Home Blog Page 2536

নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আহিছে এক ভাল খবৰ

অসম চৰকাৰৰ ষ্টেট লেভেল ৰিক্ৰুইটমেন্ট কমিছন অৰ্থাৎ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে এক জাননী জাৰি কৰিছে য’ত জনোৱা হৈছে যে ২৬ সহস্ৰাধিক গ্ৰেড থ্ৰী (তৃতীয় বৰ্গ) আৰু গ্ৰেড ফ’ৰ (চতুৰ্থ বৰ্গ) পদত নিযুক্তি বিচৰা হৈছে। গ্ৰেড থ্ৰী আৰু গ্ৰেড ফ’ৰ মুঠ পদ আছে ২৬,৪৪১টা। ইয়াৰে গ্ৰেড থ্ৰীত ১৩,১৪১ টা আৰু গ্ৰেড ফ’ৰত ১৩,৩০০টা পদ আছে। গ্ৰেড থ্ৰীৰ কেটেগৰী-১ত ৮,৩৩১টা, কেটেগৰী-২ত ৩৬৯০টা, কেটেগৰী-৩ত ১১২০টা পদ আছে। ইফালে, গ্ৰেড ফ’ৰ অৰ্থাৎ চতুৰ্থ বৰ্গৰ অষ্টম পাছৰ বাবে ৯ হাজাৰ আৰু মেট্ৰিক পাছৰ বাবে ৪৩০০টা পদত নিযুক্তি লোৱা হ’ব। এই পদসমূহত ইছ্যুক প্ৰাৰ্থীসকলে অনলাইনযোগে আৱেদন কৰিব পাৰিব। উল্লেখযোগ্য যে, কেটেগৰী অনুসৰি শিক্ষাগত অৰ্হতাও পৃথক পৃথক হ’ব।

উল্লেখ্য যে, তৃতীয় বৰ্গৰ কেটেগৰী-১ত থকা পদ সমূহ ক্ৰমে- একাউন্টেন্ট, কেশ্বিয়াৰ, জুনিয়ৰ এছিছটেন্ট, এলডিএ, ষ্টেনোগ্ৰাফাৰ আদি। এই পদসমূহত আৱেদন কৰিবলৈ আৱেদনকাৰীসকলে কমেও স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব আৰু কম্পিউটাৰ চাৰ্টিভিকেট অথবা ৬ মাহৰ ডিপ্লমা থকা হ’ব লাগিব।

ঠিক একেদৰে তৃতীয় বৰ্গৰ কেটেগৰী-২ত থকা পদসমূহ ক্ৰমে- ফিল্ড এছিছটেন্ট, ফিল্ডমেন, ফৰমেন, ছেকশ্যন এছিছটেন্ট, ছইল কনজাৰ্ভেশ্যন ফিল্ড ৱৰ্কাৰ জুনিয়ৰ, এগ্ৰিকালছাৰ এক্সটেনশ্যন অফিচাৰ। এই পদসমূহত আৱেদন কৰিবলৈ আৱেদনকাৰীসকলে দ্বাদশ শ্ৰেণী পাছ কৰিব লাগিব। আৰু কিছুমান পদত বিজ্ঞান শাখাত দ্বাদশ শ্ৰেণী পাছ কৰিলেহে আৱেদন কৰিব পৰা যাব। তাৰপাছত তৃতীয় বৰ্গৰ কেটেগৰী-৩ত আছে চালক অৰ্থাৎ ড্ৰাইভাৰৰ পদ। এই পদত আৱেদন কৰিবলৈ আৱেদনকাৰীসকলে মেট্ৰিক পাছ কৰা হ’ব লাগিব।

এই পদসমূহত আৱেদন কৰিবলৈ আৱেদনকাৰীৰ বয়স ২০২২ৰ ১ জানুৱাৰী অনুসৰি, ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে এছচি-এছটি, অবিচি, পিডব্লিউডি চাৰ্টিফিকেট থকা প্ৰাৰ্থীসকলৰ বাবে বয়সৰ ক্ষেত্ৰত কিছু শিথিলতা প্ৰদান কৰা হৈছে। জাননীখনত উল্লেখ কৰা অনুসৰি, এই পদসমূহত আৱেদন কৰা সকলৰ এমপ্লয়মেন্ট এক্সছেঞ্জত নামভৰ্তি কৰা নথিপত্ৰ থাকিব লাগিব আৰু তেওঁলোক ভাৰতীয় নাগৰিক হ’ব লাগিব।

