Breaking

খাদ্য সুৰক্ষা আৰু মানক কৰ্তৃপক্ষৰ উদ্যোগত খাদ্য ব্যৱসায়ী পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ মেলা। 

0 35

কামৰূপ জিলাৰ বিজয়নগৰত খাদ্য সুৰক্ষা মানকৰ, ভাৰতৰ অধীনস্থ কামৰূপ খাদ্য সুৰক্ষা মানকৰৰ উদ্যোগত শুকুৰবাৰে এখনি খাদ্য ব্যৱসায়ী পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ মেলা অনুষ্ঠিত হৈ যায় । গ্ৰাহকৰ সুৰক্ষা আৰু ব্যৱসায়ীক সকলৰ মাজত সচেতনতা বৃদ্ধি বাবে এনেধৰণৰ মেলা ৰাজ্যৰ বিভিন্ন ঠাইত অনুস্থিত হোৱাৰ নিচিনাকৈ কামৰূপ জিলাৰো বিভিন্ন ঠাইত এই মেলা পতা হয়।

তাৰেই পৰিপ্ৰেক্ষিতত কালি এই মেলা বিজয় নগৰত সম্পন্ন হৈ যায়। কালি বিজয়নগৰত অনুষ্ঠিত মেলাত কামৰূপ জিলা খাদ্য সুৰক্ষা বিভাগৰ পৰা চম্পক কুমাৰ পাঠক, সিদ্ধাৰ্থ মজুমদাৰ সমিৰণ বৰ্মনৰ লগতে অনিল শৰ্মা প্ৰমুখ্যে উচ্চস্তৰীয় বিষয়া বৰ্গই অংশগ্ৰহণ কৰে। কালিৰ এই অনুষ্ঠানত মুঠ ৩০টা প্ৰতিষ্ঠানক মানপত্ৰ বিতৰণ কৰা হয়। উল্লেখ্য যে fssai ৰ এই পঞ্জীয়ন ভাৰতীয় খাদ্য সুৰক্ষা আইনৰ ২০০৬ ৰ  অধীনত লোৱাটো বাধ্যতামূলক।

Leave A Reply