ৰঙিয়াত উন্মোচন সৃষ্টিৰ সন্ধানত ই-আলোচনী। ন -প্ৰতিভাবান কবি আৰু সাহিত্য কৰ্মক স্বীকৃতি আৰু প্ৰতিভা বিকাশৰ এখন মঞ্চ দিয়াৰ উদ্দেশ্যে গঠন কৰা”সাহিত্য চৰ্চাৰ মাধ্যম”গোটৰ উদ্যোগত মঙ্গলবাৰে এখন ই-আলোচনী উন্মোচন কৰা হয়।
সন্ধিয়া ৰঙিয়াৰ ব্যক্তিগত চিকিৎসালয় স্পৰ্শ হস্পিতালৰ প্ৰেক্ষাগৃহত আলোচনীখনৰ শুভ উন্মোচন কৰা হয়। উন্মোচন কৰে শৌল্য চিকিৎসক ডা:সৌৰভ বৰুৱাই।আনহাতে এই অনুষ্ঠানত উপস্থিত থাকে ডাঃ ব্ৰজেন বৰ্মন,ডাঃ ভৰত বৈশ্য, বিশিষ্ট পৰিচালক পঙ্কজ পল্লৱ শৰ্মাসহ কেবাজনো বিশিষ্ট ব্যক্তি।
বিশেষকৈ গোৰ্খা জনগোষ্ঠীৰ মহিলা অথৱা যুৱতী সকলে বিশ্ব শান্তিৰ লগতে নিজৰ ঘৰ আৰু সমাজৰ মঙ্গল কামনা কৰি প্ৰায় এমাহ ধৰি সাত্বিক আহাৰ গ্ৰহন কৰি দিনৰ মধ্যান্হ সময়ত শ্ৰীশ্ৰীস্বস্থানী ব্ৰত পালন কৰি ভগৱান শিৱৰ আৰাধনা কৰে। প্ৰায় দৈনিক এমাহ এই পূজা কৰি নিৰ্দিষ্ট দিনত ৰাইজক নিমন্ত্ৰণ জনাই দিনব্যাপি পূজাৰ আয়োজন কৰি প্ৰসাদ কৰা হয়।
কোনোবাই ব্যক্তিগত ৰূপে কৰে যদিও অন্য কোনোবাই সামুহিক ৰূপেও এই ব্ৰত পালন কৰি আহিছে। যোৱা কেইদিনমান আগতে ওদালগুৰিৰ বিশ্বশান্তি নেপালী বিদ্যামন্দিৰত ওদালগুৰিবাসী গোৰ্খা মহিলাই এই ব্ৰত পালন কৰি সামৰণি পৰিছে যদিও অন্য কোনোবাই পঞ্চমী তিথিলৈকে এই পূজা পালন কৰি আহিছে। ২১ ফেব্ৰুৱাৰীত খাউৰাঙ নিবাসী মঞ্জু দেৱীৰ ঘৰতো এই ঐতিহাসিক পূজা তথা ব্ৰত আয়োজন কৰি সম্পন্ন হৈ যায়। সকলোৰে মঙ্গল আৰু নিজৰ সু-স্বাস্থ্যৰ লগতে ইচ্ছা পুৰনৰ কামনা কৰি আয়োজন কৰা ব্ৰত তথা পূজাৰ ২১ ফেব্ৰুৱাৰী তাৰিখে সমাপ্ত হয়।
বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালৰ প্ৰাক্তন উপাধাক্ষ্য, অসমীয়া বিভাগৰ প্ৰবক্তা, বিশিষ্ট কবি, সমালোচক, সংগ্ৰামী নেতা তথা বৰপেটা দহাটী নিবাসী বিজন লাল চৌধুৰী আৰু ইহসংসাৰত নাই। দীৰ্ঘদিন দিন ধৰি অসুস্থ হৈ থকাৰ অন্ততঃ মঙ্গলবাৰে নেতা গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। বিদ্ৰোহী কবি তথা অসম সাহিত্য সভাৰ গোলাঘাট অধিৱেশনৰ সভাপতি প্ৰয়াত প্ৰসন্নলাল চৌধুৰীৰ জ্যেষ্ঠ পুত্ৰ অধ্যাপক বিজন লাল চৌধুৰীয়ে এজন বামপন্থী নেতা হিচাপে পৰিচিত আছিল।