আৱেদন মাচুলঃ

তৃতীয় বৰ্গৰ পদসমূহত আৱেদন কৰিবলৈ অবিচি/এমঅবিচিৰ আৱেদনকাৰীসকলে ৩৫০ টকা আৰু চতুৰ্থ বৰ্গৰ পদসমূহৰ বাবে ২০০ টকা মাচুল জমা কৰিব লাগিব। আনহাতে, এছচি/এছটি আৱেদনকাৰীসকলে তৃতীয় বৰ্গৰ পদসমূহৰ বাবে ২৫০ টকা আৰু চতুৰ্থ বৰ্গৰ বাবে ১৫০ টকা জমা দিব লাগিব। উল্লেখ্য যে, আৱেদনৰ মাচুল কেৱল অনলাইনযোগেহে জমা কৰিব পাৰিব।

মন কৰিবলগীয়া যে, এই পদসমূহত আৱেদনৰ তাৰিখ আৰম্ভ হ’ব ১১ এপ্ৰিল, ২০২২ৰ পৰা, আৰু আৱেদন কৰাৰ অন্তিম তাৰিখ ৩০ মে’, ২০২২। এই পদসমূহত আৱেদন কৰাৰ নিয়মাৱলী- প্ৰথমে https://www.assamcareer.com/2022/03/assam-direct-recruitment.html ত ক্লিক কৰক। তাৰপাছত তললৈ গৈ Important Web-Links sectionত দেখিব। তাত “Online Registration”ত ক্লিক কৰি সকলো পঞ্জীয়নৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক। তাৰ পাছৰ পেজত “Online Application” লিংকত ক্লিক কৰি Login কৰি ল’ব। আপোনাৰ ব্যক্তিগত আৰু শৈক্ষিক সকলো প্ৰয়োজন নথিপত্ৰ আপলোড কৰিব। তাৰপাছত অনলাইন মাচুল জমা দি আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন প্ৰিন্ট আউট উলিয়াব পাৰিব।

কাজিৰঙাত ১৪ সংখ্যক গঁড় গণনা আৰম্ভঃ ৮৪ টা খণ্ডত হ’ব গণনা…

বিশ্বৰ সর্বাধিক এটা খর্গ থকা গঁড়ৰ বাসস্থান স্থল বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৪ সংখ্যক গঁড় গণনাৰ কাম আজিৰে পৰা আৰম্ভ হৈছে । বন বিভাগৰ তথ্য মতে ২৬, ২৭ আৰু ২৮ মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় গণনা অনুষ্ঠিত হ’ব । এই সম্পর্কে ২৫ মাৰ্চত কাজিৰঙাৰ কঁহৰাত অৱস্থিত বন বিভাগৰ পৰমানন্দ লাহন শতবৰ্ষ আলোচনা গৃহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই বন সংমণ্ডল বিষয়া, বনাঞ্চলিক বিষয়া, গৱেষণা বিষয়াৰ লগতে তিনিদিনীয়া এই গণনাত ৬৩ গৰাকী বিশেষ বিশেষজ্ঞক আমন্ত্ৰণ কৰি গঁড় গণনাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে ৷ লগতে গঁড় গণনাৰ বাবে সংবাদ মাধ্যম, স্বেচ্ছাসেৱক, বনকৰ্মী আৰু কৰ্মকৰ্তাকে ধৰি ১০০ ৰো অধিক লোকক নিয়োজিত কৰি পৰিচয় পত্ৰ বিতৰণ কৰিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যোৱা ডিফলু নদীখন দুটা ভাগত ভাগ কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে বিশ্বনাথৰ ৮ টা খণ্ডক সামৰি মুঠ ৮৪ টা খণ্ডত গঁড়ৰ গণনাৰ কাম আৰম্ভ হ’ব ।

