Breaking

গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি

0 2,140

মোডী চৰকাৰে দেশৰ এশখন মহানগৰক স্মাৰ্ট চিটী হিচাপে গঢ়ি তোলাৰ বাবে অভিলাসী আঁচনি গ্ৰহণ কৰিছিল। এই স্মাৰ্ট চিটী আঁচনিত অন্তৰ্ভুক্ত হৈছিল অসমৰ গুৱাহাটী মহানগৰ। ২০১৬ চনৰ ১৩ মে’ত আনুষ্ঠানিকভাৱে ‘গুৱাহাটী স্মাৰ্ট চিটী ডেভেলপমেণ্ট এজেঞ্চি লিমিটেড’ক কোম্পানী এক্ট ২০১৩ অন্তৰ্গত Ministry Of Corporate Affairs-এ স্বীকৃতি দিয়ে। অৰ্থাৎ তেতিয়াৰ পৰাই গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প আৰম্ভ হয়। কেন্দ্ৰীয় চৰকাৰৰ নগৰ উন্নয়ন মন্ত্ৰালয় স্মাৰ্ট চিটী মিছনৰ নীতি নিৰ্দেশনা, পুঁজি যোগান ধৰাৰ দায়িত্বত আছে। পিছে গুৱাহাটীৰ স্মাৰ্ট চিটী প্ৰকল্পৰ নামত কেৱল কোটি কোটি টকা অপব্যৱহাৰৰ বাহিৰে ইয়াৰ পৰা ৰাইজে কোনো সুফল পোৱা নাই বুলি মন্তব্য কৰিছে ‘আপ’ অসমে। আজি গণেশগুৰিস্থিত মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদ মেলত ‘আপ’ অসমৰ ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকাই এই সন্দৰ্ভত অধিক তথ্য সদৰী কৰি কয় যে ২০১৬ চনৰ পৰা ২০২২ চনৰ জুলাই মাহলৈ গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ নামত মুঠ ৩৬৪.২১ কোটি টকা ব্যয় কৰা হৈছে। ইয়াৰে কেন্দ্ৰৰ অংশ ১৯৬ কোটি আৰু ৰাজ্য চৰকাৰৰ অংশ হ’ল ১৬৮.২১ কোটি টকা।

কিন্তু আশ্চৰ্যৰ বিষয় এই যে স্মাৰ্ট চিটীৰ নামত যি পুঁজি ব্যয় কৰা হৈছে তাৰ সুফল ৰাইজে পোৱা নাই আৰু যিবোৰ শিতানত এই পুঁজি ব্যৱহাৰ কৰা হৈছে সেয়াও সন্দেহৰ আৱৰ্তত। তথ্য জনাৰ অধিকাৰ আইনৰ সহায়ত লাভ কৰা তথ্য অনুসৰি গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পত পুঁজি ব্যয় শিতান দেখিলে গুৱাহাটীবাসী হতচকিত হ’ব। স্মাৰ্ট চিটী প্ৰকল্পৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট প্ৰজেক্টৰ শিতানত এতিয়ালৈকে ৩৩ কোটি টকা ব্যয় কৰা দেখুওৱা হৈছে। কিন্তু কাৰ্যক্ষেত্ৰত এই টকা ক’ত কি দৰে ব্যয় হৈছে তাৰ কোনো চিন-মোকাম নাই।তদুপৰি স্মাৰ্ট চিটীৰ ২০০ কোটি টকা ইলেকট্ৰিক বাছ ক্ৰয় কৰাৰ নামত দেখুওৱা হৈছে। গুৱাহাটী পৌৰ নিগমে ২৫.৭৪ কোটি টকাৰ যি ছুপাৰ ছাকাৰ মেচিন ক্ৰয় কৰিছে সেই টকা আকৌ স্মাৰ্ট চিটী প্ৰকল্পৰহে ধন। এই খিনিতে উল্লেখ কৰাটো বাঞ্ছনীয় যে গুৱাহাটী পৌৰ নিগমে ২৫.৭৪ কোটি টকাৰে গুৱাহাটীৰ নলা চাফা কৰিবলৈ ছুপাৰ ছাকাৰ ক্ৰয় কৰাৰ পিছতো এই মেচিন চলাবলৈ যোৱা ছমাহত ইয়াত নিয়োজিত শ্ৰমিকৰ দৈনিক মজুৰিৰ বাবদ গুৱাহাটী পৌৰ নিগমে ৪২ লাখ ২২ হাজাৰ টকা ব্যয় কৰিছে। অৰ্থাৎ ২৫.৭৪ কোটি টকাৰে ক্ৰয় কৰা মেচিনেৰে নলা চাফা কৰাৰ বাবদ শ্ৰমিকক দিব লগা হৈছে এই ধন। চৰকাৰী পুঁজিৰ অপচয়ৰ আৰু ইয়াতকৈ ডাঙৰ উদাহৰণ ক’তো পোৱা নাযাব। এইখন গুৱাহাটীৰ আকৌ বিভিন্ন উপ-পথত স্মার্ট চিটী প্ৰকল্পৰ অধীনত প্ৰজেক্ট জ্যোতি আঁচনিত দহ হাজাৰ ষ্ট্ৰীটলাইট লগোৱাৰ নামত ইতিমধ্যে খৰচ কৰিছে ১৩.৯২ কোটি টকা।

