Home Blog Page 2581

এগৰাকী মডেলৰ এটা দাঁতৰ মূল্য লাখ লাখ টকা!

এগৰাকী মডেল,তেওঁৰ নাম এলি ৰে।এই মডেল গৰাকীৰ এটা দাঁ‌তৰ মূল্য লাখ লাখ টকা।সকলো মানুহৰে জীৱনত এনে কিছুমান ঘটনা থাকে যিবিলাক আনৰ আগত বৰ্ণবা কৰিলে এক অদ্ভূত কথা যেন লাগে।এলি ৰে নামৰ মডেল গৰাকীয়েও তেওঁৰ জীৱনত এনে কিছুমান পৰিস্থিতি সন্মুখীন হৈছে সেই পৰিস্থিতি কথা তেওঁ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল।এলি ৰে হৈছে এগৰাকী আমেৰিকান মডেল।এই মডেল গৰাকী আছে বহু অনুৰাগী।তেওঁ এজন অনুৰাগীয়ে তেওঁ দাঁ‌ত বিলাক যথেষ্ট ভাল পাইছিল।

সেই অনুৰাগী জনে তেওঁৰ দাঁ‌ত সমূহ কিনিব বিচাৰিছিল তাৰ মূল্য হিচাপে মডেল গৰাকীক দিব বিচাৰিছিল ১৫ লাখ টকা।এলি ৰে য়ে অনুৰাগী কথা শুনি হাঁ‌হিছিল আৰু দাঁ‌ত দিবলৈ অস্বীকাৰ কৰিছিল।আপোনাৰ জীৱনতো ঘটা তেকে কিবা আচৰিত অভিজ্ঞতা আছে নেকি যদি আছে সামাজিক মাধ্যমত বৰ্ণনা কৰক।

অসহায় ভাৰতীয় ছাত্ৰলৈ সহায়ৰ হাত আন্তৰ্জাতিক সমাজ সেৱক সংগঠন-ISKCONৰ।

ৰাছিয়া আৰু ইউক্ৰেইনৰ ফলত বিস্তৰ ক্ষতি সাধন হৈছে।দুয়োখন দেশৰ উপৰিও ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ সমূকহো দিশহাৰা হৈ পৰিছে। ইউক্ৰেইন এৰি এতিয়া নিজ মাতৃ ভূমিলৈ ঢাপলি মেলিছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অধ্যয়ন বা চাকৰিৰ বাবে অহা সকলো লোক।খাদ্য সংকটতো ভুগিছে থকা ইউক্ৰেইনৰ পৰা অহা বহুলোকে।সেই লোক সকলক এতিয়া সহায়ৰ হাত আগবঢ়াইছে ISKCON নামৰ এটা আন্তৰ্জাতিক সংস্থাই।

ইউক্ৰেইনৰ পৰা হাংগেৰীলৈ অহা অসহায় লোকসকলক মন্দিৰৰ ভিতৰত আশ্ৰয় প্ৰদান কৰাৰ লগতে খাদ্যৰ যোগান ধৰিছে ISKCON য়ে। ভাৰতলৈ উভতি অহা ছাত্ৰ-ছাত্ৰী সকলক খাদ্য আৰু পানী যোগান ধৰিছে ISKCON নামৰ সংগঠনটোৰ সদস্য সকলে।

ইউক্ৰেইনত আৱদ্ধ বৰপেটাৰোডৰ আনিমা আহমেদ৷

ইউক্ৰেইনত আৱদ্ধ বৰপেটাৰোডৰ আনিমা আহমেদ ৷ইউক্ৰেইনৰ SUMI UNIVERSITYত MBBS পঢ়ি আছে ছাত্ৰী গৰাকীয়ে ৷ চিকিৎসা বিজ্ঞানৰ পঞ্চম বৰ্ষৰ ছাত্ৰী অনিমা আহমেদ । এইবাৰ ফাইনেল পৰীক্ষা আছিল ছাত্ৰী গৰাকীৰ।উত্তৰ বৰপেটাৰোডৰ সূৰ্য্য নগৰৰ আকবৰ আলী আৰু তাৰা ভানুৰ কণ্যা আনিমাক লৈ চিন্তিত পৰিয়ালটো ৷যথেষ্ট শংকা আৰু ভয়ত থকা ছাত্ৰী গৰাকীয়ে খোৱা বোৱাকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা বুলি জানিবলৈ দিছে ৷চৰকাৰে যাতে ছাত্ৰী গৰাকীৰ লগতে সমূহ ভাৰতীয় নাগৰিককে ইউক্ৰেইনৰ পৰা সুকলমে উভতাই আনে তাৰবাবে অনুৰোধ জনাইছে পৰিয়ালটিয়ে ৷

ইউক্ৰেইনৰ পৰা নিজ গৃহত বঙাইগাঁওৰ ছাত্ৰ মঞ্জুৰ আলম

ইউক্ৰেইনত যুদ্ধৰ বাবে আৱদ্ধ হৈ পৰা অসমৰ বঙাইগাঁও জিলাৰ এজন ছাত্ৰ যোৱা নিশা আহি নিজ গৃহত উপস্থিত হৈছে ৷ ইউক্ৰেইনৰ পৰা আহি নিজ গৃহত উপস্থিত হোৱা ছাত্ৰজন হ’ল মঞ্জুৰ আলম ৷ বঙাইগাঁও জিলাৰ মাণিকপুৰৰ নিকটৱৰ্তী ৫ নং ভাণ্ডাৰা গাঁৱৰ চুলতান আলীৰ পুত্ৰ মঞ্জুৰ আলমেও ইউক্ৰেইনত চিকিৎসা বিজ্ঞান পঢ়িবলৈ গৈছিল ৷ উল্লেখ্য যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত আৰম্ভ হোৱা যুদ্ধৰ বিভীষিকাময় পৰিস্থিতিত এতিয়া ইউক্ৰেইনত আবদ্ধ হৈ পৰিছে বহু প্ৰবাসী লোক। এইসকল লোকৰ ভিতৰত ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰো লোক আছ ৷ আছে বঙাইগাঁও জিলাৰো ৷ ইয়াৰে অধিকাংশই হ’ল ইউক্ৰেইনত অধ্যয়ন কৰিবলৈ যোৱা ছাত্ৰ – ছাত্ৰী ৷ হঠাতে আৰম্ভ হোৱা যুদ্ধকলৈ এতিয়া দিশহাৰা হৈ পৰিছে প্ৰৱাসী লোকসকল ৷ ইতিমধ্যে ভাৰত চৰকাৰে ইউক্ৰেইনত আৱদ্ধ হৈ পৰা ভাৰতীয় লোকসকলক নিজ দেশলৈ উদ্ধাৰ কৰি অনাৰ বাবে যৎপৰোনাস্তি প্ৰচেষ্টা চলাই উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে ৷ ইপিনে বঙাইগাঁও জিলাৰ ভাণ্ডাৰাৰ মঞ্জুৰ আলম নিশা দিল্লীৰ পৰা বিমানেৰে আহি গুৱাহাটীত উপস্থিত হয় আৰু তাৰ পিচত নিজ গৃহলৈ আহে ৷

মঞ্জুৰ আলমে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে ইউক্ৰেইনৰ সীমান্তৰ পৰিৱেশ ক্ৰমাৎ বেয়াৰ ফালে গতি কৰিছে ৷ সীমান্ত অতিক্ৰম কৰাত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ এতিয়াও তেওঁৰ ভালেকেইজন বন্ধু সীমান্তত আৱদ্ধ হৈ আছে ৷ সেয়ে সীমান্তত যদি ভাৰত চৰকাৰৰ দূতাবাসৰ লোক থাকে, তেতিয়াহলে সুবিধা হ’ব ৷ কাৰণ সীমান্তত কোনো পৰিৱেশ নাই ৷ সকলো একেলগে আছে বাবে সীমান্ত পাৰ হোৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে ছাত্ৰসকল ৷ মঞ্জুৰ আলমে জানিবলৈ দিয়া মতে তেওঁ অহালৈকে দুহেজাৰমান ছাত্ৰ – ছাত্ৰী ইউক্ৰেইনৰ পৰা আহিছে যদিও মুঠ দেশখনত ১৭ হেজাৰমান শিক্ষাৰ্থী আছে ৷ মঙলবাৰে অসমৰ সাতজন শিক্ষাৰ্থী আহিছিল আৰু বিমানত মুঠ ১৯০ গৰাকী শিক্ষাৰ্থী আছিল ৷ ইয়াৰ পূৰ্বে অহা বিমানখনত ২০০ জন শিক্ষাৰ্থী ভাৰতলৈ অহা বুলি কয় ৷ ছাত্ৰজনে চৰকাৰক তেওঁক স্বদেশলৈ অনাৰ বাবে ধন্যবাদ জনাই কয় যে দিল্লী আৰু গুৱাহাটী বিমান বন্দৰলৈ আমাক অনাৰ বাবে যিমান সহায় লাগে তাতোকৈ বেছি সহায়ৰ প্ৰয়োজন হৈ পৰিছে সীমান্তৰ ভিতৰত আৱদ্ধ হৈ থকা শিক্ষাৰ্থীসকলকহে ৷ কাৰণ শিক্ষাৰ্থীসকলে অধ্যয়ন কৰা বিশ্ববিদ্যালয় চৌহদৰ পৰা সীমান্তলৈ অহা আৰু সীমান্ত অতিক্ৰম কৰাৰ ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ এইক্ষেত্ৰত শিক্ষাৰ্থীসকলক নিজ নিজ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা কোনো সহায় নকৰা বুলিও কয় ৷ সীমান্তলৈকে শিক্ষাৰ্থীসকলৰ বাবে বাছৰ ব্যৱস্থা কৰিব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জনাইছিল যদিও অৱশেষত কোন ধৰণৰ ব্যৱস্থা নকৰাত নিজাববীয়াকৈ বাছৰ ব্যৱস্থা কৰি আঠ ঘণ্টা যাত্ৰা কৰাৰ পিচত বাছে সীমান্তৰ পাঁচ কিলোমিটাৰ দূৰত নমাই দিছিল ৷ ইয়াৰ পিচত খোজকাঢ়ি সীমান্তত উপস্থিত হৈছিল ৷

সীমান্ত পাৰ হোৱাত ১৭ ঘণ্টা সময় লাগিছিল বুলিও কয় ৷ সীমান্ত পাৰ হোৱাৰ পিচত বাছেৰে বিমান বন্দৰলৈ পঠিয়াই দিছিল আৰু বিমান বন্দৰৰ পৰা ভাৰতৰ দূতাবাসৰ লোকে দিল্লীলৈ পঠিয়াইছিল ৷ ইউক্ৰেইনত থকাৰ সময়ত দুদিন হোষ্টেলৰ বাংকাৰত কটাবলগীয়া হৈছিল বুলিও কয় ছাত্ৰজনে ৷ ইপিনে নিজ গৃহত উপস্থিত হোৱা মঞ্জুৰ আলমৰ খবৰ ল’বলৈ বুধবাৰে উপস্থিত হয় জিলাৰ অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজা আৰু মাণিকপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰিতামণি দাস ৷ তেওঁলোকে ছাত্ৰজনৰ গৃহত উপস্থিত হৈ ছাত্ৰজনে সন্মুখীন হোৱা পৰিস্থিতি আদিৰ বিষয়ে বুজ লয় ৷ ইয়াৰ বিপৰীতে কিন্তু বঙাইগাঁও চহৰৰ পাগলাস্থানৰ বীৰেন্দ্ৰ প্ৰসাদ গুপ্তাৰ পুত্ৰ স্বস্তিক ৰাজ বৰ্তমানেও নিজ দেশ তথা গৃহত আহি উপস্থিত হ’ব পৰা নাই ৷ চিকিৎসা বিজ্ঞানৰ এমবিবিএছ পাঠ্যক্ৰম অধ্যয়নৰ বাবে ইউক্ৰেইনলৈ গৈছিল স্বস্তিক ৰাজ ৷ ইউক্ৰেইনৰ কিয়েভ মেডিকেল কলেজত ৩ বছৰ ধৰি অধ্যয়ন কৰি আছে ছাত্ৰজনে ৷ সম্প্ৰতি যুদ্ধৰত ৰাষ্ট্ৰখনৰ পৰা  স্বস্তিকে অদ্যাপি স্বদেশ(ভাৰত)লৈ  উভতিব পৰা নাই ৷ স্বস্তিকৰ পিতৃ বীৰেন্দ্ৰ প্ৰসাদ গুপ্তাই জনোৱা মতে যুদ্ধৰত ৰাষ্ট্ৰ ইউক্ৰেইনৰ পৰা স্বস্তিকে বৰ্তমান হাংগেৰি লৈ গৈছে । বৰ্তমান হাংগেৰিস্থিত ভাৰতীয় দূতাবাসৰ সৈতে আছে-স্বস্তিক ৷ বুধবাৰে পুৱা পিতৃৰ লগত কথা পাতিছে পুত্ৰ স্বস্তিকে ৷ জিলাৰ অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে বঙাইগাঁও জিলাৰ অভয়াপুৰী ৩ নম্বৰ ৱাৰ্ডৰ সুৰংগনা দত্ত আৰু মাজেৰআলগাৰ আব্দুল বাতেন নামৰ দুগৰাকী শিক্ষাৰ্থীও ইউক্ৰেইনত আছে ৷ বিতং তথ্য আমি এতিয়াও লাভ কৰা নাই ৷ উল্লেখ্য যে জানিব পৰা মতে বঙাইগাঁও জিলাৰ মাণিকপুৰৰ সমীপৰ ১ নং বাশবাৰী গাঁৱৰ আব্দুল ৱাহেবৰ পুত্ৰ ৰুবুল হাচানো উচ্চশিক্ষা গ্ৰহণৰ নিমিত্তে ইউক্ৰেইনত গৈছিল যদিও ইতিমধ্যে সুকলমে নিজ গৃহত আহি উপস্থিত ইছে।

ইউক্ৰেইনত আৱদ্ধ ডিব্ৰুগড়ৰ ছয় শিক্ষাৰ্থী…

বহিঃৰাষ্ট্ৰ ইউক্ৰেইনত আৱদ্ধ হৈ আছে ডিব্ৰুগড় জিলাৰ ছয়জনকৈ শিক্ষাৰ্থী। ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত অব্যাহত থকা ভয়াৱহ যুদ্ধ পৰিৱেশৰ মাজত ডিব্ৰুগড় জিলাৰ ছয়জনকৈ শিক্ষাৰ্থীৰ আৱদ্ধ হোৱাৰ খবৰে সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়া। ইতিমধ্যে ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে পৰিয়ালকেইটাক সাক্ষাৎ কৰি মত বিনিময় কৰাৰ লগতে আৱদ্ধ শিক্ষাৰ্থীসকলৰ লগতো যোগাযোগৰ ব্যৱস্থা কৰিছে। আমালৈ অহা খবৰ অনুসৰি চহৰখনৰ চিৰিংচাপৰি তৰুণৰাম ফুকনৰ নিৱাসী পিতৃ প্ৰেমানন্দ শৰ্মা ঠাকুৰ আৰু মাতৃ অঞ্জনা শৰ্মা ঠাকুৰৰ একমাত্ৰ কন্যা ৰীয়া শৰ্মাৰ বৰ্তমান আৱদ্ধ হৈ আছে ৰোমানিয়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত। Vinnytsia National pirogov Medical Universityৰ দ্বিতীয় সান্মাষিকৰ ছাত্ৰী ৰীয়াই যোৱা ২৮ ফ্ৰেব্ৰুৱাৰীত ইউক্ৰেইনৰ যুদ্ধৰ পৰিৱেশৰ মাজেৰে  ৰোমানিয়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ অগ্ৰসৰ হোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে।

সমান্তৰালকৈ চৌকিডিঙ্গিৰ নিৱাসী পিতৃ অৱসৰপ্ৰাপ্ত চিকিৎসক  ডাঃ এ কে শৰ্মা আৰু মাতৃ শান্তনা শৰ্মাৰ একমাত্ৰ পুত্ৰ চিন্ময় শৰ্মাইয়ো ইউক্ৰেইন আৰু ৰোমানিয়া সীমান্তৱৰ্তী অঞ্চলত আৱদ্ধ হৈ থকা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। UZROD নেশ্যনেল ইউনিভাৰ্চিটিৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰ চিন্ময়ে কালি নিশা এক বজাত পৰিয়ালৰ লোকৰ সৈতে টেলিফোনিক বাৰ্তালাপ হোৱাৰ পিছতেই বৰ্তমান বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ। ইফালে Oddessa National Medical Universityৰ 4th ষান্মাসিকৰ ছাত্ৰ জাভেদ আহমেদেও বৰ্তমান ৰোমানিয়াত আৱদ্ধ হৈ থকাৰ কথা পৰিয়ালৰ লোকে জানিবলৈ দিছে। সমান্তৰালকৈ চহৰখনৰ আৰক্ষী চাউনিৰ দৰ্শন পাঠক, অনয়া দাস, মৰানৰ অনচুল ভাটিয়াকে ধৰি মুঠ ছয়জন শিক্ষাৰ্থী হাংগেৰী, পোলেণ্ড, ৰোমানিয়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আৱদ্ধ হৈ আছে।আৰু ইয়াৰ পিছতেই পৰিয়ালৰ সদস্যসকলৰ মাজত এক শংকা পৰিৱেশ সৃষ্টি হৈছে। ইফালে এই সন্দৰ্ভত আজি ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে জানিবলৈ দিয়ামতে, ইতিমধ্যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে আৱদ্ধ শিক্ষাৰ্থীসকলক প্ৰত্যাৱৰ্তনৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। কম সময়ৰ ভিতৰতে তেওঁলোকে নিজ গৃহত উপস্থিত হ’ব বুলি প্ৰকাশ কৰিছে। আনহাতে ৰাজ্য চৰকাৰে এই সংক্ৰান্তত মুকলি কৰা হেল্পলাইন নম্বৰত যোগাযোগৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি সদৰি কৰিছে উপায়ুক্ত পেগুৱে।

২৭ বছৰে ন্যায় নাপালে শ্বহীদ সমৰেন্দ্ৰ শৰ্মাৰ পৰিয়ালে, সংবাদমেল পাতি উচুপি উঠিল বৃদ্ধ পিতৃ মাতৃ

সমাজসেৱাৰ সৈতে জড়িত সেই হাল দাম্পত্তিয়ে বিগত ২৭ বছৰে পুত্ৰ হত্যাৰ ন্যায় নোপোৱাৰ অভিযোগ কৰিছে। মঙ্গলদৈ প্ৰেছ ক্লাবত এক সংবাদ মেল আয়োজন কৰি ৮৫ বছৰীয়া ৰামেশ্বৰ শৰ্মা আৰু ৭৫ বছৰীয়া পাৰুল দেবীয়ে ১৯৯৫ চনৰ ১০ ফেব্ৰুৱাৰীত আৰক্ষীৰ গুলিত মৃত্যু হোৱা সমৰেন্দ্ৰ শৰ্মা ওৰফে সুমনৰ মৃত্যুৰ ন্যায় বিছাৰি অৰঙে দৰঙে ঘূৰি ফুৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০০১ চনৰ ২৭ ফেব্ৰুৱাৰী সুমনক ভূৱা এনকাউন্টাৰত হত্যা কৰা বুলি ৰায়দান দিছিল । উক্ত  ৰায়দান অনুসৰি সুমনক ভুৱা এনকাউন্টৰ দেখুৱাই হত্যা কৰা অপৰাধত ছিপাঝাৰ থানাৰ দুগৰাকী আৰক্ষী বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত  কৰাৰ লগতে বিষয়াদ্বয়ৰ বিভাগীয় পুঁজিৰ পৰা মৃতকৰ পিতৃ মাতৃক সহানুভূতি সূচক আঢ়ৈ লাখ টকা  দিবলৈ নিৰ্দেশ দিছিল। তাৰোপৰি অসম চৰকাৰক মৃত সমৰেন্দ্ৰৰ পৰিয়ালটিক শ্বহীদ পৰিয়ালৰ আৰ্থিক সাহাৰ্য্য আৰু পৰিয়ালৰ শিক্ষিত লোক থাকিলে চৰকাৰী চাকৰি দি কৰ্ম সংস্থাপনৰ নিৰ্দেশনা দিছিল মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে।

সেই সময়ৰ সদৌ অসম আইন সাহাৰ্য্য শাখাৰ সভাপতি প্ৰয়াত নিলয় দত্ত আৰু সতীৰ্থ সকলে গুৱাহাটী উচ্চ ন্যায়ালয়ত কোৰ্ট নং CR1297/95 নম্বৰত দাখিল কৰা আবেদন অনুসৰি উচ্চ এই গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে। ইতিমধ্যে সমৰেন্দ্ৰ শৰ্মাৰ পৰিয়ালে ২.৫০ লাখ টকা লাভ কৰিছে যদিও বাকী নিৰ্দেশনা কাৰ্যকৰী নকৰাত বিগত ২৭ বছৰে ন্যায়ৰ অপেক্ষাৰত। আজি মঙ্গলদৈ প্ৰেছ ক্লাবত পিতৃ ৰামেশ্বৰ শৰ্মাই উচুপি উচুপি সংবাদ মাধ্যমক কয় মই এতিয়া পূৰ্বৰ দৰে ঘূৰা ফুৰা কৰিব নোৱাৰো । আজি এই সংবাদ মেললৈ আন মানুহৰ সহায় লৈ আহিছোঁ, এই বয়সত মই মোৰ পুত্ৰ হত্যাৰ ন্যায় বিছাৰি চৰকাৰলৈ আবেদন জনালোঁ। মই বহুবাৰ দিছপুৰলৈ তাঁত‍ বাতি কাঢ়িছো যদিও এতিয়া মোৰ সেই শক্তি নাই। এতিয়া জনদৰদী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মোক ন্যায় দিব বুলি আশা কৰিলোঁ। আনহাতে মাতৃ পাৰুল দেবীয়ে  কয় যে আমাৰ পুত্ৰ হত্যাৰ ন্যায় লাগে। সমৰেন্দ্ৰ ওৰফে সুমন সেই সময়ৰ মঙ্গলদৈ মহাবিদ্যালয়ৰ ছাত্র আছিল।  আজি সংবাদ মাধ্যমলৈ উদ্দেশ্য লিখি অনা এক প্ৰেছ টোকাত পিতৃ ৰামেশ্বৰ শৰ্মাই উল্লেখ কৰে যে   সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানৰ প্রতি সহাৰি জন্যই বিদেশী বিতাৰণ আন্দোলনত সহযোগ কৰি পূব মঙ্গলদৈ ছাত্ৰ সন্থাৰ সেচ্ছাসেৱক বাহিনীৰ নেতৃত্ব বহন কৰা মঙ্গলদৈ মহাবিদ্যালয় ছাত্র সমৰেন্দ্ৰ শৰ্মাক পুলিচ-চিআৰপিয়ে নির্যাতন দিয়া স্বত্ত্বেও সাংগাঠনিক কামত ব্যস্ত হৈ থাকি যোৱা ১৯৯৫  চনৰ ১০ ফেবুৱাৰী তাৰিখে ঘৰুৱা কামত পিতৃ গৃহত গৈ সেইদিনাৰ নিশা ওচৰতে ছিপাঝাৰ থানাৰ অন্তৰ্গত মেটাপাৰা গরিত গাঁৱৰ লগৰীয়া সহ গধূলি হৈ থকা নাম কীর্তন চাবলৈ গৈ মোৰ ল’ৰা সমবেেন্দ্র শর্মা ( সুমন) বহি থকা বুলি প্রত্যক্ষদর্শীয়ে কয়।

এনেতে পুৱতি নিশা ছিপাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তোষেশ্বৰ গগৈ, DSP H. Mar (Provisional) এদল পুলিচ কীর্তন স্থলী অশান্ত অঞ্চল আইনৰ গয়নাত সন্ত্রাসিত কৰাত মানুহবোৰ যেনিতেনি যোৱাত পুলিছে সুন্দৰ চেহেৰাৰ সমবেন্দ্র শর্মাক কিবাকিবি সুধি এৰি দিব বুলি পুলিছ বিষয়াই কোৱাত সমনীয়া বন্ধুবোৰ ঘৰাঘৰি যায়। পিছদিনা পুৱা মঙ্গলদৈ থানাৰ পুলিছে সমৰেন্দ্ৰ শৰ্মাক বুকুত চাৰিজাই গুলিয়াই বিভলভাৰৰ গুলিৰে মৃতক সমৰেন্দ্ৰক পোষ্টমর্টেম কৰাই মঙ্গলদৈ গাঁৱৰ বাসিন্দা পিতৃ পৰিয়ালক গতাই দিয়াত শোকসন্তপ্ত পৰিয়ালক দৰং জিলা ছাত্র সন্থা, স্থানীয় অৰুণোদয় সংঘ আৰু ভালপোৱা ৰাইজসমূহ আদিয়ে শান্তনা দি নিবস্ত্র ল’ৰাজনক ধৰি নি অশান্ত অঞ্চল আইনৰ আলমত হত্যা কৰিছে বুলি মত প্রকাশ কৰে আৰু ওচৰৰ ৰাধা-কৃষ্ণ মন্দিৰৰ দাঁতিত মৃতকক সৎকাৰ কৰি চকুপানী মছি মছি ঘৰাঘৰি যায়।

মহিমামণ্ডিত শ্ৰী শ্ৰী বামন গোঁসাই থানৰ শিৱ মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা

ৰহাৰ দীঘলদৰিত থকা মহিমামণ্ডিত শ্ৰী শ্ৰী বামন গোঁসাই থানত থকা শিৱমন্দিৰটোৰ পুনৰ্নিমান আৰু সৌন্দৰ্য বৰ্দ্ধন কৰি মহাশিৱৰাত্ৰিত মন্দিৰটোত থকা শিৱলিংগত প্ৰাণ প্ৰতিষ্ঠাৰ বাবে পুৱা অনুষ্ঠিত হয় পূজা অৰ্চনা । মহিমামণ্ডিত থানখনৰ চৌহদত থকা শিৱ মন্দিৰটোৰ পুনৰ নিৰ্মান আৰু সৌন্দৰ্য বৰ্দ্ধনৰ বাবে ফুলগুৰি জি এন ইলেকট্ৰনিকৰ স্বত্বাধিকাৰী গৌতম ডেকাই আগবাঢ়ি আহি  অতি কম সময়ৰ ভিতৰতে দুই লাখৰো অধিক ধন ব্যয় কৰি শিৱমন্দিৰটোৰ পুনৰ নিৰ্মাণ আৰু  সৌন্দৰ্য বৰ্দ্ধনৰ কাম কৰি কালি পুৱা মন্দিৰটোত পূজা -অৰ্চনা আৰু পুৰোহিতৰ মন্ত্ৰ পাঠেৰে প্ৰাণ প্ৰতিষ্ঠা শিৱবাবাৰ ওচৰত মাননী শৰাই আগবঢ়াই কৰি ভক্তক গতাই দিয়ে । ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে বিশেষ অতিথি হিচাবে উপস্থিত থকা অনুষ্ঠানত ভক্তপ্ৰাণ ৰাইজৰ সন্মুখত যুৱ উদ্যোগী  ব্যৱসায়ী গৌতম ডেকাক থান পৰিচালনা সমিতিয়ে গামোচা, শৰাই , চেলেং আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায় ।

সামাজিক দায়বদ্ধতাৰ বাবে সততে কাম কৰা যুৱ ব্যৱসায়ী গৰাকীয়ে ফুলগুৰি প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষৰ মূল তোৰণ নিৰ্মাণ, গড় মূৰ নামঘৰৰ সৌন্দৰ্য বৰ্দ্ধনৰ কাম , মহগড় নামঘৰৰ সৌন্দৰ্য বৰ্দ্ধনৰ কাম ,সৰাঘাট নামঘৰ পুনৰ নিৰ্মানৰ বাবে সহায়ৰ হাত আগবঢ়োৱাৰ বাবে ৰাইজৰ আস্থাভাজন হৈ পৰিছে । উল্লেখ্য যে বামন গোঁসাই থানৰ শিৱমন্দিৰটোৰ পুনৰ নিৰ্মানৰ বাবে থানখনত অনুষ্ঠিত হোৱা লোক উৎসৱ ‘হোমপুৰা সবাহৰ ‘ ৰাহি হোৱা ১০ হাজাৰ টকা , আৰু ৯৮ নং দীঘলদৰি প্ৰাথমিক বিদ্যালয়ৰ দ্বি -শতবৰ্ষ সমাৰোহ (১৯২০-২০২০)ৰ ৰাহি হোৱা পুজিৰ ৪০ হাজাৰ টকা খৰছ কৰি মন্দিৰটোৰ পুনৰ নিৰ্মানৰ কাম প্ৰথমে আৰম্ভ কৰা হয় আৰু শেষত যুৱ ব্যৱসায়ী গৰাকীয়ে মন্দিৰটোৰ পুনৰ নিৰ্মান আৰু সৌন্দৰ্য বৰ্দ্ধনৰ কাম শেষ কৰি ৰাইজক গতাই দিয়ে ।

আজিৰে পৰা পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰত ৰাজ্যিক ভিত্তিক ভাওনা প্ৰতিযোগিতা

জয় হনুমান কৃষ্টি বিকাশ কেন্দ্রই পশ্চিম যোৰহাটবাসীৰ সহযোগত ৰাজ্যিক ভিত্তিত ভাওনা প্ৰতিযোগিতা ৩ মাৰ্চৰ পৰা ১২ মাৰ্চলৈ পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত কৰিব। প্ৰথম দিনা সভাপতি অঞ্জন দত্তই পতাকা উত্তোলনৰ পাছতে আসন প্ৰতিষ্ঠা কৰিব অচ্যুত মহন্তই। তাৰপাছতে নাম-প্ৰসংগ আৰু নিশালৈ “নৃ-সিংহ মুৰাৰি” ভাওনা প্ৰদৰ্শন কৰিব গোপাল দেৱ সমন্বয় শিল্পী সমাজে, দ্বিতীয় দিনা “অম্বাৰ দেহ ত্যাগ ” সাম্প্রতিক সাংস্কৃতিক গোষ্ঠীয়ে, তৃতীয় দিনা “নহুসৰ অজগৰ প্ৰাপ্তি” পঞ্চানন নাট্য গোষ্ঠীয়ে আৰু “ভাতৃবধু” সাৰংগপানী শিল্পী সমাজে প্ৰদৰ্শন কৰিব।

চতুর্থ দিনা “কুলাচলৰ মুক্তি লাভ” বিষ্ণুপ্ৰিয়া নাট্য গোষ্ঠীয়ে, পঞ্চম দিনা “লৱ-কুশৰ সপ্তম পৰিচয়,জানকীৰ পাতাল গমন” উদীয়মান শিল্পী সমাজে, ষষ্ঠ দিনা “মৎস্য অৱতাৰ” উদীয়মান শিল্পী মঞ্চই, সপ্তম দিন “হৰিশ্চন্দ্ৰৰ উপাখ্যান” নৱসিদ্ধ সাংস্কৃতিক গোষ্ঠীয়ে, অষ্টম দিনা “জয়ধ্বজ বধ” মহাৰথী শিল্পী সমাজে, নৱম দিনা “ৰাম পৰাজয় সীতাৰ পাতাল গমন” অৰুণোদয় সাংস্কৃতিক গোষ্ঠীয়ে, দশম দিনা “গৰুড় অমৃত হৰণ ” প্ৰগতিশীল সাংস্কৃতিক যুৱক সংঘই আৰু “প্ৰহ্লাদ চৰিত্ৰ” পূৰ্বৰাগ সাংস্কৃতিক গোষ্ঠীয়ে প্ৰদৰ্শন কৰিব। ১৩ মাৰ্চৰ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিজয়ী দল আৰু শিল্পীসকলক মানপত্রসহ পুৰষ্কাৰ প্ৰদান কৰিব। কেউদিনতে ৰাইজৰ উপস্থিতি সহায়-সহযোগিতা উদযাপন সমিতিয়ে কামনা কৰিছে।

ইউক্ৰেইনত অধ্যয়নৰত মৰাণৰ ছাত্ৰ অৱনীশ ফুকন স্বগৃহত উপস্থিত

ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধৰ মাজতে ইউক্ৰেইনত অধ্যয়নৰত চৰাইদেউ জিলাৰ মৰাণ পেটুৱাদলঙৰ  নিবাসী দিলীপ ফুকন আৰু পূৰ্ণিমা ফুকনৰ পুত্ৰ অৱনীশ ফুকন আজি স্ব-গৃহত সুশৰীৰে উপস্থিত হয় ।

ইউক্ৰেইনৰ পৰা মৰাণৰ নিজ গৃহত সন্তান আহি পোৱাত পিতৃ-মাতৃয়ে সুখ প্ৰকাশ কৰে । আনহাতে, অৱনীশ ফুকনৰ পিতৃয়ে পুত্ৰক নিজ গৃহলৈ ওভটাই অনাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে লোৱা পদক্ষেপক শলাগ লয় ।       

ইউক্ৰেইনত দ্বিতীয় জন ভাৰতীয় ছাত্ৰৰ মৃত্যু।

পুনৰ আন এজন ভাৰতীয় ছাত্ৰই প্ৰাণ হেৰুৱালে ইউক্ৰেইনত!ইউক্ৰেইনত দ্বিতীয় জন ভাৰতীয় ছাত্ৰৰ মৃত্যু হ’ল।দুৰ্ভগীয়া পিতৃয়ে পত্ৰ লিখিছে কেন্দ্ৰীয় চৰকাৰলৈ।আজি ইউক্ৰেইনত পাঞ্জাবৰ বাৰ্নালাৰ ছাত্ৰ জনে প্ৰাণ হেৰুৱালে।ছাত্ৰ জনৰ নাম চন্দন জিন্দাল।চন্দন জিন্দালৰ বয়স ২২ বছৰ।২২ বছৰীয়া ছাত্ৰজনে ইউক্ৰেইনত মেডিকেলৰ শিক্ষা গ্ৰহণ কৰি আছিল।খবৰ অনুসৰি মিডিয়া ৰিপৰ্ট অনুসৰি, Ischemic ষ্ট্ৰোকত ভুগি থকা ছাত্ৰজনক Vinnytsiaৰ Emergency Hospitalত ভৰ্তি কৰোৱা হৈছিল। কিন্তু,আজি শেষ নিশ্বাস ত্যাগ কৰিলে ২২ বছৰীয়া চন্দন জিন্দালে।