তিনিদিনীয়াকৈ হোৱা এই গণনাত আজি পুৱাৰে পৰা ডিফলু নদীৰ দক্ষিণ পাৰৰ ৪৮ টা খণ্ডত গঁড় গণনা আৰম্ভ হৈছে । কাইলৈ অৰ্থাৎ ২৭ মাৰ্চত ডিফলু নদীৰ উত্তৰ পাৰৰ ২৮ টা খণ্ড আৰু বিশ্বনাথৰ ৮ টা খণ্ডক সামৰি মুঠ ৩৬ টা খণ্ডত গঁড় গণনাৰ কাম আৰম্ভ হ’ব । গঁড় গণনাৰ বাবে বনবিভাগে চৰকাৰী আৰু বেচৰকাৰী ৪৫ টা হাতী ব্যৱহাৰ কৰিছে । গঁড় গণনাত হাতী ব্যৱহাৰ কৰিব লগা হোৱাৰ বাবেই উদ্যানখনত পৰ্যটকৰ বাবে হাতী ছাফাৰী সম্পূৰ্ণৰূপে বন্ধ ৰখা বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই জানিবলৈ দিয়ে । অহা ২৮ মাৰ্চত গঁড়ৰ লিংগ নিৰ্ণয় আৰু বয়স আদি নিৰ্ধাৰণৰ পাছত ৩০ মাৰ্চত গঁড় গণনাৰ ফলাফল প্ৰকাশ কৰিব উদ্যান কতৃপক্ষই ৷ উদ্যানখনত ১৯৬৬ চনত পোন প্ৰথমবাৰৰ বাবে গঁড় গণনা আৰম্ভ হৈছিল আৰু সেইবাৰ উদ্যানখনত গঁড়ৰ সংখ্যা আছিল ৩৬৬ টা । আনহাতে শেহতীয়াকৈ উদ্যানখনত ২০১২ চনত কৰা গণনাত গঁড়ৰ সংখ্যা আছিল ২,২৯০ টা । ইফালে ২০১৩ বৰ্ষত ২.৩২৯ টালৈ বৃদ্ধি পাইছিল । শেহতীয়াকৈ ২০১৮ বৰ্ষৰ গঁড় গণনাত কাজিৰঙাত ২,৪১৩ টা গঁড় পোৱা গৈছিল ৷ আজিৰে পৰা হোৱা গঁড় গণনাত পূৰ্বতকৈ গঁড়ৰ সংখ্যা কাজিৰঙাত বৃদ্ধি পাব বুলি আশা প্রকাশ কৰিছে উদ্যান কতৃপক্ষই । অন্যহাতে আজিৰে পৰা হোৱা গঁড় গণনাৰ বাবে ২৬, ২৭ আৰু ২৮ মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাকাৰী বন্ধ থাকিব বুলি বনবিভাগৰ সূত্ৰত প্ৰকাশ ৷ উল্লেখযোগ্য যে গঁড় গণনাৰ পূৰ্বে উদ্যানখনৰ অৰণ্য বিশেষকৈ খেৰনি, ইকৰানি, নদী, বিলৰ পাৰ আদি এলেকা অর্থাৎ যিবোৰ সম্ভাব্য স্থানত গঁড়ে বিচৰণ কৰি থাকে তেনে এলেকাবোৰত জুই দি পৰিষ্কাৰ কৰাটো অতি প্রয়োজন । তেতিয়াহে গণনাকাৰীসকলে গঁড়ক প্রত্যক্ষ কৰি গণনা কৰাত সুবিধা হয় ।

ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা, বাগৰি, অগৰাতলি, বুঢ়াপাহাৰ আদি বনাঞ্চলৰ নিৰ্বাচিত অৰণ্যত বনকৰ্মীয়ে জুই দিয়া কাম সমাপ্ত কৰিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই জানিবলৈ দিয়া মতে, এইবাৰ কাজিৰঙাৰ অৰণ্যত জুই দিয়া হৈছে যদিও ঘাঁহনি, ইকৰানি আদি এতিয়ালৈকে ভালকৈ জ্বলা নাই । ইকৰানি আৰু ঘাঁহনি বৰ্তমান কেঁচা হৈ থকাৰ লগতে বতাহো পর্যাপ্ত বলা নাই । যাৰ ফলত জুইৰ প্ৰকোপ কম হৈ আছে । এটা গুৰুত্বপূৰ্ণ কথা যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৯৫০ চনৰ পৰাই অৰণ্যত জুই দিয়া যাক ইংৰাজীত কন্ট্রল বার্নিং আৰম্ভ কৰা হৈছিল । প্ৰথম অৱস্থাত ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলৰ অধীনত কুঠৰীৰ এলেকাত অৰণ্যত পৰীক্ষামূলকভাৱে জুই দিয়া আৰম্ভ কৰা হৈছিল আৰু পৰৱৰ্তী কালত ৰাষ্ট্ৰীয় উদ্যানৰ আটাইকেইটা বনাঞ্চলতেই এই ব্যৱস্থা প্রয়োগ কৰা হয় বিশেষকৈ উদ্যানখনৰ তৃণভোজী বন্যপ্ৰাণীৰ কাৰণে । তৃণভোজী বন্যপ্ৰাণীৰ সংখ্যা দিনক দিনে উদ্যানখনত বৃদ্ধি পাই থকাত ঘাঁহনি এলেকা বহু প্ৰয়োজন হৈ পৰিছে । উল্লেখযোগ্য যে কাজিৰঙাত বহু ঘাঁহনি এলেকা বর্তমান কাঠনিলৈ পৰিণত হৈ পৰিছে । এইটো তৃণভোজী প্ৰাণীৰ কাৰণে শুভ লক্ষণ নহয় । উদ্যান কর্তৃপক্ষই গৱেষণাৰ জৰিয়তে কেনেকৈ কাঠনি এলেকা হ্ৰাস কৰি ঘাঁহনি এলেকা বৃদ্ধি কৰিব পাৰি তাৰ ব্যৱস্থা সময় থাকোতেই নললে ভৱিষ্যতে ভীষণ সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে বুলিও প্রাণীবিদসকলে মত প্রকাশ কৰিছে ।

