Home Blog Page 2587

নিৰ্বাচনী হিংসাত উত্তপ্ত মণিপুৰ

মণিপুৰ বিধানসভা নিৰ্বাচন ২০২২ৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে সোমবাৰে ৰাজ্যখনত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ কথা জানিব পৰা গৈছে৷ ৰাজ্যখনত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কেইঘণ্টামানৰ পাছত দুটাকৈ স্থানত বিক্ষিপ্ত ঘটনা সংঘটিত হয়৷

মণিপুৰৰ কেইবাটাও সমষ্টিত ভোটগ্ৰহণ চলি থকাৰ মাজতেই শিলগুটি নিক্ষেপ আৰু গুলীচালনাৰ খবৰ পোৱা গৈছে। আনহাতে কাংপোকপি জিলাৰ নিউ কিথেলমানবি সমষ্টিতো কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হোৱাত ভোটগ্ৰহণ প্ৰক্ৰিয়াত ব্যাহত হয় ৷ জানিব পৰা মতে বুথ দখলৰ অভিযোগত সূত্ৰপাত হৈছিল এই সংঘৰ্ষৰ ।

ভাৰতীয়ৰ উদ্ধাৰৰ বাবে ইউক্ৰেইনত চলিব বিশেষ ৰেল

ইউক্ৰেইনত আবদ্ধ ভাৰতীয়ক উদ্ধাৰৰ ক্ষেত্ৰত কিছু সকাহ লাভ কৰিছে ভাৰতে। ইউক্ৰেইনৰ ৰাজধানী চহৰ কিয়েভত জাৰি কৰি থোৱা কাৰ্ফিউ সাময়িক ভাৱে প্ৰত্যাহাৰ কৰা হৈছে। ভাৰতীয়সকলক কিয়েভৰ পৰা স্থানান্তৰিত কৰিবলৈ যুদ্ধ বিধ্বস্থ কিয়েভৰ পৰা চলিব বিশেষ ৰেল। সেয়েহে যুদ্ধৰ ভয়াবহতাৰ মাজতো ৰাজধানী কিয়েভৰ ৰেলৱে ষ্টেচনলৈ ভাৰতীয়সকলক যাবলৈ পৰামৰ্শ আগবঢ়াইছে ভাৰতীয় দূতাবাসে। উল্লেখ্য যে ইউক্ৰেইনত ভাৰতৰ ১৫ হাজাৰ লোক এতিয়াও আবদ্ধ হৈ আছে। এই লোকসকলক উদ্ধাৰৰ বাবে ভাৰতে অপাৰেচন গংগাৰ মাধ্যমেৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে ১১০০ ভাৰতীয়ক উদ্ধাৰ কৰি ভাৰতলৈ লৈ অনা হৈছে।

ইফালে কিয়েভৰ পৰা ভাৰতীয়সকলক উদ্ধাৰৰ বাবে বিশেষ ৰেল ৰাজধানীৰ পৰা ইউক্ৰেইনৰ পশ্চিম প্ৰান্তলৈ চলিব। ভাৰত চৰকাৰে ইউক্ৰেইনত আবদ্ধ ভাৰতীয়ক উদ্ধাৰৰ বাবে এটা বিশেষ টুইটাৰ হেণ্ডেল মুকলি কৰিছে। এই টুইটাৰ একাউণ্টৰ জৰিয়তে ইউক্ৰেইনৰ সীমান্তৰ দেশ হাংগেৰী, পোলেণ্ড, ৰোমানিয়া, স্লোভাক গণৰাজ্যৰ বাবে হেল্প লাইন নম্বৰ মুকলি কৰিছে। উল্লখ যোগ্য যে ভাৰত চৰকাৰে অতি শীঘ্ৰে এক মন্ত্ৰী মণ্ডলক ইউক্ৰেইনৰ চুবুৰীয়া দেশলৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতীয়সকলক উদ্ধাৰ অভিযান তদাৰক কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয়মন্ত্ৰী হৰদীপ পুৰী, জ্যোতিৰাদিত্য সিন্ধিয়া, কিৰেন ৰিজিজু , জেনেৰেল ভি কে সিঙক প্ৰেৰণ কৰিব।

পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্লেন খন ধ্বংস!

