Home Blog Page 2535

কলিয়াবৰত প্ৰবীণ মুক্তিযোদ্ধা কমল চন্দ্ৰ মহন্ত বঁটা প্ৰদান অনুষ্ঠান…

কলিয়াবৰত আজি দুগৰাকী জাতীয় কৃষ্টি বিহুৰ দুগৰাকী সাধকক আনুষ্ঠানিকভাৱে প্ৰবীণ মুক্তিযোদ্ধা, সত্ৰাধিকাৰ শিক্ষক কমল চন্দ্ৰ মহন্ত সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। কলিয়াবৰৰ প্ৰবীণ মুক্তিযোদ্ধা, সত্ৰাধিকাৰ শিক্ষক কমল চন্দ্ৰ মহন্ত সোঁৱৰণী মঞ্চৰ উদ‍্যোগত, বৰলুইত কৃষ্টি বিকাশ কেন্দ্ৰ ব‍্যৱস্থাপনাত দুগৰাকী বিশিষ্ট বিহু গীতৰ শিল্পী ক্ৰমে কলিয়াবৰৰ কবীন ফুকন আৰু অসমৰ জনপ্ৰিয় বিহু শিল্পী বিপুল চেতিয়া ফুকনক ২০২১ আৰু ২০২২ বৰ্ষৰ বঁটা প্ৰদান কৰা হয়। কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ সভাত দুয়োগৰাকী শিল্পীকে পঁচিশ হাজাৰকৈ নগদ মাননী, জাপি গামোচা, অঙ্গবস্ত্ৰ আৰু স্মাৰকেৰে সম্বৰ্ধনা জনোৱা হয়।মুক্তিযোদ্ধা কমল চন্দ্ৰ মহন্ত সোঁৱৰণী মঞ্চৰ উদ্যোগত বৰলুইত কলাকৃষ্টি বিকাশ কেন্দ্ৰৰ ব্যৱস্থাপনাত আৰু নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনী, জি এল পি চ’চিয়েল চাৰ্কোল আৰু ব্যতিক্ৰম মাচডোৰ সহযোগত আয়োজিত অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ দিয়ে কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপক উৎপল বৰাই। ভাষণ প্ৰসংগত তেওঁ মুক্তিযোদ্ধা কমল চন্দ্ৰ মহন্তৰ ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণৰ কিয়দাংশ আলোকপাত কৰি উপস্থিত ৰাইজক আপ্লুত কৰে। বিৰাজ ভূষন বৰাই আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ক্ৰমে স্বৰ্গদেউ চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ উপ-সভাপতি দয়ানন্দ বৰগোহাঁই, অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ ফুকন, লণ্ডন সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী লাহৰী বৰঠাকুৰ, কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ হিৰণ‍্য কুমাৰ চলিহা, মহকুমাধিপতি পবিত্ৰ কুমাৰ দাস, এন. ডি. ২৪ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং, অসমীয়া খবৰ কাকতৰ মুখ্য সম্পাদক বিশ্বজিত দাস আৰু নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনীৰ সভাপতি পৱন দত্তই অংশগ্ৰহণ কৰে। 

