Home Blog Page 2493

জামুগুৰিহাটত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে পেট্ৰল, ডিজেল, ৰন্ধন গেছৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে বিক্ষোভ কাৰ্যসূচী

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত বুধবাৰে সমগ্ৰ ৰাজ্যত ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে পেট্ৰল, ডিজেল, ৰন্ধন গেছৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰাৰ সমান্তৰালকৈ জামুগুৰিহাটতো সদৌ জামুগুৰি ছাত্র সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি ৰাজ্য চৰকাৰৰ যোগান বিভাগৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে৷

বিক্ষোভ কাৰ্যসুচীত সদৌ শোণিতপুৰ জিলা ছাত্র সন্থাৰ সভাপতি অভিজিত নাথৰ লগতে অসম জাতীয়তাবাদি যুৱ ছাত্ৰ পৰিষদৰ তেজপুৰ জিলা সমিতিৰ সভাপতি বিশ্বজিত কলিতাইও অংশগ্ৰহণ কৰে।

সূৰজ গগৈক ‘অমৰ মৃতক’ ঘোষণা আলফা স্বাধীনৰ

আলফা স্বাধীনৰ যোগাযোগকাৰী নাছিল শিৱসাগৰৰ সূৰয গগৈ
প্ৰেছ বিবৃতিযোগে আলফা স্বাধীন এ ঘোষণা কৰে এই কথা
সূৰয গগৈক ‘অমৰ মৃতক’ ঘোষণা আলফা স্বাধীনৰ

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনক লৈ অসম জাতীয় পৰিষদৰ ইস্তাহাৰ মুকলি

ইস্তাহাৰ মুকলি কৰিলে দলটোৰ সভাপতি লুৰিন জ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞাই , মুখ্য উপদেষ্টা বসন্ত ডেকাই

পৌৰ নিগমৰ নিৰ্বাচনত ২৫ টা ৱাৰ্ডত প্ৰাৰ্থী দিছে দলটোৱে ।

গুৱাহাটীত খিৰতি খাই হিচাপে চৰকাৰে ব্যবহাৰ কৰাৰ অভিযোগ।

চৰকাৰৰ সদ‌ইচ্ছা , পৰিকল্পনা হীনতাৰ বাবে উন্নয়ন হোৱা নাই গুৱাহাটীত ।
দোষ্ট হবিবুৰ ৰহমানৰ গুৱাহাটীকলৈ গোৱা পেৰদি গানেৰে আধাৰত অসম জাতীয় পৰিষদৰ ইস্তাহাৰ।

খোৱা পানীৰ যোগান, কৃত্ৰিম বান , জাৱৰ নিস্কাৰষন এই স্থান পাইছে AJP ৰ ইস্তাহাৰত।

ষ্ট্ৰিক লাইট , CCTVকেমেৰাৰ ব্যবস্থা কৰাৰ কথা প্ৰকাশ পাইছে ইস্তাহাৰত।

বিদ্যুৎ ৰ ৫০ ইউনিট বিনামূলীয়া কৰাৰ চেষ্টা কৰিব দলটোৱে

ইয়াৰ উপৰিও ইস্তাহাৰত আছে মহানগৰ বাসীৰ বাবে বহু প্ৰতিস্ৰুতি ।
ভৰলু নৈ ৰ

খোৱা পানী সমস্যা ক চৰকাৰে সমাধান কৰিব নোৱাৰাৰ অভিযোগ অনি ৰাইজৰ মাজলৈ যাব অসম জাতীয় পৰিষদৰ

গুৱাহাটী ৰ ৪ খন পানী যোগান আঁচনি ৰ নামত হোৱা দুৰ্নীতিৰ অভিযোগ দলটোৰ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে তামুলপুৰত সদৌ অসম ছাত্ৰ সন্থাৰ তামুলপুৰ আঞ্চলিক সমিতিৰ বিক্ষোভ কাৰ্যসূচী

মূল্যবৃদ্ধিৰ বিৰুদ্ধে তামুলপুৰত সদৌ অসম ছাত্ৰ সন্থাৰ তামুলপুৰ আঞ্চলিক সমিতিৰ বিক্ষোভ কাৰ্যসূচী।বিক্ষোভ কার্যসূচীত অংশ লয় ৰাভা ছাত্র সন্থা, শৰণীয়া কছাৰী ছাত্র সন্থাৰ উপৰিও কেইবাটাও জাতীয় ছাত্র সংগঠনৰ নেতা কৰ্মী।বিদ্যালয়ৰ শ্ৰেণী কোঠা এৰি ৰাজপথত প্ৰতিবাদত নামিল ছাত্র ছাত্ৰীও।ৰাজ্যজুৰি পেট্ৰল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে তামুলপুৰ আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী।হাতে হাতে বেনাৰ পোষ্টাৰ লৈ মূল্যবৃদ্ধি ৰোধ কৰক, যোগান মন্ত্ৰী হায় হায়, বিজেপি চৰকাৰ হায় হায়, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ আদি শ্লোগান দি উত্তাল কৰিলে তামুলপুৰৰ ৰাজপথ।তামুলপুৰ আঞ্চলিক ছাত্র সন্থাৰ কাৰ্য্যালয়ৰ পৰা উলিওৱা প্ৰতিবাদী সমদলটোৱে তামুলপুৰ জিলা সদৰৰ ৰাজপথ পৰিভ্ৰমণ কৰি এইদৰে বিক্ষোভ প্ৰদৰ্শন কৰে।

বিক্ষোভ কার্যসূচীৰ নেতৃত্ব গ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ ক্ৰীড়া সম্পাদক পূৰ্ণ ডেকা, সদৌ বাক্সা জিলা ছাত্র সন্থাৰ প্ৰাক্তন সভাপতি সোনেশ্বৰ কলিতাই।

টেঙাখাতত, টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থা উদ্যোগত মূল্য বৃদ্ধি ওপৰত বিক্ষোভ কাৰ্য্যসূচী

ডিব্ৰুগড় জিলা টেঙাখাত আৰক্ষী থানা অন্তগত টেঙাখাত মাজ মজিয়াত সদৌ অসম ছাত্ৰ সন্থা আহ্বানত মৰ্মে টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থা উদ্যোগত খাদ্য সামগ্ৰী ,ইন্ধন জাত সামগ্ৰী, নিৰ্মাণজাত সামগ্ৰী পৰা আৰম্ভ কৰি নিত্য ব্যৱহাৰ কৰা সামগ্ৰীৰ মূল্য বৃদ্ধি হ্ৰাস কৰা দাবীত বিক্ষোভ কাৰ্য্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হয় ৷ইন ক্লাৱ জিন্দাৱাদ ,মূল্য বৃদ্ধি ৰোধ কৰক, যোগান মন্তী হায় হায় ,বিজেপি চৰকাৰ হায় হায় ,আদি বিভিন্ন শ্লোগানে প্ৰতিবাদ তিব্বত কৰি তোলে ।

এই প্ৰতিবাদী কাৰ্য্যসূচী উপস্থিত থাকে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা উপ সভাপতি ধনজিৎ সন্দিকৈ,ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা সাহিত্য সম্পাদক অৰ্জুন চেত্ৰী ,ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা ক্ৰীয়া সম্পাদক উমানন্দ গোঁহাই ,টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থা উপদেষ্টা সিমান্ত হাজৰিকা,জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টেঙাখাত আঞ্চলিকৰ উপ সভাপতি গৌতম বৰুৱা,জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টেঙাখাত আঞ্চলিকৰ সাধাৰণ সম্পাদক জিন্টু মহন,টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থা সভাপতি অভিজিত শইকীয়া ,টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থা সাধাৰণ সম্পাদক প্ৰকাশ শইকীয়া উপস্থিত থাকে।

‘মাটিৰ শিপাৰ লগত সম্বন্ধ থকা ছাত্ৰই হে ভাষা, জাতি আৰু জীৱনৰ পূৰ্ণতাপ্ৰাপ্তিত উপনীত হয়’- ড° নন্দ সিং বৰকলা

ইংৰাজী শিক্ষাৰে শিক্ষিত হৈ ষ্টেণ্ড কৰিলেও আমাৰ অসমীয়া ছাত্ৰ ছাত্ৰীয়ে মাটিৰ শিপাৰ লগত সম্বন্ধ নাথাকিলে জীৱন হেৰুৱাই পেলাই। তেওলোক জাতিৰ সম্পদ হৈ উঠিব নোৱাৰে।মাটিৰ শিপাৰ লগত সম্বন্ধ থকা ছাত্ৰই হে ভাষা, জাতি আৰু জীৱনৰ পূৰ্ণতাপ্ৰাপ্তিত উপনীত হয় বুলি আজি শংকৰদেৱ শিশুনিকেতন ফিলবাৰীৰ ২০২২বৰ্ষত বিদ্যাৰম্ভ অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি সু-সাহিত্যিক, বিশিষ্ট কবি, অসমীয়া ভাষাৰ অন্যতম গৱেষক, মাকুমৰ দ্বিতীয় অসম আৰক্ষীৰ বাহিনীৰ অধিনায়ক ড’ নন্দ সিং বৰকলাই এনেদৰে কয়। ড’ বৰকলাই অতি গভীৰ ভাবে অসমীয়া ভাষাৰ মাধ্যমেৰে শংকৰদেৱ শিশুনিকেতনে দেখুওৱা আদৰ্শই মানৱ সম্পদ গঢ়াত অভূতপূৰ্ব বৰঙনি আগবঢ়াব বুলি আশা প্ৰকাশ কৰিছে । নিজৰ ভাষাতো হেৰাই গ’লে আইৰ মুখৰ মাতষাৰ নাথাকিলে আমাৰো অস্তিত্ব বিপন্ন হৈ যাব। সুৱদি সুৰীয়া আমাৰ ভাষাক লৈ স্বাভিমান আছে আৰু এই স্বাভিমানেই জাতিটোৰ ৰক্ষা কৱচ ৰূপে পৰিগণিত হব বুলি ড’ নন্দ সিং বৰকলাই অভিমত প্ৰকাশ কৰে।


শিক্ষাবিদ দ্ৰোণ চাৰিঙীয়া ফুকনে শংকৰদেৱ শিশুনিকেতন ফিলবাৰীৰ ২০২২ শিক্ষাবৰ্ষৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰাৰ লগতে শিক্ষাবিদ গৰাকীক নিকেতনৰ তৰফৰ পৰা সম্বৰ্ধনা ঞ্জাপন কৰা হয় । সমাজকৰ্মী বলি শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি ড’ নন্দ সিং বৰকলাক শংকৰদেৱ শিশুনিকেতন ফিলবাৰীৰ তৰফৰ পৰা সম্পাদক মৃণালজ্যোতি শইকীয়াৰ লগতে নিকেতনৰ বিষয়-ববীয়াসকলে চেলেং, গছপুলি আৰু প্ৰশষ্টি পত্ৰৰে সম্বৰ্ধনা ঞ্জাপন কৰে।
শিক্ষাবিদ জ্যোতি প্ৰসাদ শইকীয়া, হেৰেম্ব দেউৰী, সমাজকৰ্মী তথা সূৰ্যোদয়ৰ সঞ্চালক অখিল চন্দ্ৰ বৰুৱা আদিৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি, আচাৰ্য-আচাৰ্যা আৰু অভিভাৱক সকলেও অংশ গ্ৰহণ কৰা সভাখনিত নৃত্য, গীত আদিয়ে মুখৰিত কৰি তোলে।

চিকিৎসালয়ত কোনো চিকিৎসক নথকাত, বেজী দিলে পিয়নে

যেতিয়া চিকিৎসালয়ত কোনো চিকিৎসক আৰু নাৰ্চিং কৰ্মচাৰী নাছিল, আঘাতপ্ৰাপ্ত যুৱকজনক পিয়নে বেজী দিছিল। যুৱকজনক জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল কিয়নো তেওঁৰ অৱস্থা সংকটজনক হৈ পৰিছিল। ঘটনাটোৰ এটা ভিডিঅ’ও পোহৰলৈ আহিছিল য’ত পিয়নক বেজী দিয়া দেখা গৈছিল। যিসকল আহতৰ সৈতে আহিছিল তেওঁলোকেও এই সকলোবোৰ দেখি আচৰিত হৈছিল। জেৰাৰ সময়ত, এইটো প্ৰকাশ কৰা হৈছিল যে চিকিৎসকজনৰ অস্তিত্ব নাথাকিলে গোটেই কৰ্মচাৰীজনচিকিৎসালয়ৰ পৰা ওলমি আছিল। বিচিএমঅ’য়ে চিকিৎসালয়খনৰ অৱহেলাৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। ঘটনাটো ভিলৱাৰাৰ বদলিয়াচ চহৰত সংঘটিত হৈছিল।

দৰাচলতে, বদলিয়াছ বৰুন্ধনী ৰোডৰ ধৌলা ভাটাৰ ওচৰত এখন দ্ৰুতবেগী ট্ৰেইলাৰে বাইকখনক খুন্দা মাৰে। দুৰ্ঘটনাটোত ৰঞ্জিতৰ পুত্ৰ হুকুম সিং, ছোটা খেদানিবাসী, আঘাতপ্ৰাপ্ত হৈছিল। ঘটনাস্থলীৰ মানুহে তেওঁক চিকিৎসালয়লৈ লৈ গৈছিল।কিন্তু চিকিৎসক বা নাৰ্চিং কৰ্মচাৰী কোনোপোৱা নগ’ল। চিকিৎসালয়খনৰ পিয়ন শংকৰলাল শৰ্মাই আহতসকলক বেজী দিয়াৰ সময়ত লোকসকল হতবাক হৈছিল। তেওঁৰ অৱস্থা সংকটজনক হোৱাৰ পিছত তেওঁক জিলা চিকিৎসালয়লৈ লৈ যাবলৈ কোৱা হৈছিল।

নলবাৰী ৪১ খন সমিতিক আৰ্থিক অনুদান আগবঢ়াই জয়ন্ত মল্ল বৰুৱাই

ৰঙালী বিহু সমাগত । আৰু এইবাৰ চান্দা সংস্কৃতি বন্ধ কৰাৰ স্বাৰ্থত অসম চৰকাৰে বিহু সমিতিক প্ৰদান কৰিছে আৰ্থিক অনুদান। আৰু আজি নলবাৰীত বিহু সমিতিক এইদৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই প্ৰদান কৰিলে অনুদানৰ চেক।নলবাৰী সমষ্টিৰ ৪১ খন সমিতিক প্ৰদান কৰে আৰ্থিক অনুদান।

ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ একাংশ লাট মণ্ডলে এজনৰ মাটি আনজনৰ নামত কৰাৰ এক গুৰুতৰ অভিযোগ উখাপন হৈছে

এগৰাকী বৃদ্ধা মহিলাই প্ৰায় ২০ বছৰ ধৰি ধুবুৰী চক্ৰ বিষয়া কাৰ্য্যালয়ত ঘুৰি আছে যদিও লাট মণ্ডলে মহিলা গৰাকীৰ অভিযোগৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগ ।মহিলা গৰাকীৰ প্ৰায় ২০ বিঘা মাটিত বেদখল ভূ মাফিয়াৰ।

অভিযোগ মতে টকা নিদিলে ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ লাট মণ্ডলে কাম নকৰে।উল্লেখযোগ্য যে গৌৰীপুৰৰ চাৰালডাংগাৰ বাসিন্দা হৈছে মহিলা গৰাকী।বৃদ্ধা মহিলাৰ ১০ বিঘা মাটি লাট মণ্ডলে বেলেগৰ নামত দিয়া এক গুৰুতৰ অভিযোগ উখাপন হৈছে।যেতিয়াই নিজা মাটি ডোখৰত যায় তেতিয়াই বেদখলকাৰীয়ে বৃদ্ধা মহিলা গৰাকীক মাৰপিট কৰি খেদি দিয়া বুলি জানিবলৈ দিয়ে ভুক্তভোগী বৃদ্ধা গৰাকীয়ে৷

এই সন্দৰ্ভত যোৱা ২০২১ চনৰ মাৰ্চ মাহত লিখিত অভিযোগ দাখিল কৰা হৈছে যদিওঁ ভুক্তভোগী মহিলা গৰাকীয়ে আজিলৈকে কোনোধৰণৰ গুৰুত্ব নোপোৱাত আজি ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত এক হুলস্থূলীয়া পৰিবেশ কৰি তোলে বৃদ্ধা মহিলা গৰাকীয়ে ৷

হাটীগাঁৱস্থিত হোটেল পেৰাডাইছ ইনত যুৱকৰ ৰহস্য জনক মৃত্যু

হাটীগাঁও স্থিত হোটেল পেৰাডাইছ ইনত যুৱকৰ ৰহস্য জনক মৃত্যু।

নিশাৰ ভাগত তিনিজন যুৱক আহিছিল হোটেল খনত।

যুৱতীৰ সন্ধানত আহিছিল যুৱক তিনিজন ।

দালাল চক্ৰৰ প্ৰলোভনত যুৱতীৰ সৈতে নৈশ যাপন কৰিবলৈ আহিছিল যুৱক কেইজন।

প্ৰথমে বাৰত পাৰ্টি তাৰ পিছতেই হোটেলৰ কোঠাত চলিছিল যুৱতীৰ সৈতে পাৰ্টি ।

প্ৰতিজন যুৱকৰ লগত আছিল এগৰাকাকীকৈ যুৱতী।

নিশা হোটেলৰ 108 নম্বৰ কোঠাত মৃত্যু হোৱা যুবক জনৰ নাম ধ্ৰুৱজ্যোতি ডেকা ।

ফাইনেন্স কোম্পানীত কৰ্মৰত আছিল যুৱজন ।