Breaking

ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ ফলত কোনে কি কি হেৰুৱালে?

0 2,225

ৰাছিয়াৰ আৰু ইউক্ৰেইনৰ যুদ্ধই আজি পঞ্চম দিনত ভৰি দিছে।এই যুদ্ধত দুয়োখন দেশৰে বিস্তৰ ক্ষতি সাধন হৈছে।ৰাছিয়াই ইউক্ৰেইনৰ বহু অঞ্চলত ধাৰাবাহিক ভাৱে আক্ৰমণ চলাই।এই যুদ্ধত দুয়ো খন বিস্তৰ ক্ষতি সাধনৰ সন্মুখীন হৈছে।দেওবাৰে প্ৰকাশিত তথ্য অনুসৰি এই যুদ্ধত ইউক্ৰেইনৰ ৪ হাজাৰ সৈন্য নিহত হৈছে।আনহাতে ৰাছিয়াৰ ৪ হাজাৰ ৫ শ সৈন্য নিহত হৈছে।এই যুদ্ধত ৰাছিয়াই ইউক্ৰেইনৰ ৮৫০টা সামৰিক ঘাটি আক্ৰমণ কৰা দাবী কৰিছে।কিন্তু, ইউক্ৰেইনে ৰাছিয়াৰ এটাও সামৰিক ঘাটি ধ্বংস কৰিব পৰা নাই।ৰাছিয়াৰ ২৭ খন যুঁ‌জাৰু বিমান ধ্বংস হৈছে।তাৰ বিপৰীতে ইউক্ৰেইনৰ ১৬ খন যুঁ‌জাৰু ধ্বংস হৈছে।এই যুদ্ধত ৰাছিয়াৰ ২৬ খন হেলিকপ্টাৰ ধ্বংস হৈছে আনহাতে, ইউক্ৰেইনে ১০ খন হেলিকপ্টাৰ হেৰুৱাইছে ।


ইউক্ৰেইনৰ ১৮৭ খন টেঙ্ক ধ্বংস হৈছে ৰাছিয়া সেনাৰ আক্ৰমণত।আনহাতে ইউক্ৰেইনে ৰাছিয়াৰ ১৪৬ খন টেঙ্ক ধ্বংস কৰিছে ।
ৰাছিয়া আৰু ইউক্ৰেইন যুদ্ধৰ চাৰিদিনত বিস্তৰ ক্ষতি সন্মুখীন হৈছে দুয়োখন দেশ।আনহাতে এই যুদ্ধৰ ফলত ৰাছিয়ান মুদ্ৰাৰ মূল্য হ্ৰাস পাইছে।সৰ্বকালৰ সৰ্বনিম্ন হাৰত হ্ৰাস পাইছে ৰাছিয়ান মুদ্ৰাৰ মূল্য।৩০ শতাংশলৈ হ্ৰাস ৰাছিয়ান মুদ্ৰা ৰুবেলৰ মূল্য।৩০ শতাংশলৈ হ্ৰাস পালে ৰাছিয়ান মুদ্ৰা ৰুবেলৰ মূল্য।

Leave A Reply