বকোৰ যুৱক আব্দুৰ ৰফিকৰ স্বাৱলম্বিতাৰ নিদৰ্শন…

নিজৰ স্বকীয় কৰ্মৰাজিৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে এগৰাকী যুৱ ব্যৱসায়ীয়ে। জানিব পৰা মতে ; কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত  বৰুৱা বালিঝাৰৰ শিক্ষীত যুৱক আব্দুৰ ৰফিকে নিজৰ গৃহতেই মুকলি কৰিছে আধুনিক ডিজাইনৰ ইলেকট্ৰনিক এল এ ডি বাল্প। উল্লেখ্য যে উচ্চ শিক্ষা সমাপ্ত কৰি ৰফিকে কলিকতাৰ এটা প্ৰতিষ্ঠানত এল এ ডি বাল্ব প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ লৈ নিজাববীয়াকৈ ৰফিক ইন্ডাষ্ট্ৰী গঢ়ি তুলি জীৱিকা উপাৰ্জনৰ কৰাৰ লগতে নৱ প্ৰজন্মৰ বাবে আদৰ্শ স্বৰূপ হৈ পৰিছে।প্ৰতিষ্ঠানটোত ইতিমধ্যে বিভিন্ন ঠাইৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী সমূহ খুচুৰা বিক্ৰীৰ উপৰিও পাইকাৰী ভাৱেও ক্ৰয় কৰিবলৈ আহি আছে।

ইয়াৰ জৰিয়তে অধিক মুনাফা অৰ্জন কৰিবলৈ সক্ষম হৈছে ইন্ডাষ্ট্ৰিটোৰ সত্তাধীকাৰী আব্দুৰ ৰফিকে ।সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰ ৰফিকে কয় যে, শিক্ষা কেৱল চাকৰিৰ বাবে অৰ্জন কৰা ঠিক নহয়, ইচ্ছা কৰিলে ভাল ব্যৱসায় কৰিলেও জীৱনত সাফল্য লাভ কৰিব পাৰি। তেওঁ আৰু জানিবলৈ দিয়ে যে  অতি সুলভ মুল্যত বিক্ৰী কৰা হয় বাল্ব সমুহ।যদি কোনো ব্যক্তিক কাৰিকৰী প্ৰশিক্ষণ, নিৰ্মাণ সামগ্ৰীৰ আৱশ্যক হয় তেন্তে +917002831934 ফোন নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়। সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে নিৰ্মান কৰা বাল্ব সমূহে অঞ্চলটোৰ লগতে বিভিন্ন ঠাইৰ ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে আব্দুৰ ৰফিকৰ এনে কাৰ্য্যৰ বাবে আদৰণিয় আৰু প্ৰসংশাৰ পাত্ৰ হৈ পৰিছে।

১ এপ্ৰিলৰ পৰা দাম বাঢ়িব পেৰাচিটামল ঔষধৰ…

পেট্ৰল-ডিজেল, ৰন্ধন গেছ চিলিণ্ডাৰৰ পিছত সাধাৰণ লোকক মাধমাৰ শোধাই দাম বাঢ়িব জীৱদায়িনী ঔষধৰ। পহিলা এপ্ৰিলৰ পৰা বৃদ্ধি পাব বহু ঔষধৰ দাম। হ’লচেল প্ৰাইচ ইনডেক্সৰ পৰিৱৰ্তন হোৱাৰ লগে লগে অধিক দাম ভৰিব লাগিব ৰোগীয়ে। ১ এপ্ৰিলৰ পৰা উচ্চ ৰক্তচাপ, ৰক্তহীনতা, ছাল, জ্বৰ, সংক্ৰমণ, হৃদৰোগৰ ঔষধৰ দাম বৃদ্ধি পাব।

যোৱা বিত্তীয় বৰ্ষৰ তুলনাত ঔষধৰ দাম ১০.৭ শতাংশ বৃদ্ধি পাব। নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটী অৱ ইণ্ডিয়াই পাইকাৰী দৰ সূচকৰ পৰিৱৰ্তন কৰা বুলি ঘোষণাৰ লগে লগে কমেও ৮০০ বিধ মেডিচিনৰ দাম বৃদ্ধি পাব।

জাপানৰ E5 ৰে’ল এইবাৰ চলিব ভাৰতত!

