Home Blog Page 2585

মহিলাৰ নাগাৰা নামেৰে মুখৰিত বৰক্ষেত্ৰীৰ ঘৰুৱাবাহা।

মুকালমুৱাৰ ঘৰুৱাবাহাত ৩১ তম্ বাৰ্ষিক শিৱৰাত্রী সভা মহোৎসৱৰ আয়োজন। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ ঘৰুৱাবাহাত ৩১ তম বাৰ্ষিক শিৱৰাত্রী সভা মহোৎসৱৰ আয়োজন কৰা হৈছে। ঘৰুৱাবাহা গাঁৱৰ উদ্যোগত আৰু আঞ্চলিক ৰাইজৰ সহযোগত ঘৰুৱাবাহাস্থিত শ্ৰী শ্ৰী শিৱ মন্দিৰ প্ৰাংগণত ১৫ ফাগুন ২৮ ফেব্ৰুৱাৰী আৰু ১৬ ফাগুন ১ মাৰ্চত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাধুমধামেৰে শিৱৰাত্রী পূজাৰ আয়োজন কৰা হৈছে।

সভাপতি-সম্পাদকদ্বয় ক্ৰমে মাধৱ নাথ আৰু ৰবেন নাথ, উপ- সভাপতি বিচিত্ৰ নাথ, সহ- সম্পাদক পৰেশ নাথ, ধনভৰালী কবিচৰণ নাথৰ লগতে স্থানীয় একাংশ সচেতন লোকৰ তৎপৰতাতেই বিগত সময়চোৱাৰে পৰা আজি ৩১ বছৰ ধৰি ব্যাপক ধুমধামেৰে আয়োজন কৰি আহিছে এই শিৱৰাত্রী সভা মহোৎসৱৰ।এই মহোৎসৱ উপলক্ষে ৰাতিপুৱা ৭ বজাত সামূহিক চাফাই অভিযান,৮ বজাত বৃক্ষৰোপন কৰে শিৱৰাত্রী উদযাপন সমিতিৰ সভাপতি মাধৱ নাথে, ভাগৱত পাঠ কৰে প্ৰহ্লাদ নাথ, দ্বীপেন নাথ আৰু নাৰায়ণ নাথে। আবেলি ৩ বজাৰ পৰা ৰঙিয়াৰ কবিতা বৰুৱা আৰু গাছবাৰীৰ ৰুণুমী নাথৰ দলে নাগাৰা নাম প্ৰদৰ্শন কৰে। ভক্তপ্ৰাণ লোকসকলে ব্যাপক ভিৰ কৰা দেখা যায় অঞ্চলটোত।

বিহালীৰ সমন্বয়ৰ স্থলী শ’লমাৰীত উখল-মাখল পৰিবেশ

অসমীয়া,চাহ জনজাতি,বেংগলী, নেপালী, কাৰ্বি, মিছিং, ভোজপুৰী আদি জনগোষ্ঠী লোকৰ উপস্থিতিয়ে দাঙি ধৰিলে সম্প্ৰীতিৰ চানেকি বিহালীত । বিহালী সমষ্টিৰ অন্তৰ্গত শ’লমৰীত নিৰ্মিত শিৱ মন্দিৰত আজি প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। সেই উপলক্ষে পুৱাৰে পৰা এক উখল মাখলৰ পৰিবেশৰ সৃষ্টি হয়। মূলত অসম চৰকাৰৰ চতুৰ্দশ বিত্তীয় বৰ্ষৰ অধীনত প্ৰাপ্ত দুই লাখ টকা অনুদানেৰে নিৰ্মাণৰ কাম আৰম্ভ কৰা মন্দিৰ ভাগত পৰবৰ্তী কালত বিভিন্ন জনে স্বেচ্ছাই আগবঢ়োৱা দান-বৰঙণিৰ দ্বাৰা মন্দিৰটো আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হয়। দৰাচলতে ১৯৮৯ চনত প্রয়াত মনেশ্বৰ নৰহৰ স্মৃতিক পুত্ৰ খগেশ্বৰ নৰহে প্ৰতিষ্ঠা কৰা মন্দিৰ ভাবে ক্ৰমান্বয়ে সৰ্বজনীন ৰূপ লয় আৰু ইয়াৰ অসমীয়া, চাহ জনজাতি, বেংগলী, নেপালী, কাৰ্বি, নেপালী,ভোজপুৰী আদি সম্প্ৰদায়ৰ সকলো জড়িত হৈ পৰে আৰু এক সমন্বয়ৰ স্থলীত পৰিনত হয়।