ইপিনে গুৱাহাটী পৌৰ নিগমেও উপ-পথত ষ্ট্ৰীটলাইট লগোৱাৰ নামত খৰচ কৰিছে কেবা কোটি টকা। গতিকে গুৱাহাটীত ষ্ট্ৰীটলাইট জ্বলোৱা কেবাটাও বিভাগ আছে। আনহাতে স্মার্ট চিটী প্ৰকল্পৰ স্পাইন ৰোড প্ৰজেক্ট নামৰ (Spine Roads Project) আন এটা শিতানত ষ্ট্ৰীটলাইট লগোৱাৰ নামত এতিয়ালৈ মোকোলাই দিছে ২.৩৪ কোটি টকা। ঠিক এনেদৰে জজ খেলপথাৰ উন্নয়নৰ নামত ২.৬০ কোটি টকা ব্যয় কৰা হৈছে। এখন মুকলি খেলপথাৰৰ উন্নয়নৰ নামত ২.৬০ কোটি কেনেদৰে ব্যয় হ’ব পাৰে সেয়া আশ্চৰ্যৰ বিষয়। গুৱাহাটী পৌৰ নিগমক আকৌ ৩৭ লাখ স্মাৰ্ট চিটী পুঁজিৰ পৰা আদায় দিয়া দেখুওৱা ইছে কিন্তু এই পুঁজি খৰচৰ কোনো শিতান নাই। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাবে স্মাৰ্ট চিটী প্ৰকল্পই ২০ লাখ আৰু কলাক্ষেত্ৰত ওখ লাইট লগোৱাৰ বাবে ৭৩ লাখ টকা ব্যয় কৰা হৈছে। যি সময়ত কলাক্ষেত্ৰৰ বাবে ৰাজ্য চৰকাৰৰ সুকীয়া পুঁজি আছে সেই সময়ত কলাক্ষেত্ৰৰ নামত আকৌ স্মাৰ্ট চিটীৰ পুজি ব্যয় কৰাৰ কাৰণ বোধগম্য হোৱা নাই।একেদৰে গুৱাহাটীত ৩০টা স্মার্ট বাঅ’ টইলেট (Smart Bio Toilet)ৰ নামত ৮.৩১ কোটি আৰু ২০টা Any Time Water মেচিন স্থাপনৰ নামত ২.৫৫ কোটি টকা খৰচ কৰা হৈছে। ‘আপ’ অসমে এই সন্দৰ্ভত ক্ষেত্ৰ ভিত্তিক পৰিদৰ্শন কৰি দেখিছে যে বেছিভাগ ঠাইতে এই দুটা আঁচনিৰ অস্তিত্ব নাই অথবা বিকল। অতি আশ্চৰ্যৰ বিষয় যে গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধনৰ বাবে দেৱাল অংকনৰ নামতো খৰছ কৰিছে ৯২ লাখ টকা। স্মাৰ্ট চিটিৰ আই চি চি চি (ICCC building) প্ৰজেক্টৰ নামত ১৬ লাখ টকা ব্যয় কৰা দেখুওৱা হৈছে কিন্তু এই বিল্ডিঙ (Building)টো ক’ত আছে বা কেনে ধৰণে ১৬ লাখ টকা ব্যয় কৰা হ’ল তাৰ কোনো সঠিক উত্তৰ নাই। এনেদৰে গান্ধী মণ্ডপৰ উন্নয়নৰ নামত ৩.৪১ কোটি টকা, গান্ধী মণ্ডপত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ ব্যৱস্থাৰপনাৰ নামত ২.৫৪ কোটি টকা ব্যয় কৰাৰ লগতে শেহতীয়াকৈ গুৱাহাটীত দেখা Intergrated Traffic Management Systemৰ নামত খৰছ কৰা হৈছে ৪.৫৪ কোটি টকা। লক্ষণীয় বিষয়তো এই যে কেন্দ্ৰীয় চৰকাৰৰ নগৰ উন্নয়ন মন্ত্ৰালয়ে স্মাৰ্ট চিটীৰ বাবে আবন্টন দিয়া পুঁজিৰ ‘Head Of Account’ সলনি কৰিব নোৱাৰে। কিন্তু গুৱাহাটীত দেখা গৈছে স্মাৰ্ট চিটীৰ পুঁজি অন্য বিভাগেও ব্যৱহাৰ কৰি আছে। এতিয়া প্ৰশ্ন হ’ল ২০০ কোটি টকাৰে ইলেকট্ৰিক বাছ ক্ৰয় কৰাৰ ফলত গুৱাহাটী কেনেদৰে স্মাৰ্ট চিটী হ’ব? স্মাৰ্ট চিটীৰ নামত এনেদৰে ব্যয় হোৱা ৩৬৪ কোটি টকাৰ আঁৰত বৃহৎ কেলেংকাৰী সংঘটিত হৈছে বুলি অভিযোগ কৰি আপ অসমে স্মাৰ্ট চিটীৰ পুঁজি ব্যয়ৰ পুংখানুপুংখ হিচাপ আৰু প্ৰতিটো শিতানৰ কামৰ বৰ্তমানৰ অৱস্থাৰ তদন্ত কৰিবলৈ দাবী জনায়। আজিৰ সংবাদ মেলত আপ অসমৰ ৰাজ্যিক নেতৃত্ব ক্ৰমে লক্ষ্মীকান্ত দুবে আৰু হেমন্ত ফুকনো উপস্থিত থাকে।

Leave A Reply