Breaking

কাজিৰঙাত ১৪ সংখ্যক গঁড় গণনা আৰম্ভঃ ৮৪ টা খণ্ডত হ’ব গণনা…

0 2,052

বিশ্বৰ সর্বাধিক এটা খর্গ থকা গঁড়ৰ বাসস্থান স্থল বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৪ সংখ্যক গঁড় গণনাৰ কাম আজিৰে পৰা আৰম্ভ হৈছে । বন বিভাগৰ তথ্য মতে ২৬, ২৭ আৰু ২৮ মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় গণনা অনুষ্ঠিত হ’ব । এই সম্পর্কে ২৫ মাৰ্চত কাজিৰঙাৰ কঁহৰাত অৱস্থিত বন বিভাগৰ পৰমানন্দ লাহন শতবৰ্ষ আলোচনা গৃহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই বন সংমণ্ডল বিষয়া, বনাঞ্চলিক বিষয়া, গৱেষণা বিষয়াৰ লগতে তিনিদিনীয়া এই গণনাত ৬৩ গৰাকী বিশেষ বিশেষজ্ঞক আমন্ত্ৰণ কৰি গঁড় গণনাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে ৷ লগতে গঁড় গণনাৰ বাবে সংবাদ মাধ্যম, স্বেচ্ছাসেৱক, বনকৰ্মী আৰু কৰ্মকৰ্তাকে ধৰি ১০০ ৰো অধিক লোকক নিয়োজিত কৰি পৰিচয় পত্ৰ বিতৰণ কৰিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যোৱা ডিফলু নদীখন দুটা ভাগত ভাগ কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে বিশ্বনাথৰ ৮ টা খণ্ডক সামৰি মুঠ ৮৪ টা খণ্ডত গঁড়ৰ গণনাৰ কাম আৰম্ভ হ’ব ।

তিনিদিনীয়াকৈ হোৱা এই গণনাত আজি পুৱাৰে পৰা ডিফলু নদীৰ দক্ষিণ পাৰৰ ৪৮ টা খণ্ডত গঁড় গণনা আৰম্ভ হৈছে । কাইলৈ অৰ্থাৎ ২৭ মাৰ্চত ডিফলু নদীৰ উত্তৰ পাৰৰ ২৮ টা খণ্ড আৰু বিশ্বনাথৰ ৮ টা খণ্ডক সামৰি মুঠ ৩৬ টা খণ্ডত গঁড় গণনাৰ কাম আৰম্ভ হ’ব । গঁড় গণনাৰ বাবে বনবিভাগে চৰকাৰী আৰু বেচৰকাৰী ৪৫ টা হাতী ব্যৱহাৰ কৰিছে । গঁড় গণনাত হাতী ব্যৱহাৰ কৰিব লগা হোৱাৰ বাবেই উদ্যানখনত পৰ্যটকৰ বাবে হাতী ছাফাৰী সম্পূৰ্ণৰূপে বন্ধ ৰখা বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই জানিবলৈ দিয়ে । অহা ২৮ মাৰ্চত গঁড়ৰ লিংগ নিৰ্ণয় আৰু বয়স আদি নিৰ্ধাৰণৰ পাছত ৩০ মাৰ্চত গঁড় গণনাৰ ফলাফল প্ৰকাশ কৰিব উদ্যান কতৃপক্ষই ৷ উদ্যানখনত ১৯৬৬ চনত পোন প্ৰথমবাৰৰ বাবে গঁড় গণনা আৰম্ভ হৈছিল আৰু সেইবাৰ উদ্যানখনত গঁড়ৰ সংখ্যা আছিল ৩৬৬ টা । আনহাতে শেহতীয়াকৈ উদ্যানখনত ২০১২ চনত কৰা গণনাত গঁড়ৰ সংখ্যা আছিল ২,২৯০ টা । ইফালে ২০১৩ বৰ্ষত ২.৩২৯ টালৈ বৃদ্ধি পাইছিল । শেহতীয়াকৈ ২০১৮ বৰ্ষৰ গঁড় গণনাত কাজিৰঙাত ২,৪১৩ টা গঁড় পোৱা গৈছিল ৷ আজিৰে পৰা হোৱা গঁড় গণনাত পূৰ্বতকৈ গঁড়ৰ সংখ্যা কাজিৰঙাত বৃদ্ধি পাব বুলি আশা প্রকাশ কৰিছে উদ্যান কতৃপক্ষই । অন্যহাতে আজিৰে পৰা হোৱা গঁড় গণনাৰ বাবে ২৬, ২৭ আৰু ২৮ মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাকাৰী বন্ধ থাকিব বুলি বনবিভাগৰ সূত্ৰত প্ৰকাশ ৷ উল্লেখযোগ্য যে গঁড় গণনাৰ পূৰ্বে উদ্যানখনৰ অৰণ্য বিশেষকৈ খেৰনি, ইকৰানি, নদী, বিলৰ পাৰ আদি এলেকা অর্থাৎ যিবোৰ সম্ভাব্য স্থানত গঁড়ে বিচৰণ কৰি থাকে তেনে এলেকাবোৰত জুই দি পৰিষ্কাৰ কৰাটো অতি প্রয়োজন । তেতিয়াহে গণনাকাৰীসকলে গঁড়ক প্রত্যক্ষ কৰি গণনা কৰাত সুবিধা হয় ।

ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা, বাগৰি, অগৰাতলি, বুঢ়াপাহাৰ আদি বনাঞ্চলৰ নিৰ্বাচিত অৰণ্যত বনকৰ্মীয়ে জুই দিয়া কাম সমাপ্ত কৰিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই জানিবলৈ দিয়া মতে, এইবাৰ কাজিৰঙাৰ অৰণ্যত জুই দিয়া হৈছে যদিও ঘাঁহনি, ইকৰানি আদি এতিয়ালৈকে ভালকৈ জ্বলা নাই । ইকৰানি আৰু ঘাঁহনি বৰ্তমান কেঁচা হৈ থকাৰ লগতে বতাহো পর্যাপ্ত বলা নাই । যাৰ ফলত জুইৰ প্ৰকোপ কম হৈ আছে । এটা গুৰুত্বপূৰ্ণ কথা যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৯৫০ চনৰ পৰাই অৰণ্যত জুই দিয়া যাক ইংৰাজীত কন্ট্রল বার্নিং আৰম্ভ কৰা হৈছিল । প্ৰথম অৱস্থাত ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলৰ অধীনত কুঠৰীৰ এলেকাত অৰণ্যত পৰীক্ষামূলকভাৱে জুই দিয়া আৰম্ভ কৰা হৈছিল আৰু পৰৱৰ্তী কালত ৰাষ্ট্ৰীয় উদ্যানৰ আটাইকেইটা বনাঞ্চলতেই এই ব্যৱস্থা প্রয়োগ কৰা হয় বিশেষকৈ উদ্যানখনৰ তৃণভোজী বন্যপ্ৰাণীৰ কাৰণে । তৃণভোজী বন্যপ্ৰাণীৰ সংখ্যা দিনক দিনে উদ্যানখনত বৃদ্ধি পাই থকাত ঘাঁহনি এলেকা বহু প্ৰয়োজন হৈ পৰিছে । উল্লেখযোগ্য যে কাজিৰঙাত বহু ঘাঁহনি এলেকা বর্তমান কাঠনিলৈ পৰিণত হৈ পৰিছে । এইটো তৃণভোজী প্ৰাণীৰ কাৰণে শুভ লক্ষণ নহয় । উদ্যান কর্তৃপক্ষই গৱেষণাৰ জৰিয়তে কেনেকৈ কাঠনি এলেকা হ্ৰাস কৰি ঘাঁহনি এলেকা বৃদ্ধি কৰিব পাৰি তাৰ ব্যৱস্থা সময় থাকোতেই নললে ভৱিষ্যতে ভীষণ সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে বুলিও প্রাণীবিদসকলে মত প্রকাশ কৰিছে ।

Leave A Reply