Home Blog Page 2578

ৰাছিয়াৰ এটি টিভি চেনেলৰ সকলো কৰ্মচাৰীৰ ‘যুদ্ধ বিৰোধী পদত্যাগ’

ৰাছিয়াৰ টেলিভিছন চেনেল TV Rain (Dozhd)ৰ সকলো কৰ্মচাৰীয়ে বৃহস্পতিবাৰে “No To War” ঘোষণা কৰি পদত্যাগ কৰে। ৰাছিয়ান চৰকাৰে ইউক্ৰেইন আক্ৰমণৰ কভাৰেজক লৈ চেনেলটোৰ কাৰ্যকলাপ স্থগিত কৰাৰ পিছত এই সিদ্ধান্ত লোৱা হৈছিল।

“আমি আশা কৰোঁ অতি শীঘ্ৰেই আমাৰ সম্প্ৰচাৰ আৰম্ভ হ’ব আৰু আমাৰ কাম অব্যাহত ৰাখিম,” এইদৰে কয় মুখ্য কাৰ্যবাহী বিষয়া নাটালিয়া চিন্দেয়েভা, যি চেনেলটোৰ অন্যতম প্ৰতিষ্ঠাপক।ষ্টুডিঅ’ত উপস্থিত সকলো কৰ্মচাৰীয়ে ৱাকআউট কৰাৰ সময়ত চেনেলটোৰ অন্তিম সম্প্ৰচাৰত মুখ্য কাৰ্যবাহী বিষয়া চিন্দেয়েভাই “No to war” বুলি কৈছিল। সমূহীয়া পদত্যাগৰ ভিডিঅ’টো সামাজিক মাধ্যমত ব্যাপকভাৱে শ্বেয়াৰ হৈছে।

মাউণ্ট ইউ টি কাংৰীৰ শিখৰত অসম দলৰ ২ সদস্য…

উত্তৰ পূৰ্বাঞ্চলৰ দুঃসাহসীক ক্ষেত্ৰখনৰ বাটকটীয়া সংগঠন অসম পৰ্বতাৰোহণ সন্থাই বিগত বছৰৰ দৰেই এইবাৰো অয়োজন কৰিছে শীতকালীন দুঃসাহসীক অভিযান।লাডাখ হিমালয়াৰ ইউ টি কাংৰী শিখৰ(৬০৭০ মি.)অভিযানৰ বাবে ৰাওনা হোৱা ৯ জন অভিযাত্ৰীৰে গঠন হোৱা দলটোৰ ২ জন সদস্যই সফলতাৰে শৃঙ্গ আৰোহণ কৰিবলৈ সক্ষম হৈছে।

অসম পৰ্বতাৰোহন সন্থাৰ সম্পাদক মানস বৰুৱাৰ নেতৃত্বত যোৱা মাউন্ট ইউ টি কাংৰী (৬০৭০ মি.)অভিযানত অংশগ্ৰহন কৰা সদস্যসকল হ’ল ক্ৰমে উপেন চক্ৰৱৰ্তী, ডা° জগদ্বীশ বসুমতাৰী, কৌশিক দাস, ভাস্কৰ বৰুৱা, জয়ন্ত নাথ, ধ্ৰুৱজ্যোতি হাজৰিকা আৰু মনোজ কুমাৰ পাটোৱাৰী । ফেব্ৰুৱাৰী, মাৰ্চ মাহৰ – ২৫ ডিগ্ৰী চেলচিয়াচৰ তলৰ তাপমানত উক্ত শিখৰত অভিযানৰ বাবে যোৱা এইটোৱেই হ’ব অসমৰ প্ৰথমটো পৰ্বতাৰোহী দল। বৃহস্পতিবাৰে আবেলি ০৩:৩০ বজাত ক্ৰমে জয়ন্ত নাথ আৰু মনোজ কুমাৰ পাটোৱাৰীয়ে সফলতাৰে ইউ টি কাংৰী (৬০৭০ মিটাৰ) শৃঙ্গ আৰোহণ কৰে।উল্লেখযোগ্য যে এই অভিযানৰ সম্পূৰ্ণ খৰছ অসম চৰকাৰে বহন কৰে।

ছবিগৃহলৈ আহি আছে চলমান খান আৰু কেটৰিনা কাইফৰ অভিনয়ৰে টাইগাৰ-৩

২০২৩ চনৰ ঈদত ছবি গৃহলৈ আহি আছে টাইগাৰ-৩।চলমান খান আৰু কেটৰিনা কাইফৰ অভিনয় আৰু মনীশ শৰ্মাৰ পৰিচালনাৰে আহিবলগীয়া ছবি টাইগাৰ-৩ ছবিগৃহলৈ আহিবলৈ সাজু হৈছে। টাইগাৰ-৩ তৃতীয় কিস্তিটো ডাঙৰ আৰু বৃহৎ পৰিমাণত লগোৱা হ’ব বুলি আশা কৰা হৈছে। অভিনেতাসকলে ২০২৩ চনৰ ঈদত তেওঁলোকৰ চলচ্চিত্ৰৰ সৈতে ডাঙৰ পৰ্দা দখল কৰিবলৈ সাজু হৈছে।পাঠান আৰু জয়েশভাই যোৰদাৰ ঘোষণাৰ পিছত, ৱাই আৰ এফে এতিয়া টাইগাৰ-৩ৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছে।

এটা ভিডিঅ’ বাদ দি, কেটৰিনা কাইফক তেওঁৰ কোৰিয়ান ষ্টাণ্ট দলৰ সৈতে একচন দৃশ্যৰ বাবে ৰিহাৰ্চেল কৰা দেখা গৈছে। যেতিয়া চলমান দৃশ্য গ্ৰহণৰ সময়ত চলমান খানক সুধিছিল, “সাজু?” যাৰ উত্তৰত তেওঁ কয়, “টাইগাৰ, সদায় সাজু!”মনীশ শৰ্মাৰ দ্বাৰা পৰিচালিত একচন ৱিনেমা টাইগাৰে-৩ ২০২৩ চনৰ ২১ এপ্ৰিলৰ ঈদত, হিন্দী, তামিল আৰু তেলেগু ভাষাত চিনেমা গৃহত মুক্তি পাব।

নামাজৰ সময়তে ভয়ংকৰ বিস্ফোৰণঃ ৩০ জনৰ মৃত্যু, আহত ৫০ ৰো অধিক

পাকিস্তানত ভয়ংকৰ বোমা বিস্ফোৰণ। শুকুৰবাৰৰ নামাজৰ সময়ত সংঘটিত হোৱা এই আত্মঘাতি আক্ৰমণত প্ৰায় ৩০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫০ জনৰো অধিক লোক আহত হৈছে। পাকিস্তানৰ পেছাৱৰৰ কোচা ৰিচালদাৰ অঞ্চলৰ কিছা খোৱানী বজাৰৰ এক মছজিদত এই বিস্ফোৰণ সংঘটিত হৈছে।

পেছাৱাৰ আৰক্ষীয়ে জনোৱা অনুসৰি, দুজন আক্ৰমণকাৰীয়ে চহৰখনৰ কিছা খোৱানী বজাৰৰ মছজিদত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল আৰু তাত থিয় হৈ থকা আৰক্ষীৰ ওপৰত গুলীচালনা কৰিছিল। ইয়াৰে এজন আৰক্ষী নিহত হোৱাৰ লগতে আনজন আৰক্ষী গুৰুতৰভাৱে আহত হৈছিল। ইয়াৰ পিছতে মছজিদত বিস্ফোৰণ সংঘটিত হোৱাৰ শব্দ পোহৰলৈ আহে। এই ঘটনাৰ পিছতে স্থানীয় লোকসকলে আহতসকলক যিয়ে যেনেকৈ পাৰৈ হাস্পতাললৈ লৈ গৈছে। আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰিছে। আহতসকলৰ ভিতৰত ১০ জনৰো অধিকৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

চুৰচুৰী হাইস্কুলত মুখ্য তোঁৰনৰ আধাৰশিলা স্থাপন আৰু স্থায়ী মঞ্চৰ উদ্বোধন

নলবাৰী জিলাৰ ধৰ্মপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত চুৰচুৰীত বৃহস্পতিবাৰে চুৰচুৰী হাইস্কুলৰ মুল তোঁৰনৰ আধাৰশিলা স্থাপন লগতে স্থায়ী মঞ্চ উদ্বোধন কৰা হয়  । এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত শংখ, ঘন্টা, বৰকাহ, উৰুলিৰ মাজেৰে হাইস্কুলখনৰ প্ৰয়াত সহঃ প্ৰধান শিক্ষয়িত্ৰী অৰ্চনা হাজৰিকাৰ নামত উচুৰ্গা কৰে মুখ্য তোঁৰন ৷

তোঁৰনখনৰ  আধাৰশিলা স্থাপন কৰে প্ৰয়াত অৰ্চনা হাজৰিকা স্বামী জিতেন হাজৰিকাই লগতে প্ৰতিস্থাপক প্ৰধান শিক্ষক প্ৰয়াত ধৰনীধৰ হাজৰিকা সোঁৱৰণী স্থায়ী মঞ্চখন মুকলি কৰে ধমধমা মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক অমিয় হাজৰিকাই ৷

শিক্ষক মুনিন্দ্ৰ গোস্বামী  আঁতধৰা উক্ত অনুষ্ঠানত প্ৰধান শিক্ষক বসন্ত তালুকদাৰ , চুৰচুৰী হাইস্কুল পৰিচালনা সমিতি সভাপতি আশোক হাজৰিকা,  অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তৰুণ হাজৰিকা , অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিশিষ্ট হাজৰিকা , প্ৰতিস্থাপক প্ৰধান শিক্ষক প্ৰায়ত ধৰণীধৰ হাজৰিকা পত্নী মিনা হাজৰিকা ,  ২৮ নং বৰনৰ্দ্দী গাওঁ পঞ্চায়ত সভাপতি মনোজ হাজৰিকাৰ উপৰিও বিদ্যালয়ৰ খনৰ শিক্ষক -শিক্ষয়িত্ৰী ,  ছাত্ৰছাত্ৰীৰ লগতে অভিভাৱকসকল উপস্থিত থাকে ৷

বিহাৰৰ আতচবাজি কাৰখানাত ভয়ংকৰ বিস্ফোৰণ,৭ জন নিহত

বৃহস্পতিবাৰে বিহাৰত আতচবাজি কাৰখানাত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়।৭ জন লোকৰ কৰুণ মৃত্যু হৈছে এই ভয়ংকৰ বিস্ফোৰণত। বিহাৰৰ ভাগলপুৰৰ টাটাপুৰৰ এটা ঘৰত সংঘটিত হয় এই ঘটনা।ভাগলপুৰৰ টাটাপুৰৰ এটা পৰিয়ালে বোমা প্ৰস্তুত কৰা কামৰ সৈতে জড়িত থকাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয়।এই ঘটনা ফলত ৭ জন লোকৰ মৃত্যু হয়। আনহাতে কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে।টাটাপুৰৰ এটা আৰক্ষী দল উপস্থিত হৈ বিস্ফোৰণৰ তদন্ত আৰম্ভ কৰিছে।

কোনো চৰকাৰী বন্ধ নথকা স্বত্তেও শুকুৰবাৰে প্ৰধান শিক্ষয়িত্ৰীয়ে বন্ধ ৰাখে বিদ্যালয়

কোনো চৰকাৰী বন্ধ নথকা স্বত্তেও ৰূপসী শিক্ষা খণ্ডৰ অন্তৰ্গত দক্ষিণ বৰভিঠা এম ই মাদ্ৰাছা শুকুৰবাৰে বন্ধ ৰখা পৰিলক্ষিত হৈছে। মাদ্ৰাছা খনৰ প্ৰধান শিক্ষয়িত্ৰী জুলেখা বেগমে নিজৰ খেয়াল খুচি মতে চলাই গৈছে এম ই মাদ্ৰাছাখন।

ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে শিক্ষকসকলে। বিদ্যালয় চৌহদত খেলি থকা ছাত্ৰৰ ভাষ্যমতে শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতি অনিয়মীয়া।

১০:৩০বজাৰ পৰা পাঠদান আৰম্ভ কৰি ১২ বজাতেই পাঠদান সামৰি বিদ্যালয়ৰ পৰা গুচি যায় শিক্ষক সকল। ৰূপসী শিক্ষা খণ্ডৰ কৰ্ত্তব্যৰ প্ৰতি থকা অনীহাৰ কাৰণেই একাংশ শিক্ষকে নিজৰ খেয়াল খুচি মতে চলাই গৈছে বিদ্যালয় সমূহ। দীৰ্ঘ দিনৰ পৰা মধ্যাহ্ন ভোজনো বন্ধ আছে বিদ্যালয়খনত। এনে বিদ্সমূহৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।

মন্দিয়াত শিক্ষা বিভাগত ভয়ংকৰ দুৰ্নীতি , বিনামূলীয়া ইউনিফৰ্মৰ ধন আত্মসাতৰ কেলেংকাৰী

সৰৱ বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি । ভয়ঙ্কৰ দুৰ্নীতিত জড়িত প্ৰতিজন শিক্ষক ,চৰকাৰী বিষয়াক সংবাদমেলযোগে গ্ৰেপ্তাৰৰ দাবী ।

সৰ্বশিক্ষা মিছন অভিযানৰ অধীনত বিনামূলীয়া ইউনিফৰ্মৰ বাবদ প্ৰতিজন ছাত্ৰ ছাত্ৰীক প্ৰতিবছৰে ৬০০ টকাৰে দুযোৰকৈ ইউনিফৰ্ম যোগান ধৰা হয় । সমান্তৰালকৈ বৰপেটা জিলাতো প্ৰতিখন বিদ্যালয় সমূহত ২০২০-২১শিক্ষা বৰ্ষৰ ইউনিফৰ্মৰ বাবদ অসম চৰকাৰে অনুদান আগবঢ়াইছে কিন্ত একাংশ বিষয়া আৰু বিদ্যালয় পৰিচালনা সমিতি উঠিপৰি লাগিছে দৰিদ্ৰ ছাত্ৰ -ছাত্ৰীৰ ইউনিফৰ্মৰ ধন আত্মসাত কৰিবলৈ,এনে ভয়ঙ্কৰ দুৰ্নীতি পোহৰলৈ পোহৰলৈ আহিছে মন্দিয়া শিক্ষা খণ্ডত ।

ছাত্ৰ -ছাত্ৰীক ইউনিফৰ্মৰ বিতৰণ নকৰাকৈ একাধিক স্কুলৰ ধন আত্মসাতৰ কেলেংকাৰী পোহৰলৈ আহিছে । তাৰে মাজত উল্লেখযোগ্য বিদ্যালয়সমূহ হৈছে- ১৪৮৪ নং বাঘবৰ প্ৰাথমিক বিদ্যালয়,১৮৩৩ ৰামাপৰা গাঁও প্ৰাথমিক বিদ্যালয়,৩১নং বাঘবৰ জনিয়াৰ বেচিক প্ৰাথমিক বিদ্যালয়,১০৬১ নং বালিকুৰী হাজীপাৰা প্ৰাথমিক বিদ্যালয়,১৯১৬নং জাহানাৰ পাৰ ঘোলা প্ৰাথমিক বিদ্যালয় ।যাৰ বাবে গৰজি উঠিছে বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। সংগঠনটোৱে মন্দিয়াত এক সংবাদ মেলৰ জৰিয়তে ভয়ংকৰ কেলেংকাৰীত জড়িত প্ৰতিজন শিক্ষক , বিষয়াক গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় ।

তদুপৰি সংগঠনটোৱে কয় যে, আগন্তক সাত দিনৰ ভিতৰত ছাত্ৰ -ছাত্ৰীক উনিফৰ্ম যোগান নধৰিলে ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হব । উক্ত সাংবাদমেলত উপস্থিত থাকে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক আলামিন আহমেদ, বৰপেটা জিলা ছাত্ৰ মুক্তিৰ সাধাৰন সম্পাদক ৰফিকুল ইছলাম ,কাৰ্য্যকৰী সভাপতি ৰাতুল হুছেইন ৰ লগতে মইনুল হক।

পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনাৰে ভৰপূৰ অসম-অৰুণাচল সীমান্তৰ নাৰী পাহাৰ

পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনাৰে ভৰপূৰ অসম-অৰুণাচল সীমান্তৰ নাৰী পাহাৰৰ টিলাত অৱস্থিত ঐতিহাসিক বাসুদেৱ থানঃ 
 লোকচকুৰ দৃষ্টিত নপৰা এখনি ঐতিহাসিক থান I যিখন থান কোনে আৰু কেতিয়া প্ৰতিষ্ঠা কৰিছিল তাৰ সঠিক তথ্য পোৱা নাযায় I অসম আৰু অৰুণাচলৰ বুৰঞ্জীত এই ঠাইৰ বিষয়ে কোনো তথ্য উল্লেখ নাই I ধেমাজি জিলাৰ জোনাই মহকুমাৰ সদৰৰ পৰা ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ পশ্চিম দিশে প্ৰায় ১৮ কিলমিটাৰ দূৰৈত লাইমেকুৰীৰ পৰা প্ৰায় ৮ কিলমিটাৰ উত্তৰ দিশে থকা পাহাৰৰ টিলাত অৱস্থিত এই বাসুদেৱ থান I

অসম-অৰুণাচল সীমান্ত প্ৰদেশৰ নাৰী মহকুমাৰ ডিকাৰী নৈৰ সমীপত অৱস্থিত এইখন নাৰী পাহৰতে আছে ভগৱান বাসুদেৱে জিৰণি লোৱা ঐতিহাসিক ঠাই বাসুদেৱ থান I জনশ্ৰুতি অনুসৰি বিদৰ্ভ ৰাজ্যৰ ৰজা ভীস্মকৰ কন্যা ৰুক্মিণীক কুণ্ডিল নগৰৰ (শদিয়াৰ সমীপৰ) পৰা ভগৱান শ্ৰীকৃষ্ণই হৰণ কৰি মূৰ্কংচেলেক হৈ  যাওঁতে ডিকাৰী নৈৰ সমীপৰ এইখন পাহাৰৰ টিলাত জিৰণি লৈছিল শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীয়ে। জিৰণি লোৱা এই ঠাইখন কালক্ৰমত বাসুদেৱ থান হিচাপে পৰিচিত হ’ল I এই বাসুদেৱ থানৰ চৌপাশে হিন্দু ধৰ্মীয় স্থাপত্য আৰু ভাস্কৰ্য্য পৰিলক্ষিত হয় I

