Home Blog Page 2548

নগাঁৱৰ ব্যৱসায়ীৰ প্ৰশংসনীয় পদক্ষেপ।পদ -পথৰ সৰস্বতী মূৰ্ত্তিক নৈত বিসর্জন

নগাঁও জিলাৰ এগৰাকী ব্যৱসায়ীয়ে নগাঁও জিলাখনৰ বিভিন্ন স্থানৰ বিদ্যালয়সমূহৰ গছৰ তলত পেলাই থোৱা সৰস্বতী মূৰ্ত্তি সমূহ নিজা প্রচেষ্টাৰে উঠাই নি কলং নৈত বিসর্জন দি এক প্রশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে ।

নগাঁৱৰ  হয়ৱৰগাওঁ তেলীয়াপট্টি চাৰিআলিৰ বাসিন্দা বিনোদ খেটাৱতে আজি কেইবা বছৰ ধৰি এই কাম কৰি আহিছে। এইবাৰো তেওঁ এনে কাম কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। ইতিমধ্যে হৈ যোৱা গনেশ পূজাৰ পিছত বিভিন্ন পূজা সমিতি সমূহে গছৰ তলত বা আন ঠাইত মূৰ্ত্তি সমূহ পেলাই থৈ যায়।

যাৰ বাবে চহৰখনৰ পৰিৱেশ ম্লান হৈ পৰে। ব্যৱসায়ী বিনোদ খেটাৱতে তেওঁৰ কৰ্মচাৰীৰ সহযোগত এই মূৰ্ত্তি সমূহ উঠাই আনি আজি কেইবাদিনো ধৰি কলং নৈত বিসর্জন দি আহিছে । তাৰ অংশ স্বৰূপে আজিও ব্যৱসায়ীজনৰ কৰ্মচাৰী সকলে নগাঁও আইন মহাবিদ্যালয়ৰ সমীপৰ পৰা সৰস্বতী মুৰ্ত্তি সমূহ নিজা প্ৰচেষ্টাত গাড়ীৰে উঠাই নি কলং নৈত উতাই এক প্ৰসংশনীয় কাম কৰি আহিছে ।

ঘৰ ঘৰ নল ,ঘৰ ঘৰ জল , ভাৰত চৰকাৰৰ এটা অভিলাশী আচঁনি জল জীৱন মিছন

জে জে এম আঁচনিৰ 77 লাখ টকা উটি গল পানীত , দূৰ্ণীতিগ্ৰস্হ ঠিকাদাৰে আত্মসাত কৰিলে জে জে এমৰ ধন । ৰাইজৰ বিলৈ ঘৰ ঘৰ নল ঘৰ ঘৰ জল , ভাৰত চৰকাৰৰ এটা অভিলাশী আঁচনী জল জীৱন মিছন । এই আঁচনীত এতিয়া ব্যাপক দূৰ্নীতি সংঘটিত হৈছে । 77 লাখ টকীয়া টকীয়া আঁচনীৰ কাম শেষ নহওতেই খহি পৰিল পানী টৈংকী আৰু সীমাৰ বেৰ। যি সময়ত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃতাধীন চৰকাৰ খনে কোনো কাৰনতে দূৰ্নীতিক প্ৰস্বয় দিয়া নহব বুলি ঘোষণা কৰিছে ঠিক সেই নিৰ্দেশক বুঢ়া আঙুলী দেখুৱাই একাংশ দূৰ্নীতিগ্ৰস্হ ঠিকাদাৰে চলাই গৈছে লুণ্ঠনৰাজ।

শিৱসাগৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চল শিঙিবিল পানীযোগান আঁচনিত বিগত বছৰত জেজেএম আচঁনিৰ অধীনত সাতসত্তৰ লাখ টকা আৱন্তন দিয়া হৈছিল আৰু সেই ঠিকা লাভ কৰিছিল মৰাণৰ ভূপেন বৰুৱা নামৰ এজন ঠিকাদাৰে ।এটুপী বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰি থকা সীমান্তৱৰ্তী অঞ্চলৰ লোকসকলে ভাবিছিল অতি সোনকালে পানী পাব কিন্তু তাৰ বিপৰীত ছবি এখন যোৱাকালি দেখিবলৈ পালে গাঁৱৰ ৰাইজে। নৱনিৰ্মিত পানীৰ টেংকীত পানী ভৰাওতেই টেংকীৰ চাৰিবেৰৰ ৱাল খহি পৰিল , কথমপি ৰক্ষা পৰে কৰ্মৰত কৰ্মচাৰীজন ।