জাপানত চলি থকা E5 শৃংখলৰ ৰে’ল ভাৰতত চলাচল কৰিব। বুলেট ট্ৰেইনৰ বাবে ভাৰতীয় অভিযন্তাসকলে কাম ক্ষিপ্ৰ গতিত অব্যাহত ৰাখিছে। ছিভিল ৱৰ্ক, ট্ৰাকৰ কামকে ধৰি সকলো কাম ভাৰতীয় অভিযন্তাসকলে ভাৰততে সম্পন্ন কৰিছে। বাকী থকা আসোঁৱাহ বা আগন্তুক দিনৰ সমস্যাৰে মোকাবিলা কৰিবলৈ কাম অব্যাহত ৰাখিছে দক্ষ অভিযন্তাসকলে।

সংসদত এই কথা সদৰি কৰিছে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। মন্ত্ৰীগৰাকীৰ মতে, ভাৰতীয় ৰেলখণ্ডক ব্যক্তিগতকৰণ কৰা নহয়। জনপ্ৰিয় ৰাজহুৱা পৰিবহন ব্যৱস্থাটোক কোনো ব্যক্তিগত খণ্ডৰ হাতত গটাই নিদিয়ে। জাপানৰ ৰেলপথত চলি থকা বুলেট ট্ৰেইন ভাৰতৰ ভূমিত চলাচলৰ সপোন পূৰণ কৰিব অভিযন্তাসকলে।

জানো আহক চজিনাৰ পুষ্টিগুণ….

চজিনা – প্ৰকৃতিৰ এক অমূল্য বৰদান। ভাৰতবৰ্ষত অতি প্ৰাচীন কালৰ পৰাই ৩০০বিধ ৰোগৰ আয়ুৰ্বেদিক চিকিৎসাত চজিনা গছৰ পাত, ফুল, ফল, বাকলি, আঠা আৰু শিপাৰ প্ৰয়োগ হৈ আহিছে৷ আনকি দক্ষিণ আফ্ৰিকাৰ কেইবাখনো দেশত পুষ্টিহীনতাত ভোগা শিশুক চজিনাক খাদ্য হিচাবে গ্ৰহণ কৰাৰ পৰামৰ্শ আগবঢ়াইছে বিশ্ব স্বাস্থ্য সংস্থাই৷ চজিনাত ভিটামিন-চি কমলাতকৈ ৭ গুণ বেছি, কেলচিয়াম গাখীৰতকৈ ৪গুণ বেছি, ভিটামিন-এ গাজৰতকৈ ৪গুণ বেছি, পটেচিয়াম কলতকৈ ৩গুণ বেছিকৈ থাকে৷ বহু গুণেৰে ভৰপূৰ চজিনা।

ডায়েবেটিজৰ নিয়ন্ত্ৰণত সহায়ক চজিনা, হাঁড়ৰ ঘনত্ব আৰু শক্তি বৃদ্ধি কৰে৷ ৰক্ত পৰিশোধক- সেয়ে শালমন জাতীয় ছালৰ ৰোগত উপকাৰী চজিনা৷ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। মহিলাৰ গৰ্ভকালৰ পুষ্টিকৰ খাদ্য, প্ৰসৱত সহায়ক আৰু মাতৃদুগ্ধ উৎপাদনত উপযোগী৷ ইয়াৰ শিপাৰ ৰসেৰে মূৰৰ বিষৰ চিকিৎসা কৰা হয়৷ শিপা উতলোৱা পানী খালে জ্বৰৰ উপশম ঘটে৷ সাধাৰণ পানীলগা, চৰ্দি চজিনাৰ কুহুমীয়া চুপ খালে আৰোগ্য হয়৷ শিশু আৰু মহিলাৰ বাবে চজিনা নিয়মীয়াকৈ খালে প্ৰাকৃতিক আইৰণ টনিকৰ দৰে৷ চজিনাৰ কুমলীয়া পাত ভাজি খালে কৃমি নাশ হয়, বিশেষকৈ শিশুৰ বাবে ই এক সহজ প্ৰাকৃতিক চিকিৎসা ৷ চজিনা গছৰ বাকলিৰ ৰস লগালে মুৰত চুলি গজে।

