৩৯ সংখ্যক চৰকাৰী পেঞ্চনাৰ সন্থাৰ সাধাৰণ অধিৱেশনত শিক্ষাবিদ ডঃ হিতেশ ডেকা…

দীনেশ চন্দ্ৰ গোস্বামীক সভাপতি, পৱন ফুকনক কাৰ্যকৰী সভাপতি, সাধাৰণ সম্পাদক পদত ডাঃ কমল কুমাৰ বড়া নিৰ্বাচিত

‘ হাঁহি ধেমালিয়েই জীৱন। জীৱনত কোনো দুখ – বেদনা – হতাশাক স্থান নিদিব, আশাই জীৱন। আশাবাদী মন লৈ সদায়েই পুৱা ‘ গধূলি যোগাসন, প্ৰাণায়াম কৰক, অলপ খোজ কাঢ়ক, দেখিব আপোনাৰ জীৱন মধুময় হৈ পৰিছে।’ এই ভাষ্য বিশিষ্ট শিক্ষাবিদ, দৈনিক অসম কাকতৰ সম্পাদক ডঃ হিতেশ ডেকাৰ। মঙলদৈ সনাতন ধৰ্মসভাৰ প্ৰাংগনত দৰং জিলা পেঞ্চনাৰ সন্থাৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে হোৱা চৰকাৰী পেঞ্চনাৰ সন্থা, অসমৰ ৩৯ সংখ্যক সাধাৰণ অধিবেশনখনৰ আজিৰ অন্তিম দিনৰ মুকলি সভাত মুখ্য অতিথিৰ ভাষণত তেওঁ এইদৰে কয়। দিনৰ ১১ বজাত সন্থাৰ সভাপতি চফিউৰ ৰহমান শইকীয়াৰ সভাপতিত্বত হোৱা মুকলি সভাত ডঃ হিতেশ ডেকাই আজিকালি জীৱনটো ৬০ বছৰৰ পৰা আৰম্ভ হয় বুলি উল্লেখ কৰি কয়, মানুহৰ ৮০ শতাংশ বেমাৰ জিভা (লোভ)ৰ পৰাই হয়। এই জিভাখন বান্ধি ৰাখিবলৈ চেষ্টা কৰক আৰু ৬০ বছৰৰ পিছৰ পৰা নিৰামিষ ভোজী হোৱাৰ সংকল্প গ্ৰহণ কৰক। পেঞ্চনাৰ সকল সমাজৰ উজ্জ্বল নক্ষত্ৰ বুলি উল্লেখ কৰি তেওঁ কয় যে,

আপোনালোকে অনবৰতে হিচাব নিকাচ কৰি নাথাকি মাজে মাজে আড্ডাত মিলিত হৈ জীৱনটো উপভোগ্য কৰি তোলাত গুৰুত্ব দিয়ক। শিল্পী অনিমা চহৰীয়াই সতীৰ্থ শিল্পী মালবিকা ডেকা, পুষ্প হাজৰিকা, উপেন চহৰীয়া আৰু কন্দৰ্প ডেকাৰ সহযোগত চিয়া গীত পৰিবেশন কৰা এই সভা উদ্বোধন কৰে খাৰুপেটীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ বুদ্ধিন চন্দ্ৰ হাজৰিকাই। তেওঁ পেঞ্চনাৰ সকলে সন্মুখীন হৈ অহা সমস্যাৰ সম্পৰ্কত বক্তব্য প্ৰদান কৰে। দীন দয়াল মহাবিদ্যালয়, দলগাঁৱৰ অধ্যক্ষ ড° লক্ষী প্ৰসাদ হাজৰিকা, সাহিত্যিক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ অতিথি হিচাপে উপস্থিত থকা এই সভাত হৰিচন্দ্ৰ শৰ্মা সম্পাদিত স্মৃতিগ্ৰন্থ ‘মংগল প্ৰবাহ’ উন্মোচন কৰে সাহিত্যিক ফুলেন্দ্ৰ নাথ চহৰীয়াই। তেওঁ লগতে কলিয়াবৰ নগেন্দ্ৰনাথ শৰ্মাৰ ‘মোৰ সপোনৰ ভাৰতবৰ্ষ’ আৰু মঙলদৈৰ কেশৱ চন্দ্ৰ নাথৰ ‘মোৰ শিক্ষাৰ্থী জীৱন আৰু শিক্ষক জীৱনৰ মনত থকা কথাখিনি’ শীৰ্ষক দুখন গ্ৰন্থ উন্মোচন কৰে। দৰং জিলা পেঞ্চনাৰ সন্থাৰ সভাপতি ডাঃ জয়কান্ত চহৰীয়াই আদৰণি ভাষণ প্ৰদান কৰা আৰু চৰকাৰী পেঞ্চনাৰ সন্থা, অসমৰ সাধাৰণ সম্পাদক ডাঃ কমল কুমাৰ বড়াই উদ্দেশ্য ব্যাখ্যা কৰা এই সভাত মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে চমু বক্তব্য প্ৰদান কৰে। অভ্যৰ্থনা সমিতিৰ প্ৰধান সম্পাদক নৃপেন্দ্ৰ কুমাৰ ডেকাই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত ১০৪ বছৰ বয়সীয়া ডাঃ চিৰাজুল হককে ধৰি ৮০ বছৰ উৰ্ধৰ মঙলদৈৰ ৰামেশ্বৰ শৰ্মা, বিপুল ৰঞ্জন দে, ফুলেন্দ্ৰ নাথ চহৰীয়া, তপেশ্বৰ শৰ্মা, দিনেশ্বৰ চহৰীয়া, প্ৰতিভা তালুকদাৰ, উমা বৰুৱা, নৰেন্দ্ৰ নাৰায়ণ ডেকা, গিৰীণ চন্দ্ৰ দাস, বীৰেন্দ্ৰ শৰ্মা, শৰৎ লহকৰ, গজেন্দ্ৰ নাথ চহৰীয়া, পৰমেশ নাথ, মীৰা চৌধুৰী, নগেন চৌধুৰী, কিৰণ চহৰীয়া, বানেশ্বৰ দাস, কৃষ্ণকান্ত শৰ্মা, বিজয় ভাগৱতী, নুৰুল হক, চহিৰুদ্দিন আহমেদ, লোকেশ্বৰ চহৰীয়া, লোহিত চন্দ্ৰ ডেকা, ঠগীৰাম নাথ, ৰতিকান্ত ডেকা, স্বৰ্ণলতা দেৱী, সুনীতি দেৱী, ডাঃ জয়কান্ত চহৰীয়া; ছিপাঝাৰৰ ঠগোৰাম নাথ, চণ্ডীনাথ নাথ, ভবেন্দ্ৰ চন্দ্ৰ বড়া, হৰেশ্বৰ কলিতা, গণপতি নাথ, গুৱাহাটীৰ ধনীৰাম তালুকদাৰ, আবুল হাচিম আহমেদক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ আগতে পুৱা ৯ বজাত চৰকাৰী পেঞ্চনাৰ সন্থা, অসমৰ সভাপতি চফিউৰ ৰহমান শইকীয়াই পতাকা উত্তোলন আৰু আজীৱন সদস্য মীনা ডেকাই স্মৃতি তৰ্পন কৰে। আনহাতে কালি দিনৰ ২ বজাত প্রতিনিধি পঞ্জীয়ন কৰাৰ পিছত প্রতিনিধি শিবিৰ উদ্বোধন কৰে ডাঃ কামাখ্যা প্রসাদ মিশ্রই। বিয়লি ৫ বজাত চৰকাৰী পেঞ্চনাৰ সন্থাৰ আজীৱন সভ্য ডাঃ ৰমাকান্ত বৰাই প্ৰতিনিধি সভা উদ্বোধন কৰে। সন্থাৰ সভাপতি চফিউৰ ৰহমান শইকীয়াৰ সভাপতিত্বত হোৱা এই সভাত সম্পাদক ডাঃ কমল কুমাৰ বড়াই উদ্দেশ্য ব্যাখ্যা আৰু প্ৰতিবেদন পাঠ কৰে। সভাত চফিউৰ ৰহমান শইকীয়া, ডাঃ আবুল হাচান আৰু ধনীৰাম তালুকদাৰক উপদেষ্টা, দীনেশ চন্দ্ৰ দত্তক সভাপতি, পৱন ফুকনক কাৰ্যকৰী সভাপতি, মদন চন্দ্ৰ দত্তক উপসভাপতি, ডাঃ কমল কুমাৰ বড়াক সাধাৰণ সম্পাদক, হেৰম্ব প্ৰসাদ দাস আৰু দীপক কুমাৰ গোস্বামীক সম্পাদক, গুৰুপ্ৰসাদ মেধিক কোষাধ্যক্ষ হিচাপে লৈ এখন ৩৫ জনীয়া সমিতি গঠন কৰা হয়। আনহাতে ডাঃ তৌফিকুৰ ৰহমান বৰবৰাক সন্থাৰ ব’ৰ্ড অৱ ষ্ট্ৰাষ্টিৰ অধ্যক্ষ হিচাপে সভাই মনোনীত কৰে। প্ৰতিনিধি সভাই ৮০ বছৰ বয়সৰ উৰ্ধৰ পেঞ্চনাৰ সকলৰ অতিৰিক্ত ২০ শতাংশ