ভাষণ প্ৰসংগত দয়ানন্দ বৰগোহাঁইয়ে কয় যে, বৰ্তমান সময়ত সমাজত কাম কৰা মানুহ কমি আহিছে। নিজৰ কৰ্মৰ প্ৰতি অৱহেলা এটা জাতিৰ বাবে শুভলক্ষণ নহয়। যিসকলে নতুন প্ৰজন্মক কৰ্মস্পৃহা জাগ্ৰত কৰিব পাৰে সেইসকলেই নিজ খৰ্মত অৱহেলা কাৰ পৰিলক্ষিত হৈছে। ৰাজদ্বীপ বাইলুঙে কয় যে, যি সকলৰ অসীম ত‍্যাগ-কষ্টৰ বিনিময়ত দেশখনে স্বাধীনতা পালে তেওঁলোকক যথোচিত সন্মান জনোৱাতো সমাজৰেই কাম। তেওঁ লগতে কয় বুৰঞ্জী মানুহে নপঢ়া হ’ল। বীৰ-বীৰংগনাৰ তথ্য আজিৰ দিনত থাকিও নাই।সঞ্জীৱ ফুকনে তেওঁৰ ভাষণ প্ৰসঙ্গত কয় যে, এটা ভাল কামেই এখন সমাজৰ আধাৰ। ভাল কামে জাতিটোক সুদীৰ্ঘ দিনলৈ জীয়াই ৰাখিব। লণ্ডন সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী লাহৰী বৰঠাকুৰে কয় যে অসমীয়া ভাষাটো নতুন প্ৰজন্মক ভালদৰে  শিকাই-বুজাই লোৱাৰ সময় আহিছে। তেওঁ লগতে কয়, বিদেশত থাকি অসমীয়া সংস্কৃতি ৰক্ষা কৰি আহিছোঁ। তেওঁ আৰু কয় এটা সুষ্ঠ সবল ভাষাই জাতিটোক জীয়াই ৰাখিব। অনুষ্ঠানত কণ্ঠশিল্পী সংগীতা কাকতি, তৃষ্ণা দেৱী, পদ্মনাভ বৰদলৈ। কমল চন্দ্ৰ মহন্তৰ জ্যেষ্ঠ পুত্ৰ স্থানীয় বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰা অনুষ্ঠানটোৰ আৰম্ভণিতে কমল চন্দ্ৰ মহন্তৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে মহন্তৰ সহধৰ্মিনী কাঞ্চন মহন্তই। অনুষ্ঠানত অভ‍্যাগতসকলক আদৰণি জনাই মণিমাধৱ মহন্তই। অনুষ্ঠানত সাংস্কৃতিক কৰ্মী হিৰু প্ৰসাদ মহন্ত, কমল গোস্বামী, প্ৰভাত গোস্বামী, হেমোধৰ হাজৰিকা, মৃণাল কুমাৰ হাজৰিকা আদিয়ে অংশগ্ৰহণ কৰে।

দ্য কাশ্মীৰ ফাইলছৰ বাবে ডুবিল বচ্চন পাণ্ডেঃ অক্ষয় কুমাৰ

দিন যোৱাৰ লগে লগে ‘দ্য কাশ্মীৰ ফাইলছ‘ৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে। ব্যৱসায়ৰ ফালৰ পৰা ছবিখনে ইতিমধ্যে বক্স অফিচত ২০০ কোটি টকাৰো অধিক লক্ষ্মীলাভ কৰিছে। চলচ্চিত্ৰ সমালোচকসকলৰ মতে দীৰ্ঘদিনৰ পাছত ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনৰ যোগেদি বলীউডে দেখিছে সফলতাৰ মুখ। অৱশ্যে, ‘দ্য কাশ্মীৰ ফাইলছ’ৰ প্ৰশংসাত পঞ্চমুখ হ’লেও বক্স অফিচত ছবিখনৰ সফলতাক লৈ যেন সুখী নহয় অক্ষয় কুমাৰ! অলপতে অক্ষয় কুমাৰে ছবিৰ প্ৰচাৰৰ বাবে ভূপাললৈ গৈছিল।এখন সংবাদমেলত ‘দ্য কাশ্মীৰ ফাইলছ’ৰ বিষয়ে মুকলিকৈ মন্তব্য কৰিছিল খিলাড়ী কুমাৰে। অক্ষয়ে কয়, ‘পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে এখন আশ্চৰ্যকৰ ছবি উপহাৰ দিছে। দেশৰ ক্ষত-বিক্ষত ইতিহাসক পোহৰলৈ কঢ়িয়াই আনিছে তেওঁ। এই সত্য সকলোৰে সন্মুখত দাঙি ধৰাৰ প্ৰয়োজন আছিল। কিন্তু বিবেকৰ ওপৰত মোৰ অলপ খং উঠিছে। কাশ্মীৰ ফাইলৰ বাবে আমাৰ ছবিখন ডুব গৈছে।’