ৰাছিয়ান সেনাই ধ্বংস কৰিলে পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্লেন খন।

পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্লেন খন আছিল ইউক্ৰেইনত।

পৃথিৱীৰ আটাইতকৈ এই ডাঙৰ প্লেন খনৰ নাম ‘ম্ৰিয়া’।

‘ম্ৰিয়া’ নাম পৃথিৱীৰ আটাইতকৈ আকাৰত ডাঙৰ প্লেন খন।

ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ সমীপতত ধ্বংস কৰে ৰুছ সেনাই।

ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ ফলত কোনে কি কি হেৰুৱালে?

ৰাছিয়াৰ আৰু ইউক্ৰেইনৰ যুদ্ধই আজি পঞ্চম দিনত ভৰি দিছে।এই যুদ্ধত দুয়োখন দেশৰে বিস্তৰ ক্ষতি সাধন হৈছে।ৰাছিয়াই ইউক্ৰেইনৰ বহু অঞ্চলত ধাৰাবাহিক ভাৱে আক্ৰমণ চলাই।এই যুদ্ধত দুয়ো খন বিস্তৰ ক্ষতি সাধনৰ সন্মুখীন হৈছে।দেওবাৰে প্ৰকাশিত তথ্য অনুসৰি এই যুদ্ধত ইউক্ৰেইনৰ ৪ হাজাৰ সৈন্য নিহত হৈছে।আনহাতে ৰাছিয়াৰ ৪ হাজাৰ ৫ শ সৈন্য নিহত হৈছে।এই যুদ্ধত ৰাছিয়াই ইউক্ৰেইনৰ ৮৫০টা সামৰিক ঘাটি আক্ৰমণ কৰা দাবী কৰিছে।কিন্তু, ইউক্ৰেইনে ৰাছিয়াৰ এটাও সামৰিক ঘাটি ধ্বংস কৰিব পৰা নাই।ৰাছিয়াৰ ২৭ খন যুঁ‌জাৰু বিমান ধ্বংস হৈছে।তাৰ বিপৰীতে ইউক্ৰেইনৰ ১৬ খন যুঁ‌জাৰু ধ্বংস হৈছে।এই যুদ্ধত ৰাছিয়াৰ ২৬ খন হেলিকপ্টাৰ ধ্বংস হৈছে আনহাতে, ইউক্ৰেইনে ১০ খন হেলিকপ্টাৰ হেৰুৱাইছে ।


ইউক্ৰেইনৰ ১৮৭ খন টেঙ্ক ধ্বংস হৈছে ৰাছিয়া সেনাৰ আক্ৰমণত।আনহাতে ইউক্ৰেইনে ৰাছিয়াৰ ১৪৬ খন টেঙ্ক ধ্বংস কৰিছে ।
ৰাছিয়া আৰু ইউক্ৰেইন যুদ্ধৰ চাৰিদিনত বিস্তৰ ক্ষতি সন্মুখীন হৈছে দুয়োখন দেশ।আনহাতে এই যুদ্ধৰ ফলত ৰাছিয়ান মুদ্ৰাৰ মূল্য হ্ৰাস পাইছে।সৰ্বকালৰ সৰ্বনিম্ন হাৰত হ্ৰাস পাইছে ৰাছিয়ান মুদ্ৰাৰ মূল্য।৩০ শতাংশলৈ হ্ৰাস ৰাছিয়ান মুদ্ৰা ৰুবেলৰ মূল্য।৩০ শতাংশলৈ হ্ৰাস পালে ৰাছিয়ান মুদ্ৰা ৰুবেলৰ মূল্য।

ইউক্ৰেইনত ভাৰতীয় শিক্ষাৰ্থীৰ ওপৰত অত্যাচাৰ!

ইউক্ৰেইনত ভাৰতীয় শিক্ষাৰ্থীৰ ওপৰত নিৰ্মম অত্যাচাৰ! ভাৰতীয় শিক্ষাৰ্থী সকলক ইউক্ৰেইনৰ সীমা পাৰ হ’বলৈ নিদিয়াৰ অভিযোগউত্থাপন হৈছে।ভাৰতীয় শিক্ষাৰ্থীক ইউক্ৰেইনৰ সেনাই অত্যাচাৰ কৰা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।ভাৰতীয় শিক্ষাৰ্থী সকলক ইউক্ৰেইনৰ সেনাই চোচৰাই নিয়া ভিডিঅ’ ভাইৰেল।শিক্ষাৰ্থী সকলৰ নথিপত্ৰ,পাছপ’ৰ্ট সকলো নষ্ট্ৰ কৰি দিয়াৰ অভিযোগ।তাত বৰ্তমান অসমৰো আছে বহু শিক্ষাৰ্থী।

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধত বৰ্তমানলৈ কিমান মানুহৰ মৃত্যু হ’ল?

ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধই আজি পঞ্চম দিনত ভৰি দিলে। ৰাছিয়াৰ সেনাই ইউক্ৰেইনৰ বহু ঠাইত তীব্ৰ আঘাত হানিছে।ৰাছিয়াৰ সেনাক প্ৰতিহত কৰাৰ বাবে ইউক্ৰেইনৰ সেনা বাহিনীয়ে সাধ্য অনুসাৰি নিজৰ নিজৰ প্ৰতিৰোধ গঢ়ি তুলিছে।ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ চতুৰ্থ দিনৰ যুদ্ধৰ অন্তত এতিয়ালৈকে তথ্য অনুসৰি ইউক্ৰেইনৰ ৩৫২ গৰাকী লোকৰ মৃত্যু হৈছে।আনহাতে দুই সহস্ৰাধিক লোক সন্ধানহীন হৈ আছে।আনহাতে, ইউক্ৰেইনৰ তৰফৰ পৰা এই যুদ্ধত ৰাছিয়াৰ ২০০০ সৈনিকৰ মৃত্যু হোৱা বুলি দাবী কৰিছে।

বিশ্বনাথ চাৰিআলিৰ হিমালয় বিবাহ ভৱনত অনুষ্ঠিত হ’য় ৰ’দৰ বৰ্ষপূৰ্তি অনুষ্ঠান ৷

দেওবাৰে বিশ্বনাথ চাৰিআলিৰ হিমালয় বিবাহ ভৱনত অনুষ্ঠিত হ’য় ৰ’দৰ বৰ্ষপূৰ্তি অনুষ্ঠান ৷উক্ত অনুষ্ঠানত অসমীয়া সাহিত্যৰ একনিষ্ঠ সেৱক পদ্মশ্ৰী বঁটা প্ৰাপক স্বনামধন্য সাহিত্যিক য়েছে দৰজে ঠংচিদেৱক “ ৰ’দৰ গদ্যৰত্ন বঁটা প্ৰদান কৰা হ’য় আৰু অসমীয়া কাব্য সাহিত্যৰ একনিষ্ঠ সেৱক বিশিষ্ট কবি সমীৰ তাঁতীদেৱক প্ৰদান কৰা হ’য় “ ৰ’দৰ কাব্যৰত্ন বঁটা ৷ লগতে ৪০ গৰাকীৰ অধিক নবীন প্ৰবিন সাহিত্যিকক কেইবাটাও শিতানত বঁটা প্ৰদান কৰা হ’য় ৷উক্ত অনুষ্ঠানত ৰ’দৰ সমূহ স্থায়ী সদস্যকে “ ৰ’দৰ স্থায়ী সদস্যৰ সন্মান পত্ৰ “ প্ৰদান কৰা হয় ৷ উক্ত অনুষ্ঠানত অসমৰ নিৰ্বাচিত ২০ গৰাকী কবিয়ে কবিতা পাঠ কৰে৷আনহাতে ৰ’দ’ ৰ সাহিত্য সৌৰভ বঁটাৰ বাবে নিৰ্বাচিতসকল- বীণা মজিন্দাৰ বৰুৱা(নতুন দিল্লী)নবেশ্বৰ শইকীয়া ( নামচাই )ড° মঞ্জু হালৈ ( বৰপেটা )ডা° অমল শইকীয়া ( বিশ্বনাথ )নীলাঞ্জনা শৰ্মা বৰুৱা ( গুৱাহাটী )ঘনশ্যাম স্বৰ্গীয়াৰী ( বাক্সা ) স্নিগ্ধাজ্যোতি গোস্বামী হাজৰিকা ( লাহৰীজান) ড° চাৰুলতা চৌধুৰী ( পাঠশালা )ড° মিন্টী গগৈ ( শিৱসাগৰ ) ড° মৰমী হাজৰিকা ৰাভা (দুধনৈ)দেৱীনা পামেগাম পেগু(ধেমাজী) ৰ’দৰ কাব্য সৌৰভ বঁটা- ২০২২’প্ৰদান কৰা হ’য় কবিসকল ক্ৰমে ময়দান আলী আহমেদ (বঙাইগাঁও)বিদ্যাৰাম ছিংনাৰ ( হাওৰাঘাট )অমিলতা টায়ে মিলি ( চিলাপথাৰ , ধেমাজী)মৌচুমী ৰাজখোৱা ( গুৱাহাটী) চবিন চন্দ্ৰ নাথ ( ৰাণী)ৰেমী শৰ্মা ( হোজাই )ভূধৰ দাস ( বিশ্বনাথ চাৰিআলি )বিভা বিন্দু কোঁৱৰ ( শিৱসাগৰ)মন্তোষ শুক্ল বৈদ্য ( বিজনী , চিৰাং)চোনিয়া মুক্তিয়াৰ ( কলিয়াবৰ )থানেশ্বৰ বৰা ( মৰিয়নী )বীণা দেৱী ( ক্ষেত্ৰী)।