বিভিন্ন সময়ত তেওঁ সংগ্ৰাম কৰি কাৰাবাস খাটিব লগিয়া হৈছিল। কবি প্ৰসন্নলাল চৌধুৰীৰ সুযোগ্য সন্তান বিজন লাল চৌধুৰীয়ে প্ৰথমে শিক্ষকতা কৰাৰ পাছত পিছলৈ বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰি উপাধাক্ষ্য হিচাপে কার্যভাৰ কৰি অৱসৰ গ্ৰহণ কৰে। এগৰাকী বিশিষ্ট কবি হিচাপে প্ৰতিষ্ঠিত বিজন লাল চৌধুৰীয়ে শিক্ষকতা কৰাৰ পূৰ্বে গুৱাহাটী আকাশবাণী কেন্দ্ৰত কিছু কাল কাম কৰিছিল।
উল্লেখযোগ্য বিশ্ববাসীক স্তম্ভিত কৰি সোমবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে পূব ইউক্ৰেইনৰ ডনেটক্স আৰু লুহানক্স অঞ্চল দুটাৰ স্বাধীনতা আৰু সাৰ্বভৌমত্ব ঘোষণা কৰি অঞ্চল দুটালৈ শান্তিৰক্ষী বাহিনী প্ৰেৰণৰ নিৰ্দেশ দিয়ে। ভ্লাডিমিৰ পুটিনৰ এই কথা পৰা এটা কথা অনুমান কৰিব পাৰি যে ৰাছিয়াই যিকোনো মুহূৰ্ততে ইউক্ৰেইন আক্ৰমণ কৰাৰ সম্ভাৱনা আছে ।
কৰ পানীয়ৰ ওপৰত ডাঙৰ গৱেষণা: দৈনিক ২ -৩ কাপ চাহ বা কফি খোৱাটো উপকাৰী, ই ষ্ট্ৰোক আৰু স্মৃতিভ্ৰমৰ আশংকা হ্ৰাস কৰে ।
চাহ আৰু কফিত পোৱা ৰাসায়নিক পদাৰ্থবোৰৰ শৰীৰৰ বহুতো লাভালাভ আছে। আমাৰ স্নায়ুতন্ত্ৰ সক্ৰিয় ৰাখে আৰু আমাক ভাগৰৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে। এই পানীয়বোৰ সেৱন কৰিলে আমাৰ মনোভাৱ ভাল আৰু উৎপাদনশীলতাও বৃদ্ধি হয়। এতিয়া লাভালাভৰ তালিকা আৰু দীঘল হৈ পৰিছে। ইউ.কে.-ত কৰা এক গৱেষণা অনুসৰি, সঠিক পৰিমাণৰ কফি আৰু চাহ খালে ষ্ট্ৰোক আৰু ডিমেনচিয়াৰ আশংকা হ্ৰাস হয়।
ষ্ট্ৰোক হৈছে এনে এক স্থিতি য’ত মানুহৰ মগজুলৈ তেজ যোগানত হঠাতে বাধা হয়। ইয়াৰ ফলত মগজুত অক্সিজেনৰ অভাৱ হয়। এই সমস্যাবোৰ হোৱাৰ লগে লগে, মস্তিষ্কৰ কোষবোৰ মিনিটত ক্ষতিগ্ৰস্ত হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত এজন মানুহ বিকলাঙ্গতাৰ পৰা মৃত্যুলৈ মুখামুখি হ’ব পাৰে। ডিমেনচিয়া হৈছে এক ৰোগ য’ত এজন ব্যক্তিৰ স্মৃতিশক্তি দুৰ্বল হয় আৰু চিন্তা কৰাৰ ক্ষমতা হ্ৰাস হয়। ইয়াক পাহৰি যোৱাৰোগ বুলি কোৱা হয়। ই বেছিভাগ বৃদ্ধ লোকক ইয়াৰ ভুক্তভোগী কৰি তোলে।
পিএলওএছ মেডিচিন আলোচনীত প্ৰকাশিত এই অধ্যয়নত ৩,৬৫,০০০ তকৈও অধিক ব্ৰিটিছ নাগৰিক জড়িত আছিল। তেওঁলোকৰ বয়স ৫০ ৰ পৰা ৭৪ বছৰৰ ভিতৰত আছিল। এই লোকসকলে তেওঁলোকৰ চাহ আৰু কফি খোৱাৰ ৰুটিন বিজ্ঞানীসকলৰ সৈতে ভাগ- বতৰা কৰিছিল।
গৱেষণাত দেখা গৈছে যে যিসকলে দৈনিক ২-৩ কাপ কফি আৰু ২-৩ কাপ চাহ খায় তেওঁলোকৰ ষ্ট্ৰোকৰ আশংকা ৩২% কম হয়। এনে লোকসকলৰ ডিমেনচিয়াৰ আশংকা ২৮% কম। এই পানীয়বোৰ খোৱাৰ ফলত ষ্ট্ৰোকৰ পিছত হোৱা স্মৃতিভ্ৰমৰ আশংকাও হ্ৰাস হয়।