Home Blog Page 2586

লখিমপুৰত প্ৰথমবাৰৰ বাবে আম আদমী পাৰ্টীৰ পৌৰসভা নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদান

লখিমপুৰত পৌৰসভা নিৰ্বাচনত আম আদমী পাৰ্টীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। পোন প্ৰথমবাৰৰ বাবে আম আদমী পাৰ্টীয়ে লখিমপুৰ পৌৰসভা নিৰ্বাচনত তিনিটা ৱাৰ্ডত প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীয়ালৰ নেতৃত্বত চলা আপৰ কৰ্মৰ প্ৰতি আকৰ্ষিত হৈ নিৰ্বাচনীত অৱৰ্তীণ। পৌৰসভাৰ অন্তৰ্গত ১৪নং (চি)ৱাৰ্ডৰ আপৰ মনোনীত প্ৰাৰ্থী উদিতা দাসৰ হৈ বৃহৎ ৰেলী ।উক্ত ৰেলিত ৰাজ্যিক সমিতিৰ মুখপাত্ৰ তথা লখিমপুৰ পৌৰসভা নিৰ্বাচনৰ তত্ত্বাৱধায়ক ৰাজীৱ আহমেদৰ লগতে জিলা সমিতিৰ বিষয়ববীয়া সকল।

লখিমপুৰত এইবাৰ তিনিখন আসন আম আদমী পাৰ্টীৰ দখলত থাকিব বুলি বিষয়ববীয়া সকলে দাৱী কৰাৰ লগতে লখিমপুৰ জিলাখনক দিল্লীৰ দৰে নিকা কৰা পাৰম্ভিক আখৰা আৰম্ভ কৰিছে বুলিও সংবাদ মাধ্যমৰ আগত সদৰী কৰে।


হাটশিঙিমাৰীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি হাটশিঙিমাৰী “এলিগেণ্ট ইংলিছ একাডেমি” বিদ্যালয়ৰ চৌহদত বিজ্ঞানৰ বিভিন্ন নমুনা প্ৰদৰ্শনীৰ প্ৰতিযোগিতাৰ আয়োজন ।

আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীস্থিত “এলিগেণ্ট ইংলিচ্ একাডেমি” বিদ্যালয় চৌহদত বিদ্যালয়ৰ কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰী সকলোৰ মাজত এক বিজ্ঞানৰ বিভিন্ন নমুনা প্ৰদৰ্শনীৰ প্ৰতিযোগিতাৰ আয়োজন কৰে।

উক্ত নমুনা প্ৰদৰ্শনিত বিদ্যালয়খনৰ প্ৰায় ৫০ জন ছাত্ৰ-ছাত্ৰীয়ে ব্যাপক উৎসাহ আৰু উদ্দিপনাৰে নিজৰ নিজৰ বিজ্ঞানৰ নমুনাসমূহ সাজি উলিয়াই প্ৰদৰ্শনী কৰে।বিজ্ঞানৰ নমুনাসমূহৰ ভিতৰত আছে আগ্নেয়গীৰি,পৰিৱেশ প্ৰদূষণ,সৌৰজগত,পানীৰ টেংক,উদ্দোগ আদি বিভিন্ন ধৰণৰ আকৰ্শনীয় ‍অৰ্হি প্ৰস্তুত কৰে বিদ্যালয়খনৰ ছাত্ৰ -ছাত্ৰী সকলে।

উল্লেখ যে এলিগেন্ট ইংলিচ একাডেমিয়ে জন্মলগ্নৰে পৰাই প্ৰতিবছৰে আজিৰ দিনটোত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি আহিছে।ইয়াৰ ফলত ছাত্ৰ -ছাত্ৰীৰ মাজত বিজ্ঞান মনোস্কত‍া যথেষ্ট ভাৱে বৃদ্ধি পোৱাৰ লগতে প্ৰতি বছৰে চৰকাৰী ভাৱে অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰহোত ৰাজ্যিক স্তৰত প্ৰতিনিধিত্ব কৰি আহিবলৈ সক্ষম হৈছে।

বিদ্যালয়খনৰ আজিৰ প্ৰদৰ্শনিত উপস্থিত থাকে জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আলিউল ইছলাম, ইলাইট একাডেমিৰ অধ্যক্ষ মুস্তাফিজুৰ ৰহমান, হাটশিঙিমাৰী মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অধ্যাপক পলাশ চন্দ্ৰ ৰয় আৰু ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক মিজানুৰ ৰহমান।

