Home Blog Page 2557

ৰঙা পিয়াঁজৰ কেইটামান আচৰিত গুণ…

পিয়াঁজক বিভিন্ন ৰোগৰ প্রতিৰোধক হিচাপে ব্যৱহাৰ কৰা হয়। পিয়াঁজ কেন্সাৰ ৰোগৰ প্রতিষেধক। ই হৃদযন্ত্ৰ শক্তিশালী কৰে। তাৰোপৰি পিয়াঁজে ৰক্তহীনতা দূৰ কৰাত অনবদ্য ভূমিকা গ্ৰহণ কৰে । ইয়াৰ উপৰিও পিয়াঁজৰ আছে আন বহু ঔষধি গুণ। আধা চামুচ পিয়াঁজৰ ৰস উলিয়াই অকনমান গৰম কৰি কাণত দিলে বিষ উপশম হয়। দুচামুচকৈ পিয়াঁজৰ ৰস দৈনিক সেৱন কৰিলে চকুৰ দৃষ্টি শক্তি প্রখৰ হয়। কোনো কাৰণ নোহোৱাকৈ নাকৰ পৰা তেজ ওলালে পিয়াঁজ এটা খুন্দি ৰস উলিয়াই দুটোপালকৈ দুয়োটা নাকত দিব লাগে। আঘাত পাই উখহিলে পিয়াঁজ আৰু হালধি পিচি সেই ঠাইত প্রলেপ দি কাপোৰেৰে মেৰিয়াই থব লাগে। পিয়াঁজৰ ৰস এচামুচ আৰু আদা ৰস আধা চামুচ মিলাই খালে কফ, ঠান্ডা লাগি মাত ভাঙিলে ভাল হয়। পিয়াঁজৰ ৰসত মৌ মিহলাই খালে টনচিল ভাল হয়। সৰু ল’ৰা ছোৱালীৰ কৃমি বা পেলু হ’লে দুই চামুচ পিয়াঁজৰ ৰসৰ লগত মৌ মিহলাই ৰাতি আহাৰ খোৱাৰ পিছত খুৱাব লাগে।

পিয়াঁজ পিচি সামান্য গৰম কৰি গাঠি বিষ, বাত বিষ, আৰু মাংসপেশী বিষ হ’লে প্রলেপ দিব লাগে। নহ’লে নিয়মীয়াকৈ পিয়াঁজৰ তেল অলপ গৰম কৰি মালিচ কৰিব লাগে। পিয়াঁজৰ ৰস আৰু নাৰিকল তেল গৰম কৰি মূৰত লগালে নতুন চুলি গজে। উচ্চ ৰক্তচাপ থকা মানুহে পিয়াঁজ কমকৈ ব্যৱহাৰ কৰিব লাগে। পিয়াঁজ কাটি থৈ তাক পুনৰ ব্যৱহাৰ কৰিব নালাগে। কাৰণ তাত বিভিন্ন ৰোগৰ বীজাণুৱে বাহ লয়। বিশেষকৈ পিয়াঁজ কাটি ফ্রিজত থব নালাগে। পিয়াঁজ শিপাৰ ফালৰ পৰা নাকাটি মূৰৰ ফালৰ পৰা কাটিলে চকুপানী নোলায়। ঘৰত নতুনকৈ ৰংদিলে এক উগ্ৰ গোন্ধ ওলায়, ইয়াৰ পৰা হাত সাৰিবলৈ পিয়াঁজ কাটি থৈ দিব লাগে।

১ এপ্ৰিলৰ পৰা বাঢ়িব বিদ্যুতৰ মাচুল…

সৰ্বসাধাৰণক মাধমাৰ সোধাই বৃদ্ধি পালে বিদ্যুতৰ মাচুল। প্ৰতি ইউনিটত ৫৯ পইচাকৈ বৃদ্ধি বিদ্যুতৰ মাচুল। ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিৰিখ। লোকচানৰ জোৰা-টাপলি মাৰিবলৈ মাচুল বৃদ্ধিত অনুমতি। মাচুল বৃদ্ধিত অনুমতি বিদ্যুৎ মাচুল নিয়ামক আয়োগৰ। ৰাজহ ঘাটি পূৰণ কৰিবলৈ সৰ্বসাধাৰণক মাধমাৰ সোধাই বৃদ্ধি বিদ্যুতৰ মাচুল। ক’ভিডৰ বাবে যোৱা দুটা বছৰত লোকচানৰ সন্মুখীন হৈছিল ৭৮০ কোটি টকাৰ।

