Home Blog Page 258

Gayatri Hazarika: জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ দেহাৱসান

Gayatri Hazarika: জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ দেহাৱসান
Gayatri Hazarika: জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ দেহাৱসান

অকাল মৃত্যু জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ।(Gayatri Hazarika)

দীৰ্ঘদিনে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল কণ্ঠশিল্পীগৰাকী।

‘সৰা পাতে পাতে ফাগুন নামে’ গীতটিৰ বাবে জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ মৃত্যু।

গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাত গায়ত্ৰী হাজৰিকাই মৃত্যুক সাৱটি ল’লে।

কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল বিশিষ্ট শিল্পীগৰাকী ৷

আজি বিয়লি ২বাজি ২০ মিনিটত শেষ নিশ্বাস ত্যাগ৷

কণ্ঠশিল্পী গৰাকীৰ মৃত্যুত শোকস্তব্ধ অনুৰাগী তথা ৰাজ্যৰ সাংস্কৃতিক জগত।

Waqf law: ৱাকফ সংশোধনী আইনক প্ৰত্যাহ্বানঃ ২০ মে’ত আৱেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

Waqf law: ৱাকফ সংশোধনী আইনক প্ৰত্যাহ্বানঃ ২০ মে’ত আৱেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
Waqf law: ৱাকফ সংশোধনী আইনক প্ৰত্যাহ্বানঃ ২০ মে’ত আৱেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

২০ মে’ত ৱাকফ সংশোধনী আইনক প্ৰত্যাহ্বান জনাই(Waqf law) কৰা আৱেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে৷ বৃহস্পতিবাৰে উচ্ছতম ন্যায়ালয়ে কয় যে ৱাকফ [সংশোধনী] আইন, ২০২৫১ সাংবিধানিক বৈধতাক প্ৰত্যাহ৩ান জনোৱা আৱেদনসমূহ ২০ মে’ত শুনানি গ্ৰহণ কৰিব৷ অমুছলমানসকলক ৱাকফ কাউন্সিল আৰু ৰাজ্যিক ৱাকফ ব’ৰ্ডত স্থান দিয়া আৰু ৱাকফৰ অধীনত চৰকাৰী ভূমি চিনাক্তকৰণ কৰাৰ বিৰুদ্ধে এই আৱেদন কৰা হৈছে৷ আদালতে কয় যে ইয়াৰ মাজতে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই দিয়া আশ্বাসে কেন্দ্ৰীয় চৰকাৰে কোনো বিৰূপ ব্যৱস্থা গ্ৰহণ নকৰে৷ কেন্দ্ৰীয় ৱাকফ পৰিষদ আৰু ৱাকফ ব’ৰ্ড গঠন আৰু ইতিমধ্যে ৱাকফ হিচাপে ঘোষণা বা পঞ্জীয়ন কৰা সম্পত্তিসমূহ অধিসূচনামুক্ত কৰাৰ বিধানসমূহৰ ওপৰত আপাততঃ ব্যৱস্থা গ্ৰহণ কৰা নহ’ব৷’ লোকসভাই ৩ এপ্ৰিলত এই আইনখন গৃহীত কৰিছিল৷ আনহাতে, ৰাজ্যসভাই এপ্ৰিলত ইয়াক স্বীকৃতি দিছিল৷ সংশোধনী আইনখনে এপ্ৰিলত ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰিছিল৷

