Breaking

শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটীত প্ৰাগজ্যোতিষপুৰ বিশ্ব বিদ্যালয়ৰ সম্পৰ্ক অভিযানৰ শুভাৰম্ভ…

0 16

বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ শিশু শিক্ষা সমিতি , অসমৰ দ্বাৰা প্ৰচলিত প্ৰত্যেক বিদ্যালয়তে দিনৰ ১১.০০ বজাত প্ৰাগজ্যোতিষ চলো অভিযানৰ শুভাৰম্ভ কৰা হয়। শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটীৰ প্ৰাংগণটো এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। ৰাতিপুৱা ১১.০০ বজাত বন্তি প্ৰজ্বলনেৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে গুৱাহাটীৰ বিশ্ব বিদ্যালয়ৰ সংস্কৃত বিভাগৰ মুৰব্বী অধ্যক্ষ তথা আবিলেকৰ সঞ্চালক ড° সুদেষ্ণা ভট্টাচাৰ্যই। সভাত ব্যক্তব্য ৰাখি ড° ভট্টাচাৰ্যই সুন্দৰ প্ৰাকৃতিক পৰিৱেশত নতুন শিক্ষানীতিৰ আধাৰত গুৱাহাটী হাজোংবৰীত নিমাৰ্ণ কৰি তোলা প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় সময় উপযোগী বিভিন্ন পাঠ্যক্ৰম সমূহৰ বিষয়ে অৱগত কৰাই। লগতে আচাৰ্য আৰু আচাৰ্যা সকলক আজীৱন ছাত্ৰ হৈ শিক্ষনৰ ন ন কৌশল আয়ত্ব কৰিবলৈ আহ্বান জনাই। বক্তব্যত ড° ভট্টাচাৰ্য্য‌ই উল্লেখ কৰে যে শিক্ষা কিতাপৰ মাজত সীমাবদ্ধ কেইটামান আখৰ নহয় শিক্ষা হ’ল আমাৰ জীৱনৰ চলি থকা এটা প্ৰক্ৰিয়া। ভৱিষ্যত প্ৰজন্মবোৰ আমাৰ সম্পদ এই সম্পদবোৰক আমি সঠিক দিশেৰে আগবঢ়াই নিয়াই হ’ল প্ৰাগজ্যোতিষপুৰ বিশ্ব বিদ্যালয়ৰ উদ্দেশ্য। বিশেষ ধৰণৰ শিক্ষা আৰু বিশেষ ধৰণৰ সুবিধা প্ৰদান কৰাৰ লক্ষ্যৰে প্ৰাগজ্যোতিষপুৰ বিশ্ব বিদ্যালয় উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থী সকলৰ বাবে আগবাঢ়ি আহিছে।

আজিৰ এই শুভ অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰে নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি কুলেন বড়োৱে। তেখেতেও ছাত্ৰ-ছাত্ৰী সকলক উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ এই বিশ্ব বিদ্যালয়ত নাম ভৰ্তিৰ বাবে পৰামৰ্শ আগবঢ়ায়। শিশু শিক্ষা সমিতি, উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ মুকুটেশ্বৰ গোস্বামীয়ে এই সভাৰ আঁত ধৰে। উক্ত সভাত নিউজ লাইভৰ সংবাদ দাতা দিগন্ত বৰদলৈ , দৈনিক অসমৰ সংবাদ দাতা ৰূপক ডেকা , দৈনন্দিন বার্তাৰ সংবাদ দাতা উৎপল তামুলী আৰু আনন্দৰাম বৰুৱা ভাষাৰ কলা সংস্কৃতিৰ গৱেষণাৰ কেন্দ্ৰৰ সহযোগী অধ্যাপক ড০ কৰুণা কাকতি উপস্থিত থাকে। এই সভাত উত্তৰ গুৱাহাটীৰ সাংবাদিক সংস্থাৰ তিনি মহীয়া আলোচনী ” কলম” ছাত্ৰ-ছাত্ৰী সকলক বিতৰণ কৰাৰ লগতে এক উচ্চ মানদণ্ডৰ এই আলোচনীখন নিয়মীয়াকৈ পঢ়াৰ উপৰিও ছাত্ৰ ছাত্ৰী সকলক স্বৰচিত লিখনি দিবলৈ অনুৰোধ জনায়।। সভাৰ শেষত ড° সুদেষ্ণা ভট্টাচাৰ্য্য‌ই নিকেতনৰ আচাৰ্য/

আচাৰ্যা সকলক এই বিশ্ববিদ্যালয় সম্পৰ্কে বহুল ভাবে প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰাৰ বাবে অনুৰোধ জনায়। একেদৰে অসমৰ বিভিন্ন প্ৰান্তত আজি হৈ যোৱা প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ প্ৰচাৰ অভিযানত শিশু শিক্ষা সমিতি, অসমৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতী গুৱাহাটী বেলতলাৰ শংকৰদেৱ শিশু নিকেতনত উপস্থিত আছিল। সংগঠনিক সম্পাদক নীৰৱ ঘেলানী উপস্থিত আছিল শংকৰদেৱ শিশু নিকেতন, বগীনদী, লখিমপুৰত। বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সাংগঠনিক সম্পাদক ড০ পবন তিৱাৰী, সাধাৰণ সম্পাদক ড০ জগদীন্দ্ৰ ৰায় চৌধুৰী, বিদ্যা ভাৰতীৰ বিষয় ববীয়া নীলমণি চক্ৰৱৰ্তী, সুভাষ ঘনকান্ত চৌধুৰীয়ে ত্ৰিপুৰা ৰাজ্যত প্ৰাগজ্যোতিষ বিশ্ববিদ্যালয়ৰ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। উত্তৰ পূৱ ভাৰতৰ নাগালেণ্ড, অৰুণাচল, মনিপুৰ প্ৰদেশতো আজি প্ৰাগজ্যোতিষ বিশ্ববিদ্যালয় সম্পৰ্ক অভিযান শুভাৰম্ভ কৰা হয়। ২০ তাৰিখৰ পৰা শুভ আৰম্ভ হোৱা এই প্ৰচাৰ অভিযান অহা ২৫ তাৰিখে অন্তপৰিব।

Leave A Reply