Home Blog Page 2567

বিহালী বনাঞ্চালক অভয়াৰন্য ঘোষণাৰ প্ৰস্তুতি

বিহালীৰ প্ৰকৃতি প্ৰেমী সংগঠন নেচাৰ্চ বন্যপ্ৰাণৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি ন্যায্যতা প্ৰদান কৰি অসম চৰকাৰে সেউজী সপোন শীৰ্ষক আচঁনি জড়িয়তে ৰাজ্যখন ওৰাং ৰাষ্ট্ৰীয় উদ্যান :কাকৈজান”গড়ভঙাৰ লগতে বিহালী বনাঞ্চলক‌কো বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণাৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰাত আনন্দিত বিহালীৰ প্ৰকৃতি প্ৰেমী সংগঠন আৰু বিহালীবাসী।।

উল্লেখ্য যে বিহালীৰ প্ৰকৃতি প্ৰেমী সংগঠন নেচাৰ্চ বন্যপ্ৰাণৰ ২৫ বছৰীয়া প্ৰচেষ্টা আজি সফলতা লাভ কৰিছে বুলি নেচাৰ্চৰ সভাপতি প্ৰদীপ কুমাৰ শৰ্মা আজি এখন সভাত ভাষণ প্ৰসংগত এইদৰে উল্লেখ কৰে ! বিহালী সংৰক্ষীত বনাঞ্চল খন অভয়াৰন্য হ’ব লাগে বুলি বিভিন্ন সময়ত ৰাজ্য চৰকাৰক দাবী জনাই আহিছিল সংগঠনটোয়ে ।

এই ক্ষেত্ৰত বিহালীৰ বিধায়ক ৰঞ্জিত দত্তৰো যথেষ্ট অৰিহনা আছে লগতে পুব শোনিতপুৰ বন সংমণ্ডলৰ বন প্ৰাধীকাৰী অৰুণ ভিগনেচ সহাৰিও এক উল্লেখনীয় অবদান বুলি অভিহিত কৰিছে সংগঠনটোৰ সভাপতি প্ৰদীপ শৰ্মাই । আজি অসম বিধান সভাত মাননীয় ৰাজ্যপালৰ ভাষণত বিহালী বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাবে গঢ়ি তুলিব বুলি প্ৰকাশ কৰে। নেচাৰ্চ বন্যপ্ৰাণৰ ফালৰ পৰা অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা আৰু বিহালী‌ সমষ্টিৰ মাননীয় বিধায়ক ৰঞ্জিত দত্ত ডাঙৰীয়াক‌ কৃতজ্ঞতা জ্ঞাপন কৰিছে নেচাৰ্চ বন্যপ্ৰাণে।

সাপকাটা আৰক্ষী বিযয়া আৰু কাশিয়াবাৰী ইউনিট এবছুৰ পৰীক্ষাৰ্থীক সম্বৰ্ধনা

আজিৰ পৰা আৰম্ভ হৈছে ৰাজ্যখনত মেট্ৰিক পৰীক্ষা ৷হাইস্কুলীয়া জীৱনৰ অন্তিমটো পৰীক্ষাত অৱতীৰ্ণ হবলৈ আজি গোসাইগাঁও মহকুমাৰ বিভিন্ন স্হানত পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থী সকলে উলহ- মালহৰে নিজৰ দক্ষতাৰ পাৰিদৰ্শতা দেখুৱাৰ সপোনক বাস্তৱিক কৰাৰ বাবে পৰীক্ষা কেন্দ্ৰত আহিল ৷পৰীক্ষাৰ্থী সকলক উৎসাহ – উদ্দীপনা আৰু সাহস দিয়াৰ বাবে গোসাইগাঁও মহকুমাৰ সাপকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিযয়া শিৱ প্ৰসাদ কলিতাৰ লগতে কাশিয়াবাৰী ইউনিট এবছুৰ এক ব্যতিক্ৰমী পদক্ষেপ লৈ কাশিয়াবাৰী হাইস্কুলৰ মেট্ৰিক পৰীক্ষা কেন্দ্ৰত উপস্থিত হৈ পৰীক্ষাৰ্থী সকলক কলম ,মাস্ক আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে আৰু আশীৰ্বাদ দিয়ে ৷

উল্লেখনীয় বিযয় যে কোনো পৰীক্ষাৰ্থীয়ে যাতে অসৎ পথ অৱলম্বন কৰিব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে পৰীক্ষাৰ্থী সকলক তন্নতন্নকৈ তলাচি চলায় ৷

মুম্বাইত অনুষ্ঠিত হৈ থকা DID L’IL MASTER ত ধেমাজি আধ্যাশ্ৰী উপাধ্যায়

মুম্বাইত অনুষ্ঠিত হৈ থকা DID L’IL MASTER প্ৰতিযোগিতাত ধেমাজি চিলাপথাৰ ফুলবাৰীৰ নিবাসী মহেশ উপাধ্যায়ৰ সুযোগ্য কণ্যা তথা অসমৰ গৌৰৱ আধ্যাশ্ৰী উপাধ্যায়ে যোৱা ১২ মাৰ্চৰ পৰা প্ৰতি শণি আৰু দেওবাৰে হোৱা ZEE TV ৰ অনুষ্ঠানত কণমানি জনীয়ে নৃত্য প্ৰদৰ্শন কৰি সকলোৰে মন জয় কৰিৱলৈ সক্ষম হৈছে ।

এতিয়া কণমানি জনীক লাগে মাথো আপোনালোকৰ মৰম স্নেহ আৰু আৰ্শীবাদ।

পূব গুৱাহাটী সন্থাৰ বাৰ্ষিক অধিবেশন

পূব গুৱাহাটী সন্থাৰ বাৰ্ষিক অধিবেশন ২০২২-২৩ নুনমাটিস্থিত সামূহিক ভৱন(চি. ডি. হল) প্ৰাংগণত অনুষ্ঠিত কৰা হয়।
ৰাতিপুৱা পতকা উত্তোলন কৰে পূব গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল ডেকা তথা শ্বহীদ তৰ্পণ কৰে পূব গুৱাহাটী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ধৃতিময় ৰায় চৌধুৰী ডাঙৰীয়াই। প্ৰাঞ্জল ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনি উদ্বোধন কৰে বিশিষ্ট সমাজসেৱক দেৱেশ্বৰ ভট্টাচাৰ্য ডাঙৰীয়াই। এই চেগতে পূব গুৱাহাটী ছাত্ৰ সন্থাৰ মুখপাত্ৰ ” অন্বেষণ” উন্মোচন কৰা হয় । উন্মোচন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰাইফউদ্দিন আহমেদ ডাঙৰীয়াই , সভাত পূব গুৱাহাটী ছাত্ৰ সন্থাৰ অগ্ৰজ সকলক বিদায় সম্বৰ্ধনা জনোৱা হয়, উক্ত সভাত অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক দিব্যজ্যোতি মেধি,ৰাজ্যিক কাৰ্যনিৰ্বাহ কুশ ৰংপি, সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আনোৱাৰ হুছেইন, সাধাৰণ সম্পাদক নয়নজ্যোতি নাথৰ লগতে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল। লগতে মধ্য গুৱাহাটী ছাত্ৰ সন্থাৰ বিষয় ববীয়া, দক্ষিণ গুৱাহাটী ছাত্ৰ সন্থাৰ বিষয় ববীয়া , পশ্চিম গুৱাহাটী ছাত্ৰ সন্থাৰ বিষয় ববীয়াসকল।


অধিবেশনৰ বিষয় বাচনি সভাৰ সভাপতিত্বত কৰে নিতু ৰাজবংশী।পৰাগ কলিতাক সভাপতি টিকেন্দ্ৰ জিত কুমাৰ ক সাধাৰণ সম্পাদক আৰু দিব্যজ্যোতি ডেকাক বিত্ত সম্পাদকৰ দায়িত্ব দিয়াৰ লগতে ৪০জনীয় পূৰ্ণাংগ সমিতি গঠন কৰা হয়। পূব গুৱাহাটী ছাত্ৰ সন্থাৰ অধিবেশনত সহযোগিতা আগবঢ়োৱা সকলোলৈ সভাপতি প্ৰাঞ্জল ডেকা তথা সাধাৰণ সম্পাদক ধৃতিময় ৰায় চৌধুৰীয়ে ধন্যবাদ জ্ঞাপন কৰে।

বৰপেটাত ১৬ মাৰ্চৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব দৌল মহোৎসৱ৷

বৰপেটা বাসীৰ প্ৰাণৰ উৎসৱ দৌল মহোৎসৱ৷অহা ১৬ মাৰ্চৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে বৰপেটা সত্ৰত অনুষ্ঠিত হব দৌল মহোৎসৱ ৷ সত্ৰীয়া পৰম্পৰা অনুসৰি পালন কৰা দৌল মহোৎসৱৰ কাৰ্যসূচী অনুসৰি ১৬ মাৰ্চত বহ্নুৎসৱ, ১৭ আৰু ১৮ মাৰ্চত ভৰদৌল আৰু ১৯ মাৰ্চত অনুষ্ঠিত কৰা হব সুৱেৰী বা ফাকুৱা এয়া হৈছে বৰপেটা সত্ৰৰ ৰাতিৰ দৃশ্য ৷ বৰপেটা সত্ৰৰ দালানৰ সন্মূখভাগ ভৰি পৰিছে ডেকা লৰাৰে কাৰন বৰপেটা বাসীৰ প্ৰাণৰ উৎসৱ দৌললৈ মাজত মাত্ৰ দুটাদিন ৷

দৌল মহোৎসৱ আহাৰ এমাহ আগৰ পৰাই বৰপেটা বাসীৰ প্ৰতিজন লোকৰে মুখে মুখে শুনা যায় হোলীগীত ৷ দৌলৰ দিন চমু চাপি আহাৰ লগে লগে এনেদৰে বৰপেটাৰ বিভিন্ন প্ৰান্তৰ পৰা ডেকাসকল আহি সত্ৰৰ সম্মূখত হোলীগীত গাই কৃষ্ণ প্ৰেমত মতলীয়া হৈ পৰে ৷

আজিৰে পৰা আৰম্ভ হাইস্কুল,হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষা।

শিক্ষা জীৱনৰ প্ৰথমটো সপোন পাৰ কৰিবলৈ প্ৰস্তুতি সম্পন্ন কৰি পৰীক্ষাৰ্থী সকলে উৎকণ্ঠাৰে উপস্থিত হৈছে বিভিন্ন পৰীক্ষা কেন্দ্ৰত। লক্ ডাউনৰ ফলত কিছু পৰিমাণে অসুবিধাৰ সন্মুখীন হৈছিল বুলি মন্তব্য কৰিছে পৰীক্ষাৰ্থী সকলে। বৰপেটা জিলাৰ কলগাছিয়া, গুনিয়ালগুৰি, বালাগাও, বৰভিটা,বালিকুৰি, ময়নবড়ী ,জনীয়া,ৰহা আদি পৰীক্ষা কেন্দ্ৰ সমুহত কটকটীয়া নিৰাপত্তাৰ মাজত পৰীক্ষা অনুষ্ঠিত হোৱা দেখা গৈছে।

পৰীক্ষা কেন্দ্ৰ সমূহত ছাত্ৰ-ছাত্ৰী তথা অভিভাবকৰ ব্যাপক ভীৰ পৰিলক্ষিত হৈছে। ৰাজ্যৰ আন প্ৰান্তৰ দৰে কীৰ্তনপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত ব্যাপক ভিৰ দেখা গৈছে। যোৱা ২০২১ বৰ্ষত পৰীক্ষা নোহোৱা বাবে এইবেলি সকলো ছাত্ৰ ছাত্ৰী- অভিভাৱক উৎসাহিত।

অগপৰ পৌৰ নিৰ্বাচনৰ বিজয়ী প্ৰাৰ্থীক ধন, চাকৰিৰ প্ৰলোভন : অশোক বৰা

পৌৰনিৰ্বাচনৰ ৮০ পৌৰসভাৰ প্ৰায় ৭৮ পৌৰসভাই দখল কৰিছে বিজেপিয়ে ৷ বোকাখাত আৰু বৰপেটাক বাদ দি ৰাজ্যৰ সকলো পৌৰসভাই বিজেপিৰ দখলত ৷পিছে এয়াও যেন সহ্য হোৱা নাই বিজেপিৰ ৷

আজি বৰপেটাত অগপৰ জিলা মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধনেৰে অগপই বিজেপিৰ বিৰুদ্ধে আনিলে হ’ৰ্ছ ট্ৰেডিঙৰ অভিযোগ ৷বৰপেটা পৌৰসভা নিৰ্বাচনৰ অগপৰ পৰ্যবেক্ষক অশোক বৰাই আজি বৰপেটাত সংবাদমেল সম্বোধন কৰি বিজেপিৰ ৰাজ্যিক উপ-সভাপতি তথা বৰপেটা জিলা বিজেপিৰ প্ৰভাৰী জয়ন্ত দাসৰ বিৰুদ্ধে আনিলে গুৰুতৰ অভিযোগ ৷
অগপৰ অভিযোগ— অগপৰ বিজয়ী প্ৰাৰ্থীক ধন, চাকৰি আদিৰ লোভ দেখুৱাই, ফুচুলাই বিজেপিত যোগদানৰ চেষ্টা চলাই আছে বিজেপিয়ে ৷ আনকি বিজেপিৰ নেতা জয়ন্ত দাসৰ উচতনিতে এনেদৰে হ’ৰ্ছ ট্ৰেডিঙৰ চেষ্টা চলাই থকা বুলি অভিযোগ তুলিছে অগপ নেতা অশোক বৰাই ৷

ইপিনে বিজেপিৰ বাবেই বৰপেটাত নিৰ্বাচনী মিত্ৰতা সম্ভৱ নহ’ল বুলিও মন্তব্য অগপৰ ৷ বৰপেটাত ২০ বছৰ পৌৰসভা দখল কৰা অগপক বিজেপিয়ে মাথো ৪ খন আসন এৰি দিব বিচৰাৰ বাবেই মিত্ৰতা সম্ভৱ নহ’ল বুলি মন্তব্য অগপৰ ৷

দিছপুৰত মিত্ৰদল অগপৰ সমৰ্থনত চৰকাৰ চলাই থকাৰ পিচতো মিত্ৰতাৰ ধৰ্ম ৰক্ষা নকৰি অগপৰ মাজত বিভাজন আনি বিজেপিয়ে বৰপেটা পৌৰসভা দখল কৰিবলৈ চেষ্টা চলোৱা বুলি বিজেপি নেতাৰ বিৰুদ্ধে অনা অভিযোগে এইমুহূৰ্তত বিশেষ তাৎপৰ্য বহন কৰিছে ৷এইক্ষেত্ৰত বিজেপি নেতা জয়ন্ত দাসৰ প্ৰতিক্ৰীয়া কি হয় সেয়া লক্ষ্যনীয় হব ৷

বৰপেটাত হেৰোইনসহ আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী৷

বৰপেটাত অব্যাহত আছে ড্ৰাগছৰ বেহা ৷বৰপেটাত ড্ৰাগছ ব্যৱসায় ৰোধৰ বাবে চলি আছে আৰক্ষীৰো ব্যাপক অভিযান ।বৰপেটাত হেৰোইনসহ আৰক্ষীৰ জালত দুটাকৈ ড্ৰাগছ ব্যৱসায়ী ৷

ধৃত ড্ৰাগছ ব্যৱসায়ী দুটা বাঘবৰৰ আগ মন্দিয়া গাঁৱৰ আকিবুল হুছেইন আৰু ছমেজ উদ্দিন আহমেদ ৷ৰূপাকুছি গাঁৱত অভিযান চলাই আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী দুটাক গ্ৰেপ্তাৰৰ লগতে প্ৰায় ৪০ গ্ৰাম হেৰোইন জব্দ কৰে ৷

গ্ৰাহকৰ বাবে অপেক্ষা কৰি থকা অৱস্থাতে আৰক্ষীয়ে হেৰ’ইনসহ গ্ৰেপ্তাৰ কৰে ড্ৰাগছ ব্যৱসায়ী দুটা ৷ইপিনে ড্ৰাগছ ব্যৱসায়ৰ সৈতে কোন জড়িত আছে সেই সম্পৰ্কে আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷

পথ সুৰক্ষা সজাগতা উপলক্ষে চাইকেল ৰেলী

পথ সুৰক্ষা সজাগতা উপলক্ষে যোৱা ১১ মাৰ্চত দুলীয়াজানত এক চাইকেল ৰেলী বাহিৰ কৰা হয়৷ অইল ইণ্ডিয়া লিমিটেডৰ লজিষ্টিকচ্‌ বিভাগৰ উদ্যোগত আয়োজন কৰা চাইকেল ৰেলীৰ ফ্লে’গ অফ কৰে অইল ইণ্ডিয়া লিমিটেডৰ কাৰ্যবাহী সঞ্চালক এছ পি ডেকাই৷

পুৱা ৬ বজাত আৰম্ভ কৰা চাইকেল ৰেলীত লজিষ্টিকচ্‌ বিভাগৰ মুৰব্বী তথা চি জি এম অৰুনাভ বৰুৱা, জি এম অতনু কুমাৰ ভাগৱতী, জি এম শুভ্ৰ ৰঞ্জন ছামাদ্দাৰ, ডি জি এম অপূৰ্ব আৰন্ধৰা, বেদান্ত বৰঠাকুৰকে মুখ্য কৰি লজিষ্টিকচ্‌ বিভাগৰ অভিযন্তা-বিষয়া, কৰ্মচাৰীসকলৰ লগতে অইল ইণ্ডিয়া লিমিটেডৰ অভিযন্তা, বিষয়া, কৰ্মচাৰী, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ বিষয়া-কনিষ্টবল, বিদ্যালয়ৰ-মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷

চাইকেল ৰেলীত মুঠ ১২০ গৰাকীয়ে অংশগ্ৰহণ কৰে৷ দুলীয়াজানৰ নেহৰু মৈদানৰ পৰা প্ৰতিখন চাইকেলত পথ সুৰক্ষাৰ শ্ল’গানৰ প্লে কাৰ্ড ওলমাই আৰম্ভ কৰা চাইকেল ৰেলী প্ৰায় ৯ কিলোমিটাৰ পথ অতিক্ৰম কৰি পুনৰ নেহৰু মৈদানত সমাপ্ত হয়৷ অনুষ্ঠানটো আঁতধৰে কনিষ্ঠ অভিযন্তা প্ৰকাশ ৰায়ে৷ উল্লেখ্য যে অইল ইণ্ডিয়া লিমিটেডৰ লজিষ্টিকচ্‌ বিভাগৰ উদ্যোগত পথ সুৰক্ষাৰ বাবে বিভিন্ন সজাগতামূলক কাৰ্যসূচী আয়োজন কৰি আহিছে৷

ডাম্পিং গ্ৰাউণ্ডত পৰিণত নুমলীগড়ৰ ঐতিহাসিক দেওঁপাহাৰ

বন্যপ্ৰাণীৰ জীৱন আৰু বনজ সম্পদৰ প্লাষ্টিকে কি ভয়াৱহ সংকট কঢ়িয়াই আনিছে, তাৰ নিদৰ্শন দেখা পোৱা গৈছে গোলাঘাট জিলাৰ নুমলীগড়ৰ দেওঁপাহাৰ সংৰক্ষিত বনাঞ্চলত৷ অঞ্চলটোৰ জৈৱ-বৈচিত্ৰ্যৰ দিশৰ পৰা অতিকে গুৰুত্বপূৰ্ণ যদিও এই বনাঞ্চলক লৈ চূড়ান্ত ভেঙুচালী কৰিছে বন‌ বিভাগৰ এচাম বিষয়া আৰু কৰ্মচাৰীয়ে। মুক্তভাৱে এচাম অসাধুৱে প্লাষ্টিকৰ আৱৰ্জনা পেলাইছে দেওপাহাৰত আৰু এই আৱৰ্জনা ভক্ষণ কৰিছে বন্যপ্ৰাণীয়ে। দেওপাহাৰৰ হাতীৰ পেটৰ পৰা বৰ্জিত পদাৰ্থৰ লগত বৃহৎ পৰিমাণৰ পলিথিন ওলোৱা খৱৰে হতবম্ব কৰি তুলিছে৷

অন্যহাতে গোলাঘাটৰ ৰাইজৰ দীৰ্ঘদিনৰ দাবীৰ প্ৰতি আংশিক সঁহাৰি জনাই দেওপাহাৰক প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ পৰা সংৰক্ষিত বনাঞ্চলৰ মৰ্যদা দিয়া হৈছিল যদিও দেওপাহাৰলৈ প্ৰকৃতাৰ্থত একো পৰিৱৰ্তন নাহিল৷দেওঁপাহাৰৰ তিনিও দিশে নতুনকৈ  গঢ় লৈ উঠা ব্যৱসায়িক প্ৰতিষ্ঠান তথা বজাৰৰ পৰা সকলো বৰ্জিত পদাৰ্থ পেলাবৰ বাবে গোলাঘাট জিলা প্ৰশাসনে যেন ডাম্পিং গ্ৰাউণ্ড হিচাপে দেওঁপাহাৰ সংৰক্ষিত বনাঞ্চলকে ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছে ব্যৱসায়ীসকলক৷প্ৰশাসনৰ চকুৰ সমুখতে দেওঁপাহাৰৰ কাষৰীয়া বজাৰৰ বৰ্জিত পদাৰ্থবোৰ পেলাবলৈ ডাম্পিং গ্ৰাউণ্ড হিচাপে সকলোৱে ব্যৱহাৰ কৰি আহিছে দেওপাহাৰ সংৰক্ষিত বনাঞ্চলক৷

বন্যপ্ৰাণীৰ বিচৰণভূমিত জাৱৰ পেলোৱাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ কোনো নিষেধাজ্ঞা আৰু নিৰ্দেশনা নাই৷ আনহাতে কাষতেই নুমলীগড় বন খণ্ডৰ কাৰ্যালয়টো থকা স্বত্বেও দেওঁপাহাৰ সংৰক্ষিত বনাঞ্চললৈ দৃষ্টি দিবলৈ আহৰি নাপায় কোনো বনকৰ্মীয়ে৷ বন বিভাগৰ উৰ্দ্ধতন কৰ্তৃপক্ষৰ নিৰ্দেশত বন কৰ্মীসকল ব্যস্ত কেৱল চৌদিশে চলি থকা অবৈধ বালি খননৰ পৰা কমিশ্যন সংগ্ৰহত৷ দেওপাহাৰ সংৰক্ষিত বনাঞ্চলত প্লাষ্টিক-জাবৰ আদি পেলোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ভাবিবলৈ আহৰি নাই বিয়াগোম বন বিভাগটোৰো৷দেওপাহাৰ সংৰক্ষিত বনাঞ্চলক জিলা প্ৰশাসন আৰু বন বিভাগে ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত হ’বলৈ এৰি দিয়াটোৱে সচেতন মহলৰ চকু কপালত তুলিছে৷