দেশত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা…

দেশত কোভিড-১৯ সংক্ৰমন হ্ৰাস পাইছে। বিগত ২৪ ঘণ্টাত দেশত ১৬৬০ গৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে কোভিডৰ উপস্থিতি।এই সময়ছোৱাত ২,৩৪৯ গৰাকী লোক কোভিডৰ পৰা আৰোগ্য লাভ কৰিছে। উল্লেখ্য যে এই মুহূৰ্তলৈকে দেশত ১,৮২.৮৭,৬৮,৪৭৬ গৰাকী লোকক কোভিডৰ ভেকচিন প্ৰদান কৰা হৈছে। কোভিডত আক্ৰান্ত হৈ দেশৰ ৫ লাখ ২০ হাজাৰ ৮৫৫ জন লোকে প্ৰাণ হৰুৱাইছে। তথ্য অনুসৰি এতিয়ালৈকে দেশৰ মুছ ৪,২৪, ৮০, ৪৩৬ গৰাকী লোক কোভিড সংক্ৰমণৰ পৰা আৰোগ্য লাভ কৰিছে।

দেশজুৰি টিকাকৰণ অভিযান অব্যাহত আছে। এতিয়ালৈকে দেশৰ ১৮২ কোটিতকৈও অধিক কৰোনা ভেকছিনৰ পালি দিয়া হৈছে। শুকুৰবাৰে ২৯,০৭,৭৪৯ পালি ভেকচিন প্ৰদান কৰা হৈছে। দেশত কোভিড বিৰোধী টিকাকৰণ অভিযান ১৬ জানুৱাৰী ২০২১ তাৰিখে আৰম্ভ হৈছিল আৰু প্ৰথম পৰ্যায়ত স্বাস্থ্যসেৱা কৰ্মীসকলক টিকাকৰণ কৰা হৈছিল। ইফালে আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল পুনৰ আৰম্ভ হোৱাৰ প্ৰতি লক্ষ্যৰাখি বুষ্টাৰ ড’জ প্ৰদানৰ বিষয়ে গ্ৰহণ কৰা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেন্দ্ৰীয় চৰকাৰে বিদেশৰ পৰা অহা লোকসকলক কোভিডৰ বুষ্টাৰ পালি প্ৰদান কৰিব। ইয়াৰ বাবে, চৰকাৰে বুষ্টাৰ পালিত প্ৰদান কৰিবলগা ৰেহাইৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। এই সন্দৰ্ভত অতি শীঘ্ৰে এক নিৰ্দেশ জাৰি কৰিব পাৰি। ২৭ মাৰ্চৰ পৰা দেশত আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল আৰম্ভ হ’ব। যাৰ বাবে চৰকাৰে এই সিদ্ধান্ত লৈছে।

ইউৰোপৰ বহুতো দেশত বাহিৰাষ্ট্ৰৰ পৰা অহা ভ্ৰমণকাৰীসকলৰ বাবে এক বুষ্টাৰ পালি বাধ্যতামূলক কৰা হৈছে। আনহাতে ভাৰতত কেৱল ৬০ বছৰৰ অধিক বয়সৰ লোকসকলেহে বুষ্টাৰ পালি প্ৰদান কৰা হৈছে।উল্লেখ্য যে এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্বাস্থ্য মন্ত্ৰালয়লৈ পত্ৰ লিখিছিল। এই পত্ৰৰ আধাৰতে স্বাস্থ্য মন্ত্ৰালয়ে সিদ্ধান্ত লৈছে যে বিদেশলৈ যোৱা ভাৰতীয়সকলে যিকোনো ব্যক্তিগত চিকিৎসালয়লৈ গৈ বুষ্টাৰ পালি গ্ৰহণ কৰিব পৰা ব্যৱস্থা কৰা হ’ব। ইয়াৰ বিনিময়ত তেওঁলোকে এটা নিৰ্দিষ্ট মূল্য পৰিশোধ কৰিব লাগিব।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্বাস্থ্য মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰি লিখিছে যে, যিসকলে অধ্যয়ন, চাকৰি, ব্যৱসায় বা ক্ৰীড়াৰ বাবে বিদেশলৈ গৈ আছে তেওঁলোকে তাৎক্ষণিক ভাৱে বুষ্টাৰ পালি প্ৰদানৰ ব্যৱস্থা কৰিব লাগিব। অনাগত দিনত লাখ লাখ মানুহ বিদেশলৈ যাব। এই পত্ৰখনৰ পিছত স্বাস্থ্য মন্ত্ৰালয়ত আলোচনা হৈছিল।