সোমবাৰে পুৱা বৰগাং নদীৰ পৰা জল আনায়নৰ দ্বাৰা ঘট জলৰে শিৱ লিঙ্গ স্থাপন কৰি মাংগলিক পূজা পাতলৰে প্ৰাণ প্ৰতিষ্ঠা কৰা হয় আৰু সমাৰোহত সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, দধিৰাম শৰ্মা, জ্যেষ্ঠ সাংবাদিক অমিতাভ বৰুৱা,যুব সাংবাদিক পলাশ প্ৰিয়ম, মনোজ বৰা, জিনজিয়া চাহ বাগিচাৰ স-পৰিবাৰে পৰিচালক মণ্ডলি আৰু অগণন ভক্তগণৰ সমাগম ঘটে। মন্দিৰ ভাগ নিৰ্মাণৰ ক্ষেত্ৰত উপদেষ্টা সদানন্দ দত্ত, সভাপতি বাবুল গোৱালা, সম্পাদক পিংকু কানুৱে বিশেষ ভাবে উদ্যোগ গ্ৰহণ কৰে।

মৰিয়নীৰ নিউ সোনোৱাল চাহ বাগিছাত উত্তেজনা।

সোমবোৰে পুৱা এগৰাকী ৰোগী বাগিছা খনৰ চিকিৎসালয়লৈ অনাৰ পাছত উপযুক্ত চিকিৎসা নোপোৱাৰ বাবে চিকিৎসালয় খনত উত্তেজনাময় পৰিস্থিতি সৃষ্টি হয় ইয়াৰ পাছতে বাগিচাৰ চিকিৎসালয় খনত শ্ৰমিকসকলে তলা লগায় দিয়ে । বাগিচাৰ শ্ৰমিকসকলৰ অভিযোগ চিকিৎসালয়ত নাই এগৰাকী স্থায়ী ডাক্তৰ,কম্পাউণ্ডৰ নাই এগৰাকী স্থায়ী নাৰ্চ আনহাতে চিকিৎসা লয়ত নাই এখন এম্বুলেঞ্চ।যাৰ ফলত সময় মতে উপযুক্ত চিকিৎসা নোপোৱাৰ বাবে পূৰ্বতে বহুকেইগৰাকী শ্ৰমিকে মৃত্যুবৰণ কৰিছে।

বাগিছাৰ শ্ৰমিকসকলে ২৪ ঘন্টা ভিতৰত বাগিছাত স্থায়ী নাৰ্চ,ডাক্তৰ,এম্বুলেন্স সুবিধা কৰিবলৈ দাবী জনায় বাগিচাৰ কতৃপক্ষক, উল্লেখযোগ্য যে দুদিনৰ পূৰ্বেও উপযুক্ত চিকিৎসাৰ অভাৱত বাগিচাখনৰ আন এজন শ্ৰমিক মৃত্যু মুখত পৰিছিল।।

CWG ২০২২ ৰ বাবে যোগ্যতা অৰ্জন মীৰাবাই চানুৰ।

CWG ২০২২ ৰ বাবে যোগ্যতা অৰ্জন কৰে মীৰাবাই চানুৱে।টকিঅ’ ২০২০ অলিম্পিকত ভাৰতৰ হৈ প্ৰথম পদক অৰ্জন কৰি ভাৰতবাসীক গৌৰাৱান্বিত কৰিছিল মীৰাবাই চানুৱে। তেওঁ সাহসিকতাৰে শেষলৈকে যুঁজ দি মহিলাৰ ৪৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক দখল কৰিছিল। তেতিয়াৰ পৰা অলিম্পিয়ান গৰাকীয়ে নিজকে গঢ়ি তোলাৰ চেষ্টা অব্যাহত ৰাখিছে।অলিম্পিয়ানগৰাকীয়ে তেতিয়াৰ পৰাই ইভেণ্ট-পেকড ২০২২ ৰ বাবে দিনে দিনে প্ৰশিক্ষণ লোৱাত ব্যস্ত হৈ পৰিছিল।অৱশেষত তেওঁৰ সপোনে যেন পোখা মেলি ঠন ধৰিছে।শুকুৰবাৰে ছিংগাপুৰ আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলন ত মুঠ ১৯১ কিলোগ্ৰাম উত্তোলন কৰি ৫৫ কিলোগ্ৰাম শাখাত সোণৰ পদক অৰ্জন কৰাৰ পিছত মীৰাবাই চানুৱে।কমনৱেলথ গেমছ ২০২২ত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সাজু হৈছে। প্ৰথমবাৰৰ বাবে ৫৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দিতা কৰি থকা চানুৱে ১৯১ কিলোগ্ৰাম উত্তোলন কৰি এখন অপ্ৰতিযোগিতামূলক ক্ষেত্ৰত পোডিয়ামৰ শীৰ্ষত থিয় হয়।ভাৰোত্তোল মীৰাবাই চানুৱে যোগ্যতা অৰ্জন কৰি আনন্দিত হৈ কয় যে “৭ মাহৰ তীব্ৰ প্ৰশিক্ষণ আৰু খেলৰ প্ৰতি মোৰ কেতিয়াও শেষ নোহোৱা প্ৰেমে ফল প্ৰদান কৰি আহিছে।

মই আমাৰ যুৱ আৰু পৰিক্ৰমা মন্ত্ৰালয়, ভাৰোত্তোলন ফেডাৰেচন অৱ ইণ্ডিয়া, এছএআই, আইঅ’এছ ক্ৰীড়া আৰু আন সকলো অংশীদাৰক ধন্যবাদ জনাইছো। যিসকলে মোক ইয়াত উপনীত হোৱাত সহায় কৰিছে, মই অধিক পৰিশ্ৰম কৰিবলৈ আৰু চি ডব্লিউ জি ত মোৰ দেশৰ বাবে পুনৰ সোণৰ পদক দখল কৰিবলৈ যিমান পাৰো সকলো কৰিবলৈ সংকল্পবদ্ধ।”CWG ত অৰ্হতা প্ৰতিযোগিতাখনে প্ৰতিটো শ্ৰেণীৰ।শীৰ্ষ ৮ জন উত্তোলকক বাৰ্মিংহামত অনুষ্ঠিত।কমনৱেলথ গেমছৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ অনুমতি দিব।যাৰ ভিতৰত চানুৱে কেৱল ৪৯ কিলোগ্ৰাম শাখাতে নহয়।ভাৰতৰ বাবে ৫৫ কিলোগ্ৰাম শাখাতো স্থান নিশ্চিত কৰিছে।২৭ বছৰীয়া চানুৱে তেওঁৰ কমনৱেলথ ৰেংকিঙৰ ভিত্তিত ৪৯ কিলোগ্ৰাম ওজন শাখাত বাৰ্মিংহাম ২০২২ ৰ বাবে যোগ্যতা অৰ্জন কৰে।

পুনৰ বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য।

আজিৰে পৰা পুনৰ বৃদ্ধি হ’ল চিলিণ্ডাৰৰ মূল্য। ১০৫ টকা পৰ্যন্ত বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য।বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰতহে এই মূল্য বৃদ্ধি।দিল্লী,কলকাতা,চেন্নাই আৰু মুম্বাইত বৃদ্ধি পাইছে চিলিণ্ডাৰৰ মূল্য।আনহাতে ৭ মাৰ্চৰ পাছত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পোৱাৰ সম্ভাৱনা।ৰাছিয়াৰ ইউক্ৰেইনৰ যুদ্ধৰ পিছত তেল আৰু চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে চৰ্চা চলি আছিল আৰু এতিয়া ৰাছিয়াৰ আৰু ইউক্ৰেইনৰ যুদ্ধৰ মাজতেই বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে।

