Home Blog Page 2577

ৰাছিয়াৰ সৈতে ইটোৰ পাছত সিটো কোম্পানীয়ে ছিন্ন কৰিলে বানিজ্যিক সম্পৰ্ক

ইউক্ৰেইনৰ ওপৰত ‘বিশেষ সামৰিক অভিযান’ ঘোষণা কৰা দিন ধৰি পশ্চিমীয়া দেশ সমূহে ৰাছিয়াৰ ওপৰত বিভিন্ন প্ৰতিবন্ধকতা আৰোপ কৰি আহিছে। শেহতীয়াকৈ মাইক্ৰছফ্ট, এপল, ডেল আদি জনপ্ৰিয় কোম্পানীয়ে দেশখনৰ সৈতে বানিজ্যিক সম্পৰ্ক ছিন্ন কৰাৰ কথা ঘোষণা কৰিছে। মাইক্ৰছফ্ট কোম্পানীৰ ফালৰ পৰা শুক্ৰবাৰে কোৱা হৈছে যে কোম্পানীটোৱে ৰাছিয়াত ইয়াৰ সামগ্ৰী আৰু সেৱাৰ নতুন বিক্ৰী স্থগিত ৰাখিছে। পূৰ্বে কেইবাটাও কোম্পানীয়ে তেওঁলোকৰ বানিজ্যিক সম্পৰ্ক শেষ কৰাৰ কথা ঘোষণা কৰাৰ পাছত মইক্ৰছফটৰ ঘোষণা মস্কোৰ পৰা নিজকে আঁতৰাই ৰখা শেহতীয়া পশ্চিমীয়া কোম্পানী হিচাপে চিহ্নিত হৈ পৰিছে। কেইবাটাও মুখ্য কোম্পানী, যাৰ ভিতৰত আছে এপল, নাইক(NIKE) আৰু ডেল টেকন’লজিছএ ৰাছিয়াৰ সৈতে সম্পৰ্ক ছিন্ন কৰিছে কিয়নো পশ্চিমীয়া ৰাষ্ট্ৰসমূহে আক্ৰমণৰ পিছত মস্কোৰ বিৰুদ্ধে সাহসী নিষেধাজ্ঞা আৰোপ কৰিছে। এপলে মঙলবাৰে কৈছিল যে ই ৰাছিয়াত সকলো সামগ্ৰীৰ বিক্ৰী স্থগিত ৰাখিছিল। ডেলে যোৱা সপ্তাহত একে ধৰণৰ পদক্ষেপ লৈছিল। নতুন বিক্ৰী স্থগিত ৰখাৰ উপৰিও মাইক্ৰছফ্টে কোম্পানীয়ে চৰকাৰী নিষেধাজ্ঞা পালন কৰি ৰাছিয়াত ইয়াৰ ব্যৱসায়ৰ বহুতো দিশ বন্ধ কৰি দিছিল। এই কথা সদৰি কৰিছে কোম্পানীটোৰ সভাপতি ব্ৰেড স্মিথে।

প্ৰযুক্তি প্ৰতিষ্ঠানসমূহেও শেহতীয়া দিনবোৰত চৰকাৰৰ অনুৰোধ আৰু ৰাছিয়াৰ প্ৰচাৰ প্ৰতিহত কৰাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আৰটি আৰু স্পুটনিককে ধৰি ৰাছিয়াৰ ৰাষ্ট্ৰ নিয়ন্ত্ৰিত সংবাদ মাধ্যমসমূহক সীমাবদ্ধ কৰিবলৈ আগবাঢ়িছে। এই সপ্তাহৰ আৰম্ভণিতে, মাইক্ৰছফ্টে কৈছিল যে ই উইণ্ডোচ এপ ষ্টোৰৰ পৰা আৰটিৰ ম’বাইল এপ্পবোৰ আঁতৰাই দিছে আৰু ৰাছিয়াৰ ৰাজ্যিক পৃষ্ঠপোষকতা কৰা মিডিয়াত বিজ্ঞাপন নিষিদ্ধ কৰিছে। ফেচবুক-স্বত্বাধিকাৰী মেটা প্লেটফৰ্মচ আৰু এলফাবেটৰ গুগল আৰু ইউটিউবে ৰাছিয়াৰ ৰাজ্যিক সংবাদ মাধ্যমক তেওঁলোকৰ প্লেটফৰ্মত বিজ্ঞাপনৰ পৰা ধন উপাৰ্জন কৰাত বাধা দিয়াৰ ব্যৱস্থাও গ্ৰহণ কৰিছে। ৰাছিয়াৰ ওপৰত এটাৰ পাছত আনটো প্ৰতিবন্ধকতা সৃষ্টি কৰিছে পশ্চিমীয়া দেশৰ বহু আন্তৰ্জাতিক কোম্পানীয়ে। এই কাৰ্যই ৰাছিয়াৰ অৰ্থনৈতিক দিশক প্ৰভাৱিত কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

কাজিৰঙাত গড়ৰ সংখ্যা বৃদ্ধি হৈছেনে নাই হ’ব গণনা!

