Home Blog Page 259

Donald Trump: পাৰমাণৱিক চুক্তিক লৈ ইৰাণৰ সৈতে আলোচনা কৰিব ড’নাল্ড ট্ৰাম্পে

Donald Trump: পাৰমাণৱিক চুক্তিক লৈ ইৰাণৰ সৈতে আলোচনা কৰিব ড’নাল্ড ট্ৰাম্পে
Donald Trump: পাৰমাণৱিক চুক্তিক লৈ ইৰাণৰ সৈতে আলোচনা কৰিব ড’নাল্ড ট্ৰাম্পে

পাৰমাণৱিক চুক্তিক লৈ ইৰাণৰ সৈতে আলোচনা (Donald Trump) কৰিব বিচাৰিছে ড’নাল্ড ট্ৰাম্পে। কাটাৰৰ লুছাইল পেলেচত অনুষ্ঠিত ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত এই কথা কয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ কয় যে আমি ইৰাণৰ অগ্ৰগতি আৰু সফলতা চাব বিচাৰো। কিন্তু ভয়ংকৰভাৱে নহয়, শান্তিপূৰ্ণভাৱে।” ইৰাণৰ সন্দৰ্ভত ট্ৰাম্পে কয়, “তেওঁলোকে বাৰে বাৰে যুদ্ধলৈ যায় আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। “আমি পুনৰ তেনেকুৱা হ’বলৈ নিদিওঁ।”(iran)

বুধবাৰে ট্ৰাম্পে কয় যে উপসাগৰীয় ৰাষ্ট্ৰ কাটাৰত অশৃংখলতা হৈছে। আমিৰ আল-থানীক প্ৰশংসা কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে কাটাৰত অভিযান্ত্ৰিক আৰু অন্যান্য উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা কৃতিত্বৰ বাবে এই দেশখনে নিজৰ নেতাক লৈ গৌৰৱ অনুভৱ কৰিছে। গাজাত হামাছে পণবন্দী কৰি ৰখা আমেৰিকাৰ নাগৰিকক উদ্ধাৰৰ ক্ষেত্ৰত কাটাৰে লোৱা ভূমিকাৰ বাবেও ট্ৰাম্পে বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰে। আইডান আলেকজেণ্ডাৰৰ মুক্তি নিশ্চিত কৰাৰ ক্ষেত্ৰত কাটাৰৰ ভূমিকাক লৈ তেওঁ আশাবাদী। বাকী থকা আমেৰিকান পণবন্দীসকলক মুকলি কৰি দিয়াৰ ক্ষেত্ৰতো তেওঁ আশাবাদী।

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ মতে, আমেৰিকা আৰু কাটাৰৰ বন্ধুত্বই সৰ্বোচ্চ স্তৰত উপনীত হৈছে, যিটো আগতে কেতিয়াও দেখা পোৱা নাছিল। ট্ৰাম্পৰ বৰ্তমানৰ পশ্চিম এছিয়া ভ্ৰমণৰ লক্ষ্য হৈছে ১ ট্ৰিলিয়ন ডলাৰৰ বিনিয়োগ নিশ্চিত কৰা। বুধবাৰে চৌদি আৰৱ ভ্ৰমণৰ সময়ত ট্ৰাম্পে ৬০০ বিলিয়ন ডলাৰৰ দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ চুক্তিত স্বাক্ষৰ কৰে। চুক্তি অনুসৰি ছৌদি আৰবে আমেৰিকাৰ পৰা ১৪২ বিলিয়ন ডলাৰৰ অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক সঁজুলিও ক্ৰয় কৰিব। অৱশ্যে কাটাৰৰ পৰা তেওঁ কিমান বিনিয়োগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল সেয়া এতিয়াও নিশ্চিতভাৱে জানিব পৰা হোৱা নাই। অৱশ্যে প্ৰতিৰক্ষা আৰু কাটাৰ এয়াৰৱেজৰ বাবে প্ৰায় এশখন বিমান ক্ৰয় কৰাকে ধৰি দুয়োখন দেশৰ মাজত কেইবাটাও চুক্তিত উপনীত হৈছে। সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি কাটাৰে আমেৰিকাৰ পৰা ২০০ বিলিয়ন ডলাৰতকৈ অধিক মূল্যৰ ১৬০খনতকৈও অধিক বিমান ক্ৰয় কৰিব। লগতে ক্ৰয় কৰা হ’ব ড্ৰ’ন। অৱশ্যে হোৱাইট হাউছৰ তথ্যৰ উদ্ধৃতি দি আল জাজিৰাই কাটাৰে ৯৬ বিলিয়ন ডলাৰৰ ২১০খন বিমান ক্ৰয় কৰিব বুলি প্ৰকাশ কৰিছে।

আনহাতে, ৰাতিৰ আহাৰ গ্ৰহণৰ শেষত ট্ৰাম্প আৰু তামিম-বিন-হামাদ-আল-থানীয়ে ২০২৬ চনৰ ফুটবল বিশ্বকাপৰ স্মাৰকপত্ৰত স্বাক্ষৰ কৰে। ক’বলৈ গ’লে ২০২৬ চনৰ ফুটবল বিশ্বকাপৰ আয়োজন কৰিব আমেৰিকা, মেক্সিকো, আৰু কানাডাই। ইয়াৰ পূৰ্বে কাটাৰে ২০২২ চনত ফুটবল বিশ্বকাপ আয়োজন কৰিছিল।এই অনুষ্ঠানৰ বাবে ট্ৰাম্পে কাটাৰক অতিশয় প্ৰশংসা কৰিছিল।

Rajnath Singh: দায়িত্বহীন আৰু দুষ্ট দেশৰ হাতত পাৰমাণৱিক অস্ত্ৰ সুৰক্ষিত নে ?

Rajnath Singh: দায়িত্বহীন আৰু দুষ্ট দেশৰ হাতত পাৰমাণৱিক অস্ত্ৰ সুৰক্ষিত নে ?
Rajnath Singh: দায়িত্বহীন আৰু দুষ্ট দেশৰ হাতত পাৰমাণৱিক অস্ত্ৰ সুৰক্ষিত নে ?

পাকিস্তানৰ হাতত থকা পাৰমাণৱিক অস্ত্ৰ সঁচাই নিৰাপদ নে ? ‘অপাৰেচন সিন্দুৰ’ৰ পিছত প্ৰথমবাৰৰ বাবে কাশ্মীৰ ভ্ৰমণ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ।(Rajnath Singh) বৃহস্পতিবাৰৰ দুপৰীয়াৰ শ্ৰীনগৰত উপস্থিত হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। ভাৰতীয় সেনাৰ চিনাৰ কৰ্পছৰ মুখ্য কাৰ্যালয়লৈ গৈ বিষয়াসকলৰ সৈতে কথা পাতিলে। ‘অপাৰেচন সিন্দুৰ’ৰ পিছত এয়া ৰাজনাথৰ প্ৰথম ভ্ৰমণ।

পাকিস্তানৰ বাবে পাৰমাণৱিক অস্ত্ৰ থকাটো নিৰাপদ নে বুলি প্ৰশ্ন উত্থাপন কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। ৰাজনাথ সিঙে ক’লে, “গোটেই বিশ্ববাসীৰ প্ৰতি মোৰ প্ৰশ্ন, ইমান দায়িত্বহীন আৰু দুষ্ট দেশৰ হাতত পাৰমাণৱিক অস্ত্ৰ সুৰক্ষিত নে?” একে সময়তে তেওঁ কয় যে মই ভাবো পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰসমূহ আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ তত্বাৱধানত ৰখা উচিত। প্ৰসংগক্ৰমে এই আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে বিশ্বৰ বিভিন্ন দেশৰ পাৰমাণৱিক কাৰ্যকলাপ নিৰীক্ষণ কৰে।

ৰাজনাথে কয় যে পাৰমাণৱিক অস্ত্ৰৰে পাকিস্তানৰ ‘ব্লেকমেইল’ ভাৰতে সহ্য নকৰে। কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও একেধৰণৰ সুৰত কৈছিল, “যেতিয়া আমাৰ সশস্ত্ৰ বাহিনীয়ে পাৰমাণৱিক ভাবুকি প্ৰতিহত কৰিছে, তেতিয়া আমাৰ শত্ৰুৱে বুজি পাইছে যে ‘ভাৰত মাতা কি জয়’ৰ অৰ্থ কি।”

ৰাজনাথেও সেনাৰ বীৰত্বক অতিশয় প্ৰশংসা কৰে। সেনাবাহিনীক সম্বোধন কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে, ‘অপাৰেচন সিন্দুৰত আপোনালোকে যি কাম কৰিছে তাক লৈ সমগ্ৰ দেশ গৌৰৱান্বিত। বৃহস্পতিবাৰে ৰাজনাথে কাশ্মীৰৰ বাদামিবাগ সেনা শিবিৰ পৰিদৰ্শন কৰে। এই সেনা শিবিৰতে পাকিস্তানৰ গোলাবৰ্ষণ আহিছিল।

Arunachal Pradesh: কাল্পনিক নাম দিলেও অৰুণাচল সদায় ভাৰতৰ

Arunachal Pradesh: কাল্পনিক নাম দিলেও অৰুণাচল সদায় ভাৰতৰ
Arunachal Pradesh: কাল্পনিক নাম দিলেও অৰুণাচল সদায় ভাৰতৰ

চীনে পুনৰ অৰুণাচল প্ৰদেশৰ কেইবাটাও অঞ্চলৰ(Arunachal Pradesh)নাম সলনি কৰিলে৷ চীনৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ে এক বিবৃতিযোগে ভাৰতৰ ২৭টা স্থানক নতুন নাম প্ৰদান কৰিছে৷ ভাৰতে এনে পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰি প্ৰতি বিবৃতি জাৰি কৰিছে৷ মঙলবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে স্পষ্ট কৰি দিয়ে যে অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল, আছে আৰু হৈ থাকিব৷

১২ মে’ত চীনৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ে ঘোষণা কৰে যে তেওঁলোকে অৰুণাচল প্ৰদেশৰ ২৭টা অঞ্চলৰ নাম সলনি কৰিছে৷ মন কৰিবলগীয়া যে দীৰ্ঘদিন ধৰি অৰুণাচল প্ৰদেশক নিজৰ ভূখণ্ড বুলি গণ্য কৰা হৈছে৷ চীনৰ কেইবাখনো মানচিত্ৰত অৰুণাচল প্ৰদেশক তিব্বতৰ দক্ষিণ অংশ জিয়াংনান হিচাপে দেখুওৱা হৈছে৷ চীনে আকৌ এবাৰ সেই জঘন্য পদক্ষেপ গ্ৰহণ কৰিছে৷ বেইজিঙৰ এই জঘন্য ষড়যন্ত্ৰৰ পিছতে মাত মাতিছে ভাৰতে৷ মঙলবাৰে এক বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয়– ‘আমি চীনে ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ নাম সলনি কৰাৰ অসাৰ আৰু অযুক্তিকৰ প্ৰচেষ্টাৰ প্ৰতি লক্ষ্য ৰাখিছো৷

আমাৰ সামঞ্জস্যপূৰ্ণ নীতি অনুসৰি চীনৰ এই প্ৰচেষ্টা আমি নাকচ কৰিছো৷ চীনে ইয়াৰ নাম যিমানেই চেষ্টা নকৰক কিয়, অৰুণাচল প্ৰদেশ ভাৰতৰ আছিল, আছে আৰু হৈ থাকিব৷ অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংশ৷’ মন কৰিবলগীয়া যে যোৱা বছৰ অৰুণাচল প্ৰদেশৰ ত্ৰিশটা স্থানক চীনা নাম দিয়া হৈছিল৷ বেইজিং চৰকাৰৰ এক ঘোষণাত কোৱা হৈছে যে ১২টা আৱাসিক এলেকা, ১১টা পাহাৰ, চাৰিখন নদী, এটা সুৰংগ আৰু দুটা খালী লটক চীনা নাম দিয়া হৈছে৷ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে এই ঘটনাৰ প্ৰতি সঁহাৰি জনাই কয় যে চীনে মূৰ্খৰ দৰে কাম কৰিছিল৷ নাম সলনি কৰিলেও বাস্তৱ সলনি নহ’ব৷ অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল, আছে আৰু হৈ থাকিব৷ বেইজিঙৰ এই পদক্ষেপক এনেদৰেই গৰিহণা দিছে ভাৰতে৷ উল্লেখ্য বহু কালৰে পৰাই চীনে অৰুণাচলক নিজৰ বুলি দাবী কৰিয়েই আছে৷

Bhargavastra: শত্ৰুৰ ড্ৰোন আক্ৰমণ ৰুধিবলৈ ভাৰতৰ হাতত এতিয়া ‘ভাৰ্গবাস্ত্ৰ’

Bhargavastra: শত্ৰুৰ ড্ৰোন আক্ৰমণ ৰুধিবলৈ ভাৰতৰ হাতত এতিয়া ‘ভাৰ্গবাস্ত্ৰ’
Bhargavastra: শত্ৰুৰ ড্ৰোন আক্ৰমণ ৰুধিবলৈ ভাৰতৰ হাতত এতিয়া ‘ভাৰ্গবাস্ত্ৰ’

শত্ৰুৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত(Bhargavastra)আছে এক বিশেষ অস্ত্ৰ৷ এইবাৰ ড্ৰোন আক্ৰমণ প্ৰতিহত কৰিবলৈ ‘ভাৰ্গবাস্ত্ৰ’ৰ সৃষ্টি কৰা হৈছে৷ থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মিত এই মিছাইলটো সফলতাৰে পৰীক্ষামূলকভাৱে উৎক্ষেপণ কৰা হয়৷ এই ক্ষেপণাস্ত্ৰসমূহে ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা আৰু অধিক উন্নত কৰিব বুলি আশা কৰা হৈছে৷ শেহতীয়াকৈ ভাৰত-পাক সংঘাতৰ সময়ত পাকিস্তানৰ পৰা ড্ৰ’ন আক্ৰমণ সংঘটিত হৈছিল৷ ইয়াৰ বেছি ভাগেই ভাৰতে প্ৰতিহত কৰিছে৷ এনে পৰিস্থিতিত মঙলবাৰে ওড়িশাৰ গোপালপুৰ উপকূলত থলুৱা ‘মাইক্ৰ’ মিছাইল’ পৰীক্ষা কৰা হৈছিল আৰু সফলতা লাভ কৰা বুলি জানিব পৰা গৈছে৷ ড্ৰ’ন ধবংস কৰা এই সৰু আকাৰৰ ক্ষেপণাস্ত্ৰসমূহ ছ’লাৰ ডিফেন্স এণ্ড এৰ’স্পেচ লিমিটেডে [এছডিএল] নিৰ্মাণ কৰিছে৷

প্ৰস্তুতকাৰক ছ’লাৰ গ্ৰুপে কয় যে এই ড্ৰ’ন ধবংসকাৰী ব্যৱস্থাটো ‘মাইক্ৰ’ মিছাইল’ৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে৷ তেওঁলোকৰ মতে এই প্ৰতিৰক্ষা ব্যৱস্থাই ভৱিষ্যতে ড্ৰ’ন আক্ৰমণ প্ৰতিহত কৰাত যথেষ্ট সহায় কৰিব৷ প্ৰায় ডেৰ-দুই কিলোমিটাৰ দূৰত্বলৈকে সন্দেহজনক ড্ৰ’নৰ গতিবিধি ধৰা পেলোৱাৰ ক্ষমতা ‘ভাৰ্গবাস্ত্ৰ’ত আছে৷ যিকোনো সৰু ড্ৰোন ধৰা পেলাই ধবংস কৰাৰ ক্ষমতা তেওঁলোকৰ আছে৷ মঙলবাৰে ভাৰতীয় সেনাৰ বায়ু প্ৰতিৰক্ষা বিভাগৰ বিষয়াৰ উপস্থিতিত এই ক্ষেপণাস্ত্ৰসমূহ পৰীক্ষামূলকভাৱে নিক্ষেপ কৰা হয়৷

পেহেলগাম কাণ্ডৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা সামৰিক অশান্তিৰ সময়ত পাকিস্তানৰ আক্ৰমণ ৰোধ কৰাত দেশৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি ধৰা হৈছিল৷ এইক্ষেত্ৰত এছ-৪০০ ট্ৰাইমফ [সুদৰ্শন চক্ৰ], এল-৭০, শিলকা, জু-২৩ আৰু আকাশ মিছাইল ব্যৱস্থাই অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে৷ এই তিনিটা ব্যৱস্থাই একেলগে পাকিস্তানে আকাশত নিক্ষেপ কৰা ড্ৰোন আৰু ক্ষেপণাস্ত্ৰ ধবংস কৰি দেশৰ নিৰাপত্তা সুনিশ্চিত কৰিছে৷ কিন্তু পৰিৱৰ্তিত পৰিস্থিতিত কেন্দ্ৰই ভাৰতৰ আকাশমাৰ্গক অধিক নিৰৱচ্ছিন্ন কৰি তুলিবলৈ বিচাৰিছে৷ দেশৰ আকাশমাৰ্গৰ নিৰাপত্তাৰ বেৰ যাতে কোনো ধৰণে ভংগ নহয় তাৰ প্ৰতি গুৰুত্ব দিয়া হ’ব৷ সূত্ৰৰ পৰা জানিব পৰা মতে, এই উদ্দেশ্যে চৰকাৰে তিনিটা নতুন ক্ষেপণাস্ত্ৰ দেশৰ সামৰিক বাহিনীক গতাই দিয়াৰ পৰিকল্পনা কৰিছে৷

India blocks X accounts of Turkish, Chinese: ভাৰতে নিষিদ্ধ কৰিলে এক্স হেণ্ডেলত থকা একাধিক চীন-তুৰ্কীৰ সংবাদ মাধ্যম

India blocks X accounts of Turkish, Chinese: ভাৰতে নিষিদ্ধ কৰিলে এক্স হেণ্ডেলত থকা একাধিক চীন-তুৰ্কীৰ সংবাদ মাধ্যম
India blocks X accounts of Turkish, Chinese: ভাৰতে নিষিদ্ধ কৰিলে এক্স হেণ্ডেলত থকা একাধিক চীন-তুৰ্কীৰ সংবাদ মাধ্যম

পেহেলগাম আক্ৰমণত পাক সন্ত্ৰাসবাদীয়ে নিৰীহ লোকক হত্যা কৰাৰ প্ৰতিশোধস্বৰূপে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে আৰম্ভ কৰিছিল অপাৰেচন সিন্দূৰ৷(India blocks X accounts of Turkish, Chinese) ২২ এপ্ৰিলৰ এই কাণ্ডৰ পৰিপ্ৰেক্ষিতত ভাৰতে ৬ মে’ৰ মাজনিশা আৰু জ্জ মে’ৰ পুৱাৰ ভাগত পাকিস্তান আৰু পাকিস্তান দখল কৰা কাশ্মীৰৰ একাধিক সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলায়৷ ‘অপাৰেচন সিন্দূৰ’ত জ্ঝটা সন্ত্ৰাসবাদী ঘাটি ধবংস কৰা হয়৷ অপাৰেচন সিন্দূৰৰ বিষয়ে ভুৱা তথ্য বিয়পাই দি আহিছে একাংশ চীন তথা তুৰ্কীৰ সংবাদ মাধ্যমে৷ ভাৰতৰ সতৰ্কবাণী এইক্ষেত্ৰত কোনো কামত অহা নাছিল৷

ভাৰতত অৱশেষত তুৰ্কীয়ে আৰু চীনৰ সংবাদ মাধ্যমৰ এটা দলৰ বিৰুদ্ধে এক্স হেণ্ডেল ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ অল ইণ্ডিয়া নিউজ এজেন্সীৰ তথ্য অনুসৰি ভাৰতত ভাৰতীয় সেনা আৰু অপাৰেচন সিন্দূৰ সন্দৰ্ভত ভুল তথ্য প্ৰচাৰ কৰাৰ অভিযোগত চীনৰ চৰকাৰী সংবাদ মাধ্যম গ্ল’বেল টাইমছ আৰু জিনহুয়া নিউজ এজেন্সীৰ এক্স হেণ্ডেল ভাৰতত নিষিদ্ধ কৰা হৈছে৷ ইয়াৰ পূৰ্বে বেইজিঙত থকা ভাৰতীয় দূতাবাসে গ্ল’বেল টাইমছক সকীয়াই দিছিল যে তথ্য প্ৰচাৰৰ পূৰ্বে সত্যাসত্য নিৰূপণ কৰিব লাগে৷ অভিযোগ উত্থাপন হৈছে যে পাকিস্তান সমৰ্থিত কেইবাটাও সংবাদ মাধ্যমে অপাৰেচন সিন্দূৰ সন্দৰ্ভত অহৰহ জনসাধাৰণৰ আগত ভুৱা তথ্য দাঙি ধৰি জনমানসত ভুল ধাৰণা সৃষ্টি কৰি আছে৷ চীনৰ সংবাদ মাধ্যমৰ লগতে তুৰ্কী সংবাদ মাধ্যম টি আৰ টি ৱল্ডৰ্ৰ এক্স হেণ্ডেলো ভাৰতত নিষিদ্ধ কৰা হৈছে৷

Minister Vijay Shah: কৰ্ণেল ছ’ফিয়া কুৰেশ্বীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰি বিপদত বিজেপি মন্ত্ৰী বিজয় শ্বাহ

Minister Vijay Shah: কৰ্ণেল ছ’ফিয়া কুৰেশ্বীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰি বিপদত বিজেপি মন্ত্ৰী বিজয় শ্বাহ
Minister Vijay Shah: কৰ্ণেল ছ’ফিয়া কুৰেশ্বীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰি বিপদত বিজেপি মন্ত্ৰী বিজয় শ্বাহ

কর্ণেল ছ’ফিয়াক সন্ত্রাসবাদীৰ ভগ্নী আখ্যা বিজেপি মন্ত্ৰীৰ।(Minister Vijay Shah)

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰি বিপদত মধ্যপ্ৰদেশৰ বিজেপি মন্ত্ৰী বিজয় শ্বাহ।

মধ্যপ্ৰদেশৰ বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে।

মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ দিছিল মধ্যপ্রদেশ উচ্চ ন্যায়ালয়ে।

শীঘ্ৰে আৰক্ষী সঞ্চালক প্ৰধানক গোচৰ ৰুজুৰ নিৰ্দেশ দিছিল।

কর্ণেল ছ’ফিয়া কুৰেশ্বিক সন্ত্রাসবাদীৰ ভগ্নী বুলি মন্তব্য কৰিছিল মন্ত্ৰীগৰাকীয়ে।

ইন্দোৰত এখন ৰাজহুৱা সভাত এই বিতর্কৰ অন্তত ক্ষমা খোজে বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা মধ্যপ্ৰদেশৰ জনজাতি কল্যাণ মন্ত্রী বিজয় শ্বাহে।

ভাৰতীয় দণ্ডবিধিৰ তিনিটা ভিন্ন ধাৰাত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। ভাৰতীয় দণ্ডবিধিৰ ১৫২, ১৯৬(১) (বি) আৰু ১৯৭ (১)(চি) ধাৰাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।

বিতর্কৰ অন্তত ক্ষমা খোজে মন্ত্ৰী বিজয় শ্বাহে। তেওঁ কয় ‘ভগ্নী ছফিয়া’ আৰু সেনাক সন্মান কৰোঁ, “মোৰ শেহতীয়া বক্তব্যই মানুহহৰ আৱেগক আঘাত দিছে। ইয়াৰ বাবে মই কেৱল লাজ পোৱাই নহয়, গভীৰভাৱে দুখ প্ৰকাশ কৰিছোঁ আৰু ক্ষমাও বিচাৰিছোঁ।”

Balochistan: বেলুচিস্তানক লৈ কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ?

Balochistan: বেলুচিস্তানক লৈ কি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ?
Balochistan: বেলুচিস্তানক লৈ কি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ?

বেলুচিস্তানক লৈ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী(Balochistan) হিমন্ত বিশ্ব শৰ্মাৰ পোষ্ট। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘মূলতঃ হিন্দু পৰম্পৰাৰৰ ৫১খন পূজ্য শক্তিপীঠৰ ভিতৰত অন্যতম ‘হিংলাজ মাতা’ মন্দিৰে পৱিত্ৰ স্থান হিচাপে বেলুচিস্তানৰ সৈতে হিন্দুসকলৰ এক গভীৰ ঐতিহাসিক আৰু আধ্যাত্মিক তাৎপৰ্য বহন কৰিছে৷ হিংগোল ৰাষ্ট্ৰীয় উদ্যানৰ উক্ত ঠেক ভূখণ্ডত অৱস্থিত এই মন্দিৰটোৰ স্থানতেই দেৱী সতীৰ শিৰ অংশ পৰিছিল বুলি বিশ্বাস কৰা হয়৷ সেয়েহে এই ভূমিক শাক্ত ধৰ্মৰ অন্যতম পৱিত্ৰ স্থান হিচাপে মান্যতা দি অহা হৈছে৷ যুগ যুগ ধৰি হিন্দু তীৰ্থযাত্ৰী—বিশেষকৈ সিন্ধী, ভৱছাৰ আৰু চাৰণ সম্প্ৰদায়ৰ ভক্তসকলে এই মন্দিৰভাগিত দেৱীৰ আশীৰ্বাদ বিচাৰি মৰুভূমিৰ মাজেৰে যাত্ৰা কৰে।

ধৰ্মীয় ধাৰণাৰ উপৰি উপমহাদেশখনৰ বিভাজনৰ বহু পূৰ্বৰে পৰা বেলুচিস্তানে হিন্দুসকলৰ প্ৰাচীন সাংস্কৃতিক ঐতিহ্যৰ আভাস দাঙি ধৰে৷ উল্লেখ্য যে এই মন্দিৰভাগিক বেলুচ জনসাধাৰণেও আধ্যাত্মিকতাৰে সন্মান কৰে৷ তেওঁলোকে এই মন্দিৰভাগিক অতি আদৰেৰে ‘নানী মন্দিৰ’ বুলি কৈ আহিছে৷ প্ৰকৃততে বেলুচিস্তানত অৱস্থিত এই মন্দিৰভাগে সাতামপুৰুষীয়া আন্তঃসাম্প্ৰদায়িক ঐতিহ্য, মিলন আৰু পাৰস্পৰিক একতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে৷’

বেলুচিস্তানে স্বাধীনতা ঘোষণা কৰা পিছত আজি সামাজিক মাধ্যমত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে সামাজিক মাধ্যমত পোষ্ট দিয়া দেখা গ’ল।

বুধবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ‘ৰিপাব্লিক অৱ বেলুচিস্তান’এ বেলুচিস্তানৰ স্বাধীনতা ঘোষণা(Republic of Balochistan) কৰিলে বেলুচ বিদ্রোহীয়ে। বেলুচিস্তান কেতিয়াও পাকিস্তানৰ অংগ নাছিল বুলি ঘোষণা বেলুচ বিদ্রোহীৰ। বেলুচ বিদ্রোহী নেতা মিৰ য়াৰ বেলুচে ঘোষণা কৰিলে এই কথা। বেলুচিস্তানক স্বাধীন ৰাষ্ট্ৰৰ মৰ্যাদা দিয়াৰ বাবে বিশ্ব সম্প্রদায়ক আহ্বান। ভাৰতকো এইক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ আহ্বান বেলুচ বিদ্রোহীৰ। ৰাষ্ট্ৰসংঘকো বিশেষ পদক্ষেপ গ্ৰহণৰ আহ্বান বেলুচ বিদ্রোহীৰ।

India-Myanmar border: মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তৰ চান্দেল জিলাত নিহত ১০জন উগ্ৰপন্থী

India-Myanmar border: মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তৰ চান্দেল জিলাত নিহত ১০জন উগ্ৰপন্থী
India-Myanmar border: মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তৰ চান্দেল জিলাত নিহত ১০জন উগ্ৰপন্থী

অসম ৰাইফলছৰ আন এক সফল অভিযান, সংঘর্ষত নিহত ১০টা উগ্রপন্থী।(India-Myanmar border)

মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তৰ চান্দেল জিলাত গুলীয়াগুলী হয় বুধবাৰে নিশা।(Assam Rifles)

নিউ চামটাল গাঁৱৰ সমীপত অভিযানৰ সময়তে সংঘৰ্ষ হয়।

সংঘৰ্ষস্থলীৰ পৰা বুজন পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰে বুধবাৰে।

প্ৰথমে শূন্যলৈ গুলীচালনা অভিযানকাৰীৰ, গুলীৰে প্ৰত্যুত্তৰ দিছিল অস্ত্ৰধাৰী উগ্ৰপন্থীৰ দলটোৱে।

তাৰ পাছতে প্রচণ্ড গুলীয়াগুলী, নিহত ১০টা উগ্রপন্থী কেডাৰ।

Xত এই তথ্য সদৰী কৰিলে ভাৰতীয় সেনাৰ ইষ্টার্ন কমাণ্ডে।

ইষ্টাৰ্ণ কমাণ্ডে এক্সত পোষ্ট কৰি কয় যে, “ইণ্ডো_ম্যানমাৰ সীমান্তৰ সমীপৰ চান্দেল জিলাৰ নিউ সামতাল গাঁৱৰ সমীপৱৰ্তী খেংজয় তহচিল, খেংজয় তহচিলৰ সশস্ত্ৰ কেডাৰৰ ওপৰত নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত কাম কৰি, #SpearCorps অধীনস্থ #AssamRifles ইউনিটে ২০২৫ চনৰ ১৪ মে’ত অভিযান আৰম্ভ কৰে।”

পোষ্টটোত লগতে কোৱা হৈছে যে, “অপাৰেচনৰ সময়ত সৈন্যবাহিনীক সন্দেহযুক্ত কেডাৰে গুলীচালনা কৰিছিল যাৰ প্ৰতি তেওঁলোকে দ্ৰুত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। ইয়াৰ পিছৰ গুলীচালনাত ১০ জন কেডাৰ নিহত হয় আৰু যথেষ্ট পৰিমাণৰ অস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে।”

Republic of Balochistan: ‘আমি পাকিস্তানী নহয়’ বুলি ঘোষণা বেলুচিস্তানৰ

Republic of Balochistan: ‘আমি পাকিস্তানী নহয়’ বুলি ঘোষণা বেলুচিস্তানৰ
Republic of Balochistan: ‘আমি পাকিস্তানী নহয়’ বুলি ঘোষণা বেলুচিস্তানৰ

বেলুচিস্তানৰ স্বাধীনতা ঘোষণা(Republic of Balochistan) কৰিলে বেলুচ বিদ্রোহীয়ে। বেলুচিস্তান কেতিয়াও পাকিস্তানৰ অংগ নাছিল বুলি ঘোষণা বেলুচ বিদ্রোহীৰ। বেলুচ বিদ্রোহী নেতা মিৰ য়াৰ বেলুচে ঘোষণা কৰিলে এই কথা। বেলুচিস্তানক স্বাধীন ৰাষ্ট্ৰৰ মৰ্যাদা দিয়াৰ বাবে বিশ্ব সম্প্রদায়ক আহ্বান।


ভাৰতকো এইক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ আহ্বান বেলুচ বিদ্রোহীৰ। ৰাষ্ট্ৰসংঘকো বিশেষ পদক্ষেপ গ্ৰহণৰ আহ্বান বেলুচ বিদ্রোহীৰ।

বেলুচ নেতাসকলে পাকিস্তানৰ পৰা বেলুচিস্তানৰ স্বাধীনতা ঘোষণা কৰি ভাৰত আৰু ৰাষ্ট্ৰসংঘৰ ওচৰত স্বীকৃতিৰ বাবে আবেদন জনাইছে। এই পদক্ষেপে ছচিয়েল মিডিয়াত জোৱাৰৰ সৃষ্টি কৰিছে।

বুধবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ‘ৰিপাব্লিক অৱ বেলুচিস্তান’ৰ কৰ্মী মিৰ ইয়াৰ বেলুচকে ধৰি বেলুচ নেতাসকলে পাকিস্তানৰ পৰা বেলুচিস্তানৰ স্বাধীনতা ঘোষণা কৰে।

ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে বেলুচিস্তানৰ এখন স্বতন্ত্ৰ মানচিত্ৰ শ্বেয়াৰ কৰে, লগতে বেলুচিস্তানৰ পতাকা উৰুৱাই থকা ভিডিঅ’ও শ্বেয়াৰ কৰে।

৯ মে’ত মিৰ ইয়াৰ বালোচে এক্স পোষ্টত লিখিছে, “সন্ত্রাসবাদী পাকিস্তানৰ পতন ওচৰ চাপি অহাৰ লগে লগে অতি সোনকালে এটা সম্ভাৱ্য ঘোষণা কৰা উচিত৷ আমি আমাৰ স্বাধীনতা দাবী কৰিছো আৰু আমি ভাৰতক অনুৰোধ কৰিছো যে বেলুচিস্তানৰ চৰকাৰী কাৰ্যালয় আৰু দিল্লীত থকা দূতাবাসৰ অনুমতি দিয়ক৷”

ইয়াক স্বীকৃতি দি ৰাষ্ট্ৰসংঘৰ সদস্যসকলৰ বৈঠক আহ্বান কৰিবলৈ ৰাষ্ট্ৰসংঘৰ পৰাও সমৰ্থন আহ্বান জনায়।

‘আমি ৰাষ্ট্ৰসংঘক বেলুচিস্তানৰ গণতান্ত্ৰিক গণৰাজ্যৰ স্বাধীনতাক স্বীকৃতি দিবলৈও অনুৰোধ কৰিছো আৰু স্বীকৃতিৰ বাবে আপোনালোকৰ সমৰ্থন আগবঢ়াবলৈ ৰাষ্ট্ৰসংঘৰ সকলো সদস্যৰ বৈঠক আহ্বান কৰক। মুদ্ৰাৰ বাবে কোটি কোটি ধন মুকলি কৰিব লাগিব আৰু পাছপ’ৰ্ট ছপা হ’ব লাগিব বুলি আহ্বান জনাই।

গুৱাহাটীত আকৌ পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি — দিগন্ত গগৈয়ে দাৰে আক্ৰমণ কৰিলে !Guwahati Crime News:

গুৱাহাটীত আকৌ পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি — দিগন্ত গগৈয়ে দাৰে আক্ৰমণ কৰিলে !Guwahati Crime News:
গুৱাহাটীত আকৌ পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি — দিগন্ত গগৈয়ে দাৰে আক্ৰমণ কৰিলে !Guwahati Crime News:

গুৱাহাটী, ১৪ মে’ : Guwahati Crime News। মহানগৰীত আকৌ সংঘটিত হ’ল চাঞ্চল্যকৰ আৰু নৃশংস ঘটনা। ধীৰেণপাৰাত অৱস্থিত অৰ্কিড হিলভিউ এপাৰ্টমেণ্টত বুধবাৰে পুৱা সংঘটিত হয় এই ভয়ংকৰ ঘটনা, য’ত এজন ছিকিউৰিটি গাৰ্ডে দাৰে আক্ৰমণ কৰে এখনেই এপাৰ্টমেণ্টত কাম কৰা এগৰাকী মহিলাক ।

আক্ৰমণকাৰী যুৱকজন হৈছে দিগন্ত গগৈ, যিয়ে বিগত দুবছৰ ধৰি উক্ত এপাৰ্টমেণ্টত ছিকিউৰিটী গাৰ্ডৰ কাম কৰি আহিছিল। আহত মহিলাগৰাকীৰ সৈতে দিগন্তৰ দুমাহৰ পূৰ্বে পৰিচয় হৈছিল আৰু তাৰ পাছতেই তেওঁলোকৰ মাজত গঢ় লৈ উঠে পৰকীয়া সম্পৰ্ক। উল্লেখযোগ্য যে, দিগন্ত গগৈ আৰু মহিলাগৰাকী দুয়ো বিবাহিত।

সূত্ৰ অনুসৰি, সম্পৰ্কত ফাট ধৰা পিছতে মহিলাগৰাকীয়ে দিগন্তৰ বিৰুদ্ধে ভিডিঅ’ কলৰ স্ক্ৰীণ ৰেকৰ্ড ভাইৰেল কৰাৰ অভিযোগ তোলে আৰু এপাৰ্টমেণ্টৰ আৱাসীক এই সন্দৰ্ভত অৱগত কৰে। এই কথাত ক্ষুব্ধ হৈ দিগন্ত গগৈয়ে প্ৰতিশোধ ল’বলৈ কটাহবাৰীৰ মঙলবৰীয়া বজাৰৰ পৰা ২৫০ টকা দি ১৪ ইঞ্চিৰ এখন দা কিনে।

বুধবাৰে পুৱা ৮.৩০ বজাত মহিলাগৰাকী কামলৈ আহোতে দিগন্ত গগৈয়ে দাৰে ঘপিয়াই আক্ৰমণ কৰে। মূৰ আৰু ডিঙিত গুৰুতৰ আঘাতপ্ৰাপ্ত মহিলাগৰাকীক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)ত ভৰ্তি কৰোৱা হয়।

ইতিমধ্যে ফটাশিল থানাৰ আৰক্ষীয়ে আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিছে।

এই ঘটনাই মহানগৰীৰ বাসিন্দাসকলৰ মাজত গভীৰ উদ্বেগ সৃষ্টি কৰিছে, বিশেষকৈ পৰকীয়া সম্পৰ্কৰ বাবেই একেৰাহে সংঘটিত হৈ থকা এনে নৃশংস ঘটনাসমূহে সমাজৰ নৈতিকতাক প্ৰশ্নৰ সন্মুখীন কৰি তুলিছে। এইটো হৈছে বিগত এটা সপ্তাহত গুৱাহাটী মহানগৰীত সংঘটিত চতুৰ্থটো এনে ঘটনাৰ উদাহৰণ।