সংশোধনীৰ বৈধতাক প্ৰত্যাহ৩ান জনাই শীৰ্ষ আদালতত দাখিল কৰে, য’ত কংগ্ৰেছৰ সংসদ সদস্য মহম্মদ জাৱেদ আৰু সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমীন [এআইএমআইএম]ৰ সাংসদ আছাদুদ্দিন ৱাইছিকে ধৰি সংশোধনীৰ বৈধতাক প্ৰত্যাহ৩ান জনায়৷ তাৰ পিছৰ দিনবোৰত এনেধৰণৰ অধিক আৱেদনৰ সৃষ্টি হয়৷ আৱেদনকাৰীসকলে দাবী কৰে যে এই সংশোধনী মুছলমানৰ বিৰুদ্ধে বৈষম্যৰ সমান৷ তেওঁলোকে যুক্তি দিছিল যে সংশোধনীসমূহে নিৰ্বাচিতভাৱে মুছলমান ধৰ্মীয় এনডাউমেণ্টক লক্ষ্য কৰি সম্প্ৰদায়টোৰ নিজৰ ধৰ্মীয় কাম-কাজ পৰিচালনাৰ সাংবিধানিকভাৱে সুৰক্ষিত অধিকাৰত হস্তক্ষেপ কৰে৷ আনহাতে, ভাৰতীয় জনতা পাৰ্টীশাসিত ছখন ৰাজ্যয়ো এই বিষয়ত উচ্ছতম ন্যায়ালয়লৈ আৱেদন জনাইছিল সংশোধনীৰ সমৰ্থনত৷ এই হস্তক্ষেপৰ আৱেদনসমূহ হাৰিয়ানা, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড় আৰু অসম ৰাজ্যই দাখিল কৰিছে৷

এই ৰাজ্যসমূহে মূলতঃ সংশোধনী আইনখনৰ সাংবিধানিকতাক টিংকল কৰিলে তেওঁলোক কেনেদৰে প্ৰভাৱিত হ’ব সেই বিষয়ে আলোকপাত কৰিছে৷ প্ৰত্যাহ৩ানৰ মূলতে হৈছে ব্যৱহাৰকাৰীয়ে ৱাকফৰ বিধিগত সংজ্ঞাৰ পৰা ৱাকফ আঁতৰোৱা৷ আৱেদনকাৰীসকলে যুক্তি আগবঢ়ায় যে এনেদৰে বাদ পৰাৰ ফলত ঐতিহাসিক মছজিদ, কবৰস্থান আৰু দাতব্য সম্পত্তিৰ ধৰ্মীয় চৰিত্ৰৰ পৰা বঞ্চিত হ’ব, যাৰ বহুকেইটা আনুষ্ঠানিক ৱাকফৰ কাম অবিহনে শতিকাজুৰি আছে ব্যক্তিগত আৰু চৰকাৰী সম্পত্তি বেদখল কৰিবলৈ অপব্যৱহাৰ কৰা হৈছে৷ কেন্দ্ৰীয় ৱাকফ পৰিষদ আৰু ৰাজ্যিক ৱাকফ ব’ৰ্ডত অমুছলমানসকলক অন্তৰ্ভুক্ত কৰাৰ সন্দৰ্ভত কেন্দ্ৰই কয় যে এই সংস্থাসমূহৰ গঠনৰ পৰিৱৰ্তনে চ্ছ নং অনুচ্ছেদৰ অধীনত মুছলমান সম্প্ৰদায়ৰ অধিকাৰত কোনো ক্ষতি নকৰে৷

CBSE RESULT 2025: কেৰেলাত অসমীয়া ছাত্ৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সাফল্য

CBSE RESULT 2025: কেৰেলাত অসমীয়া ছাত্ৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সাফল্য
CBSE RESULT 2025: কেৰেলাত অসমীয়া ছাত্ৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সাফল্য

কেৰেলাত অসমীয়া ছাত্ৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উল্লেখযোগ্য সাফল্য। ইছৰ’ৰ বিজ্ঞানী ড° মুকুন্দ মাধৱ গগৈৰ পুত্ৰ ৰিশি গগৈৰ ৯৯.৮০ শতাংশ নম্বৰেৰে কেৰেলাৰ ভিতৰত প্ৰথম আৰু সৰ্বভাৰতীয় পৰ্যায়ত দ্বিতীয় স্থান লাভ।(CBSE RESULT 2025)


‘কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বৰ্ড’ (চিবিএছই)ৰ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেৰেলাৰ ভিতৰত প্ৰথম স্থান আৰু সৰ্বভাৰতীয় পৰ্যায়ত দ্বিতীয় স্থান লাভ কৰি অসমৰ সন্তান ৰিশি গগৈয়ে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। ড° মুকুন্দ মাধৱ গগৈ আৰু মিতালী দাস গগৈৰ সন্তান ৰিশি গগৈয়ে ত্ৰিবান্দ্ৰমৰ লয়লা স্কুলৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ৯৯.৮০ শতাংশ লাভ কৰিছে।

