Breaking

কাজিৰঙাত গঁড় গণনাৰ প্ৰস্তুতিঃ ২০১৮ চনৰ গণনাত পোৱা গৈছিল ২,৪১৩ টা গঁড় থকাৰ তথ্য

0 2,178

বিশ্বৰ সর্বাধিক এটা খর্গ থকা গঁড়ৰ বাসস্থান বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় গণনাৰ প্ৰস্তুতি উদ্যান কৰ্তৃপক্ষই চলাই থকাৰ কথা জানিব পৰা গৈছে । সূত্ৰ এটাই জানিবলৈ দিয়া মতে, চলিত মাহৰ ২৫, ২৬ আৰু ২৭ তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় গণনাৰ সম্ভাৱনা আছে । এই সম্পর্কে কাজিৰঙাৰ কঁহৰাত অৱস্থিত বন বিভাগৰ মহিমিৰী আলোচনা গৃহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন সংমণ্ডল বিষয়াই বনাঞ্চলিক বিষয়া, গৱেষণা বিষয়া আদিৰ সৈতে এক আলোচনাত মিলিত হয় । আলোচনাত গঁড় গণনাৰ বাবে উক্ত সম্ভাব্য দিন স্থিৰ কৰিছে যদিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভৰ সঞ্চালক আৰু ৰাজ্যখনৰ বন বিভাগৰ উচ্চপদস্থ বিষয়াৰ অনুমতি পোৱাৰ পিছতহে তাৰিখ চূড়ান্ত কৰা হ’ব বুলি উদ্যান কর্তৃপক্ষই মত প্ৰকাশ কৰিছে ।

উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ ২০১৮ চনত কৰা গঁড় গণনা মতে ২,৪১৩টা গঁড় পোৱা গৈছিল । এইবাৰো গঁড়ৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি বন বিষয়াই আশা প্ৰকাশ কৰিছে । উল্লেখযোগ্য যে গঁড় গণনাৰ পূৰ্বে উদ্যানখনৰ অৰণ্য বিশেষকৈ খেৰনি, ইকৰানি, নদী, বিলৰ পাৰ আদি এলেকা অর্থাৎ যিবোৰ সম্ভাব্য স্থানত গঁড়ে বিচৰণ কৰি থাকে তেনে এলেকাবোৰত জুই দি পৰিষ্কাৰ কৰাটো অতি প্রয়োজন । তেতিয়াহে গণনাকাৰীসকলে গঁড়ক প্রত্যক্ষ কৰি গণনা কৰাত সুবিধা হয়। ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা, বাগৰি, অগৰাতলি, বুঢ়াপাহাৰ আদি বনাঞ্চলৰ নিৰ্বাচিত অৰণ্যত বনকৰ্মীয়ে জুই দিয়া আৰম্ভ কৰিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই জানিবলৈ দিয়া মতে, এইবাৰ কাজিৰঙাৰ অৰণ্যত জুই দিয়া হৈছে যদিও ঘাঁহনি, ইকৰানি আদি এতিয়ালৈকে ভালকৈ জ্বলা নাই । ইকৰানি আৰু ঘাঁহনি বৰ্তমান কেঁচা হৈ থকাৰ লগতে বতাহো পর্যাপ্ত বলা নাই । যাৰ ফলত জুইৰ প্ৰকোপ কম হৈ আছে ।

এটা গুৰুত্বপূৰ্ণ কথা যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৯৫০ চনৰ পৰাই অৰণ্যত জুই দিয়া যাক ইংৰাজীত কন্ট্রল বার্নিং আৰম্ভ কৰা হৈছিল । প্ৰথম অৱস্থাত ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলৰ অধীনত কুঠৰীৰ এলেকাত অৰণ্যত পৰীক্ষামূলকভাৱে জুই দিয়া আৰম্ভ কৰা হৈছিল আৰু পৰৱৰ্তী কালত ৰাষ্ট্ৰীয় উদ্যানৰ আটাইকেইটা বনাঞ্চলতেই এই ব্যৱস্থা প্রয়োগ কৰা হয় বিশেষকৈ উদ্যানখনৰ তৃণভোজী বন্যপ্ৰাণীৰ কাৰণে । তৃণভোজী বন্যপ্ৰাণীৰ সংখ্যা দিনক দিনে উদ্যানখনত বৃদ্ধি পাই থকাত ঘাঁহনি এলেকা বহু প্ৰয়োজন হৈ পৰিছে । উল্লেখযোগ্য যে কাজিৰঙাত বহু ঘাঁহনি এলেকা বর্তমান কাঠনিলৈ পৰিণত হৈ পৰিছে । এইটো তৃণভোজী প্ৰাণীৰ কাৰণে শুভ লক্ষণ নহয় । উদ্যান কর্তৃপক্ষই গৱেষণাৰ জৰিয়তে কেনেকৈ কাঠনি এলেকা হ্ৰাস কৰি ঘাঁহনি এলেকা বৃদ্ধি কৰিব পাৰি তাৰ ব্যৱস্থা সময় থাকোতেই নললে ভৱিষ্যতে ভীষণ সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে বুলিও প্রাণীবিদে মতপ্রকাশ কৰিছে ।

Leave A Reply