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সোনকালেই আৰম্ভ হ’ব গঁড় গণনা। জানিবলৈ পোৱা মতে, চলিত মাহৰ ২৫, ২৬ আৰু ২৭ তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় গণনাৰ সম্ভাৱনা আছে। এই সম্পর্কে কাজিৰঙাৰ কঁহৰাত অৱস্থিত বন বিভাগৰ মহিমিৰী আলোচনা গৃহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়াই শেহতীয়াকৈ বনাঞ্চলিক বিষয়া, গৱেষণা বিষয়া আদিৰ সৈতে এক আলোচনাত মিলিত হয়। আলোচনাত গঁড় গণনাৰ বাবে উক্ত সম্ভাব্য দিন স্থিৰ কৰিছে যদিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভৰ সঞ্চালক আৰু ৰাজ্যখনৰ বন বিভাগৰ উচ্চপদস্থ বিষয়াৰ অনুমতি পোৱাৰ পিছতহে তাৰিখ চূড়ান্ত কৰা হ’ব বুলি উদ্যান কর্তৃপক্ষই মত প্রকাশ কৰিছে।

উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ ২০১৮ চনত কৰা গঁড় গণনা মতে ২,৪১৩টা গঁড় পোৱা গৈছিল। এইবাৰো গঁড়ৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি বন বিষয়াই আশা কৰিছে। উল্লেখযোগ্য যে গঁড় গণনাৰ পূৰ্বে উদ্যানখনৰ অৰণ্য বিশেষকৈ খেৰনি, ইকৰানি, নদী, বিলৰ পাৰ আদি এলেকা অর্থাৎ যিবোৰ সম্ভাব্য স্থানত গঁড়ে বিচৰণ কৰি থাকে তেনে এলেকাবোৰত জুই দি পৰিষ্কাৰ কৰাটো অতি প্রয়োজন। তেতিয়াহে গণনাকাৰীসকলে গঁড়ক প্রত্যক্ষ কৰি গণনা কৰাত সুবিধা হয়। ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা, বাগৰি, অগৰাতলি, বুঢ়াপাহাৰ আদি বনাঞ্চলৰ নির্বাচিত অৰণ্যত বনকৰ্মীয়ে জুই দিয়া আৰম্ভ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই জানিবলৈ দিয়া মতে, এইবাৰ কাজিৰঙাৰ অৰণ্যত জুই দিয়া হৈছে যদিও ঘাঁহনি, ইকৰানি আদি এতিয়ালৈকে ভালকৈ জ্বলা নাই। ইকৰানি আৰু ঘাঁহনি বর্তমান কেঁচা হৈ থকাৰ লগতে বতাহ পর্যাপ্ত বলা নাই। যাৰ ফলত জুইৰ প্ৰকোপ কম হৈ আছে।

উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৯৫০ চনৰ পৰাই অৰণ্যত জুই দিয়া যাক ইংৰাজীত “কণ্ট্ৰল বার্নিং” আৰম্ভ কৰা হৈছিল। প্ৰথম অৱস্থাত ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলৰ অধীনত কুঠৰীৰ এলেকাত অৰণ্যত পৰীক্ষামূলকভাৱে জুই দিয়া আৰম্ভ কৰা হৈছিল আৰু পৰৱৰ্তী কালত ৰাষ্ট্ৰীয় উদ্যানৰ আটাইকেইটা বনাঞ্চলতেই এই ব্যবস্থা প্রয়োগ কৰা হয় বিশেষকৈ উদ্যানখনৰ তৃণভোজী বন্যপ্ৰাণীৰ কাৰণে। তৃণভোজী বন্যপ্ৰাণীৰ সংখ্যা দিনক দিনে উদ্যানখনত বৃদ্ধি পাই থকাত ঘাঁহনি এলেকা বহু প্ৰয়োজন হৈ পৰিছে। উল্লেখযোগ্য যে কাজিৰঙাত বহু ঘাঁহনি এলেকা বর্তমান কাঠনিলৈ পৰিণত হৈ পৰিছে। এইটো তৃণভোজী প্ৰাণীৰ কাৰণে শুভ লক্ষণ নহয়। উদ্যান কর্তৃপক্ষই গৱেষণাৰ জৰিয়তে কেনেকৈ কাঠনি এলেকা হ্ৰাস কৰি ঘাঁহনি এলেকা বৃদ্ধি কৰিব পাৰি তাৰ ব্যৱস্থা সময় থাকোঁতেই নল’লে ভৱিষ্যতে ভীষণ সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে বুলিও প্রাণীবিদে মতপ্রকাশ কৰিছে।

বৰপেটাৰ সুন্দৰীদিয়া সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ জগন্নাথ অধিকাৰীৰ মৃত্যু ৷

বৰপেটাৰ সুন্দৰীদিয়া সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ জগন্নাথ অধিকাৰীৰ মৃত্যু ৷ সত্ৰীয়া সংস্কৃতিৰ সাধকগৰাকীৰ যোৱা নিশা প্ৰায় ১১ বজাত চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ লাচিত নগৰত মৃত্যু হয় ৷