ড° মুকুন্দ মাধৱ গগৈ ‘ভাৰতীয় মহাকাশ গৱেষণা সংস্থা’ (ইছৰ’)ৰ বিজ্ঞানী। ‘ভাৰতীয় মহাকাশ গৱেষণা সংস্থা’ৰ অন্যতম কেন্দ্ৰ ত্ৰিবান্দ্ৰমৰ ‘বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ’ত ড° গগৈ কৰ্মৰত। যোৰহাট জিলাৰ খনামুখত জন্ম লাভ কৰা ড° মুকুন্দ মাধৱ গগৈয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰপৰা স্নাতকোত্তৰ আৰু পিএইচ.ডি. ডিগ্ৰী লাভ কৰিছিল। উল্লেখযোগ্য যে সৰ্বভাৰতীয় পৰ্যায়ত ৰিশি গগৈৰ লগতে আৰু কেইবাজনো শিক্ষাৰ্থীয়ে মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৯৯ নম্বৰ লাভ কৰি দ্বিতীয় স্থান লাভ কৰিছে।

Saif Ali Khan: পাকিস্তানৰ সৈতে কি সম্পৰ্ক ছেইফ আলী খানৰ! এই তিনিটা সম্পত্তি CEPI হাতলৈ যাব পাৰে

Saif Ali Khan: পাকিস্তানৰ সৈতে কি সম্পৰ্ক ছেইফ আলী খানৰ! এই তিনিটা সম্পত্তি CEPI হাতলৈ যাব পাৰে
Saif Ali Khan: পাকিস্তানৰ সৈতে কি সম্পৰ্ক ছেইফ আলী খানৰ! এই তিনিটা সম্পত্তি CEPI হাতলৈ যাব পাৰে

বলীউডৰ বিখ্যাত অভিনেতা(Saif Ali Khan) ছেইফ আলী খানৰ পূৰ্বপুৰুষৰ সম্পত্তি সন্দৰ্ভত এক বৃহৎ তথ্য প্ৰকাশ। জানিব পৰা মতে ছেইফৰ তিনিটা সম্পত্তি শত্ৰুৰ সম্পত্তিৰ অধীনলৈ আহে, য’ত ভোপাল, ছিহোৰ আৰু ৰাইজেনৰ কোটি কোটি মূল্যৰ সম্পত্তিও অন্তৰ্ভুক্ত। দৰাচলতে গৃহ মন্ত্ৰালয়ৰ কাষ্টোডিয়ান অৱ এনিমি প্ৰপাৰ্টি (চিইপিআই)য়ে ২০২৫ চনৰ ৮ মে’ত প্ৰেৰণ কৰা এখন পত্ৰত উল্লেখ কৰিছে যে নবাব হামিদুল্লা খানৰ কন্যা আবিদা আৰু আফতাব বেগম পাকিস্তানৰ নাগৰিক। সেয়েহে তেওঁৰ সম্পত্তিবোৰক শত্ৰুৰ সম্পত্তি বুলি ঘোষণা কৰা হৈছে।

এই তথ্য সমাজকৰ্মী অমিতাভ অগ্নিহোত্ৰীৰ অভিযোগৰ ওপৰত দিয়া হৈছে। এই বিষয়ত এতিয়া চি ই পি আইৰ দলে এক সমীক্ষা চলাই আছে। অগ্নিহোত্ৰীয়ে ১৯৪৯ চনৰ একত্ৰীকৰণ চুক্তিৰ মূল প্ৰতিলিপি নবাব পৰিয়ালৰ পৰা বিচাৰিবলৈ দাবী জনাইছে। লগতে জমা নিদিয়াৰ ক্ষেত্ৰত সম্পত্তি জব্দ কৰিব লাগে। উচ্চ ন্যায়ালয়ত দাখিল কৰা মালা শ্ৰীবাস্তৱৰ প্ৰতিবেদন অনুসৰি ভোপাল আৰু ইয়াৰ আশে-পাশে প্ৰায় ৫৫০ একৰ মাটি নবাব পৰিয়ালৰ নামত পঞ্জীয়ন কৰা হৈছিল, যিখিনি ব্যক্তিগত সম্পত্তি নাছিল।

এম এইচ এৰ প্ৰতিবেদন অনুসৰি ভাৰতত পাকিস্তানীৰ মুঠ ১২,৯৮৩ টা সম্পত্তি আছে। এই সকলোবোৰ শত্ৰুৰ সম্পত্তিৰ অধীনলৈ আহে। এই সম্পত্তিসমূহ ভাৰতৰ শত্ৰুৰ সম্পত্তিৰ কাষ্টোডিয়ানৰ ওচৰত। ইয়াৰে অধিকাংশ সম্পত্তি উত্তৰ প্ৰদেশ (৫৬৮৮) আৰু পশ্চিম বংগ (৪৩৫৪)ত অৱস্থিত।

শত্ৰুৰ সম্পত্তি কি?

