Home Blog Page 260

ওৰাং ৰাষ্ট্ৰীয় উদ্যান কালিৰে পৰা পর্যটকৰ বাবে বন্ধ । orang national park

ওৰাং ৰাষ্ট্ৰীয় উদ্যান কালিৰে পৰা পর্যটকৰ বাবে বন্ধ । orang national park
ওৰাং ৰাষ্ট্ৰীয় উদ্যান কালিৰে পৰা পর্যটকৰ বাবে বন্ধ । orang national park

১৪ মে’ ২০২৫:orang national park । কালিৰে পৰা দেশী-বিদেশী সকলো পর্যটকৰ বাবে বন্ধ হৈ থাকিব ওৰাং ৰাষ্ট্ৰীয় উদ্যান। বন বিভাগে এই ঘোষণা কৰিছে বেছিভাগ সময় বেয়া পথঘাট আৰু বৃষ্টিপাতৰ বাবে উদ্যানখনৰ বাস্তুতন্ত্রৰ ৰক্ষা সুনিশ্চিত কৰাৰ প্ৰয়োজনত। সাধাৰণতে বছৰি বৰষুণৰ সময়ত উদ্যানখন বন্ধ কৰি দিয়া হয়।

বন বিভাগৰ সূত্ৰ মতে, অহা অক্টোবৰ মাহৰ পৰা পুনৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰা হ’ব পৰ্যটকৰ বাবে। উদ্যানখন খোলাখুলিৰ সময়ছোৱাত এইবাৰ পৰ্যটকৰ পৰা লাভ হোৱা মুঠ ৰাজহ আছিল তিনিলাখ ছয়ষষ্ঠি হাজাৰ টকা।

এই সময়চোৱাত দুহেজাৰ তিনিশজন পৰ্যটকে উদ্যানখন পৰিদৰ্শন কৰে, য’ত বিদেশী পৰ্যটকৰ সংখ্যা আছিল একেটা সময়ছোৱাত বিয়াল্লিশজন।

উল্লেখযোগ্য যে, সদ্যহতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনত ১২৫ৰো অধিক একেশৃঙীয়া গঁড় চিনাক্ত কৰা হৈছে। লগতে, বাঘ, হাতী, হৰিণা, গাহৰি আৰু বিভিন্ন প্ৰজাতিৰ পক্ষীৰ বিচৰণ ভূমি হিচাপে এই উদ্যানখনে পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

উদ্যানখনৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ তথ্য অনুসৰি, বন জীৱ সংৰক্ষণ আৰু উদ্যানখনৰ স্বাভাৱিক পৰিৱেশ ৰক্ষা কৰাৰ উদ্দেশ্যে এই বন্ধ ঘোষণা কৰা হৈছে।

অবশেষত BSF জোৱান পিকে সাহু ঘূৰি আহিল: পাকিস্তানে উভতাই দিলে, ভাৰতে ৰেঞ্জাৰক উভতালে

অবশেষত BSF জোৱান পিকে সাহু ঘূৰি আহিল: পাকিস্তানে উভতাই দিলে, ভাৰতে ৰেঞ্জাৰক উভতালে
অবশেষত BSF জোৱান পিকে সাহু ঘূৰি আহিল: পাকিস্তানে উভতাই দিলে, ভাৰতে ৰেঞ্জাৰক উভতালে

১৪ মে’: ভাৰত-পাকিস্তান সীমান্তত এখনি গুৰুত্বপূৰ্ণ ঘটনা। ২২ দিন পাছত শেষত পাকিস্তানে BSF জোৱান পূৰ্ণব কুমাৰ সাহুক মুক্তি দিয়ে। ২৩ এপ্ৰিল ২০২৫ তাৰিখে ভুলবশতঃ সীমান্ত অতিক্ৰম কৰি পাকিস্তানত প্ৰৱেশ কৰা জোৱানজনক আজি পুৱা প্ৰায় ১০:৩০ বজাত Joint Check Post (JCP) আটাৰীৰ জৰিয়তে ভাৰতলৈ উভতাই দিয়ে।

ইয়াৰ বিপৰীতে, ভাৰতেও আটক কৰি ৰখা এজন পাকিস্তানী ৰেঞ্জাৰক মুক্তি দিয়ে। দুয়ো দেশৰ সেনাৰ এই আদান-প্ৰদান প্ৰতিষ্ঠিত প্ৰট’কল অনুসৰি শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। BSF-এ এক প্ৰেছ বিবৃতি জাৰি কৰি জোৱানজনৰ ঘূৰি অহাৰ কথা নিশ্চিত কৰিছে।