কোনো ৰড ব্যৱহাৰ নকৰাকৈ নিৰ্মাণ কৰা হৈছিল এই টেংকী যাৰবাবে খহিবলৈ পালে এই টেংকীটো। একে সময়তে অসমৰ বিভিন্ন জিলাত জে জে এমৰ কাম কৰি থকা ঠিকাদাৰে গুৱাহাটীত বহিয়েই সকলো কাম সম্পাদন কৰে , তেওঁৰ এই কামত পূৰ্ণসহযোগ আগবঢ়াই নাজিৰা জনস্বাস্হ্য কাৰিকৰী বিভাগৰ অভিজন্তা ৰাজেন বৰুৱাই , চকুৰ সন্মুখত দূৰ্নীতি দেখিও চকু মুদা ভাওধৰা এই জন অভিযন্তাজনৰ বাবেই এনে ঘটনা হবলৈ পালে বুলি গঁঞা ৰাইজৰ অভিযোগ ।

অসমৰ আদিবাসী সকলক জনজাতি আৰু ভূমি পট্টা প্ৰদানৰ দাবীত ৩ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী

অসমৰ আদিবাসী সকলক জনজাতি আৰু ভূমি পট্টা প্ৰদানৰ দাবীত আজি বাক্সাৰ মুছলপুৰত ৩ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মুছলপুৰ দূৰ্গা মন্দিৰ প্ৰাংগনত অনুষ্ঠিত এই ধৰ্ণা কাৰ্যসূচীত ভাগ লৈ আদিবাসী জাতীয় মহাসভা স‌ংগ্ৰামী মঞ্চৰ সাধাৰণ সম্পাদক বীৰসিং মুণ্ডাই কয় যে যুগে যুগে আদিবাসী সকলক চৰকাৰে বঞ্চনা কৰি আহিছে।‌‌ ২০১৯ চনত আদিবাসী সকলক জনজাতি কৰণৰ বাবে আদেশ জাৰী কৰিছিল যদিও আজিলৈকে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে।

চৰকাৰে আদিবাসী সকলক নিৰ্বাচনৰ আগে আগে বহুতো আশ্বাস দিয়ে। নিৰ্বাচনৰ পিছত আদিবাসী সকলৰ সকলো সমস্যা সমাধান নকৰি এক বিভাজন কৰাৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ কৰে আদিবাসী নেতাজনে। আদিবাসী সম্প্ৰদায়ৰ নেতা পল্লব লোচন দাসে সাংসদ হোৱাৰ পিছতো কোনো কাম নকৰা বুলি অভিহিত কৰি আদিবাসী নেতাজনে কয় যে সাধাৰণ লোকৰ সমস্যা সমাধান কৰি প্ৰকৃততে ৰাইজৰ প্ৰতিনিধি হ’বলৈ আহ্বান জনায়। আদিবাসী সকলক জনজাতি প্ৰদান কৰক, আমাক ভূমি পট্টা প্ৰদান কৰক, আমাক ন্যায় লাগে আদি ধ্বনিৰে আকাশ মুখৰিত কৰি তোলে। আজিৰ এই কাৰ্যসূচীত বাক্সা জিলা আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি ৰঞ্জিত ওৰাং, সদৌ চান্থাল ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি চাইমন কিস্কু, আদিবাসী জাতীয় মহাসভা স‌ংগ্ৰামী মঞ্চৰ আহ্বায়ক বোয়েল হেমব্ৰম আদি উপস্থিত থাকে।

পুষ্পাৰ আৰ্হিৰে এইবাৰ মৰিয়নিত ৰূপজ্যোতি কুৰ্মী।

মৰিয়নি পৌৰসভা নিৰ্বাচনত বিজেপিৰ শোচনীয় পৰাজয়ৰ পাছত বিধায়ক গৰাকীৰ প্ৰথম খন সংবাদমেল।মৰিয়নি পৌৰসভা বিজেপিয়ে গঠন কৰিব নোৱাৰিব বুলি জনাৰ পাছতো বিজেপিয়েই গঠন কৰাৰ ওপৰত সম্পূৰ্ণ আশাবাদী ৰূপজ্যোতি কুৰ্মী।অহা ৪এপ্ৰিলৰ ভিতৰত গঠন হ’ব মৰিয়নি পৌৰসভা।যিকেইটা ৱাৰ্ডত বিজেপি প্ৰাৰ্থীয়ে পৰাজয় বৰণ কৰে সেই সমুহ ৱাৰ্ডত কোনো উন্নয়ন নহ’ব বুলি ৰূপজ্যোতি কুৰ্মীৰ ঘোষনা।উল্লেখ্য যে পুনৰ জ্যোতিষী প্ৰসংগটো টানি আনি কয় যে তেওঁ ৭০বছৰ জীয়াই থাকিব আৰু জীয়াই থকা মুহুৰ্ত্বলৈকে বিধায়ক হৈয়েই থাকিব বুলি দাবী কৰি জনপ্ৰিয় হিন্দী বোলছবি ‘পুষ্পা’ৰ জনপ্ৰিয় ডায়লগ দোহাৰি কয় যে ৰূপজ্যোতি কুৰ্মী কভী ঝুকেগা নেহী।

বিধায়ক গৰাকীয়ে সংবাদমেল খনত লগতে জানিবলৈ দিয়ে যে পৰৱৰ্ত্তী নিৰ্বাচন নতুন সমষ্টি ভিত্তিত অনুস্থিত হ’ব যাৰ ফলত মৰিয়নি সমষ্টিৰ শেষগৰাকী বিধায়ক হিচাবে পৰিগনিত হৈ ৰ’ব বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷

কি কাৰণে ভাৰতলৈ আহিব নেপালৰ প্ৰধানমন্ত্ৰী?

নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেওবা আহিব ভাৰতলৈ। অহা ১ এপ্ৰিলৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে আহিব ভাৰতলৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণক্ৰমে ভাৰতলৈ আহিব নেপালৰ প্ৰধানমন্ত্ৰীগৰাকী। ভ্ৰমণকালত দুয়োখন দেশৰ বিভিন্ন বিষয়ক লৈ আলোচনা কৰিব। ইয়াৰ লগতে উন্নয়নমূলক কাম-কাজ, অৰ্থনৈতিক উন্নয়ন, সীমান্তৰ অৱস্থা আৰু সহযোগিতা বৃদ্ধিৰ ওপৰত আলোচনা কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, শেহতীয়াভাবে চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িয়ে নেপাল ভ্ৰমণ কৰিছিল।

চীনৰ বিদেশ মন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ পিছতে দিল্লী আগমনে বিশেষ তাত্পৰ্য বহন কৰিছে। ইফালে শ্ৰীলংকাৰ বিত্ত মন্ত্ৰীয়েও নতুন দিল্লী ভ্ৰমণ কৰিছিল। শ্ৰীলংকাৰ ভগ্ন অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে ২.৪১৫ বিলিয়ন ডলাৰ অৰ্থ বিনিয়োগ কৰিব ভাৰতে। ইয়াৰ লগতে কভিড বিৰোধী যুঁজ আৰু সামৰিক সহযোগিতাৰ ক্ষেত্ৰতো ভাৰতে সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিছে ভাৰতে।

অসমৰ মুখ্যমন্ত্ৰীৰ কনভয় ৰখাৰ বাবে কোনো ট্ৰেফিক পুলিচক ৰিজাৰ্ভ ক্লজ কৰা হোৱা নাই! 

কৰ্তব্যত গাফিলতিৰ বাবে হেডকোৱাৰ্টাৰ ক্ল’জ কৰা হৈছে এগৰাকী আৰক্ষীক। দিছপুৰৰ যান-বাহন শাখাৰ বিষয়া প্ৰফুল্ল হাজৰিকাক হেডকোৱাৰ্টাৰ ক্ল’জ কৰা হৈছে। যোৱা ২২ মাৰ্চত গুৱাহাটীৰ খানাপাৰাত কৰ্তব্য পালন কৰিছিল বিষয়াজনে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয় পাৰ হোৱাত কিছু পলম হৈছিল সেই স্থানত।

মুখ্যমন্ত্ৰীৰ ৰোড লাইনিঙৰ দায়িত্বত আছিল যান-বাহন বিষয়াজন ৷ যাৰ বাবে বিষয়াজনক হেডকোৱাৰ্টাৰ ক্ল’জ কৰিলে শীৰ্ষ বিষয়াই ৷

https://assamese.factcrescendo.com/ghy-police-dismisses-claim-that-constable-closed-to-reserve-after-stopping-cm-convoy/?fbclid=IwAR00tsoHcBVL1a-8NBJtclfGG9-sk3iknboJDtbLun5QDPXXwlNxQ5G4x1c

পৰ্যটকৰ বাবে ৩ দিন বন্ধ থাকিব মানাহ ৰাষ্ট্ৰীয় উদ্যান…

তিনিদিন পৰ্যটকৰ বাবে বন্ধ থাকিব মানাহ ৰাষ্ট্ৰীয় উদ্যান। পহিলা এপ্ৰিলৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানত চলিব গঁড় গণনা। সমগ্ৰ অসমৰ ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্ৰাণী অভয়াৰণ্যত পৰ্যায়ক্ৰমে আৰম্ভ হৈছে গঁড়ৰ গণনা প্ৰক্ৰিয়া ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানতো ১ এপ্ৰিলৰ পৰা ৩ এপ্ৰিললৈ চলিব গঁড় গণনা ৷ এই গঁড় গণনাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় উদ্যানখনত পৰ্যটকৰ প্ৰৱেশ বন্ধ থাকিব। এক বিবৃতিযোগে এই কথা সদৰি কৰিছে মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰে ৷

উল্লেখযোগ্য যে, শেহতীয়া গণনা অনুসৰি মানাহত সৰ্বমুঠ ৪৮টা গঁড়ৰ অৱস্থিতি নথিভুক্ত হৈছিল ৷ অৱশ্যে এইবাৰ গণনাত গঁড়ৰ সংখ্যা বৃদ্ধি হ’ব পাৰে বুলি জনাইছে বাঁহবাৰী ৰেঞ্জৰ বন বিষয়া বাবুল ব্ৰহ্মই ৷ মানাহৰ তিনিওটা ৰেঞ্জতে চলিবলগীয়া এই গঁড় গণনাৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি প্ৰায় সম্পন্ন কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

ৰিহাবাৰীৰ ঘটনাক লৈ আৰক্ষীৰ তদন্ত।

ৰিহাবাৰীৰ নিশাৰ ঘটনাক লৈ আৰক্ষীৰ তদন্ত আৰম্ভ।নিশাৰ ৰিহাবাৰী ঘটনাটো ডকাইতি নহয়। দুটা পক্ষৰ মাজত চলি থকা সংঘাতৰ প্ৰতিফলন।মাটিৰ মালিকসহ তিনিওটা পক্ষক থানালৈ অনা হৈছে।সোধা পোচা চলি আছে।তিনিও পক্ষই গোচৰ দিছে নিশা ৰিহাবাৰীত ডকাইতি।বৃহস্পতিবাৰে নিউ ৰাজধানী বেডিং ষ্টোৰত ডকাইতি সংঘটিত হয়।৪০-৫০ জনীয়া দুৰ্বৃত্তই লুটিলে সা-সামগ্ৰী।বিপনীৰ গৰাকীৰ অভিযোগৰ আঙুলি-নবীন মিট্টল নামৰ বিল্ডাৰৰ বিৰুদ্ধে।নবীন মিট্টলৰ ভেৰোণীয়া গুণ্ডাই হেনো বিপনীৰ কৰ্মচাৰীক মাৰনাস্ত্ৰৰে ভয়-ভাবুকি দেখুৱাই লুটি নিয়ে নগদ ধনৰ উপৰিও সা-সামগ্ৰী।

ডকাইতৰ দলটোক বাধা দিবলৈ যোৱা বিপনীখনৰ স্বতাধিকাৰী মহম্মদ চাইমুদ্দিন আৰু নজৰেআলমক ডকাইতৰ দলটোৱে আক্ৰমণ কৰে।এই ঘটনাক লৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।তদন্ত পিছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা ৰহস্য।

