ইউক্ৰেইন-ৰাছিয়া যুদ্ধই আজি ১১ দিনত ভৰি দিছে। ইউক্ৰেইনত এতিয়াও বহু ভাৰতীয় নাগৰিক আৱদ্ধ হৈ আছে। যি সকল ভাৰতীয় নাগৰিক আৱদ্ধ হৈ আছে সেই সকলক উদ্ধাৰৰ বাবে অতি শীঘ্ৰেই ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে তেওঁলোকৰ বিৱৰণ দিবলৈ আহ্বান জনাইছে।ইউক্ৰেইনত থকা ভাৰতীয় দূতাবাসে টুইটাৰত এখন প্ৰপত্ৰ শ্বেয়াৰ কৰি আৱদ্ধ ভাৰতীয় নাগৰিকসকলক সঠিক ভাৱে তেওঁলোকক পূৰণ কৰিবলৈ কৈছে।ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক ৰোমানিয়া, হাংগেৰী, শ্লোভাকিয়া আৰু পোলেণ্ডৰ দৰে চুবুৰীয়া দেশৰ পৰা বিমানেৰে ওভতাই আনিছে।
মহিলা বিশ্বকাপত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ পৰাক্ৰমী বিজয়…
বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ দমনীয় প্ৰদৰ্শনৰ পৰম্পৰা অটুত ৰাখছে ভাৰতীয় মহিলা ক্ৰিকেট দলে। আজি ভাৰতীয় দলটোৱে চিৰপ্ৰতিদ্বন্দী পাকিস্তানক ১০৭ ৰাণত পৰাস্ত কৰি আইচিচি মহিলা বিশ্বকাপত তেওঁলোকৰ অভিযান আৰম্ভ কৰে। দেওবাৰে অনুষ্ঠিত হাই ভল্টেজ এই খেলখনত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ’ব বুলি আশা কৰা হৈছিল যদিও খেলখনত একপ্ৰকাৰ একপক্ষীয় কৰি তোলে ভাৰতে। ভাৰতীয় দলে তছত জয়লাভ কৰাৰ পাছত প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লয়। ইন-ফৰ্ম বেটছমেন স্মৃতি মান্ধানা, স্নেহ ৰাণা আৰু পূজা বস্ত্ৰকাৰে দলক প্ৰাৰম্ভিক বিপৰ্যয়ৰ পৰা ৰক্ষা কৰে আৰু দৰ্শনীয় অৰ্ধশতক অৰ্জন কৰি দলক শক্তিশালী স্থিতিত উপনীত কৰায়।

বে অ’ভালত ভাৰতে সাত উইকেটত ২৪৪ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ২৪৫ ৰাণৰ লক্ষ্য অনুসৰণ কৰা পাকিস্তানে পিছে ভাৰতীয় বলাৰৰ সন্মুখত তিষ্ঠিবলৈ সক্ষম নহ’ল। ৪৩ অভাৰত ১৩৭ ৰাণতে অল আউট হয় পাকিস্তান। ৫০ অভাৰৰ ফৰ্মেটত চুবুৰীয়া ভাৰতৰ বিৰুদ্ধে ইয়াৰ ক্ৰমাগত একাদশ খেলত পৰাজিত হয় পাকিস্তান। বাওঁহাতৰ তাৰকা স্পিনাৰ ৰাজেশ্বৰী গায়কৱাডে চমকপ্ৰদ প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। তেওঁ ১০ অভাৰৰ স্পেল সম্পূৰ্ণ কৰি ৩১ ৰাণত চাৰিটা উইকেট দখল কৰে। অভিজ্ঞ পেচাৰ ঝুলন গোস্বামীয়েও দৰ্শনীয় প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। তেওঁ ২৯ ৰাণত দুটা উইকেট লাভ কৰিবলৈ সক্ষম হয়। ভাৰতৰ হৈ স্মৃতি মান্ধানাই ৭৫ বলত ৫২ ৰাণ কৰে আৰু দীপ্তি শৰ্মাই ৫৭ ৰাণত ৪০ ৰাণ কৰিবলৈ সক্ষম হয়। তেওঁলোকৰ মাজত হোৱা ৯২ ৰাণৰ জুটিয়ে ভাৰতীয় ইনিংছক দৃঢ়তা প্ৰদান কৰে।
ভাল খবৰঃ চাকৰি ওলাইছে অসম ৰাইফলছত…
অসম ৰাইফলছত খালী হৈছে ১৫২টা পদ। খালী পদসমূহৰ ভিতৰত আছে……
1. Rifleman General Duty-Male & Female (94),
2. Havildar Clerk- Male & Female (4),
3. Warrant Officer Radio Mechanic-Male (4),
4. Havildar Operator Radio & Line-Male (37),
5. Rifleman Armourer-Male (2),
6. Rifleman Laboratory Assistant-Male (1),
7. Rifleman Nursing Assistant-Male (5),
8. Rifleman Washerman-Male (4),
9. Rifleman AYA-Female (1)
আগ্রহীসকলে বিজ্ঞাপন বিষয়ক অধিক তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়স, শ্রেণী, জাতিগত প্রমাণ–পত্রকে ধৰি নির্ধাৰিত প্র–পত্র ডাউনলোড কৰিবলৈ অসম ৰাইফলছৰ ৱেবছাইট www.assamrifles.gov.in লগ–ইন কৰিব পাৰে৷
যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ নির্ধাৰিত প্র–পত্র পূৰ কৰি প্রস্তুত কৰা আবেদন To, The Director General Assam Rifles (Recruitment Branch), Laitkor, Shillong, Meghalaya-793010 ঠিকনালৈ প্রেৰণ কৰিব লাগিব। ই–মেইল rectbrdgar@gmail.com যোগেও আবেদন কৰিব পাৰিব। আবেদন দাখিলৰ অন্তিম তাৰিখ ১২ মার্চ, ২০২২।
দৰঙৰ খটৰা সত্ৰৰ প্ৰাক্তন সভাপতি পূৰ্ণকান্ত মহন্তৰ মৃত্যু
দৰঙৰ ঐতিহাসিক খটৰা সত্ৰৰ প্ৰাক্তন সভাপতি, জিলা খনৰ বিশিষ্ট সমাজকৰ্মী, নেতৃস্থানীয় ব্যক্তি পূৰ্ণ কান্ত মহন্ত আৰু নাই। আন্ধেৰীঘাট ৰ বামুনঝাৰত নিজা বাসগৃহত আজি ৰাতিপুৱা ৮:৩০ বজাত পৰলোকপ্ৰাপ্তি হয়। মৃত্যুৰ সময়ত তেওঁ ৰ বয়স হৈছিল ৭৯ বছৰ।১৯৪৩ চনৰ ১২ নৱেম্বৰত বামুনঝাৰত জন্ম গ্ৰহণ কৰা মহন্তই কাহিতলী নিম্ন বুনিয়াদী প্ৰাথমিক শিক্ষা আৰম্ভ কৰে। দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়।১৯৬৩ চনত তেজপুৰত ওৱেলডিং ট্ৰেড ত কাৰিকৰী শিক্ষা গ্ৰহণ কৰিছিল। কিছুদিন ৰ বাবে গুৱাহাটী ৰভাৰ চাইকেল কোম্পানীৰ চাকৰি কৰিছিল।১৯৬৯ চনত সশস্ত্ৰ সিমা বল এছ এছ বি ত যোগদান কৰি ১৯৯২ চনত উপৰিৰ্দশক হিচাপে অৱসৰ গ্ৰহণ কৰে। চাকৰি কালত নিজৰ কৰ্ম দক্ষতাৰ বাবে কেইবাবাৰো প্ৰসংশা লাভ কৰা পূৰ্ণ কান্ত মহন্ত ই অৱসৰৰ পিছতেই সামাজিক ক্ষেত্ৰখনৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত হৈ পৰে। খটৰা সত্ৰত ১০ বছৰৰ অধিক কাল সভাপতি হিচাপে নেতৃত্ব বহন কৰা পূৰ্ণ কান্ত মহন্ত ৰ কাৰ্যকালতেই সত্ৰখনৰ ঐতিহাসিক ৪৩৮ বছৰীয়া জয়ন্তী আৰু অসম সেতু বন্ধ সমাৰোহ অনুষ্ঠিত হৈছিল। দৰং জিলা সত্ৰ মহাসভা, আন্ধেৰীঘাট সাহিত্য সভা,বোনমাঝা আঞ্চলিক অ গ প ৰ প্ৰাক্তন সভাপতিৰো আসন অলংকৃত কৰিছিল।অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিষ্ঠাপক নেতা পূৰ্ণ কান্ত মহন্ত ই নিজ গাঁৱ বামুনঝাৰক বি টি এ ডি ৰ পৰা কৰ্তন কৰাৰ ক্ষেত্ৰত মৃত্যুৰ আগমূহুৰ্তলৈকে ৰাইজৰ সৈতে জড়িত হৈ আছিল।
আন্ধেৰীঘাট,বামুনঝাৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক তথা নেতৃত্ব বহন কৰাৰ উপৰিও দৰঙৰ সামাজিক ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ আছিল।সমাজক সন্মুখৰ পৰা নেতৃত্ব বহন কৰি সকলোৰে মাজত জনপ্ৰিয় হৈ পৰা পূৰ্ণ কান্ত মহন্ত ৰ মৃত্যু ৰ বাতৰি বিয়পি পৰাৰ লগে লগে অসংখ্য গুণমুগ্ধ, দল স্ংগঠনৰ প্ৰতিনিধি বাসভৱনত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । মৃত্যুৰ সময়ত তেওঁ পত্নী সহিতে দুই বিবাহিত কন্যা, কনিষ্ঠ ভাতৃ সাংবাদিক ভূপেন মহন্তকে ধৰি অসংখ্য আত্মীয় স্বজনক ইহ:সংসাৰত এৰি থৈ যায় । ইফালে তেখতৰ বাসভৱনত সমবেত গুণমুগ্ধই অনুষ্ঠিত কৰে এক চমু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ।মুগল মহন্তই আতধৰা অনুষ্ঠানতটোত খটৰা সত্ৰৰ সভাপতি যাদৱ মহন্ত সম্পাদক গংগা বৈশ্যই তেখেতৰ জীৱনৰ চমু আলোকপ্ৰাপ্ত কৰি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । দৰং জিলা সত্ৰ মহাসভাৰ হৈ ৰাজেন মহন্ত, পশ্চিম দৰং প্ৰেছ ক্লাবৰ সম্পাদক লক্ষ্য ধৰ শইকীয়া, সাহিত্যিক কমলাকান্ত ডেকা,প্ৰমুখ্যে অসম সত্ৰ মহাসভা, আন্ধেৰীঘাট হাইস্কুল, আন্ধেৰীঘাট সাহিত্য সভা,বামুণঝাৰ হাইস্কুল,আবড়ো সুৰক্ষা সমিতি,বিঞ্চুজ্যোতি কলেজ, আন্ধেৰীঘাট চিকিৎসালয়,বামুনঝাৰ সংঘ, জেষ্ঠ্য নাগৰিক সন্মিলন আন্ধেৰীঘাট,বামুণঝাৰ আন্ধেৰীঘাট ৰ বিভিন্ন দল স্ংগঠনে শেষ শ্ৰদ্ধা জনায় । ইফালে বিশিষ্ট সমাজকৰ্মী, নেতৃত্ব স্হানীয় ব্যক্তি গৰাকীৰ মৃত্যুত ছিপাঝাৰৰ বিধায়ক ড:পৰমানন্দ ৰাজবংশী, প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া, প্ৰাক্তন মন্ত্ৰী ড:জয়নাথ শৰ্মা, গাঁৱ প্ৰধান ধনেশ্বৰ ৰাজবংশী,পশ্চিম দৰং ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পশ্চিম দৰং আঞ্চলিক সমিতি আদিয়ে শোক প্ৰকাশ কৰে।
