Home Blog Page 2579

লাহৰীঘাটৰ বোৱালগুৰিত বেংক মিত্ৰৰ ব্যাপক দূৰ্নীতিৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

মৰিগাঁও জিলাৰ লাহৰিঘাটত বেংক মিত্ৰৰ  ব্যাপক দুৰ্নীতি। দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত ৰাইজৰ। মৰিগাঁও জিলাৰ লাহৰিঘাটৰ বোৱালগুৰী গাঁৱৰ বেংক মিত্ৰ CSP ইমৰান হুছেইনৰ ব্যাপক দুৰ্নীতি বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ।পাঞ্জাৱ বেংক ভূৰবান্ধা শাখাৰ অধীনৰ বোৱালগুৰী গাঁৱৰ বেংক মিত্ৰ CSP ইমৰান হুছেইনে গাঁৱৰ দুখীয়া জনতাক চলোৱা লুষ্ঠনৰাজৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদ।

অভিযোগ অনুসৰি প্ৰতিটো বেংক একাউণ্ট খুলি দিয়াৰ বাবদত ইমৰান হুছেইনক লাগে পাঁচশ পৰা এক হাজাৰ কৈ টকা। এ টি এম আৰু আধাৰ লিংকৰ বাবেও লাগে টকা।টকা নিদিলে কোনো এটা কাম নকৰাৰ অভিযোগ বেংক মিত্ৰ  ইমৰান হুছেইনৰ বিৰুদ্ধে।অকল এয়াই নহয় আৰু বহু অভিযোগ উত্থাপিত হৈছে এই গৰাকী বেংক মিত্ৰ বিৰুদ্ধে। গ্ৰাহকে সাঁচি থোৱা ধনো হৰলুকি কৰাৰ অভিযোগ  আছে বেংক মিত্ৰ  ইমৰান হুছেইনৰ বিৰুদ্ধে।

গ্ৰাহকে নিজৰ জমা ধন বিচাৰি গলেও অভব্য আচৰণ কৰে ইমৰান হুছেইনে। মুঠতে এই গৰাকী বেংক মিত্ৰ  CSP ইমৰানৰ বিৰুদ্ধে কিমান কম আৰু কিমান শুনিব।বেংক মিত্ৰৰ বিৰুদ্ধে বেংক কতৃপক্ষক ৰাইজে লিখিত অভিযোগ দিয়াৰ পিছতো কোনো ব্যৱস্থা নকৰিলে।লিখিত অভিযোগ দিয়াৰ পিছত বেংক মিত্ৰ ইমৰানে অভিযোগ উঠাই নললে মৃত্যুৰ ভাবুকি প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। লুণ্ঠন মাষ্টাৰ আৰু অভব্য আচৰণৰ অধিকাৰী বেংক মিত্ৰ  CSP হুছেইনৰ বিৰুদ্ধে অভিযোগৰ পিছতো ভূৰবান্ধা বেংক শাখা প্ৰৱন্ধকে কি কাৰণত ব্যৱস্থা গ্ৰহণ নকৰিলে।ভূৰবান্ধা বেংক শাখা প্ৰৱন্ধকৰ লগত আছে নেকি ইমৰান গোপন বুজাবুজি সেয়া এতিয়া সৰ্বত্ৰতে প্ৰশ্ন উত্থাপন হৈছে।

১০০ সংখ্যক টেষ্টৰ পূৰ্বেই সম্বৰ্ধনা বিৰাট কোহলীক

শ্ৰীলংকাৰ বিৰদ্ধে মোহালিত অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ প্ৰথমখন টেষ্টৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীক বিশেষ টোপীৰে সম্বৰ্ধনা জনোৱা হয়।সম্বৰ্ধনা অনুষ্ঠানত বিৰাটৰ লগত উপস্থিত থাকে অনুষ্কা শৰ্মাও।

ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে কোহলীক এই বিশেষ টুপীৰে সম্বৰ্ধনা জ্ঞাপন কৰে।বিৰাট কোহলী হৈছে ১০০ সংখ্যক টেষ্ট খেলা দ্বাদশ গৰাকী ভাৰতীয় খেলুৱৈ।

গাখীৰ দিয়া ‘গৰু’ক ভোট দিবলৈ মাজুলী বাসীক কিয় ক’লে মুখ্যমন্ত্ৰীয়ে!

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্নাই মাজুলীত উপ-নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ কেইবাটাবাও বিষয়ৰ ওপৰত মন্তব্য ৰাখে।মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ‘মাজুলীৰ ৰাইজে বিজেপিক লাইচেন্স দি থৈছেই, এইবাৰ ৰিনিউ কৰিলেই হ’ল’।লগতে তেওঁ কয় যে ভুবন গাম যদি জয়ী হয় তেন্তে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল সদায় তেওঁ লগত থিয় হ’ব।ভুবন গামী প্ৰকৃত কামৰ মানুহ বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।আনহাতে কংগ্ৰেছ সমর্থিত জাতীয় পৰিষদ দলৰ প্রার্থী চিত্তৰঞ্জন বসুমতাৰীক সমালোচনা কৰি কয় যে ‘তেওঁক ভোট দিয়া মানে গাখীৰ নিদিয়া মতা গৰু পুহি দানা খুওৱা হ’ব।

লগতে কয় যে চিত্তৰঞ্জন বসুমতাৰী জিকিলে তেওঁৰ ঠিকনা কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ হ’ব।গতিকে গাখীৰ দিয়া গৰুক ভোট দিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

শিক্ষাৰ্থী সকলৰ বাবে ভাল খবৰ!

শিক্ষাৰ্থী সকলৰ বাবে আন এক ভাল খবৰ।এতিয়াৰে পৰা শিক্ষাৰ্থীসকলে কলেজলৈ যাবলৈ মাক-দেউতাকৰ টকা বিচাৰিব নালাগে এতিয়াৰে পৰা শিক্ষাৰ্থীসকলৰ দায়িত্ব লব ৰাজ্য চৰকাৰে।এই মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।মাজুলীৰ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ গৈ মুখ্যমন্ত্ৰী গৰাকীয়ে দিলে অলেখ প্ৰতিশ্ৰুতি।কলেজীয়া ছাত্ৰীসকলে যাতে কলেজলৈ গ’লে মাক-দেউতাকৰ পৰা টকা বিচাৰিব নালাগে। তাৰ বাবেও ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।ছাত্ৰীসকলক নামভৰ্তি লগতে প্ৰতিদিনে অহাযোৱা খৰচ দিব চৰকাৰে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৃহৎ ঘোষণা।

‘কলেজীয়া ছাত্ৰীসকলে এতিয়াৰে পৰা কলেজলৈ যোৱাৰ নামত টকা বিচাৰিব নালাগে, তেওঁলোকৰ গাড়ী ভাড়া, খোৱাৰ খৰছৰ দায়িত্ব চৰকাৰে ল’ব’।এইদৰে মাজুলিত উপ-নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ শিক্ষাৰ্থী সকলক দিলে প্ৰতিশ্ৰুতি।

হোৱাটছএপৰ নতুন সুবিধা, কি এই নতুন সুবিধা?

ব্যৱহাৰকাৰীৰ অভিজ্ঞতা বঢ়াবলৈ হোৱাটছএপে বহুতো সুবিধাৰ ওপৰত কাম কৰি আছে। মেচেজিং এপটোৱে ভইচ ৰেকৰ্ডিং কৰাৰ সময়ত অডিঅ’ পজ আৰু প্লে কৰিবলৈ সুবিধা আৰম্ভ কৰিছে। সুবিধাটো বৰ্তমান কেৱল কিছু পৰীক্ষকৰ বাবেহে আৰম্ভ কৰা হৈছে। প্ৰতিবেদন অনুসৰি, ব্যৱহাৰকাৰীসকলে অৱশেষত ভইচ ৱেভফৰ্ম চাবলৈ সক্ষম হ’ব যেতিয়া এটা ভইচ নোট ৰেকৰ্ডিং কৰিলে অৱশেষত সেইবোৰো পজ কৰিব পাৰে।