উল্লেখ্য যে, অক্ষয় কুমাৰ আৰু কৃতি চেনন অভিনীত ‘বচ্চন পাণ্ডে’ যোৱা শুক্ৰবাৰে মুক্তি লাভ কৰিছিল। নামী-দামী তাৰকাক লৈয়ো ‘দ্য কাশ্মীৰ ফাইলছ’ক টক্কৰ দিব পৰা নাই খিলাড়ী কুমাৰে। প্ৰথম সপ্তাহতে বক্স অফিচত মুখ থেকেচা খায় ছবিখনে।  সাধাৰণতে, অক্ষয় কুমাৰৰ ছবিৰ এনে ফলাফল এতিয়ালৈকে দেখিবলৈ পোৱা নাই। ইয়াৰ আঁৰত যে ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনৰ জনপ্ৰিয়তা, সেই কথা স্বীকাৰ কৰি লৈছে অক্ষয় কুমাৰে নিজে।মনকৰিবলগীয়া যে,  ‘বচ্চন পাণ্ডে’ই এসপ্তাহত বক্স অফিচত ৫০ কোটি টকাৰ ব্যৱসায় কৰিছে। ‘দ্য কাশ্মীৰ ফাইলছ’ৰ জনপ্ৰিয়তাৰ বাবে, এইবাৰ ডুব গ’ল ‘বচ্চন পাণ্ডে’! ইফালে, বক্স অফিচৰ প্ৰতিবেদনতো একে কথাকে প্ৰকাশ পাইছে স্মৰ্তব্য যে, ‘দ্য কাশ্মীৰ ফাইলছ’ৰ প্ৰশংসাত এতিয়া পঞ্চমুখ সমগ্ৰ বলীউড। প্ৰখ্যাত তাৰকাসকলেও ছবিখন সন্দৰ্ভত কৰিছে ইতিবাচক মন্তব্য। শেহতীয়াকৈ, আমিৰ খানৰ দৰে তাৰকাইয়ো দেশৰ সকলো লোককে ছবিখন চাবলৈ অনুৰোধ জনাইছে। আমিৰে কয়, ‘কাশ্মীৰী পণ্ডিতসকলৰ সৈতে যি ঘটিছে সেয়া সঁচাকৈয়ে দুখঃজনক। এই ঘটনাটো ভাৰতীয় ইতিহাসৰ এক হৃদয়বিদারক ঘটনা। মই ভাবো এনেকোৱা এটা বিষয় বস্তুক লৈ এখন চলচ্চিত্ৰ নিৰ্মান হোৱাটো বৰ প্ৰয়োজন আছিল।’

কৃষকলৈ ভাল খবৰ কৃষি মন্ত্ৰী অতুল বৰাৰ…

কৃষকৰ বাবে সুখৰ বতৰা। বোকাখাতত ১০০০ মেট্ৰিক টন শস্য মজুত ৰখাৰ ভঁৰাল গৃহ উন্মোচন। ১ কোটি ৬০ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা কৃষি জ্ঞান কেন্দ্ৰৰ নিৰ্মাণৰ শুভাৰম্ভ। আজি কৃষি মন্ত্ৰী অতুল বৰাই কৃষকৰ উৎপাদিত শস্য মজুত ৰাখিবৰ বাবে ১০০০ মেট্ৰিক টনৰ পৰিসৰৰ ভঁৰাল গৃহৰ দ্বাৰ মুকলি কৰাৰ লগতে নতুনকৈ নিৰ্মাণ হ’ব লগা কৃষি জ্ঞান কেন্দ্ৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে।

বোকাখাতৰ কৃষকক সকাহ দিবৰ বাবে মহকুমা কৃষি বিষয়াৰ কাৰ্যলয়টোৰ পৰিত্যক্ত অৱস্থাত থকা পুৰণা গৃহসমূহ নতুনকৈ নিৰ্মাণ কৰাৰ লগতে বোকাখাতত এটা শীতল ভঁৰাল নিৰ্মাণ কৰাৰ পৰিকল্পনাৰ কথা সদৰি কৰে।