এইখিনিতে উল্লেখ কৰিব পাৰি যে অৰুণাচল প্ৰদেশৰ লিকাবালিত অৱস্থিত মালিনী থানৰ স্থাপত্য আৰু এই বাসুদেৱ থানৰ স্থাপত্যৰ সাদৃশ্য দেখিবলৈ পোৱা যায় I শ্ৰীকৃষ্ণ পদধূলি পৰা এইখন থানত দৰ্শন কৰিলে মনৰ বাঞ্ছা পূৰ্ণ হয় বুলি স্থানীয় লোকৰ মাজত বিশ্বাস আছে ।সন্তানহীন সকলে এই থান দৰ্শন কৰিলে মনৰ কামনা প্ৰাপ্তি হয় বুলি বিশ্বাস আছে I ভক্তৰ সকলো আশা পূৰ্ণ হয় বুলি বিশ্বাস আছে এই থান দৰ্শন কৰিলে I নাৰী পাহাৰৰ টিলাত অৱস্থিত এই বাসুদেৱ থানৰ পৰা ডিকাৰী নৈৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিব পাৰি ।

চাৰিওঁফালে সেউজীয়া পৰিৱেশ আৰু ডিকাৰী নৈৰ নৈসৰ্গিক পৰিবেশে আপ্লুত কৰে ভক্তৰ মন । বছৰৰ মাঘ বিহুত বাসুদেৱ থানত দেশৰ বিভিন্ন ঠাইৰ ভক্তৰ সোঁত বয় । তদুপৰি প্ৰতি শনিবাৰে অগনন ভক্ত বাসুদেৱৰ দৰ্শনৰ বাবে অহা পৰিলক্ষিত হয় ।অৰুণাচল প্ৰদেশৰ পুৰাতত্ব আৰু পৰ্যটন বিভাগে বাসুদেৱ থানৰ আন্তঃগাঁথনিৰ বাবে কিছু প্ৰয়াস কৰিছে যদিও সেয়া যথেষ্ট নহয় ।বাসুদেৱ থানলৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে  যোৱা পথটিৰ অৱস্থাও জৰাজীৰ্ণ  তদুপৰি এই ঐতিহাসিক বাসুদেৱ থানত নাই পানীৰ ব্যৱস্থা, নাই ভক্তৰ বাবে থকাৰ ব্যৱস্থা, মন্দিৰৰ অৱস্থাও জৰাজীৰ্ণ ।

অৰুণাচল প্ৰদেশৰ জনজাতীয় লোকসকলে বসবাস কৰা এই অঞ্চলৰ কিছুসংখ্যক হিন্দু লোকে সুৰক্ষা দি আহিছে এই ঐতিহাসিক থানখনক । অসম আৰু অৰুণাচল চৰকাৰৰ পুৰাতত্ব আৰু পৰ্য্যটন বিভাগক এই থানখনৰ আন্তঃগাঁথনিৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভক্তপ্ৰাণ ৰাইজে অনুৰোধ জনাইছে । পুৰাতত্ব আৰু পৰ্য্যটন বিভাগে গুৰুত্ব আৰোপ কৰিলে ঐতিহাসিক  বাসুদেৱ থান এদিন ভাৰতবৰ্ষৰ ভিতৰত অন্যতম পৰ্য্যটন স্থলীৰূপে  চিহ্নিত  হ’ব সেয়া নিশ্চিত ।

ইউক্ৰেইনত গুলীবিদ্ধ এজন ভাৰতীয় ছাত্ৰ, হাস্পতালত ভৰ্তি

ইউক্ৰেইনত পুনেৰ গুলীবিদ্ধ এজন ভাৰতীয় ছাত্ৰ।ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ পৰা স্থানান্তৰিত হ’বলৈ চেষ্টা কৰোঁ‌তে গুলীবিদ্ধত আহত হয়।এই কথা সংবাদ মাধ্যমৰ আগত জনাই কেন্দ্ৰীয় মন্ত্ৰী ভিকে সিঙে।গুলীবিদ্ধ ছাত্ৰজনক উদ্ধাৰ কৰি কিভৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে।মন্ত্ৰীগৰাকীয়ে কয় যে আমি খবৰ লাভ কৰিছো যে কিয়েভ এৰি যোৱা এজন শিক্ষাৰ্থী গুলীবিদ্ধ হৈছিল। তেওঁক কিয়েভলৈ ঘূৰাই নিয়া হৈছে আৰু লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হৈছে।