লাহৰীঘাট,ভূৰাগাঁও আদি অঞ্চলৰ সৰ্বহাৰা কৃষকে ইউৰিয়া সাৰ বিচাৰি হাহাকাৰ

মৰিগাঁও জিলাৰ সৰ্বহাৰা কৃষকৰ ইউৰিয়া সাৰকে ধৰি আন আন কীটনাশক সামগ্ৰী বিচাৰি হাহাকাৰ ।মৰিগাঁও জিলাৰ ভূৰাগাঁও , লাহৰীঘাট আৰু টেঙাগুৰিকে ধৰি সকলো সাৰ বিক্ৰেতা দোকান বন্ধ থকাত ইয়াৰ কৃষক সকল ইউৰিয়া বিচাৰি হায়ৰাণ হবলগা হৈছে ।মাকৈ খেতি আৰু বৰো ধান খেতিত ইউৰিয়াকে ধৰি আন আন কীটনাশক দৰৱ প্ৰয়োগ কৰিব পৰা নাই ।যাৰ ফলত কৃষক সকলৰ কষ্টৰ ফচল নষ্ট হোৱাৰ উপক্ৰম হৈছে ।যোৱা ২১ মাৰ্চৰ পৰা মৰিগাঁও জিলাৰ সকলো খুচুৰা সাৰ বিক্ৰেতাৰ দোকান বন্ধ হৈ আছে ।ইউৰিয়া সাৰ বিচাৰি সৰ্বস্বান্ত কৃষক সকলে বজাৰে বজাৰে বিচাৰি হাহাকাৰ কৰিব লগা হৈছে ।উল্লেখ্য যে মৰিগাঁও জিলা খনৰ প্ৰধান খেতি বৰোধান আৰু মাকৈ খেতি ।এই দুয়োবিধ খেতিত ইউৰিয়া সাৰ প্ৰয়োগ কৰাৰ উপযুক্ত সময় ।এই সময়ত সাৰ প্ৰয়োগ কৰিব নোৱাৰি কৃষক সকল হতাশাত ভূগি আছে । চৰকাৰী নিৰিখ মতে সাৰ বিক্ৰী কৰিলে খুচুৰা সাৰ বিক্ৰেতা সকল লোকচানৰ সন্মূখীন হব লগা হয় ।

সেইবাবেই সাৰ দোকানী সকলে সাৰ বিক্ৰীৰ ক্ষেত্ৰত নিৰিখ নিদ্ধাৰণ কৰি দিয়াৰ দাবী তুলি খুচুৰা সাৰ বিক্ৰেতা সকলে দোকান বন্ধ ৰাখিছে ।যাৰ ফলত ইয়াৰ কৃষক সকল ভীষণ সমস্যাত পৰিছে ।ইয়াৰ কৃষক সকলৰ দাবী চৰকাৰে অতি শীঘ্ৰে সাৰ যোগানৰ ব্যৱস্হা কৰক।

সীমান্ত সংঘৰ্ষৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰত আৰু চীনৰ বৈদেশিক মন্ত্ৰীৰ বৈঠক

বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ আৰু তেওঁৰ চীনা সমকক্ষ ৱাং য়িয়ে আজি দিল্লীত প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ বাবে সাক্ষাৎ কৰে, ২০২০ চনত এক মাৰাত্মক সীমান্ত সংঘৰ্ষৰ পিছত দুয়োখন দেশৰ মাজত সৰ্বোচ্চ পৰ্যায়ৰ সম্পৰ্কত। ৱাং য়ি যোৱা নিশা এটা অঘোষিত ভ্ৰমণত উপস্থিত হৈছিল।ৱাং য়িয়ে প্ৰথমে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ সৈতে সাক্ষাৎ কৰিছিল। সংবাদ সংস্থা পিটিআইৰ মতে, তেওঁলোকে সীমান্তৰ শাৰী আৰু ইউক্ৰেইন যুদ্ধৰ ভূ-ৰাজনৈতিক প্ৰভাৱৰ বিষয়ে আলোচনা কৰিছিল। লাডাখত সীমান্ত সংঘৰ্ষৰ পিছত এইটো প্ৰথম উচ্চ-প্ৰফাইল চীনা ভাৰত ভ্ৰমণ।শ্ৰীযুত ডোভাল আৰু ৱাঙৰ মাজত হোৱা বৈঠকত দুয়োপক্ষই বিতৰ্কিত ক্ষেত্ৰত আগতীয়া আৰু সম্পূৰ্ণ বিচ্ছিন্নতাৰ প্ৰয়োজনীয়তা আৰু দ্বিপাক্ষিক সম্পৰ্কক ইয়াৰ স্বাভাৱিক পথ তৈয়াৰ কৰিবলৈ অনুমতি দিয়াৰ বাবে বাধা আঁতৰ কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে কয়।জয়শংকৰে পিছত চীনৰ বৈদেশিক মন্ত্ৰীৰ সৈতে হোৱা আলোচনাৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰিব।

দিল্লীত উপস্থিত হোৱাৰ আগতে পাকিস্তান আৰু আফগানিস্তান ভ্ৰমণ কৰা ৱাং য়িয়ে আজি পিছত নেপাললৈ উৰা মাৰিবলৈ সাজু হৈছে।