১৯১ কোটি টকাৰ ৰাজহ লোকচান বিদ্যুৎ বিভাগৰ।২০১৯-২০ত বন্ধ আছিল কপিলী, কাৰ্বি লাংপি প্ৰকল্প। দুয়োটা প্ৰকল্প বন্ধ থকাত অধিক দামত ক্ৰয় কৰিব লগা হৈছিল বিদ্যুৎ। ৫৪৬ কোটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে মাচুল বৃদ্ধি। বৈদ্যুতিক নিয়ামক আয়োগৰ অধ্যক্ষ সঞ্জয় কৃষ্ণই সদৰি কৰিছে এই কথা।

আপুনি বৈদ্যুতিক বাহন এখন ক্ৰয় কৰিব বিচাৰে নেকি?অতি কম মূল্যত উপলব্ধ।

মুম্বাইৰ এটা বৈদ্যুতিক বাহন ষ্টাৰ্ট আপে বিশ্বৰ আটাইতকৈ সস্তা বৈদ্যুতিক গাড়ী খন মুকলি কৰিছে।যাৰ মূল্য অতি কম,গাড়ী খনৰ মূল্য মাত্ৰ ৪.৫ লাখ টকা। ষ্টৰ্ম মটৰ্ছে আৰ 3 নামৰ এই ইভিৰ বাবে ১০,০০০ টকাৰ সৈতে বুকিং আৰম্ভ কৰিছে, যি হৈছে তিনিচকীয়া গাড়ী।পেট্ৰ’ল আৰু ডিজেলৰ মূল্যই সাধাৰণ ৰাইজক সৰ্বাহাৰা কৰিছে।তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজে কম তেলত চলা বাহন ক্ৰয় কৰিব বিচাৰিছে।তাৰ মাজতে এই বৈদ্যুতিক গাড়ী খনে চৰ্চা লাভ কৰিছে। এতিয়া মানুহে শক্তিশালী মাইলেজ থকা বাহনৰ প্ৰতিও আগ্ৰহ দেখুৱাইছে। ইয়াৰ বাহিৰেও, বৈদ্যুতিক বাহনেই হৈছে এক বিকল্প য’ত গ্ৰাহক সকলে এই খেলিমেলিৰ পৰা চিৰদিনৰ বাবে পৰিত্ৰাণ পাব। গতিকে যদি আপুনি বৈদ্যুতিক বাহন এখন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে আমি আপোনাক এটা ইভিৰ বিষয়ে কৈছোঁ যি কেৱল আপোনাৰ বাজেটৰ সৈতে খাপ খোৱাই নহয়, লগতে আপুনি পেট্ৰ’ল-ডিজেল ব্যয়ৰ পৰা চিৰদিনৰ বাবে পৰিত্ৰাণ পাব। এই বৈদ্যুতিক গাড়ীখনে দুই জনীয়া বহাৰ ব্যৱস্থা লৈ আহিছে আৰু ইয়াত দুখন দুৱাৰ আছে।


মুম্বাইৰ এটা বৈদ্যুতিক বাহন ষ্টাৰ্ট আপে বিশ্বৰ আটাইতকৈ সস্তা বৈদ্যুতিক গাড়ী নিৰ্মাণ কৰা বুলি দাবী কৰিছে। ষ্টৰ্ম মটৰ্ছ নামৰ ষ্টাৰ্ট আপটোৱে ষ্টৰ্ম আৰ 3 মুকলি কৰিছে যাৰ মূল্য মাত্ৰ ৪.৫ লাখ টকা। মুম্বাইস্থিত ষ্টৰ্ম মটৰ্ছেও এই বৈদ্যুতিক গাড়ীখনৰ বাবে বুকিং আৰম্ভ কৰিছে আৰু গ্ৰাহকসকলে মাত্ৰ ১০,০০০ টকাৰ পৰিমাণৰ সৈতে ষ্টৰ্ম আৰ 3 বুক কৰিব পাৰে। কোম্পানীটোৱে এই গাড়ীখন তিনিটা প্ৰকাৰত উপলব্ধ কৰিছে। ইভিক এটা ডাঙৰ আকাৰৰ চানৰুফও দিয়া হয় আৰু এবাৰ চাৰ্জ কৰিলে ৫০ কিলোমিটাৰ পৰ্যন্ত চলাব পাৰি।

