Breaking

পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনাৰে ভৰপূৰ অসম-অৰুণাচল সীমান্তৰ নাৰী পাহাৰ

0 262

পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনাৰে ভৰপূৰ অসম-অৰুণাচল সীমান্তৰ নাৰী পাহাৰৰ টিলাত অৱস্থিত ঐতিহাসিক বাসুদেৱ থানঃ 
 লোকচকুৰ দৃষ্টিত নপৰা এখনি ঐতিহাসিক থান I যিখন থান কোনে আৰু কেতিয়া প্ৰতিষ্ঠা কৰিছিল তাৰ সঠিক তথ্য পোৱা নাযায় I অসম আৰু অৰুণাচলৰ বুৰঞ্জীত এই ঠাইৰ বিষয়ে কোনো তথ্য উল্লেখ নাই I ধেমাজি জিলাৰ জোনাই মহকুমাৰ সদৰৰ পৰা ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ পশ্চিম দিশে প্ৰায় ১৮ কিলমিটাৰ দূৰৈত লাইমেকুৰীৰ পৰা প্ৰায় ৮ কিলমিটাৰ উত্তৰ দিশে থকা পাহাৰৰ টিলাত অৱস্থিত এই বাসুদেৱ থান I

অসম-অৰুণাচল সীমান্ত প্ৰদেশৰ নাৰী মহকুমাৰ ডিকাৰী নৈৰ সমীপত অৱস্থিত এইখন নাৰী পাহৰতে আছে ভগৱান বাসুদেৱে জিৰণি লোৱা ঐতিহাসিক ঠাই বাসুদেৱ থান I জনশ্ৰুতি অনুসৰি বিদৰ্ভ ৰাজ্যৰ ৰজা ভীস্মকৰ কন্যা ৰুক্মিণীক কুণ্ডিল নগৰৰ (শদিয়াৰ সমীপৰ) পৰা ভগৱান শ্ৰীকৃষ্ণই হৰণ কৰি মূৰ্কংচেলেক হৈ  যাওঁতে ডিকাৰী নৈৰ সমীপৰ এইখন পাহাৰৰ টিলাত জিৰণি লৈছিল শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীয়ে। জিৰণি লোৱা এই ঠাইখন কালক্ৰমত বাসুদেৱ থান হিচাপে পৰিচিত হ’ল I এই বাসুদেৱ থানৰ চৌপাশে হিন্দু ধৰ্মীয় স্থাপত্য আৰু ভাস্কৰ্য্য পৰিলক্ষিত হয় I

এইখিনিতে উল্লেখ কৰিব পাৰি যে অৰুণাচল প্ৰদেশৰ লিকাবালিত অৱস্থিত মালিনী থানৰ স্থাপত্য আৰু এই বাসুদেৱ থানৰ স্থাপত্যৰ সাদৃশ্য দেখিবলৈ পোৱা যায় I শ্ৰীকৃষ্ণ পদধূলি পৰা এইখন থানত দৰ্শন কৰিলে মনৰ বাঞ্ছা পূৰ্ণ হয় বুলি স্থানীয় লোকৰ মাজত বিশ্বাস আছে ।সন্তানহীন সকলে এই থান দৰ্শন কৰিলে মনৰ কামনা প্ৰাপ্তি হয় বুলি বিশ্বাস আছে I ভক্তৰ সকলো আশা পূৰ্ণ হয় বুলি বিশ্বাস আছে এই থান দৰ্শন কৰিলে I নাৰী পাহাৰৰ টিলাত অৱস্থিত এই বাসুদেৱ থানৰ পৰা ডিকাৰী নৈৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিব পাৰি ।

চাৰিওঁফালে সেউজীয়া পৰিৱেশ আৰু ডিকাৰী নৈৰ নৈসৰ্গিক পৰিবেশে আপ্লুত কৰে ভক্তৰ মন । বছৰৰ মাঘ বিহুত বাসুদেৱ থানত দেশৰ বিভিন্ন ঠাইৰ ভক্তৰ সোঁত বয় । তদুপৰি প্ৰতি শনিবাৰে অগনন ভক্ত বাসুদেৱৰ দৰ্শনৰ বাবে অহা পৰিলক্ষিত হয় ।অৰুণাচল প্ৰদেশৰ পুৰাতত্ব আৰু পৰ্যটন বিভাগে বাসুদেৱ থানৰ আন্তঃগাঁথনিৰ বাবে কিছু প্ৰয়াস কৰিছে যদিও সেয়া যথেষ্ট নহয় ।বাসুদেৱ থানলৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে  যোৱা পথটিৰ অৱস্থাও জৰাজীৰ্ণ  তদুপৰি এই ঐতিহাসিক বাসুদেৱ থানত নাই পানীৰ ব্যৱস্থা, নাই ভক্তৰ বাবে থকাৰ ব্যৱস্থা, মন্দিৰৰ অৱস্থাও জৰাজীৰ্ণ ।

অৰুণাচল প্ৰদেশৰ জনজাতীয় লোকসকলে বসবাস কৰা এই অঞ্চলৰ কিছুসংখ্যক হিন্দু লোকে সুৰক্ষা দি আহিছে এই ঐতিহাসিক থানখনক । অসম আৰু অৰুণাচল চৰকাৰৰ পুৰাতত্ব আৰু পৰ্য্যটন বিভাগক এই থানখনৰ আন্তঃগাঁথনিৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভক্তপ্ৰাণ ৰাইজে অনুৰোধ জনাইছে । পুৰাতত্ব আৰু পৰ্য্যটন বিভাগে গুৰুত্ব আৰোপ কৰিলে ঐতিহাসিক  বাসুদেৱ থান এদিন ভাৰতবৰ্ষৰ ভিতৰত অন্যতম পৰ্য্যটন স্থলীৰূপে  চিহ্নিত  হ’ব সেয়া নিশ্চিত ।

Leave A Reply