ৰাছিয়াৰ গুলীবৰ্ষণত প্ৰাণ হেৰুৱালে ভাৰতীয় ছাত্ৰই ।ইউক্ৰেইনত মৃত্যু ভাৰতীয় ছাত্ৰৰ। ৰাছিয়াৰ বাহিনীৰ দ্বাৰা প্ৰচণ্ড গুলীবৰ্ষণৰ ফলত দেশখনৰ দ্বিতীয় বৃহত্তম চহৰ খাৰকিভত মঙলবাৰে এজন ভাৰতীয় ছাত্ৰ নিহত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই সন্দৰ্ভত টুইট কৰি এই কথা জনায়।
FIFA and UEFA logos are displayed in front of the Russian flag in this illustration taken, February 28, 2022. REUTERS/Dado Ruvic/Illustration
ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছতে বিশ্ব ফুটবল সংস্থাটোৱে সিদ্ধান্ত লছে যে কাতাৰত অনুষ্ঠিত হ’ব লগীয়া ফুটবল বিশ্বকাপৰ পৰা ৰাছিয়াক বহিষ্কাৰ কৰিব ।FIFA আৰু UEFA দুয়োটা পৰা বহিষ্কৃত হ’ল ৰাছিয়া।সোমবাৰে FIFA আৰু UEFA ৰ ফালৰ পৰা বিবৃতি জাৰি কৰি কোৱা হয় যে ‘FIFA আৰু UEFA য়ে সিদ্ধান্ত লৈছে যে ৰাষ্ট্ৰীয় আৰু ক্লাব পৰ্যায়ৰ ৰাছিয়াৰ সকলো দলকে FIFA আৰু UEFA ই আয়োজিত কৰা প্ৰতিযোগিতাৰ পৰা নিলম্বিত কৰা হ’ব।ফুটবল বিশ্ব এই বিষয়ত ঐক্যবদ্ধ হৈ আছে আৰু ইউক্ৰেইনৰ আক্ৰান্ত সকলৰ কাষত আছে।’