অসম চৰকাৰৰ ২৬ হাজৰৰো অধিক পদৰ বিজ্ঞাপন প্ৰকাশ…

ৰাজ্যৰ নিবনুৱাৰ বাবে ভাল খবৰ। অসম চৰকাৰে জাৰি কৰিছে বৃহৎ নিযুক্তিৰ বিজ্ঞাপন। ১ লাখ নিবনুৱাক নিযুক্তিৰ প্ৰসংগক লৈ বিতৰ্ক চলি থকাৰ মাজতে অসম চৰকাৰে শনিবাৰে প্ৰকাশ কৰা এই বিজ্ঞাপনে চাকৰি বিচৰা নিবনুৱাসকলক উপকৃত কৰিব। Assam State Recruitment Commission য়ে শনিবাৰে দুখন চাকৰি সম্পৰ্কীয় জাননী জাৰি কৰিছে। এই জাননীৰ জৰিয়তে মুঠ ২৬,৪৪১ টা পদ পূৰণৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। এই ২৬ হাজৰৰো অধিক পদৰ ভিতৰত তৃতীয় বৰ্গৰ পদৰ সংখ্যা ১৩,১৪১ টা আৰু চতুৰ্থ বৰ্গৰ পদৰ সংখ্যা ১৩,৩০০ টা।

প্ৰকাশিত বিজ্ঞাপন ,অনুসৰি তৃতীয় বৰ্গৰ পদৰ বাবে প্ৰাৰ্থীসকল উচ্চতৰ মাধ্যমিক আৰু স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব। ইয়াৰ উপৰিও তেওঁলোক কম্পিউটাৰ শিক্ষাৰ ডিপ্লমা গ্ৰহণ কৰা হ’ব লাগিব। অৰ্থাত প্ৰাৰ্থীসকলৰ ৬ মহীয়া কম্পিউটাৰ শিক্ষাৰ চাৰ্টিফিকেট থাকিব লাগিব। আনহাতে আন কিছু পদৰ বাবে প্ৰাৰ্থী কেৱল বিজ্ঞান শাখাৰ হ’ব লাগিব। তৃতীয় বৰ্গৰ খালী পদসমূহৰ ভিতৰত আছে একাউণ্টেণ্ট, কেচিয়াৰ, জুনিয়ৰ এচিচটেণ্ট, এলডিএ আৰু ষ্টেনগ্ৰাফাৰৰ মুঠ পদ আছে ৮,৩৩১ টা। এই পদসমূহৰ বাবে স্নাতক ডিগ্ৰীৰ উপৰিও ৬ মাহৰ কম্পিউটাৰ শিক্ষাৰ চাৰ্টিফিকেট থাকিব লাগিব।

আনহাতে ফিল্ড এচিচটেণ্ট, ফিল্ডমেন, পৰমেন, চেকশ্যন এচিচটেণ্ট, চইল কনজাৰভেশ্যন, ফিল্ড ৱৰ্কাৰ, জুনিয়ৰ এগ্ৰিকালচাৰ এক্সটেনশ্যন অফিচাৰৰ মুঠ পদ আছে ৩,৬৯০টা। এই পদসমূহৰ বাবে প্ৰাৰ্থীৰ যোগ্যতা নিৰ্ধাৰণ কৰা হৈছে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ। অৱশ্যে ইয়াৰে কিছু সংখ্যক পদৰ বাবে প্ৰাৰ্থী বিজ্ঞান শাখাৰ হোৱাটো বাঞ্চনীয়। চতুৰ্থ বৰ্গৰ বাবে শিক্ষাগত অৰ্হতা অষ্টম শ্ৰেণী আৰু মেট্ৰিক উত্তীৰ্ণ নিৰ্ধাৰণ কৰা হৈছে। অষ্টম শ্ৰেণীৰ উত্তীৰ্ণৰ বাবে মুঠ খালী পদ আছে ৯০০০ টা। আনহাতে মেট্ৰিক উত্তীৰ্ণৰ বাবে পদ আছে ৪,৩০০টা। ড্ৰাইভাৰ পদ আছে ১,১২০ টা। ড্ৰাইভাৰ পদৰ বাবে প্ৰাৰ্থীৰ যোগ্যতা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ উপৰিও প্ৰাৰ্থীৰ গাড়ী চালনাৰ বাবে বৈধ অনুজ্ঞাপত্ৰ থকাটো বাঞ্চনীয়।

উল্লেখ্যে যে এই পদসমূহৰ বাবে অনলাইন মাধ্যমেৰে আৱেদন কৰিব পাৰিব। অনলাইন আৱেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব ১১ এপ্ৰিল ২০২২ৰ পৰা। আনহাতে আৱেদন প্ৰক্ৰিয়াৰ অন্ত পৰিব ৩০ মে’ ২০২২ তাৰিখে। প্ৰতিটো পদৰ বাবে আৱেদন মাচুল নিৰ্ধাৰণ কৰা হৈছে। সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীসকলৰ লগতে অবিচি, এমঅবিচি অন্তৰ্গত প্ৰাৰ্থীসকলে ৩৫০ টকাকৈ মাচুল পৰিশোধ কৰাৰ লগতে এছ টি আৰু এছ চি প্ৰাৰ্থীয়ে ২৫০ টকাকৈ মাচুল পৰিশোধ কৰিব লাগিব।

