Breaking

নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আহিছে এক ভাল খবৰ

0 42

অসম চৰকাৰৰ ষ্টেট লেভেল ৰিক্ৰুইটমেন্ট কমিছন অৰ্থাৎ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে এক জাননী জাৰি কৰিছে য’ত জনোৱা হৈছে যে ২৬ সহস্ৰাধিক গ্ৰেড থ্ৰী (তৃতীয় বৰ্গ) আৰু গ্ৰেড ফ’ৰ (চতুৰ্থ বৰ্গ) পদত নিযুক্তি বিচৰা হৈছে। গ্ৰেড থ্ৰী আৰু গ্ৰেড ফ’ৰ মুঠ পদ আছে ২৬,৪৪১টা। ইয়াৰে গ্ৰেড থ্ৰীত ১৩,১৪১ টা আৰু গ্ৰেড ফ’ৰত ১৩,৩০০টা পদ আছে। গ্ৰেড থ্ৰীৰ কেটেগৰী-১ত ৮,৩৩১টা, কেটেগৰী-২ত ৩৬৯০টা, কেটেগৰী-৩ত ১১২০টা পদ আছে। ইফালে, গ্ৰেড ফ’ৰ অৰ্থাৎ চতুৰ্থ বৰ্গৰ অষ্টম পাছৰ বাবে ৯ হাজাৰ আৰু মেট্ৰিক পাছৰ বাবে ৪৩০০টা পদত নিযুক্তি লোৱা হ’ব। এই পদসমূহত ইছ্যুক প্ৰাৰ্থীসকলে অনলাইনযোগে আৱেদন কৰিব পাৰিব। উল্লেখযোগ্য যে, কেটেগৰী অনুসৰি শিক্ষাগত অৰ্হতাও পৃথক পৃথক হ’ব।

উল্লেখ্য যে, তৃতীয় বৰ্গৰ কেটেগৰী-১ত থকা পদ সমূহ ক্ৰমে- একাউন্টেন্ট, কেশ্বিয়াৰ, জুনিয়ৰ এছিছটেন্ট, এলডিএ, ষ্টেনোগ্ৰাফাৰ আদি। এই পদসমূহত আৱেদন কৰিবলৈ আৱেদনকাৰীসকলে কমেও স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব আৰু কম্পিউটাৰ চাৰ্টিভিকেট অথবা ৬ মাহৰ ডিপ্লমা থকা হ’ব লাগিব।

ঠিক একেদৰে তৃতীয় বৰ্গৰ কেটেগৰী-২ত থকা পদসমূহ ক্ৰমে- ফিল্ড এছিছটেন্ট, ফিল্ডমেন, ফৰমেন, ছেকশ্যন এছিছটেন্ট, ছইল কনজাৰ্ভেশ্যন ফিল্ড ৱৰ্কাৰ জুনিয়ৰ, এগ্ৰিকালছাৰ এক্সটেনশ্যন অফিচাৰ। এই পদসমূহত আৱেদন কৰিবলৈ আৱেদনকাৰীসকলে দ্বাদশ শ্ৰেণী পাছ কৰিব লাগিব। আৰু কিছুমান পদত বিজ্ঞান শাখাত দ্বাদশ শ্ৰেণী পাছ কৰিলেহে আৱেদন কৰিব পৰা যাব। তাৰপাছত তৃতীয় বৰ্গৰ কেটেগৰী-৩ত আছে চালক অৰ্থাৎ ড্ৰাইভাৰৰ পদ। এই পদত আৱেদন কৰিবলৈ আৱেদনকাৰীসকলে মেট্ৰিক পাছ কৰা হ’ব লাগিব।

এই পদসমূহত আৱেদন কৰিবলৈ আৱেদনকাৰীৰ বয়স ২০২২ৰ ১ জানুৱাৰী অনুসৰি, ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে এছচি-এছটি, অবিচি, পিডব্লিউডি চাৰ্টিফিকেট থকা প্ৰাৰ্থীসকলৰ বাবে বয়সৰ ক্ষেত্ৰত কিছু শিথিলতা প্ৰদান কৰা হৈছে। জাননীখনত উল্লেখ কৰা অনুসৰি, এই পদসমূহত আৱেদন কৰা সকলৰ এমপ্লয়মেন্ট এক্সছেঞ্জত নামভৰ্তি কৰা নথিপত্ৰ থাকিব লাগিব আৰু তেওঁলোক ভাৰতীয় নাগৰিক হ’ব লাগিব।

আৱেদন মাচুলঃ

তৃতীয় বৰ্গৰ পদসমূহত আৱেদন কৰিবলৈ অবিচি/এমঅবিচিৰ আৱেদনকাৰীসকলে ৩৫০ টকা আৰু চতুৰ্থ বৰ্গৰ পদসমূহৰ বাবে ২০০ টকা মাচুল জমা কৰিব লাগিব। আনহাতে, এছচি/এছটি আৱেদনকাৰীসকলে তৃতীয় বৰ্গৰ পদসমূহৰ বাবে ২৫০ টকা আৰু চতুৰ্থ বৰ্গৰ বাবে ১৫০ টকা জমা দিব লাগিব। উল্লেখ্য যে, আৱেদনৰ মাচুল কেৱল অনলাইনযোগেহে জমা কৰিব পাৰিব।

মন কৰিবলগীয়া যে, এই পদসমূহত আৱেদনৰ তাৰিখ আৰম্ভ হ’ব ১১ এপ্ৰিল, ২০২২ৰ পৰা, আৰু আৱেদন কৰাৰ অন্তিম তাৰিখ ৩০ মে’, ২০২২। এই পদসমূহত আৱেদন কৰাৰ নিয়মাৱলী- প্ৰথমে https://www.assamcareer.com/2022/03/assam-direct-recruitment.html ত ক্লিক কৰক। তাৰপাছত তললৈ গৈ Important Web-Links sectionত দেখিব। তাত “Online Registration”ত ক্লিক কৰি সকলো পঞ্জীয়নৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক। তাৰ পাছৰ পেজত “Online Application” লিংকত ক্লিক কৰি Login কৰি ল’ব। আপোনাৰ ব্যক্তিগত আৰু শৈক্ষিক সকলো প্ৰয়োজন নথিপত্ৰ আপলোড কৰিব। তাৰপাছত অনলাইন মাচুল জমা দি আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন প্ৰিন্ট আউট উলিয়াব পাৰিব।

Leave A Reply