Home Blog Page 2538

জুনিয়ৰ এনটিআৰ,ৰাম চৰণ,আলিয়া ভাটৰ RRR ৰ আজি শুভমুক্তি।

জুনিয়ৰ এনটিআৰ আৰু ৰাম চৰণৰ উচ্চ প্ৰত্যাশিত চলচ্চিত্ৰ RRR য়ে অৱশেষত আজি, ২৫ মাৰ্চত ছবিগৃহত মুক্তি হ’ব। লগতে আলিয়া ভাট অভিনীত এই ছবিখন পৰিচালনা কৰিছে এছ এছ ৰাজামৌলীয়ে। ইফালে, বিবেক অগ্নিহোত্ৰীৰ পৰিচালিত উদ্যোগ দ্য কাশ্মীৰ ফাইলছে অৱশেষত দ্বিশতক অৰ্জন কৰাৰ পিছত বক্স অফিচত মন্থৰ হৈ পৰিছে।অৱশেষত আৰ.আৰ.আৰ.-য়ে আজি, ২৫ মাৰ্চত দিনটোৰ পোহৰ দেখিছিল, আৰু ই মহান পৰ্যালোচনাৰ বাবে মুকলি হৈছে। ৰাম চৰণ, জুনিয়ৰ এনটিআৰ, আলিয়া ভট্ট, অজয় দেৱগন অভিনীত ছবিখন বছৰটোৰ আটাইতকৈ প্ৰত্যাশিত চলচ্চিত্ৰ সমূহৰ ভিতৰত অন্যতম। যদিও টুইটাৰে যোৱা নিশাৰ পৰা ‘RRR’ৰ হেচটেগৰ সৈতে ট্ৰেণ্ড কৰি আছে, চেলিব্ৰেটী সকলে ইতিমধ্যে ছ’চিয়েল মিডিয়াত ছবিখনৰ পৰ্যালোচনা আৰম্ভ কৰিছে।

আদিৱী চেশ, বৰুণ তেজ, হৰিশ শংকৰ বহুতো চেলিব্ৰেটীৰ ভিতৰত আছে যিয়ে RRR ক ‘চমৎকাৰ’ ছবি বুলি অভিহিত কৰিছিল।

প্ৰথম বাৰৰ বাবে অসমত অনুষ্ঠিত হ’ব কমনৱেলথ পাৰ্লিয়ামেণ্টৰী বৈঠক

প্ৰথম বাৰৰ বাবে অসমত অনুষ্ঠিত হব কমনৱেলথ পাৰ্লিয়ামেণ্টৰী বৈঠক।৯ আৰু ১০ এপ্ৰিলৰ পৰা হব আৰম্ভ,৭ এপ্ৰিলৰ পৰা হব চাব কমিটিৰ বৈঠক।পাৰ্লিয়ামেণ্টৰী কমিটিৰ ৪৬ খন সদস্য দেশে অংশগ্ৰহণ কৰিব,৯ এপ্ৰিলত উদ্বোধনী অনুষ্ঠান।বিধানসভাৰ অধিবেশনথলী তে হব বৈঠক।কাৰ্যকৰি সমিতিৰ বৈঠক হব হোটেল ৰেডিচন ব্লুত।আ:ন্তৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় প্ৰতিনিধি সকলক অসমৰ বিভিন্ন ঐতিহাসিক ঠাইৰ লগতে কৃষ্টি, সংস্কৃতিৰ লগত পৰিচয়ৰ কৰোৱাৰ বাবে বিশেষ কাৰ্যসূচীৰ ব্যৱস্থা।

পবিতৰা, শুৱালকুচি, আৰু ওদালগুৰি বৰংগাজুলি চাহ বাগিচা পৰিদৰ্শন ব্যৱস্থা।পাৰ্লিয়ামেণ্টৰী বৈঠক অংশগ্ৰহণ কৰিব প্ৰায় ২০০ প্ৰতিনিধিয়ে।

দশম শ্ৰেণীৰ শীৰ্ষস্থানপ্ৰাপ্ত এগৰাকী ছাত্ৰী আত্মহত্যাৰ পিছতে অধ্যক্ষকক নিলম্বন।

দশম শ্ৰেণীৰ বিদ্যালয়ৰ শীৰ্ষস্থানপ্ৰাপ্ত এজনৰ আত্মহত্যাই চিতুৰৰ সৰু চহৰ পালামানেৰক জোকাৰি গৈছে। ‘চ’ডা’ বিক্ৰেতাৰ জীয়ৰী মিছবাহ ফাতিমা নামৰ ছাত্ৰীগৰাকীয়ে গংগাভাৰামৰ ব্ৰহ্মৰ্শী উচ্চ বিদ্যালয়ত পঢ়ি আছিল।ঘটনাটোৰ পিছত,ছোৱালীজনীৰ পৰিয়ালে অভিযোগ কৰিছিল যে বিদ্যালয়ৰ অধ্যক্ষৰ দুৰ্ব্যৱহাৰৰ ফলত তেওঁ চৰম পদক্ষেপ লৈছিল। অধ্যক্ষ ৰমেশে শিক্ষাবৰ্ষ শেষ হোৱাৰ কেইদিনমান আগতে মিছবাহক স্থানান্তৰ প্ৰমাণপত্ৰ দিছিল।ৰমেশক শুক্ৰবাৰে পালামানেৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু আইপিচিৰ ৩,০৬,৫০৬ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছিল। বৃহস্পতিবাৰে, তেওঁক বিদ্যালয়ৰ পৰা নিলম্বিত কৰা হয়।অৱশ্যে, ছোৱালীজনীৰ চুইচাইড নোটেই এক ক্ষোভৰ সৃষ্টি কৰিছে। মিছবাহ ফাতিমাই উল্লেখ কৰিছিল যে তাইৰ সহপাঠীৰ দেউতাকে তাইক আঁতৰাবলৈ বিদ্যালয় পৰিচালনাক হেঁচা দি আছিল যাতে তেওঁৰ ছোৱালী শ্ৰেণীৰ শীৰ্ষস্থানপ্ৰাপ্ত হয়।মিছবাহৰ পৰিয়ালে অভিযোগ কৰিছে যে আৰক্ষীয়ে অভিযুক্তজনৰ বিৰুদ্ধে ধীৰ গতিৰে চলি আছে – সহপাঠীৰ দেউতাক, কিয়নো তেওঁ শাসকীয় দলৰ এজন নেতা।ইফালে, তেলেগু দেশম পাৰ্টিৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ পুত্ৰ নাৰা লোকেশে ছোৱালীজনীৰ আত্মহত্যাৰ বাবে ৱাইএছআৰচিপি নেতাগৰাকীক দোষাৰোপ কৰে।

তেওঁ অভিযোগ কৰিছিল যে মৃত মিছবাহে ৱাইএছআৰচিপি নেতাগৰাকীৰ জীয়েকতকৈ অধিক নম্বৰ লাভ কৰিছিল আৰু সেয়েহে তেওঁক হাৰাশাস্তি কৰা হৈছিল আৰু বিদ্যালয়ৰ অধ্যক্ষৰ ভাবুকিৰ ফলত তেওঁ চৰম পদক্ষেপ লৈছিল।

ফ্লপশ্ব’ত পৰিণত হৈছে নেকি ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ অংগনবাড়ী কেন্দ্ৰ

গোলাঘাট জিলাৰ পশ্চিম সংহত শিশু উন্নয়ণ প্ৰকল্পৰ অধীনত ফুটা টিনপাত আৰু জৰাজীৰ্ণ বাঁহৰ বেৰৰ মাজতেই এটা অংগনৱাড়ী কেন্দ্ৰত চলিছে ভৱিষ্যত নাগৰিক গঢ়াৰ কৰ্মশালা। যিসময়ত ৰাজ্য চৰকাৰে কণ কণ শিশু সকলৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে অংগনবাড়ী কেন্দ্ৰ সমূহ নিৰ্মাণ ও পৰিচালনা কৰিবৰ বাবে কোটি টকা ব্যয় কৰিছে তেনেসময়তে বোকাখাতৰ ৩নং ৰঙাগড়াৰ এটা অংগনৱাড়ী কেন্দ্ৰৰ জৰাজীৰ্ণ অৱস্থাই উদঙাইছে কণ কণ ছাত্ৰ -ছাত্ৰীৰ প্ৰতি থকা বিভাগটোৰ দায়বদ্ধতাৰ স্বৰূপ।

২০০৯ চনতে বোকাখাতৰ ৰঙাগড়া চাহ বাগিচা অঞ্চলৰ এৰাবাৰী আৰু কঠিয়াতলিৰ মধ্যস্থানত অৱস্থিত অংগনৱাড়ী কেন্দ্ৰটোৰ দুৰাৱস্থাই স্বাভাৱিকতেই প্ৰশ্নৰ তৰ্জনী উঠাব ৰাজ্যৰ সমাজ কল্যাণ বিভাগলৈ। গোলাঘাট জিলাৰ পশ্চিম সংহত শিশু উন্নয়ণ প্ৰকল্পৰ অধিনত ২০০৯ চনতে স্থাপন কৰা এই ৩২৮ নং অংগনৱাড়ী কেন্দ্ৰটোৰ প্ৰতি প্ৰতিষ্ঠা কালৰে পৰা আজিলৈকে বিভাগীয় কৰ্তৃপক্ষৰ চকু নপৰিল ফলত বিগত ১৩ বছৰে জৰাজীৰ্ণ আন্তঃগাঁথনিৰ মাজতেই কেন্দ্ৰটোৰ কৰ্মী-সহায়িকাই অব্যাহত ৰাখিবলগীয়া হৈছে মানৱ সম্পদ গঢ়াৰ কাম কাজ।

উল্লেখযোগ্য যে, নিয়মীয়াকৈ ৩০ টাৰো অধিক শিশু থকা এই কেন্দ্ৰটোত বৰ্তমানলৈকে নহ’ল বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা। ফলত কেন্দ্ৰটোৰ কাষৰে কোনো পৰিয়ালৰ পৰা সংগ্ৰহ কৰা সাধাৰণ খোৱা পানীকেই দৈনিক ব্যৱহাৰ কৰি থাকিব লাগীয়া হৈছে কেন্দ্ৰটোৰ কৰ্মী-সহায়িকাই। আনকি শিশু সকলৰ খাদ্য প্ৰস্তুতকৰণৰ বাবে কেন্দ্ৰটোত নাই স্থায়ী ৰান্ধনিশালৰ ব্যৱস্থাও। গতিকে খাদ্যৰ পৰিষ্কাৰ-পৰিচ্ছিন্নতাৰ ওপৰতো স্বাভাৱিকতেই প্ৰশ্ন উঠিব। লগতে কেন্দ্ৰটোৰ শিশু সকলৰ শৌচ-প্ৰশ্ৰাৱৰ বাবে এতিয়াও ব্যৱহাৰ কৰি থাকিবলগীয়া হৈছে ৰঙাগড়া চাহ বাগিছাৰ মুক্তাঞ্চল।

নগাঁৱৰ ব্যৱসায়ীৰ প্ৰশংসনীয় পদক্ষেপ।পদ -পথৰ সৰস্বতী মূৰ্ত্তিক নৈত বিসর্জন

নগাঁও জিলাৰ এগৰাকী ব্যৱসায়ীয়ে নগাঁও জিলাখনৰ বিভিন্ন স্থানৰ বিদ্যালয়সমূহৰ গছৰ তলত পেলাই থোৱা সৰস্বতী মূৰ্ত্তি সমূহ নিজা প্রচেষ্টাৰে উঠাই নি কলং নৈত বিসর্জন দি এক প্রশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে ।

নগাঁৱৰ  হয়ৱৰগাওঁ তেলীয়াপট্টি চাৰিআলিৰ বাসিন্দা বিনোদ খেটাৱতে আজি কেইবা বছৰ ধৰি এই কাম কৰি আহিছে। এইবাৰো তেওঁ এনে কাম কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। ইতিমধ্যে হৈ যোৱা গনেশ পূজাৰ পিছত বিভিন্ন পূজা সমিতি সমূহে গছৰ তলত বা আন ঠাইত মূৰ্ত্তি সমূহ পেলাই থৈ যায়।