ৰঙিয়াত শোকাৱহ পথ দুৰ্ঘটনা,থিতাতে নিহত এজন।

ৰঙিয়াত শোকাৱহ পথ দুৰ্ঘটনা,থিতাতে নিহত এজন।

গুৱাহাটীৰ পৰা নলবাৰী অভিমুখে গৈ থকা অৱস্থাত ৰঙিয়াৰ বালাগাঁৱত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা।

ঘটনাৰ বিৱৰণী অনুসৰি নিয়ন্ত্ৰণ হেৰুৱাই AS-14N-8798 নম্বৰৰ পালচাৰ বাইকত অহা এজন যুৱকে পথৰ দাঁতিৰ গছ এডালত খুন্দা মাৰে।তাৰ পিছতে পথৰ পৰা পুখুৰীত সৰি পৰে যুৱকজন।

মুহূৰ্ততে হুৱা দুৱা লাগে সমগ্ৰ অঞ্চলটোত। যুৱকজনক উদ্ধাৰৰ বাবে স্থানীয় ৰাইজে কাষ চাপে যদিও ইতিমধ্যে মৃত্যুক সাৱটি লয় যুৱকজনে।

লগে লগে ৰঙিয়া আৰক্ষীৰ এটা দল উপস্থিত হয় ঘটনা স্থলীত। স্থানীয় ৰাইজৰ সহযোগত মৃত যুৱকজনক উদ্ধাৰ কৰে ৰঙিয়া আৰক্ষীয়ে।

জানিব পৰা মতে মৃত যুৱকজন নলবাৰী কলেজ চ’কৰ জয়ন্ত কলিতা।

ওপজা দিনটোতেই হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰিলে অসম মীন উণ্ণয়ন নিগমৰ উপাধ্যক্ষ নৱাৰুণ মেধিয়ে

ওপজা দিনৰ দিনটোতেই তীৰ্থনগৰী হাজোত উপস্থিত হ’য় ভাৰতীয় জনতা পাৰ্টি অনুসূচিত জাতি মৰ্চাৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা অসম মীন উণ্ণয়ন নিগমৰ উপাধ্যক্ষ নবাৰুণ মেধি । উপস্থিত হৈ দৰ্শন কৰিলে তীৰ্থনগৰী হাজোৰ ঐতিহাসিক হয়গ্ৰীৱ মাধৱ মন্দিৰ ৷ মন্দিৰ দৰ্শনৰে ৰাইজৰ মংগলাৰ্থে ভগৱানৰ শ্ৰীচৰণত আশীষ লয় উপাধ্যক্ষ নৱাৰুণ মেধিয়ে।লগতে মন্দিৰ দৰ্শন কালত তেখেতক হাজো বিজেপিৰ নেতৃত্ববৃন্দই ফুলাম গামোছাৰে উষ্ম সম্বৰ্ধনাৰে ওপজা দিনৰ শুভেচ্ছাৱো জ্ঞাপন কৰে । ইয়াৰ পিছতে মন্দিৰ প্ৰাংগনত এক চিনাকী পৰ্ব অনুষ্ঠান সম্পণ্ণ হ’য় । অনুষ্ঠানৰ আঁত ধৰে অনুসূচিত জাতি কামৰূপ জিলা উন্নয়ন বোৰ্ডৰ অধ্যক্ষ নীলকান্ত দাসে। অৱশ্যে মন্দিৰ দৰ্শনৰ পিছতে মীন উণ্ণয়ন নিগমৰ অন্তৰ্গত হাজোৰ কেইবাটাওঁ বিল পৰিদৰ্শন কৰিব বুলি উল্লেখ কৰে উপাধ্যক্ষ নৱাৰুণ মেধিয়ে। তদুপৰি তেওঁ কাশ্মীৰ ফাইল সন্দৰ্ভত উল্লেখ কৰে যে ছবিখনে মানুহক বহু নজনা কথা জানিবলৈ দিছে ।