শত্ৰুৰ সম্পত্তিৰ অৰ্থ হ’ল শত্ৰু দেশ, ইয়াৰ নিৰ্ভৰশীল বা শত্ৰু দেশৰ প্ৰতিষ্ঠানৰ সম্পত্তি। ১৯৬৮ চনৰ শত্ৰুৰ সম্পত্তি আইনৰ অধীনত চৰকাৰে এই সম্পত্তি জব্দ কৰি চি ই পি আইক গতাই দিয়ে। কিন্তু ২০১৭ চনত আইনখনৰ সংশোধনীৰ পিছত এতিয়া যিকোনো উত্তৰাধিকাৰীয়ে ভাৰতীয় নাগৰিক হোৱাৰ পিছতো এই সম্পত্তিসমূহ দাবী কৰাৰ বা ক্ষতিপূৰণ দাবী কৰাৰ অধিকাৰ নাই যদিও এই সম্পত্তিসমূহ বিক্ৰী, লিজ বা অন্য কামত ব্যৱহাৰ কৰাৰ অধিকাৰ চিইপিআইৰ আছে।

Vyomika Singh: কর্ণেল ছ’ফিয়াৰ পিছত ব্যোমিকাক সমালোচনা এছ পি সাংসদৰ

Vyomika Singh: কর্ণেল ছ'ফিয়াৰ পিছত ব্যোমিকাক সমালোচনা এছ পি সাংসদৰ
Vyomika Singh: কর্ণেল ছ'ফিয়াৰ পিছত ব্যোমিকাক সমালোচনা এছ পি সাংসদৰ

কৰ্ণেল ছ’ফিয়াৰ পিছত বিজেপি মন্ত্ৰী ব্যোমিকাক জাতিত ধৰি সমালোচনা এছ পি সাংসদৰ! মধ্যপ্ৰদেশৰ বিজেপিৰ এগৰাকী মন্ত্ৰীয়ে ছ’ফিয়াক লৈ কৰা মন্তব্যক লৈ বিতৰ্কৰ ধুমুহা এতিয়াও শান্ত হোৱা নাই। ইফালে ব্যোমিকা সিঙক লৈ বিতৰ্কিত মন্তব্য কৰে এছ পি সাংসদগৰাকীয়ে।(Vyomika Singh)

মধ্যপ্ৰদেশ চৰকাৰৰ বিজেপি মন্ত্ৰী বিজয় শ্বাহে ভাৰতীয় সেনাৰ কৰ্ণেল ছফিয়াক ‘সন্ত্রাসবাদীৰ ভগ্নী’ আখ্যা দি বিতর্কৰ সৃষ্টি কৰিছিল৷ বিজেপি মন্ত্ৰীগৰাকীৰ ‘ঘৃণনীয়’ মন্তব্যক লৈ বিতৰ্কৰ ধুমুহা এতিয়াও শাম কটা নাই। ইফালে উত্তৰ প্ৰদেশ সমাজবাদী পাৰ্টিৰ সাংসদ ৰামগোপাল যাদৱে বিজেপি মন্ত্ৰীক লক্ষ্য কৰি ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ ব্যোমিকা সিংক লৈ বিতৰ্কিত মন্তব্য কৰে। তেওঁৰ বিৰুদ্ধে ‘বৰ্ণবাদী’ মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে। মন কৰিবলগীয়া যে ব্যোমিকাৰ নামটোৰ অৰ্থ হ’ল আকাশৰ কন্যা।