উল্লেখযোগ্য যে, ফিৰোজপুৰ জিলাৰ সীমান্তত কৰ্তব্যৰত থাকোতে, সাহু এজন স্থানীয় কৃষকক সহায় কৰিবলৈ আগবাঢ়ে। সেই সময়তে তেওঁ ভুলবশতঃ শূন্য ৰেখা পাৰ কৰি পাকিস্তানত প্ৰৱেশ কৰে। পৰৱৰ্তী সময়ত পাকিস্তানী ৰেঞ্জাৰছৰ দ্বাৰা তেওঁক আটক কৰা হয়।

ইফালে, ভাৰতীয় পক্ষেও ৰাজস্থানৰ সীমান্ত অঞ্চলৰ ওচৰত এজন পাকিস্তানী ৰেঞ্জাৰক সীমা লঙ্ঘনৰ সময়তে আটক কৰিছিল। অভিযোগ অনুসৰি, তেওঁ সীমান্ত অতিক্ৰম কৰাৰ চেষ্টা কৰিছিল।

সাম্প্ৰতিক সময়ত ভাৰত-পাকিস্তানৰ মাজত সীমান্তত উত্তেজনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত, এই জোৱানসকলৰ আটক-উভতোৱা ঘটনাই দুই দেশৰ কূটনৈতিক সম্পৰ্কত নতুন চর্চাৰ বাতাবৰণ সৃষ্টি কৰিছে। তথাপিও, এই হস্তান্তৰে যুদ্ধবিৰতি আৰু সহনশীলতা বজাই ৰখাত এক ইতিবাচক সংকেত হিচাপে বিবেচনা কৰা হৈছে।

সদৌ তাই আহোম ছাত্ৰ সন্থাৰ পথ অৱৰোধ । shivsagar

সদৌ তাই আহোম ছাত্ৰ সন্থাৰ পথ অৱৰোধ । shivsagar

শিৱসাগৰ, ১৪ মে’:shivsagar । ১২১ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণাধীন ভূবন চন্দ্ৰ গগৈ পথ (বিজি ৰোড)ৰ অধূৰ পৰা বেহাল অৱস্থাক লৈ চেৰেকাপাৰত আজি জোৰদাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে সদৌ তাই আহোম ছাত্ৰ সন্থা (এস.টি.এ.এছ.এছ)। পথটোৰ স্থায়ীত্বহীন আৰু বিপজ্জনক অৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই ছাত্ৰ সন্থাৰ নেতৃবৃন্দে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে।

উল্লেখযোগ্য যে, শিৱসাগৰৰ পৰা গড়মূৰ চোমণি গাঁওলৈ যোৱা এই গুৰুত্বপূৰ্ণ পথটোৰ নিৰ্মাণৰ দায়িত্ব লৈছিল শিৱা হৰলালকা ঠিকাদাৰী প্ৰতিষ্ঠানে। যদিও বহু দিন পূৰ্বে কাম আৰম্ভ হৈছিল, তথাপিও আজিলৈকে সম্পূৰ্ণ হোৱা নাই কামখন। ফলস্বৰূপে, ৰাস্তাটোৰ অৱস্থা দিনে দিনে অধিক জটিল আৰু জনবিপদজনক হৈ পৰিছে।

বিক্ষোভ চলাকালীন ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে তীব্ৰ শ্ল’গান প্ৰচাৰ কৰে। বেহাল পথৰ বাবে অঞ্চলবাসীৰ দৈনন্দিন যাতায়াতত হোৱা অসুবিধা আৰু বিপদৰ উল্লেখ কৰি সমাধান বিচাৰে বিক্ষোভকাৰীসকলে।

সদৌ তাই আহোম ছাত্ৰ সন্থাৰ নেতাসকলে দাবী কৰে যে, যদি অবিলম্বে পথ নিৰ্মাণ সম্পূৰ্ণ কৰি জনগণৰ বাবে উন্মুক্ত কৰা নহয়, তেন্তে আগন্তুক দিনত আরও বৃহৎ আন্দোলনৰ দিশে যাব বাধ্য হ’ব।

