Breaking

তামুলপুৰত অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ সংবাদ মেল

0 34

উৰিয়া ভাষাক চৰকাৰী ভাৱে মান্যতা প্ৰদান, ” নোৱাখাই পৰ্ব “ত চৰকাৰী বন্ধ, জনজাতীয় পৰিচয় পত্ৰৰ বিসংগতি দূৰীকৰণ আদি দাবীৰে আজি তামুলপুৰ প্ৰেছ ক্লাবত অসম উৰিয়া যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াই এক সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলত কয় যে-

শৈক্ষিক ক্ষেত্ৰত উড়িয়া ভাষা এলাগী হোৱা বুলি অভিযোগ উত্থাপন কৰি অতি শীঘ্ৰে শৈক্ষিক ক্ষেত্ৰত উড়িয়া ভাষাক ঐচ্ছিক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায় ।উড়িয়া জনগোষ্ঠীৰ লোকসকলে সাংবিধানিকভাবে জনজাতীয় পৰিচয় পত্ৰ লাভ কৰে যদিও বহু আসোঁৱাহ আছে গতিকে অতি শীঘ্ৰে আসোঁৱাহসমূহ দূৰ কৰি উড়িয়াসকলক জনজাতীয় পৰিচয় পত্ৰ প্ৰদান কৰিবলৈ আহ্বান জনায় ।

অসমত বিভিন্ন জনজাতিৰ উৎসৱ পাৰ্বনত চৰকাৰীভাৱে সন্মান জনায় বন্ধ দিয়ে যদিও উড়িয়া সকলৰ মূল উৎসৱ নোৱাখাই পৰ্বত আজিলৈ স্বীকৃতি প্ৰদান কৰি কোনো বন্ধ ঘোষণা কৰা নাই । সেয়েহে উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াই অসমৰ মুখ্যমন্ত্ৰী গৰাকীক অতি শীঘ্ৰে স্বীকৃতি প্ৰদান কৰাৰ লগতে উক্ত দিনত চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ আহ্বান জনায় ।

সংবাদ মেলত অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি লক্ষ্মীধৰ তান্তী, বাক্সা জিলা সমিতিৰ উপ -সভাপতি মনোনাগ, নাগ্ৰীজুলি আঞ্চলিকৰ সভাপতি চৌচানন্দ তান্তীৰ লগতে প্ৰদীপ দাস উপস্থিত থাকে ।

Leave A Reply