পলাশবাৰী পৌৰসভাৰ নিৰ্বাচনী প্ৰচাৰ সামৰণি

পলাশবাৰী পৌৰসভা নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিন। সকলো ৰাজনৈতিক দলৰ প্ৰক্ষেপিত প্ৰাৰ্থীসকলৰ হৈ কেইবাদিনধৰি নিৰ্বাচনী প্ৰচাৰ চলাই আজি প্ৰচাৰৰ অন্তিম দিনাও প্ৰচাৰ কাৰ্য চলাই। আজি শাসকীয় দল বিজেপি দলে পলাশবাৰী টাউন বিজেপিৰ কাৰ্যালয়ৰ পৰা পদযাত্ৰাৰে এক নিৰ্বাচনী শোভাযাত্ৰা উলিয়াই। সহস্ৰাধিক লোক উপস্থিত থকা শোভাযাত্ৰাত গুৱাহাটীৰ লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি ধনেশ্বৰ তালুকদাৰসহ বহুকেইজন নেতা কৰ্মীয়ে অংশ গ্ৰহণ কৰে।

পলাশবাৰী টাউনৰ বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়ৰ পৰা শোভাযাত্ৰা আৰম্ভ কৰি পলাশবাৰীৰ ৱাৰ্ড কেইটা পৰিভ্ৰমণ কৰি বিজেপি জিন্দাবাদ, নৰেন্দ্ৰ মোডী জিন্দাবাদ, ড০ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ আদি ধ্বনি আকাশ-বতাহ কপাই তোলে। দহটা ৱাৰ্ডৰ ১ নং ৱাৰ্ডত অগপৰ প্ৰাৰ্থী থকাৰ বিপৰীতে আন ৯ টা ৱাৰ্ডত বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। বিধায়ক হেমাংগ ঠাকুৰীয়াই দহটা ৱাৰ্ডতেই বিজয়ী হৈ পৌৰসভা গঠন কৰিব বুলি নিৰ্বাচনী প্ৰচাৰ অভিযানত মন্তব্য কৰে। সাংসদ কুইন ওজাও বিজেপিয়ে চৰকাৰ গঠন হোৱাৰে পৰা বৰ্তমানলৈ উন্নয়ণৰ ধাৰা অব্যাহত ৰাখিছে। পলাশবাৰী পৌৰসভাৰ বিজেপিৰ সমৰ্থিত প্ৰাৰ্থীসকলক বিপুল ভোটত জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায়। আনহাতে অসম জাতীয় পৰিষদেও প্ৰাৰ্থীসকলক লৈ এক নিৰ্বাচনী শোভাযাত্ৰা উলিয়াই। উক্ত শোভাযাত্ৰাত অসম জাতীয় পৰিষদৰ নেতা পংকজ লোচন গোস্বামীসহ বহু কেইজন নেতা কৰ্মী উপস্থিত থাকে।

Related Articles