ দাবীত আজি গোলাঘাট জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ত সন্মুখত আঞ্চলিক ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে l

শীঘ্ৰে যদি চৰকাৰে এওঁ লোকৰ দাবী সমূহ মানি নলয় তেনেহলে ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে

চতিয়াৰ দক্ষিণাঞ্চলত ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়া,চপৰাচপৰে খহাইছে গৰা

চতিয়াৰ দক্ষিণাঞ্চলৰ শিঙিমাৰীত মহাবাহু ব্ৰহ্মপুত্ৰৰ আৰাম্ভ হৈছে তীব্ৰ গৰাখহনীয়া।চপৰা চপৰে খহিছে গৰা। যোৱা তিনিটা দিন ধৰি ব্ৰহ্মপুত্ৰই অঞ্চলটোৰ সৃষ্টি কৰা গৰাখহনীয়াই অঞ্চলবাসী ৰাইজক চিন্তিত কৰি তুলিছে। বিগত সময়চোৱাত চতিয়াৰ এই অঞ্চলত গৰাখহনীয়াৰ কবলত পৰি বহু গাঁও নদীৰ বুকুত জাহ যোৱাৰ পাছত এইবেলিও গৰাখহনীয়াৰ সৃষ্টি হৈ ব্ৰহ্মপুত্ৰ নদী পানপুৰ বিশ্বনাথ মথাউৰিৰ কাষ চাপি অহাত চিন্তিত হৈ পৰিছে অঞ্চলবাসী।

উল্লেখ্য যে বিগত সময়ত চতিয়াৰ দক্ষিণ অঞ্চলত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ৰোধৰ বাবে কোটি কোটি টকাৰ আচঁনি গ্ৰহণ কৰা হৈছিল যদিও গৰাখহনীয়া সমস্যাৰ সমাধান ন’হল। শীঘ্ৰেই খহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্হানীয় ৰাইজৰ লগতে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে।

উপ-নিৰ্বাচনৰ পৰ্যায় শেষ হোৱাৰ পিছতে অমিত শ্বাহ বংগলৈ যাব

বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই বংগত সংগঠনটো শক্তিশালী কৰিবলৈ আগ্ৰহী।অমিত শ্বাহ এই মাহত বংগলৈ যোৱাৰ সম্ভাৱনা আছে। সূত্ৰঅনুসৰি, ৰাজ্যখনৰ উপ-নিৰ্বাচন পৰ্যায় শেষ হোৱাৰ পিছতহে তেওঁ বংগলৈ যাব পাৰে। জানিব পৰা গৈছে যে তেওঁ শিলিগুৰিৰ এখন চৰকাৰী অনুষ্ঠানত উপস্থিত থাকিব পাৰে। ইয়াৰ উপৰিও, তেওঁ ৰাজ্যখনৰ বিজেপি নেতাসকলৰ সৈতেও বৈঠক তৈয়াৰ কৰাৰ সম্ভাৱনা আছে। বিজেপিসূত্ৰৰ মতে, অমিত শ্বাহে এপ্ৰিলৰ মাজভাগত দুদিনীয়া ভ্ৰমণৰ বাবে বংগ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। এতিয়ালৈকে বাতৰি অনুসৰি, তেওঁ ১৬ আৰু ১৭ এপ্ৰিলত বংগলৈ আহিব পাৰে। বেংগল বিজেপিৰ সভাপতি সুকান্ত মজুমদাৰেও অমিত শ্বাহৰ বংগ ভ্ৰমণৰ সম্ভাৱনাৰ বিষয়ে কৈছিল। “এই মাহত তেওঁ (অমিত শ্বাহ) এখন চৰকাৰী অনুষ্ঠানত উপস্থিত থাকিব বুলি আশা কৰা হৈছে। আনুষ্ঠানিক অনুষ্ঠানটো এতিয়াও চূড়ান্ত কৰা হোৱা নাই। যদি এইটো চূড়ান্ত হয়, তেওঁ নিশ্চিতভাৱে আহিব।”

এতিয়ালৈকে বাতৰি অনুসৰি, শিলিগুৰিত তেওঁৰ দুটা চৰকাৰী কাৰ্যসূচী আছে।এই দুটা চৰকাৰী কাৰ্যসূচীৰ পিছত, তেওঁ দলটোৰ ৰাজ্যিক নেতৃত্বৰ সৈতে এখন বৈঠক তৈয়াৰ কৰিব। অমিত শ্বাহ প্ৰায় এবছৰৰ পিছত বংগলৈ আহি আছে।২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পিছত তেওঁ প্ৰথমবাৰৰ বাবে ৰাজ্যলৈ আহিছে। মন কৰিব লগীয়া যে তেওঁৰ ভ্ৰমণসূচী আগতে এবাৰ ঠিক কৰা হৈছিল, কিন্তু পিছত ইয়াক বাতিল কৰা হৈছিল। অৱশ্যে, বংগ বিজেপিৰ সূত্ৰই কৈছিল যে এইবাৰ তেওঁৰ বংগভ্ৰমণসূচী প্ৰায় চূড়ান্ত আৰু তেওঁলোকে ‘শাহী’ বৈঠকৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।

