Breaking

কিয় ইউক্ৰেইনলৈ পঢ়িবলৈ যায় অসম বা ভাৰতৰ ছাত্ৰ-ছাত্ৰী?

0 17,543

ইউক্ৰেইনলৈ কিয় পঢ়িবলৈ যায় অসম বা ভাৰতৰ ছাত্ৰ-ছাত্ৰী। কি কাৰণত উচ্চ শিক্ষাৰ বাবে প্ৰিয় ঠাই হৈ পৰিছে ইউক্ৰেইন, জানিলে আপুনিও হ’ব আচৰিত। বিদেশলৈ পঢ়িব যোৱাৰ কথা ক’লে সচৰাচৰ ইউক্ৰেইনৰ নাম আমাৰ মনলৈ নাহে। আহে আমেৰিকা কানাডা আদি ঠাইৰ নাম। তেন্তে ইমান বৃহৎ সংখ্য ছাত্ৰ-ছাত্ৰী কিয় ইউক্ৰেইনলৈ পঢ়িব যায়।

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ লগে লগে তাত থকা ভাৰতীয় আৰু অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে। ইউক্ৰেইনৰ পৰা নিজ দেশলৈ উভতি আহিবলৈ সকলোৱে এতিয়া অধীৰ হৈ আছে। কিছুসংখ্যক ছাত্ৰ-ছাত্ৰী উভতি আহিবলৈ সক্ষম হৈছে যদিও বহুতেই এতিয়াও ইউক্ৰেইনত আবদ্ধ হৈ আছে। অসমৰ মুখ্যমন্ত্ৰীয়ে জনোৱা মতে অসমৰ ১০০ৰো অধিক ছাত্ৰ-ছাত্ৰী ইউক্ৰেইনত আছে। বিশেষকৈ ইউক্ৰেইনে বিমানঘাটিসমূহ বন্ধ কৰি ৰখাত ভীষণ সমস্যাৰ সৃষ্টি হৈছে।
ইয়াৰ মাজতে বহুতৰে মনত এক প্ৰশ্ন উদয় হৈছে। ভাৰতৰ বা অসমৰ ছাত্ৰ-ছাত্ৰী ইউক্ৰেইনলৈ কিয় পঢ়িব যায়। কাৰণ বিদেশলৈ পঢ়িব যোৱাৰ কথা ক’লে সচৰাচৰ ইউক্ৰেইনৰ নাম আমাৰ মনলৈ নাহে। তেন্তে ইমান বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰী কিয় ইউক্ৰেইনলৈ পঢ়িব যায়।

ইউক্ৰেইনত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ প্ৰথম পচন্দ হৈছে খাৰকিভত থকা খাৰকিভ নেচনেল মেডিকেল ইউনিভাৰছিটী। বেছিভাগ ভাৰতীয় ছাত্ৰ-ছাত্ৰী ইউক্ৰেইনলৈ যায় চিকিৎসা বিজ্ঞান পঢ়িবলৈ। ইউক্ৰেইনৰ নেচনেল মেডিকেল ইউনিভাৰছিটীৰ পাঠ্যক্ৰম ভাৰতৰ MBBS পাঠ্যক্ৰমৰ দৰেই। ৫ বছৰীয়া এই পাঠ্যক্ৰমৰ সৈতে আছে ১ বছৰীয়া বাধ্যতামূলক সেৱা। ইয়াৰ উপৰিও কোনোবাই বিশেষজ্ঞ পাঠ্যক্ৰম পঢ়িব বিচাৰিলে আৰু ৪ বছৰ পঢ়িব পাৰে। অৰ্থাৎ মুঠ ১০ বছৰীয়া এক পাঠ্যক্ৰম। খাৰকিভ নেচনেল মেডিকেল ইউনিভাৰছিটীত নামভৰ্তি কৰিবলৈ ছাত্ৰ ছাত্ৰী সকলৰ বাবে কিছু সহজ। ইউক্ৰেইনত পঢ়িবলৈ যেৱাৰ আন এক প্ৰধান কাৰণ হৈছে ইয়াৰ নিম্নমানৰ খৰছ। ইউক্ৰেইনত মেডিকেল ছাত্ৰ এজনৰ পঢ়াৰ খৰচ এবছৰত ৫ৰ পৰা ৬ লাখৰ ভিতৰত হৈ যায়। কিন্তু একেই পাঠ্যক্ৰম ভাৰতৰ কোনো ব্যক্তিগত প্ৰতিষ্ঠানত পঢ়িবলৈ হ’লে ১৫ লাখৰ পৰা ১ কোটি টকালৈ খৰছ হয়।

আনহাতে ইউক্ৰেইনৰ মেডিকেল পাঠ্যক্ৰম বিশ্ব স্বাস্থ্য পৰিষদৰ দ্বাৰা স্বীকৃত আৰু ভাৰততো ইউক্ৰেইনৰ এই পাঠ্যক্ৰম Indian Medical Council দ্বাৰা স্বীকৃত। কেৱল ভাৰতত NEXT অৰ্থা (National Exit Test) দি উঠি দেশৰ যিকোনো ঠাইতে ডাক্টৰী আৰম্ভ কৰিব পাৰে । শনিবাৰে এখন ৱেবিনাৰত অংশগ্ৰহণ কৰি দেশৰ শিক্ষাৰ্থীসকলে চিকিৎসক হোৱাৰ সপোন বুকুত লৈ সৰু-সৰু দেশসমূহলৈ ঢাপলি মেলা কার্যত উদ্বিগ্নতা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ মোদীয়ে। চিকিৎসা বিজ্ঞানত উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচৰা শিক্ষাৰ্থীসকলৰ কাৰণে নিজ দেশতেই ব্যৱস্থা কৰি দিয়াৰ পোষকতা কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে । ৰাজ্য চৰকাৰ সমূহকো চিকিৎসা মহাবিদ্যালয়, বিশ্ববিদ্যালয় খোলাৰ দিশত নীতিগত ভাৱে হস্তক্ষেপ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে প্ৰধামন্ত্ৰী গৰাকীয়ে।

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছত ভাৰতৰ প্ৰায় ২০,০০০ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী ইউক্ৰেইনৰ যুদ্ধ ভূমিত আৱদ্ধ হৈ পৰাৰ সময়তে প্রধানমন্ত্ৰীয়ে কৰা এই মন্তব্যই যথেষ্ট তাৎপৰ্য বহন কৰিছে। ইউক্ৰেইন পৰা ভাৰতীয়সকলক উদ্ধাৰ কৰাত ভাৰত চৰকাৰ তৎপৰ হৈছে যদিও বহু জটিলতাৰ সন্মুখীন হৈছে। যুদ্ধৰ চাৰি দিন পিছতো উত্তৰ পূব আৰু পূব ইউক্ৰেইনত বহু ভাৰতীয় ছাত্ৰ-ছাত্ৰী আৱদ্ধ হৈ আছে। প্ৰয়োজন সাপেক্ষে তেওঁলোকে আত্মগোপন কৰিবলগীয়াও হৈছে। উদ্ধাৰ কাৰ্য চলি থকা পশ্চিম প্ৰান্তলৈ ৰেলপথ আৰু স্থলপথ বন্ধ কৰি দিয়াৰ কাৰণে ছাত্ৰ-ছাত্ৰী সকলে যোৱাত অসুবিধাৰ সৃষ্টি হৈছে

Leave A Reply