ধুবুৰীত চৰৰ ৰোগীৰ বাবে দুখন নৌকা এম্বুলেন্স আৰম্ভ…

অইল ইণ্ডিয়া লিমিটেডৰ ক’ৰ্প’ৰেট সামাজিক দায়বদ্ধতা(চি এছ আৰ) কাৰ্যসূচীৰ অধীনত ক্ৰয় কৰা দুখন নৌকা এম্বুলেন্স আজি ধুবুৰী জিলা প্ৰশাসনে বি এছ এফৰ ৱাটাৰ উইঙক হস্তান্তৰ কৰে৷ ধুবুৰী টাউনৰ ৩ নং বালুচৰত থকা ৱাটাৰ উইঙৰ ঘাটত ধুবুৰী জিলা উপায়ুক্ত অন্বামুথন এম পি, জিলা উন্নয়ণ আয়ুক্ত কান্তা দাস, বি এছ এফৰ ধুবুৰী ছেক্টৰৰ ডি আই জি জে চি নায়কে মাংগলিক অনুষ্ঠানৰ জৰিয়তে নৌকা এম্বুলেন্স দুখন মুকলি কৰে৷ ইয়াৰ পিছতে জিলা উপায়ুক্তৰ উপস্থিতিত ধুবুৰী জিলা প্ৰশাসনৰ হৈ জিলা উন্নয়ণ আয়ুক্ত কান্তা দাস আৰু বি এছ এফৰ হৈ ৱাটাৰ উইঙৰ অফিছাৰ কামাণ্ডিং জি বি পাঠকে এখন বুজিবুজিৰ চুক্তিত স্বাক্ষৰ কৰে৷

২০১৯-২০ বৰ্ষত অইল ইণ্ডিয়া লিমিটেডৰ ক’ৰ্প’ৰেট সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ প্ৰায় ৫০ লাখ টকাৰে ক্ৰয় কৰা নৌকা এম্বুলেন্স দুখন ধুবুৰীৰ চৰ অঞ্চলৰ ৰোগীক মূল ভূখণ্ডৰ চিকিৎসালয়লৈ অনাত ব্যৱহাৰ কৰা হ’ব৷ এম্বুলেন্স দুখনৰ চলাচলকে ধৰি সামগ্ৰিক পৰিচালনাত বি এছ এফ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান জড়িত থাকিব৷ এম্বুলেন্স দুখন পাতামাৰি আৰু নিউ দেৱানেৰ আলগা চৰত ৰখোৱা হ’ব৷ চৰ অঞ্চলৰ ৰাইজে প্ৰয়োজনত সমীপৰ বি এছ এফ কেম্প বা বি অ’ পিত যোগাযোগ কৰি নৌকা এম্বুলেন্সৰ সুবিধা গ্ৰহণ কৰিব পাৰিব বুলি বি এছ এফৰ ডি আই জি জে চি নায়কে সদৰি কৰে৷

পানীতোলাত ঢোল বাদনৰ কৰ্মশালা…

অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহুটিক আদৰাৰ মানসেৰে  পানীতোলা আঞ্চলিক ৰঙালী বিহুসন্মিলন আৰু পানীতোলা শৈক্ষিক বিকাশ মঞ্চই ৰঙালী বিহুৰ লগত সংগতি ৰাখি ১-১২ এপ্ৰিললৈকে পানীতোলা ন-গাঁও খেলপথাৰত ১০ দিনীয়াকৈ ঢোলবাদন কৰ্মশলা অনুষ্ঠিত কৰিছে।কৰ্মশালা বিয়লি ৩ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে আয়োজকে ।প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰিব বিশিষ্ট ঢোলবাদক তথা ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত বঁটাপ্ৰাপক বিতুপন দুৱাৰাই।

পানীতোলা শৈক্ষিক বিকাশ মঞ্চৰ সভাপতি প্ৰশান্ত বৰুৱা,সম্পাদক উজ্জ্বল বৰুৱা আৰু পানীতোলা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ সম্পাদক প্ৰণৱ বৰুৱাই বৃহত্তৰ পানীতোলা অঞ্চলৰ সকলো ছাত্ৰ-ছাত্ৰীকে কৰ্মশলাখনত অংশগ্ৰহণ কৰাৰ লগতে সকলো অভিভাৱকৰ সহায়-সহযোগিতা,দিহা -পৰামৰ্শ কামনা কৰিছে।সবিশেষ জানিবৰ বাবে ৯৪৩৫০০২০১৪ ,৯৬৭৮৩৩৯৮৩৮, ৮৬৩৮৬২৯৬৩০,৭০০২৬৬৯৬৮৭ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তা সমিতিয়ে জনাইছে। 