বিহালীৰ সমন্বয়ৰ স্থলী শ’লমাৰীত উখল-মাখল পৰিৱেশ

বিহালীৰ সমন্বয়ৰ স্থলী শ’লমাৰীত নব-নিৰ্মিত শিৱ মন্দিৰ আজি প্ৰাণ প্ৰতিষ্ঠাৰে এক উখল -মাখল পৰিবেশ ।

অসমীয়া,চাহ জনজাতি,বেংগলী, নেপালী, কাৰ্বি, মিছিং, ভোজপুৰী আদি জনগোষ্ঠী লোকৰ উপস্থিতিয়ে দাঙি ধৰিলে সম্প্ৰীতিৰ চানেকি বিহালীত । বিহালী সমষ্টিৰ অন্তৰ্গত শ’লমৰীত নিৰ্মিত শিৱ মন্দিৰত আজি প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। সেই উপলক্ষে পুৱাৰে পৰা এক উখল – মাখলৰ পৰিবেশৰ সৃষ্টি হয়।

মূলত অসম চৰকাৰৰ চতুৰ্দশ বিত্তীয় বৰ্ষৰ অধীনত প্ৰাপ্ত দুই লাখ টকা অনুদানেৰে নিৰ্মাণৰ কাম আৰম্ভ কৰা মন্দিৰ ভাগত পৰবৰ্তী কালত বিভিন্নজনে স্বেচ্ছাই আগবঢ়োৱা দান-বৰঙণিৰ দ্বাৰা মন্দিৰটো আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হয়। দৰাচলতে ১৯৮৯ চনত প্রয়াত মনেশ্বৰ নৰহৰ স্মৃতিক পুত্ৰ খগেশ্বৰ নৰহে প্ৰতিষ্ঠা কৰা মন্দিৰ ক্ৰমান্বয়ে সৰ্বজনীন ৰূপ লয় আৰু ইয়াৰ অসমীয়া, চাহ জনজাতি, বেংগলী, নেপালী, কাৰ্বি, নেপালী,ভোজপুৰী আদি সম্প্ৰদায়ৰ সকলো জড়িত হৈ পৰে আৰু এক সমন্বয়ৰ স্থলীত পৰিনত হয়।

আজি পুৱা বৰগাং নদীৰ পৰা জল আনায়নৰ দ্বাৰা ঘট জলৰে শিৱ লিঙ্গ স্থাপন কৰি মাংগলিক পূজা পাতলৰে প্ৰাণ প্ৰতিষ্ঠা কৰা হয় আৰু সমাৰোহত সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, দধিৰাম শৰ্মা, জ্যেষ্ঠ সাংবাদিক অমিতাভ বৰুৱা,যুব সাংবাদিক পলাশ প্ৰিয়ম, মনোজ বৰা, জিনজিয়া চাহ – বাগিচাৰ স-পৰিবাৰে পৰিচালক মণ্ডলি আৰু অগণন ভক্তগণৰ সমাগম ঘটে। মন্দিৰ ভাগ নিৰ্মাণৰ ক্ষেত্ৰত উপদেষ্টা সদানন্দ দত্ত, সভাপতি বাবুল গোৱালা, সম্পাদক পিংকু কানুৱে বিশেষভাবে উদ্যোগ গ্ৰহণ কৰে।

অধিবক্তা পত্নীৰ গৃহ কন্দল, উকিল সন্থাৰ কাৰ্যলয় চৌহদত অপ্ৰীতিকৰ পৰিস্থিতি

গোসাঁইগাঁও মহকুমা ন্যায়িক দণ্ডাধীশ আদালত চৌহদত আজি পুৱাতেই এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়।৷মহকুমা ন্যায়িক দণ্ডাধীশ আদালতৰ অধিবক্তা আব্দুছ ছামাদ আহমেদৰ পত্নী ৰশিদা বেগমে আজি পুৱাতেই আদালত চৌহদত উপস্থিত হৈ সৃষ্টি কৰিছে এক অপ্ৰীতিকৰ পৰিস্থিতি৷অধিবক্তাৰ পত্নী ৰশিদা বেগমে নিজৰ ভৰণ পোষণ খৰচ বিচাৰি আদালত চৌহদ উত্তপ্ত কৰি তোলে৷

