Breaking

বৰপেটাৰ সুন্দৰীদিয়া সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ জগন্নাথ অধিকাৰীৰ মৃত্যু ৷

0 45

বৰপেটাৰ সুন্দৰীদিয়া সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ জগন্নাথ অধিকাৰীৰ মৃত্যু ৷ সত্ৰীয়া সংস্কৃতিৰ সাধকগৰাকীৰ যোৱা নিশা প্ৰায় ১১ বজাত চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ লাচিত নগৰত মৃত্যু হয় ৷

মৃত্যুৰ সময়ত বুঢ়া সত্ৰাধিকাৰ বাপজনাৰ বয়স হৈছিল প্ৰায় ৭২ বছৰ ৷সত্ৰাধিকাৰ বাপজনাৰ মৃত্যুত সত্ৰনগৰী বৰপেটাৰ লগতে সমগ্ৰ ৰাজুজুৰি শোকৰ ছাঁ ৷

সুন্দৰীদিয়া সত্ৰখনৰ তেওঁ ডেকা সত্ৰাধিকাৰ হিচাপে সেৱা আগবঢ়াৱোৰ পিচত ২০১৬ চনত তেওঁক বুঢ়া সত্ৰাধিকাৰৰ দায়িত্ব অৰ্পন কৰা হৈছিল ৷

দীৰ্ঘকাল সত্ৰীয়া সংস্কৃতিৰে জৰিত সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ অধিকাৰী অসম জাতীয় মহাসভাৰ কাৰ্যকৰী সভাপতি, অসম সত্ৰ মহাসভাৰ বৰপেটা জিলা সমিতিৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছিল ৷মৃত্যুৰ সময়ত তেও পত্নী, পুত্ৰৰ লগতে বহু আত্মীয়-স্বজনক এৰি থৈ যায় ৷

Leave A Reply