পেঞ্চন চৰকাৰে আদায় দিছে যদিও পৰিয়াল পেঞ্চনাৰ সকলে পাবলগীয়া ২০ শতাংশ পেঞ্চন আজিলৈ নোপোৱাত ক্ষোভ প্ৰকাশ কৰি আৰ অ’ পি অনুসাৰে শীঘ্ৰেই ২০ শতাংশ পেঞ্চন আদায় দিবলৈ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। ইয়াৰোপৰি ঔষধকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, চহৰে নগৰে, গাঞে ভূঞে বিশুদ্ধ খোৱাপানীৰ অভাৱত ক্ষোভ প্ৰকাশ কৰে। তদুপৰি নিবনুৱা সমস্যাৰ সমাধান, চৰকাৰী পেঞ্চনাৰ সকলৰ চিকিৎসা বানচ ৬০০ টকাৰ পৰিবৰ্তে ৩০০০ টকালৈ বৃদ্ধি কৰা, বজাৰত দ্ৰব্যমূল্য বৃদ্ধিৰ বাবে চৰকাৰে প্ৰতি ছমাহৰ মূৰে মূৰে ‘মহাৰ্ঘতা সাহায্য’ পেঞ্চনাৰ আৰু পেঞ্চনাৰ পৰিয়ালক দিয়াৰ ব্যৱস্থা কৰিছে যদিও সময়মতে এই সাহায্য প্ৰদান নকৰাত যি অসুবিধাৰ সৃষ্টি হৈছে তাক মৰিষণ কৰাৰ বাবে একেটা কিস্তিতে সাহায্য প্ৰদান কৰা, চৰকাৰী মেডিকেল কলেজ সমূহত ‘জ্যেষ্ঠ নাগৰিক চিকিৎসা কেন্দ্ৰৰ লগতে অন্যান্য আৱশ্যকীয় সা সুবিধাৰে আন্তঃগাঁঠনি তথা চিকিৎসক ব্যৱস্থা কৰা, নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি নীতিৰ আধাৰত অৱসৰপ্ৰাপ্ত সকলক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰা, অসমীয়া চৰকাৰী বিদ্যালয় বন্ধ নকৰি সকলো বিদ্যালয়ৰ আন্তঃগাঁঠনি আৰু শিক্ষকৰ মান উন্নত কৰি উপযুক্ত ভাৱে গঢ় দিয়া, প্ৰাকৃতিক পৰিৱেশৰ সুৰক্ষা আৰু উন্নয়ণ কাৰ্যসূচীৰ ভাৰসাম্য বজাই ৰাখি পৰিকল্পিতভাৱে আঁচনি ৰূপায়ন কৰিবলৈ চৰকাৰলৈ দাবী জনাই প্ৰতিনিধি সভাই প্ৰস্তাৱ গ্ৰহণ কৰে।

Related Articles