খাদ্য সুৰক্ষা আৰু মানক কৰ্তৃপক্ষৰ উদ্যোগত খাদ্য ব্যৱসায়ী পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ মেলা। 

কামৰূপ জিলাৰ বিজয়নগৰত খাদ্য সুৰক্ষা মানকৰ, ভাৰতৰ অধীনস্থ কামৰূপ খাদ্য সুৰক্ষা মানকৰৰ উদ্যোগত শুকুৰবাৰে এখনি খাদ্য ব্যৱসায়ী পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ মেলা অনুষ্ঠিত হৈ যায় । গ্ৰাহকৰ সুৰক্ষা আৰু ব্যৱসায়ীক সকলৰ মাজত সচেতনতা বৃদ্ধি বাবে এনেধৰণৰ মেলা ৰাজ্যৰ বিভিন্ন ঠাইত অনুস্থিত হোৱাৰ নিচিনাকৈ কামৰূপ জিলাৰো বিভিন্ন ঠাইত এই মেলা পতা হয়।

তাৰেই পৰিপ্ৰেক্ষিতত কালি এই মেলা বিজয় নগৰত সম্পন্ন হৈ যায়। কালি বিজয়নগৰত অনুষ্ঠিত মেলাত কামৰূপ জিলা খাদ্য সুৰক্ষা বিভাগৰ পৰা চম্পক কুমাৰ পাঠক, সিদ্ধাৰ্থ মজুমদাৰ সমিৰণ বৰ্মনৰ লগতে অনিল শৰ্মা প্ৰমুখ্যে উচ্চস্তৰীয় বিষয়া বৰ্গই অংশগ্ৰহণ কৰে। কালিৰ এই অনুষ্ঠানত মুঠ ৩০টা প্ৰতিষ্ঠানক মানপত্ৰ বিতৰণ কৰা হয়। উল্লেখ্য যে fssai ৰ এই পঞ্জীয়ন ভাৰতীয় খাদ্য সুৰক্ষা আইনৰ ২০০৬ ৰ  অধীনত লোৱাটো বাধ্যতামূলক।

তামুলপুৰত অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ সংবাদ মেল

উৰিয়া ভাষাক চৰকাৰী ভাৱে মান্যতা প্ৰদান, ” নোৱাখাই পৰ্ব “ত চৰকাৰী বন্ধ, জনজাতীয় পৰিচয় পত্ৰৰ বিসংগতি দূৰীকৰণ আদি দাবীৰে আজি তামুলপুৰ প্ৰেছ ক্লাবত অসম উৰিয়া যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াই এক সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলত কয় যে-

শৈক্ষিক ক্ষেত্ৰত উড়িয়া ভাষা এলাগী হোৱা বুলি অভিযোগ উত্থাপন কৰি অতি শীঘ্ৰে শৈক্ষিক ক্ষেত্ৰত উড়িয়া ভাষাক ঐচ্ছিক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায় ।উড়িয়া জনগোষ্ঠীৰ লোকসকলে সাংবিধানিকভাবে জনজাতীয় পৰিচয় পত্ৰ লাভ কৰে যদিও বহু আসোঁৱাহ আছে গতিকে অতি শীঘ্ৰে আসোঁৱাহসমূহ দূৰ কৰি উড়িয়াসকলক জনজাতীয় পৰিচয় পত্ৰ প্ৰদান কৰিবলৈ আহ্বান জনায় ।

অসমত বিভিন্ন জনজাতিৰ উৎসৱ পাৰ্বনত চৰকাৰীভাৱে সন্মান জনায় বন্ধ দিয়ে যদিও উড়িয়া সকলৰ মূল উৎসৱ নোৱাখাই পৰ্বত আজিলৈ স্বীকৃতি প্ৰদান কৰি কোনো বন্ধ ঘোষণা কৰা নাই । সেয়েহে উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াই অসমৰ মুখ্যমন্ত্ৰী গৰাকীক অতি শীঘ্ৰে স্বীকৃতি প্ৰদান কৰাৰ লগতে উক্ত দিনত চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ আহ্বান জনায় ।

সংবাদ মেলত অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি লক্ষ্মীধৰ তান্তী, বাক্সা জিলা সমিতিৰ উপ -সভাপতি মনোনাগ, নাগ্ৰীজুলি আঞ্চলিকৰ সভাপতি চৌচানন্দ তান্তীৰ লগতে প্ৰদীপ দাস উপস্থিত থাকে ।