ৰ’দৰ সাহিত্য প্ৰেৰণা বঁটা-২০২২ ’ ৰ বাবে নিৰ্বাচন কৰা কবি-সাহিত্যিক সকলৰ নামসমূহ ক্ৰমে দীপাঞ্জন কাশ্যপ ( গুৱাহাটী )ড° ৰবীন জামান ( মানকাছাৰ )বাল্মীকি ফুকন ( চেপন )মানস দত্ত ( ডিব্ৰুগড় ) ফাৰুল হুছেইন ( অভয়াপুৰী ) সীতা দেৱী ( বিহপুৰীয়া ) ময়ুৰকৃষ্ণা বৰা কোঁৱৰ ( ঢকুৱাখনা) কাজল লতা মেধি ( গুৱাহাটী )সোমেশ্বৰ ওৰাং ( বিশ্বনাথ ) কুইন বৰা ( নগাঁও )ললিত নাথ ( দিকৰাই ) ৰূপালী মহন্ত ( গোলাঘাট ) সুমিত্ৰা দাস ( গহপুৰ )প্ৰবিন দত্ত ( গৌৰীসাগৰ ) জোনমণি মহন্ত ( তেজপুৰ ) শংকৰ দেৱ ( দেৰগাওঁ )ৰ’দৰ জীৱনজোৰা সাধনা বঁটা-২০২২ , বিশ্বনাথ জিলাৰ তিনিগৰাকী প্ৰবীন বিশিষ্ট সাহিত্যিকক প্ৰদান কৰা হ’য় ৷ তেখেতসকল হ’ল– ইন্দ্ৰপ্ৰসাদ শইকীয়া ( বিশ্বনাথ চাৰিআলি ) প্ৰদীপ কুমাৰ শৰ্মা ( বেদেতী )নগেন কোঞৰ ( গহপুৰ ৰ’দৰ হিতৈষী বঁটা- ২০২২ , প্ৰদান কৰা হ’ব চাৰিগৰাকী ৰ’দৰ শুভাকাংক্ষীক ৷ তেখেতসকল হ’ল–বিমান ৰায় বৰুৱা,ডাঃ ৰঞ্জন গগৈ, অঞ্জন বৰা,প্ৰকাশ কায়স্থ,ৰেণু ভূঞা ( জামুগুৰিহাট ) ৰ’দৰ নাট্য সৌৰভ বঁটা- ২০২২ প্ৰদান কৰা হ’য় বিশিষ্ট নাট্যকাৰ ৰাম শইকীয়াদেৱক।

ভাৰত বিকাশ পৰিষদৰ উদ্যোগত বঙাইগাঁৱত বিনামূলীয়া চিকিৎসা শিবিৰ

ভাৰত বিকাশ পৰিষদৰ বীৰঝৰা শাখাৰ উদ্যোগত তথা  বঙাইগাঁও শোধনাগাৰৰ সহযোগত দেওবাৰে বঙাইগাঁও চহৰৰ বৰপাৰাত এক বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰে ৷

পুৱা অনুষ্ঠিত হোৱা চিকিৎসা শিবিৰত বঙাইগাঁও চহৰৰ কেইবাগৰাকীও বিশিষ্ট চিকিৎসকে চিকিৎসা সেৱা আগবঢ়ায় ৷ চিকিৎসা শিবিৰত প্ৰায় শতাধিক লোকৰ চিকিৎসা পৰামৰ্শ আগবঢ়োৱাৰ লগতে বিনামূলীয়া ঔষধ বিতৰণ কৰে ৷

দেশপ্ৰেমৰ বাবেই ইতিহাসত লিপিবদ্ধ হ’ব জেলেনস্কীৰ নাম

ভাষণৰ জোৰত এজন ৰাষ্ট্ৰনেতাৰ দেশপ্ৰেম নিৰ্ধাৰিত নহয়, সেই দেশপ্ৰেমৰ প্ৰমাণ ওলাই যেতিয়া তেওঁ প্ৰতিকূল পৰিস্থিতিত শক্তিশালী শত্ৰুৰ বিৰুদ্ধে অন্তিম মুহূৰ্তলৈকে যুদ্ধত নেতৃত্ব দিয়ে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’দাইমীৰ জেলেনস্কী। কেইটামান মাহৰ পূৰ্বে যাৰ নাম বিশ্বৰ প্ৰায়সংখ্যক সচেতন নাগৰিকে নালাগে বহু ৰাষ্ট্ৰনেতাই জনা নাছিল। কিন্তু, এখন আৰ্থিক সমস্যাত জৰ্জৰিত তথা সৌসিদিনালৈকে বিশ্ব প্ৰেক্ষাপটত গুৰুত্বহীন ৰাষ্ট্ৰ ইউক্ৰেইনৰ ৰাষ্ট্ৰপ্ৰধানজন এতিয়া ঘৰে ঘৰে চিনাকি নাম। তেওঁ পৰিচয় গঢ়িছে এজন প্ৰকৃতাৰ্থত দেশপ্ৰেমিক ৰাষ্ট্ৰনায়ক হিচাপে। ইউক্ৰেইনৰ সেনাবাহিনী দুৰ্বল বুলি ধাৰণা আছিল ৰাছিয়াৰ সেনাৰ। তেওঁলোকক অনায়াসে পৰাস্ত কৰিব পাৰিব বুলি ইউক্ৰেইন অভিযান আৰম্ভ কৰিছিল ৰুছ সেনাই। কিন্তু, প্রথম তিনিটা দিনৰ যুদ্ধত এই দুৰ্বল সেনাৰে প্ৰবল প্ৰতিৰোধৰ সন্মুখীন হৈছে ভ্লাডিমিৰ পুটিনৰ সেনা।ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে দাবী কৰিছে দেশখনৰ সেনাই ৮০০ ৰুছ সেনাক নিধন কৰিছে। লগতে, সাতখন যুঁজাৰু বিমান, ছয়খন হেলিকপ্টাৰ আৰু ৩০খন টেংক ধ্বংস কৰিছে।

এই তথ্যক কিছু অতিৰঞ্জিত বুলি ধৰিলেও আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত ৰাছিয়াৰ ধ্বংসপ্ৰাপ্ত টেংক আৰু ৰুছ সেনাৰ মৃতদেহে প্ৰমাণ কৰিছে পুটিনৰ সেনাই মূল্য ভৰিবলগীয়া হোৱাৰ কথা। আৰু সেয়া সম্ভৱ হৈছে ইউক্ৰেইনিয়ান সেনাৰ দেশৰ প্ৰতি থকা সম্পূৰ্ণ উৎসৰ্গীকৃত মনোভাৱৰ বাবে।অদম্য দেশপ্ৰেমৰ বাবে।ইউক্ৰেইনৰ সেনাক এনেদৰে দেশপ্ৰেমত উদ্বুদ্ধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পৰিলক্ষিত হৈছে দেশখনৰ ৰাষ্ট্ৰপতি ভল’দাইমীৰ জেলেনস্কীৰ। কেইবাটাও কাৰণত জেলেনস্কীৰ দেশপ্ৰেম আৰু সাহস উল্লেখনীয়। এখন পৰাজয় নিশ্চিত যুঁজত প্ৰাণৰক্ষাৰ হেতু তেওঁ ৰণক্ষেত্ৰ ত্যাগ কৰা নাই। বৰঞ্চ আত্মসন্মানক সৰ্বাধিক গুৰুত্ব দি সন্মুখৰ পৰা সেনাৰ নেতৃত্ব লৈছে।আমেৰিকাই ইউক্ৰেইনলৈ সৈন্য প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰাৰ পাছত তেওঁ হতাশ হৈছে যদিও অকলশৰীয়াকৈ হ’লেও সংগ্ৰাম চলাই যোৱাৰ সিদ্ধান্ত লৈছে। তেওঁৰ নেতৃত্বত ইউক্ৰেইনৰ সেনাই পৰাক্ৰমৰে যুদ্ধ চলাই গৈছে। ইউক্ৰেইনৰ জনতায়ো জনযুদ্ধৰ বাবে অনুপ্ৰাণিত হৈছে।

আমেৰিকাই জেলেনস্কীক ইউক্ৰেইন ত্যাগৰ সুবিধা কৰি দিয়াৰ কথা কৈছে যদিও তেওঁ অস্বীকাৰ কৰিছে এই মাৰ্কিন প্ৰস্তাৱ। ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰি জেলেন্সকীয়ে প্ৰমাণ দি আহিছে যে তেওঁ দেশৰ জনতাৰ মাজত আছে। দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰা দেখি ইউক্ৰেইনৰ নাৰী সমাজ আৰু যুৱশক্তিৰ বহুসংখ্যক হাতত ৰাইফল লৈ ওলাই আহিছে ৰুছ সেনাৰ বিৰুদ্ধে যুঁজ দিবলৈ।ইউক্ৰেইনত সৃষ্টি হৈছে দেশপ্ৰেমৰ ঢৌৰ। মৃত্যুভয়ক নেওচি ষাঠি-সত্তৰ বছৰীয়া বৃদ্ধ-বৃদ্ধাও ওলাই আহিছে দেশৰক্ষাৰ বাবে। অত্যন্ত প্ৰতিকূল পৰিস্থিতিতো জেলেনস্কীয়ে ইউক্ৰেইনক সুৰক্ষিত কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক প্ৰয়াসো অব্যাহত ৰাখিছে। ৰাছিয়াৰ আক্ৰমণ ৰোধ কৰিবলৈ তেওঁ একান্তভাৱে ব্যস্ত হৈ আছে ‘নাটো’ৰ সদস্য ৰাষ্ট্ৰসমূহৰ লগতে এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সমৰ্থন সংগ্ৰহ কৰাত। ৰাষ্ট্ৰসংঘত যাতে দেশসমূহে সমন্বিতভাৱে ৰাছিয়াৰ বিৰোধিতা কৰি পুটিনৰ সৈন্যৰ আগ্ৰাসন ৰোধ কৰে তাৰ বাবে নিৰন্তৰে প্ৰয়াস ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতেও টেলিফোনিক বাৰ্তালাপ কৰিছে দেশ সুৰক্ষাৰ বাবে সমৰ্পিত জেলেনস্কীয়ে। অনুৰোধ জনাইছে যুদ্ধৰোধৰ বাবে প্ৰয়াস কৰিবলৈ।

বৰ্তমান ৰাজধানী কিয়েভত ৰাজপথত ৰক্তক্ষয়ী যুঁজ চলিছে।ভল’দাইমীৰ জেলেনস্কী কিয়েভতে আছে। জেলেনস্কীয়ে জানে ৰাছিয়াৰ সেনাৰ টাৰ্গেট তেওঁ।তেওঁক হত্যা কৰিব পৰিলেই ইউক্ৰেইন অনায়াসে দখল কৰিব পাৰিব বুলি পুটিন আৰু ৰুছ সেনাৰ বদ্ধমূল ধাৰণা। আগন্তুক কেইটামান দিনত সেই বাবেই জেলেনস্কীৰ ভৱিষ্যত অনিশ্চিত।এই যুদ্ধ দীৰ্ঘদিনলৈ চলি থাকিবও পাৰে বা আগন্তুক দুটা দিনত শান্তি চুক্তি সম্পন্ন হ’ব পাৰে। সেইবাবেই ইউক্ৰেইনৰ ভৱিষ্যতো বহু পৰিমাণে অনিশ্চিত। কিন্তু, এনে অনিশ্চয়তাৰ মাজতো এটা কথা ক’ব পাৰি এইকেইটা দিনত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীয়ে দেশপ্ৰেম আৰু সাহসেৰে এটা জাতিক উদ্বুদ্ধ কৰাৰ যি নিদৰ্শন দাঙি ধৰিলে, তাৰ বাবে ইতিহাসে তেওঁক সদায় মনত ৰাখিব।বিশ্ববাসীয়ে তেওঁক মনত ৰাখিব শক্তিশালী শত্ৰুৰ বিৰুদ্ধে মূৰ দোৱাবলৈ কোনোপধ্যে সন্মত নোহোৱা এজন দেশপ্ৰেমিক ৰাষ্ট্ৰনায়ক হিচাপে।

ডাঃ সৌৰভ কুমাৰ ভূঞাৰ ‘আপোনাৰ লগত মোৰ দুটামান কথা আছিল’ উন্মোচন

দুখীয়া আৰু আৰ্তজনৰ বাবে সহায়ৰ বাবে সততে প্ৰস্তুত থকা আগশাৰীৰ চকু চিকিৎসক ডাঃ সৌৰভ কুমাৰ ভূঞাৰ প্ৰথমখন কবিতা সংকলন ‘আপোনাৰ সৈতে মোৰ দুটামান কথা আছিল’ শনিবাৰে উন্মোচন কৰা হয় গুৱাহাটীৰ লতাশিলস্থিত বিষ্ণু নিৰ্মলা ভৱন প্ৰক্ষাগৃহত৷ ‘আমাৰ অসম’কে ধৰি অসমৰ আন আন আগশাৰীৰ বাতৰি কাকত আৰু আলোচনীত প্ৰকাশ পোৱা হৃদয়স্পৰ্শী লেখা আৰু কবিতাৰে পাঠকৰ চিনাকি হৈ পৰা মানৱদৰদী চিকিৎসক ডাঃ সৌৰভ কুমাৰ ভূঞাৰ প্ৰথমখন কবিতা সংকলন উন্মোচন কৰে ফৰেনছিক বিশেষজ্ঞ ড° পদ্মপাণি আৰু বিশিষ্ট কবি কৌস্তুভমণি শইকীয়াই ৷ বিনু ভূঞাই প্ৰকাশ কৰা কবিতা সংকলনখন উন্মোচন কৰি ড° পদ্মপাণিয়ে ডাঃ ভূঞাৰ কবিতা আৰু আন আন লেখাৰ লগতে তেওঁৰ পৰোপকাৰী মনোভাৱক অতিকৈ প্ৰশংসা কৰে ৷

উল্লেখ্য, প্ৰয়াত হোমেন বৰগোহাঞিৰ দ্বাৰা আৰম্ভ হোৱা অসমৰ আগশাৰীৰ দাতব্য ন্যাস ‘কৰুণাধাৰা’ৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছিল ডাঃ সৌৰভ কুমাৰ ভূঞা ৷ চিকিৎসকৰ দৰে ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি দুখীয়া আৰু বিশেষভাৱে সক্ষম লোকৰ সহায়ৰ হাত আগবঢ়োৱা ডাঃ ভূঞাৰ প্ৰথমখন কবিতা সংকলনৰ উন্মোচনী সভাত ভিৰ কৰেহি বহু লোকে। ডাঃ ৰুবী কটকীয়ে আঁতধৰা সভাত জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়া, ডাঃ অঞ্জনজ্যোতি চৌধুৰী, জনপ্ৰিয় কবি কৌস্তুভমণি শইকীয়া, প্ৰাক্তন প্ৰশাসনিক বিষয়া তথা লেখক ৰবেন্দ্ৰ কুমাৰ দাস, ‘কৰুণাধৰা’ৰ কাৰ্যকৰী সভাপতি নীলিমা গোস্বামী, মুখ্য সম্পাদক ডাঃ নৰেশ্বৰ শৰ্মা আদিয়ে ডাঃ সৌৰভ কুমাৰ ভূঞাৰ সাহিত্য আৰু কবিতাৰ প্ৰশংসা কৰে ৷