ডুমডুমা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন

ডুমডুমা মহাবিদ্যালয়, অসম বিজ্ঞান সমিতিৰ ৰূপাই শাখা আৰু মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ উদ্যোগত মহাবিদ্যালয়খনৰ সভাগৃহত শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু বিজ্ঞানপ্ৰেমী ৰাইজৰ উপস্থিতিত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰা হয়। তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি অৰ্জুন বৰুৱাই চিভিৰমণৰ প্ৰতিচ্ছবিৰ সমূখত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটো আৰম্ভ কৰে । তেওঁৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে মহাবিদ্যালয়খনৰ উপাধ্যক্ষা ড০ ৰিঞ্জুমণি শৰ্মাই । তাৰ পিছতে আৰম্ভ হোৱা আলোচনা সভাখনত ড০ শৰ্মাই এই দিনটোৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে অসম বিজ্ঞান সমিতি ৰূপাই শাখাৰ কিছু বিৱৰণ দাঙি ধৰে।

‘বহনক্ষম ভৱিষ্যতৰ বাবে বিজ্ঞানৰ কৰণীয়’ বিষয়ত তিনিচুকীয়া জিলাৰ অতিৰিক্ত উপায়ুক্ত চৰফৰাজ হক-এ দৃশ্যশ্ৰাৱ্য মাধ্যমৰ সহায়ত বক্তৃতা প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলক বৰ উপকৃত কৰে । সভাখনত মহাবিদ্যালয়খনৰ গৱৰ্নিং বডিৰ সভাপতি ৰমেশ গোস্বামী আৰু অসম বিজ্ঞান সমিতিৰ ডুমডুমা শাখাৰ সম্পাদক তথা সাংবাদিক পেঞ্চনাৰ ধীৰেন ডেকাই দিৱসটো সম্পৰ্কত চমু বক্তব্য আগবঢ়ায় । মহাবিদ্যালয়খনৰ কৃতী ছাত্ৰ মহৰ্ষি কলিতাক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয় । বিজ্ঞান আৰ্হি প্ৰতিযোগিতাত শ্ৰেষ্ঠ নিৰ্বাচিত প্ৰতিযোগীসকলক এই সভাতে মানপত্ৰ আৰু পুৰস্কাৰ দিয়া হয় । ঠাইতে এখন বিজ্ঞানৰ আৰ্হিৰ প্ৰদৰ্শনীও অনুষ্ঠিত হয় । উল্লেখ্য যে দিৱস উপলক্ষে যোৱা ২৫ ফেব্ৰুৱাৰীত বিজ্ঞানৰ আৰ্হিৰ এটা প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল আৰু উদ্বোধন কৰিছিল তিনিচুকীয়া জিলা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক দিগন্ত ভাজনীয়ে । এই অনুষ্ঠানটোৰ আঁত ধৰে দুই সহযোগী অধ্যাপক মনোজ দত্ত আৰু ৰাতুল গগৈয়ে ।

অসম সত্ৰ মহাসভাৰ মৰিগাঁও জিলা সমিতিৰ একাদশ সংখ্যক পূৰ্ণকালীন অধিৱেশন

অসম সত্ৰ মহাসভাৰ মৰিগাঁও জিলা সমিতিৰ একাদশ সংখ্যক অধিৱেশন আৰু মুকলি সভা দেওবাৰে অনুষ্ঠিত হয় মায়ঙৰ অন্যতম সত্ৰ দৈপৰা শ্ৰী শ্ৰী মিছামাৰী সত্ৰত। দিনযোৰ কাৰ্যসূচীৰে আৰম্ভ ভকত বৈষ্ণৱৰ উপস্থিতিত নাম প্ৰসঙ্গৰ পিছতেই পতাকা উত্তোলন কৰে মৰিগাঁও জিলা সত্ৰ মহাসভাৰ সভাপতি শ্ৰী অতুল চন্দ্ৰ গোস্বামী দেৱে। ইয়াৰ পিছতেই দৈপৰা সত্ৰৰ সভাপতি শ্ৰী গিৰিধৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। এই মুকলি সভাত নিৰ্দ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক শ্ৰীযুত কুসুম মহন্ত ডাঙৰীয়া। বিশিষ্ট অতিথি  হিচাপে উপস্থিত থাকে ধৰমতুল জিলা পৰিষদৰ সদস্য শ্ৰী পল্লৱ বৰদলৈ দেৱ।