‘অপাৰেচন সিন্দুৰ’ৰ পিছত সেনাৰ কন্যা দুগৰাকী ছ’ফিয়া আৰু ব্যোমিকাক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু সেনাৰ যৌথ সংবাদমেলত দেখা পোৱা গৈছিল। ভাৰতীয় আক্ৰমণত পাকিস্তানে হোৱা ক্ষতিৰ বিশদ বিৱৰণ দিয়াৰ, লগতে ইছলামবাগৰ সকলো ভুৱা দাবীও খাৰিজ কৰে। শেহতীয়াকৈ ৰামগোপালে এখন বৈঠকত বিজেপিক লক্ষ্য কৰি কয়, “তেওঁলোকৰ এজন মন্ত্ৰীয়ে কৰ্ণেল কুৰেশ্বীৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল। কিন্তু সেই মন্ত্ৰীজনে নাজানে ব্যোমিকা সিং কোন আৰু এয়াৰ মাৰ্শ্বাল এ কে ভাৰতী কোন। তেওঁ জানিলে তেওঁলোককো লক্ষ্য কৰি ল’লেহেঁতেন।”

ৰামগোপাল ইয়াতেই থমকি নৰ’ল। তেওঁ দাবী কৰে যে ব্যোমিকা হাৰিয়ানাৰ জাটাৱ সম্প্ৰদায়ৰ আৰু ভাৰতী বিহাৰৰ পূৰ্ণিয়া অঞ্চলৰ এজন যাদৱ। এই প্ৰসংগত এছ পি সাংসদগৰাকীয়ে লগতে কয়, “তেওঁলোক তিনিওজনেই (ছফিয়া, ব্যোমিকা আৰু ভাৰতী) পিডিএ (পিছপৰা, দলিত, সংখ্যালঘু)।

বিতৰ্কৰ সূচনা হোৱাৰ লগে লগে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে লিখিছে, “সেনাৰ পোছাক বৰ্ণবাদৰ চকুৰে দেখা নাযায়। ভাৰতীয় সেনাৰ প্ৰতিজন জোৱানেই নিজৰ জাতীয় কৰ্তব্য পালন কৰে। তেওঁলোক কোনো ধৰ্ম বা জাতিৰ প্ৰতিনিধি নহয়।” আদিত্যনাথেও ৰামগোপালৰ ‘সংকীৰ্ণ মানসিকতা’ক লৈ প্ৰশ্ন উত্থাপন কৰে। ইয়াৰ পিছতে আৰক্ষী অধীক্ষক অখিলেশ সিং যাদৱৰ ঘনিষ্ঠ বুলি জনাজাত ৰামগোপালেও স্পষ্টীকৰণ দিয়ে। তেওঁ দাবী কৰে যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সমগ্ৰ বক্তব্য নুশুনি বিষয়টোৰ ওপৰত ৰাজনীতি কৰিছে।

Pakistan PM Shehbaz Sharif: ভাৰতৰ সৈতে শান্তি আলোচনাৰ বাবে সাজু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ

Pakistan PM Shehbaz Sharif: ভাৰতৰ সৈতে শান্তি আলোচনাৰ বাবে সাজু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ
Pakistan PM Shehbaz Sharif: ভাৰতৰ সৈতে শান্তি আলোচনাৰ বাবে সাজু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ

ভাৰতৰ সৈতে শান্তি আলোচনা বিচাৰিছে পাকিস্তানে৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ এই মন্তব্য।(Pakistan PM Shehbaz Sharif)

‘আমি যুদ্ধ নহয়, শান্তিহে বিচাৰিছোঁ’ ভাৰতৰ সৈতে শান্তি আলোচনা কৰিবলৈ সাজু এতিয়া পাকিস্তানৰ। ‘শান্তি’ৰ বাবে ভাৰতৰ সৈতে আলোচনাৰ প্ৰস্তাৱ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজৰ।

পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে বৃহস্পতিবাৰে ভাৰতক আলোচনাৰ প্ৰস্তাৱ দি কয় যে পাকিস্তানে “শান্তিৰ বাবে” সাজু। দেশখনৰ পঞ্জাৱ প্ৰদেশৰ কামৰা বিমান ঘাটি ভ্ৰমণৰ সময়ত শ্বেহবাজে এই মন্তব্য কৰে য’ত তেওঁ শেহতীয়াকৈ ভাৰতৰ সৈতে হোৱা সামৰিক সংঘৰ্ষৰ সৈতে জড়িত বিষয়া আৰু জোৱানসকলৰ সৈতে মত বিনিময় কৰে।