মৃত্যুৰ সময়ত বুঢ়া সত্ৰাধিকাৰ বাপজনাৰ বয়স হৈছিল প্ৰায় ৭২ বছৰ ৷সত্ৰাধিকাৰ বাপজনাৰ মৃত্যুত সত্ৰনগৰী বৰপেটাৰ লগতে সমগ্ৰ ৰাজুজুৰি শোকৰ ছাঁ ৷

সুন্দৰীদিয়া সত্ৰখনৰ তেওঁ ডেকা সত্ৰাধিকাৰ হিচাপে সেৱা আগবঢ়াৱোৰ পিচত ২০১৬ চনত তেওঁক বুঢ়া সত্ৰাধিকাৰৰ দায়িত্ব অৰ্পন কৰা হৈছিল ৷

দীৰ্ঘকাল সত্ৰীয়া সংস্কৃতিৰে জৰিত সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ অধিকাৰী অসম জাতীয় মহাসভাৰ কাৰ্যকৰী সভাপতি, অসম সত্ৰ মহাসভাৰ বৰপেটা জিলা সমিতিৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছিল ৷মৃত্যুৰ সময়ত তেও পত্নী, পুত্ৰৰ লগতে বহু আত্মীয়-স্বজনক এৰি থৈ যায় ৷

কাজিৰঙাত গঁড় গণনাৰ প্ৰস্তুতিঃ ২০১৮ চনৰ গণনাত পোৱা গৈছিল ২,৪১৩ টা গঁড় থকাৰ তথ্য

বিশ্বৰ সর্বাধিক এটা খর্গ থকা গঁড়ৰ বাসস্থান বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় গণনাৰ প্ৰস্তুতি উদ্যান কৰ্তৃপক্ষই চলাই থকাৰ কথা জানিব পৰা গৈছে । সূত্ৰ এটাই জানিবলৈ দিয়া মতে, চলিত মাহৰ ২৫, ২৬ আৰু ২৭ তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় গণনাৰ সম্ভাৱনা আছে । এই সম্পর্কে কাজিৰঙাৰ কঁহৰাত অৱস্থিত বন বিভাগৰ মহিমিৰী আলোচনা গৃহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন সংমণ্ডল বিষয়াই বনাঞ্চলিক বিষয়া, গৱেষণা বিষয়া আদিৰ সৈতে এক আলোচনাত মিলিত হয় । আলোচনাত গঁড় গণনাৰ বাবে উক্ত সম্ভাব্য দিন স্থিৰ কৰিছে যদিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভৰ সঞ্চালক আৰু ৰাজ্যখনৰ বন বিভাগৰ উচ্চপদস্থ বিষয়াৰ অনুমতি পোৱাৰ পিছতহে তাৰিখ চূড়ান্ত কৰা হ’ব বুলি উদ্যান কর্তৃপক্ষই মত প্ৰকাশ কৰিছে ।

উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ ২০১৮ চনত কৰা গঁড় গণনা মতে ২,৪১৩টা গঁড় পোৱা গৈছিল । এইবাৰো গঁড়ৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি বন বিষয়াই আশা প্ৰকাশ কৰিছে । উল্লেখযোগ্য যে গঁড় গণনাৰ পূৰ্বে উদ্যানখনৰ অৰণ্য বিশেষকৈ খেৰনি, ইকৰানি, নদী, বিলৰ পাৰ আদি এলেকা অর্থাৎ যিবোৰ সম্ভাব্য স্থানত গঁড়ে বিচৰণ কৰি থাকে তেনে এলেকাবোৰত জুই দি পৰিষ্কাৰ কৰাটো অতি প্রয়োজন । তেতিয়াহে গণনাকাৰীসকলে গঁড়ক প্রত্যক্ষ কৰি গণনা কৰাত সুবিধা হয়। ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা, বাগৰি, অগৰাতলি, বুঢ়াপাহাৰ আদি বনাঞ্চলৰ নিৰ্বাচিত অৰণ্যত বনকৰ্মীয়ে জুই দিয়া আৰম্ভ কৰিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই জানিবলৈ দিয়া মতে, এইবাৰ কাজিৰঙাৰ অৰণ্যত জুই দিয়া হৈছে যদিও ঘাঁহনি, ইকৰানি আদি এতিয়ালৈকে ভালকৈ জ্বলা নাই । ইকৰানি আৰু ঘাঁহনি বৰ্তমান কেঁচা হৈ থকাৰ লগতে বতাহো পর্যাপ্ত বলা নাই । যাৰ ফলত জুইৰ প্ৰকোপ কম হৈ আছে ।

এটা গুৰুত্বপূৰ্ণ কথা যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৯৫০ চনৰ পৰাই অৰণ্যত জুই দিয়া যাক ইংৰাজীত কন্ট্রল বার্নিং আৰম্ভ কৰা হৈছিল । প্ৰথম অৱস্থাত ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলৰ অধীনত কুঠৰীৰ এলেকাত অৰণ্যত পৰীক্ষামূলকভাৱে জুই দিয়া আৰম্ভ কৰা হৈছিল আৰু পৰৱৰ্তী কালত ৰাষ্ট্ৰীয় উদ্যানৰ আটাইকেইটা বনাঞ্চলতেই এই ব্যৱস্থা প্রয়োগ কৰা হয় বিশেষকৈ উদ্যানখনৰ তৃণভোজী বন্যপ্ৰাণীৰ কাৰণে । তৃণভোজী বন্যপ্ৰাণীৰ সংখ্যা দিনক দিনে উদ্যানখনত বৃদ্ধি পাই থকাত ঘাঁহনি এলেকা বহু প্ৰয়োজন হৈ পৰিছে । উল্লেখযোগ্য যে কাজিৰঙাত বহু ঘাঁহনি এলেকা বর্তমান কাঠনিলৈ পৰিণত হৈ পৰিছে । এইটো তৃণভোজী প্ৰাণীৰ কাৰণে শুভ লক্ষণ নহয় । উদ্যান কর্তৃপক্ষই গৱেষণাৰ জৰিয়তে কেনেকৈ কাঠনি এলেকা হ্ৰাস কৰি ঘাঁহনি এলেকা বৃদ্ধি কৰিব পাৰি তাৰ ব্যৱস্থা সময় থাকোতেই নললে ভৱিষ্যতে ভীষণ সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে বুলিও প্রাণীবিদে মতপ্রকাশ কৰিছে ।

চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা

এক গোপন সূত্ৰৰ পম খেদি শুক্ৰবাৰে মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ আৰক্ষীৰ এটি দল আৰু মৰিগাঁও A B I শাখাৰ যৌথ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।জানিব পৰা মতে ধৃত ড্ৰাগছ সৰবৰাহকাৰী দিলোৱাৰ হুছেইনে নগাঁৱৰ পৰা মৰিগাঁও অভিমুখে এখন টেম্পুত আহি থকা অবস্থাতে মৰিগাঁও জিলাৰ চৰাইবাহী বৰভগীয়াৰ তিনি আলিৰ পৰা আটক কৰে । নগাঁও গৰুখুঁতি বাৰুকটা গাঁৱৰ ইচমত আলিৰ পুত্ৰ দিলোৱাৰ হুছেইনক আৰক্ষীয়ে সুধপোচৰ বাবে থানালৈ লৈ যায়।আৰু বৰ্তমান অধিক তদন্তৰ বাবে ধৃত দিলোৱাৰ হুছেইনক আৰক্ষীয়ে মিকিৰভেটা আৰক্ষী থানালৈ লৈ যায় ।মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিজেন চন্দ্ৰ বৰাই সংবাদ মাধ্যমৰ আগত জব্দকৃত ড্ৰাগচ খিনিৰ মূল্য পাঁচ লাখ টকাৰ হ’ব বুলি মন্তব্য আগবঢ়াই।

দৈনন্দিন বাৰ্তা মিকিৰভেটা প্ৰতিবেদকঃ পুলক নাথ , মৰিগাঁও (মিকিৰভেটা)

পলাশবাৰী পৌৰসভাৰ নিৰ্বাচনী প্ৰচাৰ সামৰণি

পলাশবাৰী পৌৰসভা নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিন। সকলো ৰাজনৈতিক দলৰ প্ৰক্ষেপিত প্ৰাৰ্থীসকলৰ হৈ কেইবাদিনধৰি নিৰ্বাচনী প্ৰচাৰ চলাই আজি প্ৰচাৰৰ অন্তিম দিনাও প্ৰচাৰ কাৰ্য চলাই। আজি শাসকীয় দল বিজেপি দলে পলাশবাৰী টাউন বিজেপিৰ কাৰ্যালয়ৰ পৰা পদযাত্ৰাৰে এক নিৰ্বাচনী শোভাযাত্ৰা উলিয়াই। সহস্ৰাধিক লোক উপস্থিত থকা শোভাযাত্ৰাত গুৱাহাটীৰ লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি ধনেশ্বৰ তালুকদাৰসহ বহুকেইজন নেতা কৰ্মীয়ে অংশ গ্ৰহণ কৰে।

পলাশবাৰী টাউনৰ বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়ৰ পৰা শোভাযাত্ৰা আৰম্ভ কৰি পলাশবাৰীৰ ৱাৰ্ড কেইটা পৰিভ্ৰমণ কৰি বিজেপি জিন্দাবাদ, নৰেন্দ্ৰ মোডী জিন্দাবাদ, ড০ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ আদি ধ্বনি আকাশ-বতাহ কপাই তোলে। দহটা ৱাৰ্ডৰ ১ নং ৱাৰ্ডত অগপৰ প্ৰাৰ্থী থকাৰ বিপৰীতে আন ৯ টা ৱাৰ্ডত বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। বিধায়ক হেমাংগ ঠাকুৰীয়াই দহটা ৱাৰ্ডতেই বিজয়ী হৈ পৌৰসভা গঠন কৰিব বুলি নিৰ্বাচনী প্ৰচাৰ অভিযানত মন্তব্য কৰে। সাংসদ কুইন ওজাও বিজেপিয়ে চৰকাৰ গঠন হোৱাৰে পৰা বৰ্তমানলৈ উন্নয়ণৰ ধাৰা অব্যাহত ৰাখিছে। পলাশবাৰী পৌৰসভাৰ বিজেপিৰ সমৰ্থিত প্ৰাৰ্থীসকলক বিপুল ভোটত জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায়। আনহাতে অসম জাতীয় পৰিষদেও প্ৰাৰ্থীসকলক লৈ এক নিৰ্বাচনী শোভাযাত্ৰা উলিয়াই। উক্ত শোভাযাত্ৰাত অসম জাতীয় পৰিষদৰ নেতা পংকজ লোচন গোস্বামীসহ বহু কেইজন নেতা কৰ্মী উপস্থিত থাকে।

সৰুসজাইত আন্তঃজিলা এথলেটিকচ্ প্ৰতিযোগিতা

চলিত বৰ্ষৰ অহা ৮-১১ মাৰ্চলৈ গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকচ্ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৪৩ সংখ্যক আন্তঃজিলা জুনিয়ৰ-চিনিয়ৰ এথলেটিকচ্ প্ৰতিযোগিতা। প্ৰতিযোগিতাৰ ইভেন্টসমূহত অংশগ্ৰহনৰ বাবে কামৰূপ জিলা এথলেটিকচ্ দলৰ ৫১ জনীয়া খেলুৱৈৰ তালিকা ঘোষনা। প্ৰতিযোগিতাত অংশগ্ৰহন কৰিবলগীয়া  খেলুৱৈসকল ক্ৰমে লৰা-গৌতম ডেকা,ধ্ৰুৱজ্যোতি কলিতা, কমল আলী, লোকমান আলী, চিন্ময় বৰ্মন,জিৎ কলিতা, জিতুমণি দাস ভাৰ্গৱ বড়ো, বিশ্বজিত দাস,মন্টু ডেকা,নিহাৰজ্যোতি বৰুৱা, নৱ হাজৰিকা,লক্ষী কলিতা, হীৰকজ্যোতি কলিতা, প্ৰনৱ বৰ্মন,দিব্যজ্যোতি কলিতা, জুমন কলিতা,জিষ্ণুজ্যোতি নাথ,নিলোদয় কলিতা,ধিমাংগ কলিতা,প্ৰশান্ত দাস,দ্বীপ দাস, হীৰক ৰাজবংশী, মিন্টু বৰা,বিকাশ বড়ো,বিকি কুমাৰ,দিৱস কলিতা,আমিনুল ইছলাম,মানস প্ৰতিম ৰাভা,বিকাশ কলিতা আৰু কৌশিক ডেকা

আনহাতে ছোৱালী:সুষ্মিতা বড়ো,হিমা তাঁতী,ফাৰিদা খাতুন,পিংকী কুমাৰী,মধুমিতা বৈশ্য,প্ৰিয়ংকা বড়ো, জিজ্ঞাসা দাস, মৌচুমী বড়ো,অনুপ্ৰিয়া দাস,ধৃতিমা উজীৰ,ডিম্পী মেধি,চয়নিকা কলিতা,তৰালি দাস,নিপা তালুকদাৰ,হিমাশ্ৰী ৰাভা,কংকনা নন্দী ৰয়,মিনাক্ষী দাস আৰু ধৃতি দাস।দলটোৰ প্ৰশিক্ষক- পৰাগজ্যোতি বৈশ্য আৰু মেনেজাৰদ্বয় গীতুমণি দাস আৰু ৰূপক বৈশ্য।

তামুলপুৰত মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্বাৰ ৪ কিশোৰ কিশোৰী

তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ পৰা কাম দিয়াৰ প্ৰলোভনেৰে লৈ যোৱা যুৱক-যুৱতীৰ দলক উদ্বাৰ দৰঙামেলা আৰক্ষীৰ। যোৱা ১ মাৰ্চৰ নিশা তামুলপুৰ জিলাৰ ভাৰত- ভূটান সীমান্তৰ পৰা মৰিয়ম মাৰ্ডি নামৰ এগৰাকী মহিলাই বহিঃ ৰাজ্যত কাম দিয়াৰ প্ৰলোভনেৰে জম্মু-কাশ্মীৰত নি থকা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে লোক কেইজনক। উল্লেখ্য যে, সৰবৰাহকাৰী গৰাকীয়ে ৰঙিয়াৰ এটা বাসগৃহত যুৱক যুৱতী কেইজনক লৈ অনাৰ পিছত দৰঙামেলা অঞ্চলৰ যুৱক যুৱতী চাৰিজনে মানৱ সৰবৰাহ কাৰীৰ কৱলত পৰাৰ উমান পাই দৰঙামেলা আৰক্ষীক খবৰ দিয়াত দৰঙামেলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গোপাল দলে ৰঙিয়া আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে মুঠ ১৩ গৰাকী যুৱক- যুৱতীক তথা কিশোৰ কিশোৰীক।

ইয়াৰে ৯ গৰাকীক ৰঙিয়া আৰক্ষীক গতাই দিয়াৰ লগতে আন চাৰি গৰাকী লোকক লৈ আনে দৰঙামেলা আৰক্ষী চকীত। পৰৱৰ্তী সময়ত পুনৰ দৰঙামেলাৰ লোক চাৰি জনৰ সৈতে সৰবৰাহকাৰী মৰিয়ম মাৰ্ডিয়ে যোগাযোগ স্থাপন কৰোতে দৰঙামেলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল দলে সৰবৰাহকাৰী গৰাকীক আটক কৰি  সোধপোচৰ অন্তত আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ লগতে বাকী কেইজন সৰবৰাহকাৰীক আটক কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে দৰঙামেলা আৰক্ষীয়ে

গুৱাহাটী-উত্তৰ গুৱাহাটী ৰ’পৱে সেৱা বন্ধৰ অন্তৰালত জিএমডিএ

গুৱাহাটী – উত্তৰ গুৱাহাটী ৰ’পৱে সেৱা বিগত ২৮ ফেব্ৰুৱাৰীৰ পৰা অহা ১০ মাৰ্চলৈ বন্ধ হৈ থাকিব । জানিব পৰা মতে বাৰ্ষিক মেৰামতিৰ বাবে বন্ধ বন্ধ ৰখা হৈছে এই সেৱা । প্ৰতি বছৰে পৰিচালনাৰ দায়িত্বত থকা কম্পেনীয়ে বছৰেকীয়া মেৰামতি কৰি অহাৰ উপৰিও সপ্তাহত এদিন কাৰিকৰী দিশ চোৱা চিতা কৰে বুলি জানিব পৰা গৈছে । পুৰ্বৰ সমীৰ দামোদৰ ৰূপৱেৰ পৰিবৰ্তে ঊষা ব্ৰেকো কম্পেনীক এইবাৰ দিয়া হৈছে ৰ’পৱে পৰিচালনাৰ দায়িত্ব । আৰম্ভণিৰ পৰা নিৰ্মাণ সংস্থা সমীৰ দামোদৰ ৰ’পৱে বাৰ্ষিক চুক্তিত এই ৰ’পৱে সেৱা চলাই আহিছিল । উল্লেখ্য যে বিগত বৰ্ষত ৰ”পৱেৰ নিয়মীয়া পযীক্ষণৰ পিছতো চলমান চকা ক্ষয় হোৱা ধৰিব পৰা নাছিল ।  কথমপি দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰা ৰ’পৱেৰ এই কথাক কতৃপক্ষই কণ্ট্ৰ’ল পেনেলৰ বিজুতি বুলিহে প্ৰচাৰ চলাইছিল । ৰ’পৱে সেৱা বন্ধৰ আৰত আছে নেকি আন কোনো গোপন ৰহস্য, সম্প্ৰতি চৰ্চাৰ বিষয় হৈ পৰিছে ।  যাৰ বাবে  ৰ”পৱে সেৱা বাৰ্ষিক মেৰামতিৰ বাবে ২৮ ফ্ৰেবুৱাৰীৰ পৰা  ১০ মাৰ্চলৈ ৰ’পৱে সেৱা বন্ধৰ চাইন ব’ৰ্ড আৰি টাৰ্মিনেলত সংবাদ মাধ্যমৰো প্ৰবেশ নিষেধ কৰিছে ।

যাতে সংবাদ মাধ্যমে ভিতৰ চ’ৰাৰ খবৰ অথবা গোপন ৰহস্য প্ৰকাশ কৰিব নোৱাৰে বুলি বু বা চলিছে উত্তৰ গুৱাহাটীত । উল্লেখ্য যে ২০০৭ চনত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু গুৱাহাটী উন্নয়ন মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী ৰ’পৱেৰ শিলান্যাস কৰিছিল । শিলান্যাসৰ পিছত কিছুদিন  নিৰব হৈ পুণৰ ২০০৯ চনত গুৱাহাটী উত্তৰ গুৱাহাটীৰ দুইপাৰে দুটা খুঁটা নিৰ্মাণ কৰি ব্যয় কৰিছিল ২৬ কোটি টকা । পিছে ব্লেক লিষ্টেট সমীৰ দামোদৰ ৰ”পৱেৱে গুৱাহাটী দিশত স্থাপন কৰা খুঁটা নিৰ্মাণতে বেঁকা হৈ ওলমি ৰৈছিল । ইয়াৰ পিছত ৰ’পৱেৰ কামৰ নাম গোন্ধ নথকাত তদানিন্তন গুৱাহাটী উন্নয়ন মন্ত্ৰী যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল । ৰাজকোষৰ ধনৰ শৰাধ পাতি পকেট গৰম কৰাৰ মুকলি চৰ্চা হৈছিল । ইয়াৰ পিছত ৰ”পৱেৰ বৃহৎ কেলেংকাৰী গাপ দিয়াৰ উদ্দেশ্যে পুৰাতাত্বিক সমলৰ ওপৰত আঘাট হানাৰ এক গোছৰ ৰজুৰে বিষয়টি আদালতৰ মজিয়াত ওলমাই ৰখা হৈছিল বুলি কিছুসংখ্যক লোকে অভিযোগ তুলিছিল । পৰবৰ্তী ২০১৮ চনত পুণৰ ৰ’পৱেৰ কাম আৰম্ভ কৰি ৫৬ কৌটিটকা ব্যয়ৰে সমীৰ দামোৰ নামৰ বহুজাতিক প্ৰতিস্থানে ২০২০ চনৰ ২৪ আগষ্টত মুকলি কৰে গুৱাহাটী ৰ’পৱে সেৱা । ৰ’পৱে সেৱা মুকলিৰ পিছত গুৱাহাটী উত্তৰ গুৱাহাটীৰ যাতায়ত ব্যবস্থাত কিছু সকাহ দিব বুলি আশা কৰা হৈছিল যদিও সাধাৰণ লোকৰ যাতায়ত ব্যবস্থাতে নহয় ব্যবসায়ীক দিশতো বিশেষ সফল নহল এই ৰ’পৱে সেৱা ।

এতিয়া গুৱাহাটী উন্নয়ন প্ৰাধিকৰণৰ তদাৰকত থকা(GMDA) বিভাগীয় বিষয়া অভিযন্তাৰ চৰম দুৰ্নীতি তথা বিত্তীয় কেলেংকাৰীক গাপ দিয়াৰ বাবেই সমীৰ দামোদৰ  প্ৰতিস্থানক বিদায় দি এইবাৰ  অখ্যাত উষা ব্ৰেকো লিমিটেড কোম্পানীক ৰ’পৱে সেৱাৰ কামকাজ গতাই হাত সাৰিব বিছাৰিছে বুলি জনৈক বড়া উপাধিৰ এগৰাকী অভিযন্তাৰ বিৰুদ্ধে উঠিব লৈছে নানা অভিযোগ । কেইবাবাৰো ৰ’পৱে ব্যয়ৰ ওপৰত প্ৰশ্ন উঠাত তদন্তৰ প্ৰক্ৰিয়া আৰম্ভ নহওতেই সমাপ্ত হৈ আছে বুলিও উঠিছে ৰাইজৰ অভিযোগ। যাৰবাবে ৰ’পৱেৰ সকলো দিশ সামৰি নিৰপেক্ষ তদন্ত হলে ৰৌ বৰালি জালত পৰিব বুলি সচেতন ৰাইজে গুনাগঠা কৰি শীঘ্ৰেই ইয়াৰ তদন্ত কৰি ৰ’পৱেক লৈ চলি থকা বৃহৎ দুৰ্নীতিৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰি ৰ’পৱে সেৱা সুচল কৰি তুলিবলৈ বৰ্তমানৰ গুৱাহাটী উন্নয়ন মন্ত্ৰীৰ লগতে কামৰূপ জিলা আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত দুয়োগৰাকীক উত্তৰ গুৱাহাটী বাসী ৰাইজে আহ্বান জনাইছে। 

বঙাইগাঁৱত অগপৰ বিশাল সমদলঃ আৱেগিক ফণীভূষণ চৌধুৰী

অগপৰ দুৰ্গ বঙাইগাঁৱত আজি পুনৰ শক্তি প্ৰদৰ্শন কৰিলে বিধায়ক ফণীভূষণ চৌধুৰীয়ে৷ আজি পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্তিম দিনা অগপ দলে বঙাইগাঁও চহৰত উলিয়ায় এক বৃহৎ সমদল ৷ পৌৰসভা এলেকাৰ বিভিন্ন ৱাৰ্ডৰ দলীয় প্ৰাৰ্থীসকলক লগত লৈ উলিওৱা সমদলে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ ইপিনে দলটোৰ প্ৰতি থকা ৰাইজৰ সমৰ্থন দেখি আৱেগিক হৈ পৰে বিধায়ক ফণীভূষণ চৌধুৰী ৷ আৱেগিক হৈ পৰা বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে অসম গণ পৰিষদৰ লগত সদায় নাৰী শক্তি আছে আৰু আজি তাৰেই প্ৰতিফলন ঘটিছে ৷ মোৰ প্ৰতি যি আস্থা, মোৰ প্ৰতি যি বিশ্বাস সেয়া দেখি মই আজি নিজেই অভিভূত হৈ পৰিছো ৷ সঁচাই বঙাইগাঁওবাসী ৰাইজ অসম গণ পৰিষদ দলৰ লগত আছে আৰু সঁচাই বঙাইগাঁওবাসী ৰাইজে মোক আস্থা আৰু বিশ্বাসত লৈছে ৷ তাৰ কাৰণে মই বঙাইগাঁওবাসী ৰাইজ তথা নাৰী শক্তিৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছো ৷

ৰাইজৰ এই সমৰ্থনে আঞ্চলিকতাবাদৰ এটা নতুন পদক্ষেপ গ্ৰহণ কৰিছে আৰু ইয়ে সমগ্ৰ অসমত আঞ্চলিকতাবাদ শক্তিটো যে উত্থান হ’ব তাৰ এয়া আগ জাননী দিছে বুলিও কয় ৷ বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অন্তিম দিনাও দৃঢ়তাৰে কয় যে যোৱাবাৰ আমি যি ২০ খন আসন লাভ কৰিছিলো তাতকৈ এইবাৰ এখনো কম নাপাও ৷ অগপ বিধায়কগৰাকীয়ে কয় যে বঙাইগাঁৱত পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে বিভিন্ন মন্ত্ৰী, বিধায়ক, অমুক -তমুক আহিছে ৷ কিন্তু ইয়াত বঙাইগাঁওবাসী ৰাইজৰ স্থানীয় যিটো উন্নয়ন আৰু স্থানীয় লোকৰ যি আৱেগ, সেই আৱেগ এতিয়াও আঞ্চলিকতাবাদৰ সপক্ষে আছে  আৰু তাৰেই প্ৰতিফলন আজিৰ এই শোভাযাত্ৰাত ঘটিছে ৷ অসম গণ পৰিষদ দল মানে ইয়াত কেৱল ফণীভূষণ চৌধুৰী নহয় ৷ অসম গণ পৰিষদ দলৰ বঙাইগাঁৱৰ মাত্ৰ মই এটা প্ৰতীকহে ৷ মোৰ লগত হেজাৰ হেজাৰ ৰাইজ আছে আৰু তাৰেই আজি ইয়াত প্ৰতিফলন ঘটিছে ৷ তেওঁ ৰাইজলৈ আহ্বান জনাই কয় যে আমি ঐক্যবদ্ধ হ’ব লাগিব, আমি আঞ্চলিকতাবাদক শক্তিশালী কৰিবই লাগিব আৰু আমি আমাৰ উন্নয়ন নিজেই কৰিব লাগিব ৷

উল্লেখ্য যে এইবাৰ অগপৰ দুৰ্গ খ্যাত বঙাইগাঁৱৰ পৌৰসভাখন দখলৰ বাবে উঠি পৰি লাগিছে মিত্ৰ দল বিজেপি ৷ দুয়োটা দলে অকলে অকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱাত নিৰ্বাচনী যুঁজখন এইবাৰ আকৰ্ষণীয় হৈ পৰিছে বঙাইগাঁওবাসীৰ বাবে ৷ বিজেপিৰ হৈ ৰাজ্যিক সভাপতি ভৱেশ কলিতা,  মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা, বিজেপি নেতা সুভাষ দত্ত, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্তমল্ল বৰুৱা, বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে, কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য পাৰিষদ আদিয়ে বঙাইগাঁও পৌৰসভা নিৰ্বাচনৰ বিজেপি দলৰ প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই একপ্ৰকাৰ অগপ দলক আতংকিত কৰি তোলে ৷ বিজেপিৰ এটাই লক্ষ্য যি কোনো প্ৰকাৰে বঙাইগাঁও পৌৰসভা দখল কৰিব লাগে ৷ কিন্তু নিৰ্বাচনী প্ৰচাৰেৰে চমক সৃষ্টি কৰা বিজেপিৰ প্ৰতি ভোটাৰ ৰাইজ কিমান আকৰ্ষিত হ’ল সেয়া নিৰ্বাচনৰ ফলাফলেহে ক’ব ৷ উল্লেখ্য যে বিজেপি দলে এইবাৰ বিশেষভাৱে যিসমূহ ৱাৰ্ডত বঙালীভাষী লোক আছে সেই ৱাৰ্ডসমূহত উঠি পৰি লগা পৰিলক্ষিত হ’ল ৷

বঙালীভাষী ভোটাৰ ৰাইজক বিজেপিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে বঙাইগাঁৱত আহি বাহৰ পাতি থাকি সেই ৱাৰ্ডসমূহত দিনে নিশাই প্ৰচাৰ চলাই অগপক ভেটা দিবলৈ কোনো সুযোগ নেৰিলে ৷ কিন্তু এইক্ষেত্ৰত কিমান সফল হয় সেয়া নিৰ্বাচনৰ ফলাফলত ওলাই পৰিব ৷ ইয়াৰ বিপৰীতে অগপৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ দুৰ্গ হিচাপে পৰিচিত বঙাইগাঁৱত অগপৰ প্ৰাৰ্থীসকলৰ হৈ বিধায়কগৰাকীয়ে অকলেই নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হ’ল ৷ নিজৰ দুৰ্গত নিজেই প্ৰচাৰৰ নেতৃত্বলৈ নিজৰ ৰণকৌশলেৰে স্বাভাৱসুলভভাৱে প্ৰচাৰ চলালে বিধায়কগৰাকীয়ে ৷ এনে অৱস্থাত বিজেপি দলে অগপৰ দুৰ্গত কিমান আঘাত হানিবলৈ সক্ষম হয় সেয়া সময়ত পৰিস্কাৰ হ’ব যদিও এইবাৰ নিৰ্বাচনী যুঁজখন দুই দলৰ বাবে আত্মসন্মানৰ যুঁজ হৈ পৰিছে ৷ উল্লেখ্য যে অগপ দলে আজি প্ৰতিটো ৱাৰ্ডতে প্ৰাৰ্থীসকলৰ হৈ সমদল উলিয়াই ভোটাৰ ৰাইজৰ পৰা সমৰ্থন বিচাৰে ৷ সেইদৰে বিজেপিৰ যুৱ মৰ্চাই মটৰ চাইকেল সমদল উলিয়ায় ৷