ইয়াৰ উপৰিও মৰিগাঁও জিলা সত্ৰ মহাসভাৰ কাৰ্যকাৰী সভাপতি ভোগেশ্বৰ বৰদলৈ, আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি পৰমানন্দ শইকীয়া, মৰিগাঁও জিলা সত্ৰ মহাসভাৰ সম্পাদক শ্ৰী বিমল বৰকাকতিকে আদি কৰি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বক্তৃতা প্ৰদান কৰে অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক শ্ৰী কুসুম মহন্ত দেৱে। লগতে বক্তৃতা প্ৰদান কৰে ধৰমতুল জিলা পৰিষদৰ সদস্য শ্ৰী পল্লৱ বৰদলৈয়ে আৰু মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰবক্তা শ্ৰী গুণেশ্বৰ ডেকা দেৱেও বক্তৃতা প্ৰদান কৰে।এই মুকলি সভাৰ শেষত সমূহীয়া প্ৰাৰ্থনাৰে অন্ত পৰিল দৈপৰা শ্ৰী শ্ৰী মিছামাৰী সত্ৰত অনুষ্ঠিত হোৱা মৰিগাঁও জিলা সত্ৰ মহাসভাৰ একাদশ সংখ্যক পূৰ্ণকালীন অধিৱেশন আৰু মুকলি সভা।

কিয় ইউক্ৰেইনলৈ পঢ়িবলৈ যায় অসম বা ভাৰতৰ ছাত্ৰ-ছাত্ৰী?

ইউক্ৰেইনলৈ কিয় পঢ়িবলৈ যায় অসম বা ভাৰতৰ ছাত্ৰ-ছাত্ৰী। কি কাৰণত উচ্চ শিক্ষাৰ বাবে প্ৰিয় ঠাই হৈ পৰিছে ইউক্ৰেইন, জানিলে আপুনিও হ’ব আচৰিত। বিদেশলৈ পঢ়িব যোৱাৰ কথা ক’লে সচৰাচৰ ইউক্ৰেইনৰ নাম আমাৰ মনলৈ নাহে। আহে আমেৰিকা কানাডা আদি ঠাইৰ নাম। তেন্তে ইমান বৃহৎ সংখ্য ছাত্ৰ-ছাত্ৰী কিয় ইউক্ৰেইনলৈ পঢ়িব যায়।

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ লগে লগে তাত থকা ভাৰতীয় আৰু অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে। ইউক্ৰেইনৰ পৰা নিজ দেশলৈ উভতি আহিবলৈ সকলোৱে এতিয়া অধীৰ হৈ আছে। কিছুসংখ্যক ছাত্ৰ-ছাত্ৰী উভতি আহিবলৈ সক্ষম হৈছে যদিও বহুতেই এতিয়াও ইউক্ৰেইনত আবদ্ধ হৈ আছে। অসমৰ মুখ্যমন্ত্ৰীয়ে জনোৱা মতে অসমৰ ১০০ৰো অধিক ছাত্ৰ-ছাত্ৰী ইউক্ৰেইনত আছে। বিশেষকৈ ইউক্ৰেইনে বিমানঘাটিসমূহ বন্ধ কৰি ৰখাত ভীষণ সমস্যাৰ সৃষ্টি হৈছে।
ইয়াৰ মাজতে বহুতৰে মনত এক প্ৰশ্ন উদয় হৈছে। ভাৰতৰ বা অসমৰ ছাত্ৰ-ছাত্ৰী ইউক্ৰেইনলৈ কিয় পঢ়িব যায়। কাৰণ বিদেশলৈ পঢ়িব যোৱাৰ কথা ক’লে সচৰাচৰ ইউক্ৰেইনৰ নাম আমাৰ মনলৈ নাহে। তেন্তে ইমান বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰী কিয় ইউক্ৰেইনলৈ পঢ়িব যায়।

