Breaking

ইটাখোলাৰ বালিজুৰিত ভয়ংকৰ অগ্নিকাণ্ড।নিহত এজন একাদশ শ্ৰেণীৰ ছাত্ৰ

0 24

বিশ্বনাথ জিলাৰ ইটাখোলা উপ-আৰক্ষী চকীৰ অন্তৰ্গত বালিজুৰি কৈলাস পুৰত ভয়াবহ অগ্নিকান্ডৰ ঘটনাত নিহত হয় একাদশ শ্ৰেণীৰ এজন ছাত্ৰ । ঘটনাৰ বিৱৰনি মতে ইটাখোলাস্থিত বালিজুৰিৰ কৈলাশপুৰত কালি নিশা প্ৰায় ৭ঃ৩০ মান বজাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকানন্ডৰ ঘটনা সংঘটিত হৈছিল । ধান খেৰত জুই লাগি সংঘটিত হোৱা ঘটনা বুলি অনুমান কৰা এই অগ্নি কান্ডৰ ফলত অতি দুৰ্ভাগ্যজনক ভাবে এজন একাদশ শ্ৰেণীৰ ছাত্ৰ যাদৱ শৰ্মা (১৭) ৰ মৃত্যু ঘটে ।

উল্লেখযোগ্য যে অগ্নিদ্গ্ধ হোৱা নিজ পুত্ৰক বচাবলৈ গৈ পিতৃ ইন্দ্ৰ লাল শৰ্মাও  গুৰুত্বৰ ভাৱে আহত হৈ সম্প্ৰতি তেজপুৰ মেডিকেল কলেজত মৃত্যুৰ সৈতে যুঁজি আছে বুলি জানিব পৰা গৈছে । এই নিদাৰুণ ঘটনা সমগ্ৰ বালিজুৰি অঞ্চলত শোকৰ ছাঁ পৰিছে।   

Leave A Reply