হোৱাটছএপ সম্পৰ্কীয় সকলো সুবিধা ট্ৰেক কৰা ৱেবছাইট ৱাবেটাইনফোৰ মতে, হোৱাটছএপে এতিয়া এটা নতুন পজ বুটাম প্ৰৱৰ্তন কৰিছে যি ব্যৱহাৰকাৰীসকলক ৰেকৰ্ডিং বন্ধ কৰিবলৈ দিব আৰু তাৰ পিছত ইয়াক পুনৰ আৰম্ভ কৰিব। আগতে, হোৱাটছএপত কেৱল ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ কথা শুনি থাকোঁতে পজ কৰিবলৈ আৰু ভইচ নোট বজাবলৈ দিয়াৰ বিকল্প আছিল। হোৱাটছএপে আনকি চেটৰ বাহিৰত ভইচ নোট বজোৱাৰ বিকল্পও প্ৰৱৰ্তন কৰিছিল। আগতে, ব্যৱহাৰকাৰীসকলে চেটৰ ভিতৰত ভইচ নোট শুনিব লাগিছিল। নতুন সুবিধাটোৱে এতিয়া ব্যৱহাৰকাৰীসকলক ভইচ টোকা শুনি থাকোতে আন চেটলৈ যাবলৈ দিয়ে। অডিঅ’ প্লেয়াৰটো চেট উইণ্ডোৰ শীৰ্ষত দেখা যায় আৰু আপুনি ভইচ নোট শুনি সম্পূৰ্ণ হোৱাৰ পিছত অডিঅ’ প্লেয়াৰটো আঁতৰোৱাৰ বিকল্পও পায়।

কংগ্ৰেছ দলে দখল কৰিব পৌৰসভাৰ মচনদ!

গোৱালপাৰা পৌৰসভা নিৰ্বাচনলৈ মাজত মাথো দুটা দিন বাকী। ৰাজ্যখনৰ অন্য নগৰৰ দৰে গোৱালপাৰা পৌৰসভাতো বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। ব্যতিক্ৰম নহয় চহৰ খনৰ ভিতৰত ১৪ নং ৱাৰ্ডৰ  ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী নবীউল কৰিমো। ৱাৰ্ড টোৰ সহস্ৰাধিক সমৰ্থকৰ লগতে গোৱালপাৰা পুব সমষ্টিৰ বিধায়ক এ কে ৰশিদ আলমে চলালে নিৰ্বাচনী প্ৰচাৰ।চহৰ খনৰ ১৯টা ৱাৰ্ডৰ চুকে কোনে সৰু বৰ সভা অনুষ্ঠিত কৰি দুৰ্নীতি ভ্ৰষ্টাচাৰ প্ৰত্যাখ্যান কৰি এই পৌৰসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী নবীউল কৰিমক হাতৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায় বিধায়ক ৰশিদ আলমে।

আজি নিৰ্বাচনী প্ৰচাৰৰ বাবে গোৱালপাৰা চহৰৰ কিচমত পুৰত এখনি নিৰ্বাচনী সভা অনুষ্ঠিত বিগত কাৰ্যকালত যি দুৰ্নীতি ভ্ৰষ্টাচাৰ বিৰুদ্ধে অধিক কঠোৰ হ’বলৈ আহ্বান জনায় নেতা গৰাকীয়ে।ভাষণ প্ৰসংগত বিধায়ক ৰশিদ আলমে কয় যে বিগত ১৫ বছৰ ধৰি প্ৰাক্তন ৱাৰ্ড সদস্য গৰাকীয়ে যিমান দুৰ্নীতি কৰিছে তাৰ প্ৰত্যেকটো হিচাপ দিব লাগিব।সভা অন্তত উক্ত অঞ্চলটোৰ ৰাইজে প্ৰাৰ্থী গৰাকীক অঞ্চলটোৰ কিছু অভাৱ প্ৰত্যক্ষ কৰিবলৈ অনুৰোধ জনোৱাত প্ৰাৰ্থী গৰাকীয়ে আশ্বাস প্ৰদান কৰে।

আমাজনে বন্ধ কৰিব ৬০তকৈও অধিক খুচুৰা বিপণি…

অনলাইন বাণিজ্যৰ এক বৃহৎ বহুজাতিক প্ৰযুক্তি প্ৰতিষ্ঠান আমাজনে বন্ধ কৰিবলৈ ওলাইছে ৬০খনতকৈও অধিক খুচুৰা বিপণী৷ তাৰ পৰিৱৰ্তে আমাজনে গ্ৰোচাৰী আৰু ফেশ্যনত নতুনকৈ গুৰুত্ব আৰোপ কৰিবলৈ বিচাৰিছে৷ আমাজনে ২০১৫ত ছিয়েটলত আমাজনৰ প্ৰথমখন কিতাপৰ বিপণি মুকলি কৰিছিল৷ আৰু পাছলৈ সমগ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু বিদেশত এমাজনে নিজৰ ব্যৱসায় সম্প্ৰসাৰিত কৰিছিল৷

আমাজনে সমগ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰত আৰু ইংলেণ্ডত বুকছকে ধৰি ইয়াৰ বেছিভাগ ‘ষ্টৰ ফ্ৰণ্ট’ বন্ধ কৰাৰ কথা ঘোষণা কৰিছে, কিয়নো এমাজনে শেহতীয়াকৈ অধিক ফেশ্যন আৰু গ্ৰোচাৰী বিপণি মুকলি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷২০১৭ত হোল ফুডছৰ ১৩.৭ বিলিয়ন ডলাৰ সম্প্ৰসাৰণৰ সৈতে এমাজনে গ্ৰোচাৰী বিপণিৰ সৈতে খুচুৰা ব্যৱসায় সম্প্ৰসাৰিত কৰিবলৈ ধৰে৷

২০১৮ত প্ৰতিষ্ঠানটোৱে আমাজন 4-ষ্টাৰ বিপণী মুকলি কৰে, যিয়ে Amazon.comত সৰ্বাধিক বিক্ৰী হোৱা সামগ্ৰী বিক্ৰী কৰে৷ লগতে অনলাইন ক্ৰেতাৰ দ্বাৰা চাৰিটা ষ্টাৰ বা তাতকৈ অধিক মূল্যাংকন কৰা সামগ্ৰী বিক্ৰী কৰে। প্ৰতিষ্ঠানটোৱে শেহতীয়াকৈ ফেশ্যনৰ ওপৰত গুৰুত্ব দিয়া ৰিটেইল বিপণি ‘এমাজন ষ্টাইল’ মুকলি কৰাৰ কথা ঘোষণা কৰিছে৷

ড্ৰাই ডেঃ কিনা-বেচা কৰিব নোৱাৰিব সুৰা…

পৌৰসভা নিৰ্বাচনৰ বাবে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি গঢ়ি তোলা হৈছে। কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ যাতে সৃষ্টি নহয় তাৰ বাবে প্ৰশাসনে আগতীয়া পদক্ষেপ হাতত লৈছে। ৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া বঙাইগাঁও পৌৰসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মী প্ৰিয়াই পৌৰসভা এলেকাত ড্ৰাই ডে’ ঘোষণা কৰিছে। সেই অনুসৰি ৪ মাৰ্চৰ বিয়লি ৪ বজাৰ পৰা ৬ মাৰ্চৰ বিয়লি ৪ বজালৈ আৰু লগতে ৯ মাৰ্চত ভোট গণনা শেষ নোহোৱাপৰ্যন্ত বঙাইগাঁও পৌৰসভা এলেকাৰ অন্তৰ্গত অনুজ্ঞা পত্ৰ থকা সকলো ধৰণৰ সুৰাৰ দোকান বন্ধ ঘোষণা কৰিছে।

অসম আবকাৰী আইনৰ নিৰ্দিষ্ট বিধি অনুসৰি এই সময়ছোৱাত অনুজ্ঞাপত্ৰ নথকা কোনো স্থানত সুৰাৰ মজুত ৰাখিলে বা বিক্ৰী কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে। আনহাতে, যদি কোনো এলেকাত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰিবলগীয়া হয় তেনেহ’লে সেই সময়ছোৱাতো ড্ৰাই ডে’ বলৱৎ থাকিব।