কাশ্মিৰত হিন্দু পণ্ডিত সকলে শোষন, উৎপীড়ন,অত্যাচাৰৰ সন্মূখীন হোৱা এটি বাস্তৱ অধ্যায় জনমানসত দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে বুলি উল্লেখ কৰি ছৱিখনৰ লগত জড়িত কলা কুশলী সকলক শুভেচ্ছা জ্ঞাপন কৰে উপাধ্যক্ষ নৱাৰুণ মেধিয়ে।আৰু মন্দিৰ দৰ্শন কালত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি উত্তৰ কামৰূপ জিলা অনুসূচিত জাতি মৰ্চাৰ সভাপতি চমিক দাস,ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক কিষান মৰ্চাৰ উপ সভাপতি ভাস্কৰজ্যোতি দাস,ৰমেন বেজবৰুৱা,বিজেপি নেতা কল্যান দাস,ভাস্কৰ ভৰালী,ব্ৰজেন্দ্ৰ ভৰালী,জিলি দাস,কিশোৰ ডেকাকে প্ৰমূখ্য কৰি প্ৰায়সংখ্যক বিশিষ্ট গণ্য মান্য ব্যক্তি।

“দ্য কাশ্মীৰ ফাইলচ” চাই আমিৰ খানৰ মন্তব্য

আমিৰ খান ক’লে দ্য কাশ্মীৰ ফাইলচ প্ৰতিজন হিন্দুস্তানীয়ে এই ছবিখন চাব লাগে; কাশ্মীৰী পণ্ডিতসকলৰ সৈতে যি ঘটিছিল সেয়া অতি দুখজনক।বিবেক অগ্নিহোত্ৰীৰ দ্বাৰা পৰিচালিত, ‘দ্য কাশ্মীৰ ফাইলছ’-এ বক্স অফিচত যথেষ্ট হুলস্থুল কৰিছে। শেহতীয়াএক সাক্ষাৎকাৰত, আমিৰ খানে ‘দ্য কাশ্মীৰ ফাইলছ’ৰ বিষয়ে কথা পাতিছিল আৰু কৈছিল যে তেওঁ নিশ্চিতভাৱে ছবিখন চাব। তেওঁ এইটোও কৈছিল যে প্ৰতিজন ভাৰতীয়ই এই ছবিখন চোৱা উচিত কিয়নো ই এটা কৰুণ ঘটনাৰ ওপৰত আধাৰিত।আমিৰে কৈছিল যে প্ৰতিজন ভাৰতীয়ই ছবিখন চোৱা উচিত।

যেতিয়া আমিৰক সোধা হৈছিল যে তেওঁ ‘দ্য কাশ্মীৰ ফাইল’ দেখিছে নেকি, তেওঁ উত্তৰ দিছিল, “মই নিশ্চিতভাৱে কাশ্মীৰৰ ফাইলবোৰ চাম কিয়নো ই আমাৰ ইতিহাসৰ এটা অংশ যি আমাৰ হৃদয়ক আঘাত কৰিছে। কাশ্মীৰী পণ্ডিতসকলৰ সৈতে যি ঘটিছিল সেয়া নিশ্চিতভাৱে অতি দুখজনক আৰু নিৰ্মাণ কৰা এখন চলচ্চিত্ৰৰ বিষয়ত, ইয়াক প্ৰত্যেক হিন্দুস্তানীয়ে চাব লাগিব আৰু প্ৰতিজন হিন্দুস্তানীয়ে মনত ৰাখিব লাগিব যে এজন মানুহৰ কি হয় যেতিয়া ইয়াক অত্যাচাৰ কৰা হয়”।