“শান্তিৰ বাবে আমি ভাৰতৰ সৈতে কথা পাতিবলৈ সাজু,” তেওঁ লগতে কয় যে “শান্তিৰ চৰ্ত”ৰ ভিতৰত কাশ্মীৰ বিষয়টোও অন্তৰ্ভুক্ত ৷

আনহাতে ই এ এম জয়শংকৰে কয় যে পাকিস্তানে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদ বন্ধ নকৰালৈকে সিন্ধু জল সন্ধি স্থগিত ৰখা হ’ব।

১০ মে’ত ভাৰত আৰু পাকিস্তানে কেইবাদিনো সীমা অতিক্ৰম কৰি সংঘাতৰ অন্তত দুয়ো পক্ষই সকলো সামৰিক কাৰ্যকলাপ বন্ধ কৰাৰ বুজাবুজিত উপনীত হৈছিল।


পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে বৃহস্পতিবাৰে কয় যে ভাৰতৰ সৈতে শান্তি আলোচনাত মিলিত হ’বলৈ সাজু হৈছে।

Mintu Tamuli: নলবাৰীৰ বাঁহজানী মণ্ডল বিজেপিৰ সভাপতিৰ পৰা মিণ্টু তামুলীক অব্যাহতি।

Mintu Tamuli: নলবাৰীৰ বাঁহজানী মণ্ডল বিজেপিৰ সভাপতিৰ পৰা মিণ্টু তামুলীক অব্যাহতি।
Mintu Tamuli: নলবাৰীৰ বাঁহজানী মণ্ডল বিজেপিৰ সভাপতিৰ পৰা মিণ্টু তামুলীক অব্যাহতি।

নলবাৰীৰ বাঁহজানী মণ্ডল বিজেপিৰ সভাপতিৰ পৰা মিণ্টু তামুলীক অব্যাহতি। (Mintu Tamuli)

মিণ্টু তামুলীৰ স্থানত মণ্ডল বিজেপিৰ নতুন সভানেত্ৰী নিযুক্তি। (BJP)

নতুন সভানেত্ৰী হিচাপে চপলা মেধি ৰাজবংশীক নিযুক্তি। তৎকালে কাৰ্যকৰী হোৱাকৈ চপলা মেধি ৰাজবংশীক নিযুক্তি।

পত্ৰযোগে নতুন মণ্ডল সভাপতি নিযুক্তি সভাপতি দিলীপ শইকীয়াৰ।

Rahu Favorite Rashi: দুটা বিশেষ ৰাশি ৰাহু গ্ৰহৰ প্ৰিয়, ৰাহুৰ কৃপাত ধন-সম্পত্তি আৰু খ্যাতি লাভ কৰে এই দুই ৰাশিৰ গৰাকীয়ে

Rahu Favorite Rashi: দুটা বিশেষ ৰাশি ৰাহু গ্ৰহৰ প্ৰিয়, ৰাহুৰ কৃপাত ধন-সম্পত্তি আৰু খ্যাতি লাভ কৰে এই দুই ৰাশিৰ গৰাকীয়ে
Rahu Favorite Rashi: দুটা বিশেষ ৰাশি ৰাহু গ্ৰহৰ প্ৰিয়, ৰাহুৰ কৃপাত ধন-সম্পত্তি আৰু খ্যাতি লাভ কৰে এই দুই ৰাশিৰ গৰাকীয়ে

১৮ মে’ত ৰাহু ট্ৰেনজিট কৰি কুম্ভ ৰাশিত প্ৰৱেশ কৰিব। ডেৰ বছৰৰ পিছত ঘটা ৰাহুৰ এই ট্ৰেনজিটে ১২টা ৰাশিৰ সকলোকে প্ৰভাৱিত কৰিব। কিন্তু ২টা ৰাশি আছে যাৰ ওপৰত ৰাহু সদায় দয়ালু হৈ থাকে কাৰণ জ্যোতিষত এইৰাশিক ৰাহুৰ প্ৰিয় ৰাশি বুলি গণ্য কৰা হয়। (Rahu Favorite Rashi)