মধুপুৰ শ্মশানৰ পৰিত্যক্ত ভূমিত উদ্যান স্হাপনৰ পৰিকল্পনা…

নগাঁও চহৰৰ সমীপৰ খাগৰিজান মহাবিদ্যালয়ৰ সন্মুখৰ আৰু মধুপুৰ শ্মশানৰ কাষৰ খালী ভূমিত মাটি পেলাই পৰিপূৰ্ণ কৰা আৰু চাৰিসীমাৰ পকীবেৰ দিয়া কামৰ আজি আধাৰশিলা স্থাপন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । ডাকৰঘাট গাঁও পঞ্চায়তৰ অধীনত এম জি এনৰেগা আঁচনিৰ জৰিয়তে হবলগীয়া মাটি পৰিপূৰ্ণ আৰু চাৰিসীমাৰ বেৰ কামৰ আধাৰশিলা স্থাপন কৰি বিধায়ক গৰাকীয়ে কয় যে মধুপুৰ শ্মশানৰ কাষৰ দ -ভূমিত মাটি পেলাই ওখ কৰি উক্ত স্থানত এখন আটকধুনীয়া উদ্যান নিৰ্মানৰ পৰিকল্পনা কৰা হৈছে।

সেই উদ্দেশ্যেৰে আজি মাটি পৰিপূৰ্ণ আৰু চাৰিসীমা বেৰ নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপন কৰা হৈছে।উক্ত স্থানত নিৰ্মাণ হবলগীয়া উদ্যান খনৰ জৰিয়তে নগাঁও বাসী ৰাইজ উপকৃত হব বুলিও বিধায়ক গৰাকীয়ে আশা প্ৰকাশ কৰে।আজি আধাৰশিলা অনুষ্ঠানত পাখিমৰীয়া উন্নয়ন খন্ডৰ খণ্ড উন্নয়ন বিষয়া দীনেশ পেগু, খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড: ৰমেশ নাথ প্ৰমুখ্যে পঞ্চায়তৰ সদস্য সকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। অঞ্চলটোৰ অৱহেলিত  পৰিত্যক্ত ভূমিত উদ্যান স্হাপনৰ সিদ্ধান্তক স্হানীয় ৰাইজে আদৰণি জনোৱাৰ লগতে বিধায়ক ৰূপক শৰ্মাৰ এনে পদক্ষেপক প্ৰশংসা কৰে ।

ধৰিত্রী ঘন্টা’ৰ সময়ছোৱাত সকলো লাইটৰে ছুইছ অফ কৰি ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান APDCLৰ

APDCLৰ বিশেষ টুইট ।ৰাজ্যবাসীলৈ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে জনাইছে এক বিশেষ আহ্বান।আজি নিশা ৮:৩০ বজাৰ পৰা ৯:৩০ বজালৈকে বিদ্যুতৰ ছুইছ বন্ধ ৰখাৰ আহ্বান জনাইছে APDCL-এ।

উল্লেখ্য যে, আজি নিশা ৮.৩০ মিনিটৰ পৰা ৯.৩০ বজালৈ সমগ্র বিশ্বতে পালন কৰা হ’ব ‘ধৰিত্রী ঘণ্টা’।এঘণ্টাজোৰা এই সময়ছোৱাত পৰিহাৰ কৰা হ’ব বৈদ্যুতিক পোহৰ।WWF-Indiaৰ সমর্থনত ভাৰতৰ বিভিন্ন প্ৰান্ততো ‘ধৰিত্রী ঘন্টা’ পালন কৰা হ’ব।

‘ধৰিত্রী ঘন্টা’ৰ সময়ছোৱাত সকলো লাইটৰে ছুইছ অফ কৰি ৰাখিবলৈ ৰাজ্যবাসীক অনুৰোধ অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ APDCLৰ। উক্ত সময়খিনিত কেৱল অত্যন্ত প্রয়োজনীয় লাইটসমূহে জ্বলাবলৈহে অনুৰোধ APDCLৰ। টুইট কৰাৰ পিছতেই তোলপাৰ সামাজিক মাধ্যম

কণ কণ ছাত্ৰ -ছাত্ৰীৰ জীৱনকলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগ চৰম হেতালি ;

ছমাহ আগতে জলজীৱন আঁচনিৰ কাম কৰি টেংকী স্থাপন নকৰালৈকে থ’লে পেলাই ; দমকলৰ আয়ৰণযুক্ত বৰবিষ ৰূপী পানীকেই সেৱন দেৱ শিশুৰ ।

চৰকাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে অংগনৱাড়ী কেন্দ্ৰ সমূহত স্থাপন কৰা জলজীৱন আঁচনিখন কাৰ্যত ভেঁকোভাওনাত পৰিণত হৈ পৰাৰ অভিযোগ উত্থাপন হৈছে দৰঙৰ ছিপাঝাৰত। অভিযোগ অনুসৰি দৰঙৰ ছিপাঝাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ দিমীলাপাৰ প্ৰাথমিক বিদ্যালয়ৰ সমীপত থকা দুৰদুৰীয়া অংগনৱাড়ী কেন্দ্ৰত মঙলদৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে ঠিকাদাৰে বিশুদ্ধ খোৱা পানী যোগান আঁচনি এখন ৰূপায়ণ কাম কৰিবলৈ লৈ আধাতে সামৰি বাদ দিয়াত কেন্দ্ৰটোৰ কণ কণ শিশু সকলে দমকলৰ আয়ৰণযুক্ত বৰবিষ ৰূপী পানীকেই সেৱন কৰিবলগীয়া হোৱাত অভিভাৱক সকলে নিজৰ সন্তানে বেমাৰত আক্ৰান্ত হোৱাৰ শংকাত ভুগিছে।

অভিযোগ অনুসৰি আঁচনি খনৰ পানী টেংকী স্থাপন নকৰি পেলাই থোৱাত টেংকী স্থাপনৰ লোৰ সামগ্ৰী সমূহ মামৰ খাই ছিগি পৰাৰ সম্ভাৱনাই যথেষ্ট হৈ পৰিছে।চৰকাৰে ভৱিষ্যতৰ মানৱ সম্পদৰূপী দেৱ শিশুসকলৰ প্ৰতি চিন্তা কৰি গ্ৰহন কৰা আদৰণীয় কাৰ্যত সকলোৱে ভাল পাইছিল যদিও আঁচনিৰ নামত শিশু সকলৰ জীৱনলৈ  চৰম  হেতালি খেলাৰহে সামগ্ৰী হৈ পৰাৰ দিশে গতি লোৱাত চিন্তিত হৈ পৰিছে।সচেতন একাংশ লোকে বিভাগক এয়েই নেকি জলজীৱন আঁচনিৰ  জীয়া ছবি বুলি প্ৰশ্ন কৰি চৰকাৰৰ জৰুৰী দৃষ্টি আকৰ্ষণ কৰিছে ।

ইটাখোলাৰ বালিজুৰিত ভয়ংকৰ অগ্নিকাণ্ড।নিহত এজন একাদশ শ্ৰেণীৰ ছাত্ৰ

বিশ্বনাথ জিলাৰ ইটাখোলা উপ-আৰক্ষী চকীৰ অন্তৰ্গত বালিজুৰি কৈলাস পুৰত ভয়াবহ অগ্নিকান্ডৰ ঘটনাত নিহত হয় একাদশ শ্ৰেণীৰ এজন ছাত্ৰ । ঘটনাৰ বিৱৰনি মতে ইটাখোলাস্থিত বালিজুৰিৰ কৈলাশপুৰত কালি নিশা প্ৰায় ৭ঃ৩০ মান বজাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকানন্ডৰ ঘটনা সংঘটিত হৈছিল । ধান খেৰত জুই লাগি সংঘটিত হোৱা ঘটনা বুলি অনুমান কৰা এই অগ্নি কান্ডৰ ফলত অতি দুৰ্ভাগ্যজনক ভাবে এজন একাদশ শ্ৰেণীৰ ছাত্ৰ যাদৱ শৰ্মা (১৭) ৰ মৃত্যু ঘটে ।

উল্লেখযোগ্য যে অগ্নিদ্গ্ধ হোৱা নিজ পুত্ৰক বচাবলৈ গৈ পিতৃ ইন্দ্ৰ লাল শৰ্মাও  গুৰুত্বৰ ভাৱে আহত হৈ সম্প্ৰতি তেজপুৰ মেডিকেল কলেজত মৃত্যুৰ সৈতে যুঁজি আছে বুলি জানিব পৰা গৈছে । এই নিদাৰুণ ঘটনা সমগ্ৰ বালিজুৰি অঞ্চলত শোকৰ ছাঁ পৰিছে।   