টেঙাখাতত ভূ-মাফিয়াৰ দপ দপণী কাণহাৰ নাই ৰাজহচক্ৰৰ চক্ৰবিষয়াৰ।

ডিব্ৰুগড়ৰ জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে টেঙাখাত অঞ্চলতো চলিছে ভূ-মাফিয়াৰ দপ,দপণী কাণ,হাৰ নাই বনবিষয়াৰ লগতে টেঙাখাট ৰাজহচক্ৰৰ চক্ৰ বিষয়াৰ।উল্লেখযোগ্য যে দুলীয়াজান সমষ্টিৰ অন্তৰ্গত নকাৰি ভেকুলাজান গাঁও পঞ্চায়তত অসম চৰকাৰৰ চিকনেছাৰ আঁছনিৰ অধিনৰ পথ নিৰ্মাণত চলিছে ব্যাপক দুৰ্নীতি ।লেঙৰাই, বৰহুলা কছাৰি গাওঁৰ পৰা বিবেকানন্দ স্কুলৰ সংজোগী পথচোৱা নিৰ্মাণৰ বাবে ১০কোতি টকা আৱন্তন দিছিল চৰকাৰে।উক্ত পথচোৱা নিৰ্মাণৰ বাবে নিবিদা লাভ কৰিছিল নামৰূপৰ ৰাজীৱ বৰা নামৰ এজন ঠিকাদাৰে ।নিৰ্মাণ কায্যা যদিও আৰম্ভ কৰিল অতি লেহেমীয়া হোৱাৰ উপৰিও নিম্ন মানদণ্ডৰ হোৱাবোলি ৰাইজে অভিযোগ আনিচে ।আনহাতে ইষ্টিমেত অনুহৰি যি কোনো চৰকাৰি পথ নিৰ্মান কাৰাৰ বাবে চৰকাৰে আৰ্ত ফিলিংৰ বাবে অতিৰিক্ত ভাবে টকা ধৰে।

ততস্বত্তেউ ঠিকাদাৰ জনে মাতি ক্ৰয় নকৰি টিংৰাই নদীৰ কাষৰ পৰা ভয়াবহ ভাবে চৰকাৰী মাতি ইস্কেবেটৰে কাতি ট্ৰেকতৰে কঢ়িয়াই হাজাৰ হাজাৰ চি এম উক্ত পথচোৱাত দিয়া হৈছে।ৰহৈস্য জনক ভাবে নিমাত বন বিষয়াৰ উপৰিও স্হানিয় ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ ও গড়কাপ্তানি বিভাগৰ সহকাৰী কাৰ্য্যবাহি অভিজন্তা অৰুপ কলিতাই ।উক্ত বিষয়ে সদৌঅসম ছাত্র সন্থাৰ ডিব্ৰুগড় জিলাৰ উপ সভাপতি ধনজিত সন্দিকৈ আৰু উক্ত অঞ্চলৰেই বাসিন্দা টাইপাৰ ডিব্ৰুগড়ৰ জিলাৰ সাধাৰণ সম্পাদক ভানুৰঞ্জন গগৈয়ে ক্ষোভ প্ৰকাশ কৰি এনেদৰে মত পোষণ কৰে

বৰপেটাত মেট্ৰিক পৰীক্ষাৰ নকল যোগানৰ ব্যৱসায়ত জড়িত ৫ জনক আটক৷

বৰপেটাত মেট্ৰিক পৰীক্ষাৰ নকল যোগানৰ ব্যৱসায়ত জড়িত ৫ জনক আটক ৷

বৰপেটাৰ নগাও আৰু পালহাজীৰ পৰা আটক কৰা হৈছে নকল ব্যৱসায়ীকেইটাক ৷

আজি আছিল মেট্ৰিক পৰীক্ষাৰ গণিত বিষয়ৰ পৰীক্ষা ৷

পিছে পৰীক্ষা আৰম্ভ হোৱাৰ পিচতেই একাংশই গণিত বিষয়ৰ উত্তৰ সম্বলিত নকল ব্যৱসায়ত নামি পৰে ৷

নকল বিক্ৰীৰ অভিযোগত নগাঁৱৰ পৰা ৰবিউল খান আৰু ৰুবুল আলি আৰু পালহাজী গাৱৰ পৰা মকিবুল ইছলাম, শ্বাহ আলম আৰু মাজিদুল ইছলামক আটক কৰে আৰক্ষীয়ে ৷

অৱশ্যে তদন্তৰ খাটিৰত আৰক্ষীয়ে সাংবাদিকৰ আগত মন্তব্য কৰাৰ পৰা বিৰত আছে ৷

আৰক্ষীৰ অভিযান অব্যাহত আছে আৰু নকল ব্যৱসায়ৰ ঘটনাৰ সৈতে বৃহৎ গেং জৰিত থকাৰ সন্দেহ কৰা হৈছে ৷

বিশেষকৈ কোনো পৰীক্ষা হলৰ পৰা প্ৰশ্ন কাকত ফাদিল কৰাৰ পিচত এনেদৰে নকলৰ ব্যৱসায় চলিছিল নেকি সেই বিষয়ে অনুসন্ধান অব্যাহত আছে ৷

