Home Blog Page 2534

যোগীঘোপাৰ অশোক কাগজ কলত চোৰৰ তাণ্ডৱ

যোগীঘোপাস্থিত অশোক কাগজ কলত বহুদিনৰ পৰা অব্যাহত আছে চোৰৰ তাণ্ডৱ । দীৰ্ঘদিন বন্ধ হৈ থকা অশোক কাগজ কলটোত পোহৰ আৰু প্ৰয়োজনীয় নিৰাপত্তা নথকাৰ সুযোগ লৈ প্ৰায়েই চোৰে চুৰি কৰি লৈ যায় বহু মূল্যৱান সামগ্ৰী ৷ যোৱানিশাও চোৰৰ দল এটাই অশোক কাগজ কলৰ ভিতৰত থকা মূল্যৱান সামগ্ৰী চুৰি কৰি পথৰ কাষতে এনেদৰে চুৰি সামগ্ৰী সমুহ পেলাই পলায়ন কৰে ।

স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰা মতে অশোক কাগজ কলৰ নিৰাপত্তাৰ দায়িত্ব থকা একাংশ বিষয়া আৰু নিৰাপত্তাৰক্ষীৰ বাবে প্ৰতিদিনে চুৰে চুৰি কাৰ্য সংঘটিত হৈ আহিছে ।

ভাৰত বনাম দক্ষিণ আফ্ৰিকা মহিলা বিশ্বকাপ।

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত মহিলা বিশ্বকাপৰ ২৮ সংখ্যক খেল নিউজিলেণ্ডৰ ক্ৰিষ্টচাৰ্চত অনুষ্ঠিত হৈছে। টীম ইণ্ডিয়াই দক্ষিণ আফ্ৰিকাক ২৭৫ ৰাণৰ লক্ষ্য দিছে। ইয়াৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই ৪ অভাৰত কোনো উইকেট হেৰুৱাই ১০ ৰাণ সংগ্ৰহ কৰিছে।টীম ইণ্ডিয়াৰ তিনিজন বেটছমেনে অৰ্ধশতক অৰ্জন কৰে ।ভাৰতীয় মহিলা দলৰ হৈ শফালী বাৰ্মাই ৪৬ টা বলত ৫৩ ৰাণ সংগ্ৰহ কৰে। একে সময়তে, স্মৃতি মান্ধানাৰ বেটেও আফ্ৰিকাৰ বলাৰসকলৰ সন্মুখত যথেষ্ট কথা পাতিছিল আৰু সৰ্বাধিক ৭১ ৰাণ সংগ্ৰহ কৰিছিল। অধিনায়ক মিতালী ৰাজেও আজি ফৰ্মত দেখা গৈছিল আৰু তাইৰ বেটে ৮৪ টা বলত ৬৮ ৰাণ লৈছিল। টীম ইণ্ডিয়াৰ উপ-অধিনায়ক হৰমনপ্ৰীত কৌৰ ৫৭ টা বলত ৪৮ ৰাণ কৰি আউট হয়। দক্ষিণ আফ্ৰিকাৰ হৈ মাচাবাটা ক্লাছ আৰু ইছমাইলে দুটাকৈ উইকেট দখল কৰে।মান্ধানাৰ ২২ তম অৰ্ধশতক অপেনাৰ স্মৃতি মান্ধানা আৰু শ্বাফালী বাৰ্মাই টীম ইণ্ডিয়াৰ হৈ এটা সুন্দৰ আৰম্ভণি কৰিছিল। মান্ধানাৰ বেটৰ পৰা ৭১ ৰাণ আহিছিল। কভাৰৰ ওপৰেৰে এটা ডাঙৰ শ্বট খেলিব বিচাৰিছিল, কিন্তু কেচটো লৈছিল। শেফালী আউট হোৱাৰ পিছত, মান্ধানাই মিতালীৰ সৈতে টীম ইণ্ডিয়াৰ ইনিংছৰ দায়িত্ব লয়। তেওঁৰ বেটৰ পৰা ৪ টা চাৰি আৰু এটা ছয় আহিছিল।

শেফালী ৫৩ ৰাণত ৰাণ আউট হৈছিল ।টীম ইণ্ডিয়াৰ প্ৰথমটো উইকেট ৰাণ আউট হিচাপে পৰিছিল। স্মৃতি মান্ধানাই বলটো খেলাৰ লগে লগে দৌৰিছিল। তেওঁ স্কোৱেৰ লেগত ফিল্ডাৰক দেখা নাছিল। একে সময়তে, শেফালীয়ে বলটো চাই থাকিল আৰু তাৰ পিছত ফিল্ডাৰে বলটো উইকেটকিপাৰলৈ দলিয়াই দিলে আৰু তেওঁ গিলবোৰ সিঁচৰতি কৰি দিলে। আউট হোৱাৰ পিছত, যষ্টিকা ভাটিয়া বেছি সময় ক্ৰীজত নাথাকিল আৰু ২ ৰাণত ক্লিন বোল্ড হ’ল।অভিজ্ঞ দ্ৰুত বলাৰ ঝুলন গোস্বামীৰ ঠাইত মেঘনা সিঙে সুযোগ পাইছে। একে সময়তে, দীপ্তি শৰ্মাক পুনম যাদৱৰ ঠাইলৈ অনা হৈছে টীম ইণ্ডিয়াৰ প্লেয়িং ইলেভেন- স্মৃতি মান্ধানা, শফালী বাৰ্মা, যস্তিকা ভাটিয়া, মিতালী ৰাজ (অধিনায়ক), হৰমনপ্ৰীত কৌৰ, ৰিচা ঘোষ, পূজা বস্ত্ৰকাৰ, স্নেহ ৰাণা, দীপ্তি শৰ্মা, মেঘনা সিং, ৰাজেশ্বৰী গায়কৱাড।দক্ষিণ আফ্ৰিকাৰ প্লেয়িং ইলেভেন- লিজেল লী, লৰা ভলৱাৰ্ডট, লাৰা গুডল, চুনে লুছ (অধিনায়ক), মিগনন ডু প্ৰিজ, মৰ্গান কেপ, ক্লো ট্ৰিয়ন, তৃষা চেট্টি, শ্বাবনিম ইছমাইল, মাচাবাটা ক্লাছ, আয়াবঙা খাকা।

কামৰূপৰ দীৰ্ঘেশ্বৰীত সদৌ অসম ভিত্তিক দিবা-নৈশ প্ৰাইজমানী ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ।

শুক্ৰবাৰে সন্ধিয়াৰ পৰা কামৰূপ জিলাৰ দীৰ্ঘেশ্বৰীত আৰম্ভ হৈছে সদৌ অসম ভিত্তিত দিবা-নৈশ প্ৰাইজমানী ক্ৰিকেট প্ৰতিযোগিতা। মা দীৰ্ঘেশ্বৰী নৱমিলন ক্লাবৰ উদ্যোগত তথা দীৰ্ঘেশ্বৰী আঞ্চলিক ক্ৰীড়া সংঘৰ সহযোগত অনুষ্ঠিত প্ৰতিযোগিতা খন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত সহায়ক প্ৰাণজিৎ দাসে শুভ উদ্বোধন কৰে। সহযোগ কৰে মান্দাকাটা পঞ্চায়তৰ সভাপতি জাহিদুল ইছলাম আৰু শৰাইঘাট জিলা পৰিষদৰ সদস্য নয়নমনি বড়াই। বিশিষ্ট সমাজকৰ্মী বাবুল ছেত্ৰীয়ে আত ধৰা দিবা-নৈশ প্ৰাইজমানী ক্ৰিকেট বল প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ৬০,০০০ টকা লগতে ট্ৰফী আৰু দ্বিতীয় পুৰস্কাৰ ৩০,০০০ টকা লগতে মেন অব দা চিৰিচ এখন বাই চাইকেল প্ৰদান কৰা হব বুলি উদ্যোগতা মণ্ডলীয়ে প্ৰকাশ কৰে।

সভাপতি বৈকুণ্ঠ দাস আৰু সম্পাদক দ্বয় হিমাংশু দাস আৰু আৰু আব্দুল অদ্দুতে খেল প্ৰেমি ৰাইজৰ লগতে দল সমূহৰ উপস্থিতি কামনা কৰে।

ৰাজ্যিক বিজেপি কাৰ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশী।

হেঙেৰাবাৰীৰ ৰাজ্যিক বিজেপি কাৰ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশী।

দলীয় কৰ্মকতাৰ সৈতে মত বিনিময় কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ।উপস্থিত সাংসদ কুইন ওজা,ফণী শৰ্মাৰ লগতে দলৰ কৰ্মকতা।

কয়লা উৎপাদন হ্ৰাস পোৱা নাই৷

আন্তঃৰাষ্ট্ৰীয় বজাৰত কয়লা বিক্ৰী বৃদ্ধি পাইছে৷

আমাৰ উৎপাদনো বৃদ্ধি পাইছে৷

তামুলপুৰত ৰেড হৰ্ণ প্ৰিমিয়াৰ ফুটবল লীগ ফাইনেল

ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত নৱগঠিত তামুলপুৰ জিলাৰ দিঘিলীপাৰ সেনা ছাউনীস্থিত খেল পথাৰত চলি থকা ৰেড হৰ্ণ প্ৰিমিয়াৰ লীগ (আৰএইচপিএল) প্ৰাইজমানী ফুটবল লীগ প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত তীব্ৰ উত্তেজনা পূৰ্ণ পুৰুষৰ চূড়ান্ত খেল খনত উদাংশ্ৰী এফচি,বৰমাই ছানৰাইজ এচ ছি নাওবন্ধাক অতিৰিক্ত সময়ত ১-০ গলৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী হয় ৷খেলৰ অন্তত বিজয়ী আৰু বিজিত দলৰ মাজত বটা সমুহ বিতৰণ কৰে বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী,বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ লগতে সেনাৰ উচ্চপদস্থ বিষয়া সকলে ৷১৯ মাৰ্চৰ পৰা অনুষ্ঠিত প্ৰতিযোগিতা খনিত উদাংশ্ৰী এফচিৰ উৎসৱ মদাহী, শুক্লাই এফচিৰ ছোনীয়া মাৰাক প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ, উদাংশ্ৰী এফচিৰ ৰিদীপ বড়ো, কোকৰাঝাৰ এফচিৰ হৰিপ্ৰীয়া বড়ো প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ গলকীপাৰৰ বঁটা লাভ কৰে৷

অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে উদ্ধোধন কৰা আজিৰ ফাইনেল খেলখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ লগতে অসম মহিলা ফূটবল দলৰ অধিনায়ক অঞ্জনা শইকীয়া ৰাষ্ট্ৰীয় ফূটবল খেলুৱৈ হলিচৰণ নাৰ্জাৰী তথা সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ কেবা গৰাকী উচ্চপদস্থ বিষয়া ।

আজি ঢালিগাঁৱত পালনাম মহোৎসৱ।

বিগত দুটা বছৰ ধৰি ভয়াবহ কোভিড মহামাৰীৰ ফলত সমগ্ৰ বিশ্বৰ লগতে আমাৰ ভাৰত ,উত্তৰ – পূৰ্বাঞ্চলৰ লগতে অসমতো যিকোনো কাৰ্য্যৰ পৰা বন্ধ হৈ থকাই নহয়। জনগণ নিজগৃহৰ পৰা বহি:জগতৰ প্ৰভাৱ পোৱাটো এক চিন্তনীয় বিষয় হৈ পৰিছিল। কিন্তু এতিয়া ২০২২ ইং বৰ্ষতো হৈ পৰিছে সমগ্ৰ অসমজুৰি আন এক ভাৱিব নোৱাৰা বৈকুণ্ঠপুৰী ত পৰিণত হোৱা আধ্যাত্মিকতাৰ সময়।যাৰ ফলত চলিছে সমগ্ৰ ৰাজ্যখনৰ লগতে নামনি অসমতো প্রতিটো জিলাত চলিছে নামঘৰ-সত্ৰ ,মঠ-মন্দিৰ আদিত পূজা পাতাল ,নাম- প্ৰসঙ্গ আৰু পালনাম আদিৰ উঠিছে শ্ৰী কৃষ্ণ পূজাৰ ধুম।প্ৰাপ্ত বাতৰি মতে নামনি অসম তথা বিটিএডি এলেকাৰ চিৰাং জিলাৰ বাসুগাওঁ অঞ্চলৰ বিজয়গাঁও বৰছৰা সাৰ্বজনীন নামঘৰত আজি দিনটোজোৰা বিভিন্ন কাৰ্যসূচীৰে চতুৰ্থ সংখ্যক বাৰ্ষিক পালনাম অনুষ্ঠিত হয়। সেইমতে যোৱা কালি ২৫মার্চত সন্ধিয়া ছয় বজাত নাম-প্ৰসংগ ,ভাগৱত পাঠ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী পালন কৰে। আৰু আজি ৰাতিপুৱা ছয় বজাত বিজনী জিলাৰ ৰবীন পাঠক বাপে আগধৰা পালনামৰ প্ৰসংগঃ আৰম্ভ হয়। আৰু আবেলি এক বজাৰ পৰা চাৰি বজালৈ অনুষ্ঠিত হয় স্থানীয় আই-মাতৃ সকলৰ নাম। চাৰি বজাত অনুষ্ঠিত হয় আমন্ত্ৰিত নামৰ দলৰ থিয়নাম। অহা কাইলৈ ২৭মার্চত ৰাতিপুৱা ছয় বজাত পৰিব পালনামৰ সামৰণি। ইয়াৰ পিছত ৮বজাৰ পৰা অনুষ্ঠিত হয় ভাগৱত ভ্ৰমণ । ৰাতিপুৱা ১০:০০ বজাত আৰম্ভ হব সভাপতি গণেশ চন্দ্ৰ ৰায় বাপৰ সঞ্চালনাত এক আলোচনাচক্ৰ ।

উক্ত আলোচনা চক্ৰত যোগদান কৰিব বিটিআৰ পৰিষদৰ সদস্য প্ৰদীপ কুমাৰ বায়ন বাপ আদিয়ে। সন্ধিয়া বন্তি প্ৰজ্বলনেৰে সামৰণি পৰিব উক্ত পালনামৰ কাৰ্যসূচী ।ইফালে কাইলৈ বঙাইগাঁও শোধনাগাৰ আৰু পেট্ৰ’ৰাসায়নিক প্ৰকল্পৰ সাৰ্বজনীন নামঘৰটো অনুষ্ঠিত হব দিনজোৰা কাৰ্যসূচীৰ এই পালনাম অনুষ্ঠান।

ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ পাটামাৰী বি এছ এফৰ ওপৰত মাৰপিটৰ অভিযোগ।

দহ হেজাৰ টকাৰ বাবেই ধুবুৰীৰ পাটামাৰীৰ এজন সাধাৰণ ব্যৱসায়ীক মাৰপিট বি এছ এফৰ। বন্ধুক দেখুৱাই বলপূৰ্বক গোপন তথ্য ৰেকৰ্ড কৰাৰ অভিযোগ বি এছ এফৰ বিৰুদ্ধে। ইতিমধ্যে বি এছ এফৰ বিৰুদ্ধে এজাহাৰ দাখিল সীমান্তৰ এজন ভুক্তভোগী ব্যৱসায়ীৰ। দৰাচলতে এইজন ভাৰত বাংলা সীমান্তৰ টাকিমাৰী গাঁওৰ ক্ষুদ্ৰ ব্যৱসায়ী ছফিকুল ইছলাম। নিজৰ ঘৰত আছে তেওঁৰ এখন গেলামালৰ দোকান। দোকানৰ বাবে যাৱতীয় খৰচ ধুবুৰীৰ পৰা ক্ৰয় কৰি লৈ যায় ছফিকুলে। পাটামাৰী বি এছ এফে দিয়া খৰচৰ অনুমতি হিচাপে খৰচ ক্ৰয় কৰি নিয়ে ব্যৱসায়ীয়ে। কিন্তু তাৰ পিছতো পাটামাৰী বি এছ এফক আদায় দিব লাগে দহ হেজাৰ টকা।

টকা নিদিয়াৰ বাবেই মাৰপিট কৰি বন্দুকেৰে গুলিয়াই দিয়াৰ ভাবুকি দি ব্যৱসায়ী জনৰ মুখেৰে বলপূৰ্বক একাংশ লোকৰ নাম উল্লেখ কৰাই গৰুৰ চোৰাং ব্যৱসায় কৰা বুলি স্বীকাৰোক্তি ৰেকৰ্ড কৰা হয়। কেৱল এয়াই নহয় ব্যৱসায়ী ছফিকুলৰ পত্নী এগৰাকী আশা কৰ্মী। আশা কৰ্মীকো বিভিন্ন সময়ত বি এছ এফে সাৰাশাস্তি কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত কৰে সীমান্তৰ ভুক্তভোগী ব্যৱসায়ী গৰাকী। ইতিমধ্যে ব্যৱসায়ী গৰাকীয়ে ধুবুৰীৰ এ এম কো ৰোড বজাৰ আৰক্ষী চকীত বহি এছ এফৰ বিৰুদ্ধে দাখিল কৰিছে এখন এজাহাৰ।

বৰক্ষেত্ৰীত একেদিনাই বিধায়ক দিগন্ত বৰ্মণৰ কেইবাটাও কামৰ আধাৰশিলা স্থাপন।

বৰক্ষেত্ৰীত বিধায়কৰ তাৎপৰতা।বৰক্ষেত্ৰীত একেদিনাই বিধায়ক দিগন্ত বৰ্মণৰ কেইবাটাও কামৰ আধাৰশিলা স্থাপন।অসম বিধানসভাত সবল ভূমিকা গ্ৰহণ কৰাই নহয় বৰক্ষেত্ৰী সমষ্টিৰ বিভিন্ন প্ৰান্তত আজি বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে কেইবাটাও আঁচনিৰ শুভাৰম্ভনি কৰে। উল্লেখ্য যে MGNREGA আঁচনিৰ অধীনত আধাৰশিলা স্থাপন কৰাৰ সময়ত বিধায়কজনক সংগ দিয়ে

নলবাৰী জিলা পৰিষদৰ সদস্য খাইৰুল হক চৌধুৰী, বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়া প্ৰকাশ বৰ্মন, সহকাৰী কাৰ্যবাহী অভিযন্তা জাকিৰ হুছেইন, পঞ্চায়ত সচিব ফৰিদ আলীৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

ৰহাৰ টোলগেটত উতপ্ত পৰিস্থিতি…

ৰহাৰ টোলগেটত আজি এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ এটা সজাতি দল গুৱাহাটীলৈ যোৱাৰ পথত ৰহা টোলগেটত টোলগেটৰ কৰ্মচাৰীৰ লগত টোলটেক্স প্ৰদানক লৈ তৰ্ক বিৰ্তকত লিপ্ত হোৱাত টোলগেটৰ কৰ্মচাৰীয়ে জাতীয় সংগঠনটোৰ দুজনমান সদস্যক থেলা গটা কৰা লগতে আক্ৰমণ কৰিবলৈ উদ্যত হয়।ইয়াকে লৈ পৰিস্থিতি উতপ্ত হৈ পৰে।অসম যুৱ ছাত্র পৰিষদৰ সদস্য সকলে টোলগেটৰ কৰ্মচাৰীয়ে মদ্যপান কৰি তেওঁলোকক অপমান কৰাৰ অভিযোগ তুলিছে।

পৰবৰ্তী সময়ত পৰিবেশ শাম কাটে যদিও উক্ত ঘটনা সন্দৰ্ভত যুৱ ছাত্ৰ পৰিষদে আৰক্ষীক অৱগত কৰিব বুলি উল্লেখ কৰে লগতে শীঘ্ৰে উক্ত ঘটনা সন্দৰ্ভত টোলগেটৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিব বুলিও মন্তব্য কৰে।টোলগেটৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ হুংকাৰ যুৱ ছাত্ৰ পৰিষদৰ ৷ ধ্ৰুৱ ডেকা নামৰ মেনেজাৰ জনে মাৰপিট কৰাৰ অভিযোগ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ।

আমোলাপট্টি শিৱনগৰৰ কলঙত ওলাইছে বৰকাছ…

নগাঁও চহৰৰ আমোলাপট্টিৰ শিৱনগৰত কলঙৰ বুকুত আজি এটা বৰকাছ ওলোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।জানিব পৰা মতে নগাঁৱৰ আমোলাপট্টিৰ শিৱনগৰৰ ওচৰত কলঙত আজি যুৱক কেইজনমানে মাছ ধৰি থাকোতে জালত বৰকাছটো উঠি আহে ৷ মাছ ধৰি থকা যুৱক কেইজনে লগে লগে  স্থানীয় ৱাৰ্ড কমিচনাৰ সীমান্ত বৰাক খবৰ দিয়ে ।সীমান্ত বৰা আমোলাপট্টি শ্মশানৰ ওচৰৰ কলঙ সূঁতিৰ পাৰত উপস্থিতহৈ প্ৰথমে আমোলাপট্টিৰ শিৱ নগৰৰ শিৱ মন্দিৰত বৰ কাছটো সংৰক্ষনৰ দিহা কৰে।

কিন্তু কাছটো যথেষ্ট ডাঙৰ হোৱাৰ বাবে সেই স্থানতত ৰাখিব পৰা নগল।সেয়ে তেওঁলোকে বন বিভাগক অৱগত কৰে ৷ বন বিভাগৰ দলে শিৱ মন্দিৰ প্ৰাঙ্গনত উপস্থিত হৈ কাছটো নিজৰ জিম্মাত লৈ বৰদোৱালৈ লৈ যায় ৷বন বিভাগে বৰদোৱাৰ আকাশীগঙ্গাত কাছটো এৰি দিয়াৰ ব্যৱস্থা কৰে ৷