ইউক্ৰেইনত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ প্ৰথম পচন্দ হৈছে খাৰকিভত থকা খাৰকিভ নেচনেল মেডিকেল ইউনিভাৰছিটী। বেছিভাগ ভাৰতীয় ছাত্ৰ-ছাত্ৰী ইউক্ৰেইনলৈ যায় চিকিৎসা বিজ্ঞান পঢ়িবলৈ। ইউক্ৰেইনৰ নেচনেল মেডিকেল ইউনিভাৰছিটীৰ পাঠ্যক্ৰম ভাৰতৰ MBBS পাঠ্যক্ৰমৰ দৰেই। ৫ বছৰীয়া এই পাঠ্যক্ৰমৰ সৈতে আছে ১ বছৰীয়া বাধ্যতামূলক সেৱা। ইয়াৰ উপৰিও কোনোবাই বিশেষজ্ঞ পাঠ্যক্ৰম পঢ়িব বিচাৰিলে আৰু ৪ বছৰ পঢ়িব পাৰে। অৰ্থাৎ মুঠ ১০ বছৰীয়া এক পাঠ্যক্ৰম। খাৰকিভ নেচনেল মেডিকেল ইউনিভাৰছিটীত নামভৰ্তি কৰিবলৈ ছাত্ৰ ছাত্ৰী সকলৰ বাবে কিছু সহজ। ইউক্ৰেইনত পঢ়িবলৈ যেৱাৰ আন এক প্ৰধান কাৰণ হৈছে ইয়াৰ নিম্নমানৰ খৰছ। ইউক্ৰেইনত মেডিকেল ছাত্ৰ এজনৰ পঢ়াৰ খৰচ এবছৰত ৫ৰ পৰা ৬ লাখৰ ভিতৰত হৈ যায়। কিন্তু একেই পাঠ্যক্ৰম ভাৰতৰ কোনো ব্যক্তিগত প্ৰতিষ্ঠানত পঢ়িবলৈ হ’লে ১৫ লাখৰ পৰা ১ কোটি টকালৈ খৰছ হয়।

আনহাতে ইউক্ৰেইনৰ মেডিকেল পাঠ্যক্ৰম বিশ্ব স্বাস্থ্য পৰিষদৰ দ্বাৰা স্বীকৃত আৰু ভাৰততো ইউক্ৰেইনৰ এই পাঠ্যক্ৰম Indian Medical Council দ্বাৰা স্বীকৃত। কেৱল ভাৰতত NEXT অৰ্থা (National Exit Test) দি উঠি দেশৰ যিকোনো ঠাইতে ডাক্টৰী আৰম্ভ কৰিব পাৰে । শনিবাৰে এখন ৱেবিনাৰত অংশগ্ৰহণ কৰি দেশৰ শিক্ষাৰ্থীসকলে চিকিৎসক হোৱাৰ সপোন বুকুত লৈ সৰু-সৰু দেশসমূহলৈ ঢাপলি মেলা কার্যত উদ্বিগ্নতা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ মোদীয়ে। চিকিৎসা বিজ্ঞানত উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচৰা শিক্ষাৰ্থীসকলৰ কাৰণে নিজ দেশতেই ব্যৱস্থা কৰি দিয়াৰ পোষকতা কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে । ৰাজ্য চৰকাৰ সমূহকো চিকিৎসা মহাবিদ্যালয়, বিশ্ববিদ্যালয় খোলাৰ দিশত নীতিগত ভাৱে হস্তক্ষেপ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে প্ৰধামন্ত্ৰী গৰাকীয়ে।

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছত ভাৰতৰ প্ৰায় ২০,০০০ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী ইউক্ৰেইনৰ যুদ্ধ ভূমিত আৱদ্ধ হৈ পৰাৰ সময়তে প্রধানমন্ত্ৰীয়ে কৰা এই মন্তব্যই যথেষ্ট তাৎপৰ্য বহন কৰিছে। ইউক্ৰেইন পৰা ভাৰতীয়সকলক উদ্ধাৰ কৰাত ভাৰত চৰকাৰ তৎপৰ হৈছে যদিও বহু জটিলতাৰ সন্মুখীন হৈছে। যুদ্ধৰ চাৰি দিন পিছতো উত্তৰ পূব আৰু পূব ইউক্ৰেইনত বহু ভাৰতীয় ছাত্ৰ-ছাত্ৰী আৱদ্ধ হৈ আছে। প্ৰয়োজন সাপেক্ষে তেওঁলোকে আত্মগোপন কৰিবলগীয়াও হৈছে। উদ্ধাৰ কাৰ্য চলি থকা পশ্চিম প্ৰান্তলৈ ৰেলপথ আৰু স্থলপথ বন্ধ কৰি দিয়াৰ কাৰণে ছাত্ৰ-ছাত্ৰী সকলে যোৱাত অসুবিধাৰ সৃষ্টি হৈছে

