Breaking

ৰঙা পিয়াঁজৰ কেইটামান আচৰিত গুণ…

0 2,209

পিয়াঁজক বিভিন্ন ৰোগৰ প্রতিৰোধক হিচাপে ব্যৱহাৰ কৰা হয়। পিয়াঁজ কেন্সাৰ ৰোগৰ প্রতিষেধক। ই হৃদযন্ত্ৰ শক্তিশালী কৰে। তাৰোপৰি পিয়াঁজে ৰক্তহীনতা দূৰ কৰাত অনবদ্য ভূমিকা গ্ৰহণ কৰে । ইয়াৰ উপৰিও পিয়াঁজৰ আছে আন বহু ঔষধি গুণ। আধা চামুচ পিয়াঁজৰ ৰস উলিয়াই অকনমান গৰম কৰি কাণত দিলে বিষ উপশম হয়। দুচামুচকৈ পিয়াঁজৰ ৰস দৈনিক সেৱন কৰিলে চকুৰ দৃষ্টি শক্তি প্রখৰ হয়। কোনো কাৰণ নোহোৱাকৈ নাকৰ পৰা তেজ ওলালে পিয়াঁজ এটা খুন্দি ৰস উলিয়াই দুটোপালকৈ দুয়োটা নাকত দিব লাগে। আঘাত পাই উখহিলে পিয়াঁজ আৰু হালধি পিচি সেই ঠাইত প্রলেপ দি কাপোৰেৰে মেৰিয়াই থব লাগে। পিয়াঁজৰ ৰস এচামুচ আৰু আদা ৰস আধা চামুচ মিলাই খালে কফ, ঠান্ডা লাগি মাত ভাঙিলে ভাল হয়। পিয়াঁজৰ ৰসত মৌ মিহলাই খালে টনচিল ভাল হয়। সৰু ল’ৰা ছোৱালীৰ কৃমি বা পেলু হ’লে দুই চামুচ পিয়াঁজৰ ৰসৰ লগত মৌ মিহলাই ৰাতি আহাৰ খোৱাৰ পিছত খুৱাব লাগে।

পিয়াঁজ পিচি সামান্য গৰম কৰি গাঠি বিষ, বাত বিষ, আৰু মাংসপেশী বিষ হ’লে প্রলেপ দিব লাগে। নহ’লে নিয়মীয়াকৈ পিয়াঁজৰ তেল অলপ গৰম কৰি মালিচ কৰিব লাগে। পিয়াঁজৰ ৰস আৰু নাৰিকল তেল গৰম কৰি মূৰত লগালে নতুন চুলি গজে। উচ্চ ৰক্তচাপ থকা মানুহে পিয়াঁজ কমকৈ ব্যৱহাৰ কৰিব লাগে। পিয়াঁজ কাটি থৈ তাক পুনৰ ব্যৱহাৰ কৰিব নালাগে। কাৰণ তাত বিভিন্ন ৰোগৰ বীজাণুৱে বাহ লয়। বিশেষকৈ পিয়াঁজ কাটি ফ্রিজত থব নালাগে। পিয়াঁজ শিপাৰ ফালৰ পৰা নাকাটি মূৰৰ ফালৰ পৰা কাটিলে চকুপানী নোলায়। ঘৰত নতুনকৈ ৰংদিলে এক উগ্ৰ গোন্ধ ওলায়, ইয়াৰ পৰা হাত সাৰিবলৈ পিয়াঁজ কাটি থৈ দিব লাগে।

Leave A Reply