Home Blog Page 2516

ধোনীৰ নেতৃত্বত ভাৰতৰ বিশ্বকাপ জয়ৰ ১১টা বছৰ…

আজি এটা বিশেষ দিন। আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেট দলে বিশ্ববাসীৰ দৰবাৰত জিলিকাই তুলিছিল ভাৰতবৰ্ষৰ নাম। ২০১১ চনৰ ২ এপ্ৰিলৰ দিনটোতে ভাৰতী ক্ৰিকেট দলটোৱে বিশ্বকাপ জয় কৰে। সেই সময়ত ভাৰতীয় ক্ৰিকেট দলটোৰ অধিনায়ক মহেন্দ্ৰ সিঙ ধোনীৰ নেতৃত্বত বিশ্বকাপত এই খিতাপ বুটলিবলৈ সক্ষম হৈছিল। বিশ্বকাপৰ ফাইনেল খেলখনত ভাৰতৰ বিৰুদ্বে প্ৰতিদন্দ্বিতা আগবঢ়াইছিল শ্ৰীলংকাই। ধোনীক বিশ্বকাপৰ ফাইনেল খেলখনত ৯১ ৰান সংগ্ৰহ কৰাৰ বাবে “মেন অফ দ্য মেচ” লাভ কৰাৰ বিপৰীতে যুৱৰাজ সিঙক “মেন অফ দ্য টুৰ্ণামেণ্ট” বঁটা প্ৰদান কৰা হৈছিল।

২০১১ চনৰ ক্ৰিকেট বিশ্বকাপ আছিল আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (আইচিচি) আয়োজিত দশম বিশ্বকাপ। প্ৰতিযোগিতাখন ২০১১ চনৰ ১৯ ফেব্ৰুৱাৰীৰ পৰা ২ এপ্ৰিলৰ ভিতৰত অনুষ্ঠিত হৈছিল। ভাৰত, শ্ৰীলংকা আৰু বাংলাদেশৰ দ্বাৰা সহ-আয়োজিত এই প্ৰতিযোগিতাখন ভাৰতীয় উপ মহাদেশত অনুষ্ঠিত হোৱা তৃতীয় বিশ্বকাপ আছিল। আইচিচিয়ে নিৰাপত্তাৰ কাৰণ উল্লেখ কৰি পাকিস্তানক অস্বীকাৰ কৰিছিল। ইয়াত ১৪ টা অংশগ্ৰহণকাৰী দল আছিল, য’ত আইচিচিৰ চাৰিজন সহযোগী সদস্য অন্তৰ্ভুক্ত আছিল- কেনিয়া, কানাডা, আয়াৰলেণ্ড আৰু নেডাৰলেণ্ড। ধোনীৰ নেতৃত্বত জয়ী হোৱা এই ক্ৰিকেট দলটোৱে ইতিহাস ক্ৰীড়া জগতত ইতিহাস ৰচনা কৰিছিল। এই জয়ৰ বাবে আজি সকলোৱে প্ৰশংসা কৰিছে টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়কজনক।

দিল্লী, পঞ্জাৱৰ পিছত এইবাৰ ‘আপ’ৰ টাৰ্গেট গুজৰাট….

দিল্লী, পঞ্জাৱৰ পিছত এইবাৰ নৰেন্দ্ৰ মোডীৰ গুজৰাটৰ ওপৰত চকু দিছে আম আদমী পাৰ্টিয়ে। শনিবাৰে আহমেদাবাদত কেজৰিৱালৰ সৈতে এক ৰোড শ্ব’ত অংশ লৈ পঞ্জাৱৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী ভগৱন্ত মানে কয়- দিল্লী, পঞ্জাৱৰ পিছত আমি এতিয়া গুজৰাট দখলৰ বাবে প্ৰস্তুত হৈছো। আমি নিশ্চিত যে গুজৰাটৰ সকলো কল্যাণকামী জনতা আমাৰ এই যাত্ৰাত সহযোগ কৰিব।