আদালত চৌহদৰ অধিবক্তা কাৰ্যলয়ত উপস্থিত হৈ মহিলা গৰাকীয়ে স্বামী অধিবক্তা আব্দুছ ছামাদ আহমেদৰ সৈতে কাজিয়াত লিপ্ত হয়৷ উত্তপ্ত পৰিস্থিতিৰ মাজতে দুয়ো সংঘৰ্ষত লিপ্ত হোৱাত ৰাইজৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷মহিলা গৰাকীয়ে অভিযোগ কৰা মতে চাৰি বছৰীয়া এটি কণ্যা সন্তান লৈ এক কষ্টকৰ জীৱন অতিবাহিত কৰা অধিবক্তাই দীৰ্ঘদিনৰ পৰাই ভৰণপোষণ একো দিয়া নাই৷ অধিবক্তাৰ বিৰুদ্ধে গোচৰ দিব গলে কোনো এগৰাকী অধিবক্তা তথা মুহৰীয়ে গোচৰ লিখি নিদিয়ে৷

যাৰ বাবে মহিলা গৰাকীয়ে আদালতৰ পৰা ন্যায় পোৱাৰ পৰা বঞ্চিত হৈ আহিছে। অধিবক্তাৰ পত্নীয়ে আইনৰ আশ্ৰয় গ্ৰহন কৰি ন্যায় পোৱাৰ আহ্বান জনায়৷অৱশ্যে আজি অধিবক্তা আৰু পত্নীৰ দুৰ্বাদল কাজিয়াৰ পিছতে অধিবক্তা ছামাদে ছোৱালীৰ বিদ্যালয়ৰ বকেয়া মাচুল পৰিশোধ কৰা বুলি জানিব পৰা গৈছে ।

মানকাচৰত ভয়ংকৰ অগ্নিকাণ্ড । জ্বলি ভস্মীভূত হল বাসগৃহসহ ৫ লক্ষ্যাধিক টকাৰ সা-সম্পত্তি

মানকাচৰৰ ছোটো বাগঝাপাত ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত জ্বলি ভস্মীভূত হল বাসগৃহসহ ৫ লক্ষ্যাধিক টকাৰ সা-সম্পত্তি ।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ থানাৰ অন্তৰ্গত ছোটো বাগঝাপাো গাৱঁত ৰবিবাৰে বিয়লি ৫ বজাত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ড ৷ আকস্মিকভাবে হোৱা অগ্নিকাণ্ডৰ ফলত ইনতাজুল আলীৰ এটা বাসগৃহ সম্পূৰ্ণৰূপে জুইত জ্বলি ভস্মীভূত হয়৷

স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰে যদিও ইমতাজুল আলীৰ এটা বাসগৃহ সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয় ৷ ঘৰ খনত জমা থকা ধান, সৰিয়হ আৰু সোণৰ আ – অলংকাৰৰ লগতে NRC ৰ নথি-পত্ৰকে ধৰি বিভিন্ন ধৰণৰ নথি-পত্ৰ জুইত জ্বলি ধ্বংস হয় । অগ্নিকাণ্ডৰ জানিব পৰা হোৱা নাই ৷

বেলাৰুছ সীমান্তত ৰাছিয়া-ইউক্ৰেইনৰ আলোচনা আৰম্ভ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পিছত আজি যুদ্ধৰ পঞ্চম দিন, যাৰ ফলত সমগ্ৰ দেশতে তীব্ৰ যুঁজ আৰু বিমান আক্ৰমণ আৰম্ভ হৈছে। ইউক্ৰেইনৰ মতে, ৰাছিয়াই দেশখন আক্ৰমণ কৰাৰ পিছত ৩৫২ জন নাগৰিক নিহত হৈছে। বেলাৰুছ সীমান্তত ৰাছিয়া-ইউক্ৰেইনৰ আলোচনা আৰম্ভ হৈছে। ইউক্ৰেনে কৈছে যে আলোচনাৰ বাবে তেওঁলোকৰ লক্ষ্য আছিল তাৎক্ষণিক যুদ্ধবিৰতি।

ইফালে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে তেওঁৰ প্ৰতিৰক্ষা মন্ত্ৰী আৰু সামৰিক বাহিনীৰ জেনেৰেল ষ্টাফৰ মুৰব্বীক দেশখনৰ পাৰমাণৱিক প্ৰতিৰোধী বাহিনীক “যুঁজাৰু কৰ্তব্যৰ বিশেষ শাসন”ত ৰাখিবলৈ নিৰ্দেশ দিছে। ইউক্ৰেইন, বেলজিয়াম, ফিনলেণ্ড আৰু কানাডাত ৰাছিয়াৰ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ৰাছিয়াৰ বিমানসমূহলৈ তেওঁলোকৰ আকাশসীমা বন্ধ কৰা দেশসমূহৰ তালিকাত যোগদান কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত পশ্চিমীয়া ৰাষ্ট্ৰসমূহেও ৰাছিয়াৰ ওপৰত এক নতুন অৰ্থনৈতিক নিষেধাজ্ঞা ঘোষণা কৰিছিল।

কালিলৈ মহা শিৱৰাত্ৰি, এই চাৰি ৰাশিৰ লোকৰ বাবে বিশেষ হ’ব এইবাৰৰ শিৱৰাত্ৰি…

ভগৱান শিৱৰ বিশেষ পূজাৰ দিন বছৰত এদিন ফাগুণ মাহৰ কৃষ্ণ চতুৰ্দশীত পালন কৰা হয়। এই দিনটোত মহাশিৱৰাত্ৰিৰ পৰ্ব বুলি কোৱা হয়। এই বছৰ মহাশিৱৰাত্ৰি মঙলবাৰ, ১ মাৰ্চত পালন কৰা হ’ব। ধাৰ্মিক বিশ্বাস অনুসৰি, এই দিনটোত ভগৱান শিৱৰ পাৰ্বতীৰ সৈতে বিবাহ হৈছিল। এই তিথিটো শিৱ ভক্তসকলৰ বাবে অতি বিশেষ এই দিনটোত শিৱ ভক্তসকল সমগ্ৰ দিনটো ভগৱান শংকৰৰ ভক্তিত বিলীন হৈ থাকে। লগতে মহাদেৱক প্ৰসন্ন কৰাত ব্যস্ত থাকে। এই বছৰৰ মহাশিৱৰাত্ৰি এই চাৰিটা ৰাশিৰ জাতক–জাতিকাৰ বাবে অতি বিশেষ হ’ব।

মেষ ৰাশি : মেষ ৰাশিৰ জাতক–জাতিকাৰ ওপৰত এইবাৰ ভগৱান শিৱৰ বিশেষ কৃপাদৃষ্টি থাকিব। যাৰ ফলত তেওঁলোকে সকলো কামত সফলতা লাভ কৰাৰ সম্ভাৱনা থকাৰ লগতে নতুন চাকৰি পোৱাৰো যোগ আছে। এই ৰাশিৰ জাতক–জাতিকাই খুবল অৰ্থ উপাৰ্জন কৰিব পাৰিব। এটাতকৈ অধিক পথেৰে আহিব পাৰে ধন। ইমানেই নহয়, ধন সঞ্চয়ো কৰিব পাৰিব এই ৰাশিৰ লোকসকলে।

সিংহ ৰাশি : মহাশিৱৰাত্ৰি সিংহ ৰাশিৰ জাতক–জাতিকাৰ বাবেও অতি শুভ হ’ব। আনহাতে, বিদেশত চাকৰি বিচাৰি থকা জাতক–জাতিকাৰ সপোন পূৰণ হ’ব পাৰে। নিজৰ বছৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হোৱাৰ লগতে আপোনাৰ স্থান কৰ্মস্থলীত অধিক মজবুত হ’ব। আপোনাৰ ৰৈ থকা কাম পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। যিসকলে চৰকাৰী চাকৰিৰ প্ৰস্তুতি চলাইছে তেওঁলোকৰ বাবে সময় অনুকুল।

তুলা ৰাশি : এই সময় তুলা ৰাশিৰ জাতক–জাতিকাৰ বাবে অতি শুভ হ’ব। চাকৰিত উন্নতিৰ আশা আছে লগতে ৰৈ থকা কাম সমাধান হোৱাৰ লগতে আবদ্ধ হৈ থকা টকাও ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। কোনো কামৰ বাবে কৰা যাত্ৰাই আপোনাৰ বাবে অৰ্থ লৈ আহিব।

মকৰ ৰাশি : মকৰ ৰাশিৰ জাতক–জাতিকাৰ বাবে মহাশিৱৰাত্ৰিৰ দিনা ভগৱান শিৱৰ বিশেষ কৃপা থাকিব। ভগৱান শিৱৰ আশীৰ্বাদত আপোনাৰ সকলো কাম সমাধান হ’ব পাৰে। এই সময়ত নতুন কাম আৰম্ভ কৰাৰ বাবে অনুকুল হোৱাৰ লগতে অৰ্থ সংক্ৰান্তীয় চিন্তা দূৰ হ’ব।

ঘগ্ৰাপাৰাৰ সঠামৌত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদ্‌যাপন

নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ, বড়িগোগ-বনভাগ শিক্ষাখণ্ডৰ অন্তৰ্গত পূব বনভাগ মধ্য ইংৰাজী বিদ্যালয়, সঠামৌত ‘বহনক্ষম ভবিষ্যতৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সমন্বিত অভিগমন’ক মূল বিষয় হিচাপে লৈ সোমবাৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদ্‌যাপন কৰা হয়। এই উপলক্ষে বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকট ৰমনৰ স্মৃতিত বন্তি প্ৰজ্জ্বলন আৰু মাল্যাৰ্পণ কৰে বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বসন্ত বৰ্মনে। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি ৰাতিপুৱা ১১ বজাত আয়োজিত আলোচনা চক্ৰ আৰু বঁটা বিতৰণী সভা এখন অনুষ্ঠিত কৰা হয়। সভাখনত মুখ্য অতিথি হিচাপে যোগদান কৰে  শিক্ষা বিষয়া ৰাজেন্দ্ৰ কলিতাই। ভাষণ প্ৰসংগত কলিতাই ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ তাৎপৰ্য সম্পৰ্কে বিৱৰি কয়।

সভাখনত বিশিষ্ট অতিথিৰূপে যোগদান কৰা বড়িগোগ-বনভাগ শিক্ষাখণ্ডৰ  সমল ব্যক্তি সুভাষ বৰ্মনে কয় যে তথ্যৰ প্ৰতি সন্মানেই এটা জাতিৰ প্ৰাপ্তবয়স্কতাৰ লক্ষণ।  যিকোনো ঘটনাৰ বিজ্ঞানসন্মত বিচাৰ-বিশ্লেষণৰ প্ৰতি শিক্ষকে ছাত্ৰ-ছাত্ৰীক আগ্ৰহী কৰি তুলিব লাগে। ভাষণ প্ৰসংগত তেওঁ বিজ্ঞানী চি ভি ৰমণৰ জীৱন আৰু কৃতিত্বৰ বিষয়েও  সবিশেষ ব্যাখ্যা কৰে। ছাত্ৰ-ছাত্ৰীৰ মাজত আয়োজিত কুইজ প্ৰতিযোগিতাৰ বিজয়ীসকলক এইখন সভাতে পুৰস্কৃত কৰা হয়। পূব বনভাগ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক কালীচৰণ হালৈ, জ্যেষ্ঠ সহঃ শিক্ষক ৰহিম আলী, ছবিকান্ত শীল, নিৰদা বৈশ্য, আৰু কবিতা ভৰদ্বাজৰ তৎপৰতাত আয়োজিত সভাখনৰ আঁত ধৰে প্ৰধান শিক্ষকে। শিক্ষকসকলে বিজ্ঞান শিক্ষা জনপ্ৰিয় কৰাৰ বাবে নতুন শিক্ষানীতি অনুসৰি বিদ্যালয়ৰ স্তৰ অনুযায়ী বিজ্ঞানাগাৰ নিৰ্মাণৰো পোষকতা কৰে। উল্লেখ্য যে অসম বিজ্ঞান সমিতিৰ যুটীয়া সচিব (কাৰ্যালয়)ৰ  দায়িত্ববাহী ড° ৰাজলক্ষ্মী দেৱীয়ে যোগান ধৰা জনপ্ৰিয় বিজ্ঞান আলোচনী ‘বিজ্ঞান জেউতি’ ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰে খণ্ড সমল ব্যক্তি সুভাষ বৰ্মনে।

মই দুটাকৈ পদ খামুচমাৰী সুবিধা গ্ৰহণ কৰা নাইঃ গবিন্দ বসুমতাৰী

যাৰ হাতত কোনো কাম নাথাকে তাৰ চিন্তাধাৰা সদায় দুষ্ট চক্ৰান্তৰ আৰু বেলেগৰ কথা সমালোচনা কৰি ভাল পাই।মই দুটা পদ খামুচমাৰী সুবিধা গ্ৰহণ কৰা নাই উৰ্ধ্বতম কতৃপক্ষই যিদিনাই মোক এটা পদ খালি কৰিবলৈ ক’ব  সিদিনাই মই নিশ্চিতৰূপে এটা পদ খালি কৰিম।প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী বৰ্তমান ক্ষমতাহীন হৈ পৰাৰ বাবে গবিন্দ বসুমতাৰীৰ কামত চকু পুৰণি উঠিছে তাৰবাবে এনেদৰে মোক সমালোচনা কৰিছে টংলাত গবিন্দ বসুমতাৰীৰ মন্তব্য এয়া। উল্লেখ্য যে ওদালগুৰি জিলাৰ ওদালগুৰি বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক লগতে মন্ত্ৰী ৰিহন দৈমাৰীয়ে ওদালগুৰি বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা বিটিআৰ উপমুখ্য কাৰ্যবাহী সদস্য গবিন্দ চন্দ্ৰ বসুমতাৰীয়ে দুটাকৈ পদ MLA আৰু MCLA খামুচমাৰী নিজৰ সুবিধা সমূহ আদায় কৰাৰ  বাবে ওদালগুৰি সমষ্টিবাসীৰ উন্নয়ন সাধন কৰিব পৰা নাই বুলি প্ৰাক্তন বিধায় গৰাকীয়ে গুৰুতৰভাৱে অভিযোগ উত্থাপন কৰিছিল।

যাৰ পৰিপেক্ষিতত আজি উপমুখ্য কাৰ্যবাহী সদস্য তথা বৰ্তমানৰ ওদালগুৰি সমষ্টিৰ বিধায়ক বসুমতাৰীয়ে আজি সোমবাৰ দিনা ওদালগুৰি জিলা  টংলা চহৰত ইউপিপিএল  টি চেলৰ কেন্দ্ৰীয় কাৰ্যালয় উদ্ধোধনী কাৰ্যসূচী সম্পন্ন কৰি সাংবাদিকৰ আগত গবিন্দ চন্দ্ৰ বসুমতাৰীয়ে এনে মন্তব্য কৰে। আৰু লগতে কয় যে ষষ্ঠ অনুসূচিত এলেকাত দুটাকৈ পদত থাকি কাৰ্যভাৰ চলাই নিব পাৰে যদিও মই বৰ্তমান এটা পদৰ হে সুবিধা গ্ৰহণ কৰি আছো দুটা পদত খামুচমাৰী সুবিধা সমূহ আদায় লোৱা নাই। কিয়নো যিদিনাৰ পৰা ৰাইজৰ সহযোগত মই বিধায়ক হিচাপে নিৰ্বাচিত হৈছো সিদিনাৰ পৰা মই বিটিচি MCLA পদৰ সুবিধাখিনি মই গ্ৰহণ নকৰো বুলি বিটিচি কাৰ্যালয়ত লিখিত আকাৰে ত্যাগ কৰিছো। মাথোঁ উৰ্ধ্বতম কতৃপক্ষৰ কোনো নিৰ্দেশনা নোপোৱাৰ বাবে বৰ্তমান অবৈতনিকভাৱে MCLA পদৰ কামখিনি চলাই নিছো বুলি গবিন্দ চন্দ্ৰ বসুমতাৰীয়ে প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীক প্ৰতুত্তৰ দিয়ে।

ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থীক উদ্ধাৰ কৰিবলৈ যাব ৪ কেন্দ্ৰীয় মন্ত্ৰী !

বৰ্তমান ইউক্ৰেইনৰ পৰিস্থিতি অতি ভয়ানক।ইউক্ৰেইন আৱদ্ধ বহু ভাৰতীয় শিক্ষাৰ্থী।
ইউক্ৰেইনত ইউক্ৰেইনৰ সেনাই ভাৰতীয় শিক্ষাৰ্থী সকলক অত্যাচাৰ কৰা ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয় শিৰ্ক্ষাথীক উদ্ধাৰ কৰিবলৈ ইউক্ৰেইনৰ সীমান্তৱতী দেশবোৰলৈ যাব কেন্দ্ৰীয় চৰকাৰৰ ৪ জন মন্ত্ৰী।হৰদ্বীপ সিং পুৰী,জ্যোতিৰাদিত্য সিন্ধিয়া,কিৰেন ৰিজিজু,ভি.কে সিঙ যাব শিৰ্ক্ষাথী সকলক উদ্ধাৰ অভিযানত সহায় কৰিবলৈ।