Home Blog Page 2574

ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ পৰিণতি,বৃদ্ধি পালে খাৰুৱা তেলৰ মূল্য

ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ পৰিণতি স্বৰূপে বৃদ্ধি পালে খাৰুৱা তেলৰ মূল্য।১৪ বছৰৰ অভিলেখ ভংগ কৰি খাৰুৱা তেলৰ মূল্য ১৩৯ ডলাৰ পাৰ।১৪ বছৰৰ অভিলেখ ভংগ কৰি আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি বেৰল খাৰুৱা তেলৰ মূল্য হ’ল গৈ ১৩৯ ডলাৰৰো ওপৰ। দেওবাৰে প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য হৈছিল গৈ ১৩৯.১৩ ডলাৰ ।আনহাতে ইয়াৰ পূৰ্বে ২০০৮ বৰ্ষৰ জুলাই মাহত প্ৰতি বেৰল খাৰুৱা তেলৰ মূল্যই আকাশ চুইছিল।বিশেষজ্ঞৰ মতে ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘাত অব্যাহত থাকিলে আগন্তুক সময়ত খাৰুৱা তেলৰ মূল্য অধিক বৃদ্ধিৰ হোৱাৰ সম্ভাৱনা আছে।

যুদ্ধবিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ শিক্ষাৰ্থীৰ মংগল কামনাৰে মন্দিৰত প্ৰাৰ্থনা

যুদ্ধবিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ শিক্ষাৰ্থীক লৈ সকলোৰে উদ্বিগ্নতাৰ অন্ত নাই ,আৱদ্ধ ছাত্ৰ-ছাত্ৰীৰ কুঁশল-মঙ্গল কামনাৰে মন্দিৰত প্ৰাৰ্থনা এখন গাঁ‌ৱৰ আয়তী সকলৰ।ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে বৃহত্তৰ নগৰবেৰা অঞ্চলৰো মুঠ পাঁচজনকৈ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ক্ৰমে জাকাৰিয়া হুছেইন ,আৰিফ মাহফুছ চিদ্দিকি ,চাহিল আনোৱাৰ ,হাচানুল ইছলাম আৰু ফাৰুক আব্দুল্লা আজিকোপতি আৱদ্ধ হৈ আছে ইউক্ৰেইন’ৰ চুমি ইউনিভাৰ্চিটি’ত প্ৰবাসী ছাত্ৰ সকলৰ কুঁশল-মঙ্গলৰ লগতে নিৰাপদ গৃহ আগমনৰ কামনাৰে নগৰবেৰাৰ মন্দিৰে-মন্দিৰে সেৱা জনাইছে আয়তী সকলে নগৰবেৰা ৰাজহ চক্ৰৰ যোগীপাৰা গাঁৱৰ বিষ্ণু মন্দিৰত এইদৰে ইউক্ৰেইন আৱদ্ধ ছাত্ৰ সকলৰ কুঁশল কামনাৰে পুৱাই প্ৰভু ভগৱন্তৰ ওচৰত সেৱা জনালে গাঁৱৰ আয়তী সকলে। নাম-কীৰ্তন ,প্ৰভু বন্দনাৰে আয়তী সৱে প্ৰাৰ্থনা কৰিছে , যাতে যুদ্ধ বিধ্বস্ত ইউক্ৰেইন’ত থকা প্ৰতিগৰাকী অসমীয়া তথা ভাৰতীয় ছাত্ৰ নিৰাপদে থাকে।ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈও কাতৰ আহ্বান জনাইছে যথাসম্ভৱ কৰাৰ বাবে।

‘মই জুবিন দাৰ বিষয়ে একো বেয়াকে কোৱা নাই, জুবিন গাৰ্গ হ’ল মহান শিল্পী’- সীমান্ত শেখৰ

বিহু উদযাপনক লৈ চলি আছে বিতৰ্ক।বিহু উদযাপনক লৈ শনিবাৰে বিহু উদযাপন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সৰৱ হয় জুবিন গাৰ্গ।জুবিন গাৰ্গে কৈছিল ‘বিহুৰ বিষয়ে ৰাইজে সিদ্ধান্ত ল’ব। ৰাইজে ৰাতিপুৱা পাতে, দুপৰীয়া পাতে, গধুলী পাতে সেইটো ৰাইজৰ কথা। মই শিল্পীসকলৰ বাবে কৈ আছো’।সীমান্ত শেখৰৰ সন্দৰ্ভতো মন্তব্য কৰিছিল জুবিন গাৰ্গে।জুবিন গাৰ্গে সীমান্ত শেখৰৰ সন্দৰ্ভত কৈছিল “সীমান্ত শেখৰ সৰু ল’ৰা,সীমান্ত শেখৰে চৰকাৰে দিয়া দায়িত্ব পালন কৰক,অদৰকাৰী কথা ক’ব নালাগে,মোৰ বিষয়ে মাত মাতি লাভ নাই সীমান্ত শেখৰে। মোক ঢুকি পাবলৈ তাৰ ৭টা জনম লাগিব।”জুবিন গাৰ্গৰ এই মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সীমান্ত শেখৰে।তেওঁ কৈছে যে “মই জুবিন দাৰ বিষয়ে একো বেয়াকৈ কোৱা নাই, জুবিন গাৰ্গ হ’ল মহান শিল্পী, অসমবাসীয়ে জুবিন দাৰ পৰা বহুখিনি পাব লগা আছে’

মই বৰ আচৰিত হৈছো, মই দাদাৰ বিষয়ে কতো একো কোৱা নাই। দাদা খুব ভাল মানুহ, দাদক কোনোবাই মিছাই লগাই দিছে চাগে।” লগতে তেওঁ কয় “মই সৰু, মোক জুবিন দাই সৰুৰে পৰা পাইছে, জুবিন দাই খুব মৰমো কৰে মোক। মই জুবিন দাক খুব সন্মান কৰো, খুব ভাল পাও। জুবিন দাৰ পৰা বহুত আশা কৰো, এই ভুল ধাৰণাবোৰ আঁতৰিব লাগে।”
এইদৰে সীমান্ত শেখৰে মন্তব্য কৰিছে।

আজি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ জেলেনস্কীৰ সৈতে মোডী বাৰ্তালাপত মিলিত হোৱাৰ সম্ভাৱনা

আজি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি সৈতে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাৰ্তালাপত মিলিত হোৱাৰ সম্ভাৱনা।ফোনযোগে বাৰ্তালাপ কৰিব দুয়ো দেশৰ প্ৰধানে।২৬ ফেব্ৰুৱাৰীৰ দিনা মোডীৰ জেলেনস্কীৰ মাজত কথা হৈছিল।মোডীৰ পৰা সহায় বিচাৰিছিল জেলেনস্কীয়ে।
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনৰ সৈতেও ফোনযোগে বাৰ্তালাপ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।আজি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ জেলেনস্কীৰ সৈতে বাৰ্তালাপত মিলিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

আদালতত হাজিৰ হ’ব লাগিব সোণাক্ষী সিনহা!

সোণাক্ষী সিনহা ২০১৯ ৰ প্ৰৱঞ্চনাৰ গোচৰৰ বাবে আইনী সমস্যাত আছে। অভিনেত্ৰীগৰাকীক গোচৰটোত অহা মাহত উত্তৰ প্ৰদেশৰ মোৰাদাবাদ আদালতত হাজিৰ হ’বলৈ কোৱা হৈছে।ই টাইমছৰ মতে, ২০১৯ চনত প্ৰমোদ শৰ্মা নামৰ এজন অনুষ্ঠান সংগঠকে সোণাক্ষীৰ বিৰুদ্ধে প্ৰৱঞ্চনা, অপৰাধমূলক ষড়যন্ত্ৰ আৰু বিশ্বাস ভঙ্গৰ অভিযোগ উত্থাপন কৰিছিল। সোণাক্ষীক দিল্লীত এটা অনুষ্ঠানৰ বাবে আগতীয়াকৈ ২৮ লাখ টকা পৰিশোধ কৰা হৈছিল য’ত তেওঁ মুখ্য অতিথি হিচাপে উপস্থিত হোৱাৰ কথা আছিল। অৱশ্যে, অভিনেত্ৰীগৰাকী অনুষ্ঠানটোত উপস্থিত নাছিল আৰু ইয়াৰ বাবে আগতীয়াকৈ পৰিশোধ লৈছিল। অনুষ্ঠানৰ আয়োজক প্ৰমোদ শৰ্মাই তেতিয়া ২০১৯ চনত অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ধন পুনৰুদ্ধাৰৰ বাৰে বাৰে চেষ্টা কৰাৰ পিছত অভিযোগ দাখিল কৰিছিল। সোণাক্ষীৰ মেনেজাৰে টকা দিবলৈ অস্বীকাৰ কৰাৰ পিছত অভিযোগটো দাখিল কৰা হৈছিল।

এতিয়া, মোৰাদাবাদ আদালতে প্ৰৱঞ্চনাৰ গোচৰত অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে জামিন অযোগ্য ৱাৰেণ্ট জাৰি কৰিছে বুলি জানিব পৰা গৈছে। আদালতে সোণাক্ষীক ২৫ এপ্ৰিলত আদালতত হাজিৰ হ’বলৈনিৰ্দেশ দিছে। খবৰ অনুসৰি সোণাক্ষীয়ে এই ক্ষেত্ৰত তাইৰ বক্তব্য লিপিবদ্ধ কৰিবলৈ মোৰাদাবাদলৈ আহিছিল। কিন্তু তাৰ পিছত তেওঁৰ নিৰন্তৰ অনুপস্থিতিৰ বাবে, এতিয়া আদালতে প্ৰৱঞ্চনাৰ গোচৰত বলীউড ডিভাৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰিছে।

অসম ৰেকৰ্ডবুকত পেলনীয়া থাৰ্মকলৰ জাপি আৰু শৰাই….

ডিব্ৰুগড় জিলাৰ জকাইৰ জোনাক আৰ্ট একাডেমীৰ উদ্যোগত উক্ত একাডেমীৰ অধ্যক্ষ বিশিষ্ট চিত্ৰশিল্পী মৌচম সোনোৱালে নিজৰ প্ৰচেষ্টাত পেলনীয়া থাৰ্মকলৰ পৰা সাজি উলিওৱা সত্তৰ হাজাৰ জাপি আৰু ৩০হাজাৰ শৰাই আজি জকাই কলিয়নী গাৱঁৰ খেলপথাৰত প্ৰদৰ্শন কৰা হয়।ইতিমধ্যে অসম বুক অৱ ৰেকডত স্বীকৃতিপ্ৰাপ্ত জকাই জোনাক আৰ্ট একাডেমীৰ অধ্যক্ষ তথা চিত্ৰ শিল্পী মৌচম সোনোৱালে বিগত আঠমাহ ধৰি জোনাক এলাডেমীৰ চিত্ৰ শিল্পৰ ৭০গৰাকী  ছাত্ৰ ছাত্ৰী সহযোগত পেলনীয়া থাৰ্মকলৰ পৰা উক্ত জাপি আৰু শৰাই সমূহ বহু কষ্টৰে বিশ্ব ৰেকৰ্ড গঢ়াৰ প্ৰয়াসেৰে সাজি উলিয়াৱলৈ সক্ষম হৈছে।আজি এই উপলক্ষে জকাই কলিয়নী গাৱঁৰ ৰাজহুৱা খেলপথাৰত আয়োজিত সভাত শিক্ষাব্ৰতী টংকেশ্বৰ সোনোৱালৰ সভাপতিত্ব  অনুষ্ঠানটোৰ  আতঁধৰি সাংবাদিক যাদৱ গগৈয়ে জকাইৰ চিত্ৰশিল্পী মৌচম সোনোৱালৰ শিল্প  সাধনাৰ কলাত্মক প্ৰয়াস আৰু একনিষ্ঠ প্ৰচেষ্টাৰ কাৰণেই জকাইৰ পৰা বিশ্ব দৰবাৰলৈ শিল্পী হিচাপে স্বীকৃতি পোৱাৰ দিশত অগ্ৰসৰ হৈছে বুলি বক্তব্য আগবঢ়ায়।

অনুষ্ঠানত নিজৰ অনুভৱ ব্যক্ত কৰি শিল্পী মৌচম সোনোৱালে  থাৰ্মকলৰ পৰা জাপি আৰু শৰাই সাজি বিশ্বৰেকৰ্ড কৰাৰ প্ৰয়াস বিগত ছয়টা বছৰৰ সপোন আৰু ৰাইজৰ আৰ্শীবাদ তথা জোনাক আৰ্ট একাডেমীৰ ছাত্ৰ- ছাত্ৰী সহযোগিতাই আজি সফলতাৰ প্ৰতিফলন বুলি প্ৰকাশ কৰে।অনুষ্ঠানত সাংবাদিক তথা “সোনোৱাল বাৰ্তা” কাকতৰ সম্পাদক ৰতন হাজৰিকাই জকাই জোনাক আৰ্ট একাডেমীত শিল্প বিদ্যাৰে বহু শিক্ষাৰ্থীক শৈল্পিক শিক্ষাৰ অৰিহনা যোগাই অহা শিল্পী মৌচম সোনোৱালে পেলনীয়া থাৰ্মকলৰ পৰা সাজি উলিওৱা জাপি আৰু শৰাই শিল্পৰ নৈপুন্যতাই অসম বুক অৱ ৰেকৰ্ডত লিপিবদ্ধ কৰি  বিশ্ব দৰবাৰলৈ যোৱাৰ দিশত যোৱাৰ  যাত্ৰাত স্বীকৃত হোৱাৰ দিশত আগবাঢ়িবলৈ সক্ষম হৈছে বুলি বক্তব্য আগবঢ়ায়।অনুষ্ঠানত অৱসৰ প্ৰাপ্ত শিক্ষক তনুশ্যাম সোনোৱাল’ জকাই খামটিঘাট হাইস্কুলৰ প্ৰধান  শিক্ষয়িত্ৰী অপৰাজিতা কোৱঁৰ ‘ জকাই ন-জ্যোতি বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ইন্দ্ৰজিত কাকতি আৰু ধেমাজিৰ শিল্প ৰসিক প্ৰণব ডিহিঙ্গীয়াকে প্ৰমূখ্যে  বিশিষ্ট ব্যক্তি বিশেষে মৌচম সোনোৱালৰ শিল্প সাধনাৰ প্ৰয়াসক ভৱিষ্যতৰ দিনত উজ্জ্বল কামনা কৰি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। কণ কণ ৭০ গৰাকীৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ কৰ্ম যোগেদি অসম বুক অফ ৰেকৰ্ডছ পোৱাত আনন্দিত হৈ পৰে। আজি জকাইৰ কলিয়নী গাৱঁৰ ৰাজহুৱা খেলপথাৰ এক লাখ জাপি আৰু শৰাইয়ে এক অপূৰ্ব দৃশ্য শোভা কৰে।

হাজোৰ হালোগাঁৱত তৃতীয় বাৰ্ষিক ৰূপালীম একাঙ্কিকা নাট প্ৰতিযোগিতাৰ শুভাৰম্ভ

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত লঙ্কেশ্বৰ দাস স্মৃতি ন্যাসৰ উদ্যোগত তথা হালোগাঁও সেৱক সংঘ আৰু পুথিভঁৰালৰ সহযোগত আজিৰে পৰা দুদিনীয়াকৈ শশাঙ্ক দাস সোঁৱৰণী তৃতীয় বাৰ্ষিক “ৰূপালীম” একাঙ্কিকা নাট প্ৰতিযোগিতা’ৰ শুভাৰম্ভ হৈছে। সন্ধিয়া সাত বজাৰ পৰা সদৌ অসম ভিত্তিত দুদিনীয়াকৈ অনুষ্ঠিত নাট প্ৰতিযোগিতাৰ শুভ উদ্ধোধন কৰি বিশিষ্ট চলচিত্ৰ অভিনেতা যতীন বৰাই কয়, লঙ্কেশ্বৰ দাস স্মৃতি ন্যাসৰ এই পদক্ষেপে উঠি অহা নৱ প্ৰজন্মক এক প্ৰেৰনামূলক শিক্ষা প্ৰদান কৰিব। ক’ভিডৰ পৰিপ্ৰেক্ষিতত যোৱাটো দুটা বৰ্ষ শিল্পী সমাজৰ বাবে ভাল সময় নাছিল। যাৰ ফলশ্ৰুতিত শিল্পী-কলা-কুশলী সকলে অনেক কষ্টৰ জীৱন অতিবাহিত কৰিব লগীয়াত পৰিছিল।গতিকে অনাগত দিনত এনে ব্যাধি পুনৰ আবিৰ্ভাৱ নহওক, তাকেই কামনা কৰে বিশিষ্ট অভিনেতা যতীন বৰাই।

তদুপলক্ষে অনুস্থিত সভাত ” ৰূপালীম” শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰি চলচিত্ৰ পৰিচালক তথা অভিনেতা ভগৱৎ প্ৰিতমে কয়, — অসমৰ নাট্য আন্দোলনক অনাগত দিনত একাঙ্কিকা নাট প্ৰতিযোগিতাই এখোপ আগবঢ়াই নিয়াত অৰিহণা যোগাব। লঙ্কেশ্বৰ দাস স্মৃতি ন্যাসৰ উদ্যোগত আৰু হালোগাও সেৱক সংঘ আৰু পুথিভঁৰালৰ সহযোগত অনুস্থিত এনে ধৰনৰ পদক্ষেপ প্ৰশংসনীয়। মৃনাল ঠাকুৰীয়াই আতধৰা আৰু স্মৃতি ন্যাসৰ সম্পাদক শঙ্কৰ দাসে আদৰণি ভাষন দিয়া এই সভাতে বিশিষ্ট অভিনেত্ৰী ৰেৱা ফুকন,বিশিষ্ট অভিনেতা পল ফুকন, লঙ্কেশ্বৰ দাসৰ সহধৰ্মিনী নিহাৰিকা দাস, প্ৰয়াত শশাংক দাসৰ পত্নী দময়ন্তী কলিতা,হালোগাওঁ সেৱক সংঘ আৰু পুথিভঁৰালৰ সভাপতি নাৰায়ন চন্দ্ৰ কলিতাকে ধৰি কেইবা গৰাকীও বিশিষ্ট ব্যাক্তি উপস্থিত থাকে। অনুস্থানত শলাগ লয় জিলা পৰিষদৰ সদস্য বিপুল দাসে। ইয়াৰ পিছতে নগাঁও জ্যোতিশিল্প নাট্য দলৰ ” ত্ৰাহি দেৱ দামোদৰ, কৈঠালকুছি সুনাগ নাট্য গোষ্ঠীৰ ” ফিক্স ডিপোজিত” আৰু হাজো নাট্য গোষ্ঠীৰ” ৰাৱণ” নাট তিনিখনৰ মাজত প্ৰতিযোগিতা’ৰ শুভাৰম্ভণি হ’য়।

ডিব্ৰুগড় জিলাৰ চাৰিখন পৌৰসভাৰ নিৰ্বাচন সমাপ্ত

ডিব্ৰুগড় জিলাত পৌৰসভাৰ নিৰ্বাচন আজি শান্তিপূৰ্ণ পূৰ্ণ ভাৱে সমাপ্ত হয়।ডিব্ৰুগড়ৰ পৌৰ সভাৰ ২২ ৱাডত মুঠ ১১৯৪৭৩ জন ভোটাৰ।ইয়াৰে ৫৮৭৭৯ জন পুৰুষ ভোটাৰ আৰু ৬০৬৯৪ গৰাকী মহিলা ভোটাৰ। মুঠ ১৩০ ভোট কেন্দ্ৰত আজি ভোটদান শান্তিপূৰ্ণ ভাৱে সম্পন্ন হয়। ডিব্ৰুগড় পৌৰ সভাৰ নিৰ্বাচনৰ ২২ ৱাডৰ বাবে মুঠ ৮১ জন প্ৰাৰ্থীয়ে এই যুঁজত অৱতীৰ্ণ হৈছিল।ইয়াৰে বিজেপিৰ ২২ জন, অগপৰ ৪ জন ,কংগ্ৰেছৰ ১৯ জন,এজেপিৰ ৭ জন, আপৰ ৩ জন আৰু নিৰ্দলীয় ৩৩ জনে মনোনয়ন দাখিল কৰিছিল যদিও ইয়াৰে ৬ জনে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছিল। আৰু ১ নং ৱাডৰ বিজেপিৰ প্ৰাৰ্থী গৌতম দত্তই বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছিল। আজি ডিব্ৰুগড়ত ৫৮.০২% শতাংশ ভোটদান হয়। আজি ডিব্ৰুগড় ৪ নং ৱাডত ভাৰত চৰকাৰৰ  কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ভোটদান সাব্যস্ত কৰি সংবাদ মাধ্যমৰ আগত কয়-ৰাজ্যখনৰ ৮০ খন পৌৰসভাই বিজেপিৰ দখলত থাকিব।

আনহাতে জিলাখনৰ চাবুৱা পৌৰ সভাৰ ১০ ৱাডত মুঠ  ৬৩৮২ জন ভোটাৰ আছে।ইয়াৰে ৩১৭৪ জন পুৰুষ ভোটাৰ আৰু ৩২০৮ গৰাকী মহিলা ভোটাৰ। ১০ ভোট কেন্দ্ৰত আজি ভোটদান হ’য়।চাবুৱা পৌৰসভাৰ ১০ ৱাডৰ বাবে মুঠ ৩১ জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। ইয়াৰে বিজেপিৰ ১০ জন,অগপৰ ১০ জন, কংগ্ৰেছৰ ১০ জন আৰু নিৰ্দলীয় ১জন।চাবুৱাত ৭৭.৭৯% শতাংশ ভোটদান হয়। নাহৰকটীয়া পৌৰ সভাৰ ১০ টা ৱাডত মুঠ ভোটাৰ সংখ্যা ১৫৪১১ জন । ইয়াৰে  ৭৬৪৬ জন পুৰুষ ভোটাৰ আৰু ৭৭৬৫ গৰাকী মহিলা ভোটাৰ। ২২ ভোট কেন্দ্ৰত ভোটদান হয় । নাহৰকটীয়া পৌৰ সভাৰ ১০ টা ৱাডৰ বাবে মুঠ ২২ জনে মাজত এই যুঁজ হয়।ইয়াৰে বিজেপিৰ ৮ জন, অগপৰ ২ জন,কংগ্ৰেছৰ ৭ জন, অজাপৰ ৪ জন আৰু নিৰ্দলীয় ১জন। নাহৰকটীয়াত ৬৪.৫৪ % শতাংশ ভোটদান হয়।নামৰূপ পৌৰ সভাৰ ১০ ৱাডত মুঠ ভোটাৰ সংখ্যা ১১০৫২ জন। ইয়াৰে ৫৭৭৯ জন পুৰুষ ভোটাৰ আৰু ৫২৭৩ গৰাকী মহিলা ভোটাৰ। ১৫ টা ভোট কেন্দ্ৰত ভোট দান হ’য়। নামৰূপ পৌৰ সভাৰ ১০ ৱাডৰ বাবে মুঠ ২২জন প্ৰাৰ্থীৰ মাজত যুঁজ হয়।ইয়াৰে বিজেপিৰ ৮ জন অগপৰ ২ জন,কংগ্ৰেছৰ ৫ জন অজাপ’ৰ ৫ জন আৰু নিৰ্দলীয় ২ জন।আজি নামৰূপত ৫১.৯১% শতাংশ ভোটদান হয়।

নগাঁৱত চাৰিখন পৌৰসভা নিৰ্বাচনৰ ভোটগ্ৰহন সমাপ্ত

আজি পুৱাৰে পৰা নগাঁও জিলাত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে পৌৰসভা নিৰ্বাচনৰ ভোট গ্ৰহন প্ৰক্ৰিয়া সমাপ্ত হয়। আজি জিলা খনৰ চাৰিখন পৌৰসভা ক্ৰমে নগাঁও, ধিং, ৰহা কামপুৰৰ মুঠ ৫২ টা ৱাৰ্ডৰ ১২২জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিছে ১ লাখ ২২ হাজাৰ ৯৯৫ জন ভোটাৰে। জিলা খনৰ প্ৰায় অধিকাংশ ভোট গ্ৰহণ কেন্দ্ৰত পুৱা ৮ বজাৰ পৰা শান্তিপূৰ্ণ চলিছে ভোট গ্ৰহণ প্ৰক্ৰিয়া। জিলা জনসংযোগ বিভাগে দিয়া তথ্য অনুসৰি ২৬ টা ৱাৰ্ডৰে গঠিত নগাঁও পৌৰসভাত ভোটদানৰ হাৰ আছিল ৬১.১৪ শতাংশ, ধিং পৌৰসভাত ৭০.৪২ শতাংশ, কামপুৰ পৌৰসভাত ৬৯.৮৯ শতাংশ আৰু ৰহা পৌৰসভাত ৭০.৩২ শতাংশ। উল্লেখ্য যে এই চাৰিখন পৌৰসভাৰ সৰ্বমুঠ ৫৬ টা ৱাৰ্ডৰ ভিতৰত নগাঁও পৌৰসভাৰ ৩টা আৰু  ৰহা পৌৰ সভাত ১টা ৱাৰ্ডৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে ইতিমধ্যে  বিজয়ী হৈছে। সেয়েহে এই চাৰিখন পৌৰসভাৰ মুঠ ৫২টা ৱাৰ্ডতে আজি ভোট গ্ৰহণ প্ৰক্ৰিয়া চলে।

নগাঁও পৌৰসভাৰ ৭ নং ৱাৰ্ডত বিধায়ক ৰূপক শৰ্মাৰ ভোটদান। নগাঁও পৌৰসভা নিৰ্বাচনৰ আজি ভোট গ্ৰহণত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই পৌৰসভাখনৰ ৭ নং ৱাৰ্ডত ভোটদান কৰে। নগাঁও চহৰৰ আমোলাপট্টি স্হিত কিৰণবালা গোস্বামী বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত বিধায়ক শৰ্মাই মাতৃ আৰু পত্নী সহ ভোটদান কৰে। উল্লেখ্য যে ৭ নং ৱাৰ্ডত প্ৰাক্তন অগপ মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাইও  ভোটদান কৰে। উক্ত ৱাৰ্ডত অলকমণি ভট্টাচাৰ্য্য  মিত্ৰজোঁটৰ বিজেপি প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত অৱতীর্ণ হৈছে।

ভাৰত আমাৰ প্ৰকৃত বন্ধুঃ ভাৰতক প্ৰশংসা তালিবানৰ!

আফগানিস্তানলৈ প্ৰেৰণ কৰা ঘেঁহুৰ মানদণ্ডকলৈ কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে পাকিস্তান। আনহাতে, এই ক্ষেত্ৰত ভাৰতক প্ৰশংসা কৰিছে তালিবানে।এজন তালিবান বিষয়াই পাকিস্তানক নিম্ন মানদণ্ডৰ ঘেঁহু দান কৰাৰ বাবে সমালোচনা কৰাৰ বাতৰি প্ৰকাশ পোৱাৰ পিছত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰত তীব্ৰ বাকযুদ্ধ আৰম্ভ হৈছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্মত চৰ্চালৈ আহিছে এটা ভিডিঅ’। য’ত এজন তালিবান বিষয়াই পাকিস্তানী ঘেঁহুৰ মানদণ্ডৰ বিষয়ে অভিযোগ কৰা দেখা গৈছিল। আফগান সাংবাদিক আব্দুলহক ওমেৰীয়ে তালিবান বিষয়াৰ এই ভিডিঅ’টো টুইট কৰিছিল। আনহাতে, আফগান লোকসকলে টুইটাৰত “ভাল মানদণ্ডৰ ঘেঁহু”ৰ বাবে ভাৰতক ধন্যবাদ জনোৱা দেখা গৈছিল।

“আফগান জনসাধাৰণক নিৰন্তৰ সমৰ্থনৰ বাবে ভাৰতক ধন্যবাদ। আমাৰ ৰাজহুৱা-অনুকূল সম্পৰ্ক চিৰদিনৰ বাবে থাকিব। জয় হিন্দ,” হামদুল্লা হৰবাবে টুইট কৰিছে।নাজিব ফাৰহোডিছ নামৰ আন এজনে কয়, “পাকিস্তানে আফগানিস্তানলৈ দান কৰা সকলো ঘেঁহু জীৰ্ণ আৰু নষ্ট হৈ যায় যাক ব্যৱহাৰ কৰিব নোৱাৰি। ভাৰতে সদায় আফগানিস্তানক সহায় কৰি আহিছে।”স্পষ্টতঃ, পাকিস্তানী ঘেঁহুৰ দুৰ্বল প্ৰকৃতিৰ ওপৰত এই মন্তব্য কৰা তালিবান বিষয়াজনক তেওঁৰ পদৰ পৰা বৰ্খাস্ত কৰা হৈছিল।

যোৱা মাহত, ভাৰতে মানৱীয় সহায় হিচাপে আফগান লোকসকললৈ ঘেঁহু প্ৰেৰণ কৰা আৰম্ভ কৰিছিল। ২০০০ মেট্ৰিক টন ঘেঁহু কঢ়িয়াই অনা ভাৰতৰ মানৱীয় সহায়ৰ দ্বিতীয় কনভয়টো বৃহস্পতিবাৰে অমৃতসৰৰ আটাৰীৰ পৰা আফগানিস্তানৰ জালালাবাদলৈ ৰাওনা হয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে (MEA) কয়। আফগান জনসাধাৰণৰ বাবে ৫০,০০০ মেট্ৰিক টন ঘেঁহু ভাৰতৰ প্ৰতিশ্ৰুতিৰ অংশ আৰু ইয়াক ৰাষ্ট্ৰসংঘৰ বিশ্ব খাদ্য কাৰ্যসূচীৰ দ্বাৰা বিতৰণ কৰা হ’ব।