পাটনাৰ পৰা গুৱাহাটী পালেহী প্ৰথমখন মালবাহী জাহাজ।
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল সৈতে ভাৰত-বাংলাদেশ প্ৰট’কল পথেৰে পাটনা হৈ গুৱাহাটীৰ পাণ্ডু বন্দৰ পালেহী প্ৰথমখন মালবাহী জাহাজ।জাহাজখনে গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে ২৩৫০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ‘এম ভি লাল বাহাদুৰ শাস্ত্ৰী’য়ে পাটনাৰৰ পৰা ২০০ মেট্ৰিক টন খাদ্য শস্য কঢ়িয়াই আনিছে।এতিয়াৰে পৰা আৰম্ভ হ’ল জল পথৰে খাদ্য সামগ্ৰীৰ আমদানি-ৰপ্তানিৰ প্ৰক্ৰিয়া। পাটনাৰ পৰা পাণ্ডু প’ৰ্টলৈকে চলিল মালবাহী জাহাজ খন।কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তৎপৰতাত জল পৰিবহনত এয়া উল্লেখনীয় সংযোজন। ৫ ফেব্ৰুৱাৰীত পাটনাৰ গাইঘাটৰ পৰা ৰাওনা হৈছিল এম ভি লাল বাহাদুৰ শাস্ত্ৰী কাৰ্গো জাহাজখন।
ইয়াৰ লগে লগে মুকলি হ’ল ইন্দো বাংলাদেশ প্ৰট’কল ৰোড।পাণ্ডু প’ৰ্টত জাহাজ আৰু জল মন্ত্ৰালয়ৰ উদ্যোগত আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ। অনুষ্ঠানত উপস্থিত থাকি ‘এম ভি লাল বাহাদুৰ শাস্ত্ৰী’ক আদৰণি জনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।অনুষ্ঠানটোত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
‘বিহু ছমাহ উদযাপন কৰিলেও মোৰ আপত্তি নাই’- মুখ্যমন্ত্ৰী
বিহু ছমাহ পাতিলেও মোৰ আপত্তি নাই’ মুখ্যমন্ত্ৰী।বিহু কেৱল ৭ দিন পাতিব লাগে বুলি মই কোৱা নাই এই মন্তব্য মুখ্যমন্ত্ৰী। ৰাজ্যত বিহু উদযাপনক লৈ চলি আছে বিতৰ্ক। এই বিতৰ্ক মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ‘বিহু কেৱল মাত্ৰ ৭ দিন পাতিব লাগে বুলি মই কোৱা নাই,মোৰ নামত এনে এটা ভুল প্ৰচাৰ কৰাটো ভাল হোৱা নাই’।’প্ৰথম ৭ দিন বিহু পতা সমিতিলহৈ সাহায্য প্ৰদান কৰিব চৰকাৰে, বাকী ৬মাহলৈ বিহু পাতিলেও মোৰ আপত্তি নাই’।এই দৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।অসমীয়াই বিহু গোটেই মাহটো পাতিলেও মোৰ আপত্তি নাই।অসমখন ফূৰ্তিত থাকিলে মই ভাল পাও।বিহু সমিতিসমূহক ১.৫০ লাখ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰিব বুলিও মন্তব্য কৰে। অৱশ্যে তেওঁ পুনৰ কয় যে মানুহৰ পৰা চান্দা তুলি বিহু নাপাতিলেই মই ভালপাও বুলি মন্তব্য কৰে ।
নিৰ্বাচনত ইতিবাচক প্ৰভাৱ পেলাব ইউক্ৰেইনৰ পৰা ভাৰতীয় সকলক স্থানান্তৰকৰণে- অমিত শ্বাহ
জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে শনিবাৰে কয় যে যুদ্ধবিধ প্লাৱিত ইউক্ৰেইনৰ পৰা ভাৰতীয়সকলক সফলতাৰে স্থানান্তৰ কৰিলে বিধানসভা নিৰ্বাচনত ইতিবাচক প্ৰভাৱ পৰিছে, আৰু উল্লেখ কৰে যে চৰকাৰে জানুৱাৰী মাহৰ পৰা তাত পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে।অমিত শ্বাহে এখন সংবাদমেলত এই মন্তব্য কৰে য’ত তেওঁ আৰু বিজেপি সভাপতি জে পি নাড্ডাই লগতে দৃঢ়তাৰে কয় যে তেওঁলোকৰ দলে উত্তৰ প্ৰদেশকে ধৰি চাৰিওখন নিৰ্বাচনমুখী ৰাজ্যতে পুনৰ ক্ষমতালৈ ঘূৰি আহিব, য’ত এইটো দায়িত্বশীল আৰু পঞ্জাৱত আকৰ্ষণীয় লাভ কৰিব।ইউক্ৰেইন সংকটৰ মোকাবিলা কৰা, বিশেষকৈ শিক্ষাৰ্থীসকলক স্থানান্তৰ কৰাৰ ফলত নিৰ্বাচনত কি প্ৰভাৱ পৰিব পাৰে সেই সন্দৰ্ভত সোধা প্ৰশ্নত তেওঁ কয় যে ই ইতিবাচক হ’ব।তেওঁ কৈছিল যে চৰকাৰে জানুৱাৰীৰ পৰা ইউক্ৰেইনৰ পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিষয়টো তৎপৰতাৰে কাম কৰি আহিছে।
তেওঁ কৈছিল যে চৰকাৰে ইউক্ৰেইনত ভাৰতীয়সকলৰ বাবে ১৫ ফেব্ৰুৱাৰীৰ আৰম্ভণিতে পৰামৰ্শ জাৰি কৰিছিল।
ৰাছিয়াই ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক আক্ৰমণ আৰম্ভ কৰিছিল।”১৩,০০০ তকৈও অধিক নাগৰিক ভাৰতত উপস্থিত হৈছে আৰু অধিক বিমান আহি আছে। এই প্ৰক্ৰিয়াই নিৰ্বাচনআৰু জনসাধাৰণৰ ওপৰতো ইতিবাচক প্ৰভাৱ পেলায়,” অমিত শ্বাহে কয়।উত্তৰ প্ৰদেশৰ সাত পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ অন্তিমখন ৭ মাৰ্চত অনুষ্ঠিত হ’ব। ১০ মাৰ্চত ভোট গণনা কৰা হ’ব, লগতে পঞ্জাৱ, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰ।
বিহালীত শঙ্কৰ আজানপীৰ আদৰ্শৰে আয়োজন এখন বিবাহ।হিন্দু সমাজৰ আৰ্হিৰে প্ৰস্তুত কৰিছে খাদ্য প্ৰণালী।
যিটো সময়ত হিন্দু-মুছলমান বুলি ক্ষেত্ৰখনত এক চৰ্চিত বিষয় হিচাপে পৰিগণিত হৈ আছে সেই একেটা সময়তে বিহালীত মুছলমান লোকৰ ঘৰত আয়োজন কৰা এখন বিৱাহ মণ্ডৰ্পত দেখা গ’ল এখন বিপৰীত ছবি।বিহালী সমষ্টিৰ অন্তৰ্গত বিহালী চেণ্টাৰৰ উজীৰ আহমেদ আৰু সাহেৰা বেগমৰ প্ৰথম কন্যা আইজনী বেগমৰ শুভ বিবাহত দেখা গ’ল যে বিহালীত হিন্দু- মুছলমান বুলি কোনো ভেদা-ভেদ নাই।হিন্দু লোকে ৰান্ধি হিন্দু সমাজৰ আৰ্হিৰে প্ৰস্তুত কৰিছে খাদ্য প্ৰণালী।ইফালে বিবাহ মণ্ডৰ্পত হিন্দু-মুছলমান সকলো লোক একত্রিত হৈ গ্ৰহণ কৰিছে আহাৰ।উক্ত বিবাহখনতে প্ৰমাণিত হল যে বিহালীত যি হিন্দু-মুছলমান সেই ভেদা-ভেদ নাই।ভাতৃত্ববোধৰ মিলনভূমি বিহালী সমষ্টি ।