যাৰ বাবে চহৰখনৰ পৰিৱেশ ম্লান হৈ পৰে। ব্যৱসায়ী বিনোদ খেটাৱতে তেওঁৰ কৰ্মচাৰীৰ সহযোগত এই মূৰ্ত্তি সমূহ উঠাই আনি আজি কেইবাদিনো ধৰি কলং নৈত বিসর্জন দি আহিছে । তাৰ অংশ স্বৰূপে আজিও ব্যৱসায়ীজনৰ কৰ্মচাৰী সকলে নগাঁও আইন মহাবিদ্যালয়ৰ সমীপৰ পৰা সৰস্বতী মুৰ্ত্তি সমূহ নিজা প্ৰচেষ্টাত গাড়ীৰে উঠাই নি কলং নৈত উতাই এক প্ৰসংশনীয় কাম কৰি আহিছে ।

ঘৰ ঘৰ নল ,ঘৰ ঘৰ জল , ভাৰত চৰকাৰৰ এটা অভিলাশী আচঁনি জল জীৱন মিছন

জে জে এম আঁচনিৰ 77 লাখ টকা উটি গল পানীত , দূৰ্ণীতিগ্ৰস্হ ঠিকাদাৰে আত্মসাত কৰিলে জে জে এমৰ ধন । ৰাইজৰ বিলৈ ঘৰ ঘৰ নল ঘৰ ঘৰ জল , ভাৰত চৰকাৰৰ এটা অভিলাশী আঁচনী জল জীৱন মিছন । এই আঁচনীত এতিয়া ব্যাপক দূৰ্নীতি সংঘটিত হৈছে । 77 লাখ টকীয়া টকীয়া আঁচনীৰ কাম শেষ নহওতেই খহি পৰিল পানী টৈংকী আৰু সীমাৰ বেৰ। যি সময়ত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃতাধীন চৰকাৰ খনে কোনো কাৰনতে দূৰ্নীতিক প্ৰস্বয় দিয়া নহব বুলি ঘোষণা কৰিছে ঠিক সেই নিৰ্দেশক বুঢ়া আঙুলী দেখুৱাই একাংশ দূৰ্নীতিগ্ৰস্হ ঠিকাদাৰে চলাই গৈছে লুণ্ঠনৰাজ।

শিৱসাগৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চল শিঙিবিল পানীযোগান আঁচনিত বিগত বছৰত জেজেএম আচঁনিৰ অধীনত সাতসত্তৰ লাখ টকা আৱন্তন দিয়া হৈছিল আৰু সেই ঠিকা লাভ কৰিছিল মৰাণৰ ভূপেন বৰুৱা নামৰ এজন ঠিকাদাৰে ।এটুপী বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰি থকা সীমান্তৱৰ্তী অঞ্চলৰ লোকসকলে ভাবিছিল অতি সোনকালে পানী পাব কিন্তু তাৰ বিপৰীত ছবি এখন যোৱাকালি দেখিবলৈ পালে গাঁৱৰ ৰাইজে। নৱনিৰ্মিত পানীৰ টেংকীত পানী ভৰাওতেই টেংকীৰ চাৰিবেৰৰ ৱাল খহি পৰিল , কথমপি ৰক্ষা পৰে কৰ্মৰত কৰ্মচাৰীজন ।

কোনো ৰড ব্যৱহাৰ নকৰাকৈ নিৰ্মাণ কৰা হৈছিল এই টেংকী যাৰবাবে খহিবলৈ পালে এই টেংকীটো। একে সময়তে অসমৰ বিভিন্ন জিলাত জে জে এমৰ কাম কৰি থকা ঠিকাদাৰে গুৱাহাটীত বহিয়েই সকলো কাম সম্পাদন কৰে , তেওঁৰ এই কামত পূৰ্ণসহযোগ আগবঢ়াই নাজিৰা জনস্বাস্হ্য কাৰিকৰী বিভাগৰ অভিজন্তা ৰাজেন বৰুৱাই , চকুৰ সন্মুখত দূৰ্নীতি দেখিও চকু মুদা ভাওধৰা এই জন অভিযন্তাজনৰ বাবেই এনে ঘটনা হবলৈ পালে বুলি গঁঞা ৰাইজৰ অভিযোগ ।

অসমৰ আদিবাসী সকলক জনজাতি আৰু ভূমি পট্টা প্ৰদানৰ দাবীত ৩ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী

অসমৰ আদিবাসী সকলক জনজাতি আৰু ভূমি পট্টা প্ৰদানৰ দাবীত আজি বাক্সাৰ মুছলপুৰত ৩ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মুছলপুৰ দূৰ্গা মন্দিৰ প্ৰাংগনত অনুষ্ঠিত এই ধৰ্ণা কাৰ্যসূচীত ভাগ লৈ আদিবাসী জাতীয় মহাসভা স‌ংগ্ৰামী মঞ্চৰ সাধাৰণ সম্পাদক বীৰসিং মুণ্ডাই কয় যে যুগে যুগে আদিবাসী সকলক চৰকাৰে বঞ্চনা কৰি আহিছে।‌‌ ২০১৯ চনত আদিবাসী সকলক জনজাতি কৰণৰ বাবে আদেশ জাৰী কৰিছিল যদিও আজিলৈকে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে।

চৰকাৰে আদিবাসী সকলক নিৰ্বাচনৰ আগে আগে বহুতো আশ্বাস দিয়ে। নিৰ্বাচনৰ পিছত আদিবাসী সকলৰ সকলো সমস্যা সমাধান নকৰি এক বিভাজন কৰাৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ কৰে আদিবাসী নেতাজনে। আদিবাসী সম্প্ৰদায়ৰ নেতা পল্লব লোচন দাসে সাংসদ হোৱাৰ পিছতো কোনো কাম নকৰা বুলি অভিহিত কৰি আদিবাসী নেতাজনে কয় যে সাধাৰণ লোকৰ সমস্যা সমাধান কৰি প্ৰকৃততে ৰাইজৰ প্ৰতিনিধি হ’বলৈ আহ্বান জনায়। আদিবাসী সকলক জনজাতি প্ৰদান কৰক, আমাক ভূমি পট্টা প্ৰদান কৰক, আমাক ন্যায় লাগে আদি ধ্বনিৰে আকাশ মুখৰিত কৰি তোলে। আজিৰ এই কাৰ্যসূচীত বাক্সা জিলা আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি ৰঞ্জিত ওৰাং, সদৌ চান্থাল ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি চাইমন কিস্কু, আদিবাসী জাতীয় মহাসভা স‌ংগ্ৰামী মঞ্চৰ আহ্বায়ক বোয়েল হেমব্ৰম আদি উপস্থিত থাকে।

পুষ্পাৰ আৰ্হিৰে এইবাৰ মৰিয়নিত ৰূপজ্যোতি কুৰ্মী।

মৰিয়নি পৌৰসভা নিৰ্বাচনত বিজেপিৰ শোচনীয় পৰাজয়ৰ পাছত বিধায়ক গৰাকীৰ প্ৰথম খন সংবাদমেল।মৰিয়নি পৌৰসভা বিজেপিয়ে গঠন কৰিব নোৱাৰিব বুলি জনাৰ পাছতো বিজেপিয়েই গঠন কৰাৰ ওপৰত সম্পূৰ্ণ আশাবাদী ৰূপজ্যোতি কুৰ্মী।অহা ৪এপ্ৰিলৰ ভিতৰত গঠন হ’ব মৰিয়নি পৌৰসভা।যিকেইটা ৱাৰ্ডত বিজেপি প্ৰাৰ্থীয়ে পৰাজয় বৰণ কৰে সেই সমুহ ৱাৰ্ডত কোনো উন্নয়ন নহ’ব বুলি ৰূপজ্যোতি কুৰ্মীৰ ঘোষনা।উল্লেখ্য যে পুনৰ জ্যোতিষী প্ৰসংগটো টানি আনি কয় যে তেওঁ ৭০বছৰ জীয়াই থাকিব আৰু জীয়াই থকা মুহুৰ্ত্বলৈকে বিধায়ক হৈয়েই থাকিব বুলি দাবী কৰি জনপ্ৰিয় হিন্দী বোলছবি ‘পুষ্পা’ৰ জনপ্ৰিয় ডায়লগ দোহাৰি কয় যে ৰূপজ্যোতি কুৰ্মী কভী ঝুকেগা নেহী।

বিধায়ক গৰাকীয়ে সংবাদমেল খনত লগতে জানিবলৈ দিয়ে যে পৰৱৰ্ত্তী নিৰ্বাচন নতুন সমষ্টি ভিত্তিত অনুস্থিত হ’ব যাৰ ফলত মৰিয়নি সমষ্টিৰ শেষগৰাকী বিধায়ক হিচাবে পৰিগনিত হৈ ৰ’ব বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷

কি কাৰণে ভাৰতলৈ আহিব নেপালৰ প্ৰধানমন্ত্ৰী?

নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেওবা আহিব ভাৰতলৈ। অহা ১ এপ্ৰিলৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে আহিব ভাৰতলৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণক্ৰমে ভাৰতলৈ আহিব নেপালৰ প্ৰধানমন্ত্ৰীগৰাকী। ভ্ৰমণকালত দুয়োখন দেশৰ বিভিন্ন বিষয়ক লৈ আলোচনা কৰিব। ইয়াৰ লগতে উন্নয়নমূলক কাম-কাজ, অৰ্থনৈতিক উন্নয়ন, সীমান্তৰ অৱস্থা আৰু সহযোগিতা বৃদ্ধিৰ ওপৰত আলোচনা কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, শেহতীয়াভাবে চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িয়ে নেপাল ভ্ৰমণ কৰিছিল।

চীনৰ বিদেশ মন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ পিছতে দিল্লী আগমনে বিশেষ তাত্পৰ্য বহন কৰিছে। ইফালে শ্ৰীলংকাৰ বিত্ত মন্ত্ৰীয়েও নতুন দিল্লী ভ্ৰমণ কৰিছিল। শ্ৰীলংকাৰ ভগ্ন অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে ২.৪১৫ বিলিয়ন ডলাৰ অৰ্থ বিনিয়োগ কৰিব ভাৰতে। ইয়াৰ লগতে কভিড বিৰোধী যুঁজ আৰু সামৰিক সহযোগিতাৰ ক্ষেত্ৰতো ভাৰতে সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিছে ভাৰতে।

অসমৰ মুখ্যমন্ত্ৰীৰ কনভয় ৰখাৰ বাবে কোনো ট্ৰেফিক পুলিচক ৰিজাৰ্ভ ক্লজ কৰা হোৱা নাই! 

কৰ্তব্যত গাফিলতিৰ বাবে হেডকোৱাৰ্টাৰ ক্ল’জ কৰা হৈছে এগৰাকী আৰক্ষীক। দিছপুৰৰ যান-বাহন শাখাৰ বিষয়া প্ৰফুল্ল হাজৰিকাক হেডকোৱাৰ্টাৰ ক্ল’জ কৰা হৈছে। যোৱা ২২ মাৰ্চত গুৱাহাটীৰ খানাপাৰাত কৰ্তব্য পালন কৰিছিল বিষয়াজনে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয় পাৰ হোৱাত কিছু পলম হৈছিল সেই স্থানত।

মুখ্যমন্ত্ৰীৰ ৰোড লাইনিঙৰ দায়িত্বত আছিল যান-বাহন বিষয়াজন ৷ যাৰ বাবে বিষয়াজনক হেডকোৱাৰ্টাৰ ক্ল’জ কৰিলে শীৰ্ষ বিষয়াই ৷

https://assamese.factcrescendo.com/ghy-police-dismisses-claim-that-constable-closed-to-reserve-after-stopping-cm-convoy/?fbclid=IwAR00tsoHcBVL1a-8NBJtclfGG9-sk3iknboJDtbLun5QDPXXwlNxQ5G4x1c