তৃণমূলৰ মুখপাত্ৰ কুনাল ঘোষে কৈছিল যে তেওঁ আহি আছে। “আমি আশা কৰোঁ যে তেওঁ সীমান্ত ৰক্ষী বাহিনীক সীমান্তলৈ পৰ্বতবোৰ সঠিকভাৱে দিবলৈ ক’ব। কিয়নো, তেওঁৰ দলে অভিযোগ কৰিছে যে সীমান্তসঠিকভাৱে চলোৱা হোৱা নাই। আকৌ, তেওঁৰ কাৰ্যালয়ৰ বাহিনীয়ে পাহাৰীয়া হৈ আছে। এইটো বিৰোধী হৈ পৰিছে। তৃণমূল নেতাজনে লগতে কয়, “কিন্তু মই ভাবো যেতিয়া অমিত শ্বাহে তেওঁৰ দলৰ নেতাসকলৰ সৈতে এখন বৈঠক তৈয়াৰ কৰিব, তেতিয়া তেওঁ এটা পৃথক অঞ্চল বা মেজ তৈয়াৰ কৰিব। মূল বিজেপি, তেতিয়াৰ বিজেপি, পৰিভ্ৰমী বিজেপি আৰু অস্থায়ী বিজেপি। কাৰণ, আপুনি কিছুমান সাংসদক লগ কৰিব। কিন্তু ছয় মাহৰ পিছত, তেওঁলোক আৰু আপোনাৰ দলত নাথাকিব। সেই কাৰণে, তেওঁ অস্থায়ী বিজেপিৰ এখন মেজ ৰাখিব।”

তালিকাখনত কোনবোৰ ব্ৰেণ্ডৰ স্মাৰ্টৱাচ আছে চাওক

ঘড়ীটো এতিয়া স্মাৰ্ট,আৰু তেওঁ এবাৰ স্মাৰ্ট নোহোৱাকৈ সকলোৰে মণিবন্ধত ঘূৰি ফুৰিছে।এই মুহূৰ্তত দেশত বিভিন্ন ব্ৰেণ্ডৰ স্মাৰ্টৱাচ আছে। কম খৰচৰ পৰা অধিক ব্যয়বহুললৈকে, বেনামী ব্ৰেণ্ডৰ পৰা নামজাদা ব্ৰেণ্ডৰ স্মাৰ্টৱাচলৈকে দেশত বৃহৎ পৰিমাণত বিক্ৰী কৰা হৈছে। আৰু কিয় নহয়! মোক কওঁক এটা স্মাৰ্টৱাচে আপোনাক কিমান সহায় কৰে। একাধিক সতৰ্কবাৰ্তা দিব পাৰি, এলাৰ্মে কাম কৰিব পাৰে, এক গোট ক্ৰীড়া মোড থাকিব পাৰে, লগতে আপোনাৰ তেজৰ অক্সিজেনৰ স্তৰ (এছপিও2 মনিটৰ) জোখা যায়। আৰু আপুনি সস্তা হওঁক বা অধিক ব্যয়বহুল হওঁক, প্ৰায় সকলো স্মাৰ্টৱাচত সুবিধাবোৰ উনিশ-বিশ। এতিয়া প্ৰশ্ন টো হ’ল ২,৫০০ টকাৰ বাজেটত কোনটো স্মাৰ্টৱাচ ভাল হ’ব পাৰে (২,৫০০ টকাৰ তলৰ স্মাৰ্টৱাচ)? এই মূল্য পৰিসৰত একাধিক স্মাৰ্টৱাচ আছে। এনে পাঁচটা স্মাৰ্টৱাচৰ বিষয়ে বিৱৰণ জনা ওঁ আহক।স্মাৰ্টৱাচটোৰ মূল্য মাত্ৰ ২,২৪৯ টকা। ইয়াত ১.৬৯ ইঞ্চিৰ ডাঙৰ ৰঙৰ প্ৰদৰ্শন আছে। এই স্মাৰ্টৱাচটোৱে এটা চাৰ্জত ১২ দিনৰ বেটাৰী জীৱন দিব পাৰে।শৰীৰৰ উষ্ণতা চেন্সৰ আছে, যাৰ দ্বাৰা আপোনাৰ শৰীৰৰ তাপমাত্ৰা জোখা যায়। এই ঘড়ীৰ প্ৰদৰ্শনে ৫৩০ নিটচ পিক ব্ৰাইন প্ৰদান কৰিবলৈ সক্ষম, যি আপোনাক সূৰ্যৰ পোহৰতো যিকোনো পঢ়িবলৈ অনুমতি দিব পাৰে। এই আইপি ৬৮ প্ৰমাণিত স্মাৰ্টৱাচটো ধুলি আৰু পানী প্ৰতিৰোধী।

বটৰ বটৰ দুষ্ট স্মাৰ্টৱাচ মাত্ৰ ১,৯৯৯ টকাত মুকলি কৰা হৈছে। ইয়াৰ বাস্তৱ-সময়ৰ উষ্ণতা নিৰীক্ষণ কৰি, আপুনি আপোনাৰ শৰীৰৰ তাপমাত্ৰা জোখা বপাৰে। ঘড়ীটোৱে একাধিক ক্ৰীড়া পদ্ধতিৰ জৰিয়তে দুৰ্বল প্ৰদৰ্শন কৰিব পাৰে। ইয়াৰ উপৰিও, কল কৰাৰ পৰা পাঠ বাৰ্তা, সামাজিক মাধ্যমৰ অধিসূচনালৈ, সকলো সতৰ্কবাণিয়ে আপোনাক সময়মতে ঘড়ীটো দেখুৱাব পাৰে। ঘাম আৰু ধুলিৰ পৰা পৰিত্ৰাণ পাবলৈ নাওৰ স্মাৰ্টৱাচে এটা আইপি৬৮ ৰেটিং লাভ কৰিছে। আপুনি আপোনাৰ প্ৰিয় ফিটনেছ সঙ্গীক ঋতুস্ৰাৱচক্ৰ ট্ৰেকাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰে।নয়াজৰ এই ষ্টাইলিছ স্মাৰ্টৱাচটো কিনিবলৈ আপুনি 1,999 টকা উলিয়াব লাগিব। স্মাৰ্টৱাচটোৱে হৃদস্পন্দনৰ হাৰ ২৪ এক্স৭ নিৰীক্ষণ কৰিব পাৰে আৰু আইপি৬৮ প্ৰমাণপত্ৰও লাভ কৰিছে। স্মাৰ্টৱাচটোত ১.৪ ইঞ্চিৰ সম্পূৰ্ণ স্পৰ্শ প্ৰদৰ্শন আৰু এটা স্পটু মনিটৰ আছে। কাষ্টমাইজেবল আৰু ক্লাউড-আধাৰিত ঘড়ীৰ মুখ আছে আৰু মুঠ আঠটা ক্ৰীড়া মোডও আছে।

মাত্ৰ 1,999 টকা মূল্যৰ, স্মাৰ্টৱাচটোত একাধিক পাৱাৰ পেকড সুবিধা আছে। ঘড়ীটোত টাচ টু ৱেক আৰু লিফ্ট টু ৱেক ৰ দৰে আকৰ্ষণীয় সুবিধা বোৰ দিয়া হৈছে। এছ.পি.ও.২ মনিটৰ, এইচ.আৰ. মনিটৰ, স্লিপ ট্ৰেকাৰ আৰু সক্ৰিয় ক্ৰীড়া মোড আছে। স্মাৰ্টৱাচটোত ১.৩ ইঞ্চিৰ এইচডি ডিচপ্লে আছে। ঘড়ীৰ চেহেৰাটোও ভাল কিয়নো ইয়াৰ এটা সম্পূৰ্ণ ধাতুৰ শৰীৰ আছে।৪.২ ইঞ্চিৰ সম্পূৰ্ণ টাচস্ক্ৰীণ ইণ্টাৰফেচ থকা স্মাৰ্টৱাটটোৰ মূল্য মাত্ৰ ২,৪৯৯টকা। কম্প্যাক্ট ডিজাইনৰ এই স্মাৰ্টৱাচটোত 600-নেট ডিচপ্লে আছে, যি সূৰ্যৰ পোহৰতো এক উৎকৃষ্ট দৃশ্যমান অভিজ্ঞতা প্ৰদান কৰিব পাৰে। ৫ এটিএম পানীৰ প্ৰতিৰোধ থকাৰ বাবে এই স্মাৰ্টৱাচটো পানীৰ দ্বাৰা কোনো ধৰণে প্ৰভাৱিত নহ’ব। এই স্মাৰ্টৱাচটোত ১১০ তকৈও অধিক ক্ৰীড়া মোড আছে। আপুনি এই স্মাৰ্টৱাচটো ছয়টা ৰঙৰ প্ৰকাৰত ক্ৰয় কৰিব পাৰে।