উখল মাখলৰ পৰিৱেশ বিহালী জিনজিয়া ষ্টিফেন হকিং একাডেমী।
শনিবাৰে ষ্টিফেন হকিং কনিষ্ঠ মহাবিদ্যালয় খনৰ নৱাগত আদৰণি সভা অনুষ্ঠিত হৈ যায়। পুৱা ভাগত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বটাঁ বিতৰণি সভা অনুষ্ঠিত হৈ যায়। এই উপলক্ষে একাডেমী খনৰ ছাত্ৰ ছাত্রী সকলৰ মাজত বিভিন্ন জাতি জনগোষ্ঠীয় সাজ-পাৰ পৰিধান কৰি নৃত্য-গীতেৰে এক আনন্দময় পৰিৱেশে বিৰাজ কৰে।ইয়াৰ পিছতে মুল সভাখন অনুষ্ঠিত হয় । বিদ্যালয়খনৰ –
ছাত্ৰী সকলে পৰিৱেশন কৰা সমবেত সংগীতেৰে মুল সভাখন মুকলি কৰে । বিদ্যালয় খনৰ সঞ্চালক ড°ভূপেন বৰাই আতঁ ধৰা সভাত অবসৰ প্ৰাপ্ত শিক্ষক প্ৰবীন বৰাই সভাপতিত্বত কৰে।এই নৱাগত আদৰণি সভাত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰে কাৰমিল আবাসিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অজয় কুমাৰ ঠাকুৰে।
ভাষণ প্ৰশংগত তেখেতে কয় যে বিদ্যালয়খন দেখাত বৰ চৌখিন নহয় যদিও ছাত্ৰ-ছাত্ৰীৰ বাবে এখন উপযুক্ত বিদ্যালয় বুলি অভিহিত কৰে আৰু শলাগ লৈছো ‘কাৰণ ইমান বোৰ ছাত্ৰ-ছাত্ৰী আছে যদিও কোনো হুলস্থুল নকৰি প্ৰত্যেকেই (মোৰ) ভাষণ মণোযোগে শুনি গ’ল ।তদুপৰি ছাত্ৰ-ছাত্ৰীৰ নৃত্য-গীতৰ মাজেৰে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঐক্য সাংস্কৃতি জীয়াই ৰখাৰ কথাকে বুজাই গৈছে বুলি উল্লেখ কৰে ।এই নৱাগত আদৰণি সভাত মহা বিদ্যালয়খনৰ অধ্যাপ অধ্যাপিকা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলৰ লগতে কেইবা গৰাকিও বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।
আজি ৮০ খন পৌৰসভা নিৰ্বাচনৰ ভোটগ্ৰহণ
আজি ৮০ খন পৌৰসভা নিৰ্বাচনৰ ভোটগ্ৰহণ
আজি ৰাজ্যৰ ৮০ খন পৌৰসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ
৯৭৬ টা ৱাৰ্ডত পৌৰসভানিৰ্বাচন অনুষ্ঠিত হৈ আছে
পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া
বিয়লি চাৰি বজাত ভোট গ্ৰহণৰ প্ৰক্ৰিয়া অন্ত পৰিব
এইবাৰৰ প্ৰথমবাৰৰ বাবে পৌৰসভা নিৰ্বাচনত নিৰ্বাচনত ই ভি এম ব্যৱহাৰ কৰা হৈছে
এইবাৰ পৌৰসভা নিৰ্বাচনত মুঠ ১৬,৭৩,৮৯৯ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব
নিৰ্বাচনৰ ফলাফল ঘোষণা অহা ৯ মাৰ্চত ।