ছয়গাঁৱৰ দক্ষিণ কামৰূপ বধিৰ বিদ্যালয়ত বিশ্ব শ্ৰৱণ দিৱস উদযাপন

দেশ তথা ৰাজ্যৰ আন আন ঠাইৰ লগতে  ছয়গাঁৱ সমষ্টিৰ গৰৈমাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ঘোঁৰামাৰাস্থিত কামৰূপ জিলাৰ একমাত্ৰ ‘ দক্ষিণ কামৰূপ বধিৰ বিদ্যালয়’তো আজি দিনজোৰা কাৰ্যসূচীৰে বিশ্ব শ্ৰৱণ দিৱস উদযাপন কৰা হয় ৷ এই উপলক্ষে পূৱা বৃক্ষৰোপন, চাফাই ,পতাকা উত্তোলন আদি কাৰ্যসূচীৰ পিছতে বিশ্ব শ্ৰৱণ দিৱস উপলক্ষে বিদ্যালয়ৰ বিশেষভাৱে সক্ষম ছাত্ৰ- ছাত্ৰীসকলে উলিয়ায় এখনি সজাগতা যাত্ৰা ৷ যাত্ৰাৰ শুভ উদ্বোধন কৰে বিদ্যালয়খনৰ পৰিচালন সঞ্চালক ৰফিকুল আলমে ৷ ইফালে, এই দিৱস উপলক্ষে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ খেল ধেমালী প্ৰতিযোগিতাও অনুষ্ঠিত হয় ৷

দুপৰীয়া বিদ্যালয় কক্ষত অনুষ্ঠিত হোৱা মুকলি সভাত সন্মানীয় অতিথি হিচাবে গৰৈমাৰী ৰাজহ চক্ৰ বিষয়া অৰূপ বিৰকামীয়াই  উপস্থিত থাকি আন শিশুসকলৰ দৰে দিব্যাংগ শিশু আৰু ছাত্ৰ- ছাত্ৰীসকলকেও যাতে উপযুক্ত শিক্ষা দীক্ষাৰে আগুৱাই যাব পাৰে তাৰ বাবে সকলোৰে সহযোগিতা কামনা কৰে ৷ লগতে বধিৰ বিদ্যালয়খনৰ শিক্ষক- শিক্ষয়িত্ৰীৰ লগতে  পৰিচালনা সমিতিৰ বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ বাবে আগবঢ়োৱা সেৱাৰো শলাগ লয় ৷ মুকলি অনুষ্ঠানত বিদ্যালয়খনৰ উপদেষ্টা জমিৰ উদ্দিন আহমেদও মূল্যৱান বক্তব্য দাঙি ধৰে ৷ অনুষ্ঠান উপলক্ষে গৰৈমাৰী ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে বিদ্যালয়খনৰ বিশেষভাৱে সক্ষম ছাত্ৰ- ছাত্ৰীসকলৰ বিভিন্ন সমস্যাৰ ওপৰতো উদ্যোক্তাসকলৰ সৈতে মত বিনিময় কৰে ৷

আলফাত যোগদানৰ বাবে যোৱা দুই যুৱকক উদ্ধাৰ…

আলফাত যোগদানৰ বাবে যোৱা দুই যুৱকক উদ্ধাৰ তিনিচুকীয়া আৰক্ষীৰ লগতে ভাৰতীয় সেনাৰ। গোপন খবৰৰ ভিত্তিত অভিযান চলাই ভাৰতীয় সেনাৰ ৰূপাইস্থিত ৰেড চিল্ড ডিভিজনৰ এটা দলৰ লগতে তিনিচুকীয়া আৰক্ষীৰ এটা দলে উদ্ধাৰ কৰে যুৱক দুগৰাকীক।

উদ্ধাৰ হোৱা যুৱক দুগৰাকীৰ পৰা এটা মবাইল ফোনৰ লগতে ফোন নাম্বাৰ লিখি ৰখা এখন ডায়েৰী উদ্ধাৰ কৰে আৰক্ষীয়ে।ইফালে উদ্ধাৰ হোৱা দুই যুৱকক ইতিমধ্যে পৰিয়ালৰ হাতত চমজাই দিছে তিনিচুকীয়া আৰক্ষীয়ে।