উল্লেখ্য যে, আহমেদাবাদত তিৰংগা শীৰ্ষক এক ৰোড শ্বত অংশ লৈছিল আম আদমীৰ শীৰ্ষ নেতাসকলে। এই ৰেলীত উপস্থিত আছিল অৰবিন্দ কেজৰিৱাল, ভগৱন্ত মানৰ উপৰিও আপৰ প্ৰায় সংখ্যক শীৰ্ষ নেতা। এই ৰোড শ্বৰ মাজতে এক অঘটনো সংঘটিত হল। কেজৰিৱালক সম্ভাষণ জনাই থাকোতে প্ৰায় ৩মহলীয়া অট্টালিকাৰ পৰা এগৰাকী সমৰ্থক পিছলৈ পৰিবলৈ লওঁতেই কোনোমতে প্ৰাণ ৰক্ষা কৰে আপৰ আন সমৰ্থক সকলে।

ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তত বৃহৎ সাংস্কৃতিক অনুষ্ঠান…

প্ৰতিকূল বতৰৰ মাজত ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভাৰত–বাংলাদেশ সীমান্তৰ বিষখোৱাত অসম চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগিতাত অনুষ্ঠিত হয় সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ‘সৰহদ কো স্বৰাঞ্জলি’’ নামৰ এটা বিশেষ অনুষ্ঠান যোৱা কালি অনুষ্ঠিত হৈ যায়। কালি নিশাৰ পৰাই ধাৰাষাৰ বৰষুণ। কিন্তু প্ৰতিকূল বতৰকো নেওচি হাজাৰ হাজাৰ লোকৰ উপস্থিতিত আজি ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভাৰত–বাংলাদেশ সীমান্তৰ সমীপৰ বিষখোৱাত অনুষ্ঠিত হয়  ‘‘সৰহদ কো স্বৰাঞ্জলি’’ নামৰ এক বিশেষ কাৰ্যসূচী । দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে সমগ্ৰ দেশ ব্যাপি উদযাপিত হৈ থকা ‘‘আজাদি কি অমৃত মহোৎসৱ’’ৰ সৈতে সংগতি ৰাখি জিলাখনৰ বিষখোৱাৰ ‘‘কাৰ্গিল পথাৰ’’ত অনুষ্ঠিত হয় এই অনুষ্ঠান।

গধূলিৰ পৰা আৰম্ভ হোৱা ‘‘সৰহদ কো স্বৰাঞ্জলি’’ অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকী জনপ্ৰিয় শিল্পীয়ে অংশগ্ৰহণ কৰে। কন্ঠশিল্পী জিতুল সোনোৱাল, সীমান্ত শেখৰ,  বিদ্যাসাগৰ, ববিতা শৰ্মা,  মন্মথ বৰুৱা, শৰত ৰাগ, জয় চক্ৰৱৰ্তী,  ত্ৰিৱেণী বুজৰবৰুৱাৰে ধৰি কেইবাগৰাকী স্থানীয় শিল্পীয়ে পৰিৱেশন কৰা সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ অঞ্চলটোৰ কেইবা হাজাৰো সীমান্তবাসী ৰাইজ উপস্থিত থাকে। ‘সৰহদ কা স্বৰাঞ্জলি’ৰ সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বে মঞ্চত অনুষ্ঠিত হয় চিনাকি তথা সম্বৰ্ধনা অনুষ্ঠান। 
ভাৰত মাতৃৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা সেই অনুষ্ঠানত  সীমান্ত চেতনা মঞ্চৰ ৰাষ্ট্ৰীয় সহ–সংযোজক প্ৰদীপণ, দিল্লীৰ প্ৰতিশযথা স্বেচ্ছাসেৱী সংগঠন ‘হন্স ফাউণ্ডেতন’ৰ বিভাগ সঞ্চালক প্ৰমুখ বিকাশ বাৰ্মা আৰু  প্ৰকল্প সন্ময়কাৰী বিনীত  ৰাৱত, অসমৰ প্ৰশাসন পৰিষদৰ সঞ্চালক প্ৰমোদ কলিতা, সীমান্ত চেতনা মঞ্চৰ জিলা সভাপতি নিখিল চন্দ্ৰ সৰকাৰ, সীমান্ত চেতনা মঞ্চৰ ৰাজ্যিক সাংগঠনিক সম্পাদক যোগেন ৰায়, সীমান্ত চেতনা মঞ্চৰ অভ্যৰ্থনা সমিতিৰ সভাপতি উপেন্দ্ৰনাথ চৌধুৰীকে ধৰি জনপ্ৰিয় শিল্পী জিতুল সোনোৱাল, সীমান্ত শেখৰ,  বিদ্যাসাগৰ, ববিতা শৰ্মা,  মন্মথ বৰুৱা, শৰত ৰাগ, জয় চক্ৰৱৰ্তী,  ত্ৰিৱেণী বুজৰবৰুৱা উপস্থিত থাকে। উক্ত সম্বৰ্ধনা অনুষ্ঠানৰ পিছত এখন সৰু তথ্যচিত্ৰ প্ৰদৰ্শিত হোৱাৰ পিছত সীমা সমস্যাৰ ওপৰত সীমান্ত’ নামৰ এখন নাট পৰিৱেশনেৰে ‘‘সৰহদ কা স্বৰাঞ্জলিৰ মূল আকৰ্ষণ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী আৰম্ভ হয়।বুলি , অভৰ্থনা সমিতিৰ কাৰ্য্য কৰী সভাপতি কৃপা সিন্ধু সৰকাৰ জনায়। ়়

ধুবুৰী ৰেলষ্টেচনৰ পথত কমিউনিষ্ট পাৰ্টিৰ কৰ্মীসকলে হাতে হাতে প্লেকাৰ্ড লৈ মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে প্ৰতিবাদ কৰে।

ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত ধুবুৰী চহৰৰ ৰেলষ্টেচনৰ পথত আজি কমিউনিষ্ট পাৰ্টিৰ কৰ্মীসকলে হাতে হাতে প্লেকাৰ্ড লৈ মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে বিভিন্ন শ্লোগানেৰে ধ্বনি দি এক  উত্তাল প্ৰতিবাদত সাব্যস্ত কৰে।

ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ কৰ্মীসকলে জানিবলৈ দিয়া মতে কেন্দ্ৰীয় চৰকাৰ শাসনত অহাৰ পিছৰেপৰাই অত্যাৱশ্যকীয় সামগ্ৰী সহ , প্ৰেট্ৰোল,ডিজেল আৰু ৰন্ধন গেছ জীৱনদায়ী ঔষধৰ মূল্য বৃদ্ধি কৰি আহিছে এই মূল্য বৃদ্ধিৰ ফলত দেশৰ জনতাৰ মাজত এক হাহাকাৰৰ সৃষ্টি হৈছে । মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনালে ধুবুৰী জিলাৰ কমিউনিষ্ট পাৰ্টিৰ কৰ্মীসকলে ।

শহুৰেকে নিজ বোৱৰীক ধৰ্ষণ কৰাৰ অভিযোগ

“মোৰ বিবাহ ২০২০ চনৰ ১১ জানুৱাৰীত দামোহত হৈছিল। বিয়াৰ পিছত দুমাহৰ বাবে এই সকলোবোৰ ভালদৰে চলিছিল। ইয়াৰ পিছত, শহুৰেকৰ অভিপ্ৰায়ৰ অৱনতি ঘটিল। মোৰ মূৰত এটা ফোঁহা আছিল। শাহুৱেকে ঔষধ গ্ৰহণ নকৰাত শহুৰেকে ঔষধ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলে। মই ভাবিছিলো, তেওঁলোকে মোক এজনী ছোৱালী বুলি ভাবে, কিন্তু তেওঁলোকে ঔষধ প্ৰয়োগ কৰাৰ অজুহাতত লেতেৰা কাম কৰিবলৈ আৰম্ভ কৰিছিল। কেতিয়াবা তেওঁ বুকুত হাত দি স্পৰ্শ কৰে, কেতিয়াবা তেওঁ পাকঘৰলৈ আহি বাহুত ভৰাই দিব। শহুৰেকে কেইবাবাৰো ধৰ্ষণ কৰিছিল। যেতিয়া তাই অত্যাধিক ভিৰ কৰিছিল, তাই তাইৰ স্বামীক কৈছিল, কিন্তু তাৰ বিপৰীতে তেওঁ মোক দোষাৰোপ কৰিছিল। মই আনকি অভিযোগ কৰিছিলো যে মোৰ আন কাৰোবাৰ সৈতে সম্পৰ্ক আছিল। ‘