বৰপেটাত হোলী গীতৰ শ্ৰব্য চিডি “খেলে হোলী” উন্মোচন

ৰঙৰে জুই লাগিল আজি পলাশৰ ডালতে ফাগুনৰে বা লাগিল নিকুঞ্জ বনতে। আহা আমি খেলো হোলী বসন্ত বেলাতে। সমাগত দৌল উৎসৱ আৰু এই দৌল উৎসৱক লৈ বলীয়া বৰপেটাৰ ৰাইজ। বৰপেটাবাসীৰ প্ৰাণ বৰপেটাবাসীৰ মান দৌল উৎসৱ। সমান্তৰালভাৱে বৰপেটাবাসীৰ আদৰৰ হোলী গীত।

প্ৰয়াত ৰমলা দাসৰ স্মৃতিত কালি সন্ধিয়া বৰপেটা প্ৰেছ ক্লাবত খেলে হোলী নামৰ হোলী গীতৰ শ্ৰব্য চিডি এখন উন্মোচন কৰা হয়।উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে ডাক্তৰ কমল কৃষ্ণ দাস শুভ জ্যোতি দাস ভুদেব দাস হোলী সাধক বঁটাৰে বিভূষিত প্ৰমথ ৰঞ্জন দাস (কন্টি) আৰু উন্মোচক হিচাপে উপস্থিত থাকে সত্ৰীয়া শিল্পী হৰিদেৱ পাঠক ।

এই অনুষ্ঠানৰ আঁতধৰে সৰুপেটা বিবিকে কলেজৰ অধ্যক্ষ বিৰিঞ্চি কুমাৰ দাসে। এই অনুষ্ঠানৰ মাজতেই বৰপেটা বিলৰটাৰী ৰাখাল সংঘৰ তৰফৰ পৰা এখনী হোলীগীতৰ সংকলন ফাগুন উন্মোচন কৰা হয়। শ্ৰব্য চিডি খনৰ প্ৰযোজনা দীপাঞ্জলী দাসৰ পৰিচালনা মৃণাল পি জ্যোতিৰ। গীতৰ কথা সঞ্জীৱ দাস কণ্ঠ জুনিয়ৰ জুবিন গাৰ্গ খ্যাত বৰাৰ সুৰ ভূদেৱ দাস সংগীত অঞ্জন দাসৰ।

তিৱা সাহিত্য সভাৰ মুকলি সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

বৰ্ণিল চাৰিদিনীয়া কাৰ্যসূচীৰে সামৰণি পৰিল তিৱা মাথনলাই তখ্ৰা ।সকলো জনগোষ্ঠীৰ ভাষা সাহিত্য বিকাশ হ’লেহে অসমীয়া সাহিত্যৰ বিকাশ হব । তিৱা সাহিত্য সভাৰ মুকলি সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ।

 

তিৱা ভাষা অসমৰ এটা প্ৰাচীন ভাষা ৷ সাহিত্য সৃষ্টি হয় প্ৰকৃতিৰ পৰা , প্ৰকৃতিৰ বিভিন্ন উপাদানৰ পৰা সাহিত্যই গজালি মেলিব, সেই সাহিত্যই জাতি জনগোষ্ঠীৰ সাহিত্যক সমৃদ্ধ কৰে ৷ ভাষা সাহিত্যৰ আন এটা ভেটি হ’ল লৌকিক পৰম্পৰা ৷ এই মন্তব্য কৰে অসমৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷

আজি বাৰপূজীয়াৰ শ্বহীদ হেমৰাম পাটৰ ক্ষেত্ৰত চাৰিদিনিয়া কাৰ্যসূচীৰে গুঞ্জৰিত হৈ থকা তিৱা সাহিত্য সভাৰ অন্তিম দিনৰ মুকলি সভাত মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মূখ্য অতিথিৰ ভাষণত তিৱা সাহিত্য সভাৰ বৰেণ্য ব্যক্তি সকলৰ লগতে ৪২ ৰ শ্বহীদ হেমৰাম পাটৰ , গুণাভিৰাম বৰদলৈ আৰু তিলক ডেকাৰ স্মৰণ কৰি তিৱা সকলৰ বৰেণ্য বীৰ পুৰুষ জোঙালবলহু গড়ক্ষেত্ৰক পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰিবলৈ ৰাজ্য চৰকাৰে ৫০ কোটি টকা ধাৰ্য কৰা কথা প্ৰকাশ কৰে ৷

মূখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে সাহিত্যৰ সৃষ্টি হৈছে ধৰ্ম আৰু বিশ্বাসৰ ওপৰত ৷ ধৰ্মৰ পৰা যদি জনজাতিসকলক আতৰাই দিয়া হয় তেনেহলে জনগোষ্ঠীয় জাতিসমূহ নিশেঃষ হৈ যাব ৷ তিৱাকে ধৰি অসমৰ প্ৰতিটো জনগোষ্ঠীৰ ভাষা -সাহিত্য বিকাশ হ’লেহে অসমীয়া সাহিত্যৰ বিকাশ হ’ব। জনগোষ্ঠীসমূহে নিজৰ বিশ্বাস পৰম্পৰাৰ পৰা আঁতৰি আহিলে জাতিৰ মৌলিকতা নাথাকিব বুলি মন্তব্য কৰি ধৰ্মান্তৰকৰণেও জনগোষ্ঠীসমূহৰ মৌলিকতাত আঘাত হানিছে বুলি মন্তব্য কৰে মূখ্যমন্ত্ৰী গৰাকীয়ে ৷

আনহাতে  পঞ্চম শ্ৰেণীলৈ নিজ নিজ জনগোষ্ঠীয় ভাষাত শিক্ষা দিয়া হ’ব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে ট্ৰাইবেল্ট, ব্লকসমূহ সংৰক্ষণৰ ব্যৱস্থা চৰকাৰে কৰিব বুলিও মন্তব্য কৰে ৷ আনহাতে অসমৰ ভুমি অধিকাৰ আইন সংশোধন কৰি জনজাতীয় লোকসকলৰ যিমান ভূমি আছে সিমান ভূমি অধিকাৰ দিয়া হৱ বুলি প্ৰকাশ কৰে মূখমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ আনহাতে  মুকলি সভাৰ আদৰণী ভাষণ প্ৰদান কৰি  বিধায়ক ৰমাকান্ত দেউৰীয়ে তিৱা জনগোষ্ঠীটোৰ সামগ্ৰীক উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীক  আহ্বান জনায়৷

লগতে বিধায়ক গৰাকীয়ে ভাৰতীয় স্বাধীনতা আন্দোলনত তিৱাসকলৰ বাদে আন জনগোষ্ঠীৰ একাংশই সংগ্ৰাম নকৰাকৈ কিছুলোকে ঘৰতে বহি মুক্তিযোদ্ধাৰ সন্মান আৰু সুবিধা লাভ কৰি আছে বুলি প্ৰকাশ কৰে ৷ তিৱা সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° বিদ্যুত বিকাশ সেনাপতিয়ে আতঁধৰা এই মুকলি সভাত উপস্থিত থাকে মৰিগাঁও সমষ্টিৰ বিধায়ক তথা তিৱা সাহিত্য সভাৰ আদৰণি সমিতিৰ সভাপতি ৰমাকান্ত দেউৰী , তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য  জীৱন চন্দ্ৰ কোঁৱৰ , ৰহা বিধান সভা সমষ্টিৰ বিধায়ক শশীকান্ত দাস , অসম চৰকাৰৰ বিত্ত সঞ্চালক হেমন্ত কুমাৰ দেউৰী , নগাঁও জিলা উপায়ুক্ত নিসৰ্গ হিৱৰেই , তিৱা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লালচিং মাদাৰ , তিৱা সাহিত্য সভাৰ সভিপতি দীপেন্দ্ৰ নাথ বৰদলৈ , মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকা , বিশিষ্ট সাহিত্যিক মিলেশ্বৰ পাটৰ লগতে কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ সন্ধিয়া বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠানেৰে চাৰিদিনীয়া তিৱা সাহিত্য সভাৰ সফল সামৰণি পৰে ৷