প্ৰতিটো ৰাশিৰ এটা শাসক গ্ৰহ থাকে। কিন্তু ৰাহু আৰু কেতু এনে দুটা নিষ্ঠুৰ গ্ৰহ যিবোৰৰ কোনো ৰাশিৰ মালিকীস্বত্ব নাই। জ্যোতিষশাস্ত্ৰত ৰাহু আৰু কেতুক লুভীয়া গ্ৰহ বুলি গণ্য কৰা হয়। এই দুয়োটা ছাঁয়া গ্ৰহ।

ৰাহু আৰু কেতুক শনিৰ দৰে অশুভ আৰু নিষ্ঠুৰ গ্ৰহৰ ভিতৰত গণ্য কৰা হয়। যদি এই দুয়োটা গ্ৰহে অশুভ ফলাফল দিয়ে তেন্তে ই ব্যক্তিজনৰ জীৱন ধ্বংস কৰে।

ৰাহুৰ প্ৰিয় ৰাশি-

অৱশ্যে ৰাহুৱে যদি শুভ ফল দিয়ে তেতিয়া ব্যক্তিজনে ৰজাৰ দৰে সুখী, সমৃদ্ধিশালী আৰু সন্মানীয় জীৱন লাভ কৰে। জ্যোতিষত এনে ২টা ৰাশিৰ কথা উল্লেখ কৰা হৈছে, যাৰ ওপৰত ৰাহুৰ বিশেষ আশীৰ্বাদ আছে। নিষ্ঠুৰ ৰাহু গ্ৰহৰ প্ৰিয় ৰাশিৰ কোনবোৰ ৰাশি জানি লওক।

সিংহ ৰাশি-
জ্যোতিষৰ মতে সিংহ ৰাশি ৰাহু গ্ৰহৰ প্ৰিয় ৰাশি। ৰাহুৱে এই ৰাশিৰ লোকসকলক শুভ ফল দিয়ে। ৰাজনীতিৰ ক্ষেত্ৰত তেওঁক উচ্চ পদবী দিয়ে। হঠাতে জীৱনত ডাঙৰ আৰু ইতিবাচক পৰিৱৰ্তন আনে। ধন-সম্পত্তি আৰু সমৃদ্ধি দিয়ে।

বৃশ্চিক ৰাশি-
ৰাহুৱেও বৃশ্চিক ৰাশিৰ লোকসকলক আশীৰ্বাদ দিয়ে। এই লোকসকলে নিজৰ কেৰিয়াৰত হঠাৎ সফলতা লাভ কৰে। খ্যাতি আৰু ধন লাভ কৰক। সমাজত সন্মান পায়।

Russia-Ukraine: আজি তুৰস্কত ৰাছিয়া-ইউক্রেইনৰ শান্তি আলোচনাৰ সম্ভাৱনা

Russia-Ukraine: আজি তুৰস্কত ৰাছিয়া-ইউক্রেইনৰ শান্তি আলোচনাৰ সম্ভাৱনা
Russia-Ukraine: আজি তুৰস্কত ৰাছিয়া-ইউক্রেইনৰ শান্তি আলোচনাৰ সম্ভাৱনা

আজি তুৰস্কত ৰাছিয়া-ইউক্রেইনৰ শান্তি আলোচনা সম্ভাৱনা। (Russia-Ukraine)

যুদ্ধ বিৰতিয়েই হ’ব আলোচনাৰ লক্ষ্য।

ইস্তানবুলত বহিব দুয়োদেশৰ ৰাজনৈতিক প্রতিনিধি ।

ইউক্রেইনৰ হৈ আলোচনাত অংশ ল’ব প্ৰতিৰক্ষা মন্ত্ৰী ৰুস্তেম উমেৰোভে ।

লগতে থাকিব সামৰিক আৰু চোৰাংচোৱাৰ শীৰ্ষ বিষয়া ।

যুদ্ধবিৰতিয়েই আলোচনাৰ প্ৰাথমিক লক্ষ্য বুলি সদৰী ইউক্রেইনৰ ৰাষ্ট্ৰপতিৰ।

Xযোগে আলোচনাৰ পূৰ্বে তুৰস্কৰ ৰাষ্ট্ৰপতি আৰ টি আৰডোগনক ।

অৱশ্যে ৰাছিয়াই আলোচনাৰ প্ৰক্ৰিয়াক গুৰুত্বসহকাৰে নোলোৱাৰ অভিযোগ কৰিছে জেলেনস্কিয়ে ।

ৰাছিয়াই এতিয়াও যুদ্ধ শেষ হোৱাটো নিবিচাৰে বুলি অভিযোগ জেলেনস্কিৰ।

তিনি বছৰৰ ভিতৰত প্ৰথমখন শান্তি আলোচনা বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল যদিও শুকুৰবাৰলৈকে পিছুৱাই দিয়া হয়।

Sprouted Peanuts: মাত্ৰ এমুঠিয়ে যথেষ্ট, হাৰ্টৰ পৰা হাড়লৈকে উপকাৰী গজালি ওলোৱা বাদাম

Sprouted Peanuts: মাত্ৰ এমুঠিয়ে যথেষ্ট, হাৰ্টৰ পৰা হাড়লৈকে উপকাৰী গজালি ওলোৱা বাদাম
Sprouted Peanuts: মাত্ৰ এমুঠিয়ে যথেষ্ট, হাৰ্টৰ পৰা হাড়লৈকে উপকাৰী গজালি ওলোৱা বাদাম

গজালি ওলোৱা বাদাম খালে বহু উপকাৰ হ’ব পাৰে। ওজন কমাবলৈ সহায় হ’ব, হজম শক্তি উন্নত কৰে আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে। পুষ্টি সমৃদ্ধ গজালি ওলোৱা বাদামত প্ৰচুৰ পৰিমাণে প্ৰটিন, আঁহ, এন্টিঅক্সিডেন্ট থাকে।(Sprouted Peanuts)

যদি মানুহৰ শৰীৰত বিভিন্ন সমস্যা থাকে। তাৰ মাজতে আমি ভালকৈ থাকিব লাগিব। যিবোৰ মানুহে সুস্থ মনৰে সুখী হৈ থাকিব বিচাৰে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজন নাই আৰু বিশেষ অসুবিধাৰ সন্মুখীন হ’ব নালাগে। মাত্ৰ ৰাতিপুৱাই এমুঠি গজালি ওলোৱা বাদাম খাব লাগিব। ই শৰীৰৰ প্ৰায় প্ৰতিটো অংগৰ বাবে উপকাৰী।


কোৱা হয় যে পেট পৰিষ্কাৰ হ’লে প্ৰতিটো ৰোগ নাইকিয়া হৈ যায়। কিন্তু বেয়া জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যই পেট পৰিষ্কাৰ হ’বলৈও নিদিয়ে আৰু ৰোগবোৰো নাইকিয়া হ’বলৈ নিদিয়ে। এনে পৰিস্থিতিত আঁহযুক্ত গজালি ওলোৱা বাদাম খালে পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে। গতিকে কোষ্ঠকাঠিন্য, বদহজম, পেট ফুলাৰ দৰে সমস্যাবোৰ আঁতৰত থাকে। আয়ুৰ্বেদেও অংকুৰিত বাদামক স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰে।

ডায়েবেটিছ ৰোগীয়ে খাদ্যাভ্যাসৰ প্ৰতি অতি সাৱধান হ’ব লগা হয়। কিন্তু বাদাম খালে তেওঁলোকে চিন্তা কৰিব নালাগে। গজালি ওলোৱা বাদাম তেওঁলোকৰ বাবে অতি উপকাৰী।

পুষ্টিকৰ উপাদান সমৃদ্ধ গজালি ওলোৱা বাদামত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে। দৈনিক গজালি ওলোৱা বাদাম খালে আপোনাৰ হাড়বোৰ মজবুত হয়। গাঁঠিৰ বিষ, লগতে দুৰ্বলতা আঁতৰোৱাতো ই উপকাৰী।

জিমত ঘণ্টাৰ পিছত ঘণ্টা ঘাম ওলোৱা আৰু সঠিকভাৱে খাদ্য খোৱাৰ পিছতো যদি আপোনাৰ ওজন নকমে, তেন্তে গজালি ওলোৱা বাদাম খাব লাগে। গজালি ওলোৱা বাদামত ওমেগা-৬ ফেটি এচিড থাকে, যিয়ে আপোনাক মেদবহুলতাৰ পৰা মুক্তি কৰাত সহায় কৰিব পাৰে।