মৈৰাবাৰীত সংঘটিত হৈছে বাল্য বিবাহৰ ঘটনা, তিনি আটক।

মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ গাঁৱ পঞ্চায়তৰ ৫ নংৱাৰ্ডৰ পৰা যোৱা ৰাতি প্ৰায়ে ১১-৩০মান বজাত মৈৰাবাৰী আৰক্ষীয়ে বাল্য বিবাহ কাৰ্যত জড়িত তিনি জনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁ লোকৰ বিৰূদ্ধে ৭০/২০২২ নম্বৰত এটি গোচৰ ৰুজু কৰি আজি উক্ত আচামী তিনি জনক জেললৈ প্ৰেৰণ কৰে। জানিব পৰা মতে মৈৰাবাৰী পঞ্চায়তৰ ৫ নং ৱাৰ্ডত থকা ৰুস্তম আলীৰ ঘৰত যোৱা ৰাতি এগৰাকী ১৬বছৰীয়া কিশোৰীক ছামছুল হকৰ পুত্ৰ আতাবুৰ ৰহমান নামৰ ২১বছৰীয়া যুৱকৰ লগত বিবাহ কৰায় কন্যাক দৰাৰ ঘৰলৈ লৈ যোৱাৰ অৱস্থাত মৈৰাবাৰীৰ আৰক্ষীয়ে খবৰ পায় আৰু থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চাবিৰ আলীৰ নেতৃত্বত আৰক্ষীৰ দলটো গৈ বিবাহ স্হলীত উপস্থিত হয় আৰু এই বাল্য বিবাহ কাৰ্যত জড়িত দৰা আতাবুৰ ৰহমান, পিতৃ ছামছুল হক, আৰু কন্যাজনীৰ খোৰায়েক ৰুস্তম আলীক গ্ৰেপ্তাৰ কৰাৰ লগতে উক্ত বাল্য বিবাহ ভংগ কৰি দিয়ে। উল্লেখযোগ্য যে বাল্য বিবাহ বন্ধ কৰিবলৈ চৰকাৰকে ধৰি বিভিন্ন দল সংগঠনে বিভিন্ন প্ৰচাৰৰ জৰিয়তে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহাৰ পাছতো সমাজত এনে অনীতি কাৰ্য চলি আছে।

বিশেষকৈ মুছলমান এলেকাত এই বাল্য বিবাহ প্ৰচলনৰ হাৰ কমি আহিছে যদিও গ্ৰামাঞ্চলত শিক্ষা আৰু সচেতনতাৰ অভাৱৰ ফলত প্ৰায়েই বাল্য বিবাহ চলি থকা দেখা যায়। গতিকে এই ক্ষেত্ৰত চৰকাৰৰ লগতে বিভিন্ন দল সংগঠনে আৰু অধিক প্ৰচাৰ আৰু আইন কানুনৰ বিষয়ে ৰাইজক সচেতনতা বৃদ্ধি কৰিবলৈ ৰাইজে দাবী জনাইছে ।

লাহোৱাত পূৰ্ণাংগ ভাবে গঠন হল ডিব্ৰুগড় জিলাৰ সমিতি

সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত পূণাংগ ভাবে শক্তিশালী ৰূপত গঠন হল আছু ভ্ৰাতৃ সংগঠন অসম সেনা আৰু অসম উন্নতি সভাৰ ডিব্ৰুগড় জিলা সমিতি ।লাহোৱাল মহাবিদ্যালয়ত আছু ডিব্ৰুগড় জিলা সমিতিৰ সভাপতিৰ বুলবুল দত্ত পৌৰহিত্যিত অনুষ্ঠিত হোৱাৰ সভাখনৰ আঁতধৰে সাধাৰণ সম্পাদক অৱণী কুমাৰ গগৈয়ে ।সভাত আছু ডিব্ৰুগড় জিলা সমিতিৰ অন্তৰ্গত সমূহ আঞ্চলিক সমিতিৰ সভাপতি সম্পাদকে প্ৰমুখ্য কৰি জিলাখনৰ কেইবাগৰাকী বিশিষ্ট বুদ্ধিজীৱি , শিক্ষাবিদ , সংগঠক উপস্থিত থাকে ।

অনাগত দিনত জাতিটোৰ সুৰক্ষা স্বাৰ্থত আছু ভ্ৰাতৃ সংগঠন অসম সেনা আৰু অসম উন্নতি সভায়ে বলিষ্ঠ পদক্ষেপেৰে জিলাখনত কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি বদ্ধ ।