হাৰিয়ানাৰ পালৱালৰ অৰণ্যত নাবালিকা এগৰাকীক দলবদ্ধ ধৰ্ষণ

হাৰিয়ানাৰ পালৱালৰ এখন গাঁৱৰ এগৰাকী নাবালিকা ছোৱালীক নিশা কিছুমান যুৱকে তাইৰ ঘৰৰ পৰা নিচাযুক্ত পদাৰ্থ শুঙাই অপহৰণ কৰিছিল। পিছত তেওঁলোকে তাইক অৰণ্যলৈ লৈ গৈছিল আৰু তাইক দলবদ্ধ ভাৱে ধৰ্ষণ কৰিছিল। তাইক হত্যা কৰাৰ ভাবুকি দি, তেওঁলোকে নাবালিকাগৰাকীক এখন গাওঁৰ পৰা আন এখনলৈ লৈ গৈছিল আৰু তাইক লুকুৱাই ৰাখিছিল। তাই কেনেবাকৈ তেওঁলোকৰ কবলৰ পৰা পলাই গৈ ঘৰত উপস্থিত হৈছিল আৰু পৰিয়ালটোক ঘটনাটোৰ বিষয়ে অৱগত কৰিছিল। আৰক্ষীয়ে ছোৱালীগৰাকীৰ দেউতাকৰ অভিযোগত ছয়জন যুৱকৰ বিৰুদ্ধে বিভিন্ন ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

পালৱাল জিলাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কৈলাশ চান্দ ভাদানাই কয় যে অভিযোগত থকা এজন ব্যক্তিয়ে কৈছে যে তেওঁ আৰু নাবালিকা গৰাকীৰ পৰিয়ালৰ সদস্যসকলে নিশা ঘৰটোত শুই আছিল। নিশাৰ সময়ত, অভিযুক্ত ৰফিক, চাকিৰ, সুহাইল, চলমান, চৱন আৰু চাকিৰ এখন বোলেৰো গাড়ীত আহিছিল। ১৫ বছৰীয়া জীয়েকক ড্ৰাগছ দিছিল আৰু তাইক অচেতন অৱস্থাত অপহৰণ কৰি গাড়ীত লৈ গৈছিল ।অভিযুক্তজনে তেতিয়া হোদালৰ অৰণ্যত তাইক দলবদ্ধ ভাৱে ধৰ্ষণ কৰিছিল। তাৰ পিছত, তেওঁলোকে তাইক নুহ জিলাৰ দুখন পৃথক গাওঁলৈ লৈ যায় আৰু লগতে আকৌ এবাৰ ধৰ্ষণ কৰে আৰু নাবালিকাগৰাকীক ঘৰত লুকুৱাই ৰাখে।

যেতিয়া তেওঁলোকে ৰাতিপুৱা তেওঁলোকৰ ছোৱালীবিচাৰি নাপালে, তেওঁলোকে তেওঁলোকৰ ছোৱালীক বিচাৰিবলৈ আৰম্ভ কৰিলে। যেতিয়া তেওঁ এই বিষয়ে জানিব পাৰিছিল, তেওঁ পৰিয়ালৰ সদস্যসকলক নুহ জিলাৰ উক্ত গাওঁলৈ লৈ গৈছিল, য’ত তেওঁ তেওঁৰ জীয়েকক বিচাৰি পাইছিল। কিন্তু অভিযুক্তজন পলাই গৈছিল। তেওঁৰ জীয়েকে তেওঁক গোটেই ঘটনাটোৰ বিষয়ে কৈছিল। অভিযুক্ত ৰফিকে আগতে তাইক অৰণ্যত অকলে দেখি ধৰ্ষণ কৰিছিল, কিন্তু তাই কাৰোবাক ক’লে তাইক আৰু তাইৰ পৰিয়ালক হত্যা কৰাৰ ভাবুকি দিছিল। ছোৱালীগৰাকীয়ে ভয় আৰু লাজৰ বাবে কাকো কোৱা নাছিল। পিতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তজনৰ বিৰুদ্ধে দলবদ্ধ অপহৰণ আৰু ধৰ্ষণকে ধৰি বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে।