Home Blog Page 2538

“গীত,নৃত্য আৰু কবিতাৰে এদিন” শীৰ্ষক ব্যতিক্ৰম অনুষ্ঠানত দিগদৰ্শন প্ৰকাশনৰ দহখন গ্ৰন্হ উন্মোচন…

পশ্চিম যোৰহাট,২৮মাৰ্চ: যোৰহাটৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী দিগদৰ্শন প্ৰকাশন আৰু এনাজৰী সাহিত্য-সংস্কৃতি গোষ্ঠীয়ে দেওবাৰে “গীত,নৃত্য আৰু কবিতাৰে এদিন”শীৰ্ষক এক ব্যতিক্ৰম অনুষ্ঠানৰ আয়োজন কৰে যোৰহাটৰ স্বৰ্গদেউ চাওলুং চ্যুকাফা কলাক্ষেত্ৰতৰ সহযোগত কলাক্ষেত্ৰৰ শিল্প কলা কেন্দ্ৰ প্ৰাংগণত। মহেকীয়া সাহিত্য আলোচনী “দিগদৰ্শন”ৰ সম্পাদক তথা সাংবাদিক পংকজ কুমাৰ দাস আৰু বিতুমণি ফুকনে আঁত ধৰা অনুষ্ঠানত বিহু নৃত্য, গোৱালপৰীয়া,মিচিং গীত-নৃত্যৰ লগতে বিভিন্ন কলা-সংস্কৃতি প্ৰদৰ্শন কৰি উপস্হিত সকলোৰে মন মুগ্ধ কৰে। অনুষ্ঠানত লৱনু শইকীয়াৰ “হৃদয়ত ফাগুন নামে”,সুৰভি বৰ পাত্ৰ গোহাঁইৰ “শাৰদী সন্ধিয়া”,বিনুপ্ৰভা কলিতা কাকতিৰ”ইতিবাচক চিন্তা”,দিপ্তী নাথৰ”ৰঙা গোলাপ”, ৰশ্মিৰেখা বায়নৰ “নিবন্ধ কৰণি” আৰু “অনুভৱৰ উন্মেষ”, বিতুমণি  ফুকনৰ”অনুভৱৰ বঁকিয়াইদি”, জ্যোতিমনি শইকীয়া বৰুৱাৰ “প্ৰবন্ধ কৰণি”,নিৰু নাথৰ “বিহু নামৰ সংক্ষিপ্ত ৰূপৰেখা” আৰু “কণমানিহঁতৰ কুঁকি” শীৰ্ষক দহখন গ্ৰন্হ উন্মোচন কৰা হয়। উক্ত অনুষ্ঠানতেই  এনাজৰী সাহিত্য-সংস্কৃতি গোষ্ঠীয়ে২০২২বৰ্ষৰ এনাজৰী বঁটা প্ৰদান কৰে গোৱালপাৰাৰ অন্না দেৱীক।

আনহাতে হোজাইৰ লংকাৰ মৃণালী শইকীয়াক সাহিত্য   প্ৰেৰণা বঁটা,যোৰহাটৰ ময়ূৰী শৰ্মা গোস্বামীক সমন্বয় কবি বঁটা প্ৰদান কৰে। যোৰহাটৰ ন-বৰা মহিলা সাংস্কৃতিক গোষ্ঠীৰ শিল্পীবৃন্দৰ গুৰু বন্দনাৰে শুভাৰম্ভ আৰু যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড° ইন্দ্ৰেশ্বৰ দাসে  উদ্ধোধন কৰা অনুষ্ঠানত লৱনু শইকীয়া,সীতা দেৱী,নিকুঞ্জ মহন্ত চুতীয়া,অৰ্চনা বৰা, ৰীণা হাজৰিকা,দীপ্তি বুঢ়াগোহাঁই বৰুৱা,লক্ষীৰাম দুৱৰা দাস,দীপালী শইকীয়া গগৈ,মীণাক্ষী দাস বৰুৱা,নিৰু নাথ,বীণাপাণি শইকীয়া,ৰুবী ৰঞ্জনা গগৈক বিভিন্ন শিতানত বঁটা প্ৰদান  কৰাৰ লগতে  যোৰহাট জিলা কোঁচ ৰাজবংশী সন্মিলনীৰ সাধাৰণ সম্পাদক প্ৰবীৰ কুমাৰ বৰা,বাহনা মহাবিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক পুতুল ভূঞা,উদ্যোগী যুৱক তথা ভাস্কৰ্য শিল্পী অবিনাশ হাজৰিকা,সমাজকৰ্মী মুনীন বৰা,যোৰহাটৰ দেৱজিত পাত্ৰ, ৰঞ্জু পূজাৰী দত্ত,টীয়কৰ স্বৰ্ণলতা বৰা বৰুৱা,ৰূপক ৰঞ্জন দত্ত,ম’হবন্ধাৰ অজিত ৰহিদাস, দেৰগাঁওৰ জয়কৃষ্ণ বৰুৱা, জীৱন দাস, বন্দনা চেতিয়া, মিনুতা মিলি দলে, দ্বিপেন বৰঠাকুৰ,বন্তি আহমেদ, গোলাঘাটৰ কাব্যশ্ৰী শইকীয়া হাজৰিকা,অপৰাজিতা নাথ আদি ভালেকেইজন সাহিত্যকৰ্মী-সমাজকৰ্মীক বিশেষভাবে সম্বৰ্ধনা জনোৱা হয়। শিৱসাগৰৰ অনুৰাধা দত্ত,দেৰগাঁওৰ জেলেহুৱাৰ ৰীতা শইকীয়া,গোলাঘাটৰ দিপ্তী নাথ,মাজুলীৰ কৌশল্যা বায়ন হাজৰিকাক দিগদৰ্শন সাহিত্য সন্মানেৰে সন্মানিত কৰা অনুষ্ঠানত  অসমৰ  বিভিন্ন প্ৰান্তৰ পঞ্চাশগৰাকী কবিয়ে স্ব-ৰচিত কবিতা পাঠেৰে জীপাল কৰি তোলে।

জামুগুৰিহাট বালক আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ…

অসম সৰ্বশিক্ষা অভিযান মিছনৰ অন্তৰ্গত ২০০৮ চনতে প্ৰতিষ্ঠা হোৱা শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ “জামুগুৰিহাট বালক আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ”(RSTC)ত যোৱা ২৫ মাৰ্চত ৩০ গৰাকী শিশু ছাত্ৰৰ মূলসুতিকৰণ অনুষ্ঠান সফলতাৰে সম্পন্ন হয়৷ক’ভিডৰ বাবেই কেন্দ্ৰসমুহ দীৰ্ঘ সময়ধৰি বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত ২০১৯ বৰ্ষৰপৰা বৰ্তমানলৈকে প্ৰশিক্ষণৰত,পূৰ্ৱৰ বিদ্যালয় বহিৰ্ভূত শিশু ছাত্ৰসকলক এই অনুষ্ঠানত শৈক্ষিক মানপত্ৰৰ লগতে কিতাপ কলম আদি উপহাৰস্বৰূপে আগবঢ়োৱা হয়৷প্ৰশিক্ষাৰ্থীসকলৰ মুলসূতিকৰণ অনুষ্ঠানটোত বিশেষভাৱে উপস্থিত থাকে জিলা আঁচনি বিষয়া দীপক বিশ্বাস,কনিষ্ঠ জিলা গাণনিক বিষয়া নৱাবুদ্দিন আহমেদ আৰু জিলা মানৰক্ষক বিষয়া শশী দাস৷

জিলা আঁচনি বিষয়া দীপক বিশ্বাসে শিশুসকলৰ অভিভাৱকসকলক উদ্দেশ্যি যিকোনো মূল্যৰ বিনিময়ত শিশু ছাত্ৰসকলে নিজ অঞ্চলৰ বিদ্যালয়সমুহত অবিৰতভাৱে যেন শিক্ষা গ্ৰহণ কৰে তাৰ ওপৰত এক গঠণমুলক পৰামৰ্শ আগবঢ়ায়৷জামুগুৰিহাট বালক আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ সমুহ কৰ্মীবৃন্দৰ সহযোগত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত প্ৰশিক্ষাৰ্থী ছাত্ৰসকলে সুন্দৰকৈ কোৰাচ আৰু ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰি অনুষ্ঠানটোৰ পৰিৱেশ অধিক জীপাল কৰি তোলে৷

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰাৰ্থীৰ নাম ঘোষণা আম আদমি পাৰ্টিৰ….

সোমবাৰে এক সংবাদমেল যুগে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে পুনৰ ১৫ টা ৱাৰ্ডৰ প্ৰাৰ্থীৰ নাম ঘোষনা কৰে আম আদমি পাৰ্টিয়ে।

বৰ্তমানলৈকে ২৫ টা ৱাৰ্ডৰ প্ৰাৰ্থীৰ নাম ঘোষনা কৰিছে দলটোৱে।আটাইকেইটা ৱাৰ্ডতে প্ৰাৰ্থীত্ব আগবঢ়াব দলটোৱে।

গুৱাহাটীবাসীক বিশুদ্ধ খোৱা পানী যোগান ধৰা, ষ্ট্ৰীট লাইটৰ ব্যৱস্থা, মহানগৰীত নাৰী সুৰক্ষা প্ৰদানকে ধৰি ৫ টা গুৰুত্বপূৰ্ণ সমস্যা আগত লৈ নিৰ্বাচনত প্ৰতিদ্বন্দীতা কৰিব দলটোৱে।

গুৱাহাটীবাসীয়ে আপৰ নেতৃত্বত এখন সুস্থিৰ পৌৰ নিগম গঠন কৰিব বুলি আশাবাদী দলটোৰ নেতৃত্ব।

প্ৰাৰ্থী সমূহ ক্ৰমে:
ৱাৰ্ড নম্বৰ ৫- ৰাজেশ মেধি
ৱাৰ্ড নম্বৰ ১০- ভাবিতা দাস
ৱাৰ্ড নম্বৰ ২৪- বেদান্ত ৰাভা
ৱাৰ্ড নম্বৰ ২৫- কৃষ্ণা সিংঘা
ৱাৰ্ড নম্বৰ ২৮- মায়া সিংঘা
ৱাৰ্ড নম্বৰ ৩০- গীতা ছেত্ৰী
ৱাৰ্ড নম্বৰ ৩৬- এডভোকেট কল্পনা ভট্টাচাৰ্য
ৱাৰ্ড নম্বৰ ৪০- পলাক্ষী দাস
ৱাৰ্ড নম্বৰ ৪১- নাৰ্জিনা বেগম
ৱাৰ্ড নম্বৰ ৪৮- সুৰেহা বেগম
ৱাৰ্ড নম্বৰ ৫০- প্ৰবীণ চন্দ্ৰ শৰ্মা
ৱাৰ্ড নম্বৰ ৫৫- ৰাজীৱ পাছৱান
ৱাৰ্ড নম্বৰ ৫৬- জয়শ্ৰী তিৱাৰী
ৱাৰ্ড নম্বৰ ৫৭- মিৰা বেগম
ৱাৰ্ড নম্বৰ ৫৮- আৰ্জিনা বেগম

‘এতিয়াৰে পৰা দৰিদ্ৰ লোকে ৰেচনৰ বাবে শাৰী পাতিব নালাগে’- মুখ্যমন্ত্ৰী ভগৱন্ত মান

মুখ্যমন্ত্ৰী ভগৱন্ত মানে সোমবাৰে দুৱাৰমুখৰ ৰেচন বিতৰণ আঁচনি আৰম্ভ কৰাৰ কথা ঘোষণা কৰি কয় যে দৰিদ্ৰ লোকসকলে আৰু শাৰীত থিয় হোৱাৰ প্ৰয়োজন নহ’ব কিয়নো তেওঁলোকৰ দুৱাৰমুখত ভাল মানদণ্ডৰ ৰেচন প্ৰদান কৰা হ’ব। অৱশ্যে, আঁচনিখন যোগ্য হিতাধিকাৰীসকলৰ বাবে বৈকল্পিক হ’ব, মানে এটা ভিডিঅ’ বাৰ্তাত কৈছিল।মনে কৈছিল যে এই আঁচনিখনৰ বিৱৰণ সোনকালেই উপলব্ধ কৰা হ’ব।”আমাৰ বিষয়াসকলে হিতাধিকাৰীসকলক ফোন কৰি দিব আৰু তেওঁলোকৰ সুবিধা আৰু উপলব্ধতা অনুসৰি তেওঁলোকৰ ঘৰত ৰেচন প্ৰদান কৰা হ’ব,” মনে কয়।তেওঁ কৈছিল যে এই আঁচনিখন বৈকল্পিক।


পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে কয় যে যদি ৰেচন ডিপোটো আপোনাৰ ঘৰৰ খুব ওচৰত থাকে, তেন্তে তাৰ পৰা ৰেচন আনিব পাৰে।

ধৰ্মঘট চলি থাকোতে হঠাৎ মুৰ ঘূৰাই ধলি পৰিল বেংক কৰ্মচাৰী।

আজিৰে পৰা দুদিনীয়াকৈ সকলো বেংকৰ কৰ্ম বন্ধ ৰাখিছে।

মৰিগাঁৱত বেংক কৰ্মচাৰী সকলৰ ধৰ্মঘট।


সমগ্ৰ অসমৰ লগতে মৰিগাঁও পাঞ্জাব নেশ্যনেল বেংকৰ কৰ্মচাৰী সকলে দুদিনীয়া ধৰ্মঘট পালন কৰে।


ধৰ্মঘট চলি থাকোতে হঠাৎ মুৰ ঘূৰাই ধলি পৰিল বেংক কৰ্মচাৰী ।


ভাৰত চৰকাৰে সকলো বেংক ব্যক্তিগত কৰণ কৰি গ্ৰাহকক মূৰত মাধমা নিদিৱলৈ আহৱান বেংক কৰ্মচাৰী সকলৰ ।

বিহালীৰ বৰগাঙত চৰকাৰ বিৰুদ্ধে প্ৰতিবাদ

সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন সমুহে আহ্বান জনোৱা দুদিনীয়া বন্ধ কাৰ্য্যসুচীত অসম শ্ৰমিক সংঘৰ দ্বাৰা বিহালীৰ বৰগাঙত ডেৰ শতাধিক পুৰুষ মহিলা বন্ধ সমৰ্থক ওলাই আহি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ সাব্যস্তু কৰে।প্ৰতিবাদকাৰীসকলে শ্রমিকক সুৰক্ষা দিয়ক, শ্ৰমিকৰ প্ৰাপ্য মজুৰি প্ৰদান কৰক।

বিজেপি চৰকাৰ হায়-হায়, পেট্ৰল,ডিজেল,ৰন্ধন গেছৰ মুল্যবৃদ্ধি ৰোধ কৰক শ্ল’গানে বৰগাঙৰ আকাশ বতাহ কঁপাই তোলে বিহালী আৰু বৰগাঙ আৰক্ষীয়ে বন্ধ সমৰ্থক সকল আটক কৰি বৰগাঙ আৰক্ষী চকীলৈ লৈ যায়।

চিত্ৰ শিল্পী নীলিম মহন্তক আৰক্ষীয়ে আটক কৰাৰ প্ৰতিবাদত লখিমপুৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

চিত্ৰ শিল্পী নীলিম মহন্তৰ গ্ৰেপ্তাৰত জুই জ্বলিছে লখিমপুৰত।নগৰৰ মাজত অৰুণাচলৰ মূখ্য মন্ত্রী প্ৰেমা খাণ্ডুৰ প্ৰতিকৃতি দাহ জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ।১২ ঘন্টা ৰ ভিতৰত বিনা চৰ্তে শিল্পী জনক মুক্তি দি লখিমপুৰলৈ প্ৰত্যাৱৰ্তন নকৰিলে অৰুণাচলৰ বিৰুদ্ধে সৰ্বাত্মক অৱৰোধৰ হুংকাৰ।অৰুণাচলৰ মূখ্য মন্ত্রী ক অসমত দম্ভালি নকৰিবলৈও সতৰ্ক বাণী যুৱ ছাত্র পৰিষদৰ।উল্লেখ্য বৃহৎ নদীবান্ধৰ বিৰুদ্ধে অৰুণাচলৰ সচিবালয়ৰ দেৱালত no more dams লিখাৰ বাবেই অৰুণাচলৰ আৰক্ষীয়ে যোৱা নিশা শিল্পী নীলিম মহন্তক লখিমপুৰ ৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰি নিয়ে।

যাৰ বাবে আজি জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ লগতে মাছ কে ধৰি বহু কেইটা সংগঠনে মূখ্য মন্ত্রী ৰ প্ৰতিকৃতি দাহ কৰি প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰে৷শিল্পী জনক মুক্তি নিদিলে তীব্র আন্দোলন ৰো হুংকাৰ দিছে প্ৰতিবাদ কাৰী সংগঠন সমুহে।

বিধানসভাৰ মাজ মজিয়াতে বিধায়কৰ প্ৰচণ্ড মাৰপিট,উত্তাল পৰিৱেশ

বিৰোধী দলৰ নেতা সুভেন্দু অধিকাৰী আৰু আন চাৰিজন বিজেপি বিধায়কক অধ্যক্ষই হুলস্থূলৰ পিছত নিলম্বন কৰিছে।ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সদনত বক্তব্য ৰাখিবলৈ বিজেপিয়ে দাবী কৰাৰ পিছত শাসকীয় তৃণমূল কংগ্ৰেছ আৰু বিৰোধী বিজেপিৰ বিধায়কসকলে হাতাহাতিৰ সন্মুখীন হোৱাৰ বাবে আজি পশ্চিম বংগ বিধানসভাত বিশৃংখল দৃশ্য দেখা গৈছিল। বীৰভূম জিলাৰ ৰামপুৰহাটত সংঘটিত ভয়ংকৰ হত্যাকাণ্ডৰ পটভূমিত আহিছে য’ত পাঁচগৰাকী মহিলা আৰু দুটা শিশুকে ধৰি এটা পৰিয়ালৰ আঠজন সদস্যক আক্ৰমণ কৰা হৈছিল আৰু তাৰ পিছত জ্বলাই হত্যা কৰা হৈছিল। তৃণমূল কংগ্ৰেছৰ এজন স্থানীয় নেতা ভাদু শ্বেখ অশোধিত বোমা আক্ৰমণত নিহত হোৱাৰ পিছত এই ঘটনাটো প্ৰতিশোধ হিচাপে অভিহিত কৰা হৈছে।

কলিকতা উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপৰ পিছত, চিবিআইয়ে হত্যাকাণ্ডৰ তদন্ত কৰি আছে।ইয়াৰ আইটি চেলৰ মুৰব্বী অমিত মালৱীয় আৰু মুখপাত্ৰ শ্বেহজাদ জয় হিন্দকে ধৰি বিজেপি নেতাসকলে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত মাৰ্শ্বেল আৰু আৰক্ষী বিষয়াসকলে যুঁজ বন্ধ কৰিবলৈ সংগ্ৰাম কৰি থকাৰ সময়ত কেইবাজনো বিধায়কক সদনৰ মজিয়াত হাতাহাতিত আবদ্ধ হৈ থকা দেখা গৈছে।
বিৰোধীয়ে আইন-শৃংখলাৰ ওপৰত আলোচনাৰ দাবী জনাইছিল আৰু চৰকাৰে অস্বীকাৰ কৰিছিল। তেওঁলোকে আমাৰ বিধায়কসকলৰ সৈতে সংঘৰ্ষ কৰিবলৈ অসামৰিক পোছাক পিন্ধি কলকাতা আৰক্ষীৰ কৰ্মীসকলক লৈ আহিছিল,” শ্ৰীযুত অধিকাৰীয়ে সংবাদ মাধ্যমৰ আগত কয়।লগতে কয়

“বিধায়কসকল বিধানসভাৰ ভিতৰতো সুৰক্ষিত নহয়। টিএমচিৰ কেইজনমান বিধায়কে মুখ্য হুইপ মনোজ টিগ্গাকে ধৰি আমাৰ কমেও ৮-১০ জন বিধায়কক প্ৰহাৰ কৰিছিল”।

শ্বাহৰুখ খানৰ Eight-pack দেখি মালাইকা অৰোৰাৰ প্ৰতিক্ৰিয়া!

শ্বাহৰুখ খানৰ আহিবলগীয়া ছবি ‘পাঠান’ৰ পৰা তেওঁৰ প্ৰথম ৰূপ উন্মোচন কৰাৰ পিছত ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি কৰিছিল। অভিনেতাজনে চাৰ্টলেছ ছবিখনত তেওঁৰ এবছ প্ৰদৰ্শন কৰিছিল আৰু তেওঁৰ অনুৰাগীসকলক সম্পূৰ্ণ আচৰিত কৰি তুলিছিল। তেওঁৰ পত্নী গৌৰী খানৰ পৰা আৰম্ভ কৰি ৰণবীৰ, বৰুণ ধাৱান আৰু অন্যান্যকে ধৰি বলীউডৰ তাৰকাসকলে তেওঁৰ শাৰীৰিক পৰিৱৰ্তন দেখি তেওঁক প্ৰশংসা কৰে। আৰু এতিয়া, ‘চৈয়া চৈয়া’ খ্যাত মালাইকা অৰোৰাই এছ.আৰ.কে.-ৰ চেহেৰাৰ ওপৰত উচ্ছ্বসিত হোৱাটো বন্ধ কৰিব নোৱাৰিলে।

শ্বাহৰুখ খান বৰ্তমান একেখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণত ব্যস্ত। লগতে দীপিকা পাডুকন আৰু জন আব্ৰাহামৰ মুখ্য চৰিত্ৰত অভিনয় কৰা, চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ স্পেইনত কৰা হৈছে আৰু অতীতত ছেটৰ পৰা কেইবাখনো ছবি লিক হৈছিল যাৰ ফলত অনুৰাগীসকল পাঠানক লৈ উৎসাহিত হৈ পৰিছিল। পাঠান অহা বছৰৰ ২৫ জানুৱাৰীত মুক্তি পাব।

ইক্ৰা জিনিয়াছ একাডেমীৰ শুভাৰম্ভণি

আজি দৰং জিলাৰ বেছিমাৰীত ইক্ৰা জিনিয়াছ একাডেমী নামেৰে ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ এখনি শিক্ষা অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়।বাৰে -ৰহনিয়া কলা কৃষ্টিৰে শুভাৰম্ভণি অনুষ্ঠানটো সমাপন কৰা হয়।

2016 চনতে জেহেৰুল আমিনে শুভাৰম্ভ কৰা মুখ্য শাখা মঙলদৈৰ অধীনত পৰিচালিত বিদ্যা প্ৰতিষ্ঠানখনৰ এটি শাখা দৰং জিলাৰ বেচিমাৰীত শুভাৰম্ভ হোৱাত আনন্দিত বেচিমাৰীবাসী।সম্পূৰ্ণ ইছলামধৰ্মী নীতি -নিয়মেৰে পৰিচালিত শৈক্ষিক প্ৰতিষ্ঠানখনিত আৱাসিক সুবিধা উপলব্ধ থাকিব।শুভ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে মধ্য কামৰূপ কলেজৰ প্ৰবক্তা হাফিজ ডক্তৰ নজৰুল ইছলাম অতিথি ৰূপে ।IQRA ৰ সঞ্চালক জেহেৰুল আমিন, আমছুৰ উপ -সভাপতি আব্দুৰ ৰহমান বিশ্বাস, অৱসৰপ্ৰাপ্ত অধ্যক্ষ আলহাজ নুৰুল ইছলামৰ লগতে কেইবাজনো বিশিষ্ট অতিথি উপস্থিত থাকে।হাফিজ ডক্তৰ নজৰুল ইছলামে কয় – বৰ্তমান সময় সাপেক্ষ এখনি বিদ্যানুষ্ঠন হৈছে ইক্ৰা।এনে বিদ্যালয়ত ধৰ্মীয় শিক্ষাৰ লগতে সাধাৰণ শিক্ষা আহৰণ কৰি দেশ জাতিৰ উন্নতিত অৰিহণা যোগাব।ৰাইজক উদ্দেশ্যি গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে।