Home Blog Page 2582

ৰাছিয়াক প্ৰত্যুত্তৰ ইউক্ৰেইনৰ!ইউক্ৰেইন সেনাৰ গুলিত ৬,০০০ ৰাছিয়ান সৈন্যৰ মৃত্যুৰ দাবী!

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধই আজি সপ্তম দিনত ভৰি দিছে। যুদ্ধৰ বাবেই দুয়োখন দেশৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটা পৰিলক্ষিত হৈছে।ইউক্ৰেইনৰ সেনাই প্ৰত্যুত্তৰত দিলে ৰাছিয়ান সেনাক!৬০০০ ৰাছিয়ান সেনাৰ মৃত্যু!৬০০০ ৰাছিয়ান সেনাৰ মৃত্যু দাবী ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ।যুদ্ধ চলি থকাৰ মাজতেই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে এক ডাঙৰ দাবী উত্থাপন কৰিছে।নিউজ এজেন্সি ৰয়টাৰে প্ৰকাশ কৰা খবৰ অনুসৰি বিগত ছয়দিনৰ ভিতৰত ইউক্ৰেইনী সেনাৰ হাতত ৬ হাজাৰ ৰাছিয়ান সেনাৰ মৃত্যু ঘটিছে বুলি দাবী কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰয়ে। ধাৰাবাহিকভাৱে আক্ৰমণ চলাই আছে। কিন্তু, এই কথা কিমান সত্য বা অসত্য সেয়া এতিয়ালৈকে প্ৰমাণ হোৱা নাই।

ৰুছৰ আক্ৰমণত বিধ্বস্ত খাৰ্কিভৰ আৰক্ষী মুখ্য কাৰ্যালয়

ইউক্ৰেইনৰ খাৰ্কিভত থকা আৰক্ষীৰ মুখ্য কাৰ্যালয় ৰুছ আক্ৰমণত বিধ্বস্ত। খাৰ্কিভৰ এয়াৰফ’ৰ্চ ইউনিভাৰ্ছিটীতো প্ৰচণ্ড আক্ৰমণ ৰুছ সেনাৰ। খেৰ্চান বিমানবন্দৰৰ ওচৰত প্ৰচণ্ড বিস্ফোৰণ ৰুছ সেনাৰ। খেৰ্চান সম্পূৰ্ণৰূপে দখল কৰাৰ দাবী ৰুছ প্ৰতিৰক্ষা মন্ত্ৰীৰ। বিগত ২৪ ঘণ্টাত খাৰ্কিভত ২১জন ইউক্ৰেইনিয়ানৰ মৃত্যু হৈছে।ইফালে তুৰস্কৰ পৰা ইউক্ৰেইনে লাভ কৰিছে বহুসংখ্যক ড্ৰ’ন।

ইউক্ৰেইনত সমুখ সমৰৰ লগতে অব্যাহত উভয় পক্ষৰ শক্তিৰ প্ৰচাৰ। জেলেনস্কীৰ দাবী – ৬ দিনত নিহত হৈছে প্ৰায় ৬ হাজাৰ ৰুছ সৈন্য। ৫,৮৪০ ৰুছ সৈন্য নিহত হৈছে ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ। ‘ৰাছিয়াৰ ২২১খন টেংক, ৩০খন বিমান, ৩১খন হেলিকপ্টাৰ ধ্বংস’। ৰুছ বাহিনীৰ ৮৬২খন সশস্ত্ৰ বাহনো ধ্বংস কৰাৰ দাবী ইউক্ৰেইনৰ। বিপৰীতে ৰাছিয়াৰ দাবী – ইউক্ৰেইনৰ ১৫০২ সামৰিক ঘাটি ধ্বংস। ইউক্ৰেইনিয়ান বাহিনীৰ ৪৭২খন টেংক ধ্বংস হোৱাৰো দাবী। ইফালে এখন ৰুছ T-80 টেংক নিজৰ নিয়ন্ত্ৰণলৈ নিলে ইউক্ৰেইনিয়ান সৈন্যই

শ্বাহৰুখ খান অভিনীত ‘পাঠান’ৰ টিজাৰ মুক্তি

ৰণবীৰ-শ্ৰদ্ধাৰ আহিবলগীয়া শিৰোনাম বিহীন চলচ্চিত্ৰখন ৮ মাৰ্চ, ২০২৩ ত মুক্তি পাব। অভিনেতা ৰণবীৰ কাপুৰ আৰু শ্ৰদ্ধা কাপুৰৰ আহিবলগীয়া শিৰোনামবিহীন চলচ্চিত্ৰখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰা হৈছে। নিৰ্মাতাসকলে সামাজিক মাধ্যমত পোষ্ট কৰি অনুৰাগীসকলক এই তথ্য দিছে। ছবিখন হোলী উপলক্ষে ২০২৩ চনৰ ৮ মাৰ্চত ছবিগৃহত মুক্তি দিয়া হ’ব। লাভ ৰঞ্জনে ছবিখন পৰিচালনা কৰিব। ৰণবীৰ-শ্ৰদ্ধাৰ উপৰিও ছবিখনত ডিম্পল কাপাডিয়া আৰু বনি কাপুৰেও মুখ্য চৰিত্ৰত অভিনয় কৰিব।

ইফালে শ্বাহৰুখ খান অভিনীত ‘পাঠান’ ২৫ জানুৱাৰী, ২০২৩ ত মুক্তি পাব। অভিনেতা শ্বাহৰুখ খান, দীপিকা পাডুকন আৰু জন আব্ৰাহামৰ আটাইতকৈ প্ৰতীক্ষিত স্পাই-থ্ৰিলাৰ ‘পাঠান’ৰ মুক্তিৰ তাৰিখ ঘোষণা কৰা হৈছে। শ্বাহৰুখ খানে নিজেই ছবিখনৰ এটা ভিডিঅ’ টিজাৰ ছচিয়েল মিডিয়াত অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰিছে। শিৰোনামটোত, অভিনেতাজনে লিখিছিল, “মই জানো যে পলম হৈছে… কিন্তু তাৰিখটো মনত ৰাখিব… ‘পাঠান’ৰ সময় এতিয়া আৰম্ভ হৈছে… ২৫ জানুৱাৰী, ২০২৩ তাৰিখে ছবিগৃহত লগ হ’ব। হিন্দী তামিল আৰু তেলেগু ভাষাত মুক্তি লাভ কৰিব ছবিখনে। কেৱল আপোনাৰ নিকটতম ডাঙৰ পৰ্দাত #YRF50 সৈতে ‘পাঠান’ উদযাপন কৰক। এই টিজাৰত, শ্বাহৰুখ, দীপিকা আৰু জনেও ছবিখনৰ তিনিজনৰ প্ৰথম চেহেৰা চাবলৈ পাইছে। সিদ্ধাৰ্থ আনন্দৰ দ্বাৰা পৰিচালিত এই ছবিখন ‘যশ ৰাজ ফিল্মছ’ৰ দ্বাৰা প্ৰযোজনা কৰা হৈছে।

ডিমৌত কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

ডিমৌ আলুন নগৰত বুঘবাৰে এটা কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হয়। ডিআইটিআৰপি অধীনত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে স্থাপন কৰা এই কম্পিউটাৰ কেন্দ্ৰটো ফিটা কাটি আনুষ্ঠানিক ভাৱে মুকলি কৰে আটাছু শিৱসাগৰ মহকুমা সমিতিৰ সাধাৰণ সম্পাদক সুমিত কুমাৰ সন্দিকৈ । ডিমৌৰ জ্যেষ্ঠ সাংবাদিক উমেশ চেতিয়া, আটাছু ডিমৌ আঞ্চলিকৰ সভাপতি বিদ্যুৎ দুৱৰা উপস্থিত থকা অনুষ্ঠানটোত কেন্দ্ৰটোৰ স্বত্বাধিকাৰী বিশ্ব বড়াৰ লগতে ভালে সংখ্যক ৰাইজ উপস্থিত থাকে ।

কেন্দ্ৰটোৰ স্বত্বাধিকাৰী বিশ্ব বড়াই অঞ্চলটোৰ ছাত্ৰ সমাজক কম্পিউটাৰৰ বিভিন্ন পাঠ্যক্ৰম বিনামূলীয়া নামভৰ্তিৰে আৰু কেৱল মাত্ৰ ৪৯০টকাৰ মাহেকীয়া মাচুলৰে আগবঢ়াব বুলি সকলোকে অৱগত কৰে । কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰটোৰ লগত বজাৰ মূল্যতকৈ কম টকাত জেৰক্স , ডিটিপি আদিৰ ব্যৱস্থাও কৰা হৈছে । আগ্ৰহী ছাত্ৰ-ছাত্ৰী সকলে ৭০০২৮৫৫৯৭৩ নম্বৰত যোগাযোগ কৰি কেন্দ্ৰটোৰ উপলব্ধ কম্পিউটাৰ বিভিন্ন পাঠ্যক্ৰমৰ বিষয়ে জানিব পাৰিব ।

গুজৰাটত ভূমিকম্পঃ বৰ্তমানলৈ কোনো হতাহত হোৱাৰ খবৰ নাই

মঙলবাৰে ৰাতিপুৱা গুজৰাটৰ কচ্ছ জিলাত ৩.৪ প্ৰাবল্যৰ মৃদু কম্পন নথিভুক্ত কৰা হৈছিল। গান্ধীনগৰৰ ইনষ্টিটিউট অৱ চিচমোলজিকেল ৰিচাৰ্ছ (আইএছআৰ)য়ে কয় যে কম্পনটো পুৱা ৭.৫০ বজাত ৰেকৰ্ড কৰা হৈছিল, জিলাখনৰ ৰাপাৰৰ পৰা ১৯ কিলোমিটাৰ পশ্চিম-পশ্চিমত ইয়াৰ কেন্দ্ৰস্থল আছিল।

বৰ্তমানলৈকে কোনো হতাহতহোৱাৰ খবৰ পোৱা নাই। যোৱা দুটা সপ্তাহত, জিলাখনত ৩.৪ প্ৰাবল্যৰ তিনিটা কম্পন নথিভুক্ত কৰা হৈছে, যি অতি ‘উচ্চ বিপদাশংকা’ ভূমিকম্প ক্ষেত্ৰত অৱস্থিত। ২০০১ চনৰ জানুৱাৰী মাহত জিলাখনত এক প্ৰচণ্ড ভূমিকম্পই জোকাৰি গৈছিল য’ত ১৩,৮০০ জন লোক নিহত হৈছিল আৰু আন ১.৬৭ লাখ লোক আহত হৈছিল।

ড্ৰাগছ গোচৰত আৰিয়ান খান জড়িতৰ কোনো প্ৰমাণ পোৱা নাই এছআইটিয়ে

কৰ্ডেলিয়া ক্ৰুজ ড্ৰাগছ গোচৰত ডাঙৰ উন্মোচন। এছআইটি দলে ড্ৰাগছ ৰেকেটত আৰিয়ান খান জড়িত থকাৰ কোনো প্ৰমাণ পোৱা নাই, এনচিবিৰ কাম কৰাৰ পদ্ধতিৰ ওপৰতো প্ৰশ্ন উত্থাপিত হৈছে।

বলীউডৰ আটাইতকৈ বিখ্যাত অৰ্থাৎ কৰ্ডেলিয়া ক্ৰুজ ড্ৰাগছ কেচে এটা ডাঙৰ প্ৰকাশ কৰিছে। ইংৰাজী বাতৰি কাকত হিন্দুস্তান টাইমছে সূত্ৰৰ উদ্ধৃতি দি দাবী কৰিছে যে নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি) এছআইটিয়ে অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান এটা ডাঙৰ ড্ৰাগছ ষড়যন্ত্ৰ বা আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ চোৰাং চিণ্ডিকেটৰ অংশ আছিল বুলি কোনো প্ৰমাণ পোৱা নাই। এছআইটি অনুসন্ধানৰ সময়ত ক্ৰুজত চলোৱা অভিযানত কেইবাটাও অনিয়ম পোৱা গৈছে। কেবিনেট মন্ত্ৰী নৱাব মালিকে এনচিবিৰ আঞ্চলিক সঞ্চালক সমীৰ ৱানখেডেৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ পিছত এছআইটি গঠন কৰা হৈছিল। উচ্চ ন্যায়ালয়ে প্ৰায় একেই কথা কৈছিল।


তাৎপৰ্যপূৰ্ণভাৱে, এছআইটি তদন্তৰ প্ৰাৰম্ভিক ফলাফলে বোম্বাই উচ্চ ন্যায়ালয়ৰ পৰ্যৱেক্ষণক সমৰ্থন কৰে, যিয়ে যোৱা বছৰ ২৮ অক্টোবৰত খানক জামিন প্ৰদান কৰিছিল, আৰু কৈছিল যে এনচিবিৰ প্ৰতিবেদনত আৰ্যনৰ পৰা কোনো ষড়যন্ত্ৰ বা ড্ৰাগছ উদ্ধাৰ হোৱাৰ প্ৰমাণ পোৱা নাই। হোৱাটছএপ চেটবোৰ আটাইতকৈ ডাঙৰ প্ৰমাণ হৈ পৰিছে। এছআইটিৰ প্ৰতিবেদন অনুসৰি, অভিযানৰ পিছত হোৱাটছএপ চেটক আটাইতকৈ ডাঙৰ প্ৰমাণ হিচাপে বিবেচনা কৰি, ৱানখেডে দলে দাবী কৰিছিল যে অভিযুক্তসকল এক বৃহত্তৰ ষড়যন্ত্ৰৰ অংশ আছিল। তেওঁ অভিযোগ কৰিছিল যে আৰ্যন খান কিছুমান বিদেশী ড্ৰাগ সৰবৰাহকাৰীৰ সৈতে সম্পৰ্কত আছিল। প্ৰমাণত সেই চেটবোৰ আদালতত প্ৰস্তুত কৰা হৈছিল য’ত “কঠিন ঔষধ” আৰু “বৃহৎ পৰিমাণ” উল্লেখ কৰা হৈছিল।

অৱশ্যে, এনচিবিৰ দাবী খাৰিজ কৰাৰ সময়ত, বোম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নিতিন ডব্লিউ চাম্ব্ৰেৰ এটা বিচাৰপীঠে কৈছিল যে এনচিবিৰ ফলাফল কোনো ষড়যন্ত্ৰ প্ৰমাণ কৰিবলৈ পৰ্যাপ্ত নহয়। বিচাৰকজনে কৈছিল যে আৰিয়ান খান আৰু তেওঁৰ বন্ধু আৰবাজ মাৰ্চেণ্ট আৰু মডেল মুনমুন ধামেচা জাহাজখনত আছিল, কেৱল তেওঁলোকক ড্ৰাগছ ৰেকেটৰ অংশ বুলি ক’ব নোৱাৰি।

টি-২০ বিশ্বকাপৰ পূৰ্বে ভাৰতৰ ব্যস্ত সময়সূচী….

অক্টোবৰত টি-২০ বিশ্বকাপৰ পূৰ্বে ভাৰতীয় দলৰ সময়সূচী অতি ব্যস্ত হ’বলৈ গৈ আছে। দৰাচলতে, জুন মাহত টীম ইণ্ডিয়াই দুখন খেলৰ টি-২০ শৃংখলাৰ বাবে আয়াৰলেণ্ড ভ্ৰমণ কৰিব। এইকথা আয়াৰলেণ্ড ক্ৰিকেট বোৰ্ডে সামাজিক মাধ্যমৰ জৰিয়তে অৱগত কৰিছিল। ভাৰতৰ উপৰিও নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ দলসমূহেও আয়াৰলেণ্ডৰ বিৰুদ্ধে শৃংখলা খেলিব।

আই পি এল ২০২২-ৰ পিছত, টীম ইণ্ডিয়াই জুনৰ শেষ সপ্তাহত আয়াৰলেণ্ড ভ্ৰমণ কৰিব আৰু দুয়োখন টি-20 মেচ ২৬ আৰু ২৮ জুনত মালাহাইডত অনুষ্ঠিত হ’ব। শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলা জয় কৰাৰ পিছত, ভাৰতীয় দলটোৱে এতিয়া টেষ্ট শৃংখলাৰ বাবে প্ৰস্তুতি চলাই আছে।

টীম ইণ্ডিয়াই ৪ বছৰৰ পিছত আয়াৰলেণ্ড ভ্ৰমণ কৰিব। ইয়াৰ আগতে ২০১৮ বৰ্ষত ভাৰতে ২ খন খেলৰ টি-২০ শৃংখলাৰ বাবে আয়াৰলেণ্ডলৈ গৈছিল আৰু শৃংখলাটো ২-০ত জিকিছিল। ইয়াৰ উপৰিও, ২০০৭ চনত ভাৰতে প্ৰথমবাৰৰ বাবে আয়াৰলেণ্ড ভ্ৰমণলৈ যায় আৰু দুয়োটা দলৰ একমাত্ৰ টি-২০ খেলা হয়, যিটো ভাৰতীয় দলে ৯ উইকেটত জিকিছিল।

ভাৰতৰ বি দলটো আয়াৰলেণ্ডলৈ যাব নেকি? আয়াৰলেণ্ড ভ্ৰমণলৈ যোৱাৰ আগতে দক্ষিণ আফ্ৰিকাই ৫ খন খেলৰ টি-20 শৃংখলাৰ বাবে ভাৰত ভ্ৰমণ কৰিব। এই শৃংখলাৰ সকলো বোৰ খেল ৯ জুনৰ পৰা ১৫ জুনৰ ভিতৰত খেলা হ’ব। যিহেতু আয়াৰলেণ্ডৰ পিছত, ভাৰতে ইংলেণ্ড ভ্ৰমণলৈ যাব লাগিব, টীম ইণ্ডিয়াৰ বহুতো তাৰকা খেলুৱৈয়েও আয়াৰলেণ্ড শৃংখলাৰ বাবে বিশ্ৰাম ল’ব পাৰে।

ৰাণু মণ্ডলৰ জীৱনৰ আধাৰত নিৰ্মান হ’ব চিনেমা।

ৰাণুৰ অনুৰাগী সকলৰ বাবে ভালখবৰ! ৰাণু মণ্ডলৰ জীৱনৰ আধাৰত নিৰ্মান কৰা হ’ব চিনেমা।
এটা ৰাতিৰ ভিতৰতে জনপ্ৰিয় হৈ উঠা ৰাণু মণ্ডল্ক কোনে চিনি নাপাই।জনপ্ৰিয় হৈছিল যিদৰে তাৰ সমান্তৰালকৈ ট্ৰ’ল খাইছিল ৰাণু মণ্ডলে।এইবাৰ ৰাণুমণ্ডলৰ আহি আছে বায়’পিক।ৰাণু মণ্ডলৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছে চিনেমা।শীঘ্ৰেই ছবিগৃহলৈ আহিব ৰাণু মণ্ডলৰ জীৱনৰ ওপৰত আধাৰিত চিনেমা।ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰা কথা আছিল সুদীপ্তা চক্ৰৱৰ্তীয়ে কিন্তু এতিয়া ছবি খনত অভিনয় কৰিব ইছিকা দেয়ে।ছবি খনৰ নাম হ’ব মিছ ৰাণু মাৰিয়া।

মাজুলীত পুনৰ অঘটন,ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন যুৱক

নিমাতীঘাটত পুনৰ অঘটন সংঘটিত হৈছে ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন যুৱক

চেনীমাই-2 নামৰ ফেৰীখনৰ পৰা ব্ৰক্ষ্মপুত্ৰত জাঁ‌প দিয়ে এজন যুৱকে

১০.৩০ মিনিটত এই ঘটনা সংঘটিত হয়

নিমাতীৰ পৰা মাজুলীৰ অফলামুখে গৈ আছ্ল এই ফেৰীখনে

বাতৰি সংগ্ৰহ কৰালৈকে যুৱক জনৰ পৰিচয় উদ্ধাৰ হোৱা নাছিল

কেঁ‌চা হালধীৰ গুণাগুণৰ বিষয়ে জানেনে?

কেঁচা হালধীৰ গুণাগুণৰ বিষয়ে আপুনি অলপ হ’লেও জ্ঞাত।কেঁচা হালধীৰ আছে বহু গুণ।আমাৰ দেহৰ বাবে কেঁচা হালধীৰ অতি উপকাৰী।কেঁচা হালধী বেমাৰ আজাৰৰ পৰা আৰম্ভ কৰি স্বাস্থ্য ভালে ৰখাত সহায় কৰে কেঁচা হালধীয়ে।কেঁচা হালধী মহষৌধি বুলিও কোৱা হয়।বিভিন্ন ধৰণৰ ৰোগ নিৰাময়ৰ প্ৰতিৰোধক হিচাপে হালধী বহুল ভাৱে ব্যৱহাৰ কৰা হয়।আনহাতে হালধীক স্বাস্থ্যকৰ মছলা বুলিও কোৱা হয়।হালধী গুণাগুণ সমূহ হৈছে-
১.হালধী হৃদ ৰোগৰ বাবে অতি উপকাৰী। কেঁচা হালধীয়ে দেহত বৃদ্ধি পোৱা কলেষ্টৰল পৰিমাণ হ্ৰাস কৰাত যথেষ্ট সহায় কৰে।সেয়েহে কেঁ‌চা হালধী নিয়মীয়াকৈ সেৱন কৰিব লাগে।যাৰ ফলত হৃদ ৰোগৰ পৰা ৰক্ষা পাব পাৰি।

২.শৰীৰৰ যিকোনো ধৰণৰ কটা-ছিঙা বা ঘাঁ আদি হ’লে তাত কেঁচা হালধিৰ প্ৰলেপ লগালে সোনকালে ভাল পোৱা যায়।

৩. শৰীৰৰ গাঁঠিৰ বিষ হ’লে হালধীৰ উপকাৰিতা দেখা যায়। হালধীয়ে গাঁঠি জোৰাৰ বিষ নিৰাময় কৰে। 

৫.আনহাতে হালধীয়ে ছালৰ সংক্ৰমণ ৰোধ কৰে। শালমন, কলা দাগ, ৰ’দে  পোৰা আদিত হালধীৰ ব্যৱহাৰ কৰিলে অলপ হ’লেও ভাল পিৱা যায়।

৬. হালধী মুখৰ উজ্বলতাৰ বাবেও অতি উপকাৰী। 

৭. ৰাতিপুৱা সময়ত গাখীৰ লগত কেঁ‌চা হালধী ৰস খালে শৰীৰ এলাৰ্জি সমূহ নাইকিয়া হয় আৰু তেজৰ বাবেও অতি ভাল । 

৮. হালধি চৰ্দি- জ্বৰৰ ৰোগৰ বাবে উপকাৰী। প্ৰতিদিনে কেঁচা হালধি গাখীৰত দি খালে চৰ্দি – জ্বৰ আদিৰ পৰা সকাহ পাব পাৰি। 

৯. হালধীয়ে মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰে। হালধী মধুমেহ ৰোগৰ বাবে উপকাৰী। 

১০. জুইয়ে পোৰাৰ বাবে হালধি উপকাৰী। জুইয়ে পোৰা অংশত হালধিৰ প্ৰলেপ লগালে কিছু সকাহ পোৱা যায়।