অৱশেষত, বিক্ষোভৰ ফলস্বৰূপে একাংশ

পৰকীয়া প্ৰেমৰ বাবে মহিলাক নৃশংস হত্যা ! Dudhnoi

পৰকীয়া প্ৰেমৰ বাবে মহিলাক নৃশংস হত্যা ! Dudhnoi
পৰকীয়া প্ৰেমৰ বাবে মহিলাক নৃশংস হত্যা ! Dudhnoi

 Dudhnoi । দুধনৈ, ১৪ মে’: পৰকীয়া সম্পৰ্কৰ বলিত ৰাজ্যত পুনৰ সংঘটিত হৈছে এগৰাকী মহিলাৰ নৃশংস হত্যাকাণ্ড। দুধনৈৰ উদয়পুৰত মঙলবাৰে নিশা সংঘটিত হয় এক শিহৰণকাৰী ঘটনা, য’ত ছুৰীৰে আক্ৰমণ কৰি ৬০ বছৰৰো অধিক বয়সীয়া মহিলা ফুলেশ্বৰী বৰ্মন ৰাভাক হত্যা কৰে নিপ্পজ্যোতি ৰাভা নামৰ এজন যুৱকে।

ঘটনাৰ অনুসৰি, নিশা মৃত মহিলাগৰাকীৰ ঘৰৰ সৈতে লাগি থকা দোকানলৈ বস্তু কিনিবলৈ আহে যুৱকজন। সেই সময়তে সুযোগ লৈ মহিলা গৰাকীক চোকা অস্ত্ৰৰে একাধিকবাৰ আক্ৰমণ কৰি হত্যা কৰে। কেৱল ইমানেই নহয়, হত্যাৰ পাছত ঘৰত উপস্থিত মৃত মহিলাগৰাকীৰ দুজন কণমানি নাতিনীকো হত্যাৰ চেষ্টা চলায় অভিযুক্তই।

চিঞৰ-বাখৰ শুনি স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হোৱাত অভিযুক্ত পলায়ন কৰে। তাৰ পিছতেই আৰক্ষীক জাননী দিয়া হয় আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।

স্থানীয় ৰাইজে অভিযোগ কৰে যে, অভিযুক্ত নিপ্পজ্যোতিৰ সৈতে মৃত মহিলাগৰাকীৰ বোৱাৰীৰ অবৈধ সম্পৰ্ক আছিল আৰু সেই ব্যক্তিগত সম্পৰ্কৰ ফলস্বৰূপেই সংঘটিত হয় এই ভয়ংকৰ হত্যাকাণ্ড। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে মৃত মহিলাগৰাকীৰ বোৱাৰীক ইতিমধ্যে আটক কৰিছে আৰু মূল অভিযুক্ত নিপ্পজ্যোতি ওৰফে নিৰজ ৰাভাক বিচাৰি তীব্ৰ অভিযান চলাইছে।

ইফালে, এই ঘটনাই কেৱল এটা নিদৰ্শন। বিগত কিছুমান দিনত পৰকীয়া প্ৰেমৰ বলিত দুজন লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে। এগৰাকী মাতৃয়ে নিজৰ অবৈধ প্ৰেমিকৰ সহযোগত ১০ বছৰীয়া পুত্ৰ সন্তানক হত্যা কৰি মৃতদেহ ছুটকেছত ভৰাই এটা জোপোহালৈ নিক্ষেপ কৰিছিল। দেওবাৰে আৰক্ষীয়ে এই তথ্য প্ৰকাশ কৰিছিল।

আনহাতে, সোমবাৰে গুৱাহাটীৰ গড়চুত সংঘটিত হয় আন এক হত্যাকাণ্ড। Silver Arcade বিল্ডিঙৰ পাৰ্কিঙত ছুৰীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মৃগাংক বৰ্মন (২৬) নামৰ এজন যুৱকে মৃত্যুক সাৱটি লয়। এই ঘটনাত গ্ৰেপ্তাৰ হোৱা ৰাজু আলী নামৰ অভিযুক্তে স্বীকাৰ কৰে যে, এগৰাকী যুৱতীৰ সৈতে তেওঁৰ দুবছৰৰ পৰা সম্পৰ্ক আছিল, কিন্তু সেই যুৱতীগৰাকী মৃগাংকৰ সৈতে হোটেলত দেখা কৰিবলৈ আহিছিল বুলি জানি, তেওঁ এই আক্ৰমণ কৰে।

সাম্প্ৰতিক এইবোৰ ঘটনা একেবাৰে স্পষ্ট কৰিছে যে সমাজত পৰকীয়া সম্পৰ্কৰ জটিলতাৰ ফলত সংগঠিত হোৱা হত্যা, আক্ৰমণ আদিৰ সংখ্যা দ্ৰুতবেগে বৃদ্ধি পাইছে। আৰক্ষীয়ে সকলো ঘটনাত তদন্ত অব্যাহত ৰাখি দোষীসকলক বিচাৰৰ মুখামুখি কৰাব বুলি জনাইছে।

চাপৰৰ পুঠিমাৰীত নির্বাচনী হিংসা, দুটা ফৈদৰ মাজত সংঘটিত হয় তীব্ৰ মাৰপিট । Chapar

চাপৰৰ পুঠিমাৰীত নির্বাচনী হিংসা, দুটা ফৈদৰ মাজত সংঘটিত হয় তীব্ৰ মাৰপিট । Chapar
চাপৰৰ পুঠিমাৰীত নির্বাচনী হিংসা, দুটা ফৈদৰ মাজত সংঘটিত হয় তীব্ৰ মাৰপিট । Chapar

চাপৰ, ১৪ মে’২০২৫: Chapar । চাপৰ মহকুমাৰ অন্তৰ্গত পুঠিমাৰীত সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনৰ পিচত সৃষ্টি হৈছে উত্তেজনাপূর্ণ পৰিস্থিতি। নায়েৰআলগা-টিলাপাৰা জিলা পৰিষদৰ বিজয়ী প্ৰাৰ্থীয়ে নিজৰ সমৰ্থকসকলক লৈ ভোটাৰসকলক ধন্যবাদ জ্ঞাপন কৰিবলৈ আহোতেই দুটা ফৈদৰ মাজত সংঘটিত হয় হিংসাত্মক সংঘর্ষ।

জানিব পৰা মতে, পুঠিমাৰী পঞ্চায়তৰ আঞ্চলিক সদস্যা পদত পৰাজিত প্ৰাৰ্থীৰ সমৰ্থকসকলে জিলা পৰিষদৰ বিজয়ী প্ৰাৰ্থীৰ সমৰ্থকসকলৰ ওপৰত আক্ৰমণ কৰে বুলি অভিযোগ উত্থাপন হৈছে। আনফালে, বিজয়ী জিলা পৰিষদৰ প্ৰাৰ্থীৰ সমৰ্থকসকলৰ অভিযোগ মতে, পৰাজিত প্ৰাৰ্থীগৰাকীক সমৰ্থন নকৰি বেলেগ প্ৰাৰ্থীক সমৰ্থন কৰাৰ বাবে সংঘটিত হয় এই মাৰপিট।

এই মাৰপিটৰ ফলত উভয় পক্ষৰ বহু কেইগৰাকী পুৰুষ-মহিলা আহত হয়। ঘটনাৰ পাছত ৰাতি উভয় পক্ষই চাপৰ আৰক্ষী থানাত উপস্থিত হৈ একে আনৰ বিৰুদ্ধে পৃথক পৃথক এজাহাৰ দাখিল কৰে।

আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু এই সংঘৰ্ষৰ আচল কাৰণ তদন্তৰ পিছতহে পুৰোপুৰি পোহৰলৈ আহিব বুলি জানিব পৰা গৈছে।

ভাৰতৰ প্ৰতিৰক্ষা খণ্ড ক্ৰমাৎ শক্তিশালী, বিশ্বৰ ৮০খন দেশলৈ অস্ত্ৰ-শস্ত্ৰ ৰপ্তানি । India defense sector 

ভাৰতৰ প্ৰতিৰক্ষা খণ্ড ক্ৰমাৎ শক্তিশালী, বিশ্বৰ ৮০খন দেশলৈ অস্ত্ৰ-শস্ত্ৰ ৰপ্তানি । India defense sector 
ভাৰতৰ প্ৰতিৰক্ষা খণ্ড ক্ৰমাৎ শক্তিশালী, বিশ্বৰ ৮০খন দেশলৈ অস্ত্ৰ-শস্ত্ৰ ৰপ্তানি । India defense sector 

নতুন দিল্লী: India defense sector । ক্ৰমাৎ শক্তিশালী হৈ উঠিছে ভাৰতৰ প্ৰতিৰক্ষা খণ্ড। দেশটোৱে এতিয়া অস্ত্ৰ আৰু প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰে সমগ্ৰ বিশ্বৰ ৮০খন দেশলৈ। শেহতীয়াকৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানিয়ে ২৩,৬৬২ কোটি টকাৰ ঐতিহাসিক মাইলছ্ট’ন অতিক্ৰম কৰিছে, যিটো ২০১৩-১৪ বৰ্ষত মাত্ৰ ৬৮৬ কোটি টকা আছিল। চৰকাৰে ২০২৯ চনৰ ভিতৰত এই ৰপ্তানি ৫০,০০০ কোটি টকালৈ উন্নীত কৰাৰ লক্ষ্য স্থিৰ কৰিছে।

এই অগ্ৰগতিক মূল আধাৰ হৈছে দেশীয়ভাৱে নিৰ্মিত উন্নত প্ৰযুক্তিৰ অস্ত্ৰ-শস্ত্ৰ। DRDO-ৰ দ্বাৰা নিৰ্মিত পিনাকা ৰকেট লঞ্চাৰৰ মাৰ্ক-১ সংস্কৰণৰ ৰেঞ্জ ৪০ কিলোমিটাৰ, আৰু মাৰ্ক-২ সংস্কৰণৰ ৰেঞ্জ ৬৫ কিলোমিটাৰ। ৪২ ছেকেণ্ডৰ ভিতৰত ১২টা ৰকেট নিক্ষেপ কৰিবলৈ সক্ষম এই লঞ্চাৰটোৱে আক্ৰমণৰ সঠিকতাৰ বাবে বিশ্বজুৰি প্ৰশংসা লাভ কৰিছে।

ইয়াৰ উপৰিও ব্ৰহ্মছ ছুপাৰছনিক ক্ৰুজ মিছাইল, যিটো শব্দৰ গতিতকৈ বেছি বেগেৰে লক্ষ্যলৈ গতি কৰি ধ্বংস কৰে, তাকো ভাৰতীয় সেনাই পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰসমূহৰ বিৰুদ্ধে সফলতাৰে ব্যৱহাৰ কৰিছে। লগতে, পাকিস্তানে চলোৱা আক্ৰমণত ভাৰতীয় ‘আকাশ’ ইন্টাৰচেপ্টৰে প্ৰতিষেধমূলক ভূমিকা গ্ৰহণ কৰিছিল।

ড্ৰ’নৰ ক্ষেত্ৰতো উল্লেখযোগ্য অগ্ৰগতি দেখা গৈছে। ইজৰাইলৰ প্ৰযুক্তিৰ আধাৰত ভাৰতত নিৰ্মিত মেড ইন ইণ্ডিয়া ড্ৰ’নবোৰে সীমান্তত অপাৰেশ্যন চলোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

বিগত বৰ্ষত, ভাৰতৰ ব্যক্তিগত খণ্ডে ১৫,২৩৩ কোটি টকাৰ আৰু ৰাজহ খণ্ড (DPSU) এ ৮,৩৮৯ কোটি টকাৰ সামগ্ৰী ৰপ্তানি কৰিছে।

ব্ৰহ্মছৰ লগতে তেজছ যুঁজাৰু বিমান, K9 বজ্ৰা, Dornier-228 বিমান, আৰু বিভিন্ন ধৰণৰ আৰ্টিলাৰী বন্দুকৰো বিশ্ববাজারত চাহিদা দিনে দিনে বৃদ্ধি পাইছে। এই সকলোবোৰ সফলতাৰ জৰিয়তে ভাৰত বিশ্বজনীন অস্ত্ৰ-বজাৰত এটা শক্তিশালী স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে।

কলিয়াবৰত পৰাজিত প্ৰাৰ্থীৰ নামত আহিল বিজয়ী প্ৰমাণ পত্ৰ ! । Panchayat election

কলিয়াবৰত পৰাজিত প্ৰাৰ্থীৰ নামত আহিল বিজয়ী প্ৰমাণ পত্ৰ ! । Panchayat election
কলিয়াবৰত পৰাজিত প্ৰাৰ্থীৰ নামত আহিল বিজয়ী প্ৰমাণ পত্ৰ ! । Panchayat election

Panchayat Election । অসমত সাম্প্ৰতিককৈ সমাপ্ত পঞ্চায়ত নিৰ্বাচন – ২০২৫ত এক বিতৰ্কিত ঘটনা সংঘটিত হৈছে কলিয়াবৰত। সোমবাৰে ভোটগ্ৰহণ সামৰণি পৰাৰ পাছত আজি আনুষ্ঠানিকভাৱে প্ৰমাণ পত্ৰ বিতৰণ কৰে নিৰ্বাচন বিভাগে। কলিয়াবৰ সম-জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এই কাৰ্যসূচীত বিজয়ী প্ৰাৰ্থীসকলৰ মাজত প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়।

এই মাজতেই ৪ নং টুবুকী জাৰণি গাঁও পঞ্চায়তৰ উত্তৰ ভোমোৰাগুৰি ৪ নং ৱাৰ্ডত এক বিসংগতি উদ্ভৱ হয়। এই ৱাৰ্ডত ১৫৪ ভোট লাভ কৰি বিজয়ী হোৱা বাপ্পী মণ্ডলৰ পৰিবৰ্তে কেৱল ৮৯ ভোট লাভ কৰা প্ৰেমানন্দ তালুকদাৰৰ নামত বিজয়ী প্ৰমাণ পত্ৰ প্ৰস্তুত কৰা হয় ।

এই ঘটনাৰ সন্দৰ্ভত বাপ্পী মণ্ডলে কলিয়াবৰ সম-জিলা আয়ুক্তৰ ওচৰত লিখিতভাৱে অভিযোগ দাখিল কৰিছে আৰু ভোট গণনাত গম্ভীৰ অনিয়মৰ আঙুলিও তুলিছে।

ইতিমধ্যে ঘটনাটোৱে স্থানীয় ৰাজনৈতিক বৃত্তত চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰ্বাচন বিভাগৰ পৰা এই সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ পোৱা হোৱা নাই।

খাৰুপেটীয়াত নতুনকৈ নিৰ্মান হল মঙলদৈ চৰকাৰী মহিলা আদৰ্শ মহাবিদ্যালয়।mangaldai

খাৰুপেটীয়াত নতুনকৈ নিৰ্মান হল মঙলদৈ চৰকাৰী মহিলা আদৰ্শ মহাবিদ্যালয়।mangaldai
খাৰুপেটীয়াত নতুনকৈ নিৰ্মান হল মঙলদৈ চৰকাৰী মহিলা আদৰ্শ মহাবিদ্যালয়।mangaldai

১৩ মে’ ২০২৫ঃmangaldai । অসম চৰকাৰে ৰাজ্যত স্থাপন কৰিলে বহু কেইখন চৰকাৰী মহিলা আদৰ্শ মহাবিদ্যালয়। দৰং জিলাৰ খাৰুপেটীয়াত নতুনকৈ স্থাপন হোৱা মঙলদৈ মহিলা আদৰ্শ মহাবিদ্যালয়ৰ নিৰ্মান কাম ইতিমধ্যে সমাপ্ত হৈছে। আগন্তুক ২০২৫-২৬ শিক্ষা বৰ্ষৰ বাবে নামভৰ্তি মুকলি কৰিব বিভাগে। অহা ১আগষ্ট ৰ পৰা পাঠদান আৰম্ভ হব বুলি ঘোষণা কৰে বিধায়ক বসন্ত দাসে। মহাবিদ্যালয় খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰা মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কমলাকান্ত বৰা, মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাস আৰু ধূলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহিবুৰ ৰহমানে আজি মহিলা ডিগ্ৰী কলেজ খন পৰিভ্ৰমণ কৰি নিৰ্মান কামৰ বুজ লয়।

আনহাতে মহাবিদ্যালয় খনত ৫টা বিষয়ত শিক্ষাগ্ৰহনৰ সুযোগ আছে আৰু আসনৰ সংখ্যাও যথেষ্ট কম, যেনে ইংৰাজী বিভাগৰ ৭০ টা আসন, অসমীয়াত ৭০ টা,ভূগোলত ৫০টা , মনোবিজ্ঞানত ৫০ টা আৰু মাচ কমিউনিকেশ্বনত ৫০ টা আসন আছে। বিশেষকৈ খাৰুপেটীয়া, ধূলা, মঙলদৈ, বেচিমাৰী, দলগাঁও, কৌপাটী, চৰ-চাপৰি আদি অঞ্চলৰ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰীসকলৰ বাবে এইটো এক ঐতিহাসিক সুযোগ ।মহাবিদ্যালয় খনত ১০০ছাত্ৰীৰ বাবে হোষ্টেলৰ সুবিধা উপলব্ধ হ’ব। ইচ্ছুক ছাত্ৰীসকলক অনলাইন সমৰ্থ পোৰ্টেলৰ জৰিয়তে আবেদন জনাবলৈ আহ্বান জনাইছে বিধায়ক বসন্ত দাসৰ লগতে অধ্যক্ষ গৰাকীয়ে।

আদমপুৰ এয়াৰবেছত মোদী: “ভাৰতলৈ চকু দিলে ধ্বংস নিশ্চিত”, অপাৰেচন সেন্দূৰত সেনাৰ জয়গাথা গীত গায় প্ৰধানমন্ত্ৰী । PM MODI

আদমপুৰ এয়াৰবেছত মোদী: "ভাৰতলৈ চকু দিলে ধ্বংস নিশ্চিত", অপাৰেচন সেন্দূৰত সেনাৰ জয়গাথা গীত গায় প্ৰধানমন্ত্ৰী । PM MODI
আদমপুৰ এয়াৰবেছত মোদী: "ভাৰতলৈ চকু দিলে ধ্বংস নিশ্চিত", অপাৰেচন সেন্দূৰত সেনাৰ জয়গাথা গীত গায় প্ৰধানমন্ত্ৰী । PM MODI

আদমপুৰ, পঞ্জাৱ | PM MODI । ভাৰত-পাকিস্তান সংঘাতৰ পটভূমিত আজি পুৱা পঞ্জাৱৰ আদমপুৰ এয়াৰবেছত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সাহসী জোৱানসকলৰ সৈতে সাক্ষাৎ কৰি তেওঁ উৎসাহ প্ৰদান কৰাৰ লগতে শক্তিশালী বক্তব্য আগবঢ়ায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণৰ আৰম্ভণিতে স্পষ্ট হুংকাৰ দিয়ে, “ভাৰতৰ ওপৰত আক্ৰমণৰ চেষ্টা কৰিলে কেৱল ধ্বংসৰ ৰূপত ফলাফল দেখা যাব।” অপাৰেচন সেন্দূৰৰ সফলতা উদযাপন কৰি মোদীয়ে সেনাৰ শৌৰ্য-বীৰত্বৰ প্রশংসা কৰে আৰু কয়, “আজিৰ পৰা বহু দশকৰ পাছতো যেতিয়া ভাৰতৰ এই শৌৰ্যৰ বিষয়ে আলোচনা হ’ব, তেতিয়া আপোনালোক ইয়াৰ গুৰুত্বপূৰ্ণ অধ্যায় হ’ব।”

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে, ‘ভাৰত মাতা কি জয়’ শ্ল’গানত বিশ্বে আজি নতুন শক্তি অনুভৱ কৰিছে। এই ধ্বনি শুনিলে ভাৰতৰ শত্ৰু পক্ষ কঁপি উঠে বুলি মোদীয়ে মন্তব্য কৰে। তেওঁ কয়, “এই নতুন ভাৰত কেৱল প্রতিশোধ লোৱা নহয়, আত্মসম্মান ৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।”

অপাৰেচন সেন্দূৰক মোদীয়ে ভাৰতৰ নীতি, উদ্দেশ্য আৰু সিদ্ধান্ত গ্ৰহণক্ষমতাৰ সংগম হিচাপে অভিহিত কৰে। তেওঁ স্পষ্টকৈ কয়, “আমাৰ ভগ্নী-কন্যাৰ সেন্দূৰ কাঢ়ি নিয়াৰ সময়তে আমি সন্ত্ৰাসবাদীৰ ঘৰত প্ৰৱেশ কৰি বিধ্বস্ত কৰি পেলালো। অপাৰেচনে দেখুৱাইছে যে আতংকৰ মালিকসকলে ভাৰতলৈ চকু দিলে, ফলাফল একেই — ধ্বংস।”

মোদীয়ে লগতে কয় যে, অপাৰেচন সেন্দূৰে কেৱল দেশৰ সুৰক্ষা নিস্চিত কৰা নাই, বরঞ্চ সমগ্ৰ দেশবাসীক এক সূতাৰে গাঁথিছে। ভাৰতীয় সেনা, বায়ুসেনা আৰু নৌসেনাই একযোগে অপাৰেচন চলাই পাকিস্তানী সেনাক প্ৰত্যক্ষভাৱে পৰাস্ত কৰিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে সেনাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি কয়, “সৈনিকসকলৰ সাহস আৰু উৎসৰ্গাই আজিৰ ভাৰত গঢ়িছে। প্ৰতিজন নাগৰিকে আজি জোৱানসকলৰ পৰিয়ালৰ বাবে কৃতজ্ঞ। ভাৰতৰ আত্মসন্মান আজি নতুন উচ্চতাৰ সন্ধান পাইছে।”

ঘাতক ৰাজু আলীৰ ভয়ংকৰ স্বীকাৰোক্তি: ২০ টকীয়া ছুৰীৰে ৫বাৰ আঘাত, হত্যা অভিনেতা মৃগাংক বৰ্মনৰ । Mriganka Barman 

ঘাতক ৰাজু আলীৰ ভয়ংকৰ স্বীকাৰোক্তি: ২০ টকীয়া ছুৰীৰে ৫বাৰ আঘাত, হত্যা অভিনেতা মৃগাংক বৰ্মনৰ । Mriganka Barman 
ঘাতক ৰাজু আলীৰ ভয়ংকৰ স্বীকাৰোক্তি: ২০ টকীয়া ছুৰীৰে ৫বাৰ আঘাত, হত্যা অভিনেতা মৃগাংক বৰ্মনৰ । Mriganka Barman 

১৩ মে’ ২০২৫: Mriganka Barman অভিনেতা মৃগাংক বৰ্মনৰ হত্যাকাণ্ডক কেন্দ্ৰ কৰি অসমত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। গড়চুক আৰক্ষীয়ে হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত ৰাজু আলী নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ জেৰাত ৰাজু আলীয়ে স্বীকাৰ কৰে যে তেওঁ আমিনগাঁৱৰপৰা কিনি অনা মাত্ৰ ২০ টকীয়া ছুৰীখনৰে মৃগাংক বৰ্মনক ৫বাৰকৈ আঘাত কৰিছিল। ঘটনা সংঘটিত হয় গড়চুকস্থিত ‘Hi City Inn’ নামৰ এখন হোটেলত, য’ত মৃগাংক বৰ্মনে ২০৯ নম্বৰৰ কোঠা এখন বুক কৰি এগৰাকী বিবাহিত মহিলাৰ সৈতে আছিল।

তথ্য অনুসৰি, ৰাজুৱে দামপুৰৰপৰা পালছাৰ বাইক লৈ মাথোঁ ২০ মিনিটত অট্টালিকাটোৰ চৌহদত উপস্থিত হয়। হত্যাৰ পিছত তেওঁ পুনৰ ঘৰলৈ উভতি যায়। হোটেল এৰি দিয়াৰ পিছত হোটেলৰ পাৰ্কিঙত মৃগাংক আৰু মহিলাগৰাকীৰ মাজত কাজিয়া হয়। তাৰ পাছতেই ৰাজুৱে মৃগাংকক ছুৰীঘাত কৰে আৰু লগতে লাঠীৰে মহিলাগৰাকীকো প্ৰহাৰ কৰে।

ঘাতক ৰাজু আলীয়ে দাবী কৰিছে যে, তেওঁকেইবছৰ আগতে মহিলাগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল আৰু সেই সম্পৰ্ক ভাঙি যোৱাৰ পিছতে মৃগাংকৰ সৈতে মহিলাগৰাকীৰ ঘনিষ্ঠতাৰ কথা জানি তেওঁ দুঃখ আৰু ৰাগৰ বিস্ফোৰণত এই হত্যাকাণ্ড সংঘটিত কৰে।

জেৰাত তেওঁ কয় – “মই নিজেই বুজি পোৱা নাই কি কৰি পেলালো। আমি ডেৰ বছৰ একেলগে আছিলো। এতিয়া মই অনুতপ্ত।”

হত্যাকাণ্ডত ব্যৱহৃত ছুৰী আৰু লাঠী উদ্ধাৰ কৰাৰ লগতে, আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে। ঘটনাটোৱে অসমবাসীক স্তম্ভিত কৰি তুলিছে।