এয়া হৈছে দামোহৰ বোৱাৰীৰ বেদনা, যিয়ে তাইৰ শহুৰেকৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছে। বোৱাৰীয়েকে অভিযোগ কৰিছে যে বিয়াৰ দুমাহৰ পৰা ই তাইৰ সৈতে ভুল কৰি আহিছে। এই দুবছৰত, শহুৰেকে তেওঁক কেইবাবাৰো ধৰ্ষণ কৰিছিল। যদি আপুনি স্বামীক এইটো ক’বলৈ সাহস কৰে, তেন্তে তেওঁৰ উত্তৰ আছিল – আপুনি ইয়াৰ যোগ্য, আপুনি আপোনাৰ দেউতাকৰ সৈতে শুব। মহিলাগৰাকীৰ এছএইচঅ’ সুষমা শ্ৰীবাস্তৱে কৈছিল যে মহিলাগৰাকীৰ অভিযোগত অভিযুক্ত শহুৰেকক গ্ৰেপ্তাৰ কৰা হৈছে। স্বামী পলাতক।স্বামীয়ে যদি সমৰ্থন নকৰে, শহুৰেকৰ সাহস বাঢ়িল।মহিলাগৰাকীয়ে কয় যে যেতিয়া স্বামীয়ে তেওঁক সমৰ্থন কৰা নাছিল, শহুৰেকৰ সাহস আৰু অধিক বৃদ্ধি পাইছিল। যেতিয়াই তাই ঘৰত অকলে থাকে, তাইৰ শহুৰেকে মোক ধৰ্ষণ কৰিব। মই কান্দিছো, কিন্তু কোনেও মোৰ কথা নুশুনে। তেওঁ দীৰ্ঘদিন ধৰি নীৰৱ আছিল, কিন্তু যেতিয়া তেওঁ অত্যাধিক ভিৰ কৰিছিল, তেওঁ তেওঁৰ পৰিয়ালক কৈছিল।

প্ৰৱল বৃষ্টিপাতৰ মাজতো বিদ্যামন্দিৰত উৰিল ৫০ খনকৈ পতাকা

নেৰা নেপেৰা বৃষ্টিপাতৰ মাজতে বাক্সা জিলাৰ ঐতিহ্যমণ্ডিত ভালুকদঙা বিদ্যামন্দিৰ হাইস্কুল, মেদাঘাটৰ আজিৰে পৰা দুদিনীয়াকৈ অনুস্থিত হৈছে সোণালী জয়ন্তী উৎসৱ ৷শনিবাৰে পুৱা সোণালী জয়ন্তী উৎসৱৰ পতাকা উত্তোলন কৰে ৫০ গৰাকী বিশিষ্ট, জ্যেষ্ঠ ব্যক্তিয়ে ৷স্থানীয় সমাজকৰ্মী তথা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কৃষ্ণকান্ত বসুমতাৰীয়ে বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰাৰ পাচত বৃক্ষৰোপন কৰে সমাজকৰ্মী উপেন দেউৰীয়ে ৷ইয়াৰ পাচতে প্ৰতিকুল বতৰকো নেওচি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ৷

ড: সৰ্বপল্লী ৰাধাকৃষ্ণণ শিক্ষক প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান চামতাৰ অধ্যক্ষ ড: তৰুন চন্দ্ৰ ভাগৱতীয়ে সঞ্চালনা কৰা “ৰাষ্ট্ৰীয় নতুন শিক্ষানীতি আৰু মাধ্যমিক স্তৰত ইয়াৰ প্ৰয়োগ ” বিষয়ৰ আলোচনা চক্ৰত আলোচক হিচাপে উপস্থিত থাকে ড: ৰৱীন শৰ্মা ,সহকাৰী অধ্যাপক জ্ঞানপীঠ ডিগ্ৰী কলেজ ,নিকাছি আৰু বাক্সা জিলা এৱছুৰ উপ সভাপতি বাসিৰাম ৰামছিয়াৰীয়ে ৷ প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰিদৰ্শক জ্যোতিষ হালৈয়ে ৷

দীপৰ বিলৰ কাষত ডাম্পিং গ্ৰাউণ্ডৰ বিৰোধিতা

দীপৰ বিলৰ কাষত ডাম্পিং গ্ৰাউণ্ডৰ বিৰোধিত

পামহী কাৰ্বিপাৰা ৰাইজৰ চৰকাৰ বিৰুদ্ধে ক্ষোভ

পশ্চিম বৰাগাওঁত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডে সৃষ্টি কৰিছে দূৰ্গন্ধময় পৰিৱেশ

গুৱাহাটী পৌৰ নিগমৰ কৰ্তৃপক্ষই জাবৰ নিষ্কাশনৰ নামত ভেকোঁ ভাওনা কৰা অভিযোগ

অহা ৭ দিনৰ ভিতৰত ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰি জাবৰ সমূহ উঠাই নিয়াৰ দাবী

দাবী মানি নললে গণতান্ত্ৰীক আন্দোলনৰ হুংকাৰ

ভাৰতৰ বৈদেশিক নীতিক প্ৰশংসা পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ

ৰুচো-ইউক্ৰেইন যুদ্ধৰ মাজত ভাৰতৰ বৈদেশিক নীতি ৰ আলোচনা চলি আছে। শেহতীয়াকৈ, পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে ভাৰতৰ বৈদেশিক নীতিৰ প্ৰশংসা কৰে। তেওঁ কৈছিল যে চুবুৰীয়া দেশৰ বৈদেশিক নীতি ইয়াৰ লোকসকলৰ স্বাৰ্থৰ বাবে। একে সময়তে, ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভে ইউক্ৰেইন সংকটৰ মাজত ভাৰতৰ স্থিতিৰ প্ৰশংসা কৰিছে।

ভাৰতৰ বৈদেশিক নীতিক কিয় প্ৰশংসা কৰা হৈছে সেইয়া আছে ৰহস্য আৰ্ৱতত।

অত্যাৱশ্যকীয় সামগ্ৰী_ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি শিৱসাগৰত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰতিবাদ।

অত্যাৱশ্যকীয় সা-সামগ্ৰী আৰু ইন্ধনজাত সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি শিৱসাগৰ জিলা কংগ্ৰেছ সমিতিয়ে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।দুই ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে কংগ্ৰেছ দলৰ নেতা কৰ্মী সকলে অচিৰেই মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী উত্থাপন কৰে।পেট্ৰল,ডিজেল আদিকে ধৰি প্ৰতিবিধ সামগ্ৰী আৰু সেৱাৰ মূল্য অভাৱনীয় ভাবে বৃদ্ধি হোৱাৰ ফলস্বৰূপে সৰ্বসাধাৰণ জটিল পৰিস্থিতিৰ সন্মুখীন হোৱা বুলি প্ৰকাশ কৰে।শাসকীয় চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি দলটোৱে ৰাইজক সকাহ দিয়াৰ উদেশ্য চৰকাৰ খনে নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিয়া “অচ্ছে দিন” ৰ বাবে বজাৰত দ্ৰব্য মূল্য নিয়ন্ত্ৰণ কৰাৰ দাবী কৰে।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ জৰিয়তে শাসকীয় চৰকাৰে দুখীয়া ৰাইজৰ মূৰত মাধমাৰ শোধাইছে বুলি দলটোৱে অভিযোগ কৰে।

ধুবুৰীৰ গোলকগঞ্জৰ ভাৰত–বাংলাদেশ সীমান্তৰ বিষখোৱাত ‘সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ‘সৰহদ কো স্বৰাঞ্জলি’

ধাৰাষাৰ বৰষুণ; কিন্তু তাৰ মাজতই প্ৰতিকূল বতৰকো নেওচি হাজাৰ হাজাৰ লোকৰ উপস্থিতিত যোৱাকালি ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভাৰত–বাংলাদেশ সীমান্তৰ সমীপৰ বিষখোৱাত অনুষ্ঠিত হয় ‘‘সৰহদ কো স্বৰাঞ্জলি’’ নামৰ এক বিশেষ কাৰ্যসূচী । দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে সমগ্ৰ দেশ ব্যাপি উদযাপিত হৈ থকা ‘‘আজাদি কি অমৃত মহোৎসৱ’’ৰ সৈতে সংগতি ৰাখি অসম চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগিতাত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত জিলাখনৰ বিষখোৱাৰ ‘‘কাৰ্গিল পথাৰ’’ত অনুষ্ঠিত হয় এই অনুষ্ঠান। কালি বিয়লিৰ ফালে অনুষ্ঠিত হোৱা ‘‘সৰহদ কো স্বৰাঞ্জলি’’ অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকী জনপ্ৰিয় শিল্পীয়ে অংশগ্ৰহণ কৰে। কন্ঠশিল্পী জিতুল সোনোৱাল, সীমান্ত শেখৰ, বিদ্যাসাগৰ, ববিতা শৰ্মা, মন্মথ বৰুৱা, শৰত ৰাগ, জয় চক্ৰৱৰ্তী, ত্ৰিৱেণী বুজৰবৰুৱাৰে ধৰি কেইবাগৰাকী স্থানীয় শিল্পীয়ে পৰিৱেশন কৰা সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ অঞ্চলটোৰ কেইবা হাজাৰো সীমান্তবাসী ৰাইজ উপস্থিত থাকে।

‘সৰহদ কা স্বৰাঞ্জলি’ৰ সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বে মঞ্চত অনুষ্ঠিত হয় চিনাকি তথা সম্বৰ্ধনা অনুষ্ঠান। ভাৰত মাতৃৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা সেই অনুষ্ঠানত সীমান্ত চেতনা মঞ্চৰ ৰাষ্ট্ৰীয় সহ–সংযোজক প্ৰদীপণ, দিল্লীৰ প্ৰখ্যাত স্বেচ্ছাসেৱী সংগঠন ‘হন্স ফাউণ্ডেতন’ৰ বিভাগ সঞ্চালক প্ৰমুখ বিকাশ বাৰ্মা আৰু প্ৰকল্প সন্ময়কাৰী বিনীত ৰাৱাত, অসমৰ প্ৰকাশন পৰিষদৰ সঞ্চালক প্ৰমোদ কলিতা, সীমান্ত চেতনা মঞ্চৰ ৰাজ্যিক সাংগঠনিক সম্পাদক যোগেন ৰায়, সীমান্ত চেতনা মঞ্চৰ ধুবুৰী জিলা সমিতিৰ সভাপতি নিখিল চন্দ্ৰ সৰকাৰ, সীমান্ত চেতনা মঞ্চৰ অভ্যৰ্থনা সমিতিৰ সভাপতি উপেন্দ্ৰনাথ চৌধুৰীকে ধৰি জনপ্ৰিয় শিল্পী জিতুল সোনোৱাল, সীমান্ত শেখৰ, বিদ্যাসাগৰ, ববিতা শৰ্মা, মন্মথ বৰুৱা, শৰত ৰাগ, জয় চক্ৰৱৰ্তী, ত্ৰিৱেণী বুজৰবৰুৱা উপস্থিত থাকে।

উক্ত সম্বৰ্ধনা অনুষ্ঠানৰ পিছত এখন সৰু তথ্যচিত্ৰ প্ৰদৰ্শিত হোৱাৰ পিছত সীমা সমস্যাৰ ওপৰত স্থানীয় শিল্পীসকলে মঞ্চস্থ কৰে ‘সীমান্ত’ নামৰ নাটক এখন। ইয়াৰ পিছতেই আৰম্ভ হয় ‘‘সৰহদ কা স্বৰাঞ্জলিৰ মূল আকৰ্ষণ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীৰ আৰু নিশা প্ৰায় ৯–৩০টা মান বজাত ‘সৰহদ কো স্বৰাঞ্জলি’ৰ এক বৰ্ণিল সন্ধিয়াৰ অন্ত পৰে।